ঐশ্বৰিক পতিৰ ভাৰ্যা

মনোৰমা দাস মেধি

মহাপুৰুষ শংকৰদেৱক সকলো অসমীয়াই কম-বেছি পৰিমাণে জানে৷ আকাশখন সদায় মূৰৰ ওপৰত থকা হেতুকে সূৰ্য, চন্দ্ৰ, ডাৱৰ বা তৰাবোৰ যিদৰে আমাৰ চকুত নপৰাকৈ থাকিব নোৱাৰে, শংকৰদেৱক জনাটোও ঠিক তেনেধৰণৰ কথা৷ আন একো নাজানিলেও আমি জানো– বাৰ বছৰ বয়সতহে শংকৰদেৱে প্ৰথম ফলি-পুথি হাতত লোৱা কথাটো, আ-কাৰ, ই-কাৰ নিশিকোতেই প্ৰথম ৰচনা কৰা ‘কৰতল কমল' কবিতাটিৰ দুই-এটা শাৰী, ভাদমহীয়া ব্ৰহ্মপুত্ৰ সাঁতুৰি ইপাৰ-সিপাৰ হোৱাৰ দুৰ্দান্ত ঘটনাটো৷ আৰু জানো, ‘পাৱে পৰি হৰি' বৰগীতটো ৰচিত হোৱাৰ সেই ৰোমাঞ্চকৰ পৰিৱেশটোৰ কথাও৷ চৰিত পুথি আৰু অসমীয়া সাহিত্যৰ বুৰঞ্জীয়ে কয় যে শংকৰদেৱে তেওঁৰ জীৱন-লীলা ছকুৰি বছৰ বয়সত সামৰিছিল৷ স্বাভাৱিক দৈৰ্ঘ্যৰ জীৱন-কালতে মানুহ কিমান ঘটনা, উপ-ঘটনা বা দুৰ্ঘটনাৰ মাজেদি আগ বাঢ়ি যায়৷ ছকুৰি বছৰ মানেতো অনেক সময়৷ কিমান সুখ-দুখ, প্ৰাপ্তি-অপ্ৰাপ্তি আৰু উত্থান-পতনৰ সাক্ষী হ'ব পাৰে এনে এটা সুদীৰ্ঘ জীৱন৷ শংকৰদেৱ আমাৰ জাতীয় জীৱনতে নক্ষত্ৰখচিত নীলাকাশৰ দৰে, যি আকাশে ক্ৰমবৰ্ধমান দিগ্বলয় হৈ আমাৰ পৃথিৱীক চুই আছে৷

শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্ম বা ধ্ৰুপদী সাহিত্যৰ কথা আজি আমি আলোচনা নকৰো৷ তেওঁৰ সংসাৰখনতেই বাৰু এভুমুকি মাৰি চাওঁচোন৷ সংসাৰ বুলিলেই পত্নীৰ ছবি এখন মনলৈ আহে৷ এগৰাকী অসাধাৰণ প্ৰতিভাধৰ ব্যক্তিৰ পত্নীৰূপে, এগৰাকী ধৰ্মগুৰুৰ পত্নীৰূপে অথবা এগৰাকী গভীৰ অনুভূতিসম্পন্ন মনীষীৰ পত্নীৰূপে শংকৰদেৱৰ পত্নীৰ স্থান বা ভূমিকা কেনে আছিল, তাকে যুকিয়াই চাবলৈ আমি চেষ্টা কৰিম৷
বিবাহপাশত শংকৰদেৱ দুবাৰ আবদ্ধ হৈছিল৷ প্ৰথমতে সূৰ্য ভূঞাৰ কন্যা সূৰ্যাৱতী আইৰ সৈতে ১৪৭০ চনত৷ সেই সময়ত সূৰ্যাৱতীৰ বয়স চৈধ্য বছৰ৷ বিয়াৰ পাছতে শংকৰদেৱে পিতৃ কুসুম্বৰ ভূঞাৰ উত্তৰাধিকাৰী হিচাপে শিৰোমণি ভূঞাৰ বিষয়বাব কান্ধ পাতি লয়৷ পোন্ধৰ বছৰ বয়সত সূৰ্যাৱতী পুষ্পিতা হ'ল৷ সোতৰ বছৰ বয়সত এটি কন্যা সন্তান উপজিল৷ নাম পালে মনুপ্ৰিয়া৷ ঘৰত মতা নাম হৰিপ্ৰিয়া৷ কেঁচুৱাটিৰ বয়স যেতিয়া ন মাহ, সূৰ্যাৱতীৰ মৃত্যু হ'ল৷
কথাগুৰুচৰিতত ভকতসকলৰ কথোপকথনত প্ৰথমা পত্নীৰ বিষয়ে এনেদৰে উল্লেখ কৰা হৈছে৷ বিবাহ, পত্নীত্ব, মাতৃত্ব আৰু মৃত্যু, আনকি কন্যা সন্তানটিৰ নামটোও৷ শংকৰদেৱৰ প্ৰথম গাৰ্হস্থ্য জীৱনৰ অংশীদাৰ এই ‘আই'গৰাকীয়ে যে ভকতসমাজৰ মাজতো যথেষ্ট গুৰুত্ব লাভ কৰিছিল, ইয়াৰপৰাই সেই কথাটো বুজিব পৰা যায়৷
এনে এটা দুৰ্যোগৰ পিছত সংসাৰৰ প্ৰতি বিৰাগ জন্মি শংকৰদেৱে তীৰ্থ ভ্ৰমণ কৰিবলৈ গ'ল৷ সুদীৰ্ঘ বাৰ বছৰ কাল তীৰ্থ দৰ্শন কৰি উভতি আহিলত, বুঢ়ীমাক খেৰসুতীয়ে দ্বিতীয় বিবাহৰ প্ৰস্তাৱ তুলি ধৰিলে৷ পোনতে শংকৰদেৱ অসন্মত হ'ল৷ কিন্তু বংশৰ জ্ঞানী-গুণী, বুঢ়া-মেথাসকলক মাতি আনি সিসকলৰ হতুৱায়ো টানি ধৰাত সন্মতি দিবলৈ বাধ্য হ'ল৷ শংকৰদেৱ তেতিয়া চৌৱন্ন বছৰীয়া৷ নতুন কইনাজনী পোন্ধৰ বছৰীয়া৷ ওঠৰ বছৰ বয়সত তেওঁ পুষ্পিতা হ'ল৷
29_MONOROMA ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যত, আনকি ৰাজৰোষত পৰিও শংকৰদেৱে কেইবাবাৰো বাসস্থান সলাবলগীয়া হৈছিল৷ তেওঁ য’লৈকে গৈছিল, তাতে সত্ৰ পাতি ধৰ্ম আৰু সাহিত্য চৰ্চাত মনোনিৱেশ কৰিছিল৷ স্বভাৱিকতে দ্বিতীয় পত্নীয়েও তেওঁৰ সহচৰী হৈ বিভিন্ন সত্ৰ চৌহদত বাস কৰিবলগীয়া হৈছিল৷ শংকৰদেৱৰ তিৰোধানৰ পিছতো এইগৰাকী আই জীয়াই আছিল৷ কথাগুৰুচৰিতত মাধৱদেৱ আৰু অন্যান্য ভকতসকল জীৱনত ঘটা কিছু ঘটনাৰ মাজত তেওঁৰ উল্লেখ পোৱা যায়৷ সত্ৰ সমাজত স-সম্ভ্ৰমে আৰু সসন্মানেৰেই তেওঁ আছিল৷ কিন্তু কথাগুৰুচৰিতত বা সাহিত্যৰ বুৰঞ্জীত তেওঁৰ নামটো আৰু পিতৃ পৰিচয় এবাৰো উল্লেখ কৰা হোৱা নাই৷ শংকৰদেৱৰ জীৱনৰ ভিত্তিত ৰচিত উপন্যাসত আৰু আন দুই-এখন পুথিত উল্লেখ থকা মতে তেওঁৰ নাম আছিল কালিন্দী আই৷ চৰিত পুথিত তেওঁৰ নামোল্লেখ নথকাৰ কাৰণ দুটা হ'ব পাৰে৷ প্ৰথমখন বিয়াৰ আয়োজন আত্মীয়-স্বজনে যথেষ্ট গুৰুত্ব আৰু আনন্দ-উলাহেৰে কৰে৷ কিন্তু দ্বিতীয় বিবাহত তুলনামূলকভাৱে সেয়া কমি যায়৷ গতিকে পাত্ৰীৰ নাম বা পিতৃ পৰিচয় গুৰুত্বহীন হৈ পৰাটো আচৰিত হ'বলগীয়া কথা নহয়৷ দ্বিতীয় কাৰণটোৰ সম্ভাৱনা এনেধৰণৰ৷ দ্বিতীয়গৰাকী আইৰ সৈতে শংকৰদেৱে যাপন কৰা যুগ্ম জীৱনতে ভক্ত-মানসত ক্ৰমে ক্ৰমে তেওঁ অৱতাৰৰূপে প্ৰতিষ্ঠিত হৈছিল৷ অৱতাৰী পুৰুষৰ মাহাত্ম্য কথনৰ উৎসাহ আৰু আগ্ৰহৰ পৰিপ্ৰেক্ষিতত হয়তোবা পত্নীৰ অৱস্থিতি একেবাৰে নিষ্প্ৰভ হৈ পৰিল৷ তেওঁ ভগৱানৰ শয্যা-সংগিনী আৰু গৃহিণী, এইটোৱেই ডাঙৰ কথা৷ সেই কথাটোৰ তুলনাত তেওঁৰ নাম বা পিতৃ পৰিচয় একে আষাৰে গৌণ বিষয়৷ চৰিত পুথিখনত বিভিন্ন ঘটনা-প্ৰসংগত কেইবাগৰাকী নাৰীৰ নাম উল্লেখ কৰা হৈছে৷ খেৰসূতী, সত্যসন্ধ্যা আদি পূজনীয়া আইসকলৰ উপৰি চন্দৰী দাসী, চাকুলী, ৰাধিকা শান্তি, মনোহৰী, সাৱতী দাসী আদিৰ নামোল্লেখৰ লগতে একোটা ঘটনাৰ সজীৱ বৰ্ণনা আমি পঢ়িবলৈ পাওঁ৷ মাথোন কালিন্দী আইহে ব্যক্তিগত নামটোৰ উল্লেখৰপৰাও বঞ্চিত হৈ ৰ'ল৷
এইগৰাকী আই আছিল নামে-কামে সকলোৰে আই৷ সন্তানে সময় মতে খোৱা-বোৱা কৰাৰ পিনে সকলো মাকে নজৰ ৰাখে৷ আমাৰ এইগৰাকী আয়েও কিমান নিষ্ঠা আৰু স্নেহেৰে মাধৱদেৱৰ খোৱা-বোৱাৰ প্ৰতি নজৰ ৰাখিছিল, তাৰে কাহিনী এটা চৰিতকাৰে বৰ্ণনা কৰিছে৷ মাধৱদেৱ আছিল একান্ত নিষ্ঠাৱান ভক্ত৷ ওৰে দিনটো নামঘৰত পাঠ-প্ৰসংগ কৰি বিয়লি পৰতহে উভতি যায়৷ পুনৰ সন্ধ্যাৰ প্ৰসংগ কালত উপস্থিত হয়হি৷ ইমান কম সময়ৰ ভিতৰত ৰান্ধি-বাঢ়ি খাই অহাটো সহজ কথা নহয়৷ শংকৰদেৱে এনেবোৰ কথালৈ মন নকৰে৷ আয়ে কিন্তু মন কৰিছিল৷ লঘোনে থকাতকৈ তেওঁলোকৰ পাগতে এমুঠি খাবই পাৰে দেখোন তেওঁ৷ পোনপটীয়াকৈ মাধৱদেৱক সোধাটো তেওঁৰ পক্ষে সম্ভৱ নহয়৷ গতিকে গিৰিয়েকৰ হতুৱাই সোধালে– আইৰ হাতৰ ৰন্ধা মাধৱদেৱে খাব নে নাখায়৷ মাধৱদেৱে ক’লে কিয় নাখাম? কিন্তু আগতে এবাৰ পাকঘৰৰ ভিতৰখন চাই ল'ব লাগিব৷ চাই দেখিলে ভিতৰৰ চুক এটাত পূজাৰ ভেটি এটা আছে৷ তাতে আছে এটা ঘট৷ তাৰ কেউফালে আমডালি, এৱাঁ সূতাৰ মালা৷ আইক এই বিষয়ে তেওঁ প্ৰশ্ন কৰিলে৷ আয়ে উত্তৰ দিলে, ‘বোলে বাপু, তোম্ৰা সুধিব নালাগে, চাইটি ছাৱা-চিতা আছে, আৰে কিবা পাৰতেহি কাৰণে থৈছো৷' [বাপু, তুমি সুধিবলগীয়াকৈ বিশেষ একো নহয়৷ চাৰিটা ল'ৰা-ছোৱালী আছে, ইহঁতৰে কিবা কুশলৰ কাৰণে থৈছো]৷ শংকৰদেৱক পূজিলেই ল'ৰা-ছোৱালীকেইটি কুশলে থাকিব বুলি ভাবিবলৈ আয়ে তেতিয়ালৈ গিৰিয়েকক ঈশ্বৰৰ অৱতাৰ বুলি গ্ৰহণ কৰা নাই৷ গতিকে ‘ঘৰ গোসাঁই'লৈ মিনতি জনাই নিতৌ চাকি এগছ জ্বলায়৷ মাধৱদেৱে ক'লে– ‘বোলে ঘৰতে পৰম ব্ৰহ্ম, তাৰা যো বিঘ্নি দূৰ কৰিব নপাৰে, এই ভোৰে দূৰ কৰিব, যাৰ দাসী ঘৰ দেউতি - এই বুলি মৰিয়াই ভাঙি, পাচি ভৰি কলাকটাতে উটালে নি৷' অৰ্থাৎ মাধৱদেৱেই গুৰুপত্নীক সৰ্বপ্ৰথমে ক'লে, শংকৰদেৱেই পৰম ব্ৰহ্মৰ অৱতাৰ৷ তেওঁ মানুহ নহয়৷ মানুহৰ ভাগ্য নিয়ন্তা ঐশ্বৰিক সত্তা৷ ঘটনাটোৱে স্পষ্ট কৰি দিয়ে যে মাধৱদেৱেই পতি-পত্নীহালৰ মনত পোন প্ৰথমে ভগৱানত্ব আৰু ভক্তত্ব আৰোপ কৰিছিল৷
অৱশ্যে শংকৰদেৱেও ‘ঘৰ দেৱতা'ক পূজা কৰা কথাটো ভাল পোৱা নাছিল৷ ‘গুৰু বোলে, আমি ক'লে নলয়, এতিয়া পাইছে কাজীএ৷'
তাৰ পিছত মাধৱদেৱৰ নিৰ্দেশ অনুসৰি আয়ে পুৰণা চৰু আঁতৰাই খাৰ টেঙাৰে স্নান কৰি, শুদ্ধ বস্ত্ৰ পৰিধান কৰাৰ পিছত উপবাস কৰিলে৷ এতিয়া তেওঁ নতুন চৰুত চাউল সিজাব৷ মাধৱদেৱ ভিতৰলৈ গ'ল৷ আয়ে তেওঁৰ ভৰিত মূৰ থৈ সেৱা জনাই ক'লে, বাপু, সূৰ্যক কুঁৱলীয়ে আৰু জুইক ছাইয়ে ঢাকি ৰখাৰ নিচিনাকৈ মোৰ চকু মায়াই ঢাকি ৰাখিছিল৷ তুমিহে সেই ঢাকনি আঁতৰাই আজি দিব্য অঞ্জন সানি দিলা৷
শংকৰদেৱেই ঈশ্বৰ আৰু তেওঁৰ পত্নীয়েই লক্ষ্মী বুলি লক্ষ্মীস্বৰূপা আইক কৈ স্বামীক কি বুলি সম্বোধন কৰিব, তাকো শিকাইছে মাধৱদেৱে৷ ‘মোৰ গুৰুজনক কি বুলি মানিছা? বোলে স্বামী বুলি৷
বোলে তাৰা পূৰ্ণ ঈশ্বৰৰো যশ, তুমি লক্ষ্মী৷ আৰু মাতা কি বুলি? বোলে ৰমানন্দ বাপ বুলি বা হৰিচৰণ বাপ বুলি৷ বোলে সামান্য লোকৰহে ই সমন্ধ‌। বৈকুণ্ঠৰ বস্তু আমাৰ গোসাঁই বুলিবা‌।'
অকল সেয়ে নহয়, নিশা শংকৰদেৱৰ সৈতে পত্নীয়ে কেনেভাৱে শয়ন কৰিব, তাৰো দিহা দিছে৷
‘শয়ন কৰা কেনেকৈ৷ বোলে এক শয্যা পাটি গাৰুএ৷ বোলে তেনেকৈ কৰা নাযাবা৷ নাভিৰ সমে মাথা থৈ কৰিবা, সেৱাকৈ শুবা, ধূলা লৈ উঠিবা, এতিয়া চাউল সিজাক গৈ৷'
এইখিনি নিয়ম-নীতি পালন কৰিবলৈ সংকল্প লোৱাৰ পিছতহে আয়ে ৰন্ধা আহাৰ মাধৱদেৱৰ পক্ষে গ্ৰহণযোগ্য হৈ উঠিল৷
‘দুয়োজনা গুৰু আনন্দ মুখে ভোজন কৈলে৷ বসি মুখ শুদ্ধি কৈ বোলে বাপ, আপোনাৰ বাক্যে এসন্ধ্যা ভোজন কৈলো৷ গুৰু পত্নী অৰ্দ্ধশৰীৰ আপুনাৰ৷ আৰু বোলা নাযাব, অপৰাধ হয়৷' অৰ্থাৎ গুৰু পত্নী মানেই হ'ল গুৰুজনৰ শৰীৰৰ অৰ্ধাংশ৷ গতিকে মাধৱদেৱৰ পূজ্যা৷ তেওঁ শ্ৰম কৰি ৰান্ধিব আৰু মাধৱদেৱে খাব, এইটো সদায় ঘটিলে মাধৱদেৱক দোষে চুব৷
এইটো বাৰু উচিত কথাকে ক'লে মাধৱদেৱে৷ কিন্তু যিভাৱে পতিক সম্বোধন কৰিবলৈ আৰু পতিৰ সৈতে শয়ন কৰিবলৈ তেওঁ নিৰ্দেশ দিলে, সেই নিৰ্দেশেই পত্নীৰপৰা শংকৰদেৱক আঁজুৰি আঁতৰাই নিনিলে নে বাৰু? শংকৰদেৱ আইৰ গিৰিয়েক নহয়, ভগৱানহে৷ আই সেই ভগৱানৰ সেৱিকা বা দাসী মাথোন৷ ইয়াতে খাটাং হৈ গ'ল প্ৰভু-ভৃত্যৰ সম্পৰ্কটো৷ প্ৰভুৰ সদায়ে ভৃত্যৰ ওপৰত অধিকাৰ থাকে৷ কিন্তু ভৃত্যৰ কেতিয়াও প্ৰভুৰ ওপৰত কোনো অধিকাৰ থাকিব নোৱাৰে৷ দেখা গ'ল, গৃহিণী হিচাপে আইৰ যিখিনি মৰ্যাদা আছিল, মাধৱদেৱৰ নীতি-নিৰ্দেশনাত সেইখিনি মৰ্যাদাও অৱনমিত হৈ পৰিল৷
এই লৈ আইৰ কিন্তু আক্ষেপ বা মনোকষ্ট নাই৷ মাধৱদেৱ বিজ্ঞজন৷ তেওঁ যি কৈছে, সেয়ে সত্য৷ শংকৰদেৱক তেওঁ চিনি পোৱা নাছিল, মাধৱদেৱে তেওঁৰ চকু মুকলি কৰি চিনাই দিছে৷ এনেহেন বিজ্ঞজনলৈ যদিহে জীয়েক বিষ্ণুপ্ৰিয়াক বিয়া দিয়া যায়, বৰ ভাল হ'ব৷ গুৰুজনাৰ আগত তেওঁ কথাটো উলিয়ালে৷ গুৰুৱে প্ৰস্তাৱটো দিবলৈ মুখ মেলাৰ লগে লগে মাধৱদেৱে গৰ্ভহে দেখিলে যেন৷ গুৰু পাছদিনা সুধিলে, ‘বোলে এখানি বাক্য বুলিব খোজো৷ কৰা কি নকৰা? বোলে বাপ, সবেখানি কৰা যাব, এটিহে ৰাখিব নাপাৰিম৷ জীৱনৰ কুশলৰ হেতুহে আপুনাক গুৰু মনা হৈছে৷ মায়াময় বিষয়, পশু পক্ষী শৰীৰতো পায়, আৰ লাগি আশা ভৰষা কৰা নাই বাপ৷'
শংকৰদেৱে তাৰ পিছতো ক'লে, ‘বোলে বৰাৰ পো, গড় বান্ধি যুঁজিলে সজ, প্ৰাণৰ সংশয় নাই৷ বিনাগড়ে যুঁজিলে ভয়৷ বোলে বাপ, গড় বান্ধি যুঁজাক একা ক্ষেত্ৰীয় বোলে কোনে? বিনাগড়ে যুঁজিলেহে যুঁজাৰু৷ তযু কথামৃত পান কৈ পদশ্বেত ছত্ৰ ছায়াত জিৰাও দিনা চাৰি৷ বিষয় বিষ-বহ্নিত নেপেলাব ঠেলি৷’
এই কথাখিনি শুনাৰ পাছত শংকৰদেৱেও উজান দিলে৷ মাধৱদেৱক যদি তেওঁ আগতে লগ পালেহেঁতেন, ৰামানন্দৰ মাকক তেৱোঁ বিয়া নকৰালেহেঁতেন৷ তথাপি যি হ'বৰ হ'ল, এতিয়াও গৃহ অন্ধকূপত প্ৰাণত্যাগ কৰা নাযাব৷
মাধৱদেৱৰ প্ৰত্যাখ্যানত ছোৱালীৰ মাক হিচাপে আইৰ সন্মানবোধ নিশ্চয় অলপ হ'লেও আহত হৈছিল৷ কিন্তু অলপ গমি চালেই বুজা যায়৷ শংকৰদেৱৰ কথাখিনিয়ে তেওঁক আৰু বেছি আঘাত কৰিছিল। তেওঁ যাৰ পত্নী, যাৰ চাৰিটাকৈ সন্তানৰ গৰ্ভধাৰিণী, একান্ত বাধ্য গৃহিণী, তেৱেঁই যেতিয়া তৃতীয় ব্যক্তিৰ সন্মুখত এই স্বীকাৰোক্তি দিলে, অৰ্ধাংগিনী আই এক অবাঞ্ছিত জঞ্জালত নিমিষতে পৰিণত নহ'ল নে বাৰু?
মনোকষ্ট পত্নী হিচাপেও, মাতৃ হিচাপেও৷ তেওঁ আশা কৰিছিল, যদিহে বিষ্ণুপ্ৰিয়াই মাজে-সময়ে মাধৱদেৱৰ আলপৈচান ধৰে, নিশ্চয় এদিন নহয় এদিন কন্যাটিৰ প্ৰতি তেওঁ আকৃষ্ট হ'বই৷ তাকে কৰিবলৈ যাওঁতে ফল কিন্তু হিতে বিপৰীতহে হ'ল৷ মাধৱদেৱে তাইক কান্ধত তুলি ঘৰত থৈ গ'লহি৷ লগতে এই কথাও কৈ গ'ল যে গুৰু কন্যা হিচাপে বিষ্ণুপ্ৰিয়া তেওঁৰ পূজনীয়া৷
বিষ্ণুপ্ৰিয়া আছিল অতি ৰূপৱতী৷ শংকৰদেৱে ভাবিলে যে এই ৰূপেই মায়া শক্তি সঞ্চাৰ কৰি তাইৰ মনত অহং ভাবৰ জন্ম দিব৷ গতিকে ইয়াক শেষ কৰাই উচিত৷ ভক্ত চৰিতকাৰৰ ভাষাত, ‘এই বুলি বোলে আপী বস্তু এটি দে মোক৷ বোলে আতা কি বস্তু? বোলে তোমাৰ ৰূপটি দিয়া বুলি হস্ত পাতিলে৷ আপীও আতা দিছো বুলি দিলে৷ দুই হাত মোহাৰি পেলালে৷ তাৰে পৰা শ্ৰীটো হত হৈ শুকাই-খীণাই গৈ কুমাৰকুছিত শয্যাতে চলিছে৷'
ভক্তসকলৰ মনত ইতিমধ্যে শংকৰদেৱ ঈশ্বৰৰূপে অধিষ্ঠিত৷ গতিকে শংকৰদেৱৰ তিৰোধানৰ পিছত চৰিত চৰ্চা কৰাটো যেতিয়া চৈধ্য প্ৰসংগৰ অন্তৰ্গত হৈ উঠিল, তেতিয়া ঐশ্বৰিক মহিমাৰে মণ্ডিত কৰি নিজৰ হাতদুখন মোহৰিয়েই জীয়েকৰ ৰূপ হৰণ কৰা বুলি নিজে নিজক পতিয়ন নিয়াইছে৷ ঘটনাটো মানৱোচিত দৃষ্টিৰেও চাব পৰা যায়৷ ‘হাত মোহাৰি' কাৰ্যটো কটূক্তি বা বিৰক্তি প্ৰকাশৰ নামান্তৰ নহয়তো? ৰূপহী জীয়েক৷ যাক সুপাত্ৰ বুলি প্ৰস্তাৱ দিছিল, তেওঁৰদ্বাৰা উপেক্ষিতা৷ এজনক পতিজ্ঞান কৰাৰ পিছত দ্বিতীয় কাৰোবাৰ বাবে অযোগ্য পৰিগণিতা৷ ইপিনে ভৰপূৰ যৌৱন কাল৷ এনেকুৱা বিষয় জঞ্জাল সহিবলৈ হ'লে কন্যাটিৰ পিতৃয়ে হৰিকথাত মনোনিবেশ কৰিবই বা কেনেকৈ? সেইধৰণৰ বিৰুদ্ধ পৰিৱেশত পিতৃৰ এষাৰ বিৰাগ-ব্যঞ্জিত কথাই হতাশ কৰি পেলোৱাটো একো অসম্ভৱ কথা নহয়৷ চৰিতকাৰৰ ভাষাত তাই ‘শয্যাতে চলিল৷' অৰ্থাৎ বিছনাত শুই থাকোতেই মৰণে আঁকোৱালি ল'লে৷ হয়তোবা তাই নিজকে কোঁচাই আনিলে আশা-আকাংক্ষা, মায়া-মমতা আৰু খোৱা-পিয়াৰপৰাও৷ শয্যাতে পৰি থাকিল, শেষ হৈয়ো গ'ল শয্যাতে৷
জীয়েকৰ অকাল মৃত্যুত আইৰ মানসিক ক্ৰিয়া বা প্ৰতিক্ৰিয়াৰ কথা চৰিত পুথিত লিখা নাই৷ লিখাৰ কথাও নহয়৷ আই যদিহে গুৰুজনাৰ অৰ্ধশৰীৰ, তেন্তে তেৱোঁ সামান্য মানৱী নহয়৷ অসামান্যা লক্ষ্মী দেৱী৷ মানুহৰ মনতহে শোক, দুখ, আক্ষেপ, অভিমান থাকে৷ দেৱীৰ মনত নাথাকে৷ সেইবাবে ভক্তসমাজে তেওঁক একাষৰীয়াকৈ থৈ শংকৰ-মাধৱৰ লীলা বৰ্ণনাত অগ্ৰসৰ হ'ল৷
বৰাপো মাধৱদেৱৰ প্ৰতি শংকৰদেৱৰ ইমান আস্থা আৰু নিৰ্ভৰশীলতা দেখি দেখি চিন্তিত হৈ আয়ে এদিন ক'লে– ‘তোম্ৰাৰ বৰপোত বিশ্বাস, স্নেহ আদৰ-সাদৰ৷ আমাত, পুত্ৰ, ভাতৃ কাতো নাই, চালো৷ আৰু বিত্তখানিও দি থৈ ভাঙি-ছিঙি ঢুকাই নিছে৷ তিনটি ছয়া ছোটা৷ আগলৈ নালাগে যেন৷'
ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ শংকৰদেৱে এদিন এটা ভাও জুৰিলে৷ আমন- জিমনকৈ বাহিৰতে তেওঁ বহি আছে৷ আয়ে গা ধুবলৈ সোঁৱৰাই দিলে৷ শংকৰদেৱে তেতিয়া ক'লে যে দামুৰি এটাক কোবাওঁতে মৰি থাকিল৷ এতিয়া কি কৰা যায়? আয়ে ক'লে প্ৰথমে পৰাচিত হ'ব লাগিব৷ তাৰ পিছতহে ঘৰত সোমাব পাৰিব৷ মাধৱদেৱকো শংকৰদেৱে একেখিনি কথাকে ক'লত তেওঁ গো বধৰ পাপখিনি নিজে গা পাতি ল'বলৈ সাজু হ'ল৷ এই কথাৰেই শংকৰদেৱে প্ৰমাণ কৰি দেখুৱালে যে আটাইতকৈ বৰাপো তেওঁৰ বাবে বেছি আপোন৷
এনে কথা-বাৰ্তাবোৰ চৰ্চা কৰি ভক্তসমাজে স্বাভাৱিকতে নিৰ্মল আনন্দ অনুভৱ কৰে৷ কিন্তু আইৰ মনটোৰ অৱস্থা অনুভৱ কৰিবলৈ যদি চেষ্টা কৰা যায়, তেনেহ'লে বুজা যায় যে পত্নী হৈয়ো শংকৰদেৱৰ সংসাৰ আৰু সমাজখনত তেওঁ বাবে বাৰে লঘু হ'বলগীয়া হৈছিল৷ এনে লঘু স্থানৰ অৱমাননা সহিব পৰা যায় নিজকে দাসী বা সেৱিকা বুলি মনে-চিতে মানি ল'ব পাৰিলেহে৷ আয়েও নিশ্চয় তেনেকৈয়ে সহিছিল৷
বৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শগত ভিত্তিটোৱেই আছিল ভক্তিবাদ৷ ভক্তি ভাবৰপৰাই সৃষ্টি হৈছে পাঁচ প্ৰকাৰৰ ভক্তি ৰসৰ৷ শান্ত, দাস্য, সখ্য, বাৎসল্য আৰু মধুৰ ৰস৷ কথাগুৰুচৰিতত বৰ্ণিত শংকৰদেৱৰ সাংসাৰিক জীৱনতো ব্যাপ্ত হৈ পৰিছে ভক্তি ৰস৷ এই ভক্তি দাস্য ভাব-সম্ভূত৷ ভক্তসমাজে নিজেও নিজক দাস বুলি মানি লৈছে৷ পত্নীৰ স্থান আৰু তলত৷ দাসৰ দাসী৷ মাধৱদেৱে যদিও এবাৰ কৈছে যে গুৰুপত্নী গুৰুজনাৰ শৰীৰৰ অৰ্ধাংশ বুলি, তাৰ পিছতো যিবোৰ নীতি-নিৰ্দেশনা আইক দিছে আৰু মানিবলৈ বাধ্য কৰিছে, প্ৰভু বা প্ৰভুৰ ঘনিষ্ঠ অনুচৰে দাসীক দিয়া নিৰ্দেশনা যেনেই অনুভৱ নহয় জানো? ভক্তি ভাবক শান্ত, সখ্য বা মধুৰ ৰসত সিক্ত কৰি তোলাহেঁতেন, আইৰ সংসাৰিক আৰু সামাজিক আৱস্থিতিও নিশ্চয় কিছু সম্ভ্ৰমযুক্ত হৈ উঠিলহেঁতেন৷
শংকৰদেৱ যুগ নায়ক৷ পৰম প্ৰতিভাধৰ অসামান্য মানুহ৷ তেওঁ সমগ্ৰ জাতিটোৰে মুক্তিৰ পথ ৰচনা কৰিছে৷ এই সকলোখিনি কথা মানি লোৱাৰ পিছতো মনত অকণমান খোকোজা ৰৈ যায়৷ সাহিত্যিকৰূপে তেওঁ ৰুক্মিণী, সীতা, সত্যভামা, শচী, শশীপ্ৰভা আদি নাৰী চৰিত্ৰসমূহৰ হৃদয় অনুধাৱন কৰিবসৈ প্ৰয়াস কৰিছে৷ কিন্তু নিজৰ পত্নীৰ হৃদয়খন তেওঁ বুজিছিল নে বাৰু? অথবা, বুজি চাবলৈ আহৰি পাইছিল নে বাৰু?

প্ৰসংগ পুথি :

১. কথা গুৰু চৰিত, উপেন্দ্ৰ চন্দ্ৰ লেখাৰু সম্পাদিত

২. বৈষ্ণৱবাদৰপৰা মায়ামৰীয়া বিদ্ৰোহলৈ, ড অমলেন্দু গুহ
৩. অসমীয়া সাহিত্যৰ ৰূপৰেখা, ড মহেশ্বৰ নেওগ
৪. অভিনৱ নাৰীৰ সন্ধানত আৰু অন্যান্য প্ৰবন্ধ, অৰ্পণা মহন্ত
৫. মোৱামৰীয়া গণ অভ্যুত্থান, ধ্ৰুৱজ্যোতি বৰা
৬. বৈষ্ণৱী পদাৱলী, কলকাতা বিশ্ববিদ্যালয়ৰদ্বাৰা প্ৰকাশিত

প্ৰৱন্ধটো ইতিপূৰ্বে 'দামল' আলোচনীৰ দশম বছৰ, চতুৰ্থ সংখ্যা‌ (জুলাই-আগষ্ট, ২০০৫)‌ত প্ৰকাশিত‌। প্ৰৱন্ধটো আমাৰ অন-লাইন আলোচনীত পুনৰ প্ৰকাশৰ অনুমতি দিয়াৰ বাবে লেখিকা মনোৰমা দাস মেধি আৰু 'দামল'ৰ সম্পাদক ৰাজেন কলিতালৈ ধন্যবাদ জনালো‌।

Share Button
Print Friendly, PDF & Email

1 Comment : "ঐশ্বৰিক পতিৰ ভাৰ্যা"

  1. Nalini kumar adhikary

    বৰ সুন্দৰ চিন্তাৰে গুৰুজনাৰ লগতে অসমীয়া
    নাৰী সকলৰ সমাজত কেনেকুৱা স্থান সম্পৰ্কে
    আলোচিত হব বুলি আশা ৰাখিছো ।

Leave a Comment

Your email address will not be published. Required fields are marked *