কথক নৃত্য আৰু ভাৰতীয় সংস্কৃতি

সুদৰ্শন বৰবড়া

     উত্তৰ ভাৰতৰ প্ৰায়বোৰ নৃত্যকলাৰ ভিতৰত কথকৰ জনপ্ৰিয়তা সকলোতকৈ বেছি। কথক উত্তৰ প্ৰদেশ, ৰাজস্থান,পাঞ্জাব,মধ্য প্ৰদেশৰ বুণ্ডেলখাণ্ড আদি ঠাইবোৰৰ জাতীয় নৃত্যকলা হিচাপে পৰিগণিত। কথক এটা প্ৰাচীন বৈশিষ্ট্যময় শাস্ত্ৰীয় নৃত্যকলা। প্ৰায় ছশ বছৰ পূৰ্বৰপৰা এই নৃত্যকলা ধৰ্মীয় আৰু আধ্যাত্মিকতাৰ মূল উৎস হিচাপে সমগ্ৰ উত্তৰ ভাৰতত প্ৰৱৰ্তিত হৈ আহিছে। ‘কথক’নামৰ এটা প্ৰাচীন সম্প্ৰদায়ৰ মাজত ইয়াৰ আদিম সৃষ্টি। প্ৰাচীন কালত ‘কথক’সকলে প্ৰচলিত প্ৰথা অনুযায়ী তেওঁলোকে নিজকে মন্দিৰৰ সেৱাত আত্মনিয়োগ কৰিছিল। তেওঁলোকে ধৰ্মীয় গ্ৰন্থৰ নীতিমূলক আখ্যানবোৰ পাঠ বা বাখ্যা কৰাত অভিজ্ঞ। কথকৰ সংজ্ঞা (ত্ৰি+কথ+নক)বক্তা,কথোপজীৱী,ভাগৱত,পুৰাণ আদি শাস্ত্ৰ বক্তা, পাঠক। বাল্মীকি ৰামায়ণত কথকসকল এটা বিশেষ জাতি, যিসকলে ধৰ্মীয় কাহিনীবোৰ কয় বা পাঠ কৰে বুলি উল্লেখ আছে। হিন্দী ৰামায়ণ প্ৰণেতা কবি তুলসীদাসৰ বিনয় পত্ৰিকা নামৰ গ্ৰন্থত কথকসকলৰ বাকপটুতা আৰু কথকৰ নৃত্য পদ্ধতিৰ বিষয়ে বহল আলোচনা আছে।

     মধ্যযুগত বৈষ্ণৱ ধৰ্ম পুনৰুত্থানৰ লগে লগে প্ৰাচীন ভাৰতীয় কাব্য,গীত,নৃত্য আৰু নাটিকাই ক্ৰমশঃ বিকাশ লাভ কৰে। প্ৰাচীন ধৰ্মীয় গ্ৰন্থত থকা ৰাধা-কৃষ্ণ আদি কাহিনীবোৰ নৃত্যৰ মাধ্যমেৰে দাঙি ধৰা হয়। কথক নৃত্যৰ মূল উপকৰণসমূহ ভৰত মুনিৰ নাট্য শাস্ত্ৰৰপৰা আহৰণ কৰা বুলি পণ্ডিতসকলে মত প্ৰকাশ কৰে। কথকসকলৰ বাহিৰেও পৰৱৰ্তী কালছোৱাত কুৰতৰ্থ্য,দধি,নটুৱা,চৰণ,কালাৱন্ত ৰসধাৰী আদি ভালেমান সম্প্ৰদায়ৰ বিশিষ্ট কলাকুশলীসকলে কথকৰ নৃত্যপদ্ধতি,কলাকৌশল আদি বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায়।

8_SUDARSAN_kathak1     খ্ৰীঃ ১১শ শতিকাত উত্তৰ ভাৰতত বিদেশী শক্তিৰ আক্ৰমণ তথা অনুশাসনৰ কাৰণে সমগ্ৰ অঞ্চলটোত কলা-সংস্কৃতিৰ অনুশীলন কিছু কালৰ বাবে নিষ্ক্ৰিয় হৈ পৰে। খ্ৰীঃ ১৩শ শতিকাৰ পিছৰপৰা এটা মিশ্ৰ সংস্কৃতি নতুন ৰূপলৈ ৰূপান্তৰিত হয়। বিশেষকৈ মুছলমানসকল ভাৰতলৈ অহাৰ পিছত ভাৰতীয় কলা-সংস্কৃতিয়ে নতুন ধাৰাত গঢ় লয়। তেওঁলোকে পাৰ্চী সংগীতৰ লগত সংমিশ্ৰণ কৰি ভাৰতীয় সংগীতক নতুন ৰূপত অৱতীৰ্ণ কৰে। সেইদৰে উত্তৰ ভাৰতৰ পৰম্পৰা কথক নৃত্যকলাই নতুন আৰ্হিত গঢ় লৈ যুগান্তৰৰ বুকুত গৌৰৱময় ইতিহাস ৰচনা কৰে। কথক নৃত্য পূৰ্বতে মন্দিৰৰ ভিতৰত আবদ্ধ থাকিলেও পিছত ১৮শ শতিকাত মোগল ৰজাসকলৰ মহাৰজা আৰু সম্ভ্ৰান্ত পৰিয়ালৰদ্বাৰা প্ৰভাৱিত হ’লেও,কথকৰ মৌলিক পৱিত্ৰতা বিচ্ছিন্ন নোহোৱাকৈ,স্বকীয় পৰম্পৰা নৃত্যপদ্ধতি আৰু ধৰ্মনিৰপেক্ষতা ৰক্ষা কৰিবলৈ সমৰ্থ হয়।

     কথক নৃত্য আৰু নৃত্যৰ পদ্ধতিৰে সমৃদ্ধ ইয়াৰ আৰম্ভণি কীৰ্তন আৰু ধ্ৰুপদ, তাৰ পিছত ক্ৰমে হৰিধামৰ পদ আৰু ভজন। পিছত মুছলমানসকলৰ প্ৰভাৱত কথক নৃত্য, ঠুমৰি,দাদৰা আৰু গজলৰ ওপৰত প্ৰৱৰ্তিত হয়। কথকৰ প্ৰকাশভংগী সম্পূৰ্ণ গট-ভাব, তালৰ ওপৰত নিৰ্ভৰ কৰে। কথক নৃত্যৰ আন এটা দিশ হ’ল ‘নায়িকাৱেদ’গট-ভাব। নৃত্যশিল্পীয়ে যিকোনো শব্দ বা গীতৰ ওপৰত ভিত্তি কৰি পৰিৱেশন নকৰে,শিল্পীগৰাকীয়ে এটা বিষয় কেন্দ্ৰ কৰি ভাবৰ ওপৰত নিৰ্ভৰ কৰি নৃত্য পৰিৱেশন কৰে। কথকৰ নৃত্যভংগী, মুদ্ৰা আদি ভাৰত নাট্যম বা কথাকলিৰ দৰে সৰহসংখ্যক নহ’লেও,ইয়াৰ কাব্য অলংকাৰ আৰু ছন্দ মাধুৰ্য অতি প্ৰাঞ্জল, ৰসসিক্ত।

     মোগল ৰজাসকলৰ ৰাজত্বকালত ধ্ৰুপদ আৰু খেয়ালে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে। সেই কালত সংগীতজ্ঞসকলে স্বৰ বিন্যাসৰ মাধ্যমেৰে খেয়ালৰ লগত স্বৰবোল,তানবোল আৰু তুকুৰা,পৰণ আদি সংযোগ কৰি কথক নৃত্যকলাক নতুন ৰূপত ৰূপায়ণ কৰে। পৰৱৰ্তী কালছোৱাত ক্ৰমে নৃত্যৰ লগত কাব্য সংযোগ হয়। সংগীতজ্ঞসকলৰ মতে উত্তৰ ভাৰতীয় সংগীত,ঠুমৰি,ভজন আৰু গজল,দক্ষিণ ভাৰতীয় বা কৰ্ণাটকী সংগীত গদম আৰু যাভালীৰ একে আৰ্হিৰ,ঠুমৰি সংগীতজ্ঞসকলৰ আপোন সৃষ্টি আৰু স্বৰ বিন্যাসৰ গভীৰ সাধনাৰ ফল। ঠুমৰি গায়কে নিজৰ সাধনাৰে ৰাগ সৃষ্টি কৰি কাব্যিক মধুৰতা বঢ়ায়। সেইদৰে নৃত্যৰ মধুৰতা কাব্যিক মধুৰতাৰ ওপৰত নিৰ্ভৰ কৰে।

     কথক নৃত্যৰ কাৰণে আয়তক্ষেত্ৰ আকাৰত একোখন সুসজ্জিত মঞ্চৰ প্ৰয়োজন। নৃত্য শিল্পীগৰাকীয়ে মাৰ্জিতভাৱে মঞ্চত আত্মপ্ৰকাশ কৰে, প্ৰথমতে দেহৰ অংগ-প্ৰত্যংগৰ বিভিন্ন ভংগীৰে নৃত্যৰ তৰংগ সৃষ্টি কৰে। দেহৰ ভৰ এটা ভৰিৰ ওপৰত আলাসত ৰাখি শামপদ আৰ্হিত আৰু আনটো ঊৰ্ধ্বজানু ভংগীত নৃত্য আৰম্ভ কৰে। নৃত্য শিল্পীয়ে আঁঠু সংকুচিত বা ভৰি কাষৰ ফালে বহলাই মেলি নৃত্য কৰা নিষেধ, অৱশ্যে নৃত্যৰতা অৱস্থাত কেতিয়াবা কাষৰ ফালে সামান্য ভৰি মেলি নৃত্য কৰা দোষণীয় নহয়। সন্মুখলৈ আগ বাঢ়ি যাবলগা হ’লে, ভাৰত নাট্যমৰ দৰে ভৰিৰ গোৰোৱা মাটিত চোৱা নিয়ম নাই। সেইদৰে মণিপুৰী নৃত্যৰ দৰে কুঞ্চিত পদ অৰ্থাৎ ভৰিৰ বুঢ়া আঙুলি মাটিত চোৱা নিষেধ। ভাৰত নাট্যমৰ শব্দম আৰু পদম, কথকৰ লগত মিল নাই। কথক ভাব আৰু তালৰ ওপৰত গভীৰ সচেতনতা অৱলম্বন কৰি, নৃত্য কৰিবলগা হয়। কেতিয়াবা দুয়োটা ভৰি জপাই ওপৰলৈ জাপ মৰা পদ্ধতি কথকৰ বাহিৰে আন শাস্ত্ৰীয় নৃত্যত নাই। নাট্যশাস্ত্ৰৰ মতে এনে পদ্ধতিক উৎপল বৰ্ণ বা ব্ৰহ্মৰী বোলা হয়। কথকৰ হমচৰ্য্য, মুষ্টি, চিকাৰ, চন্দ্ৰকলা আৰু অল্পাদমু নৃত্য পদ্ধতি অতি তাৎপৰ্যপূৰ্ণ আৰু বৈচিত্ৰ্যময়। নৃত্যশিল্পীয়ে ভৰিৰ সৰু গাঁঠিত নূপুৰ পিন্ধি সুমধুৰ ধ্বনিৰে নৃত্যৰ তৰংগ সৃষ্টি কৰাকে ‘নটৱৰী’ পদ্ধতি কোৱা হয়।

     কথকৰ আন এটা চিত্তাকৰ্ষক সুষম নৃত্য পদ্ধতি হ’ল ‘নাগমা’, বাদক আৰু নৃত্যশিল্পীৰ দক্ষতাৰ ওপৰত নাগমাৰ মধুৰতা নিৰ্ভৰ কৰে। নৃত্যশিল্পীয়ে দেহৰ বিভিন্ন অংগ লীলায়িত ভংগীত বিকশিত কৰাকে ‘ঠাত’ বোলা হয়। শিল্পীগৰাকীয়ে দেহৰ সৌন্দৰ্য প্ৰস্ফুটিত কৰাই এই মৌলিক বৈশিষ্ট্য।

     কথকৰ মূল ধাৰা দুটা, নৃত্য আৰু অভিনয়। সেইদৰে আন দুটা ভাগ হ’ল লাস্য আৰু তাণ্ডৱ। সেইবোৰৰ উপৰিও ভালেমান বিভাগ আছে, যেনে - তাণ্ডৱ, লাস্য, নাট্য, নটন, নৃত্য, নৃত, লাস, লাসক, নৃতি আদি। তাণ্ডৱ, লাস্য, আৰু নৃত - এই তিনিটা ধৰ্মীয় নৃত্যৰ শাৰীত গণ্য কৰা হয়।

     কথক নৃত্যৰ আন এটা পদ্ধতি হ’ল ‘অমৰ’। গণেশ দেৱতা সন্তুষ্টিৰ কাৰণে আৰম্ভণিত অমৰ পৰিৱেশন কৰা বিধেয়।

     কথকৰ মূল বাদ্য তবলা আৰু মধুৰতাৰ কাৰণে সাৰেংগী ব্যৱহাৰ কৰা হয়। কথক গুটীয়াভাৱে এজনৰদ্বাৰা পৰিৱেশন কৰা হয়। নৃত্যশিল্পীয়ে অভিনয়ত অংশগ্ৰহণ নকৰে। মাত্ৰ মুদ্ৰাৰদ্বাৰা কাহিনী দাঙি ধৰে। আমাৰ অসমৰ শংকৰী নৃত্যাংশত দশ অৱতাৰ, ৰাস, ঝুমুৰা, চালি নৃত্যৰ দৰে মুদ্ৰাৰদ্বাৰা ধৰ্মীয় কাহিনীবোৰ উপস্থাপন কৰে।

     নৃত্যাংশত পুৰুষ-মহিলা উভয়ে অংশগ্ৰহণ কৰে। নৃত্যশিল্পীৰ সাজ-পোছাক সাধাৰণ হ’লেও মাৰ্জিত। পৰিধানত ৰঙীন গুণাকৰা ঠেক, চুৰিদাৰ, পায়াজামা আৰু গাত গুণাবছা লিপিত খাই থকা চুটি হাতৰ ব্লাউজ। ডিঙি আৰু হাতত ফুলাম বন কৰা পতিযুক্ত চোলা, মূৰত পাতল গুণাৰ জীয়াপাখি যেন ৰঙীন ফুলাম শাৰী ব্যৱহাৰ কৰে। কোনো কোনো নাৰী শিল্পীয়ে ভৰিলৈকে পৰা কোঁচ দিয়া এবিধ সামান্য প্ৰসাধন ব্যৱহাৰ কৰা দেখা যায়। নাৰী শিল্পীসকলে সাধাৰণতে মূৰৰ চুলি পৰিপাটিকৈ ফণিয়াই বেণী বা খোপাত বগা ফুল গুঁজি ডিঙি, কাণ, হাত আৰু কপালত উজ্জ্বল ৰত্নখচিত মণি মুক্তাৰ দৰে বিবিধ অলংকাৰ পৰিধান কৰে। বৰ্তমান যুগত কথক নৃত্যশিল্পীয়ে ভাৰত নাট্যমৰ আৰ্হিত সাজ-পোছাক পৰিধান কৰাও দেখা যায়। বাদ্যৰ লগত তাল, মান, লয় আদি মিলাবলৈ ভৰিৰ সৰুগাঁঠিত কেবাধাৰিও জুনুকা ব্যৱহাৰ কৰে।

     মঞ্চত নৃত্য পৰিৱেশন কৰাৰ আগমুহূৰ্তত নৃত্য শিল্পীসকলে ধূপ-ধূনা জ্বলাই প্ৰতিষ্ঠা কৰি লোৱা নটৰাজ মূৰ্তিক পবিত্ৰ অন্তৰৰে ওলগ জনাই, পিছত নটুৱান, (নৃত্য শিক্ষা প্ৰদান কৰা গুৰু) সংগীতজ্ঞ, বাদক আদিক সকলোকে প্ৰণাম জনাই নৃত্য আৰম্ভ কৰে। আজিকালি সেই নিয়ম এৰি সমবেত দৰ্শকক সেৱা জনাই নৃত্য আৰম্ভ কৰা দেখা যায়।

     বৰ্তমান কথক নৃত্যই ভাৰতৰ প্ৰায় সকলোবোৰ ঠাইতে জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও পৃথিৱীৰ আন ভলেমান উন্নতিশীল দেশত সমাদৰ আৰু ভূয়সী প্ৰশংসা লাভ কৰে। সেইদৰে শান্তি, মৈত্ৰী আৰু গণ সংহতি সেৱাত ভাৰতীয় নৃত্য কলাৰ সমগ্ৰ বিশ্বত উজ্জ্বল নিদৰ্শনৰূপে পৰিগণিত হৈ ৰ’ব।

প্ৰসংগ পুথি :
১) Five Thousand Years Of Arts And Crafts In India And Pakistan, শান্তি স্বৰূপ
২) Indian Classical Dance, কপিল বৈস্যায়ন

Share Button
Print Friendly, PDF & Email

No Comments : "কথক নৃত্য আৰু ভাৰতীয় সংস্কৃতি"

Leave a Comment

Your email address will not be published. Required fields are marked *