পৰিবেশ-প্ৰকৃতি

অসমৰ সাপ

নৱজিৎ বৰ্মন

     তথ্য-প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ বাবেই হওক বা চৌবিছঘণ্টীয়া ইলেকট্ৰনিক প্ৰচাৰ মাধ্যমৰ বাবেই হওক, আজিৰ দিনত আমি সকলোৱে প্ৰকৃতিক লৈ কম-বেছি পৰিমাণে সচেতন হৈছো। বনৰীয়া জীৱৰ হত্যাৰ বাতৰিবোৰ পঢ়ি আন একো কৰিব নোৱাৰিলেও চৰকাৰক গালি পাৰিয়ে সান্ত্বনা লৈছো বা দুখত ভাঙি পৰিছো। “কাজিৰঙাৰ মাটি বাংলাদেশীৰ কবলত, এই শিৰোনাম পঢ়ি উত্তেজনাবশতঃ শৰীৰৰ তেজ দুগুণ উতলাইছো। আজি অসমৰ প্ৰায় প্ৰতিজন নাগৰিক ইমান সজাগ যে বনবিভাগে গঁড়ৰ খৰ্গ চুটি কৰাৰ সিদ্ধান্তৰ সকলো মাধ্যমতে প্ৰতিবাদ কৰা হৈছে। এতিয়া প্ৰশ্ন হয়, আমিবোৰ ইমান সজাগ হোৱাৰ পিছতো প্ৰকৃতিৰ এই নিদাৰুণ অৱস্থা কিয় হৈ আছে অথবা হ’বলৈ পাইছে? আমি জানি-বুজিও ভাটৌ,মইনা আদি চৰাই ঘৰত আবদ্ধ কৰি ৰাখো তথাকথিত মৰমৰ নামত,যদিও আমি জানো যে ১৯৭২ চনৰ বন্যপ্ৰাণী সংৰক্ষণ অধিনিয়ম আইনৰ অধীনত ই আইনগতভাৱে দূষণীয় কাৰ্য। কাজিৰঙাৰ মাটি দখলৰ ওপৰত ডাঙৰ ডাঙৰ কথা কৈ গুৱাহাটীৰ পাহাৰত মাটি কাটি আমি ঘৰ সাজো। শৰালি হাহঁ,কাছ চোৰাংকৈ কিনি আনি ঘৰত তৃপ্তিৰে খাওঁ আৰু লগৰবোৰক গৌৰৱেৰে কওঁ। আমাৰ বন্যপ্ৰাণীসমূহক লৈ আমিবোৰ প্ৰকৃততে সজাগ হৈছোনে। দৰাচলতে আমি সজাগ হৈছো মাথোঁ কেইবিধমান নিৰ্দিষ্ট বন্যপ্ৰাণীক লৈহে;সামূহিকভাৱে বন্যপ্ৰাণীক লৈ আমি আজিও সজাগ নহয়।

     প্ৰকৃততে আমি বহুতেই নাজানো ‘বন্যপ্ৰাণী’ কাক কোৱা হয়। নাভাবো যে আমাৰ ঘৰৰ বাহিৰে-ভিতৰে দেখা পোৱা সৰু-বৰ প্ৰাণীসমূহ, যেনে : জেঠী, সাপ, বেং আদিও বন্যপ্ৰাণী জগতৰ একো একোটা অবিচ্ছেদ্য অংগ। এই সকলোবোৰ প্ৰাণীয়েই আমাৰ জৈৱবৈচিত্ৰ্যৰ ভঁৰাল চহকী কৰি আছে আৰু আমাৰ প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখাত ব্যাপক অৰিহণা যোগাই আহিছে।

     সাধাৰণতে মানুহৰ সংস্পৰ্শলৈ অহা বন্যপ্ৰাণীসমূহৰ ভিতৰত মানুহে সকলোতকৈ ভয় কৰা প্ৰাণীবিধ হৈছে ‘সাপ’। স্বাভাৱিকভাৱে কৌতূহলৰ কেন্দ্ৰবিন্দু এই সাপসমূহৰ বিষয়ে আমি ভালদৰে নাজানো বা সজাগ নহয়। আজিও সাপ সম্বন্ধে আমাৰ ধাৰণা বহু ক্ষেত্ৰত কাল্পনিক,ভ্ৰান্ত আৰু অমূলক। গৰিষ্ঠসংখ্যক ধাৰণাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। মানুহৰ সভ্যতা বিকাশত সাপৰ গুৰুত্ব বহু পৰিমাণে আছে। আমাৰ খাদ্য শস্যসমূহৰ ক্ষতিকাৰক প্ৰাণীসমূহ নিয়ন্ত্ৰণ কৰাত সাপৰ ভূমিকা অপাৰ। মানুহৰ সভ্যতা বিকাশৰ লগে লগে খাদ্য শস্য মজুত ৰাখিবলৈ আৰম্ভ কৰিলে,নগৰ-চহৰ নিৰ্মাণ হ’ল যাৰ ফলত কিছুমান বিশেষ প্ৰাণী, যেনে : এন্দুৰ,নিগনি আদিৰ সংখ্যা বাঢ়িবলৈ ল’লে। এইসমূহ প্ৰাণী নিয়ন্ত্ৰণ কৰাত সাপে মুখ্য ভূমিকা গ্ৰহণ কৰে।

     মানুহৰ খাদ্য ভঁৰাল সুৰক্ষিত কৰাৰ উপৰিও প্লেগ আদি মহামাৰিৰপৰাও সাপে পৰোক্ষভাৱে আমাক ৰক্ষা কৰি আহিছে। মানুহৰ সহায়ক হ’লেও সাপে কিন্তু মানুহৰ নিষ্ঠুৰতাৰপৰা ৰেহাই পোৱা নাই। বহু ক্ষেত্ৰত মানুহে সাপক দেখা মাত্ৰকে খেদি খেদি হত্যা কৰিবলৈ উদ্যত হয়। ইয়াৰ প্ৰধান কাৰণ হৈছে সাপৰদ্বাৰা মানুহৰ প্ৰাণ হানি হোৱাৰ আশংকা। কিন্তু সকলো সাপ জানো বিষাক্ত? এই কথা হয়তো আমি বহুতে নাজানো যে আমাৰ ওচৰে-পাঁজৰে পোৱা সাপসমূহৰ প্ৰায়সমূহেই অবিষাক্ত বা বিষহীন যাৰদ্বাৰা মানুহৰ একো ক্ষয়-ক্ষতি,হানি-বিঘিনি নহয়।

     যদি আমি সাপৰ বিষৰ ওপৰত ভিত্তি কৰি সাপৰ শ্ৰেণীবিভাজন কৰো তেন্তে সাপক আমি তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰো।

     (১) অবিষাক্ত সাপ বা বিষহীন সাপ [Non venomous snake] – যিবোৰ সাপৰ বিষ গ্ৰন্থি আৰু বিষ দাঁত নাথাকে সেইবোৰ সাপ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত। অৰ্থাৎ যিবোৰ সাপৰ দংশনৰ ফলত মানুহৰ বিশেষ অনিষ্ট নহয় সেইবোৰ সাপক অবিষাক্ত সাপৰ শ্ৰেণীত ৰখা হয়।

     (২)] সামান্য পৰিমাণে বিষাক্ত সাপ [Mildly venomous snake] – এই শ্ৰেণীৰ সাপৰ মুখগহ্বৰত বিষ গ্ৰন্থি থাকে,কিন্তু ইয়াৰ বিষ ইমান প্ৰভাৱশালী নহয় যে এজন সুস্থ মানুহৰ মৃত্যুৰ কাৰণ হ’ব পাৰে।

     (৩) বিষাক্ত সাপ [Venomous snake] – যিবোৰ সাপৰ বিষ মানুহৰ বাবে বিপদজনকভাৱে বিষাক্ত তেনেবোৰ সাপক বিষাক্ত সাপৰ শ্ৰেণীত ৰখা হয়।

     দেখা যায় যে সাপে মানূহক দংশন কৰিলে আমি চিকিৎসালয়লৈ যোৱাতকৈ বেজ বা ওজাসমূহকহে বেছি বিশ্বাস কৰো। দৰাচলতে বেজে তেতিয়াহে চিকিৎসা কৰিব পাৰে যেতিয়া সাপবিধ অবিষাক্ত বা বিষাক্ত সাপে বিষহীন দংশন [Dry Bite] কৰে। সেয়েহে এই বিষয়ত সজাগতাৰ উদ্দেশ্য আগত ৰাখি আমাৰ চৌপাশে সাধাৰণতে পোৱা সাপসমূহৰ চমু বৰ্ণনা দাঙি ধৰাৰ প্ৰয়াস কৰা হ’ল।

     (১) ধুন্দুলী ফেঁটী [Copper Headed Trinket Snake, Coelognathus radiatus] – অবিষাক্ত এইবিধ সাপক নিলাজী গুম বুলিও আমি জানো। ইয়াৰ চকুদুটা স্পষ্ট আৰু মণি গোলাকাৰ হয়। ই দিবাচৰ,পুৱা আৰু গধূলি অধিক সক্ৰিয়। সাধাৰতে শান্ত যদিও আত্মৰক্ষাৰ কাৰণে ডিঙিটো ফুলাই ‘ত্ৰ’আকৃতিৰ কৰি ভয় খুৱাবলৈ চেষ্টা কৰে। এইবিধ সাপক বিষাক্ত বুলি প্ৰায়েই হত্যা কৰা হয় যদিও ই এবিধ অবিষাক্ত সাপ যাৰ দংশনত মানুহৰ একো ক্ষয়-ক্ষতি নহয়।

     (২) মাল্লিবৰ [Common Wolf Snake, Lycodon aulicus] – ইও এবিধ অবিষাক্ত সাপ। সাধাৰণতে এফুটমান দীঘল নিশাচৰ এই সৰু সাপবিধ আমাৰ ঘৰৰ মাৰলি বা মূধচৰ ফাঁকত প্ৰায়েই দেখিবলৈ পোৱা যায়। ইয়াৰ প্ৰধান আহাৰ হ’ল জেঠী।

     (৩) মচোৱাগোম [Indian Rat Snake, Ptyas mucosa] – অবিষাক্ত এইবিধ সাপক ঠাইবিশেষে ‘হুলাবৰীয়া’, ‘বাইৰখ’, বা ‘বাৰীৰখীয়া’ বুলিও কোৱা হয়। প্ৰায় পাঁচ ফুট দীঘল এইবিধ সাপ দেখিবলৈ কিচকিচীয়া ক’লা হয়। চকু ডাঙৰ আৰু মণি গোলাকাৰ। বহুতে ভবাৰ নিচিনা এইবিধ সাপ মতা ফেঁটী নহয়, ই এক সম্পূৰ্ণ সুকীয়া প্ৰজাতিৰ সাপ হয়। ই নেজেৰে কোবাব পাৰে যদিও নেজত কোনোধৰণৰ বিষাক্ত কাঁইট নাথাকে।

     (৪) কেঁচু সাপ [Worm Snake] – ই অবিষাক্ত সৰু প্ৰজাতিৰ সাপ যাক দেখিবলৈ কেঁচুৰ নিচিনা হয় কিন্তু কেঁচুতকৈ বেগাই যাব পাৰে। সাধাৰণতে অসমত দুইধৰণৰ কেঁচু সাপ পোৱা যায়। ইয়াৰে সৰুবিধক (Brahminy Worm Snake, Ramphotyphlops braminus) আৰু ডাঙৰ বিধক (Diard’s Worm Snake, Typhlops diardii) বুলি কোৱা হয়। ইয়াৰে সৰুবিধৰ দৈৰ্ঘ্য প্ৰায় পাঁচ ইঞ্চিলৈকে হয় আৰু ডাঙৰবিধৰ দৈৰ্ঘ্য প্ৰায় পোন্ধৰ ইঞ্চিলৈকে হয়। এইবিধ সাপৰ প্ৰধান খাদ্য হৈছে পোক-পৰুৱা, পলু, কেঁচু আদি।

     (৫) বামুণী সাপ [Stripe Keelback Snake,Amphiesma stolatum] – অবিষাক্ত মুগা ৰঙৰ এইবিধ সাপৰ দেহৰ ইমূৰৰপৰা সিমূৰলৈ দুডাল হালধীয়া পটি বা আঁচ থাকে। দিবাচৰ এইবিধ সাপক আমাৰ ওচৰে-পাঁজৰে থকা জোপোহা ঘাঁহনি আদিত প্ৰায়েই দেখিবলৈ পোৱা যায়। শান্ত স্বভাৱৰ এইবিধ সাপে মানুহক কাচিৎহে কামোৰে।

     (৬) কাৰ্শলা [Common Bronze Back Tree Snake,Dendrelaphis tristis] – অবিষাক্ত,এছাৰিৰ নিচিনা,পাতল লাহী এইবিধ দিবাচৰ সাপ আমাৰ সকলোৰে চিনাকী। জহকালৰ দুপৰীয়া খাদ্য বিচাৰি আমাৰ ওচৰ-পাঁজৰৰ গা-গছসমূহত ইয়াক বগাই থকা প্ৰায়েই দেখা যায়। অতি সতৰ্ক এইবিধ সাপক কোনোবাই আমনি কৰিলে ই গাৰ আগভাগ দাঙি বিশেষ ভংগিমাৰে নাচিবলৈ ধৰে।

     (৭) মেনি [Common Water Snake, Enhydris enhydris] – সামান্য পৰিমাণে বিষাক্ত এইবিধ সাপ সাধাৰণতে খাল-বিল, পিতনি আদিত বাস কৰে যিহেতু ইয়াৰ প্ৰধান খাদ্যয়েই হৈছে মাছ-ভেকুলী আদি জলচৰ প্ৰাণী।

     (৮) গোৱালা [Banded Krait, Bungarus fasciatus] – বিষাক্ত গোৱালা ডাঙৰ দেহৰ, সহজতে চকুত পৰা হালধীয়া আৰু কলা পটিৰে আবৃত। ইয়াৰ ৰাজহাড়ডাল ওপৰলৈ উঠি অহাকৈ চকুত পৰা। ইয়াৰ নেজডাল ভোটা বাবে বহুতে ইয়াৰ পিছফালেও এখন মুখ থকা বুলি ভাবে। বহুতে ভবাৰ দৰে ই গৰুৰ গাখীৰ খোৱাটো এটা অন্ধবিশ্বাস। নিশাচৰ এই সাপবিধ অতিকৈ বিষাক্ত যদিও ই শান্ত, মানুহক দংশন কৰাৰ উদাহৰণ বিৰল।

     (৯) চকৰী ফেঁটী [Monocled Cobra, Naja kaouthia] – ভাৰত তথা অসমত পোৱা সাপসমূহৰ ভিতৰত ই এবিধ “আইকনিক”সাপ। সাপ বুলি ক’লে আমাৰ চকুত প্ৰথমতে ইয়াৰ ছবিয়েই ভাহি আহে। সাধৰণতে এন্দুৰৰ গাঁতত,গছৰ হোলোঙত মানুহৰ দৃষ্টিৰ আঁতৰত বাস কৰে। কেতিয়াবা চিকাৰৰ সন্ধানত মানুহৰৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। ভাৰতত পোৱা মূল চাৰিবিধ বিষাক্ত সাপৰ ভিতৰত ইও এবিধ।

     (১০) বাটচুপা [Red-necked Keelback,Rhabdophis subminiatus] – বিষাক্ত এইবিধ সাপক ঠাইবিশেষে বাটৰাজ বা বাকৰাজ বুলিও কোৱা হয়। ডিঙি আৰু দেহৰ আগভাগ ৰঙচুৱা হয় আৰু বাকী অংশ জলফাই বৰণৰ হয়। ই দিনত অধিক সক্ৰিয়।

     (১১) ৰজা-ফেঁটী [King Cobra, Naja oxiana] – বিষাক্ত এইবিধ সাপ চাহ বাগানসমূহত প্ৰায়েই দেখা পোৱা যায়। দিবাচৰ এইবিধ সাপৰ মুখ্য আহাৰ হ’ল – আন প্ৰজাতিৰ সাপ। ই পৃথিৱীৰ একমাত্ৰ সাপ যিয়ে সৰা পাতেৰে বাসস্থান সাজে। ই পৃথিৱীৰ সকলোতকৈ দীঘল বিষাক্ত সাপ।

     (১২) অজগৰ [Burmese Python, Python molurus bivittatus] – অবিষাক্ত বৃহৎ আকাৰৰ এইবিধ সাপ আমি সকলোৱেই চিনি পাওঁ। ই অবিষাক্ত যদিও মানুহক ক্ষতি কৰিব পৰাকৈ শক্তিশালী। ইয়াৰ ওপৰৰ হনুত তাপ সংবেদী গাঁত [Pit) থাকে যাৰ সহায়ত ই আন্ধাৰতো চিকাৰৰ সম্ভেদ পায়। অজগৰ সাধাৰণতে গভীৰ অৰণ্যত থাকে যদিও খাদ্যৰ সন্ধানত কাচিৎ জন অৰণ্যলৈ ওলাই আহে।

     আমাৰ এই ওপৰৰ আলোচনা আধৰুৱা হৈ ৰ’ব যদিহে আমি আৰু এটা জাতীয় প্ৰাণীৰ কথা উল্লেখ নকৰো। সেইবিধ হৈছে বাৰিষা বতৰত আমাৰ ঘৰৰ পিছফাল,নাদৰ পাৰ আদিৰ নিচিনা সেমেকা ঠাই বোৰত দেখিবলৈ পোৱা খন্তিৰ নিচিনা খন্তি সাপ। সাপ বুলি কওঁ যদিও ই আচলতে সাপ নহয়। ইয়াৰ ইংৰাজী নাম Hammerhead Worms আৰু বৈজ্ঞানিক নাম Bipalium kewense. ই বিছ ইঞ্চিলৈকে দীঘল হ’ব পাৰে যদিও আমি সাধাৰণতে দেখা পোৱাবোৰ এক-দুই ইঞ্চিৰ ভিতৰত হয়। ইহঁত চিকাৰী প্ৰাণী, ইহঁতৰ খাদ্য হ’ল কেঁচু। ইয়াৰ বীজলুৱা শৰীৰটোৰ বাবে ই যি বাটেৰে যায় তাত এটা স্পষ্ট চিন ৰৈ যায়।

Print Friendly, PDF & Email

One thought on “অসমৰ সাপ

  • গীতাৰ্থ গগৈ

    প্ৰতিটো সাপৰ বিপৰীতে ছবি স‌‌ংলগ্ন কৰি দিব পৰা হ’লে চিনি পাবলৈ বেছি সহজ হ’ব‌/

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *