কোনবোৰ কথা বিজ্ঞানসন্মত

শান্তনু তামূলী (মৌচাক মামা)

        খ্ৰীষ্টপূৰ্ব ২১৩ত চিচিলি আক্ৰমণ কৰিবলৈ অহা ৰোমান সৈন্যসকলৰ যুদ্ধ-জাহাজবোৰ আৰ্কিমিডিছে দাপোণৰ সহায়ত সূৰ্যৰ ৰশ্মিৰে জুই জ্বলাই ধ্বংস কৰাৰ কাহিনীটো বোধহয় সকলোৰে চিনাকী। বিশাল আকাৰৰ ব্ৰঞ্জ আৰু কাঁচৰ দাপোণ নিৰ্মাণ কৰি সাগৰেদি অহা শত্ৰুপক্ষৰ জাহাজবোৰৰ ওপৰত সূৰ্যৰ ৰশ্মি কেন্দ্ৰীভূত কৰি সেইবোৰ জ্বলাই দিয়া হৈছিল। সেই সময়ত সম্ৰাট হিৰোৰ সামৰিক উপদেষ্টা আছিল মহান বিজ্ঞানী আৰ্কিমিডিছ।

        আৰ্কিমিডিছে বিশাল কাঁচৰ দাপোণত সূৰ্যৰ ৰশ্মি পেলাই সেই ৰশ্মিক কেন্দ্ৰীভূত কৰি জাহাজৰ ওপৰত প্ৰতিফলন কৰি সচাঁকৈয়ে জাহাজ জ্বলাব পাৰিছিলেনে নে নাই সেই বিষয়ে গৱেষণা কৰা হৈছে। গৱেষকসকলে ৩০০ বৰ্গমিটাৰ আকাৰৰ এখন বিশাল দাপোণ নিৰ্মাণ কৰি সাগৰৰ পাৰত স্থাপন কৰি তাৰে সূৰ্যৰ ৰশ্মি প্ৰতিফলন কৰি জাহাজত জুই জ্বলাব পাৰি নে নোৱাৰি তাৰ পৰীক্ষা কৰিছিল। ৪৫ মিটাৰ দূৰৈত মাছমৰীয়া কাঠৰ নাও থৈ তেওঁলোকে তাৰ ওপৰত সূৰ্যৰ ৰশ্মি কেন্দ্ৰীভূত কৰি নাওখন জ্বলাবলৈ চেষ্টা কৰিলে । পিছে নাওখনত সামান্য পোৰাৰ দাগহে দেখা গ’ল। পুনৰ তেওঁলোকে পৰীক্ষা চলাই গ’ল। নাওখনৰ দূৰত্ব কমাই আনি আকৌ ৰশ্মি পেলাই চালে। অৱশেষত তেওঁলোকে সামান্য জুই লগা দেখিবলৈ পালে। গৱেষককেইজন হ’ল আমেৰিকাৰ মাছাচুছেটছ ইন্সটিটিউট অব টেকন’লজিৰ।

        এৰিজোনা বিশ্ববিদ্যালয়ৰ কেইজনমান বিজ্ঞানীয়েও এই বিষয়ে গৱেষণা কৰি সফল নহ’ল। তেওঁলোকে এনেদৰে বিশাল আকাৰৰ দাপোণেৰে সৌৰৰশ্মি প্ৰতিফলিত কৰি সামান্য জুয়ো জ্বলাব নোৱাৰিলে। আনকি ধোঁৱাও নোলাল।

        গৱেষকসকলে অৱশেষত মত পোষণ কৰে যে আৰ্কিমিডিছে সম্ভৱতঃ এনে এক অসম্ভৱ কাম কৰা নাছিল। কাৰণ আৰ্কিমিডিছ বিশেষকৈ গণিতজ্ঞহে আছিল।

        কেৱল বিজ্ঞানৰ জগততে নহয়,আন আন ক্ষেত্ৰতো এনেধৰণৰ অনেক কাহিনী আছে যাক সকলোৱে সত্য বুলি ভাবে বা ভাবি আহিছে। এনে ঘটনাবোৰক ইংৰাজীত Myth বুলি কোৱা হয়। অৰ্থাৎ সঁচা যেন লগা কথাত পৰিণত হোৱা কাল্পনিক বা অবাস্তৱ ঘটনাই হ’ল ‘মিথ’।

        তানসেনেও হেনো গান গাই বৰষুণ আনিছিল। গীত গাই শুনোতাৰ চকুলো বোৱাব পৰাটো সম্ভৱ; কিন্তু আকাশৰ মেঘত বৰষুণৰ সৃষ্টি কৰা সম্ভৱপৰ নহয়;কিন্তু এইষাৰ কথাকো আমি সঁচা ঘটনাৰ দৰেই কৈ আহিছোঁ। সম্ভৱ এইষাৰ কথাও মিথ।

        আমাৰ কোনোবা গৱেষকে তানসেনৰ গানে বৰষুণ আনিব পাৰিছিলে নে নাই সেই বিষয়ে গৱেষণা কৰি চাব পাৰে। গৱেষণাৰ অন্তত প্ৰমাণিত হ’ব বা আমি এক ধাৰণা কৰিব পাৰিম, এনে ঘটনা সঁচাকৈয়ে ঘটিব পাৰে নে নোৱাৰে।

        কোনবোৰ কথা বিজ্ঞানসন্মত? যিবোৰ কথা বা ঘটনা পৰীক্ষা কৰি চাব পাৰি আৰু যিবোৰ তত্ত্ব বা ঘটনা বা বিক্ৰিয়া একে নিয়মেৰে কৰি চালে বাৰে বাৰে একে উত্তৰ বা ফলাফল পোৱা যায়- সেয়াই বিজ্ঞানসন্মত। গতিকে গৱেষণা বা পৰীক্ষা নকৰাকৈ “সঁচাক মিছা”বা “মিছাক সঁচা”বুলি কোৱা মানসিকতা বিজ্ঞানসন্মত নহয়। আমাৰ মাজত এনে ধাৰণা চলি আছে আৰু চলি থাকিবও।

        বিজ্ঞান-প্ৰযুক্তিৰ ভৰপক দিনতো বিজ্ঞানৰ কথা বাদেই, অনেক অদ্ভূত কথা আৰু বিশ্বাসে আমাৰ মাজত উচ্চ স্থান লাভ কৰি আছে। এনে বহু নিয়ম-চৰ্চা,বিশ্বাস আৰু পালন কৰি অহা অবৈজ্ঞানিক আৰু যুক্তিবৰ্জিত কৰ্মকাণ্ডক একশ্ৰেণী চতুৰ লোকে জনসাধাৰণৰ মানসিক আৰু অৰ্থনৈতিক দুৰ্বলতাৰ সুযোগ লৈ নিজৰ দৰে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আহিছে। কম্পিউটাৰ আৰু ইন্টাৰনেট প্ৰযুক্তিৰো অপ-ব্যৱহাৰ কৰি জনসাধাৰণৰ অন্তৰ জয় কৰিবলৈ এওঁলোকে চেষ্টা চলাই আছে। এনে অপচেষ্টা কেৱল অসমৰ দৰে ঠাই বা আমাৰ দেশৰ মাজতেই আবদ্ধ থকা নাই। বিশ্বায়নৰ যুগত আৰু উপগ্ৰহ সংযোগ মাধ্যমেৰে ক্ষতিকাৰক ৰশ্মিৰ দৰে মানৱকুলৰ প্ৰগতিশীল চিন্তাৰ ওপৰত আঘাত হানি আছে। আমাৰ জনজীৱনত অন্ধবিশ্বাসবোৰ গা কৰি উঠাত এনেধৰণৰ অবৈজ্ঞানিক চিন্তাধাৰাই কু-প্ৰভাৱ পেলাইছে। আমি এনেধৰণৰ মানসিকতাক সামগ্ৰিকভাৱে বিশ্লেষণ কৰি যি কাৰকসমূহে সমাজত অন্ধবিশ্বাসৰ বিষবাষ্প বিয়পোৱাত অহৰহ কাম কৰি আছে সেইসমূহৰ বিৰুদ্ধে বৈজ্ঞানিক মানসিকতাৰে যুঁজি নিৰ্মূল কৰিব পাৰিলেহে সমাজৰ সাধাৰণ আৰু জ্ঞানৰ পোহৰ নপৰাসকলক ৰক্ষা কৰিব পৰা যাব। বিদ্যায়তনিক শিক্ষাৰে শিক্ষিত লোকৰ মানসিকতাও বিজ্ঞানসুলভ নহ’ব পাৰে। সেইসকলো পাকে-প্ৰকাৰে অন্ধবিশ্বাসী আৰু তেওঁলোকৰ চিন্তা-ভাবনা-কৰ্মকাণ্ড‍ই সমাজত অযুক্তিকৰ কাম-কাজত সঁহাৰি জনায়। প্ৰকৃততে বিজ্ঞান-সচেতনতা মানে যুক্তিপূৰ্ণ চিন্তাধাৰা আৰু এনে চিন্তাধাৰা গঢ়িবলৈ বিজ্ঞানৰ উচ্চ শিক্ষাৰ প্ৰয়োজন নাই। বিজ্ঞানৰ ছাত্ৰ নহৈও বা বিদ্যায়তনিক শিক্ষা আহৰণ নকৰিলেও জনসাধাৰণে সুস্থ চিন্তা আৰু বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’ব পাৰে।

Share Button
Print Friendly, PDF & Email

No Comments : "কোনবোৰ কথা বিজ্ঞানসন্মত"

Leave a Comment

Your email address will not be published. Required fields are marked *