একুৰি বছৰ পাছত

অ’ হেনৰি

(অনুবাদ : কৌশিক দাস)

পুলিচজন বাটটোৰে চকুত পৰাকৈ বলিষ্ঠ খোজেৰে আগ বা‌ঢ়ি গৈ আছিল। তেনেদৰেই তেওঁ সদায় যায়। তেওঁ কিন্তু নিজকে দেখিবলৈ কেনেকুৱা লাগিছে, সেইটো ভবাই নাছিল। কাৰণ তেওঁক লক্ষ্য কৰিবলৈ বাটত অতি কম মানুহ আছিল। সময় মাত্র নিশা দহ হৈছে, কিন্তু ঠাণ্ডা বতৰ। তাতে আকৌ বতাহ আৰু কিন্‌কিনীয়া বৰষুণ।

তেওঁ থমকি ৰৈ দুৱাৰবোৰ ৰাতিটোৰ বাবে বন্ধ কৰা হৈছে নে নাই, সেইটো নিশ্চিত কৰি আগ বা‌ঢ়ি গৈ আছিল। মাজে মাজে ইফালে সিফালে নিক্ষেপ কৰিছিল সন্ধানী দৃষ্টি। তেওঁ আছিল এজন দেখনিয়াৰ, সতৰ্ক পুলিচ, শান্তিৰ ৰক্ষক।

চহৰখনৰ এই অঞ্চলৰ মানুহবোৰ সোনকালেই ঘৰলৈ ওভতে। মাজে মাজেহে দেখা যায় দুই-এখন দোকান বা ৰেষ্টুৰেন্টৰ পোহৰ। কিন্তু বেছিভাগ দোকান-পোহাৰ বহুত আগতেই বন্ধ হৈ গৈছে।

পুলিচজনে হঠাতে খোজৰ গতি কমাই দিলে। দোকান এখনৰ দুৱাৰত ভেঁজা দি এন্ধাৰত এটা মানুহ থিয় হৈ আছে। মুখত এটা নজ্বলোৱা চুৰট। পুলিচজন তাৰ ফালে আগুৱাই যাওঁতেই শান্ত স্বৰ এটাৰে মানুহটোৱে মাত লগালে।

“একো হোৱা নাই অফিচাৰ, একো হোৱা নাই”, মানুহটোৱে ক’লে। “মই এজন বন্ধুৰ কাৰণে ৰৈ আছোঁ। কুৰি বছৰ আগতে আমি ঠিক কৰিছিলোঁ যে আজি নিশা ইয়াত আমি লগ হ’ম। আপোনাৰ কথাটো আচৰিত লাগিছে, নহয় জানো? আপোনাৰ সন্দেহ দূৰ কৰিবলৈ মই কথাটো কওঁ, শুনক। প্রায় কুৰি বছৰ আগতে, এই দোকানখনৰ ঠাইত ‘বিগ জো’ নামৰ এখন ৰেষ্টুৰেন্ট আছিল। মালিকৰ নাম আছিল ব্রাডি।”

“পাঁচ বছৰ আগলৈকে সেইখন আছিল”, পুলিচজনে ক’লে।

দুৱাৰৰ কাষৰ মানুহটোৱে জুইশলাৰে চুৰটটো জ্বলালে। জুইশলাৰ পোহৰত দেখা গ’ল মানুহটোৰ শেঁতা, বৰ্গাকৃতি মুখ, উজ্জ্বল দুটা চকু আৰু সোঁ-চকুৰ কাষত এটা সৰু বগা দাগ। নেকটাইত জিলিকি উঠিল এটুকুৰা বেছ ডাঙৰ হীৰা।

“কুৰি বছৰ আগতে আজিৰ নিশাটোতে মই জিমি ওৱেলছৰ সৈতে নিশাৰ আহাৰ খাইছিলোঁ।” মানুহটোৱে কৈ গ’ল, “জিমি আছিল মোৰ সকলোতকৈ ভাল বন্ধু আৰু মোৰ বাবে পৃথিৱীৰ সকলোতকৈ ভাল মানুহ। সি আৰু মই ভাই-ককাইৰ দৰে এই নিউয়ৰ্কতেই ডাঙৰ হৈছোঁ। মোৰ বয়স তেতিয়া ওঠৰ আৰু জিমিৰ একুৰি। পাছৰদিনা পুৱাই মই কিবা ভাল কাম আৰু ডাঙৰ সাফল্যৰ সন্ধানত সুদূৰ পশ্চিমলৈ ৰাওনা হ’ব লাগিব। কিন্তু জিমিক কোনেও নিউয়ৰ্কৰপৰা উলিয়াই লৈ যাব নোৱাৰে। সি ভাবিছিল যে এইখনেই পৃথিৱীৰ সকলোতকৈ ভাল ঠাই।”

“সেই নিশাই আমি ঠিক কৰিছিলোঁ যে আমি কুৰি বছৰ পাছত ইয়াতেই আমি লগ হ’ম। তেতিয়া আমি ভাবিছিলোঁ, পাছৰ কুৰি বছৰৰ ভিতৰতেই আমি গম পাই যাম, আমি কি হ’মগৈ, আমাৰ ভাগ্য কি হ’ব।”

“বৰ ইন্টাৰেষ্টিং কথা”, পুলিচজনে ক’লে, “এইটো দেখিছোঁ লগ পোৱাৰ মাজত বৰ দীঘলীয়া সময়। পশ্চিমলৈ যোৱাৰ পাছত আপুনি আপোনাৰ বন্ধুৰ একো খবৰেই পোৱা নাছিল নেকি?”

“ওঁ। প্রথম প্রথম আমি চিঠি লিখা-লিখি কৰিছিলোঁ। কিন্তু দুই-এবছৰৰ পাছত সেয়া বন্ধ হৈ গৈছিল। পশ্চিমৰ কাণ্ড-কাৰখানাবোৰ বেলেগ একেবাৰেই, মই ইফালৰপৰা সিফাললৈ ঢপলিয়াই ফুৰিলোঁ, অতি ব্যস্ত হৈ পৰিলোঁ। কিন্তু মই জানো, জিমিয়ে যদি পাৰে, তেন্তে সি মোক ইয়াত লগ কৰিবই। তাৰ নিচিনা সত্যত চলা মানুহ আৰু কোনো নাই। সি কেতিয়াও আজিৰ কথাটো নাপাহৰে। মই হেজাৰ মাইল আঁতৰৰপৰা আহিছোঁ আজিৰ নিশাটোৰ বাবে। এতিয়া যদি মোৰ সেই পুৰণি বন্ধুটো আহি ওলায়, তেতিয়াহে মই সুখী হ’ম।”

বন্ধুলৈ ৰৈ থকা মানুহটোৱে সৰু সৰু হীৰা খটোৱা এটা সুন্দৰ ঘড়ী উলিয়ালে।

“দহ বাজিবলৈ আৰু তিনি মিনিট বাকী”, মানুহটোৱে ক’লে, “সেই নিশা আমি যেতিয়া ৰেষ্টুৰেন্টখনৰ দুৱাৰৰ কাষত ইজনে সিজনক বিদায় জনাইছিলোঁ, তেতিয়া দহ বাজিছিল।”

“পশ্চিমলৈ গৈ আপুনি বেছ সফল হ’ল, নহয় জানো?”, পুলিচজনে সুধিলে।

“সেইটো হয় ! মই ভাবোঁ, জিমি যদি মোৰ আধাও সফল হ’লহেঁতেন ! সি আছিল অলপ এলেহুৱা। মই মোৰ সফলতাৰ বাবে যুঁজ কৰিবলগীয়া হৈছে। এই নিউয়ৰ্কত মানুহ বেছি সলনি হ’ব নোৱাৰে। কিন্তু পশ্চিমত কিবা লাভ কৰিবলৈ কেনেকৈ যুঁজিব লাগে, সেইটো শিকা যায়।”

পুলিচজন দুই-এখোজ আগুৱাই গ’ল।

“ঠিক আছে, মই আগ বা‌ঢ়োঁ”, তেওঁ ক’লে। “আশা কৰোঁ, আপোনাৰ বন্ধু ঠিকেই আহিব। যদি দহ বজাত তেওঁ আহি নাপায়, তেনেহলে আপুনি গুচি যাব নেকি?”

মানুহটোৱে কলে, “নাই, নাযাওঁ। মই কমেও আধা ঘন্টা ৰ’ম ইয়াত। জিমি যদি এই পৃথিৱীত জীয়াই আছে, তেন্তে সি সেই সময়ৰ ভিতৰত আহি পাবই পাব। ঠিক আছে অফিচাৰ ! শুভৰাত্রি !”

“শুভৰাত্রি !”, এইবুলি কৈ দুৱাৰবোৰ পৰীক্ষা কৰি কৰি নিজৰ বাটত পুলিচজন আগুৱাই গ’ল।

এইবাৰ কোবাল বতাহৰ সৈতে ঠাণ্ডা বৰষুণ পৰিবলৈ ধৰিলে। যি দুই-এজন মানুহ বাটত আছিল, তেওঁলোকৰো উভতিবলৈ খৰখেদা লাগিল। মাত্র বন্ধ হৈ যোৱা দোকানখনৰ দুৱাৰত ভেঁজা দি ৰৈ থাকিল সেই মানুহটো, যি হেজাৰ মাইল পাৰ হৈ আহিছে বন্ধুক লগ পাবলৈ। তেনে প্রতীক্ষা সদায় অনিশ্চয়তাৰে ভৰা। তথাপি মানুহটো ৰৈ থাকিল।

প্রায় কুৰি মিনিট অপেক্ষা কৰাৰ পাছত ওভাৰকোট পৰিহিত এজন ওখ মানুহ খৰখেদাকৈ ওলোটা দিশৰপৰা বাটটো পাৰ হৈ পোনে পোনে অপেক্ষাৰত মানুহটোৰ ওচৰ পালেহি।

“বব হয়নে ?” দ্বিধাভৰা মাতেৰে তেওঁ সুধিলে।

“জিমি ওৱেলছ !!” ৰৈ থকা মানুহটোৱে চিঞৰি উঠিল।

“বব ! বব !!”, আগন্তুকজনে ৰৈ থকা মানুহটোৰ হাত এখন মুঠি মাৰি ধৰিলে। “তই সঁচাই আহিলি !! মই জানিছিলোঁ, তই যদি জীয়াই আছ, তেনেহ’লে তোক আজি ইয়াত লগ পামেই। পুৰণি সেই ৰেষ্টুৰেন্টখন আৰু নাই অ’, থাকিলে আজি আকৌ তাতেই খাব পাৰিলোঁহেতেন। বাৰু, পশ্চিমত তোৰ ভাল কিবা হ’লনে?”

“কি ক’বি আৰু ! পশ্চিমে মই যি বিচাৰিছিলোঁ, সকলো দিলে। তই কিন্তু বেলেগ হৈ গ’লি বহুত। তোক ইমান ওখ যেন লাগিছে !”

“ও। মই কু‌ৰিবছৰীয়া হোৱাৰ পাছতো অলপ ওখ হ’লোঁ।”

“বাৰু, বাৰু। নিউৱৰ্কত তই ঠিকেই আছনে?”

“ঠিকেই আছোঁ আৰু ! চহৰৰ বাবে কাম কৰোঁ। আহ, মই জনা এখন ঠাইলৈ যাওঁ। তাত পুৰণি দিনৰ কথা দীঘলীয়াকৈ পাতিম। ব’ল।”

মানুহ দুজনে বাহুত ধৰাধৰিকৈ বাটটোৰে আগ বা‌ঢ়ি গ’ল। পশ্চিমৰপৰা অহা মানুহটোৱে তাৰ জীৱন-কাহিনী ক’বলৈ আৰম্ভ কৰিলে। ওভাৰকোটৰ কলাৰেৰে কাণ ‌ঢকা ইজন মানুহে আগ্রহেৰে তাৰ কথা শুনি থাকিল।

বাটৰে চুক এটাত আছিল বিজুলি চাকিৰে উদ্ভাসিত এখন দোকান। যেতিয়া মানুহ দুজন সেই পোহৰ পৰা ঠাইখিনি পালেহি, তেতিয়া একে সময়তেই দুজনে ইজনে সিজনলৈ মুখ ঘূৰাই চালে।

পশ্চিমৰপৰা অহা মানুহটোৱে লগে লগে থমকি ৰৈ উচাৎ মাৰি কান্ধটো ইজন মানুহৰ হাতৰপৰা এৰুৱাই আনিলে।

“আপুনি জিমি ওৱেলছ নহয় !!”, সি চিঞৰি উঠিল। “কুৰি বছৰ বহুত সময়, কিন্তু মানুহৰ নাকৰ আকাৰ এনেকৈ সলাই দিবলৈ ইমান দীঘলো নহয় !!”

“কিন্তু কুৰি বছৰে কেতিয়াবা ভাল মানুহ এজনক সলাই বেয়া মানুহ কৰি পেলায়”, ওখ মানুহজনে ক’লে, “দহ মিনিট আগতে তোমাক গ্রেপ্তাৰ কৰা হৈছে, বব ! চিকাগো পুলিচে সন্দেহ কৰিছিল যে তুমি নিউয়ৰ্কলৈ আহিছা। সিহঁতে তোমাক বিচাৰিবলৈ আমাক কৈছিল। এতিয়া ঠাণ্ডা মানুহৰ দৰে মোৰ লগে লগে আহি থাকা। সেইটোৱেই তোমাৰ কাৰণে বুদ্ধিমানৰ কাম হ’ব। কিন্তু তোমাক কিবা এটা বস্তু দিবলৈ মোক কৈছে। এইখন চিঠি, তোমালৈ দিছে আমাৰ পুলিচ এজনে, নাম ওৱেলছ।”

পশ্চিমৰপৰা অহা মানুহটোৱে কাগজৰ সৰু টুকুৰাটো খুলিলে। সেইখন প‌ঢ়ি থাকোতে তাৰ হাতখন অলপ কঁপি উঠিল।

“বব ! মই ঠিক সময়তেই সেই ঠাইলৈ আহিছিলোঁ। তই চুৰটটো জ্বলোৱাৰ সময়ত জুইশলাৰ পোহৰত চিকাগো পুলিচে বিচাৰি থকা মুখখন দেখিলোঁ। মই তোক নিজে গ্রেপ্তাৰ কৰিবলৈ নিবিচাৰিলোঁ। সেয়ে মই গুচি আহিলোঁ আৰু কামটো কৰিবলৈ অন্য এজন পুলিচক পঠিয়াই দিলোঁ।

জিমি।”

Share Button
Print Friendly, PDF & Email

1 Comment : "একুৰি বছৰ পাছত"

Leave a Comment

Your email address will not be published. Required fields are marked *