অসমীয়া জাতীয়তাবাদৰ জন্ম আৰু বিকাশ

পৰাগ দাহাল

(ক)

প্ৰাগৈতিহাসিক কালৰেপৰা অসমলৈ বিভিন্ন জনগোষ্ঠীৰ সোঁত ব’বলৈ ধৰে৷ ভৌগোলিকভাৱে জনপ্ৰব্ৰজনৰ কেইবাটাও জনগোষ্ঠীৰ সতি-সন্ততি ইয়াত ৰৈ যায়৷ অতি প্ৰাচীন কালতে অষ্ট্ৰিক, দ্ৰাবিড় আৰু নিগ্ৰইডসকলৰ অনেক ঠাল-ঠেঙুলি অসমলৈ আহে৷ এওঁলোকৰ সৰহভাগেই পৰৱৰ্তী কালৰ প্ৰব্ৰজক মংগোলীয়সকলৰ মাজত জীণ যায়৷ খ্ৰীষ্টীয় যুগৰ আৰম্ভণিৰ ফালে অসমৰ মানুহ আছিল প্ৰধানকৈ মংগোলীয় মূলৰে, সমাজ-গাঁথনি আছিল জনজাতীয়৷ এই সময়তে পশ্চিমৰপৰা আৰ্যসকলৰ আগমন ঘটে৷ উন্নততৰ সংস্কৃতি,ভাষা,দৰ্শন আৰু উৎপাদন- পদ্ধতিৰ গৰাকী আৰ্যসকল হৈ পৰিছিল বহু ক্ষেত্ৰত জুমনিৰ্ভৰ জনজাতীয় সমাজত নতুন দিগন্তৰ বাৰ্তাবাহক৷ খ্ৰীষ্টীয় প্ৰথম সহস্ৰাব্দৰ শেষৰ পিনে জনজাতীয় সমাজখনত পৰিণত হ'ব ধৰা উন্নততৰ উৎপাদন-পদ্ধতি আৰু তাৰ বাবে সমাজ-গাঁথনিত প্ৰয়োজন হোৱা সালসলনি (বিশেষকৈ শ্ৰমবিভাজন আৰু শাসনৰ কেন্দ্ৰীকৰণ)ৰ ক্ষেত্ৰত এওঁলোকে আৰ্হি দেখুৱালে৷ স্বাভাৱিকতে জনজাতীয় সমাজৰ ভিতৰত গঢ়ি উঠিব ধৰা ক্ষুদ্ৰ সুবিধাভোগী শ্ৰেণীটোৱে আৰ্যসকলৰ প্ৰব্ৰজনক উৎসাহিত কৰিছিল৷ বহু জনজাতীয় ৰজা-গোষ্ঠীপতিয়ে আৰ্যসকলৰ ব্ৰাক্ষণ্য ধৰ্ম গ্ৰহণো কৰিলে৷

আৰ্যসকলে আমদানি কৰা সংস্কৃতি, ধৰ্ম আৰু ভাষাৰ ভিত্তিতেই অসমীয়া জাতিৰ বীজ ৰোপিত হয়৷ এই ধৰ্ম আৰু ভাষাই সমাজখনক ঐক্যবদ্ধ আৰু সংহত কৰাত কেন্দ্ৰীয় ভূমিকা লয়৷ পিছে সিন্ধু আৰু গংগা উপত্যকাৰ ব্ৰাহ্মণ্য ধৰ্ম আৰু তাৰ কটকটীয়া ৰীতি-নীতি তথা বৰ্ণাশ্ৰম প্ৰথা অপৰিৱৰ্তিত ৰূপত অনা-আৰ্য জনজাতিপ্ৰধান অসমৰ সমাজত অনুপযুক্ত আছিল৷ সেয়ে আৰ্যসকলে এই ৰীতি-নীতিবোৰক বহু পৰিমাণে শিথিল হ'বলৈ এৰি দিলে৷ অসমত ব্ৰাহ্মণ্য ধৰ্মৰ জাতিভেদ প্ৰথা যে উত্তৰ ভাৰতৰ তুলনাত শিথিল, আৰু অস্পৃশ্যতাও প্ৰায় অনুপস্থিত, তাৰ ব্যাখ্যা ইয়াৰ সমাজখনৰ জনজাতিপ্ৰধান অবয়বটোতেই বিচাৰি পোৱা যাব৷

অনা-আৰ্যপ্ৰধান সমাজখনৰ গ্ৰহণযোগ্য হোৱাকৈ তেওঁলোকৰ ভাষা, সংষ্কৃতি আৰু ধৰ্মক সজাই-পৰাই ল'বলৈ যাওঁতে আৰ্যসকলে সিবোৰত বহু অনা-আৰ্যমূলীয় উৎপাদন গ্ৰহণো কৰে৷ যেনে, জনজাতীয় দেৱী কামাখ্যা আৰু কেঁচাইখাঁতী গোসাঁনীক আৰ্যধৰ্মত স্থান দিয়া হয়৷ এই আৰ্যীকৰণ-অন্তৰ্ভুক্তি-আত্মীকৰণৰ প্ৰক্ৰিয়াই ব্ৰাহ্মণ্য ধৰ্ম আৰু আৰ্যমূলীয় ভাষা-সংস্কৃতিক সমৃদ্ধ কৰে৷ আনহাতে, ই অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীৰ একীকৰণ-প্ৰক্ৰিয়াত গতি প্ৰদান কৰে৷ এইদৰে ইয়াত আৰ্য সংস্কতিয়ে এক কেন্দ্ৰীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷ ই এহাতে অসমক হিন্দু ভাৰতৰ এটা অংশ কৰি তোলে; বিপ্লৱ সৃষ্টিকাৰী নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনত তথা প্ৰসাৰত সহায় কৰে৷ এইদৰে গঢ় লৈ উঠা 'ভাৰতীয় বোধে' পিছলৈ অৰ্থাৎ বিংশ শতিকাৰ আৰম্ভণিৰ দশকবোৰত অসমত সৰ্বভাৰতীয় জাতীয়তাবাদৰ জন্মৰো ভিত্তিৰূপে কাম কৰে ৷

ব্ৰাহ্মণ্য ধৰ্মই অসমৰ বিশেষ পৰিস্থিতিত যথেষ্ট এৰা-ধৰা কৰিলেও তাৰ জাতিভেদ প্ৰথা একেবাৰে ত্যাগ কৰা নাছিল৷ আনহাতে, ক্ৰমশঃ ভাঙোন ধৰা জনজাতীয় সমাজখনত (বিশেষকৈ আহোম যুগত) সামন্তবাদে খোপনি পোতা সত্ত্বেও খেল আৰু পাইক-প্ৰথাৰ মাজতে ইয়াৰ জনজাতীয় স্বাধীনতা বহু পৰিমাণে ৰক্ষা পৰিছিল৷ আহোম ৰজাসকলে ব্ৰাহ্মণ্য ধৰ্মক উৎসাহিত কৰিছিল তেওঁলোকৰ সামন্তবাদী শোষণ কটকটীয়া কৰাৰ স্বাৰ্থত৷ জনজাতীয় উপাদানবিশিষ্ট আহোম সামন্ততন্ত্ৰৰ স'তে বৰ্ণাশ্ৰমদুষ্ট এই ধৰ্ম খাপ খোৱা নাছিল৷ জনজাতীয় সমাজৰ ভাঙোনৰ ক্ৰান্তিকালত অন্য বিকল্পৰ প্ৰয়োজনে দেখা দিলে৷ শংকৰদেৱৰ প্ৰৱৰ্তিত বৈষ্ণৱ ধৰ্মৰ ভাবাদৰ্শই এই ক্ষেত্ৰত সহজ তথা গ্ৰহণযোগ্য বিকল্প দাঙি ধৰে৷

অসমৰ সমাজখনক ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত সহজ-সৰল নামধৰ্মৰ যুগান্তকাৰী প্ৰগতিশীল ভূমিকাৰ কথা উল্লেখ কৰা বাহুল্য মাথোঁ৷ শংকৰদেৱৰ ধৰ্ম-আন্দোলন আৰু তৎপৰৱৰ্তী সত্ৰ সংগঠনে স্পষ্ট ৰূপত অসমীয়া জনগোষ্ঠীৰ আত্মপ্ৰকাশত অন্যতম ভূমিকা পালন কৰিছে‌। শংকৰদেৱে তেওঁৰ ধৰ্মক অনা-আৰ্য সমাজখনৰ বাবে গ্ৰহণযোগ্য হোৱাকৈ গঢ়ি তুলিছিল‌। স্পষ্টকৈ এই ধৰ্মৰ উৎস আৰু ভিত্তি হ’ল সামন্তবাদী আৰ্য সমাজ‌।এই ধৰ্মত জাতিভেদ প্ৰথা নাই‌। কিন্তু জাতিভেদ প্ৰথাক ইয়াত পোনপটীয়াকৈ আক্ৰমণো কৰা হোৱা নাই‌।

অসমত বাস কৰা মানুহৰ ঐক্য আৰু জনগোষ্ঠীয় সংহতি গঢ়ি তোলাত শংকৰী ধৰ্মই নিঃসন্দেহে ইতিবাচক ভূমিকা লৈছিল‌। প্ৰাচীন বা মধ্য যুগত একোখন সমাজৰ আভ্যন্তৰীণ সংহতি গঢ়ি তোলাৰ ক্ষেত্ৰত ধৰ্মৰ এনে ঐক্যসাধিনী অৱদান ইতিহাসত বিৰল নহয়‌। কিন্তু আধুনিক যুগত বজাৰ অৰ্থনীতিৰ পৰিমণ্ডলত জাতি গঠনৰ স্বাভাৱিক ভিত্তিৰূপে ধৰ্মই ক’তো তেনে ভূমিকা পালন কৰা পৰিলক্ষিত হোৱা নাই‌। বৰং ভাষিক, সাংস্কৃতিক, ভৌগোলিক, ঐতিহাসিক আৰু আৰ্থিক ঐক্যইহে আধুনিক জাতিৰ ভিত্তিৰূপে দেখা দিছে‌। মোটামুটি একে ধৰ্মৰ মানুহ বাস কৰা মধ্যপ্ৰাচ্য বা ইউৰোপ-আমেৰিকাত পৃথক ৰাষ্ট্ৰৰ বাস্তৱ অস্তিত্বই তাৰ প্ৰমাণ‌। ধৰ্ম-ভিত্তিক দ্বিজাতি তত্ত্ব মতে ভাৰতৰপৰা পৃথক হোৱা পাকিস্তানো অখণ্ড হৈ থাকিব নোৱাৰিলে, বৰং আকৌ বিভক্ত হ’ল ভাষিক আৰু ভৌগোলিক বৈসাদৃশ্যৰ ভিত্তিত‌।

       একাংশ মানুহে আশা পোষণ কৰে যে অসমৰ সমাজখনক ঐক্যবদ্ধ কৰাৰ ক্ষেত্ৰত ব্ৰাহ্মণ্য বা শংকৰী ধৰ্মই মধ্যযুগত যি বিৰাট অৱদান যোগাইছিল,তাৰ পুনৰাবৃত্তি আজিও ঘটিব৷ পিছে আজি একবিংশ শতিকাৰ বজাৰকেন্দ্ৰিক সমাজখনত ধৰ্মৰ প্ৰভাৱ অতি ধাৰ্মিক মানুহৰ ওপৰতো তাহানিৰ দৰে গভীৰ নহয়; আনহাতে অসমৰ বিৰাটসংখ্যক অহিন্দু মানুহৰ বাবে উক্ত ধৰ্মৰ কোনো আবেদন নাই৷ সেয়ে, একবিংশ শতিকাৰ অসমৰ সমাজখনক ঐক্যবদ্ধ কৰাৰ বাবে ধৰ্মভিন্ন আন ভিত্তি বিচাৰিব লাগিব৷

জনগোষ্ঠীয় সংহতিৰ এক মৌলিক ভিত্তি হৈছে উমৈহতীয়া আৰ্থিক জীৱন৷ কিন্তু অসমত বিকশমান এই আৰ্থিক জীৱনক ধৰি ৰাখিবলৈ এক কেন্দ্ৰীভূত নিয়মতান্ত্ৰিক সামন্ততন্ত্ৰ গঢ় লৈ উঠা নাছিল৷ সেয়ে অসমৰ ৰাজনৈতিক ইতিহাস অস্থিৰতাৰ ইতিহাস৷ একো একোটা সময়ত অসমৰ অংগ হিচাপে থকা আটাইবিলাক অঞ্চলক সাঙুৰি, আনকি কেৱল ব্ৰহ্মপুত্ৰ উপত্যকা জুৰিও এটা স্থিৰ ৰাজনৈতিক ব্যৱস্থা কাহানিও ঠন ধৰি নুঠিল৷ তুলনামূলকভাৱে সুস্থিৰ আহোম শাসনতে জনগোষ্ঠীয় সংহতিৰ প্ৰক্ৰিয়া এটা আৰম্ভ হৈছিল৷ তথাপি নিৰৱচ্ছিন্নভাৱে,বিচাৰ্য ভূখণ্ডটোও এই শাসনৰ অধীন হৈ থকা নাছিল৷ তদুপৰি আহোম শাসনে প্ৰজাৰ জনজাতীয় স্বাধীনতা, সমূহীয়া স্বয়ংসম্পূৰ্ণ কৃষি আৰু গোষ্ঠীবন্ধন, ভাষা-সংস্কৃতি পূৰামাত্ৰাই খৰ্ব কৰিব নোৱাৰিলে৷ ফলত সমাজত জনজাতীয় বিচ্ছিন্নতাৰ বীজে গজালি মেলাৰ সম্ভাৱনা থাকি গৈছিল৷

তদুপৰি তেতিয়া পণ্য অৰ্থনীতিৰ বিকাশ প্ৰায় অনুপস্থিত‌। আহোম যুগতো অসমত মুদ্ৰাৰ প্ৰচলন অত্যন্ত সীমিত আছিল৷ উল্লেখ কৰিব পাৰি যে ইউৰোপত বুৰ্জোৱা ৰাজনৈতিক বিপ্লৱৰ আগেয়ে পণ্য অৰ্থনীতি বা আন কথাত বজাৰ অৰ্থনীতিয়ে যথেষ্ট প্ৰসাৰ লাভ কৰিছিল‌। তাৰ ফলত মানুহৰ বিভিন্ন অংশৰ মাজত যোগাযোগ অপৰিহাৰ্য হৈ পৰিছিল‌। সেই অনুপাতে তাত যোগাযোগ ব্যৱস্থাৰ উন্নতিও সাধিত হয়‌। ই মানুহক পৰস্পৰৰ ওচৰ চপাই বিচ্ছিন্নতাৰ দেৱালবোৰ দুৰ্বল কৰি তোলে‌। আকৌ দেখা যায়, বজাৰ অৰ্থনীতিৰ প্ৰসাৰে একাংশ সদাগৰ পুঁজিপতিৰ স্বনিৰ্ভৰ বিকাশ হোৱাত সহায় কৰে‌। তেওঁলোকেই পিছলৈ ঠন ধৰি উঠা জাতীয়তাবাদী আন্দোলনত নেতৃত্ব দিয়ে‌, তাৰ পৃষ্ঠপোষকতা কৰে‌। কিন্তু অসমত এইবোৰৰ এটাও হৈ নুঠিলগৈ‌।

অসমৰ মানুহৰ মাজত সমন্বয় গঢ়ি উঠাৰ ক্ষেত্ৰত আৰ্যমূলীয় ধৰ্মই যে প্ৰভূত পৰিমাণে সহায় কৰিছিল, সেই কথা আমি পূৰ্বতে কিছু ব্যখ্যা কৰিছোঁ‌। কিন্তু আৰ্যমূলীয় ব্ৰাহ্মণ্য ধৰ্ম জাতিভেদদুষ্ট‌। আকৌ বৈষ্ণৱ ধৰ্ময়ো তাৰ বিৰুদ্ধে কোনো আন্দোলন চলোৱা নাছিল‌। অসমৰ বৃহৎসংখ্যক অনা-আৰ্যমূলীয় মানুহ, উল্লিখিত দুয়োটা ধৰ্মৰ ক্ষেত্ৰতে দেখা গ’ল, সামাজিক স্তৰবিন্যাসৰ একেবাৰে তলৰ খাপতে থাকি গৈছে‌। সেয়ে সমন্বয়ৰ ভিত্তি হিচাপে দুইটা ধৰ্মৰে আবেদন তথা ভূমিকা আছিল তেনেই সীমিত৷ অসমৰ ভূগোল, যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত থকা প্ৰাকৃতিক বাধা,মহামাৰি,প্ৰাকৃতিক দুৰ্যোগ আদিয়েও সমন্বয়ৰ বাটত বিঘিনিৰ সৃষ্টি কৰিছিল ৷

(খ)

অসমত জনগোষ্ঠী‍য় সমন্বয় আৰু বিচ্ছিন্নতাৰ পৰ্যায়টো ৰাজ্যখনৰ ভাষিক চিত্ৰখনে স্পষ্টভাৱে প্ৰতিফলিত কৰে৷ ভাষাই আকৌ এই দুয়োটা প্ৰক্ৰিয়াত অৰিহণাও যোগাইছে৷

অসমত বিভিন্ন জনগোষ্ঠীৰ নিজ নিজ ভাষা যুগ যুগ ধৰি চলি আহিছে৷ একক আৰু অবিমিশ্ৰ ভাষিক পৰিচয় এটা অসমত কেতিয়াও গঢ় লৈ উঠা নাই৷ প্ৰাচীন কালতে ঘাইকৈ পছিমৰ আৰ্যসকলে লৈ অহা প্ৰাকৃতমূলীয় ভাষা-ৰূপ এটাৰপৰাই অসমীয়া ভাষা বিকশি উঠিছিল৷ কালক্ৰমত এই ভাষাই অঞ্চলটোত সংযোগী ভাষাৰূপেও বিকাশ লাভ কৰে৷ ফলত ইয়াত বাস কৰা বিভিন্ন ভাষাৰ জনগোষ্ঠীবোৰ হৈ পৰিল দ্বিভাষিক৷ নিজা জনগোষ্ঠীয় ভাষাৰ উপৰিও তেওঁলোকৰ দ্বিতীয়টো ভাষা হ'ল অসমীয়া৷ কোনো ক্ষেত্ৰত আনকি এটা জনগোষ্ঠীয়ে নিজা ভাষা পাহৰি অসমীয়াকে মাতৃভাষা হিচাপে গ্ৰহণ কৰিছে৷ ভিনভাষী মানুহৰ মাজত এইদৰে অসমীয়া ভাষাই এক সেতুবন্ধনৰ ভূমিকা পালন কৰিছে৷

(গ)

ঊনবিংশ শতিকাৰ প্ৰথমাংশত অসমৰ জনজীৱনৰ ধাৰাবাহিকতাত এক ছেদ পৰিল৷ মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ ফলস্বৰূপে ব্যাপক জনহানিতো হ'লেই, লগতে ভাগি পৰিল আহোম ৰাজতন্ত্ৰৰ ৰাজহাড়৷ ৰাজ্যখনত প্ৰশাসনিক যোগাযোগ নাইকিয়া হ'ল৷ মাথাউৰিবোৰ চোৱা-চিতা কৰোঁতা নোহোৱা হোৱাত বানৰ তাণ্ডৱ বাঢ়ি অসমৰ কৃষিকাৰ্য বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল৷ এইবোৰৰ লগতে আকালৰ আৰু মহামাৰীৰ কাৰণে নিয়মীয়া কৃষিকাৰ্যত অভাবনীয় বিঘিনিৰ সৃষ্টি হৈছিল৷ এই অৰাজক আৰু সামগ্ৰিক অব্যৱস্থাৰ মাজেদিয়েই ইংৰাজে অসম অধিকাৰ কৰে৷ শান্তি-শৃংখলাৰ আশাত অসমৰ প্ৰায় সকলো মানুহেই তেওঁলোকক আদৰিও ল'লে৷

ঔপনিবেশিক লুন্ঠনৰ স্বাৰ্থতেই ইংৰাজ শাসনে অসমত কিছু ইতিবাচক পৰিবৰ্তনৰো সূচনা কৰিলে৷ আহোম ডা-ডাঙৰীয়াসকলক বন্দী-বেটীৰ মুক্তি, ৰায়তোৱাৰী প্ৰথা আৰু ক্ৰমবৰ্ধমান হাৰত মুদ্ৰা-ৰাজহ ব্যৱস্থাৰ প্ৰৱৰ্তনে বজাৰ অৰ্থনীতি গঢ়ি উঠাত সহায় কৰিলে‌। চাহ খেতি আৰম্ভ হোৱাত সম্পদশালী স্থানীয় মানুহেও বিনিয়োগৰ নতুন পথৰ সন্ধান পালে৷ দুই-এটা ঠিকা-ঠুকলিজাতীয় কামতো (যেনে, চাহ বনুৱা আমদানি) কিছুৱে আত্মনিয়োগ কৰাৰ কথা জনা যায়৷ ইংৰাজ আহি অসমৰ বিধ্বস্তপ্ৰায় বাট-পথ মেৰামতি কৰিলে৷ পিছলৈ তেওঁলোকে ইয়াত ৰে’ল-ব্যৱস্থাৰো প্ৰৱৰ্তন কৰে৷ আনপিনে ইংৰাজে তেওঁলোকৰ প্ৰশাসনত নিযুক্ত আমোলা-কৰ্মচাৰীৰ ৰূপত অসমত এচাম নতুন চাকৰিয়াল মানুহৰ জন্ম দিয়ে৷ এনে চাকৰিৰ বাবে প্ৰয়োজনীয় ইংৰাজী ভাষা-শিক্ষা গ্ৰহণ কৰিবলৈ স্থানীয় মানুহক উৎসাহিত কৰা হয়৷ ইংৰাজে লগত লৈ অহা পুঁজিবাদ আৰু বজাৰ-অৰ্থনীতিৰ দ্বিধাগ্ৰস্ত পদধ্বনিৰ এনে পৰিবেশতে ঊনবিংশ শতিকাৰ শেষৰ পিনে মধ্যবিত্ত পেটি বুৰ্জোৱা শ্ৰেণী এটা অসমত গঢ় লৈ উঠে৷ ব্ৰিটিছ ব্যৱসায়ৰ কনিষ্ঠ সহযোগী-যোগনিয়াৰ আৰু প্ৰধানকৈ ঔপনিবেশিক প্ৰশাসনৰ চাকৰিয়াল হিচাপেই তেওঁলোকৰ পৰিচয়৷ এই ন-শিক্ষিত মধ্যবিত্ত শ্ৰেণীটোৱেই অসমীয়া জাতীয়তাবাদৰ গুৰি ধৰোঁতা৷

(ঘ)

কোনো অৰ্থৱহ আৰু সুদূৰপ্ৰসাৰী ফলদায়ক আন্দোলনেই সঠিকভাৱে ক'বলৈ গ'লে স্বতঃস্ফূৰ্ত নহয়৷ তাৰ বাবে সংগঠন আৰু সংগঠকৰ আৱশ্যক৷ সংগঠকৰ শ্ৰেণীচৰিত্ৰই আন্দোলনটোৰো শ্ৰেণীচৰিত্ৰ নিৰ্দেশ কৰে৷ জাতীয়তাবাদী আন্দোলনৰ বেলিকাও এই কথাবোৰৰ ব্যতিক্ৰম নঘটে৷

ইংৰাজে প্ৰৱৰ্তন কৰা নতুন আৰ্থ-ৰাজনৈতিক ব্যৱস্থাই অসমত পূৰ্বৰপৰা বৰ্তি থকা পিতৃতান্ত্ৰিক সামন্তবাদী সামাজিক-মানসিক সংকীৰ্ণতাৰ ওপৰত আঘাত হানে আৰু আধুনিকতা, যুক্তিবাদ,বিজ্ঞানমনস্কতা,ব্যক্তি স্বাধীনতা,ব্যক্তিগত উদ্যম,ব্যক্তিগত উচ্চাকাংক্ষা আদি ধাৰণাবোৰৰ আগমন ঘটে৷ ইংৰাজী শিক্ষাই এই ক্ষেত্ৰত প্ৰধান ভূমিকা পালন কৰে৷ শিক্ষা,চাকৰি আৰু ব্যৱসায়ৰ কাৰণে মধ্যবিত্তই ৰাজ্যখনৰ বিভিন্ন ঠাইলৈ বা কেতিয়াবা মহানগৰী কলিকতা, আনকি বিলাতকৈও যাবলগীয়া হ'ল৷ ফলত অসমীয়া মধ্যবিত্তৰ প্ৰত্যক্ষ আৰু চাক্ষুষ অভিজ্ঞতাৰ আয়তন বাঢ়িল৷ এইটোৱে তেওঁলোকৰ মানসিক দিগন্তৰ প্ৰসাৰতো সহায় কৰিলে৷ বংগৰ যুক্তিবাদী আন্দোলনে ইংৰাজী শিক্ষিত চামক প্ৰভাৱান্বিত কৰাৰ সাক্ষ্য তদানীন্তন সাহিত্যত পোৱা যায়৷ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধেও এচামে থিয় দিলে৷ খ্ৰীষ্টান মিছনেৰিসকলৰ প্ৰচেষ্টা আৰু ‘অৰুনোদই’য়ে এই ক্ষেত্ৰত সহায় কৰে৷

এই ঘটনা-প্ৰক্ৰিয়াবোৰেই অসমত জাতীয়তাবাদী আন্দোলনৰ এক পৰিবেশৰ সৃষ্টি কৰিলে৷ মাতৃভাষা আৰু সাহিত্য সম্পৰ্কে সচেতনতা বাঢ়িল৷ জাতীয় আত্মসন্মান আৰু জাতীয় আত্মপ্ৰতিষ্ঠাৰ চেতনা জাগ্ৰত হ'ল আৰু তাৰ বাবে আৱশ্যক হোৱা সংস্কাৰৰ প্ৰচেষ্টাও (বিষেশকৈ মধ্যযুগীয় কূপমণ্ডূকতাৰ বিৰুদ্ধে যুঁজ) সমাজত আৰম্ভ হৈ যায়৷ কমলাকান্ত ভট্টাচাৰ্য, লক্ষ্মীনাথ বেজবৰুৱা প্ৰভৃতি প্ৰাতঃস্মৰণীয় বুদ্ধিজীৱীয়ে সংস্কাৰ আৰু জাতীয় প্ৰেৰণাৰ বাণী বিলালে৷ এইদৰে অসমীয়া জাতীয়তাবাদৰ বীজ অংকুৰিত হ'ল৷

মন কৰিবলগীয়া কথাটো হ'ল,অসমত মধ্যবিত্তৰ জন্ম সমাজৰ আভ্যন্তৰীণ শক্তিবোৰৰ নিজা আৰু স্বাধীন বিকাশৰ পৰিণতি নাছিল৷ পুঁজিবাদী বিকাশৰ বাবে তেনেই অপ্ৰস্তুত আৰু পিছপৰা ইয়াৰ সমাজখনক ঔপনিবেশিক শাসনেহে ইয়াৰ জন্ম দিয়ে৷ আহোম যুগৰ অভিজাত পৰিয়ালৰ সন্তানৰ বাবেই নতুন মধ্যবিত্তৰ প্ৰথম প্ৰজন্মকেইটাৰ চৰিত্ৰৰ কেতবোৰ বৈশিষ্ট্য চকুত পৰা৷

আহোম সম্ভ্ৰান্ত আৰু বৰ্ণহিন্দু সম্ভ্ৰান্ত আছিল পৰস্পৰৰ প্ৰতিদ্বন্দ্বী৷ আহোমৰ শাসনকালত বিশেষকৈ সাধাৰণ প্ৰশাসন আৰু সামৰিক দায়িত্বৰ ভাৰ পৰিছিল আহোম সম্ভ্ৰান্তসকলৰ ওপৰত৷ হিচাপ-নিকাচ আৰু দলিল সংৰক্ষণ-জাতীয় কাম-কাজত প্ৰধানকৈ বৰ্ণহিন্দুসকলেই নিয়োজিত আছিল৷ এতিয়া ইংৰাজ শাসনত দেখা গ'ল প্ৰশাসন আৰু সামৰিক বিষয়বোৰত ইংৰাজসকলেই সৰ্বেসৰ্বা হৈ পৰিছে৷ মাথোন হিচাপ-নিকাচ, দলিল সংৰক্ষণ আদি কামৰ বাবেহে নতুন শাসকে স্থানীয় মানুহৰ সহায় লৈছিল৷ স্বাভাৱিকভাৱেই এই কামৰ বাবে বৰ্ণহিন্দুসকলেই দায়িত্ব পায়৷ ফলত তেওঁলোকৰ হাতত নগদ ধন আৰু অস্থাৱৰ সম্পত্তি গোট খালে৷ আকৌ নামনি অসমত এই বৰ্ণহিন্দুৰ প্ৰতিদ্বন্দ্বী প্ৰায় নাছিলেই৷ এইদৰে চাকৰি-বাকৰি আৰু ব্যৱসায়-বাণিজ্যত সৰ্বপ্ৰথম প্ৰবেশৰ সুযোগ পোৱাসকল আছিল বৰ্ণহিন্দুৱেই‌। ফলত অসমীয়া মধ্যবিত্তৰ নেতৃত্ব স্বাভাৱিকতেই বৰ্ণহিন্দুৰ হাতত থাকি গ'ল৷

পুঁজিবাদী সম্পৰ্ক বাহিৰৰপৰা আমদানি হোৱাৰ কাৰণে ইয়াৰ মধ্যবিত্তই পছিমৰ দৰে সামন্তবাদৰ স'তে প্ৰত্যক্ষ যুঁজত অৱতীৰ্ণ হ'বলগা হোৱা নাছিল৷ তদুপৰি ইংৰাজে আহোম ৰাজত্বকহে উৎখাত কৰিছিল,অসমত বৰ্তি থকা সামন্তবাদী ব্যৱস্থাক নহয়‌। ফলত গ্ৰামীণ মধ্যবিত্তৰ হাতত যথেষ্ট ভূসম্পত্তি থাকি গৈছিল৷ আনহাতে, চহৰীয়া চাকৰিয়াল-ব্যৱসায়ীয়েও গাঁৱত মাটি ৰাখিছিল৷ চাহ বাগিচাৰ মালিকসকলকো দেখা যায়, পুঁজিবাদী উদ্যোগপতিৰ সলনি তেওঁলোক সামন্তপ্ৰভুৰ লেখীয়াহে৷ ধাৰ্মিক প্ৰজাক বিতুষ্ট নকৰিবলৈ ঔপনিবেশিক শাসকে সত্ৰসমূহৰ ভূসম্পত্তিৰ ওপৰত হাত দিয়া নাছিল৷ তেওঁলোকে বৰং পূৰ্বৰ অভিজাতক সামৰি এক নব্য জমিদাৰশ্ৰেণীৰ জন্ম দিলে আৰু তাক জীয়াই ৰাখিলে৷ সামন্তীয় চিন্তা-চেতনা আৰু মূল্যবোধৰ কোনো বৈপ্লৱিক ৰূপান্তৰ ঘটাৰ বস্তুগত পৰিস্থিতি অসমত উদ্ভৱ নহ’ল৷ সেয়ে ইয়াৰ মধ্যবিত্তৰ চৰিত্ৰত পৰিলক্ষিত হয় বুৰ্জোৱা-গণতান্ত্ৰিক আৰু সামন্ততান্ত্ৰিক উপাদনৰ এক মিশ্ৰিত ৰূপ৷ উচ্চ-নীচভেদ, বৰ্ণভেদ, বিজ্ঞান-বিৰোধিতা, মহিলাৰ প্ৰতি অনুদাৰতা, ব্যক্তিগত উদ্যমৰ প্ৰতি অনীহা আৰু শাৰীৰিক শ্ৰমৰ মৰ্যাদাহীনতা - এইবোৰৰ সম্পূৰ্ণ অৱসান নঘটিল৷ ফলত ধৰ্মীয় সংকীৰ্ণতা আৰু পিছলৈ সাম্প্ৰদায়িকতাৰ উদ্ভৱ হোৱাৰ বাবে এটা বস্তুগত ভিত্তি এইদৰেই অসমত থাকি গৈছিল ৷

সামন্তবাদী ব্যৱস্থাৰ অৱশিষ্টাংশ থাকি যোৱা বৰ্ণাশ্ৰমদুষ্ট অসমৰ সমাজখনত অসমীয়া মধ্যবিত্তৰ প্ৰথম প্ৰজন্মকেইটা বৰ্ণব্যৱস্থাৰ উচ্চতম ঢাপত আছিল৷ সামন্তপ্ৰভুৰ মনোবৃত্তি এওঁলোকৰ সিৰাই সিৰাই৷ 'নিম্ন'শ্ৰেণী আৰু 'নিম্ন'বৰ্ণৰ প্ৰতি, শিক্ষা-দীক্ষা আৰু আৰ্থিক দিশত পিছপৰা খিলঞ্জীয়া জনজাতীয় ৰাইজ বা চাহ জনগোষ্ঠীৰ প্ৰতি তেওঁলোকৰ মনত মৰ্যাদাৰ অভাৱ আৰু কৰ্তৃত্বসুলভ মনোবৃত্তি থাকি গ'ল৷ এইবোৰ আজিও নাইকিয়া হৈছে বুলি ক'ব নোৱাৰি৷ এই মনোবৃত্তি সেই কালত ইমানেই তীব্ৰ আছিল যে যি ইংৰাজ শাসকৰ প্ৰতি তেওঁলোক ভক্তিত গদগদ, সিহঁতৰ বিষয়েও দুটা টান কথা উচ্চাৰণ কৰিবলৈ দ্বিধা কৰা নাছিল‌। যেতিয়া ইংৰাজ শাসকে সকলো 'নেটিভ'কে উচ্চ-নীচ ছেদ-ভেদ নোহোৱাকৈ একাকাৰ কৰিছিল, তেতিয়া বেজবৰুৱাই লিখিছিল, 'আমাৰ দেশৰ সামান্য মানুহৰ ল'ৰাই মুনচুপ সদৰামিন, চবডেপুটি আদি পদ লভিয়েই 'তৃণৱৎ মন্যতে জগৎ'আৰু তেওঁলোকৰ ভিতৰৰ কোনোৱে আগৰ দিনৰ ভাল মানুহৰ ঘৰৰ সতি-সন্ততি আৰু গুৰু-গোঁসাই মহন্তৰ চেলু পাই অপমান কৰি সন্তোষ লভাৰ কথাও বৰবৰুৱাৰ আগোচৰ নাই৷ তেন্তেনো বিলাতী চিভিলিয়ানসকলে আমাৰ ভাৰতবৰ্ষৰ সৰু-বৰ সকলো শ্ৰেণীৰ মানুহক কথাই কথাই অপমান উপলংঘা কৰাত আশ্চৰ্য্য কি?’ নেতৃত্বৰ এই চৰিত্ৰ অসমীয়া জাতীয়বাদত সুদূৰপ্ৰসাৰী হৈ ৰ'ল৷

প্ৰথম অৱস্থাত অসমীয়া মধ্যবিত্ত জীৱিকাৰ বাবে ঔপনিবেশিক শাসনৰ মুখাপেক্ষী আছিল৷ ঔপনিবেশিকতাৰ আৰম্ভণিত ৰাজ্যখনত বজাৰৰ শক্তিবোৰৰ নিজা বিকাশ আছিল তেনেই সামান্য৷ 'পুঁজিৰ আদিম সঞ্চয়'ক'বলৈ গ'লে ঘটাই নাছিল৷ পূৰ্বৰ যিসকলৰ হাতত টকা-পইচা আছিল,তেওঁলোক টকা-পইচাৰ ফালৰপৰা প্ৰবল প্ৰতাপী ইংৰাজ বিত্তৱানৰ তুলনাত পানীকেচুঁৱা আছিল৷ অসমৰ ভিতৰত বাণিজ্যিক কেন্দ্ৰৰূপে স্বীকৃত বৰপেটাৰ ক্ৰেডিট ছ’চাইটি-ধৰণৰ সংগঠন 'হাটীয়া পুঁজি'ৰ সম্পদৰ পৰিমাণ ১৯২৯-৩০ৰ হিচাপ মতে প্ৰায় ৮০ হাজাৰ টকা‌। তাৰ ত্ৰিছ বছৰৰ আগত গ্ৰেট ব্ৰিটেইনৰ মুঠ বৈদেশিক আৰু ঔপনিবেশিক বাণিজ্যৰ আয় আছিল প্ৰায় ৮০কোটি পাউণ্ড! ইংৰাজে অধিকাৰ কৰাৰ আগে আগেহে ক'বলৈ গ'লে ৰাজ্যখনত ব্যৱসায়-বাণিজ্য আৰম্ভ হৈছিল৷ মুদ্ৰাৰ প্ৰচলনো তেতিয়া তেনেই সীমিত৷ এনে অৱস্থাত নিজা ব্যৱসায়-উদ্যোগৰ চেষ্টা কৰাটো অসমীয়া মধ্যবিত্তৰ পক্ষে সম্ভৱপৰ নাছিল৷ সামন্তীয় চিন্তা-চেতনা প্ৰবল হৈ থকাৰ ফলত পুঁজিবাদী ব্যক্তিগত উদ্যমৰ প্ৰৱণতাও শক্তিশালী নহ’ল৷ লগতে উল্লেখ কৰা প্ৰয়োজন যে তেতিয়া ব্যৱসায় কৰাটোক বৰ ভাল চকুৰে চোৱা নহৈছিল৷ ধন মাটিৰ তলত পুতি থোৱাটোৱেই তেতিয়াৰ প্ৰচলিত অভ্যাস৷ এই অৱস্থাত ব্যৱসায়-বাণিজ্যৰ চেষ্টা কৰাসকলৰ ভূমিকা কাৰ্যতঃ ব্ৰিটিছ-পুঁজিৰ যোগনিয়াৰ হোৱাৰ অধিক কিবা আছিল বুলি ক'ব নোৱাৰি৷ নক’লেও হ'ব যে এনেকুৱা যোগনিয়াৰ-বৃত্তি ব্ৰিটিছ-পুঁজিৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰশীল৷ লক্ষ্মীনাথ বেজবৰুৱাই ব্যৱসায়ৰ স্বাৰ্থত চাহাবসকললৈ ফল-মূল, খ্ৰীষ্টমাছৰ কেকৰ 'ভেটি' নিজহাতে বান্ধি-কুন্ধি পঠিওৱাৰ তিক্ততাৰ কথা উল্লেখ কৰিছে৷ তদুপৰি ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত ইংৰাজ চৰকাৰৰ আচৰণো দেখা যায় বৈষম্যমূলক৷ চাহ বাগিচাৰ বাবে যি ক্ষেত্ৰত ইংৰাজ প্লেণ্টাৰে কাৰ্যতঃ খাজনাবিহীন মাটি পাইছিল, তেনে ক্ষেত্ৰত কিন্তু স্থানীয় প্লেণ্টাৰে আন খেতিয়কৰ সমানেই খাজনা দিবলগা হৈছিল। আনহাতে, স্থানীয় মানুহৰ স্বাধীন ব্যৱসায় ব্ৰিটিছ-পুঁজিৰ প্ৰতিদ্বন্দ্বী হৈ নুঠালৈকে সকলো ঠিকেই থাকে; প্ৰতিদ্বন্দ্বী হৈ উঠিলেই বিপদ! মণিৰাম দেৱানৰ ফাঁচী এইক্ষেত্ৰত এক নিষ্ঠুৰ সতৰ্কবাণী আছিল। এই বৈষম্যক প্ৰত্যাহ্বান জনাবৰ জোখাৰে স্থানীয় মধ্যবিত্তৰ পুঁজি আছিল তেনেই নিশকতীয়া। ফালত অসমীয়া মধ্যবিত্ত প্ৰধানকৈ চাকৰিকেন্দ্ৰিক হৈয়ে থাকিল।

এই ব্ৰিটিছ-নিৰ্ভৰতাই অসমীয়া মধ্যবিত্তৰ প্ৰথমকেইটা চামক পৰম ইংৰাজ-ভক্ত কৰি তুলিলে। এই মানসিকতাৰ প্ৰতিনিধিস্থানীয় নিদৰ্শন পদ্মনাথ গোহাঞিবৰুৱাৰ বক্তব্যত পোৱা যায়। আনন্দৰাম ঢেকীয়াল ফুকনৰপৰা আৰম্ভ কৰি বেজবৰুৱা-গোহাঞিবৰুৱালৈকে সেই কালৰ বুদ্ধিজীৱীসকলৰ লেখনিৰপৰা এনেকুৱা উদাহৰণ পাব পাৰি।

‘সৰু মানুহ’ৰ প্ৰতি মধ্যবিত্তৰ উপেক্ষা-অৱজ্ঞা আৰু তেওঁলোকৰ ৰাজভক্তিয়ে এনে স্তৰ পাইছিলগৈ যে ইংৰাজ শাসন আৰু শোষণে দুখীয়া মানুহৰ জীৱনলৈ নমাই অনা নিদাৰুণ দুখ-যন্ত্ৰণাৰ প্ৰতি চকু মুদি তেওঁলোকে উদ্ভট যুক্তিৰে তাৰ ঔচিত্য প্ৰমাণ কৰিবলৈহে চেষ্টা কৰা দেখা যায়। তাৰ অনেক নমুনা গুণাভিৰাম বৰুৱা ৰচিত আসাম বুৰঞ্জী, বলিনাৰায়ণ বৰা সম্পাদিত মৌ আলোচনীত পোৱা যায়। অসমৰ সকলো প্ৰজাক ঔপনিবেশিক শাসনৰ বিৰুদ্ধে একত্ৰিত কৰি আন্দোলনৰ নেতৃত্ব দিয়া মধ্যবিত্তসকলৰ পক্ষে সেয়ে সম্ভৱ নাছিল। কৃষক প্ৰজাৰ অভাৱ-অভিযোগ আৰু দাবী-দাবাৰ প্ৰতিও তেওঁলোক আছিল আওকণীয়া। ১৮৮৪ চনত প্ৰতিষ্ঠিত জগন্নাথ বৰুৱা-মাণিক চন্দ্ৰ বৰুৱা নেতৃত্বাধীন ‘সাৰ্বজনিক সভা’ আৰু হৰিবিলাস আগৰৱালা-লম্বোদৰ বৰা নেতৃত্বাধীন ‘ৰায়ত সভা’ই কৃষকৰ কিছু ওচৰ চাপিবলৈ আৰু জনসেৱামূলক কাম কৰিবলৈ চেষ্টা কৰাৰ কথা জনা যায়; কিন্তু এইবোৰ প্ৰচেষ্টাৰ পৰিসৰ আছিল তেনেই সীমিত। এনে অৱস্থাত কৃষক প্ৰজাই ‘ৰাইজমেল’ৰ মাজেৰে প্ৰতিবাদ-বিদ্ৰোহৰ নিজা পথ আৰু সংগঠন বিচাৰি লৈছিল।

(ঙ)

ইংৰাজে অসম অধিকাৰ কৰাৰ পিছে পিছে ঔপনিবেশিক প্ৰশাসন চলাবলৈ দেশীয় আমোলা-কৰ্মচাৰী নিয়োগ কৰে। কিন্তু অসমত এনে কামৰ বাবে উপযুক্ত শিক্ষিত বা অৰ্হতাসম্পন্ন মানুহৰ অভাৱ হোৱাত পোনতে বংগৰপৰা শিক্ষিত মানুহ অনা হৈছিল। পিছে শিক্ষা-দীক্ষা প্ৰসাৰৰ লগে লগে অসমত ঔপনিবেশিক চাকৰিৰ অসমীয়া প্ৰত্যাশীও ওলাবলৈ ধৰিলে। এইদৰে সীমিত চাকৰিৰ বজাৰখনতে প্ৰতিদ্বন্দ্বিতাৰ সূচনা হ’ল। বিংশ শতিকাৰ ক্ষুদ্ৰ ব্যৱসায়ৰ ক্ষেত্ৰলৈকো সি প্ৰসাৰিত হৈছেহি। এইদৰে চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বিতাই অসমীয়া মধ্যবিত্তক বঙালী-বিদ্বেষৰ পথলৈ ঠেলি দিয়ে।

অসম দখল কৰাৰ পিছে পিছে ১৮৩৬ চনত ইংৰাজ শাসকে অসমৰ স্কুল-কাছাৰিত পাৰ্চীৰ ঠাইত বঙলা ভাষা প্ৰৱৰ্তন কৰে। অসমখন এখন সুকীয়া প্ৰদেশ নোহোৱালৈকে সেইটোৱে আছিল ঔপনিবেশিক শাসনৰ কাৰণে সুবিধাজনক। শাসিতক বিভক্ত কৰি শাসন কৰাত পাৰ্গত ইংৰাজে ইয়াৰ মাজেৰে অসমীয়া-বঙালী সংঘাতৰ এখন উৰ্বৰ ক্ষেত্ৰও সাজু কৰি তুলিলে। আনন্দৰাম ঢেকীয়াল ফুকনৰ সুযোগ্য নেতৃত্বত অসমীয়া বুদ্ধিজীৱীয়ে অসমীয়া ভাষা প্ৰতিষ্ঠা কৰাৰ যুঁজখন যুঁজিছিল আৰু ১৮৭৪ চনত জয়ীও হৈছিল।

পিছলৈ যেতিয়া অসমীয়া মধ্যবিত্ত‍ই শ্ৰেণী হিচাপে নিজকে সংহত কৰিলে, তেতিয়া এই ঘটনাই অন্য ৰূপ ল’লে। চাকৰিকেন্দ্ৰিক প্ৰতিযোগিতাৰপৰা উদ্ভূত বিদ্বেষে আত্মপ্ৰকাশৰ পথ বিচাৰি পালে ভাষাৰ প্ৰশ্নক কেন্দ্ৰ কৰি। ৰাজভক্ত অসমীয়া বুদ্ধিজীৱীয়ে উক্ত অন্যায় ভাষানীতিৰ বাবে ইংৰাজক জগৰীয়া নকৰি বঙালী বাবুৰ ‘ষড়য্ন্ত্ৰ’ৰ তত্ত্ব উদ্ভাৱন কৰিলে। একাংশ বঙালী বাবুৰ অযথা উচ্চমন্যতাই জ্বলা জুইত ঘিঁউ ঢালিলে। আজিও এই শত্ৰুতাৰ অৱসান হৈছে বুলি ক’ব নোৱাৰি। দেখাত ভাষাভিত্তিক যেন লাগিলেও দৰাচলতে ঊনবিংশ শতিকাৰ শেষভাগতে দেখা দিয়া চাকৰিৰ প্ৰশ্নটোহে যে এই সংঘাতৰ গুৰিত, সেই কথাৰ প্ৰমাণ হ’ল এনেকুৱা : প্ৰথম অৱস্থাত অসমীয়া মধ্যবিত্তৰ মাজত এই শত্ৰুতাই গা কৰি উঠা নাছিল। আনকি বহুতে তেতিয়া বঙলা ভাষা প্ৰৱৰ্তনৰেই বিৰোধিতা কৰা নাছিল। নামনি অসমৰ ১২২৬জন মানুহেতো (তাৰ ভিতৰত উকিল, মৌজাদাৰ, মণ্ডল ইত্যাদি ভালেকেইজন আছিল) অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ বিৰোধিতাহে কৰিছিল। কলিকতাৰ আধুনিকতা আৰু বঙালী কাকত-আলোচনী আছিল অসমীয়া মধ্যবিত্তৰ বাবে আধুনিক শিক্ষাৰ নিকটতম উত্‍স। তেওঁলোকৰ মাজত দেখা যায় বঙালী-বিদ্বেষৰ সলনি বঙলা ভাষা-সাহিত্যপ্ৰীতিহে শক্তিশালী। চাকৰিকেন্দ্ৰিক প্ৰতিযোগিতা তীব্ৰ হৈ নুঠালৈ এই ‘প্ৰীতি’ক বিদ্বেষৰ ধুমুহাই উঘালিব পৰা নাছিল। মন কৰিবলগীয়া কথাটো হ’ল, অসমীয়া ভাষা-প্ৰতিষ্ঠাৰ প্ৰধান যোদ্ধাসকলে বঙলা ভাষা প্ৰৱৰ্তনৰ বাবে বঙালী ‘বাবু’ক দোষ দিয়া নাছিল। তদুপৰি পিছৰ যুগৰ অসমীয়া মধ্যবিত্তৰো বিৰোধ অসমস্থ বঙালী ‘বাবু’ৰ স’তেহে। কলিকতীয়া নব্য জমিদাৰ বঙালীৰ স’তে তেওঁলোকৰ শত্ৰুতা নাছিল।

ঊনবিংশ শতিকাৰ শেষভাগৰপৰা সংহত হৈ উঠা অসমীয়া পেটি বুৰ্জোৱা মধ্যবিত্ত শ্ৰেণীটোৱে প্ৰবলতৰ শত্ৰু ইংৰাজৰ বিৰুদ্ধে কোনো সংগ্ৰাম গঢ়ি তোলা নাছিল। কাৰণ এনে সংগ্ৰামৰ আৰ্থিক ভিত্তি অসমত তেতিয়াও অনুপস্থিত। সেয়ে জাতীয় চেতনাৰে উদ্বুদ্ধ অসমীয়া মধ্যবিত্ত‍ই ভাষা-সাহিত্য চৰ্চাকে আগস্থান দিয়ে। ঊনবিংশ-বিংশ শতিকাৰ সন্ধিক্ষণত উত্‍কৃষ্ট সাহিত্য ৰচিত হোৱা আৰু জাতীয় ভাষা-সাহিত্যৰ পৰিবেশ গঢ় লৈ উঠাৰ এয়ে কাৰণ। এইদৰে মধ্যবিত্তৰ মাজত যোগাযোগ আৰু আদান-প্ৰদান বৃদ্ধি পায়। এতিয়া বঙালী ‘বাবু’ৰ ৰূপত এক প্ৰতিদ্বন্দ্বী পেটি বুৰ্জোৱা শত্ৰুৰো সন্ধান পোৱা গ’ল

(চ)

জন্মৰ পাছতে অসমীয়া জাতীয়তাবাদৰ স’তে সৰ্বভাৰতীয় জাতীয়তাবাদৰ সংযোগ স্থাপন হয়। কিন্তু লগতে সাম্প্ৰদায়িক চেতনাই জটিলতাৰো সৃষ্টি কৰে।

প্ৰাচীন কালতে ভাৰতলৈ হোৱা আৰ্যসকলৰ প্ৰব্ৰজন আৰু আৰ্য-ভাষাই ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সংহতিৰ এটা অন্তঃসলিলা ধাৰাৰ জন্ম দিছিল। অসমো এই প্ৰক্ৰিয়াৰ বাহিৰত নাছিল। ‘মহা ভাৰতীয় জনগোষ্ঠী’ৰ এটা অস্তিত্ব তেতিয়াৰপৰাই থকা বুলি ক’ব পাৰি। ঔপনিবেশিকতা-বিৰোধী সংগ্ৰামৰ মাজেৰে এই ‘ভাৰতীয়তা’বোধৰ ভিত্তিতেই ভাৰতীয় জাতীয়তাবাদৰ জন্ম হৈছিল। অসমীয়া মধ্যবিত্ত‍ই প্ৰথমে এই সংগ্ৰামৰপৰা নিজকে আঁতৰাই ৰাখিছিল তেওঁলোকৰ প্ৰবল ৰাজভক্তিৰ বাবে‌। লক্ষ্মীনাথ বেজবৰুৱাই “বন্দেমাতৰম” ধ্বনিক “বোন্দা-মাত ৰম্” বুলি ইতিকিং কৰিছিল। কিন্তু প্ৰথম মহাযুদ্ধৰ পিছত ক্ৰমবৰ্ধমান সংকট আৰু সমস্যাৰ মুখামুখি হৈ নিম্ন মধ্যবিত্তৰ মাজত ইংৰাজৰ সম্পৰ্কে মোহভংগ ঘটিবলৈ ধৰে। মধ্যবিত্তৰ নবীনচামে, বিশেষকৈ ছাত্ৰসকল পূৰ্বসূৰিসকলৰ দৰে মোহগ্ৰস্ত নহ’ল, কাৰণ ঔপনিবেশিক শাসনৰ সংকট ইতিমধ্যে তীব্ৰতৰ হৈছিলগৈ। এনে অৱস্থাত অসমত কংগ্ৰেছ নেতৃত্বাধীন ব্ৰিটিছ-বিৰোধী আন্দোলনে গা কৰি উঠে। অৱশ্যে ১৯৩০ চনমানলৈ মধ্যবিত্তৰ প্ৰাচীনচামৰ ভূমিকা দোদুল্যমান। স্বৰাজ আন্দোলন অসমত প্ৰায় নহ’লেই; ১৯২০-২২ৰ অসহযোগ আৰু ১৯৩০-৩২ৰ আইন অমান্য আন্দোলন অসমত কাৰ্যতঃ ছাত্ৰসকলৰেই আন্দোলন বুলি ক’ব পাৰি। কংগ্ৰেছী পথৰ বাহিৰে আন পথেৰেও অসমত ঔপনিবেশিক শাসন-বিৰোধী সৰ্বভাৰতীয় জাতীয় মুক্তি সংগ্ৰাম চলিবলৈ ধৰে ১৯৩০ৰ দশকৰপৰাই। এই আন্দোলনে অসমৰ মানুহক এক ভাৰতীয় জাতিৰ অংশ কৰি তোলে। স্বাধীনতা প্ৰাপ্তিৰ ক্ষণতো অসম স্বেচ্ছাই ভাৰতৰ স’তে চামিল হৈছিল।

অসমৰ বিস্তৃত অনাবাদী আৰু উৰ্বৰ চৰ অঞ্চলৰ মাটিত খেতি কৰিবলৈ ইংৰাজ প্ৰশাসনৰ প্ৰত্যক্ষ উদ্যোগত পূৰ্ববংগৰপৰা মুছলমান কৃষকৰ প্ৰব্ৰজন ঘটোৱা হয় ১৯-২০ শতিকাৰ সন্ধিক্ষণৰ আগে-পিছে। এইসকল কৃষকে অসমত মৰাপাটৰ উত্‍পাদন যথেষ্ট বৃদ্ধি কৰে। এইদৰে বাণিজ্যিক কৃষি প্ৰসাৰিত হোৱাত ধন সুদলৈ দিওঁতা অসমীয়া মহাজনৰ সন্মুখত আয়ৰ নতুন পথ মুকলি হয়। প্ৰব্ৰজিত কৃষকসকল ঔপনিবেশিক ন্যায়-ব্যৱস্থাৰে প্ৰশিক্ষিত উকীল-কেৰাণীৰো আয়ৰ উত্‍সত পৰিণত হ’লগৈ। অত্যধিক কৰৰ বাবে পূৰ্বতে মাটি এৰি দিয়া অসমীয়া কৃষকে এতিয়া মাটি বেচিবলৈ গ্ৰাহক বিচাৰি পালে। লগতে মাটিৰ দালালো উপকৃত হ’ল। এতিয়া নব্য জমিদাৰে লাগ বুলিলেই খেতি মাটিত কাম কৰিবলৈ মানুহ পোৱা হ’ল। সেয়ে, এনে অৱস্থাত পোনতে অসমীয়া মধ্যবিত্ত‍ই ‌‌‌এই জনপ্ৰব্ৰজনৰ বিৰোধিতা কৰা নাছিল।

১৯২০ৰ দশকত অসমত মাটিৰ ওপৰত হেঁচা বৃদ্ধি পালে। সীমিত মাটিৰ বাবে পূৰ্বৰেপৰা বাস কৰি অহা কৃষকে এতিয়া নৱাগত মুছলমান কৃষকৰ স’তে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ল। ১৯২০ চনত বাধাহীন প্ৰব্ৰজন নিয়ন্ত্ৰিত কৰিবলৈ ‘লাইন প্ৰথা’ প্ৰৱৰ্তন কৰা হৈছিল। কিন্তু ভূমি-ৰাজস্ব বৃদ্ধিৰ স্বাৰ্থত ঔপনিবেশিক প্ৰশাসনে এই প্ৰথাক কাগজতে আবদ্ধ কৰি ৰাখিলে।

বৰ্ণহিন্দু-নেতৃত্বাধীন অসমীয়া মধ্যশ্ৰেণীৰ মাজত ধৰ্মীয় সংকীৰ্ণতা এনেয়েও বিদ্যমান। ১৯২০-৩০ৰ দশকত ইংলেণ্ডৰ পুঁজিবাদৰ সংকটৰ বোজা ভাৰতৰ মানুহেও ব’বলগা হৈছিল। ফলত অসমতো সকলো শ্ৰেণীৰ মানুহৰে আৰ্থিক সংকটৰ বোজা বাঢ়িছিল। এই অৱস্থাত ইংৰাজ শাসনৰ বিৰোধিতাৰ লগতে ক্ষুদ্ৰতৰ স্তৰত সংগঠিত হৈ যেনেতেনে সংকটৰপৰা উদ্ধাৰ পোৱাৰ চিন্তায়ো সাৰ-পানী পালে; অসমত ধৰ্মভিত্তিক সংগঠিত ৰাজনীতি, অৰ্থাৎ সাম্প্ৰদায়িকতাই গা কৰি উঠিল। কৃষকৰ মাজত মাটিক লৈ হোৱা টনা-আঁজোৰাই এই ৰাজনীতিত সহায় কৰে। বৰ্ণহিন্দু অসমীয়া মধ্যশ্ৰেণীয়ে পূৰ্ববংগীয় মুছলমান কৃষকক শত্ৰুৰূপে ল’লে। বিপৰীতে মুছলমান অসমীয়া মধ্যশ্ৰেণীয়ে তেওঁলোকৰ প্ৰব্ৰজনক উত্‍সাহিত কৰিবলৈ ধৰিলে।

এনেদৰেই অসমীয়া জাতীয়তাবাদক সাম্প্ৰদায়িকতাই জটিল কৰি তোলে। অসমৰ জাতীয় গাঁথনি সলনি হৈ যোৱাৰ আশংকাৰ কথা সঘনে উচ্চাৰিত হ’বলৈ ধৰিলে। অসমীয়া জাতীয়তাবাদৰ মাজত খোপনি লোৱা সাম্প্ৰদায়িকতাৰ কণকঠীয়া যে এতিয়াও মৰা নাই, তাৰ প্ৰমাণ ১৯৮৩ৰ নেলীৰ গণহত্যা।

(ছ)

বিংশ শতিকাৰ অসমীয়া জাতিৰ আন এক অভিজ্ঞতা :

ৰাজ্যখনৰ আটাইতকৈ পুৰণা বাসিন্দা জনজাতিসকলৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামে হিংস্ৰ ৰূপ ল’লে। জনজাতিসকল, বিশেষকৈ ভৈয়ামৰ জনজাতি ‘বৃহত্তৰ অসমীয়া’ জাতিৰ প্ৰায় অংশত পৰিণত হৈছিল। পিছে এই চামিলকৰণতো থাকি গৈছিল কেতবোৰ মাৰাত্মক দুৰ্বলতা। আৰ্যমূলীয় ধৰ্মৰ জাতিভেদ তথা অসমীয়া জাতীয়তাবাদী নেতৃত্বৰ বৰ্ণহিন্দু চৰিত্ৰ আৰু কৰ্তৃত্ববাদ এইক্ষেত্ৰত বিশেষকৈ উল্লেখযোগ্য।

পুঁজিবাদৰ প্ৰসাৰৰ লগে লগে পিছপৰা জনজাতিসকলৰ মাজৰপৰাও এচাম মধ্যবিত্তৰ আবিৰ্ভাব ঘটিছে। চাকৰি-বাকৰি বা চৰকাৰী সা-সুবিধাৰ প্ৰশ্নত তেওঁলোকৰ নিকটতম প্ৰতিদ্বন্দ্বী হ’ল বৰ্ণহিন্দু অসমীয়া মধ্যবিত্ত। জনজাতীয় আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামে যে অসমীয়া বৰ্ণহিন্দু নেতৃত্বকেই শত্ৰুৰূপে বাছি লৈছে, আনকি কেতবোৰ ক্ষেত্ৰত অসমৰপৰা বিচ্ছিন্ন হোৱাৰ দাবীও উত্থাপিত হৈছে, সেই কথাৰ গুৰিতে হ’ল মধ্যবিত্তৰ মাজৰ এই প্ৰতিদ্বন্দ্বিতা। তাৰ লগত যোগ হৈছে জনজাতি কৃষকৰ ওপৰত অসমীয়া মধ্যবিত্তৰদ্বাৰা হোৱা শোষণ আৰু আইনী বা বেআইনী উপায়েৰে জনজাতি ৰাইজৰ অধিকাৰত থকা মাটিও তেওঁলোকলৈকে হস্তান্তৰিত হোৱাৰ ঘটনাটো৷ জনজাতিসকলৰ প্ৰতি থকা অসমীয়া মধ্যবিত্তৰ অৱজ্ঞা আৰু প্ৰভুসুলভ আচৰণে সংঘাত তীব্ৰতৰ হোৱাত অৰিহণা যোগাইছে৷

অসমীয়া ভাষাক অসমবাসী প্ৰায় সকলো মানুহেই স্বেচ্ছাই সংযোগী ভাষা হিচাপে ব্যৱহাৰ কৰি থকাৰ পিছতো এই ভাষাক অসমীয়া মধ্যবিত্তৰদ্বাৰা বিশেষকৈ শিক্ষাৰ মাধ্যমৰূপে বলপূৰ্বক জাপি দিয়াৰ যি চেষ্টা, তাৰ গুৰিটো হ’ল এই কৰ্তৃত্ববাদী মনোভাব৷ অসমৰ বিভিন্ন জনজাতিৰ ভাষাৰ লিপিৰ প্ৰশ্নতো তেওঁলোকৰ অলাগতিয়াল হস্তক্ষেপে সমস্যাৰ জটিলতা বঢ়াইছে৷ ঔপনিবেশিক যুগতে 'সংৰক্ষিত এলেকা'নীতিৰদ্বাৰা ভৈয়াম আৰু পৰ্বতৰ মাজত কৃত্ৰিম পাৰ্থক্য সৃষ্টিৰ যি চেষ্টা আৰম্ভ হৈছিল,সি জনজাতীয় বিচ্ছিন্নতাত সাৰ-পানী যোগায়৷ ই ঔপনিবেশিক শাসনৰ ভেদনীতিৰ নিদৰ্শন৷ অসমৰ অসমীয়া আৰু আন জনজাতীয় ভাষা-সাহিত্যৰ বিকাশত মিছনেৰিসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলেও, জনজাতিসকলৰ মাজত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰৰ জৰিয়তে তেওঁলোকে বিশেষকৈ পৰ্বতীয়া জনজাতিসকলক অসমৰ জনজীৱনৰ ঘাইসুঁতিৰপৰা নিলগাই ৰখাতহে সহায় কৰিছিল৷ সেয়ে, এই কামত ইংৰাজ শাসনৰ পৃষ্ঠপোষকতাৰ অভাৱ নাছিল৷

(জ)

এতিয়া দেখা গৈছে,জনজাতিসকলৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত পুনৰুত্থানবাদী চিন্তা প্ৰবল হৈ পৰিছে৷ কালৰ গৰ্ভত হেৰাই যোৱা ৰীতি-নীতি, ধৰ্মীয় আচাৰ-অনুষ্ঠান আদিৰ পুনৰ প্ৰচলনৰ যি সচেতন প্ৰয়াস এই সংগ্ৰামৰ ভিতৰুৱা,সি কেতিয়াও সমাজখনৰ অগ্ৰগতিৰ কাৰণ হৈ দেখা দিব নোৱাৰে৷ তদুপৰি অসমৰপৰা বিচ্ছিন্ন হৈ যাব পাৰিলে অসমীয়া মধ্যবিত্তৰ কৰ্তৃত্বৰপৰা তেওঁলোক মুক্ত হ’ব পৰা-নোৱৰাটোতকৈ ডাঙৰ কথাটো হ’ল সৰ্বভাৰতীয় বৃহৎ বুৰ্জোৱাৰ কৰ্তৃত্বৰপৰা তেওলোক কেতিয়াও মুক্ত হ’ব নোৱাৰে৷ সেয়ে, জাতীয় আত্মপ্ৰতিষ্ঠাৰ গণতান্ত্ৰিক দাবীৰ স’তে বিচ্ছিন্নতাৰ প্ৰশ্নটো যুক্ত কৰি এই আন্দোলন কিমান লাভৱান হ’ল, সেইটো নিশ্চয় ভাবি চাবলগীয়া৷

স্বৰাজোত্তৰ কালত অসমীয়া মধ্যবিত্তৰ মাজতো ক্ষীণকৈ হ’লেও এক পুঁজিপতি শ্ৰেণী গঢ়ি উঠিছে৷ ব্ৰিটিছ পুঁজিৰ ৰূপত থকা উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে প্ৰত্যক্ষ সংগ্ৰাম শেষ হোৱাৰ পিছতো বহু দিনলৈ সৰ্বভাৰতীয় বৃহৎ পুঁজিৰ স’তে অসমীয়া ক্ষুদ্ৰ পুঁজিৰ বিৰোধে তীব্ৰ ৰূপ লোৱা নাছিল৷ কিন্তু সত্তৰৰ দশকৰ শেষৰ ফালে ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ সংকটে গুৰুতৰ ৰূপ ধাৰণ কৰিলে৷ ১৯৭৫ চনৰ ২৬ জুন তাৰিখে ঘোষণা কৰা জৰুৰীকালীন অৱস্থা,১৯ মাহৰ অন্তত এই অৱস্থাৰ আৰু লগতে কংগ্ৰেছ দলৰ একচেটিয়া শাসনৰ অৱসান - এইবোৰে দেশৰ অস্থিৰ ৰাজনৈতিক বাতাবৰণকে প্ৰতিফলিত কৰিছিল৷ তেতিয়া অসমৰো নিম্নবিত্ত আৰু কৃষক ৰাইজৰ মাজত গভীৰ ক্ষোভেই কেৱল নহয়,সৃষ্টি হৈছিল গণতান্ত্ৰিক তথা বাঁওপন্থী ৰাজনৈতিক চেতনাৰো৷ অসমৰ কৃষক,ছাত্ৰ আৰু শ্ৰমিকৰ মাজত বাঁওপন্থী ৰাজনৈতিক সংগঠনৰ শক্তি বৃদ্ধি তথা এনেধৰ্মী আন্দোলনৰ তেতিয়া বিস্তাৰ আছিল অভূতপূৰ্ব৷ এই সময়তে অৰ্থাৎ ১৯৭৮ৰ শেষৰ ফালে অসমীয়া মধ্যবিত্তই এহাতে দিল্লী-বিৰোধী আৰু অনা-অসমীয়া-বিৰোধী আৰু আনহাতে কমিউনিষ্ট-বিৰোধী কাৰ্যসূচীৰ ছবছৰীয়া 'বিদেশী বিতাড়ন' (প্ৰথম অৱস্থাত বহিৰাগত বিতাড়ন) আন্দোলনৰ সৃষ্টি কৰে৷ এই আন্দোলনে যে কেৱল অসমত বাঁওপন্থাৰে কণকঠীয়া মাৰিব খুজিছিল এনে নহয়,আজি একবিংশ শতিকাৰ ঊষা-লগ্নত পৰিলক্ষিত হোৱা অসমীয়া জাতি আৰু অসমৰ মানুহৰ মাজৰ ঐক্য আৰু সংহতিৰ বিপৰ্যয়ৰ তাৎক্ষণিক কাৰণ হিচাপেও এই আন্দোলনৰ প্ৰত্যক্ষ ভূমিকা আজি সকলোৰে চকুত স্পষ্ট হৈ দেখা দিছে৷ অসমীয়া জাতীয়তাবাদত ভাৰতৰপৰা পৃথক হৈ যোৱা চিন্তাৰ বীজ এই আন্দোলনৰ মাজতে ৰোপিত হয়৷ সেয়ে অসমৰ ভূ-খণ্ডত জাতীয়তাবাদী চিন্তা আৰু আন্দোলনে সৃষ্টি কৰা জটিলতা বা সমস্যাৰ এটি সৰ্বগ্ৰাহ্য গণতান্ত্ৰিক সমাধানৰ সন্ধান জৰুৰী হৈ পৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি ঘটাই থকা দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতিষেধকৰূপে ভাৰতৰ কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্কৰ পুনৰ্বিন্যাস কৰা, অসমৰ সম্পদৰ ভিত্তিত শিল্প-উদ্যোগ গঢ়ি তোলা,বানপানী সমস্যাৰ স্থায়ী সমাধান আৰু ৰাজ্যখনৰ পৰিবহণ,যোগাযোগ,বিদ্যুৎ আদি পৰিকাঠামোৰ দ্ৰুত উন্নয়ন আদি দাবীৰ ভিত্তিত গঢ়ি তোলা গণ আন্দোলন এই দিশত এটা ইতিবাচক পদক্ষেপৰূপে বিবেচিত হ’ব পাৰে৷ লগতে জনজাতীয় আৰু জনগোষ্ঠীয় আকাংক্ষা,আন্দোলন,আৰু প্ৰৱণতাৰ গণতান্ত্ৰিক উপাদানবোৰৰ স্বীকৃতি দি সমমৰ্যদা আৰু সমঅধিকাৰৰ এক পৰিবেশ ৰচিত হ’লেহে অসমবাসীৰ থানবান হৈ যোৱা সংহতি পুনৰুদ্ধাৰ হ’ব বুলি আশা কৰিব পাৰি৷ তথাপি এটা কথা পাহৰিলে নচলে যে এই আটাইবোৰ কামৰ বাবে অসমীয়া বা জনজাতীয়,কোনোধৰণৰ জাতীয়তাবাদেই পৰ্যাপ্ত বা নিৰ্ভৰযোগ্য নহয়৷ অসমৰ বঞ্চিত আৰু নিপীড়িত শ্ৰেণীবোৰৰ শ্ৰেণীভিত্তিক আন্দোলনহে এই ক্ষেত্ৰত বিবেচনাৰ দাবীদাৰ৷

টোকা :

১) হীৰেন গোহাঁই, সাহিত্য আৰু চেতনা, ১৯৯১, পৃ: ১০ ৷

২) অনিল ৰায়চৌধুৰী, নামনি অসমৰ মধ্যশ্ৰেণী, পৃ: ১১৮৷

৩) লেনিন, সাম্ৰাজ্যবাদ : পুঁজিবাদৰ সৰ্বোচ্চ পৰ্যায়

৪) '. . . আহক, আমি ৰাজভক্ত অসমীয়া প্ৰজাই ঊৰ্ধবাহু হৈ উবুৰিয়াই আমাৰ ৰজা,ৰাণী আৰু ৰাজ-পৰিয়াললৈ আন্তৰিক প্ৰীতি-ভক্তি জনাওঁহঁক আৰু ঈশ্বৰৰ চৰণত সিবিলাকৰ জয়-যুগুতি কামনা কৰোঁহঁক৷' -পদ্মনাথ গোহাঞিবৰুৱা ('আহোম এছচিয়েশ্যন 'ৰ সভাপতিৰ ভাষণ, বৰপেটা অধিবেশন,১৯১৯)৷

৫) অনিল ৰায়চৌধুৰী, পূৰ্বোক্ত, পৃ: ৭১।

(সম্পাদকীয় টোকা : প্ৰবন্ধটো প্ৰথম প্ৰকাশ হৈছিল অসমৰ এটা সময়ৰ এখন উচ্চ মানৰ ক্ষুদ্ৰ আলোচনী ত্ৰৈমাসিক কলংৰ ৬ষ্ঠ বৰ্ষ, ৪ৰ্থ সংখ্যাত, এপ্ৰিল-জুন, ২০০৩ চনত‌। প্ৰবন্ধটো আমাৰ অনলাইন আলোচনীত প্ৰকাশ কৰিবলৈ অনুমতি প্ৰদান কৰাৰ বাবে লিখক পৰাগ দাহাল আৰু আলোচনীখনৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো‌। লেখাটোৰ ইউনিক’ড ৰূপান্তৰক ক্ৰমে হিৰো শৰণীয়া, গৌৰীশংকৰ ভূঞা আৰু গৌৰীশংকৰ দাস‌।)

Share Button
Print Friendly, PDF & Email

No Comments : "অসমীয়া জাতীয়তাবাদৰ জন্ম আৰু বিকাশ"

Leave a Comment

Your email address will not be published. Required fields are marked *