কেৱল মানি, হিয়া, নাচৰিনহঁতৰ বাবে

দেৱব্রত দাস

মুম্বাইত চানুহঁতৰ ঘৰলৈ গৈছিলো। মূল চহৰৰপৰা বেছ দূৰত মালাভ চুবুৰিত চানুৰ স্ত্ৰী নাজমিনাৰ কোৱাৰ্টাৰ। নাজমিনা ৰিজাৰ্ভ বেংকত ইঞ্জিনিয়াৰ। চানু ডক য়াৰ্ডত। চানু, ম‍ই, নাজমিনা সকলোৱে জালুকবাৰীৰপৰা পাছ কৰা। ম‍ই গৈছিলো এটা ৰবিবাৰে। চানু নাজমিনা দুয়ো ঘৰতে আছিল। আৰু আছিল সিহঁতৰ তিনিবছৰীয়া মৰম লগা ছোৱালীজনী। তাইৰ নাম নাচৰিন। নাজমিনাই মাত লগাই পাকঘৰত ব্যস্ত হৈ পৰিল। ম‍ই চানুৰ সৈতে কথা-বতৰা পাতিবলৈ ধৰিলোঁ। নাচৰিনৰ সৈতে চিনাকী কৰি দিলে। প্ৰথমতে নাচৰিন মোৰ ওচৰ চপা নাছিল। পিছত যেতিয়া মাকে দেউতাকক “ভাত হ’লেই প্ৰায়; গা ধোৱকগৈ যাওক” বুলি নিৰ্দেশ দিলে, তেতিয়াহে দেউতাকে মোক নাচৰিনৰ সৈতে কথা পাতিবলৈ এৰি দি বাথৰুমত সোমালেগৈ। নাচৰিন নতুনকৈ স্কুললৈ যাবলৈ আৰম্ভ কৰিছে। তাই স্কুলৰ কিতাপৰ টোপোলাটো লৈ আহিল। এখন এখনকৈ মোক কিতাপ দেখুৱাব ধৰিলে। এখন কিতাপত মেকুৰীৰ ছবি আছিল। ম‍ই সুধিলোঁ, “এইটো কি কোৱাচোন?” “এইটো কেট। আইতাৰ ঘৰত এটা কেট আছে।” - “আইতাৰ ঘৰত? তাৰ মানে গুৱাহাটীত। তাত কেটটোৱে কেনেকৈ কথা কয়?”–“মেও মেওকৈ কথা কয়। ইয়াতো এটা কেট আছে।”-“ইয়াতো আছে নেকি? বম্বেত কেটবোৰে কেনেকৈ কথা কয়?”–“ইয়াতো মেও মেওকৈ কয়।” ইয়াৰ পাছত কুকুৰৰ ছবি এখন দেখুৱাই সুধিলোঁ – “এইটোৱে কেনেকৈ কথা কয়?”–“এইটো ডগ। এইটোৱে কয় ভৌ ভৌ।” বহুত পিছত সিংহৰ ছবি এখন ওলাল। দেখুৱাই নাচৰিনে চকুকেইটা ডাঙৰ ডাঙৰকৈ মেলি মোক ক’লে –“লায়ন। লায়নটোৱে কি কয় জানা? ৰাতি হ’লে দুষ্ট ল’ৰা-ছোৱালী নুশুলে লায়নটোৱে কয় – হাওঁ হাওঁ হাওঁ।” ম‍ই বুজিলোঁ, ৰাতি বেছি পৰলৈ নাচৰিন নোশোৱাকৈ থাকিলে চানু-নাজমিনাহঁতে এইটো মন্ত্ৰ মাৰে। এনেকৈ কথা পাতি পাতি নাচৰিন আৰু মোৰ সম্পৰ্কটো বৰ ওচৰ সম্পৰ্কৰ হৈ গ’ল। চানুৱে বাথৰুমৰপৰা ওলাই আহি মোৰ সৈতে আকৌ কথা আৰম্ভ কৰিব খোজোতে নাচৰিনৰপৰা তত্‍ক্ষণাৎ আপত্তি উঠিল – “বাবা,তুমি বেডৰুমত যোৱা। এতিয়া ম‍ই মামাৰ সৈতে কথা পাতিম। তুমি যোৱা।” ম‍ই ভাবিলোঁ, হয়তো। সৰু ল’ৰা-ছোৱালীবোৰৰ‍ লগত কথা পাতি থাকিলে ডাঙৰবোৰে কেলেই দিগদাৰি দিব লাগে? আজিকালি নাচৰিনৰ দৰে মোৰ বহুতো সৰু সৰু বন্ধু-বান্ধৱী আছে। শিৱসাগৰত হিয়া, ডিব্ৰুগড়ত মানি, মুনি, মাজনী, চুমু, যোৰহাটত পম্পী,চিমি,চানি। সকলোবোৰেই মোৰ বন্ধু-বান্ধৱৰ ল’ৰা ছোৱালী। সকলোৱে মোক মামা বা আংকল বুলি মাতে। সেইদিনা সাৰদাহঁতৰ ঘৰলৈ যাওঁতে মানিয়ে ক’লে, “আপোনাৰ লেখা সদায় পঢ়োঁ। কেতিয়াবা বুজি পাওঁ, কেতিয়াবা নেপাওঁ।” হিয়া, পম্পী, চানিহঁতেও পঢ়ে বোলে। এই কথাটো জনাৰ পিছত মোৰ মনত এটা খেদ উত্‍পন্ন হ’ল। ইমানদিনে কেৱল ডাঙৰ মানুহে পঢ়িব পৰাকৈহে ইটো-সিটো কথা লেখি আহিছোঁ। সৰু সৰু ল’ৰা-ছোৱালীয়ে পঢ়িব পৰাকৈ একো লেখা নাই। সেয়ে ভাবিছো, এইবাৰ কেৱল মানি, হিয়া, নাচৰিনহঁতৰ বাবেহে লেখিম। ডাঙৰ মানুহবোৰৰ বাবে নহ্য়। তেওঁলোকে পঢ়িলেও পঢিব, নপঢ়িলেও নাই।

সৰু ল’ৰা-ছোৱালীৰ বাবে লেখিম বুলি ভাবিলোহে হয়,কিন্তু লেখোঁ কি? সৰু ল’ৰা-ছোৱালীৰ বাবে লেখা বৰ টান কাম। কি লেখোঁ ভাবি আছোঁ,ভাবি আছোঁ। এনেতে (মনত) পৰিল মুনমুনী অৰ্থাৎ আমাৰ ডাঙৰ ছোৱালীজনীৰ,তেনেই সৰু থাকোঁতে,তাইক নিচুকাবলৈ কেইটামান আগগুৰি নথকা সাধুকথা ভাবি উলিয়াইছিলোঁ। তাৰেই দুটা লেখি দিওঁ। মানিহঁতে পঢ়ি ভাল পাব। ভাইটি-ভন্টিহঁতক শুনাবও পাৰিব। দুয়োটা সাধুতে এজনী ধুনীয়া ছোৱালী থাকে। আৰু ধুনীয়া পৰী থাকে। পৰীজনীয়ে সদায় ধুনীয়া কাপোৰ-কানি পিন্ধি থাকে - ৰঙা,নীলা, হালধীয়া,সেউজীয়া আৰু কিমান কি ৰঙৰ জিলমিলীয়া পোছাক। আৰু পৰীজনীৰ দুখন পাখি থাকে। গতিকে পৰীজনীয়ে য'লৈকে মন যায়, যেতিয়াই মন যায় উৰি উৰি ঘূৰি ফুৰিব পাৰে। পৰীজনীৰ এডাল যাদুদণ্ডও আছে। মেজিক (?)ৱাও! যাদুৰ লাঠী। লাঠীডাল ঘূৰাই দিলেই পৰীয়ে মেজিক কৰি নিজৰ ইচ্ছামতে যিহকে মন যায় কৰি পেলাব পাৰে। তদুপৰি পৰীজনীয়ে ধুনীয়া ছোৱালীজনীক খুব মৰম কৰে। ছোৱালীজনী যে বৰ ভাল ছোৱালী, সেই কাৰণে। ছোৱালীজনীয়ে যেতিয়াই পৰীজনীক মাতে,পৰীয়ে উৰি উৰি তৎক্ষণাৎ ছোৱালীজনীৰ ওচৰ পায়হি। ছোৱালীজনীয়ে যিহকে বিচাৰে পৰীজনীয়ে কৰি দিয়ে । ছোৱালীজনীও খুব ভাল আৰু পৰীজনীও খুব ভাল। এতিয়া ছোৱালীজনী আৰু পৰীজনীৰ সাধু দুটা শুনা :

এক: পখিলা আৰু জোনাকীৰ সাধু

   ধুনীয়া ছোৱালী এজনী আছিল। ছোৱালীজনীৰ এটা ধুনীয়া ঘৰ আছিল। ঘৰটোৰ সমুখত এখন ধুনীয়া বাগিছা আছিল। কিমান ফুল তাত -ধুনীয়া ধুনীয়া ৰঙা,নীলা,হালধীয়া,বেঙুনীয়া, গুলপীয়া . . .। এদিন কি হ'ল - কেইটামান দুষ্ট পখিলা আহি ফুলবোৰ চব খাই পেলালে। পখিলাবোৰৰ দুষ্টামিবোৰৰ কথা পৰীজনীয়ে জানিবলৈ পালে। পৰীজনীৰ খুব খং উঠিল। ধুনীয়া ফুলবোৰ পখিলাবোৰে কেলেই খাই নষ্ট কৰিব লাগে?বাগিছাৰ ফুলি থকা ফুলবোৰ খাবও নেপায়,ছিঙিবও নেপায়। খং উঠি পৰীজনীয়ে যাদুৰ লাঠীডাল ঘূৰাই দিলে আৰু লগে লগে কি হ'ল জানা? গোটেইবোৰ পখিলাৰ পাখিবোৰ পটপটকৈ সৰি গ'ল। ইমান ধুনীয়া ধুনীয়া পখিলাবোৰ তৎক্ষণাৎ দেখিবলৈ ক'লা-ম’লা অকণমাণি অকণমাণি সৰু সৰু পোক হৈ গ'ল। এতিয়া পখিলা পোকবোৰ লাজতে বাহিৰলৈ ওলাব নোৱৰা হ'ল। পোকবোৰে এতিয়া ছোৱালীজনীক ক'লেহি, “তুমি পৰীজনীক কৈ কিবা এটা কৰি দিয়া না,আমি যে লাজতে ওলাব পৰা নাই - আমি ইয়াৰ পিছত আকৌ কেতিয়াও দুষ্ট কাম নকৰোঁ।” ছোৱালীজনী বৰ মৰমিয়াল আছিল। তাই গৈ পৰীক ক'লেগৈ। পৰীয়ে ক'লে, “সিহঁতে আকৌ দুষ্ট নকৰে বুলি কৈছেনে? ঠিক আছে তেনেহ’লে - কিন্তু সিহঁতক আকৌ পখিলা কৰি নিদিওঁ। সিহঁতৰ সকলোকে এটা এটা সৰু সৰু টৰ্চ দি দিম। ৰাতি ফুৰিব পাৰিব।” এইবুলি পৰীয়ে আকৌ যাদুৰ লাঠিডাল ঘূৰাই দিলে। আৰু পখিলা পোকবোৰ লগে লগে জোনাকী পৰুৱা হৈ গ'ল। তাৰ পিছত উৰি উৰি সিহঁতে ক'লে – “থেংক ইউ পৰী। থেংক ইউ ধুনীয়া ছোৱালী।” ইয়াৰ পিছত সিহঁতে কেতিয়াও দুষ্ট কাম নকৰা হ'ল।

দুই : কেঙেৰু আৰু মেকুৰীৰ সাধু

অষ্ট্ৰেলিয়াত যে থাকে কেঙেৰুবোৰ। নেজ পাৰি বহে । আৰু তিৰিং তিৰিংকৈ জঁপিয়াই জঁপিয়াই দৌৰে। সেই কেঙেৰুবোৰৰ পেটৰ সন্মুখত এটা এটা পকেট থাকে। মাক কেঙেৰুবোৰে পোৱালীবোৰক সেই পকেটবোৰত সুমুৱাই ৰাখে। পকেটতে পোৱালীবোৰে গাখীৰ খাব পাৰে। এনেকৈ গাখীৰ খাই পোৱালীবোৰে নিজে নিজে ডাঙৰ হৈ যায়। এবাৰ কি হ'ল - এজনী কেঙেৰুৰ পকেটত মনে মনে মেকুৰী পোৱালী এটা সোমাই পৰিল। কেঙেৰুজনীয়ে সুধিলে – “মোৰ পকেটত কোন?” মেকুৰী পোৱালীয়ে মিছা মাতিলে – “মই কেঙেৰু পোৱালী।” মিছা কথা কৈ কেঙেৰুৰ পকেটত বহি বহি আৰামচে গাখীৰ খাই খাই মেকুৰী পোৱালীটো ডাঙৰ হ'ব ধৰিলে। ইপিনে যে মিছা কথা কওঁতে তাৰ ঠেং চুটি হৈ গৈ থাকিল সি গমকে নেপালে। তাৰ পিছত যেতিয়া ডাঙৰ হৈ কেঙেৰুৰ পকেটৰপৰা ওলাবলগীয়া হ'ল তেতিয়াহে মেকুৰী বপুৰাই গম পালে,সি লেঙেৰা। লেকেচিয়াই লেকেচিয়াই সি ছোৱালীজনীৰ কাষ পালেহি। ছোৱালীজনীয়ে তাক দেখি সুধিলে – “ইছ ৰাম, ইমান মৰমলগা মেকুৰীটো - তুমি লেঙেৰা কেনেকৈ হ'লা।” সি উচুপি উচুপি ক'লে – “মই যে মিছা কথা কৈছিলোঁ, সেই কাৰণে মোৰ ঠেং চুটি হৈ গ'ল।” ছোৱালীজনী বৰ মৰমিয়াল আছিল। তাই ক'লে – “তুমি যদি কেতিয়াও মিছা কথা নকওঁ বুলি কোৱা তেনেহ’লে মই পৰীক কৈ চাব পাৰো।” মেকুৰীটোৱে উত্তৰ দিলে - “নকওঁ দিয়া। আৰু কেতিয়াওঁ মিছা কথা নকওঁ।” ছোৱালীজনী এইবাৰ পৰীৰ ওচৰলৈ গ'ল। পৰীয়ে যেতিয়া শুনিলে যে মেকুৰীয়ে আৰু কেতিয়াও মিছা কথা নকওঁ বুলি কৈছে তেতিয়া যাদুৰ লাঠিডাল ঘূৰাই দিলে। লগে লগে কি হ'ল জানা? মেকুৰীটোৰ ঠেংখন ভাল হৈ সমান হৈ গ'ল। তেতিয়া মেকুৰীটোৱে আনন্দতে নাচি বাগি ক'বলৈ ধৰিলে – “থেংক ইউ ধুনীয়া ছোৱালী। ইয়াৰ পিছত আৰু মেকুৰীয়ে কেতিয়াও মিছা কথা নকয়।”

শেষত অলপমান দৰকাৰী কথা, সাধু দুটা ইমানেই। সাধু দুটাত ডাঙৰ মানুহবোৰে বেছ কেইটামান ভুল কথা বিচাৰি পাব। যেনে ধৰা,জোনাকীবোৰ টৰ্চ লৈ ফুৰা পোক নহয়। সিহঁতৰ গাৰপৰা এবিধ বিশেষ ৰস বাহিৰ হয় যিটো বতাহৰ স্পৰ্শত উজ্জ্বল হৈ উঠে। অথবা মেকুৰী পোৱালী কেতিয়াও কেঙেৰুৰ পকেটত চুপচাপ নেথাকে। অথবা ডাঙৰ মানুহবোৰে এনেকৈও ক'ব পাৰে যে পৃথিবীত পৰী নামৰ কোনো বস্তুৱেই নাই। ডাঙৰ মানুহবোৰে তেনেকৈ ক'লেও কওক। আমি নিজে যেতিয়ালৈকে ডাঙৰ হৈ নেযাওঁ,বিজ্ঞান-তিজ্ঞানৰ ডাঙৰ ডাঙৰ কিতাপবোৰ নিজে নলওঁ,তেতিয়ালৈকে আমাৰ (পৃথিৱীত!!) সৰু ল'ৰা-ছোৱালীবিলাকৰ পৃথিৱীত পৰী থাকিবই,মেজিক থাকিবই আৰু সাধু থাকিবই থাকিব। নহয় জানো?

(বি. দ্র.: লেখকৰ অনুমতি সাপেক্ষে,লেখকৰ হিয়াৰ পখিলাবোৰ নামৰ নিবন্ধ সংকলনটিৰপৰা সামান্য সালসলনি কৰি লেখাটি পুনৰ প্রকাশ কৰা হ’ল।)

ইউনিক'ড ৰূপান্তৰক : গৌৰী শংকৰ ভূঞা আৰু মনোজ কুমাৰ মহন্ত

Share Button
Print Friendly, PDF & Email

No Comments : "কেৱল মানি, হিয়া, নাচৰিনহঁতৰ বাবে"

Leave a Comment

Your email address will not be published. Required fields are marked *