‘আস্তিকতা বনাম নাস্তিকতা’ৰ প্ৰত্যুত্তৰত

মূল: অভিজিৎ ৰায়

অনুবাদ: বৰ্ণালী বৰুৱা দাস

জোনাব মেজবাহউদ্দিন জওহেৰৰ আস্তিকতা আৰু নাস্তিকতাক লৈ অত্যন্ত সুলিখিত লেখাটো পঢ়াৰ পাছৰপৰাই এই লৈ কিবা এটা লিখাৰ তাগিদা অনুভৱ কৰিছো‌। প্ৰবন্ধটোৰ গঠনশৈলী আৰু ভাষা বিন্যাসৰ বাবেই কেৱল নহয়, প্ৰতিপক্ষৰ চিন্তাধাৰাৰ প্ৰতি তেখেতৰ সন্মানবোধ, বিপৰীত মতসমূহকো যথেষ্ট গুৰুত্বসহকাৰে লোৱা, বিচাৰ কৰা, সেইবোৰ লৈ চিন্তা কৰা তথা বুদ্ধিমত্তাৰ স’তে খণ্ডন কৰাৰ চেষ্টা কৰা, এই সকলো বিষয়ৰ বাবেই তেখেতৰ লেখাটো আমাৰ বাবে আদৰ্শ হ’ব পাৰে‌।

জওহেৰ চাহেবৰ প্ৰবন্ধটো খণ্ডন কৰাৰ বাবে নহয়, মূলতঃ নিৰপেক্ষভাৱে কিছু তথ্য তুলি ধৰিবৰ বাবেই মোৰ আজিৰ এই লেখা‌। হয়তো বিষয়তো ‘অৰ্থহীন বিতৰ্কৰ সূচনা’ যেন লাগিব পাৰে বা বোধ হ’ব পাৰে অযথা কালক্ষেপন‌, কিন্তু মোৰ ধাৰণা আমাৰ এই উন্মুক্ত আলোচনাত আমি নিজেইতো বাদেই, উপকৃত হ’ব অগণিত সাধাৰণ পাঠকো‌। এইটো প্ৰয়োজনীয়, কাৰণ ৰাষ্ট্ৰীয় পক্ষপাতদুষ্ট আইন-কানুনৰ সীমাবদ্ধতাত এইধৰণৰ আলোচনা দেশত কেতিয়াও সম্ভৱ নহ’লহেঁতেন‌; আমি দেখিছো প্ৰচাৰ মাধ্যম তথা সংবাদপত্ৰবোৰো ‘তাবেদাৰদেৰ তল্পিবাহক’ হিচাপেই সকলো সময়তে ৰৈ থাকে‌, যুক্তি-তৰ্কৰ প্ৰয়োজনীয় গঠনমূলক পৰিবেশ সৃষ্টি কৰি, মুক্ত মননৰ বিকাশত কেতিয়াও উদ্যোগ লোৱা নাই, ধৰ্মৰ ৰাজনীতি আৰু ধৰ্মানুভূতিটোৱেই তেওঁলোকৰ বাবে মুখ্য‌‌। ফলত জ্ঞান-বিজ্ঞান, যুক্তি-বুদ্ধিৰ চৰ্চা পদে পদে হৈছে বাধাগ্ৰস্ত‌, কেতিয়াবা নিৰ্মমভাৱে পদদলিত‌। ইণ্টাৰনেট অহাৰ ফলত এই শ্বাসৰুদ্ধকৰ অৱস্থাৰপৰা আমি পৰিত্ৰাণ পাইছো বহুখিনি‌। ইয়াত আইনৰ পিহনাত পৰি তথ্যৰ আদান-প্ৰদান একপক্ষীয়ভাৱে আৰু বাধাগ্ৰস্ত নহয়‌; ফলত দুয়োপক্ষই নিৰ্ভয়ে নিজৰ মতামত প্ৰকাশ কৰিব পাৰে‌ - সি লাগিলে যিমানেই ধৰ্মবিৰুদ্ধ তথা প্ৰথাবিৰুদ্ধ নহওক কিয়‌। নিৰপেক্ষ পাঠকসকলে দুয়োপক্ষৰ বক্তব্যৰপৰা সহজেই সত্যৰ নিৰ্যাসকণ আস্বাদন কৰিব পাৰে।

জওহেৰ চাহাবে নাস্তিকতাৰ সংজ্ঞা যিধৰণে দিছে তাৰ স’তে মই একেবাৰেই একমত নহওঁ‌। তেওঁ ৰবীন্দ্ৰনাথৰ এখন উপন্যাসৰ (সম্ভৱতঃ গোড়া) এটা চৰিত্ৰৰ উদ্ধৃতি দি ক’ব খুজিছে যে নাস্তিকসকলো এক অৰ্থত বিশ্বাসী‌। তেওঁলোক ‘না-ঈশ্বৰ’ত বিশ্বাসী‌। জওহেৰ চাহাবেই কেৱল নহয়, বহুতেই বুজিয়েই হওক বা নুবুজিয়েই হওক, এই কথাটো এনেদৰেই আওৰায় যে আস্তিক্যবাদৰ দৰেই নাস্তিক্যবাদো একধৰণৰ বিশ্বাস‌। আস্তিকসকলে যেনেদৰে ‘ঈশ্বৰ আছে’ এই মতবাদত বিশ্বাস কৰে, তেনেদৰে নাস্তিকসকলে বিশ্বাস কৰে ‘ঈশ্বৰ নাই’ - এই মতবাদত‌। দুয়োটাই হেনো বিশ্বাস‌। এই কিতাপত সন্নিৱিষ্ট ‘সংশয়ীদেৰ ঈশ্বৰ’ নামৰ আন এটা প্ৰবন্ধত আহমদ মোস্তাফা কামালে প্ৰায় একেধৰণৰে মতামত প্ৰকাশ কৰি কৈছে—

“আস্তিকতাৰ বিপৰীত শব্দ নাস্তিকতা নহয়, এই শব্দ দুটাই দুটা বিশ্বাসক প্ৰতিনিধিত্ব কৰে‌। এটা ঈশ্বৰৰ অস্তিত্বত বিশ্বাস, আনটো ঈশ্বৰৰ অনস্তিত্বত বিশ্বাস‌।”

নাস্তিকসকলক এইদৰে সংজ্ঞায়িত কৰাটো শুদ্ধ নে ভুল সেইটো বুজাৰ আগতে ‘নাস্তিক’ শব্দটোৰ ব্যুৎপত্তিগত অৰ্থটো আমি জনা প্ৰয়োজন‌। ‘নাস্তিক’ শব্দটো ভাঙিলে হয়, নাস্তিক+কন বা নাস্তি+ক‌। ‘নাস্তি’ শব্দৰ অৰ্থ হ’ল নাই, অবিদ্যমান‌। ‘নাস্তি’ শব্দটো মূল সংস্কৃতৰপৰা আহি ‘ক’ বা ‘কন’ প্ৰত্যয় যোগ হৈ নাস্তিক হৈছে, যিটো তৎসম শব্দ হিচাপে গৃহীত‌। ন আস্তিক=নাস্তিক‌। খুবেই পৰিষ্কাৰ যে সংগত কাৰণতেই আস্তিকৰ আগত ‘না’ প্ৰত্যয় যোগ কৰি নাস্তিক শব্দটো তৈয়াৰ কৰা হৈছে‌। আস্তিকসকলে যে ঈশ্বৰ, আল্লা, খোদা ইত্যাদি পৰম সত্তাত বিশ্বাস কৰে এইটোতো সকলোৱেই জানে‌। গতিকে নাস্তিক হৈছে সেইসকলেই, যি এইধৰণৰ বিশ্বাসৰপৰা মুক্ত‌। সেয়ে সংজ্ঞানুযায়ী নাস্তিকতা কোনো বিশ্বাস নহয়, বৰঞ্চ ‘বিশ্বাসৰপৰা মুক্তি’ বা ‘বিশ্বাসহীনতা’‌। ইংৰাজীত নাস্তিকতাৰ প্ৰতিশব্দ হৈছে ‘Atheist’‌। সেইক্ষেত্ৰতো আমি দেখিছো theist শব্দটোৰ আগৰ ‘a’ প্ৰিফিক্সটো সংযোগ কৰি ‘Atheist’‌ শব্দটো গঠন কৰা হৈছে‌। এথিজিমৰ ওপৰত বহুলপ্ৰচাৰিত গৱেষণাধৰ্মী এটা ৱেবছাইটত শব্দটোৰ সংজ্ঞায়ন কৰা হৈছে এনেদৰে—

Atheism is characterized by an absence of belief in the existence of gods. This absence of belief generally comes about either through deliberate choice, or from an inherent inability to believe religious teachings which seem literally incredible. It is not a lack of belief born out of simple ignorance of religious teachings.

সহজেই অনুমেয় যে ‘absence of belief’ শব্দমালা চয়ন কৰা হৈছে ‘বিশ্বাসহীনতা’ক দেখুৱাবলৈহে, তাৰ ওলোটাটো বুজাবলৈ নহয়‌। Gordon Steinএ তেওঁৰ বিখ্যাত An Anthology of Atheism and Rationalism গ্ৰন্থত নাস্তিকতাৰ (Atheism) সংজ্ঞায়ন কৰিবলৈ গৈ কৈছে—

“When we examine the components of the word ‘atheism’, we can see this distinction clearly. The word is made up of ‘a-‘and ’-theism’. Theism, we will all agree, is a belief in a God or gods. The prefix ‘a-‘ can mean ‘not’ (or ‘no’) or ‘without’. If it means ‘not’, then we have as an atheist someone who is not a theist (i.e., someone who does not have a belief in a God or gods). If it means ‘without’, then an atheist is someone without theism, or without a belief in God”. (Atheism and Rationalism, p.3. Prometheus, 1980)

আমি যদি atheist শব্দটোৰ আৰু গভীৰলৈ যাওঁ তেন্তে দেখো যে এই শব্দটো আচলতে উদ্ভূত হৈছে গ্ৰীক শব্দ ‘a’ আৰু ‘theos’অৰপৰা‌। গ্ৰীক ভাষাত ‘theos’ শব্দই বুজায় ঈশ্বৰক, আৰু ‘a’য়ে বুজায় অবিশ্বাস বা বিশ্বাসহীনতাক‌। সেইবাবেই Michael Martinএ তেওঁৰ Atheism: A Philosophical Justification নামৰ গ্ৰন্থত কৈছে— ‘According to its Greek roots, then, atheism is a negative view, characterized by the absence of belief in God.’ (Atheism: A Philosophical Justification, p. 463., Temple University Press, 1990)

আচলতে নাস্তিকতাক ‘না-ঈশ্বৰত বিশ্বাস’ৰ সজাত ভৰাই বিশ্বাসীৰ দলত অন্তৰ্ভুক্ত কৰোৱাৰ কথাটো খুবেই অবিবেচনাপ্ৰসূত‌। কথাটো আৰু অকণমান পৰিষ্কাৰ কৰা যাওক‌। ধৰা হওক, এজন মুক্তমনা যুক্তিবাদী ব্যক্তিয়ে ভূত বিশ্বাস নকৰে‌। তেন্তে তেওঁ সেইবাবে জানো ‘ না-ভূতত’ বিশ্বাসী হৈ যাব? জওহেৰ চাহাবৰ যুক্তি অনুসৰিতো সেইটোৱেই হোৱা উচিত‌। এনেদৰে চালে প্ৰতিটো অপ-বিশ্বাস বিৰোধিতাই তেনেহ’লে ওলোটাকৈ ‘বিশ্বাস’ বুলি চলাই দিয়া যায়‌। সেয়া লাগিলে ভূতেই হওক, অথবা পক্ষীৰাজ ঘোঁৰাই হওক, অথবা অশ্বডিম্বই হওক‌। যি পক্ষীৰাজ ঘোঁৰা বা জোনৰ বুকুৰ তুলসীৰ তলত মৃগপহুৰ অস্তিত্বত বিশ্বাস নকৰে, তেওঁ আচলতে তেওঁৰ সংশয় তথা অবিশ্বাসৰপৰাই সেয়া নকৰে‌, তেওঁলোকৰ ‘না-বিশ্বাস’ত বিশ্বাসী হ’বলৈ নহয়‌। যদি সেই ব্যক্তিগৰাকীক প্ৰশ্ন কৰা হয়, কিয় এইবোৰত তেওঁ বিশ্বাস নকৰে, তেওঁ হয়তো উত্তৰত ক’ব— সেইবোৰত বিশ্বাস কৰিবৰ বাবে যথেষ্ট তথ্য-প্ৰমাণ নথকাৰ বাবে‌। নাইবা হয়তো ক’ব পাৰে, এইপৰ্যন্ত পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে সেইবোৰ সত্তাৰ বাস্তৱ অস্তিত্ব কোনেও প্ৰমাণ কৰিব পৰা নাই, সেয়েহে সেইবোৰত বিশ্বাস কৰাৰ প্ৰশ্ন অহা নাই‌। এইটো পৰিষ্কাৰ যে এই বক্তব্যৰপৰা তেওঁৰ মনৰ সংশয় আৰু অবিশ্বাসৰ ছবিখনেই আমাৰ সন্মুখত মূৰ্ত হৈ উঠে‌, বিশ্বাসপ্ৰৱণতাটো নহয়‌। ঈশ্বৰত অবিশ্বাসৰ কথাটোও তেনেকুৱাই‌। নাস্তিকসকল তেওঁলোকৰ সংশয় আৰু অবিশ্বাসৰপৰাই ‘নাস্তিক’ হয়, ‘না-ঈশ্বৰ’ত বিশ্বাসৰপৰা নহয়‌। আচলতে সঁচা কথা ক’বলৈ গ’লে, ‘বিশ্বাস’ কথাটোৱেই বৰ্তি আছে এটা ‘অপ-বিশ্বাসমূলক’ প্ৰক্ৰিয়াৰ ওপৰত‌। মই সুৰজিত বাবুৰ স’তে বিতৰ্কৰ সময়ত ড হুমায়ুন আজাদৰ সাক্ষাৎকাৰৰ পৰা এটা প্ৰাসংগিক উক্তি উদ্ধৃত কৰিছিলো‌। সেইটো ইয়াতো বেছ প্ৰাসংগিক‌। ড হুমায়ুন আজাদে কৈছিল—

“যি বিষয়ত আমি নিশ্চিত নহয়, যাৰ কোনো অস্তিত্ব নাই, যাক প্ৰমাণ কৰিব নোৱাৰি তাকহে মানুহে বিশ্বাস কৰিবলগা হয়‌। মানুহে ভূত বিশ্বাস কৰে, পৰী বিশ্বাস কৰে বা ভগৱান, ঈশ্বৰ বা আল্লা বিশ্বাস কৰে‌। এই বিশ্বাস সত্য নহয়, এইবোৰৰ কোনো বাস্তৱ ৰূপ নাই‌। মানুহে এই বুলি নকয়— মই গ্লাছ বিশ্বাস কৰো বা পানী বিশ্বাস কৰো, মেঘ বিশ্বাস কৰো। যিবোৰ নাই সেইবোৰেই মানুহে বিশ্বাস কৰে‌। বিশ্বাস এটা অপবিশ্বাসমূলক ক্ৰিয়া‌। যি সত্য, তাক বিশ্বাস কৰিবলগা নহয়; যিটো মিছা তাতহে বিশ্বাস কৰিবলগা হয়‌। সেয়ে মানুহৰ সকলো বিশ্বাস ভুল বা ভ্ৰান্ত, সি অপবিশ্বাস‌।”

নাস্তিকসকল সংগত কাৰণতেই এই সমস্ত প্ৰথাগত অপবিশ্বাসৰ বাহিৰত‌।

জোনাব জওহেৰে আৰু এটা বিষয় ভুলভাৱে ব্যাখ্যা কৰিছে‌। তেওঁ কৈছে, “. . . নাস্তিক্যবাদীসকলে যদি অংক কৰি প্ৰমাণ কৰি দিব পাৰে যে ঈশ্বৰ নামৰ কোনো সত্তাৰ অস্তিত্ব আচলতেই নাই, তেনেহ’লে অন্য কথা আছিল‌। এই ক্ষেত্ৰত কোনো কোনোৱে প্ৰশ্ন কৰিব পাৰে, প্ৰমাণ কৰাৰ দায়িত্ব কেৱল নাস্তিকসকলৰেই নেকি? আস্তিকসকলেই প্ৰমাণ কৰক যে ঈশ্বৰ আছে‌। সেই ক্ষেত্ৰত মোৰ যুক্তি হ’ল, হয়, প্ৰমাণ কৰাৰ দায়িত্ব কেৱল নাস্তিকসকলৰেই‌। যুগে যুগে সেইটোৱেই হৈ আহিছে‌।” ধাৰণাটো ভুল‌, যুগে যুগে সেইটো মুঠেও হৈ অহা নাই‌। দৰ্শন শাস্ত্ৰত ‘Burden of Proof’ বুলি এটা টাৰ্ম প্ৰচলিত আছে যাৰ মৰ্মাৰ্থটো হ’ল যে কোনো উপৰুৱা দাবীৰ যথাৰ্থতা প্ৰমাণ কৰাৰ দায়িত্ব দাবীদাৰৰ‌। আপুনি যদি ঈশ্বৰত বিশ্বাসী হয়, পৰীত বিশ্বাসী হয়, জীনত বিশ্বাসী হয়, পূৰ্বজন্মত বিশ্বাসী হয়, এলিয়েনত বিশ্বাসী হয়— আপুনিয়েই এই সমষ্ট বিষয়ৰ অস্তিত্বৰ যথাৰ্থতা প্ৰমাণ কৰিব লাগিব, যিসকলে এইবোৰত বিশ্বাস নকৰে তেওঁলোকৰ দায়িত্ব নহয় ‘অংক কৰি’ আপোনাৰ দাবী ভুল বুলি প্ৰমাণ কৰাৰ বা নস্যাৎ কৰাৰ‌। যি ভূত বিশ্বাস কৰে অথচ ভূতৰ অস্তিত্বৰ প্ৰমাণ বিচাৰিলেই ওলোটাই প্ৰতিপক্ষৰ কান্ধত দায়িত্বভাৰ জাপি দি কয়— ‘প্ৰমাণ কৰকচোন, ভূত বুলি একো নাই’ — তেওঁ আচলতে নিজৰ অজ্ঞাতেই এটা যৌক্তিক ভ্ৰান্তিত আচ্ছন্ন হৈ পৰে‌, দৰ্শনত যাৰ এটা সম্ভ্ৰান্ত নাম আছে, ‘Shifting the burden of Proof’‌। সহজ বাংলাত যাক কোৱা হয় ‘উদোৰ পিণ্ডি বুধুৰ ঘাৰে চাপানো’। এই ভ্ৰান্তিটোক দৰ্শন শাস্ত্ৰত এনেদৰে সংজ্ঞায়িত কৰা হৈছে—

The burden of proof is always on the person asserting. Shifting the burden of proof is the fallacy of putting the burden of proof on the person who denies or questions the assertion. The source of the fallacy is the assumption that something is true unless proven otherwise, (ref: the Atheism Web. Logic and Fallacy)

বাৰ্ট্ৰাণ্ড ৰাছেলক এবাৰ সোধা হৈছিল তেওঁ ঈশ্বৰৰ অনস্তিত্ব প্ৰমাণ কৰিব পাৰিবনে নাই‌। তাৰ উত্তৰত তেওঁ কৈছিল—

“যদি মোক প্ৰমাণ কৰিবলৈ কোৱা হয় যে জিউচ্, পছাইডন, হেৰা বা অন্যান্য অলিম্পিয়ানসকলৰ অস্তিত্ব নাই, তেন্তে হতভম্ব হৈ বহি থকাৰ বাহিৰে মই কোনো যুক্তি বিচাৰি নাপাওঁ‌।”

জওহেৰ চাহাবে যিধৰণেৰে নাস্তিকৰ মূৰৰ ওপৰত কঁঠাল ভাঙি ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰিব খুজিছে সেই একে যুক্তিতে তেনেহ’লে জিউচ, হেৰা, ব্ৰহ্মা, তৰ, পশুপতি, অশ্বত্থামা, ৰাম গৰুৰ পোৱালী এই সকলোবোৰেই বিনাপ্ৰমাণে মানি ল’ব লাগিব‌, কাৰণ কোনেও এতিয়ালৈকে ‘অংক কৰি’ এইবোৰ যে মুঠেও নাই – সেইটো প্ৰমাণ কৰিব পৰা নাই‌। অৱশ্যে কৰিব নোৱৰাৰ এটা সংগত কাৰণো আছে‌। কাৰণ দৰ্শন শাস্ত্ৰই আমাক শিকাইছে যে নেতিবাচক অস্তিত্বৰ প্ৰস্তাৱনা (negative existential proposition) কেতিয়াও প্ৰমাণযোগ্য নহয়‌। কথাটো ঈশ্বৰৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য‌। স্কোপচ মংকি ট্ৰায়েল খ্যাত চাৰ্লছ বেৰোৱে সেইবাবেই কৈছিল, “I don’t believe in God, because I do not believe in Mother Goose.”‌

বিষয়টো আৰু অলপ খোলাকৈ কোৱা যাওক‌। বাৰ্ট্ৰাণ্ড ৰাছেলে এবাৰ তেওঁৰ ‘Is there a God?’ প্ৰবন্ধত কৈছিল, আমাৰ মাজৰ কোনোৱে যদি প্ৰস্তাৱ দিয়ে যে মংগল গ্ৰহ আৰু পৃথিৱীৰ মাজত এটা কক্ষপথত এটা চীনামাটিৰ পিয়লাই উপবৃত্তাকাৰ পথত সূৰ্যৰ চাৰিওফালে ঘূৰি আছে, আৰু পিয়লাটোৰ আকাৰ-আয়তন ইমানেই সৰু যে পৃথিৱীৰ সকলোতকৈ শক্তিশালী দূৰবীক্ষণ যন্ত্ৰ নাইবা মহাজাগতিক অন্যান্য উপকৰণেৰেও তাক চিনাক্ত কৰা সম্ভৱ নহয় – কোনোবাই জানো প্ৰমাণ কৰিব পাৰিব যে এই চীনামাটিৰ পিয়লা ঘূৰাৰ অনুমানটো ভুল? সম্ভৱতঃ নোৱাৰিব‌। কিন্তু কোনো সুস্থ মস্তিষ্কৰ মানুহেই অযথা – কথা নাই বতৰা নাই - পিয়লা ঘূৰাৰ এইধৰণৰ অনুমানটো বিবেচনালৈ নানে‌, কিম্বা বৰ এটা প্ৰশ্ৰয় নিদিয়ে। বৰং সকলোৱে ভাবিব, যি উজবুকে এনে দাবী কৰিছে যে এনেকুৱা এটা পিয়লা ঘূৰিছে, তাকেই নোকোৱা কিয় বোপা সেইটো প্ৰমাণ কৰিবলৈ? আচলতে জানো সেইটোৱেই স্বাভাৱিক নহয়? প্ৰমাণ কৰাৰ দায়িত্ব কিন্তু দাবীদাৰৰ ওপৰতেই বৰ্তে‌। কাৰ্ল ছাগানে কৈছিল— ‘Extraordinary claims require extraordinary evidence.’ গতিকেই চীনামাটিৰ বাটি ঘূৰাৰ কাহিনীটো আমাৰ বাবে যিমানেই আমোদজনক নহওক কিয়, ইয়াক প্ৰমাণ কৰাৰ দায়িত্ব তেওঁৰ কান্ধতেই পৰে যি এনেকুৱা এটি ‘extraordinary’ প্ৰস্তাৱ উত্থাপন কৰিছে‌।

বিজ্ঞানে কেতিয়াও মংগলৰ চাৰিওকাষে ‘পৰিভ্ৰমণৰত চীনামাটিৰ বাতি’ অথবা ‘পক্ষীৰাজ ঘোঁৰা’ৰ অস্তিত্ব প্ৰমাণ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাই‌। কৰা নাই সংগত কাৰণতেই‌। আমাৰ মাজৰ কোনেও হাজাৰ হাজাৰ, কোটি কোটি দেৱতা, অপদেৱতা, ভূত, ভগৱান, চয়তান, ৰাক্ষস, হুৰ-পৰী ইত্যাদিৰ অনস্তিত্ব প্ৰমাণৰ দায়িত্বভাৰ কাহানিও অনুভৱ নকৰে‌। তথা নকৰাকৈয়ে সেইবোৰৰ অস্তিত্বত অবিশ্বাসী হয়‌। সেইটোৱেই স্বাভাৱিক‌। জওহেৰ চাহাবে যেতিয়া জিউচ, এপ’ল’, আমোন ৰা, দুৰ্গা, কালী, মিথ্ৰা, থৰ কিম্বা ‘ফ্লাইং স্পেগেটি মন্সটাৰ’ক মিথ বুলি মানি লৈছে, আমি তেখেতৰ সেই মিথৰ তালিকাত আৰু এটা অতিৰিক্ত সত্তাৰ সংযোজন কৰিছো, আৰু সেইটো হৈছে জওহেৰ চাহাবৰ মনেসজা ‘ঈশ্বৰ’‌।

জওহেৰ চাহাবে কেনেধৰণৰ অংক কৰি দেখুৱালে ঈশ্বৰৰ অনস্তিত্ব মানি ল’ব সেইটো অৱশ্যে পৰিষ্কাৰ কৰা নাই‌। কিন্তু তেওঁ নিজেই আকৌ তেওঁৰ লেখাত স্বীকাৰ কৰিছে যে আধুনিক কোৱাণ্টাম পদাৰ্থবিজ্ঞানৰ তত্ত্বই খুব ভালকৈ দেখুৱাইছে যে মহাবিশ্বৰ সৃষ্টি হ’ব পাৰে নিতান্তই প্ৰাকৃতিক নিয়মত, কোনো পৰম পুৰুষৰ হাতৰ স্পৰ্শ অবিহনেই‌, স্বতঃস্ফূৰ্তভাৱে‌। ইয়াৰ পাছতো নাস্তিকসকলৰ কান্ধত দায়িত্ব ৰয় কিদৰে‌? বৰঞ্চ মোৰ বোধেৰে বল এতিয়া ৰৈ আছে আস্তিকসকলৰ ক’ৰ্টত‌। ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ হ’লে তেওঁলোকেই বৰং আধুনিক বিজ্ঞানৰ তত্ত্ববোৰক ভুল বুলি প্ৰমাণ কৰি ক’ব লাগিব যে নাই, এইদৰে স্বতঃস্ফূৰ্তভাৱে বিশ্বজগত কোনোমতেই সৃষ্টি হ’ব নোৱাৰে‌, ঈশ্বৰৰ হাত লাগিবই‌। কেৱল আইনষ্টাইনৰ এটা উদ্ধৃতি দি কথাটো এৰাই চলিলে নচলিব‌।

অভিজিৎ ৰায়

অভিজিৎ ৰায়

প্ৰসংগক্ৰমে কৈ থোৱা ভাল যে সকলোৰে আঁৰত সৃষ্টিকৰ্তা থাকিব লাগিব, নাইবা সকলো ঘটনাৰে কাৰণ থাকিব লাগিব, এইটো স্বতঃসিদ্ধ বুলি ভাবি লোৱাৰ আচলতে কোনো যৌক্তিক কাৰণ নাই‌। আকাশত যেতিয়া ‘সন্ধ্যাৰ মেঘমালা’ই খেলা কৰে, নাইবা পাহাৰৰ ঢাল বৈ নামি আহে সুচাৰু নক্সাৰ হিমশৈলী, অথবা এজাক বৰষুণৰ পাছত পশ্চিম আকাশত উদয় হয় বৰ্ণিল ৰামধনুৰ, আমি সঁচাকৈয়ে মুগ্ধ হওঁ, বিস্মিত হওঁ‌। কিন্তু আমি এইটোও জানো এইবোৰ সৃষ্টি হৈছে স্ৰষ্টা অবিহনেই, পদাৰ্থবিজ্ঞানৰ কিছুমান সূত্ৰাৱলী অনুসৰণ কৰি‌। ইয়াৰ উপৰিও পদাৰ্থবিজ্ঞান লৈ যিসকলে গৱেষণা কৰে তেওঁলোক সকলোৱেই জানে, ৰেডিঅ’এক্টিভ ডিকৰ মাজেৰে আলফা, বিটা, গামা কণিকাৰ উদ্ভৱ হয় প্ৰকৃতিত কোনোধৰণৰ কাৰণ নোহোৱাকৈয়ে‌, স্বতঃস্ফূৰ্তভাৱে‌। তদুপৰি ‘ভেকুৱাম ফ্লাক্সুৱেচন’ৰ ঘটনাও এটা কাৰণবিহীন ঘটনা বুলি পদাৰ্থবিজ্ঞানৰ জগতত বহুদিন আগৰপৰাই স্বীকৃত‌।

বহু বিজ্ঞানীয়েই ভাবে যে ভেকুৱাম ফ্লাক্সুৱেচনৰ যোগেদি শূন্যৰপৰা স্বতঃস্ফূৰ্তভাৱে বিশ্বজগত সৃষ্টি হোৱা কোনো অসম্ভৱ কথা নহয়‌। তথা এইদৰে বিশ্ব সৃষ্টি হ’লে সি পদাৰ্থবিজ্ঞানৰ কোনো সূত্ৰকেই আচলতে অস্বীকাৰ কৰা নহয়‌। কোৱাণ্টাম তত্ত্ব অনুসৰন কৰি শূন্য অৱস্থাৰপৰা যে বিশ্বজগত সৃষ্টি হ’ব পাৰে, এই ধাৰণাটো পোনপ্ৰথমে ব্যক্ত কৰিছিল নিউয়ৰ্ক চিটি ইউনিভাৰ্ছিটিৰ এডৱাৰ্ড ট্ৰায়নে, ১৯৭৩ চনত‌। ১৯৮১ চনত মহাজাগতিক স্ফীতি তত্ত্বৰ (cosmic inflation) আবিৰ্ভাবৰ পাছৰপৰাই বহু তাত্ত্বিক পদাৰ্থবিজ্ঞানীয়ে প্ৰাথমিক কোৱাণ্টাম ফ্লাক্সুৱেচনৰ মাধ্যমেৰে মহাজাগতিক স্ফীতিক সমন্বিত কৰি সেইবোৰৰ মডেল বা প্ৰতিৰূপ নিৰ্মাণ কৰিছে‌। বহু বৈজ্ঞানিক পত্ৰিকাত সেইবোৰ প্ৰকাশো হৈছিল তথা এতিয়াও হৈ আছে‌। উদাহৰণ হিচাপে ইয়াত কেইখনমান সাম্প্ৰতিক পেপাৰৰ উল্লেখ কৰিব পাৰি‌।

David Atkartz and Heinz Pagels. “Origine of The Universe as a quantum Tunneling Event” Physical review D25 (1982): 2065-73;

S.W. Hawking and I.G. Moss “Supercooled phase Transition in the very Early Universe”, Physics letters B 110 (1982): 35-38;

Alexander Vilenkin. “Creation of Universe from nothing” Physics letters 117B (1982): 25-28

Alexander Vilenkin. “Quantum Origin of Universe” Nuclear Physics B 252 (1985) 141-152’

Andre Linde. “Quantum Creation of the inflamatory Universe.” Letter Al Nuovo Cimenento 39 (1984): 401-405

Victor Stenger, The Universe: The ultimate Free Lunch.” European Journal of Physics 11 (1990) 236-243. ইত্যাদি‌।

প্ৰাকৃতিক নিয়মত স্বতঃস্ফূৰ্তভাৱে শূন্যৰপৰা মহাবিশ্বৰ উৎপত্তিৰ ধাৰণাটো যদি কেৱল ‘ননছেন্স’এই হ’লহেঁতেন, তেন্তে বৈজ্ঞানিক জাৰ্নেলবোৰত এই ধাৰণাৰ ওপৰত আলোকপাত কৰা পেপাৰবোৰ সাম্প্ৰতিক সময়ত কেতিয়াও প্ৰকাশ নাপালেহেঁতেন‌। এই বিষয়ে আলোকপাত কৰি মই মোৰ আলো হাতে চলিয়াছে আঁধাৰেৰ যাত্ৰী (অংকুৰ প্ৰকাশনী, ২০০৫) ত লিখিছো‌। বিদগ্ধ পাঠকসকলে পঢ়ি চাব পাৰে‌।

কোৱাণ্টাম ফ্লাক্সুৱেচনৰ মাধ্যমত একেবাৰে শূন্যৰপৰা মহাবিশ্ব উদ্ভৱৰ ধাৰণাৰ উপৰিও আৰু এটা ধাৰণা খুব সাম্প্ৰতিক কালত বিজ্ঞানীসকলৰ মাজত জনপ্ৰিয় হৈছে‌। পল ষ্টেইনহাৰ্ট তথা নেইল টুৰক আদিয়ে তেওঁলোকৰ প্ৰস্তাৱিত চক্ৰাকাৰ বা চাইক্লিক মডেলত দেখুৱাইছে যে এই মহাবিশ্বৰ কোনো আদি নাই, অন্ত নাই‌। ই এক চলমান ‘এণ্ডলেছ ইউনিভাৰ্ছ’ ( এই লৈ প্ৰথম অধ্যায়ৰ প্ৰবন্ধ ‘ঈশ্বৰেই জানো সৃষ্টিৰ আদি বা প্ৰথম কাৰণ?’ আৰু ‘মহাবিশ্ব আৰু ঈশ্বৰ : এটি দাৰ্শনিক আলোচনা’ দ্ৰষ্টব্য )‌। ভৱিষ্যতৰ পৰ্যবেক্ষণলব্ধ গৱেষণাৰ পৰা হয়তো জানিব পৰা যাব স্বতঃস্ফূৰ্তভাৱে শূন্যৰপৰা কোৱাণ্টাম ফ্লাক্সুৱেচনৰ মাধ্যমত মহাবিশ্বৰ ধাৰণাটো সঠিক নে চক্ৰাকাৰ অফুৰন্ত মহাবিশ্বৰ ধাৰণাটো সঠিক‌। কিন্তু যিটোৱেই সঠিক নহওক লাগিলে ঈশ্বৰ নামৰ অনুকল্পটো যে মহাবিশ্ব সৃষ্টিৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় সেইটো হয়তো প্ৰমাণিত হৈ যাব‌। কাৰণ আস্তিকতা-নাস্তিকতা বিবাদৰ সাৰাংশটো হ’ব এনেধৰণৰ—

আস্তিক: এই মহাবিশ্ব সৃষ্টি কৰিছে কোনে? নিশ্চয় ঈশ্বৰে‌।

নাস্তিক: তেনেহ’লে সেই ঈশ্বৰক সৃষ্টি কৰিছে কোনে?

আস্তিক: কোনেও নাই কৰা‌। ঈশ্বৰ স্বয়ম্ভূ; নহ’লে হয়তো সকলো সময়তে আছিলেই‌।

নাস্তিক: তেনেহ’লে আমিও ক’ব পাৰোঁ, এই মহাবিশ্ব স্বয়ম্ভূ (কোৱাণ্টাম ফ্লাক্সুৱেচনৰ যোগেৰে উদ্ভূত) নাইবা মহাবিশ্বও হয়তো সকলো সময়তে আছিল (চিৰ অনন্ত চাইক্লিক ইউনিভাৰ্ছ)‌।

দেখা গৈছে বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে অদূৰ ভৱিষ্যতে ঈশ্বৰ নামৰ অনুকল্পক গ্ৰহণ নকৰাকৈও মহাবিশ্বৰ উদ্ভৱ বা অস্তিত্বক ব্যখ্যা কৰা সম্ভৱ হ’ব‌। আধুনিক বিজ্ঞানৰ অগ্ৰগতিয়ে কিন্তু সেই দিশলৈকে ইংগিত কৰিছে‌।

আৰু অলপ অংক কৰা যাওক‌। অংক কৰি ‘ঈশ্বৰ নাই’ এইটো প্ৰমাণ কৰিব খোজাৰ আগতে জানি থোৱা ভাল ঈশ্বৰৰ কোনো যুক্তিগ্ৰাহ্য সংজ্ঞা বজাৰত আছে নে নাই‌। কবি-সাহিত্যিকৰপৰা আৰম্ভ কৰি ভাবুক দাৰ্শনিকজনপৰ্যন্ত সকলোৱে নিজ নিজ ধৰণেৰে ঈশ্বৰক সংজ্ঞায়িত কৰে। কোনোৱে প্ৰেমিকাৰ চকুত, কোনোৱে নিশাৰ জোনাকত, কোনোৱে কবিতাত, কোনোৱে হয়তো গানত, কোনোৱে সুৰাৰ ৰাগিত, কোনোৱে জনসেৱাত, কোনোৱে প্ৰকৃতিত, আনকি কোনোৱে শচীন তেণ্ডুলকাৰৰ বেটিঙতে ঈশ্বৰক বিচাৰি পায়‌। এই ধৰণৰ অব্যক্ত মানৱিক আৱেগ, উপমা, মনৰ ভাবগত প্ৰতিৰূপক সঠিক বা ভুল বুলি প্ৰমাণ কৰাৰ একো নাই‌। বিজ্ঞানে সেইবোৰ লৈ কামো নকৰে‌। বিজ্ঞানৰ প্ৰয়োগ নিখুঁত বাস্তৱতাত‌। যিসমূহ বিষয় সঠিকভাৱে সংজ্ঞায়িত নহয় সেইবোৰ লৈ বিজ্ঞানৰ কোনো মূৰৰ কামোৰণি নাই‌। ঈশ্বৰৰ সৰ্বজনগ্ৰাহ্য সংজ্ঞা বিচাৰি ধৰ্মগ্ৰন্থসমূহৰ ফালে চালেও দেখা যায় যে সিও স্ববিৰোধিতাৰে ভৰা‌। যেনেদৰে বাইবেলৰ ধাৰণা অনুযায়ী ঈশ্বৰ অদৃশ্য (Col. 1:15, ITi 1:17, 6:16), এনে এটি সত্তা যাক কেতিয়াও দেখা নাযায় (John 1:18, IJo 4:12)‌। অথচ বাইবেলৰে ভালেকেইটা চৰিত্ৰ যেনে মুচা (Ex 33:11,23), আব্ৰাহাম, জেকব (Ge. 12:7, 26:2, Ex 6:3) আদিয়ে ঈশ্বৰক দেখিছিল‌ বুলি বৰ্ণনা আছে‌। ঈশ্বৰে স্পষ্টভাৱেই বাইবেলত কৈছে— ‘you cannot see my face, for no one can see me and live’ (Ge 32:30)‌। অথচ জেকবে ঈশ্বৰক জীৱন্ত অৱস্থাত দেখিছে (Ge 32:30)‌। এইবোৰতো স্পষ্টভাৱেই স্ববিৰোধিতা‌। ঠিক একে কথাই কোৱা যায় হজৰত মহম্মদৰ ‘মিৰাজ’ৰ ক্ষেত্ৰতো‌। আৰজ আলি মাতুব্বৰে তেখেতৰ সত্যৰ সন্ধান গ্ৰন্থত লিখিছে—

“এই কথাত প্ৰায় সকলো ধৰ্মই একমত যে, ‘সৃষ্টিকৰ্তা সৰ্বত্ৰ বিৰাজমান’‌। সেইটোৱেই যদি হয় তেন্তে তেওঁৰ সান্নিধ্য লাভৰ বাবে দূৰলৈ যাব লাগে কিয়? আল্লাহতা’ল্লা সেই সময়ত হজৰত (দ:)ৰ অন্তৰত বা তেওঁৰ গৃহত, মক্কা চহৰত অথবা পৃথিৱীতেই নাছিল নেকি? পবিত্ৰ কোৰাণত আল্লাই কৈছে—‘তোমালোক য’তেই থাকা তেওঁ তোমালোকৰ লগতেই আছে।’ (চূড়া হাদিদ-৪)‌। মিৰাজ সত্য হ’লে এই আয়াতৰ স’তে তাৰ কোনো সংগতি থাকে নে?”

আকৌ দেখা যায় এটা ধৰ্মৰ ঈশ্বৰৰ স’তে আন এটা ধৰ্মৰ ঈশ্বৰৰ বিস্তৰ পাৰ্থক্য‌। এটা ধৰ্মৰ ঈশ্বৰে যদি কোৰবানি কৰিলে সুখী হয় আন এটা ধৰ্মৰ ঈশ্বৰে জীৱহত্যাক মহাপাপ বুলি গণ্য কৰে‌। এটা ধৰ্মৰ ঈশ্বৰৰ বাবে মূৰ্তি পূজা বৈধ, আন এটা ধৰ্মৰ বাবে সি মহা অপৰাধ‌। এটা ধৰ্মৰ বাবে গাহৰিৰ মাংস অখাদ্য, এটাৰ বাবে নহয়‌। এটা ধৰ্মৰ ঈশ্বৰৰ ওচৰত গোহত্যা মহাপাপ হ’লেও, আন এটা ধৰ্মৰ ঈশ্বৰৰ ওচৰত সি উৎসৱ‌। এটা ধৰ্মৰ ঈশ্বৰৰ অনুগামীসকলে দাড়ি ৰাখি পুণ্য বিচাৰিলে আন এটা ধৰ্মৰ অনুগামীয়ে বিচাৰে টিকনি ৰাখি‌। ধৰ্মগ্ৰন্থবোৰৰ বাণীবোৰক অভ্ৰান্ত বুলি ধৰি লৈ ঈশ্বৰৰ সাৰ্বজনীন সংজ্ঞা বিচাৰিবলৈ গ’লেতো মূৰৰ আটাইকেইডাল চুলি সৰাৰ সম্ভাৱনাই প্ৰবল‌। তাৰ পাছতো ধৰ্ম-দৰ্শন নিৰ্বিশেষে যিবোৰ বৈশিষ্ট্যৰে ঈশ্বৰক সচৰাচৰ মহিমামণ্ডিত কৰা হয় দেখা গৈছে যে যুক্তিৰ কষটি শিলত সেইবোৰ তেনেই ভংগুৰ‌। উদাহৰণস্বৰূপে ঈশ্বৰক পৰম দয়াময় (all-loving) আৰু সৰ্বশক্তিমান (all-powerful or omnipotent), নিখুঁত (perfect), সৰ্বজ্ঞ (omniscience) ইত্যাদি ‌বুলি কোৱা হয়‌‌। কিন্তু সৰ্বশক্তিমত্তা (omnipotence) তথা সৰ্বজ্ঞতা (omniscience) যে একেলগে প্ৰযোজ্য হ’ব নোৱাৰে সেইটো যুক্তিবাদীসকলৰ দৃষ্টিত নপৰা নহয়‌। কেৰেন ওৱেন্সে সেইটো সুন্দৰভাৱে দাঙি ধৰিছে‌—

Can omniscience God, who

Knows the future, find

The omnipotence to

Change his future mind?

কথা হ’ল, ঈশ্বৰ যদি সৰ্বজ্ঞ বা ‘অমনিছায়েণ্ট’ হয়, তেন্তে তেওঁ আগৰপৰাই জানে যে তেওঁৰ ভৱিষ্যতৰ ঘটনাত হস্তক্ষেপ কৰি তাক পৰিবৰ্তন কৰাৰ ক্ষমতা আছে‌। ভৱিষ্যৎ ঘটনা তেওঁ শেষ মুহূৰ্তত পৰিবৰ্তন কৰিবই পাৰে কাৰণ তেওঁ সৰ্বশক্তিমান, আফটাৰ অল‌। কিন্তু সমস্যা হ’ল, তেওঁ কি কৰিব বহু আগতেই জনাৰ মানে হ’ল শেষ সময়ত আকস্মিকভাৱে মত পৰিবৰ্তন কৰা তেওঁৰ পক্ষে সম্ভৱ নহয়‌। আৰু তেওঁৰ পক্ষে কিবা এটা কৰা অসম্ভৱ মানেই হ’ল তেওঁ সৰ্বশক্তিমান নহয়‌।

       ঈশ্বৰ যে সৰ্বশক্তিমান নহয়‌ সেইটো তলৰ প্ৰশ্নটোৰ সহায়ত সহজেই দেখুৱাব পাৰি—

যদি প্ৰশ্ন কৰা হয়, “ঈশ্বৰে এনে কোনো গধুৰ শিলাখণ্ড সৃষ্টি কৰিব পাৰিব নে যাক তেওঁ নিজেই দাঙিব নোৱাৰে?”এই প্ৰশ্নৰ উত্তৰ যদি ‘পাৰিব’ হয়, তাৰ মানে হ’ব ঈশ্বৰে নিজে সৃষ্টি কৰা শিল এটা নিজেই দাঙিব নোৱাৰে, ইয়াৰ মানে তেওঁ সৰ্বশক্তিমান নহয়‌। আকৌ প্ৰশ্নটোৰ উত্তৰ যদি ‘নোৱাৰে’ হয়, তাৰ মানে হয়, তেনেকুৱা শিল এটা তেওঁ তৈয়াৰ কৰিব নোৱাৰে‌। ইও প্ৰকাৰান্তৰে তেওঁৰ অক্ষমতাকেই প্ৰকাশ কৰে‌। ইয়াৰপৰা বুজা যায় যে অসীম ক্ষমতাৱান বা সৰ্বময় ক্ষমতাৰ অধিকাৰী বুলি একো নাই‌। দেখা গৈছে, মানুহৰ বাবে যিটো যৌক্তিকভাৱে অসম্ভৱ তাক ঈশ্বৰেও সৃষ্টি কৰিব নোৱাৰে‌। ঈশ্বৰে চাৰিকোণীয়া বৃত্ত আঁকিব নোৱাৰে, ঈশ্বৰে ‘বিবাহিত বেছেলৰ’ দেখুৱাব নোৱাৰে, কাৰণ এইবোৰ যৌক্তিকভাৱে অসম্ভৱ।

ঈশ্বৰ যে পৰম কৰুণাময় বা ‘অল লাভিং’ নহয়, সেইটো বুজিবলৈ ৰকেট ছাইন্টিষ্ট হোৱাৰ দৰকাৰ নাই‌। আৰজ আলি মাতুব্বৰে তেওঁৰ সত্যেৰ সন্ধানে গ্ৰন্থত কৈছে—

“কোনো ব্যক্তিয়ে যদি এজন ক্ষুধাৰ্তক অন্নদান কৰে কিন্তু আন এজন পথিকৰ বয়-বস্তু লুণ্ঠন কৰে, এজন পানীত পৰা লোকক উদ্ধাৰ কৰে, আন এজনক হত্যা কৰে অথবা এজন গৃহহীনক গৃহদান কৰি এজনৰ গৃহদাহ কৰে, তেওঁক জানো ‘দয়াময়’ বুলিব পাৰি? হয়তো তাৰ উত্তৰ হ’ব - ‘নোৱাৰি‌’। কিন্তু উপৰোক্ত কাৰ্যকলাপ সত্ত্বেও ঈশ্বৰ আখ্যায়িত হয় ‘দয়াময়’ নামেৰে‌। . . . . . . জীৱ জগতত খাদ্য-খাদক সম্পৰ্ক বিদ্যমান‌। যেতিয়া কোনো সবল প্ৰাণীয়ে দুৰ্বল প্ৰাণীক ধৰি ভক্ষণ কৰে, তেতিয়া ঈশ্বৰ খাদকৰ বাবে বাৰু দয়াময়‌। কিন্তু সেই খাদ্য প্ৰাণীটিৰ বাবে তেওঁ দয়াময় কেনেদৰে হ’ব? যেতিয়া এটা সাপে এটা ভেকুলী ধৰি লাহে লাহে গিলি থাকে, তেতিয়া তেওঁ সাপটোৰ বাবে বাৰু দয়াময়‌। কিন্তু ভেকুলীটোৰ বাবে তেওঁ নিৰ্দয় নহয় নে? পক্ষান্তৰত, তেওঁ যদি ভেকুলীটোৰ প্ৰতি সদয় হয়, তেন্তে সাপটোক অনাহাৰে মৰা নাযাব নে? . . . কাৰোবাৰ জীৱন ৰক্ষা কৰা যদি দয়াৰ কাম হয় তথা হত্যা কৰা হয় নিৰ্দয়তাৰ কাম, খাদ্য-খাদকৰ ক্ষেত্ৰত ঈশ্বৰ দয়াময়তকৈ অধিক নিৰ্দয়হে হ’ব‌। অৱশ্যে কিমানগুণ অধিক নিৰ্দয় সেইটো তেওঁৰ বাহিৰে আনে নাজানে, কাৰণ তেওঁ এটা জীৱৰ জীৱন ৰক্ষা কৰাৰ উদ্দেশ্যে অসংখ্য জীৱক হত্যা কৰি থাকে‌। কোনে জানে এজন মানুহৰ জীৱন ৰক্ষাৰ বাবে তেওঁ কিমানটা মাছ, কুকুৰা বা ছাগলী ইত্যাদি হত্যা কৰে‌? . . . কোনো কোনোৱে ভাবে, ঈশ্বৰ সদয়ো নহয়, নিৰ্দয়ো নহয়‌। তেওঁ নিৰাকাৰ, নিৰ্বিকাৰ তথা অনিৰ্বচনীয় এক সত্তা‌। যদি সেইটো নহয়, তেন্তে পৃথিৱীত শিশুমৃত্যু, অপমৃত্যু, আৰু ধুমুহা, বানপানী, মহামাৰী, ভূমিকম্প ইত্যাদি প্ৰাণহানিৰ ঘটনাবোৰৰ বাবে তেওঁৱেই দায়ী নহয় নে?”

আৰজ আলিৰ প্ৰশ্নমালাই মানৱ মনৰ অন্তহীন সংশয়বাদী চিন্তাকেই তুলি ধৰিছে সাৰ্থকভাৱে‌। গ্ৰীক দাৰ্শনিক এপিকিউৰাছে (খ্ৰী: পূ: ৩৪১-২৭০) সৰ্বপ্ৰথমে ‘আৰ্গুমেণ্ট অব এভিল’ (Argument of Evil)অৰ সহায়ত ‘ঈশ্বৰৰ অস্তিত্বৰ অসাৰতা’ দাঙি ধৰিছিল এনেদৰে—

“ঈশ্বৰে অন্যায়-অবিচাৰ-অৰাজকতা নিৰোধত ইচ্ছুক, কিন্তু অক্ষম নেকি?

তেনেহ’লে তেওঁ সৰ্বশক্তিমান নহয়‌।

তেওঁ সক্ষম, কিন্তু অনিচ্ছুক নেকি?

তেনেহ’লে তেওঁ পৰম দয়াময় নহয়, বৰং অপকাৰী সত্তা‌‌।

তেওঁ সক্ষম তথা ইচ্ছুক দুয়োটাই নেকি?

তেনেহ’লে অন্যায়-অবিচাৰ-অৰাজকতা পৃথিৱীত বিৰাজ কৰে কেনেদৰে?

তেওঁ সক্ষমো নহয় আৰু ইচ্ছুকো নহয় নেকি?

তেনেহ’লে কিয় তেওঁক অযথা ‘ঈশ্বৰ’ বুলি মতা হয়?”

অকাট্য এই যুক্তি‌। বস্তুতঃ ‘The oxford Companion to Philosophy’য়ে স্বীকাৰ কৰিছে যে সনাতন আস্তিকতাৰ বিৰুদ্ধে ‘আৰ্গুমেণ্ট অব এভিল’ বা ‘বেয়াসকলৰ যুক্তি’ সকলোতকৈ শক্তিশালী মৰণাস্ত্ৰ, যাক কোনেও আজিলৈকে ভালদৰে খণ্ডন কৰিব পৰা নাই‌। (Ted Honderich. The Oxford Composition to philosophy. Oxford university Press.USA 1995)‌। এই কথা নিঃসন্দেহে বুজা যায় যে প্লেগ মহামাৰি, খৰাং, ধুমুহা, বানপানী, ছুনামিৰ দৰে প্ৰাকৃতিক দুৰ্যোগত শত-সহস্ৰ নিৰপৰাধ নৰ-নাৰী তথা শিশুৰ মৃত্যুৰ বাবে মানুহক কোনোমতেই জগৰীয়া কৰিব পৰা নাযায়‌। এই সমস্ত অৰাজকতাই প্ৰমাণ কৰে যে ঈশ্বৰ এটি অপকাৰী সত্তা‌। কাৰণ ‘সৰ্বজ্ঞ’ ঈশ্বৰে আগৰপৰাই জানিছিল যে ছুনামিৰ ঢৌ আহি তেওঁৰ নিজৰ সন্তানসকলক হত্যা কৰিব‌, তেওঁলোকৰ আত্মীয়-স্বজন নোহোৱা কৰিব, গৃহচ্যুত কৰিব, ঘৰ-বাৰী ধ্বংস কৰি এক অশুভ তাণ্ডৱ সৃষ্টি কৰিব‌। অথচ আগৰপৰা জনা সত্ত্বেও তাক প্ৰতিৰোধ কৰাৰ ব্যৱস্থাই তেওঁ ল’ব নোৱাৰিলে‌। ইয়াৰপৰা প্ৰমাণিত হয় ঈশ্বৰ এক অক্ষম, নপুংসক সত্তাৰ বাহিৰে আৰু একো নহয়‌। পল কাৰ্জে তেওঁৰ ‘ধৰ্মীয় দাবী সম্পৰ্কে যি কাৰণে মই সংশয়বাদী’ প্ৰবন্ধৰ এটা অংশত ‘আৰ্গুমেণ্ট অব এভিল’ৰ বিষয়ে প্ৰাঞ্জল ভাষাত আলোচনা কৰিছে‌। ইয়াৰ বাহিৰেও ‘স্বাধীন ইচ্ছা, মন্দ আৰু ঈশ্বৰৰ অস্তিত্ব’ নামৰ প্ৰবন্ধত লেখক অপাৰ্থিৱে বিশ্লেষণ কৰি দেখুৱাইছে যে মানুহৰ স্বাধীন ইচ্ছা আৰু ঈশ্বৰৰ ‘সৰ্বজ্ঞতা’ আচলতে পৰস্পৰবিৰোধী‌।

মানুহৰ স্বাধীন ইচ্ছা তথা ঈশ্বৰৰ সৰ্বজ্ঞতা বা সৰ্বশক্তিমত্তা যে পৰস্পৰবিৰোধী সেইটো বহু আগতেই দেখুৱাইছে আৰজ আলি মাতুব্বৰেও‌। তেওঁ সত্যৰ সন্ধান গ্ৰন্থত বিধাতাৰ ‘সৰ্বশক্তিমত্তা’ৰ দাবী খণ্ডন কৰি লিখিছে—

“কোৱা হয় যে আল্লাহৰ অনিচ্ছাত কোনো ঘটনা নঘটে‌। আনকি গছৰ পাত এখিলাও নলৰে‌। বিশেষকৈ তেওঁৰ অনিচ্ছাত যদি কোনো ঘটনা ঘটে তেন্তে তেওঁৰ ‘সৰ্বশক্তিমান’ নামৰ সাৰ্থকতা ক’ত? আৰু যদি আল্লাৰ ইচ্ছাতেই সকলো ঘটনা ঘটে, তেন্তে জীৱৰ দোষ বা পাপ কি?”

একে কথাকে অলপ আন ধৰণেৰে কৈছে প্ৰবীৰ ঘোষে আমি কেন ঈশ্বৰে বিশ্বাস কৰি না গ্ৰন্থত—

“আল্লাহ-ঈশ্বৰ সকলোৰে নিয়ন্তা‌। সৰ্বশক্তিমান‌। তেওঁৰ ইচ্ছা অবিহনে গছৰ পাত এটিও নলৰে, মানুহৰ উশাহো নুঘূৰে‌। তেওঁ মানুহ সৃষ্টি কৰিছিল তেওঁৰেই ভজনাৰ বাবে‌। তেওঁৰেই গুণানুকীৰ্তনৰ বাবে‌। তেন্তে সমস্ত মানুহৰদ্বাৰা তেওঁৰ গুণ-কীৰ্তন কৰাব পৰা নাই কিয়? যুক্তিনিষ্ঠ মানুহবোৰে ঈশ্বৰ-আল্লাৰ গুণানুকীৰ্তন কৰাতো দূৰৰ কথা, তেওঁৰ অস্তিত্ব লৈয়েই টনাটনি আৰম্ভ কৰিছে‌। ঈশ্বৰে এইসকল যুক্তিবাদী মানুহক কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই? কিয় এইসকল হতচিৰী যোৱা মানুহৰ মুখৰপৰা ঈশ্বৰ-আল্লাৰ ভজনা বাহিৰ কৰিব পৰা নাই? তেনেহ’লে যুক্তিবাদীসকলক নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা ঈশ্বৰৰ নাই নেকি? যুক্তিবাদীসকলৰ ওচৰত ঈশ্বৰৰ সকলো কাম-কাজেই তেনেহ’লে অৰ্থশূন্য‌?”

তাৰ পাছতো ঈশ্বৰক সৰ্বশক্তিমান আৰু দয়াময় বুলি পূজা-অৰ্চনা কৰা হৈয়েই আছে‌। চলি আছে প্ৰাৰ্থনা, স্তৱ-স্তোত্ৰ, ঈশ্বৰ-বন্দনা, ঈশ্বৰ-মাহাত্ম্য‌। এইবোৰ চলি থাকিবই‌। থাকক, আপত্তি নাই‌। কিন্তু এটা সম্পূৰ্ণ পৰস্পৰবিৰোধী তথা অসংজ্ঞায়িত বিষয়ক গণিতৰ সহায়ত ভুল বুলি প্ৰমাণ কৰিবলৈ আহ্বান জনোৱাৰ আগতে জওহেৰ চাহাবে আৰু এবাৰ ভাবিলে বোধহয় ভাল হ’লহেঁতেন‌‌।

জোনাব মেজবাহউদ্দিন জওহেৰে জীৱন-মৃত্যু, আত্মা, লাইফ ফ’ৰ্চ ইত্যাদি বিষয় ভুলভাৱে অৱতাৰণা কৰি ঈশ্বৰৰ অস্তিত্বৰ চাফাই গাইছে‌। বস্ততঃ আত্মা তথা লাইফ ফ’ৰ্চ, দুয়োটাই খুবেই অবৈজ্ঞানিক শব্দ‌ আৰু বিজ্ঞানে এইবোৰৰ অস্তিত্বক স্বীকাৰ কৰাৰ বাবে কোনো তথ্য-প্ৰমাণ পোৱা নাই‌। এইবোৰ আচলতে মানুহৰ আদিম কল্পনা, অজস্ৰ মিথৰ দৰেই কিছুমান মিথ‌। প্ৰবন্ধৰ আকাৰৰ কথা মনত ৰাখি মই এই মুহূৰ্তত এই বিষয়বোৰ লৈ বিস্তাৰিত আলোচনা কৰিব খোজা নাই‌। জীৱন-মৃত্যুৰ আধুনিক ধাৰণা সংকলিত কৰি তথা আত্মাৰ অস্তিত্ব অবিহনেই কিদৰে প্ৰাণৰ কথা ব্যখ্যা কৰা যায় সেই বিষয়ে মই আৰু ফৰিদ আহমদে মিলি যোৱা বছৰ এখন কিতাপ লিখিছিলো, মহাবিশ্বে প্ৰাণ ও বুদ্ধিমত্তাৰ খোঁজে (অবসৰ, ২০০৭)‌। তাত আমি দেখুৱাইছিলো, ‘আত্মা’ তথা ‘লাইফ ফ’ৰ্চ’ বা ‘জীৱন শক্তি’ তত্ত্বৰ মূল হোতা আচলতে প্লেটোৰ ভাববাদী দৰ্শন‌। এই দৰ্শনে শিকাইছে যে প্ৰাণী বা উদ্ভিদ নহয়, কেৱলমাত্ৰ ঈশ্বৰে যেতিয়া প্ৰাণী বা উদ্ভিদ দেহত আত্মাৰ প্ৰবেশ ঘটায়, তেতিয়াই তাত জীৱনৰ লক্ষণ পৰিস্ফুট হয়‌। প্লেটোৰ এই ‘জীৱনীশক্তি তত্ত্ব’ই এৰিষ্টট’লৰ দৰ্শনৰ ৰূপ লৈ প্ৰায় দুহাজাৰ বছৰ মানৱ সভ্যতাক শাসন কৰিছিল‌। পৰৱৰ্তী পৃথিৱীৰ অধিকাংশ ধৰ্মমতেই এই দৰ্শনকে ধৰ্মৰ মূল উপজীব্য হিচাপে আত্মস্থ কৰি লৈছিল‌। সেয়েহে অধিকাংশ মানুহে আজিও আত্মাৰদ্বাৰা জীৱন-মৃত্যুৰ ব্যখ্যা কৰা প্ৰাচীন প্ৰয়াসৰপৰা মুক্তি পোৱা নাই‌। ইয়াৰ উপৰিও মোৰ এই পুথিৰ সপ্তম অধয়্যায়ত ‘আত্মা বুলি সঁচাকৈয়ে কিবা আছে নে’ প্ৰবন্ধটোত আৰু বিস্তাৰিতভাৱে আত্মাৰ অসাৰতা দেখুৱাই কৈছো—“বস্তুতঃ স্নায়ুবিজ্ঞান, মনোবিজ্ঞান, শৰীৰবিজ্ঞান, জেনেটিক্স আৰু বিবৰ্তন বিজ্ঞানৰ নতুন নতুন গৱেষণাই আত্মাক আক্ষৰিকভাৱেই ৰংগমঞ্চৰপৰা আঁতৰাই পঠাইছে‌।” একেটা অধ্যায়তে সংকলিত ফৰিদ আহমেদ অনূদিত মাইকেল শাৰমাৰৰ ‘পৰকালৰ পৰাবাস্তবতা’ প্ৰবন্ধটোতো আত্মা সম্পৰ্কীয় মিথবোৰ খণ্ডন কৰিছে‌ অত্যন্ত বলিষ্ঠভাৱে‌। আৰু সেইবাবেই যুগল-সৰ্পিলৰ (ডি এন এ) ৰহস্যভেদকাৰী নোবেল বিজয়ী বিজ্ঞানী ফ্ৰান্সিছ ক্ৰিকে কৈছে,“এজন আধুনিক স্নায়ু-জীৱবিজ্ঞানীয়ে মানুহৰ তথা অন্যান্য প্ৰাণীৰ আচৰণ ব্যখ্যা কৰিবৰ বাবে আত্মা নামৰ ধৰ্মীয় ধাৰণাৰ দ্বাৰস্থ হোৱাৰ কোনো প্ৰয়োজন বোধ নকৰে।” ১৯২১ চনত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনেও একেই ধাৰণা পোষণ কৰি কৈছিল, “দেহবিহীন আত্মাৰ ধাৰণা মোৰ বাবে একেবাৰেই অৰ্থহীন তথা অন্তঃসাৰশূন্য‌।” আগ্ৰহী পাঠকসকলে এই গ্ৰন্থৰ ষষ্ঠ আৰু সপ্তম অধ্যায়ৰ প্ৰবন্ধসমূহ আৰু এবাৰ পঢ়ি চাব পাৰে‌।

জওহেৰ চাহাবৰ এটা উক্তিৰ বিষয়ে মই ইয়াত কিছু কথা ক’ব খুজিছো‌। তেওঁ প্ৰাণৰ উদ্ভৱৰ আঁৰত ঈশ্বৰৰ হাত থকাৰ কথা ইংগিত কৰি কৈছে, “ কিন্তু বিজ্ঞানৰ এই চৰম উন্নতিৰ যুগতো লেবৰেটৰিত এমিন’ এচিড আৰু প্ৰ’টিন একেলগে মিহলাই এটি জীৱকোষ সৃষ্টি কৰিব পৰা নাই‌। মানুহৰ জ্ঞান এনেকুৱা পৰ্যায় পাইছেগৈ যে ক্ল’ন কৰি হুবহু আৰু এজন মানুহ সৃষ্টি কৰিব পাৰে‌। অতি ক্ষুদ্ৰ এটি জীৱকোষ সৃষ্টি কৰিব নোৱাৰে‌।” এই উক্তিৰ মাধ্যমত জওহেৰ চাহাবে যি কথা ক’ব বিচাৰিছে সেইটো হ’ল বিজ্ঞানৰ সীমাবদ্ধতা‌। বিজ্ঞানৰ সীমাবদ্ধতা কোনো ঈশ্বৰৰ প্ৰমাণ নহয়‌। তেওঁৰ বিতৰ্কটো এনেধৰণৰ—

০০ বিজ্ঞানে এই মুহূৰ্তত লেবৰেটৰিত প্ৰাণৰ উদ্ভৱ ঘটাব পৰা নাই‌।

০০ গতিকে প্ৰাণৰ উদ্ভৱৰ আঁৰত ঈশ্বৰৰ এটা ভূমিকা আছে‌।

এইটো খুবেই ভুল যুক্তি‌। বিজ্ঞানৰ সীমাবদ্ধতা সকলো যুগতেই আছিল, থাকিব‌। আকৌ বহু সীমাবদ্ধতা বিজ্ঞানে অতিক্ৰম কৰি আগ বাঢ়ি গৈছে‌। বিজ্ঞান স্থিৰ নহয়, গতিশীল‌। এইটো ঠিক যে প্ৰাণৰ উদ্ভৱৰ আঁৰত বিৰাজমান সৃষ্টিৰ আদি নিয়ামকবোৰৰ বহু কথাই এতিয়াও অজানা, বহুবোৰেই এই মুহূৰ্তত ব্যাখ্যাতীত, কিন্তু সেইবুলি এইটো নহয় যে তাৰ আঁৰত ঈশ্বৰ নামৰ কোনো কাল্পনিক সত্তাক আমি মানি ল’ব লাগিব‌। আজিৰ বিজ্ঞানীৰ বাবে যি কথা অজানা ভৱিষ্যতৰ বিজ্ঞানীয়ে তাৰ সমাধান কৰিব, আৰু সেই সমাধান কৰিব বিজ্ঞানক ব্যৱহাৰ কৰিয়েই‌। এইদৰেই প্ৰতিনিয়ত আমাৰ জ্ঞান আগুৱাইছে‌। বহুতেই এই কথাটো বুজিব নোখোজে‌। যেতিয়াই কোনো ৰহস্য সমাধানত তেওঁলোক ব্যৰ্থ হয়, তাৰ আঁৰত ঈশ্বৰৰ ভূমিকা কল্পনা কৰি লয়‌। যেতিয়াই আমাৰ জ্ঞান-বিজ্ঞানৰ মাজত কোনো ফাঁক দেখা পায়, তাৰ ভিতৰত ঈশ্বৰক গুঁজি দি ইয়াৰ এটা সমাধান দিয়াত সচেষ্ট হয়‌। এই ধৰণৰ আৰ্গুমেণ্টক দৰ্শনৰ পৰিভাষাত কোৱা হয় ‘গড ইন গেপছ’‌। এসময়ত যেতিয়া বিজ্ঞানে ইমান উন্নতিৰ শিখৰত উঠা নাছিল, আস্তিকসকলে তেতিয়া য’তে ত’তে ঈশ্বৰক আৱিষ্কাৰ কৰিছিল, য’তেই ৰহস্য দেখিছিল, বিজ্ঞানৰ সীমাবদ্ধতা বিচাৰি পাইছিল, তাতেই তেওঁলোকে ঈশ্বৰক পাই গৈছিল‌। কিন্তু বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে যিমানেই ফুটা-ফাটলবোৰ ভৰি পৰিছে সিমানেই তেওঁলোকৰ ঈশ্বৰে লজ্জিত হৈ নিজৰ পৰিসীমা ক্ষুদ্ৰৰপৰা ক্ষুদ্ৰতৰ কৰি পেলাইছে‌। এটা সময়ত মানুহে খোদাৰ আৰশ আৰু স্বৰ্গৰ বাবে সুকীয়া স্থান চিহ্নিত কৰিছিল‌। তাৰ মানে মানুহে মহাকাশত পৃথিৱীৰ খুব ওচৰতেই স্বৰ্গ, নৰক, খোদাৰ আসনৰ কল্পনা কৰিছিল‌। কিন্তু টেলিস্ক’প যন্ত্ৰৰ আৱিষ্কাৰৰ পাছত আৰু গেলিলিও-নিউটনৰ অৱদানৰ পাছত আৰু আকাশত খোদাৰ আৰশ বিচাৰি পোৱা নগ’ল‌। ঈশ্বৰ এইবাৰ লুকাই পৰিছে ‘বিজ্ঞানীসকলে জানো পৰীক্ষাগাৰত জীৱকোষ সৃষ্টি কৰিব পাৰিছে’ অথবা ‘মানুহে জানো মৃত্যুক জয় কৰিব পাৰিছে’ অথবা ‘বিগ বেঙৰ আগতে কি আছিল তাক জানো বিজ্ঞানে ব্যখ্যা কৰিব পাৰে’— এইধৰণৰ কিছুমান আপ্তবাক্যৰ ভিতৰত‌। বিজ্ঞানীসকলে পৰীক্ষাগাৰৰ ফ্লাস্কত জীৱকোষ সৃষ্টি কৰিব নোৱাৰিলেও ফ্লাস্কত কৃত্ৰিমভাৱে কৃত্ৰিম পৰিবেশৰ প্ৰতিৰূপ সৃষ্টি কৰি বহুদিন আগতেই দেখুৱাইছে যে, এই পৃথিৱীতেই আদিম অৱস্থাত অজৈৱ পদাৰ্থৰপৰা জীৱনৰ উৎপত্তি হৈছে আৰু সেয়া কোনো ৰহস্যজনক কাৰণৰ বাবে নহয়, কিছুমান জ্ঞাত ৰাসায়নিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে‌হে। নোবেল বিজয়ী ৰসায়নবিদ হেৰল্ড চি ইউৰে আৰু তেওঁৰ ছাত্ৰ ষ্টেনলি এল মিলাৰৰ পৰীক্ষাটো এই ক্ষেত্ৰত স্মৰ্তব্য‌। এইদৰে তেওঁলোকে উচ্চ তাপত আৰু চাপত অজৈৱ পদাৰ্থৰপৰা এমিন’ এচিডৰ সন্ধান লাভ কৰিছিল যাক জীৱনৰ ভিত্তিমূল হিচাপে বিবেচনা কৰা হয়‌। ইয়াৰ পাছতো বিজ্ঞানীসকলে এনে কোনো জীৱকোষ পৰীক্ষাগাৰত সৃষ্টি কৰিব পৰা নাই যি ফ্লাস্কৰ ভিতৰৰপৰা ওলাই আহি আমাক চমক খুৱাই দিব‌। ইয়াৰ এটা প্ৰধান কাৰণ—‘সময়’‌। জীৱকোষ সৃষ্টিৰ আঁৰত পৃথিৱীত বিবৰ্তন প্ৰক্ৰিয়া চলিছে কোটি কোটি বছৰ ধৰি‌। আৰু এই কোটি বছৰত পৃথিৱীৰ পৰিবেশ পৰিবৰ্তন হৈছে বিস্তৰভাৱে‌। যেনে, আদিম পৰিবেশত মুক্ত অক্সিজেন নাছিল, অক্সিজেনহীন বিজাৰকীয় পৰিবেশ অক্সিজেনময় জাৰকীয় আবহমণ্ডললৈ ৰূপান্তৰিত হয় আজিৰপৰা দুই বিলিয়ন বছৰৰ আগতে‌। আকৌ বৰ্তমান বিশ্বৰ বায়ুমণ্ডলত আদিম পৰিবেশৰ দৰে মিথেন আৰু এম’নিয়া নাই, তাৰ ঠাইত আছে জলীয় বাষ্প, কাৰ্বন-ডাই অক্সাইড, আণৱিক নাইট্ৰ’জেন, হাইড্ৰ’জেন আৰু প্ৰচুৰ পৰিমাণে আণৱিক অক্সিজেন‌। এই কোটি বছৰৰ সময়-প্ৰসাৰ আবহমণ্ডলৰ পৰিবৰ্তনক পৰীক্ষাগাৰৰ ফ্লাস্কৰ ভিতৰত বান্ধি ৰাখিব পৰা নাযায়‌। ক্ল’ন কৰিবলৈ কোটি কোটি বছৰ অপেক্ষাৰ অসুবিধা নাই বাবে ক্ল’ন কৰা সম্ভৱ হৈছে, কিন্তু প্ৰ’টিনয়েড, কো-এচাৰভেট, নিউক্লিক এচিড, নিউক্লিঅ’প্ৰটিন, গঠনৰ সময়সাপেক্ষ ঢাপ পাৰ হৈ আদিম জীৱকোষ বা ইউবায়োণ্ট এইকাৰণেই এতিয়াও সৃষ্টি কৰা সম্ভৱ হোৱা নাই‌। কৃত্ৰিম প্ৰাণ সৃষ্টি কৰিব নোৱাৰিলেও বিজ্ঞানীসকলে প্ৰাণ সৃষ্টিৰ বৰ ওচৰৰ অৱস্থাতে যে আছে, এই কথা নিৰ্দ্বিধায় ক’ব পাৰি‌। ৰসায়ানাগাৰত কৃত্ৰিমভাৱে ভাইৰাছ সৃষ্টি কৰাত সফল হোৱা বহুদিন হ’ল‌। প’লিঅ’ ভাইৰাছসহ দহ হাজাৰ প্ৰজাতিৰ ভাইৰাছ সৃষ্টি কৰিব পৰা গৈছে, ভাইৰাছৰ জিনম পৰ্যবেক্ষণ কৰি তথা জেনেটিক ইঞ্জিনিয়াৰিঙৰ সহায়ত‌। এটা বেক্টেৰিয়াৰপৰা আন এটা বেক্টেৰিয়ালৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়াও সফল হৈছে‌। কেৱল সেয়ে নহয়, সেই সৃষ্টিৰ পথত পোৱা গৈছে এনে কিছু তথ্য যি আমাৰ চিকিৎসা শাস্ত্ৰলৈ ৰীতিমতে বিপ্লৱ আনিছে‌। ক্ৰেগ ভেণ্টৰসহ বহু বিজ্ঞানীয়েই ভাবে যে অহা দুই বছৰমানৰ ভিতৰত আদি কোষ বা প্ৰোকেৰিয়ট আৰু দহ বছৰৰ ভিতৰতে প্ৰকৃত কোষ বা ইউকেৰিয়ট বনোৱা সম্ভব হ’ব‌। এটা সময় আহিব যেতিয়া বিজ্ঞানে এইধৰণৰ অন্তিম ৰহস্যৰ বহুখিনিয়েই সমাধান কৰি পেলাব‌, তেতিয়া এই সমস্ত গুৰুত্বপূৰ্ণ ফাঁকবোৰ আপোনাআপুনিয়েই বন্ধ হৈ পৰিব‌। তাৰ পাছতো হয়তো কিছু বিশ্বাসী মানুহ থাকিব, যিসকলে ফুটা-ফাটল বিচাৰি প্ৰশ্ন এৰি দিব—“হুঃ, প্ৰাণ বাৰু সৃষ্টি কৰিলা বোপা, পিছে সেই প্ৰাণৰ বুদ্ধি-বৃত্তিতো আমাৰ দৰে দেখা নাই‌? আমাৰ বুদ্ধিনো তোমালোকে বনোৱা প্ৰাণীটোতকৈ কিয় বেছি হ’ল— নিশ্চয় বিজ্ঞানে এইবোৰ প্ৰশ্নৰ উত্তৰ কেতিয়াও দিব নোৱাৰিব‌। সেয়ে ক্ষমা খোজা ঈশ্বৰৰ ওচৰত, নতজানু হৈ ক্ষমাভিক্ষা কৰা হে অবোধ শিশু . . .।”

মই মোৰ লেখাটো শেষ কৰিম নৈতিকতা তথা মূল্যবোধৰ বিষয়টো আৰু অলপ পৰিষ্কাৰ কৰি‌। বহুতেই সজ্ঞাতভাৱে ধৰি লয় যে ধৰ্ম নাথাকিলে সমাজ উছন যাব‌। নাস্তিক হৈ গ’লে মানুহে হত্যা-হিংসা, চুৰি-তাৰি যি ইচ্ছা কৰিব পাৰে‌। কিন্তু এইবোৰ সকলো সজ্ঞাত ধাৰণা, প্ৰমাণিত সত্য নহয়‌। মই এই গ্ৰন্থৰ পঞ্চম অধ্যায়ত ‘নৈতিকতা কেৱল স্বৰ্গলৈ যোৱাৰ পাছপ’ৰ্ট নেকি?’ প্ৰবন্ধত বহু পৰিসংখ্যা আনি দেখুৱাইছো, ধাৰ্মিক হ’লেই মানুহ সৎ নহয়, নাইবা নাস্তিক হ’লেই মানুহ পশু হৈ নাযায়‌। নৈতিকতা তথা মূল্যবোধৰ কথাবোৰ মূলতঃ নিৰ্ভৰ কৰে আৰ্থ-সামাজিক প্ৰেক্ষাপট তথা সমাজ-সাংস্কৃতিক পৰিবেশৰ ওপৰত‌। মোৰ প্ৰবন্ধটোৰ উপৰিও অপাৰ্থিব, ভিক্টৰ ষ্টেংগৰ আৰু ছেম হাৰিছে তেওঁলোকৰ নিজৰ নিজৰ প্ৰবন্ধত স্পষ্ট কৰিছে যে নৈতিকতা তথা মূল্যবোধৰ কথাবোৰ মুঠেও ঈশ্বৰপ্ৰদত্ত নহয়, তথা ধৰ্মৰপৰা উদ্ভূত নহয়‌, বৰং সমাজ বিবৰ্তনৰ ফলশ্ৰুতিতে ই মানৱ সমাজৰ ভিত্তি হিচাপে গঢ়ি উঠিছে‌। গতিকেই আমাৰ সমাজত নীতি-নৈতিকতাৰ অস্তিত্ব ঈশ্বৰ থকা বা নথকাৰ কোনো প্ৰমাণ নহয়‌। জওহেৰ চাহাবে আৰু ভাবে, পৰকালৰ অস্তিত্ব নাথাকিলে জীৱন অৰ্থহীন‌। কাৰণ এই সমাজত বহুতেই চুৰি-তাৰি, ঠগ-প্ৰৱঞ্চনা কৰি বুকু ফিন্দাই ঘূৰি ফুৰিছে‌। গতিকে তেওঁৰ মতে একমাত্ৰ ইনচাফ হ’ব পাৰে মৰাৰ পাছত ঈশ্বৰে যদি তাৰ বিচাৰ কৰে‌। কিন্তু এয়াতো দুৰ্বলৰ আৰ্তনাদ‌। মানুহৰদ্বাৰা নিৰ্মিত মানৱ সমাজৰ উদ্ভূত সমস্যাৱলীৰ কাৰণে সৃষ্ট ভুক্তভোগীসকলৰ সকলো অসুবিধাৰ সমাধান কৰাৰ বাবে বহি আছে পৰম পিতা জাতীয় কোনোবা, মোৰ আপোনাৰ সকলো সমস্যা সমাধান কৰি দিব তেওঁ, এই জীৱনত নহ’লেও অহা জন্মত‌। ঈশ্বৰে যে মানুহৰ দুৰ্বলতাক পুঁজি কৰি জীয়াই আছে সেইটো কথা ইয়াৰপৰাই বহুখিনি বুজা যায়‌। এইধৰণৰ চিন্তা বহুখিনি মদ খাই জাগতিক দুখ পাহৰি থকাৰ প্ৰচেষ্টাৰ বাহিৰে একো নহয়‌। বিখ্যাত লেখক তথা নাট্যকাৰ জৰ্জ বাৰ্নাৰ্ড শ্বয়ে সেইবাবেই কৈছিল— এয়া যেন বাস্তৱ সমস্যাৰপৰা মুখ ঘূৰাই থকাৰ তাগিদাত মদ খোৱা মাতালৰ সাময়িক পৰিতৃপ্তি—

“The fact that a believer is happier than a skeptic is no more to the point than the fact that a drunken man is happier than a sober one.”

সমাজত এচামে দুৰ্নীতি কৰি বুকু ফিন্দাই ঘূৰি ফুৰে, তাৰপৰা সমাজক মুক্ত কৰিবলৈ হ’লে মানুহেই থিয় হ’ব লাগিব তাৰ বিৰুদ্ধে‌। মানুহৰ মনতেই জগাব লাগিব সচেতনতা, সামাজিক দায়বদ্ধতা‌। তাকে নকৰি ইহকালৰ বিচাৰৰ দাবী পৰজগতলৈ ঠেলি দিয়াৰ অৰ্থই হৈছে নিজৰ স’তে আৰু সমাজৰ স’তে বঞ্চনা‌। বঞ্চনা আৰু ঈশ্বৰ যেন একেডাল সূতাৰে গঁথা‌। দৰিদ্ৰৰ দৰিদ্ৰতাৰ বাস্তৱক পাহৰাই ৰাখিবলৈ, শ্ৰমিকৰ ভাতৰ দাবীক হেঁচা মাৰি ৰাখিবলৈ, দুৰ্নীতি অব্যাহত ৰাখিবলৈ, ঈশ্বৰ নামৰ ধাৰণাটোৰ আচলতে আন কোনো সমকক্ষ নাই‌। তুমি বঞ্চিত, লাঞ্ছিত— বন্দীশাল ভঙাৰ গান কেতিয়াও নাগাবা, তাতকৈ যোৱা ঈশ্বৰৰ ওচৰত দুহাত তুলি প্ৰাৰ্থনা কৰাগৈ‌। নিশ্চয় মৰাৰ পাছত তেওঁ বিচাৰ কৰিব‌। তুমি খাবলৈ পোৱা নাই? ঈশ্বৰৰ ওচৰত নতজানু হোৱা‌। নিশ্চয় তেওঁ তোমাক বেহেস্তত নচিব কৰিব‌; আৰু তাত তুমি পাবা অফুৰন্ত খাদ্য‌। ঈশ্বৰৰ কথাৰে সাধাৰণ মানুহক পাহৰাই ৰখা হয়, তেওঁলোকক জানিবলৈ দিয়া নহয় যে সমাজত অসাম্যৰ মূল উৎসটো আচলতে ক’ত আছে‌। শাসকসকলে নিবিচাৰে যে সাধাৰণ মানুহে কুসংস্কাৰৰ পৰ্দা আঁতৰাই বুজিবলৈ শিকক— তেওঁলোকৰ অসাম্যৰ কাৰণ কোনো ভাগ্য নহয়, পূৰ্বজন্মৰ কৰ্মফল নহয়, নহয় কোনো অপদেৱতাৰ কাৰচাজি‌। শাসকসকলে বৰং এইটোহে বিচাৰে যাতে অসাম্য দূৰ কৰাৰ বাবে সাধাৰণ মানুহ পথলৈ ওলাই নাহি, যাওক মন্দিৰ-মছজিদলৈ, প্ৰাৰ্থনা আৰু দোৱাৰ নিজৰা বোৱাই দিয়ক, নতজানু হওক ঈশ্বৰ নামৰ অলীক চিন্তাৰ ওচৰত‌। ভাবি লওক, কোনো এক ভাগ্যৰ দোষত তেওঁৰ এই দুৰৱস্থা, এইবোৰ সকলো ঈশ্বৰৰ পৰীক্ষা, আৰু ঈশ্বৰেই তাৰ সমাধান কৰি দিব পৰকালত‌। এইদৰে ভাবিলে, ভবাব পাৰিলে শাসক শ্ৰেণীৰেই অন্তহীন লাভ‌। আমি নাস্তিকসকলে, ইহজাগতিক মানুহবোৰে ইহকালৰ সমস্যাবোৰ ইহকালতেই সমাধান কৰাৰ পক্ষপাতী, কোনো অলীক সত্তাৰ ওচৰত প্ৰত্যাশা জলাঞ্জলি দি নহয়‌। আৰু এইটোৱেই এতিয়া সময়ৰ দাবী‌।

Share Button
Print Friendly, PDF & Email

1 Comment : "‘আস্তিকতা বনাম নাস্তিকতা’ৰ প্ৰত্যুত্তৰত"

Leave a Comment

Your email address will not be published. Required fields are marked *