বিবিধ চিন্তা

অসমৰ চৰাঞ্চলত ভাসমান বিদ্যালয় আৰু স্পিড বোট এম্বুলেন্সৰ প্ৰয়োজনীয়তা

আশ্ৰাফুল হুছেইন

অসমৰ শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰ যে তুলনামূলকভাৱে বহু যোজন দূৰৈত পৰি আছে সেয়া নিশ্চয় প্ৰতিজন ব্যক্তিয়েই অনুভৱ কৰে । অসমৰ বাকী অঞ্চলসমূহৰ তুলনাত চৰাঞ্চলবোৰ আৰু বহু বেছিগুণে পিছ পৰি থকাটো এই অঞ্চলসমূহৰ জনগণৰ জীৱন ধাৰণ লক্ষ্য কৰিলেই স্পষ্ট । অসমৰ চৰাঞ্চলসমূহ পিছ পৰি থকাৰ মুখ্য কাৰণসমূহ বিশ্লেষণ কৰিলে শিক্ষা ক্ষেত্ৰত অনগ্ৰসৰতাই মুখ্য অন্তৰায় হিচাপে পৰিলক্ষিত হয় । অন্যহাতে যোগাযোগ আৰু যাতায়াতৰ অভাৱৰ বাবে স্বাস্থ্য ক্ষেত্ৰখনো নথকাৰ দৰেই ।

চৰাঞ্চলসমূহত বিদ্যালয়ৰ সংখ্যা খুবেই কম । সঘনাই হৈ থকা বানপানীয়ে বিদ্যালয়সমূহ বন্ধ কৰি ৰখাটো কোনো নতুন কথা নহয় । গৰাখহনীয়াই নৈপৰীয়া বিদ্যালয়সমূহৰ কেইবা লাখটকীয়া গৃহ সমূহ খহাই নিয়ে, বিদ্যালয় স্থানান্তৰৰ বাবেও বন্ধ থাকে বিদ্যালয় , ইপিনে ৰাজকোষৰ ধনৰো ক্ষতি হয় । গুৰুত্বপূৰ্ণ কথাটো হৈছে যেতিয়া বিদ্যালয় এখন গৰাখহনীয়াৰ ফলত খহি যায় তাৰ পাছত স্থানান্তৰৰ বাবে ভূমিৰ নাটনি হোৱাটো আমি বহু বিদ্যালয়ৰ ক্ষেত্ৰত লক্ষ্য কৰিছোঁ । প্ৰকাশ্য যে বিদ্যালয় এখন স্থানান্তৰ কৰাৰ বাবে চৰকাৰে কেৱল বিদ্যালয়গৃহ পুনৰ নিৰ্মানৰ বাবেহে ধন যোগান ধৰে । তথাপিও সেয়া মোকলাই অনাটো কোৱাৰ দৰে সহজ নহয় । এনে পৰিস্থিতিত ঠাই বিশেষে ভাসমান বিদ্যালয়ৰ ব্যৱস্থা কৰিলে চৰাঞ্চলৰ শিক্ষা ক্ষেত্ৰত এক বিপ্লৱ নিশ্চিত ।

25_ASRAFIL_CHAR.নৌকাৰ ওপৰত চলা ভাসমান বিদ্যালয়ৰ উদাহৰণ হিচাপে আমি বাংলাদেশৰ তৰুণ স্থপতি মোহাম্মদ ৰেজুৱানৰ ভাসমান বিদ্যালয়ক ল’ব পাৰো । ৰেজুৱানৰ এই বিদ্যালয় এতিয়া বিশ্ব মডেল । এই বিদ্যালয়ত যুক্ত কৰাইছে বিদ্যালয়ত বিশ্ব মানৰ পাঠ্যক্ৰম । বাংলাদেশৰ ১৬ কোটি মানুহৰ শতকৰা ৬৬ শতাংশই গাঁও অঞ্চলত বসবাস কৰে । ২০০২ চনৰ এক সমীক্ষাত দেখা যায় যে বানপানীৰ ফলত বাংলাদেশৰ এক-পঞ্চমাংশ এলেকা প্লাৱিত হয়। যাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় শিক্ষার্থীসকল ।২০০৭ চনৰ বানপানীত বিদ্যালয়সমূহ ডুব যোৱাৰ ফলত দেশৰ প্রাথমিক বিদ্যালয়ৰ ১০ শতাংশ অৰ্থাৎ ১৫ লাখ শিক্ষার্থী ক্ষতিগ্রস্ত হৈছিল । বাংলাদেশৰ নাটোৰৰ গুৰুদাসপুৰ উপজিলাৰ চলনবিল এলেকাৰ সিধুলাই গাঁৱো এটি বান কবলিত গাঁও । সেই গাঁৱৰ সন্তান মোহাম্মদ ৰেজুৱানৰ প্ৰচেষ্টাত ১৯৯৮ চনত গঢ় লৈ উঠে সিধুলাই স্বনির্ভৰ সংস্থা নামৰ এটি সংগঠন । সেই সংস্থাৰ উদ্যোগতেই বান কবলিত নিজৰ গাঁওখনৰ শিশুৰ প্ৰাথমিক শিক্ষা নিশ্চিত কৰাৰ বাবে ২০০২ চনত ৫০০ মাৰ্কিন ডলাৰৰ এক স্কলাৰছিপক মূলধন কৰি আৰম্ভ কৰে নৌকা বিদ্যালয় । সাধাৰণ বিদ্যালয়তকৈও বহুগুণে উন্নত এই বিদ্যালয়, নৌকাৰ ভিতৰতে শ্ৰেণীকোঠা, পাঠাগাৰ, কম্পিউটাৰ ইত্যাদি উপলব্ধ এই বিদ্যালয়ত । বিদ্যালয়ৰ ছাদত সৌৰবিদ্যুৎ প্যানেল বহুৱাই বিদ্যালয়খনৰ লগতে নিকটৱৰ্তী বাসিন্দাসকলক বিদ্যুতো যোগান ধৰা হয় । উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক হোৱা হেতুকে নিশাৰ ভাগতো বিদ্যালয়খনত পাঠদান দি আহিছে । বৰ্তমান বাংলাদেশত এনেধৰণৰ ২২খন বিদ্যালয়ত ১,৮১০জন শিশু পঢ়া-শুনা কৰি আছে । ৫৫ ফুট দৈর্ঘ্য আৰু ১১ ফুট প্রস্থৰ নৌকা বিদ্যালয়খনত একেলগে ৩০জন শিশুৱে পাঠ গ্ৰহণ কৰিব পাৰে । নৌকাত এনেধৰণৰ ভাসমান বিদ্যালয় প্ৰতিষ্ঠা কৰি উন্নত সা-সুবিধাৰপৰা বঞ্চিত অসহায় শিশুক বিনামূল্যে শিক্ষাৰ ব্যৱস্থা কৰি দিয়াৰ বাবেই এই সংস্থাটোৱে লাভ কৰিছে ১৪টা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ । উল্লেখযোগ্য যে জলবায়ু পৰিৱৰ্তনৰ বাবে একেধৰণৰ সমস্যাৰ সৃষ্টি হোৱা আৰু অনেক ৰাষ্ট্ৰতেই আৰম্ভ হৈছে এনেধৰণৰ বিদ্যালয়ৰ আন্দোলন । কম্বোডিয়া, নাইজেৰিয়া, ফিলিপাইনছ, ভিয়েটনাম আৰু জাম্বিয়াতো বহু ভাসমান বিদ্যালয় স্থাপন হৈছে ।

চৰকাৰৰ অৱহেলাৰ বাবে চৰাঞ্চলৰ স্বাস্থ্যক্ষেত্ৰখন নাই বুলিলেও ভুল নহ’ব । আজিৰ সময়তো চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যু হোৱাটো চৰাঞ্চলত ডাঙৰ কথা নহয় । আজিও বাট-পথৰ অভাৱত ৰোগী কঢ়িয়াই নিয়া হয় সাঙীত । নদীপথত চৰকাৰী কোনো এম্বুলেন্সৰ আঁচনি নথকাত যন্ত্ৰ চালিত নাও নতুবা হাতনাৱেৰে জটিল ৰোগীও অধিক সময় নষ্ট কৰি নদী পাৰ কৰিবলগা হয় , ইয়াৰ ফলত মাজবাটত ৰোগী মৃত্যু হোৱাৰ অনেক নজিৰ আছে । চৰাঞ্চলসমূহত চিকিৎসালয় আৰু চিকিৎসকৰ অভাৱত এতিয়াও বেজ-কবিৰাজকে শেষ ভৰসা কৰাৰ নিয়ম এতিয়াও আছে । বহুত চৰত এতিয়া বাট-পথ হৈছে যদিও চাৰিওপিনে নদীৰ মাজত থকা অনেক চৰৰ অৱস্থা অত্যধিক ভয়াৱহ । এতিয়াও চৰকাৰী স্বাস্থ্য আঁচনিয়ে ঢুকি নোপোৱাটো দুৰ্ভাগ্যজনক । অৱশ্যে চৰকাৰে দুই-এটা এনে আঁচনি লৈছে যদিও সেয়াই যথেষ্ট নহয়। চৰাঞ্চলৰ স্বাস্থ্যসেৱাৰ বাবে দুটা বিশেষ আঁচনিৰ এটি হ’ল ভ্ৰাম্যমাণ বোট মেডিকেল ইউনিট, আনটো হ’ল স্পিড বোট এম্বুলেন্স । আপুনি শুনি আচৰিত হ’ব,সমগ্ৰ অসমত মাত্ৰ তিনিখন স্পিড বোট এম্বুলেন্স আছে । তাৰে এটি মাজুলীত, এটা শদিয়াত,আনটো ধুবুৰীত । ইয়াৰো সীমাবদ্ধতাৰ অভাৱ নাই । এই বোট এম্বুলেন্স কেৱল দিনতহে উপলব্ধ । আধুনিক সময়, বিকশিত অসম বা উন্নয়নশীল অসম বুলি চিঞৰি থকাসকলে যদি চৰাঞ্চলবাসীৰ বাবে স্পিড বোট এম্বুলেন্স সেৱা সহজতে উপলব্ধ কৰে তেন্তে মানুহখিনিৰ যথেষ্ট উপকাৰ হ’ব বাবেই তেৰাসৱৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ ।

অন্যহাতে এই ক্ষুদ্ৰ লেখনীৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ লগতে বিশেষকৈ চৰ-চাপৰিবাসী সচেতন শিক্ষিতসকলৰ ওচৰত আমাৰ আহ্বান,এইসমূহক দাবী হিচাপে লৈ বলিষ্ঠতাৰে উত্থাপন কৰি চৰ-চাপৰিত উন্নয়নৰ পৰিৱেশৰ আন্তঃগাঁথনিৰ লগে লগে উন্নয়নৰ ৰাজনীতি আৰম্ভ কৰক । যেতিয়া উন্নয়নৰ ফলত জন-জীৱনৰ গ্ৰাফ ওপৰলৈ উঠিব তেতিয়া অনেক সমস্যাৰ সমাধান হৈ পৰাটো নিশ্চিত ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *