হাট-বিৰোধী বিদ্ৰোহ আৰু খ্ৰীষ্ট’ছন মুণ্ডাৰ ফাঁচী

o কমল কুমাৰ তাঁতী

সামন্ততন্ত্ৰ-ৰাজতন্ত্ৰৰ বিনাশ ঘটাই অসমত ঔপনিবেশিকতা আৰু সাম্ৰাজ্যবাদে পাতনি মেলে তদানীন্তন অসমত নতুনকৈ গঢ় লৈ উঠা চাহ বাগিছাবোৰত কাম কৰোৱাবলৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰপৰা আদিবাসী লোকসকলৰ ‘বলপূৰ্বক প্ৰব্ৰজন’ৰ জৰিয়তে৷ অসমৰ চাহ বাগিছাসমূহত কাম কৰোৱাবলৈ ব্ৰিটিছ সাম্ৰাজ্যবাদী চৰকাৰ আৰু বিদেশী ঔপনিবেশিক পুঁজিপতি মহলে ভাৰতবৰ্ষৰ বিভিন্ন আদিবাসী-অধ্যুষিত অঞ্চলসমূহৰপৰা ‘আড়কাঠিয়া চালান’ আৰু ‘চৰ্দাৰী ব্যৱস্থা’ৰ জৰিয়তে মূলতঃ আদিবাসী লোকসকলক ‘বলপূৰ্বক প্ৰব্ৰজন’ কৰাইছিল আৰু সেই প্ৰব্ৰজন আৰম্ভ হৈছিল ১৮৫৮-৫৯ চনত ৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সূচনা হয় শ্ৰমিক আৰু শ্ৰমৰ বলপূৰ্বক স্থানান্তৰিতকৰণৰ জৰিয়তে ৷

১৮৬৩ চনত ব্ৰিটিছ চৰকাৰে প্ৰথমখন ‘শ্ৰমিক আইন’ ব্ৰিটিছ সংসদত গৃহীত কৰে যাৰ জৰিয়তে বলপূৰ্বক প্ৰব্ৰজনৰ এই প্ৰক্ৰিয়াটো সুচল কৰি তোলা হয় ৷ ইয়াৰ লগে লগে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰপৰা বলপূৰ্বকভাৱে শ্ৰমিক আমদানি কৰাৰ প্ৰক্ৰিয়াটো সহজ হৈ পৰে ৷ ‘আড়কাঠি’ অথবা লাইচেন্সপ্ৰাপ্ত নিয়োগকৰ্তাসকলক ইয়াৰ বাবে সকলোবোৰ প্ৰয়োজনীয় অনুমতি প্ৰদান কৰা হয় ৷ ১৮৭০ চনত এই শ্ৰমিক আইনখনৰ সংশোধনী ঘটাই শ্ৰমিক আমদানিৰ প্ৰক্ৰিয়াটো আৰু সহজ কৰি তোলা হয় আৰু তাৰ বাবে ব্ৰিটিছ চৰকাৰে ‘চৰ্দাৰী ব্যৱস্থা’কো অনুমতি প্ৰদান কৰে ৷ এনেদৰে ঔপনিবেশিক ব্ৰিটিছ চৰকাৰৰ চক্ৰান্তৰ বলি হৈ অসমৰ চাহ বাগিছাসমূহত কাম কৰিবলৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰৰপৰা মূলতঃ আদিবাসী লোকসকলৰ সোঁত ব’বলৈ লয় ৷
১৮৬৭-৬৮ চনৰ বংগৰ প্ৰশাসনীয় প্ৰতিবেদনৰ মতে, সেই সময়ত অসমৰ চাহ বাগিছাসমূহত ২২,৮০০জন আমদানিকৃত আদিবাসী শ্ৰমিক আৰু ১১,৬৩৩জন স্থানীয় শ্ৰমিক কৰ্মৰত আছিল ৷ ১৮৮০ চনৰ পৰৱৰ্তী সময়ছোৱাত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ উদ্যোগত শ্ৰমিক আমদানিৰ জৰিয়তে হোৱা এই ‘বলপূৰ্বক প্ৰব্ৰজন’ প্ৰবলৰূপে বৃদ্ধি পায় আৰু ইয়াৰ পৰিণামস্বৰূপে ১৯০১ চনৰ Census of Indiaৰ ৰিপ’ৰ্টমতে, মুঠ প্ৰব্ৰজিত, মূলতঃ আদিবাসী মূলৰ চাহ শ্ৰমিকৰ সংখ্যা হৈছিলগৈ ৬৪৫,০০০জন ৷

১৮৭৩-১৯৩২ চনৰ ‘Assam Labour Reports’ আৰু ১৯৩৪-১৯৪৭ চনৰ ‘Reports on Emigrant Labour’ অনুসৰি, ১৮৭৩-১৯৪৭ চনৰ সময়ছোৱাত অসমলৈ বলপূৰ্বকভাৱে আমদানিকৃত আদিবাসী শ্ৰমিকৰ সৰ্বমুঠ সংখ্যা হৈছিলগৈ ৩২,৭২,৮০০জন (প্ৰায় ৩৩ লাখ)৷ অৰ্থাৎ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ মুহূৰ্তত অসমৰ চাহ বাগিছাসমূহত প্ৰায় ৩৩ লাখ আদিবাসী-চাহ শ্ৰমিক কৰ্মৰত আছিল ৷

উল্লেখযোগ্য যে এই চৰকাৰী পৰিসংখ্যাবোৰত কেৱল চৰকাৰীভাৱে আমদানিকৃত শ্ৰমিকৰ এক সাধাৰণ পৰিসংখ্যাহে উল্লেখ কৰা হৈছিল ৷ বেচৰকাৰীভাৱেও, সেই সময়ছোৱাত বহু আদিবাসী লোক স্বতন্তৰীয়াভাৱে আৰু নিজৰ পৰিয়াল-পৰিজনৰ (যিসকলে পূৰ্বতেই অসমলৈ আমদানিকৃত) সংশ্ৰৱত থাকি কাম কৰিবলৈ অথবা অন্য কাৰণত অসমলৈ গুচি আহে ৷ গতিকে ১৯৪৭ চনত অসমলৈ বলপূৰ্বকভাৱেই হওক অথবা নিজ ইচ্ছাতেই হওক, অসমলৈ প্ৰব্ৰজন কৰা আদিবাসী লোকৰ মুঠ সংখ্যা ৪০-৪৫ লাখৰ কম নিশ্চয় নাছিল ৷

বিভিন্ন তথ্য-পাতিয়ে এই কথা পৰিষ্কাৰকৈ দেখুৱাইছে যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছতেই অসমলৈ আদিবাসী শ্ৰমিকৰ এনে প্ৰব্ৰজন একেবাৰেই কমি যায় আৰু ১৯৫০ৰ দশকৰ শেষভাগলৈ আদিবাসী শ্ৰমিকৰ বলপূৰ্বক আমদানি সম্পূৰ্ণৰূপে বন্ধ হৈ যায় ৷ এইসকল আদিবাসী লোক পিছলৈ আৰু কেতিয়াও নিজৰ মূল ঠাইলৈ ঘূৰি নগ’ল৷ অসমকেই নিজৰ ‘একমাত্ৰ বাসভূমি’ অথবা ‘দেছ’ (দেশ) বুলি সাবটি লৈ, অসমীয়া ভাষাকে নিজৰ মুখৰ মাত বুলি ধৰি লৈ এইসকল লোকে পৰৱৰ্তী সময়ছোৱাত অসমৰ বৃহত্তৰ জাতি-গঠন প্ৰক্ৰিয়াত এক অভূতপূৰ্ব অৱদান আগ বঢ়ালে ৷

মই এই চুটি লেখাটোৰ জৰিয়তে ১৯০০-১৯৩০ চনৰ ভিতৰত অসমৰ চাহ বাগিছাসমূহত আদিবাসী শ্ৰমিকসকলৰ নেতৃত্বত সংঘটিত হোৱা শ্ৰমিক আন্দোলনসমূহৰ সম্পৰ্কে কিছু কথা উল্লেখ কৰাৰ লগতে সেই সময়ছোৱাত সংঘটিত এক বিদ্ৰোহৰ বিষয়ে আলোকপাত কৰিব খুজিছো৷ লগতে যুক্তি দাঙি ধৰিব খুজিছো যে সেই সময়ছোৱাত অসমৰ চাহ বাগিছাসমূহত সংঘটিত এই শ্ৰমিক আন্দোলনসমূহৰ মাজেদিয়েই বৃহত্তৰ অসমীয়া জাতি-গঠন প্ৰক্ৰিয়াই পাতনি মেলে ৷

4_KAMAL_TATI_-hat-birodhiঊনবিংশ শতিকাৰ শেষভাগলৈ কুখ্যাত বনুৱা চালানৰ ব্যৱস্থাৰ জৰিয়তে ব্ৰিটিছ ঔপনিবেশিক পুঁজিপতি মহলে অসম উপত্যকাৰ চাহ বাগিছাসমূহত এক ঔপনিবেশিকতাবাদী শাসন-ব্যৱস্থা গঢ়ি তোলে৷ চাহ বাগিছাসমূহৰ শ্ৰমিকসকলক শাৰীৰিক আৰু সামাজিকভাৱে ঔপনিবেশিকতাবাদী শাসনৰ প্ৰবল নিয়ন্ত্ৰণত ৰখাৰ ব্যৱস্থা কৰিবলৈ বিভিন্ন আইন-কানুন আৰু বাগিছাৰ নিজা নিজা নীতি-নিয়ম বলবৎ কৰা হয়৷ চাহ বাগিছাৰ ভিতৰছোৱাত আৰু বাহিৰছোৱাত শ্ৰমিকসকলৰ সকলোধৰণৰ সামাজিকতা আৰু গতিশীলতাত নাকী লগোৱাৰ লগে লগে বাগিছাৰ বাহিৰৰ পৃথিৱীৰ সৈতে কোনোধৰণৰ যোগাযোগ ব্যৱস্থা নাইকিয়া কৰি শ্ৰমিকসকলক কেৱল বাগিছাৰ ভিতৰতে আবদ্ধ কৰাৰ নীতি অৱলম্বন কৰা হয়৷ এনেধৰণৰ ঔপনিবেশিক নীতি-নিৰ্দেশনা অৱমাননা কৰিলে শ্ৰমিকসকলক বিভিন্নধৰণৰ কঠোৰ শাস্তি দিয়া হৈছিল ৷ তদুপৰি, পৰ্যায়ক্ৰমে শ্ৰমিকসকলক অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিকভাৱে চিৰদিনৰ বাবে পংগু কৰি তোলাৰ ব্যৱস্থা কৰা হৈছিল ৷

ব্ৰিটিছ চৰকাৰ আৰু বিদেশী ঔপনিবেশিক পুঁজিপতি মহলৰ এনেবোৰ সাম্ৰাজ্যবাদী চক্ৰান্তৰ বিষয়ে শ্ৰমিকসকলে অলপকৈ হ’লেও বুজিব পাৰিছিল আৰু পাৰ্যমানে বিভিন্ন ধৰণেৰে ইয়াৰ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল ৷ এনেবোৰ প্ৰতিবাদ আৰম্ভ হৈছিল ব্যক্তিগত স্তৰত আৰু ক্ৰমান্বয়ে এনেবোৰ ব্যক্তিগত স্তৰৰ প্ৰতিবাদে এক সমূহীয়া প্ৰতিবাদৰ ৰূপ ল’বলৈ আৰম্ভ কৰিছিল ৷

প্ৰথম বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ছোৱাত অসমৰ চাহ বাগিছাসমূহত শ্ৰমিকসকলৰ এনেবোৰ প্ৰতিবাদে সংঘবদ্ধ ৰূপ ল’বলৈ ধৰে আৰু ক্ৰমান্বয়ে এই প্ৰতিবাদ-আন্দোলনসমূহে স্পষ্টভাৱে ৰাজনৈতিক ৰূপ ল’বলৈ আৰম্ভ কৰে ৷ ক্ৰমান্বয়ে শ্ৰমিকসকলে নিজৰ অধিকাৰসমূহ সম্পৰ্কে অধিক সচেতন হৈ উঠে আৰু শ্ৰমিকৰ অধিকাৰসমূহ পূৰণৰ বাবে বিভিন্ন দাবী-সম্বলিত আন্দোলন গঢ়ি তোলে, বিভিন্ন সময়ত চাহ বাগিছাসমূহত ধৰ্মঘট কৰিবলৈ লয়, বিভিন্ন চাহ বাগিছাত কাম-কাজ বন্ধ কৰি দিয়া হয়৷ ক্ৰমান্বয়ে চাহ বাগিছাৰ শ্ৰমিকসকলৰ এই আন্দোলনসমূহ তীব্ৰতৰ হৈ উঠিছিল ৷ এনে আন্দোলনসমূহ বহু সময়ত হিংসাত্মকো হৈ উঠিছিল ৷ অবৰ্ণনীয় দৰিদ্ৰতা, চাহ বাগিছাৰ কাম-কাজত হোৱা তীব্ৰ মানসিক-শাৰীৰিক কষ্ট আৰু লগতে ঔপনিবেশিক শাসনে কোঙা কৰি তোলা চাহ শ্ৰমিকসকলৰ আন্দোলনে এনে ৰূপ লোৱাত কোনো অস্বাভাৱিকতা নাছিল ৷

১৯২০-২২ চনৰ সময়ছোৱাত চাহ শ্ৰমিকসকলৰ আন্দোলনে তীব্ৰতৰ ৰূপ লয় আৰু প্ৰথমবাৰৰ কাৰণে পূৰ্বৱৰ্তী সকলোবোৰ সংঘাত-আন্দোলনক ই সংখ্যাগত দিশৰপৰা চেৰ পেলায় ৷ কুখ্যাত বনুৱা চালানৰ ব্যৱস্থাৰ বিৰোধিতা কৰাৰ লগতে চাহ বাগিছাৰ শ্ৰমিকসকলক বিভিন্ন অধিকাৰ প্ৰদান কৰিবলৈ প্ৰবল ৰূপত আন্দোলন গঢ়ি তোলে৷ ঠায়ে ঠায়ে আৰু বাগিছাবোৰত সময়ে সময়ে সমাবেশ, ধৰ্মঘট, ধৰ্ণা আদি হ’বলৈ লয়৷ এই সময়ছোৱাৰ শ্ৰমিক আন্দোলনৰ তীব্ৰতা ইমানেই বৃদ্ধি পাইছিল যে ১৯২০-২২ চনৰ সময়ছোৱাৰ ঘটনাবোৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ ব্ৰিটিছ চৰকাৰে এখন অনুসন্ধানকাৰী সমিতি (Enquiry Committee) গঠন কৰি দিবলগীয়া অৱস্থা পাইছিলগৈ ৷

১৯০০-১৯৩০ চনৰ প্ৰথমছোৱাতে অসমৰ চাহ বাগিছাসমূহত গঢ়ি উঠা এক বিশেষ আন্দোলনৰ বিষয়ে কিছু কথা আলোকপাত কৰিব খুজিছো, যাক মই ‘হাট-বিৰোধী বিদ্ৰোহ’ বুলি অভিহিত কৰিব বিচাৰিছোঁ ৷ ‘Struggles in the Tea Plantations of Assam: Then and Now’ শীৰ্ষক এটা লেখাত সমাজ-বিজ্ঞানী ড0 সঞ্জয় বৰবৰাই সেই সময়ছোৱাত অসমৰ চাহ বাগিছাসমূহত সংঘটিত বিভিন্ন প্ৰতিবাদী আন্দোলন আৰু ব্ৰিটিছ ঔপনিবেশিকতাবাদী শক্তিসমূহৰ সৈতে অসমৰ চাহ শ্ৰমিকসকলৰ সংঘাতৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছে ৷ তেওঁ উল্লেখ কৰিছে যে সেই সময়ছোৱাত অসমৰ চাহ বাগিছা আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত গঢ় লৈ উঠা শ্ৰমিক আন্দোলনসমূহক বুজি পাবলৈ আমি দুটা গুৰুত্বপূৰ্ণ দিশ চালিজাৰি চাব লাগিব৷ প্ৰথমটো হৈছে, ভাৰতবৰ্ষকে আদি কৰি এছিয়া মহাদেশৰ বিভিন্ন অঞ্চলত গঢ় লৈ উঠা সাম্ৰাজ্যবাদ-বিৰোধী আন্দোলনসমূহ ৷ সমসাময়িক অসমত সাম্ৰাজ্যবাদ-বিৰোধী আন্দোলনৰ প্ৰধান নেতৃবৃন্দ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু সেই সময়ছোৱাত অসমত ভূমুকি মৰা বাঁওপন্থী শক্তিসমূহ ৷ দ্বিতীয়টো দিশ হৈছে, জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে আৰু সাংস্কৃতিক সীমা অতিক্ৰমি অসমৰ কৃষক ৰাইজ আৰু চাহ শ্ৰমিকসকলৰ মাজত গঢ় লৈ উঠা সন্মিলিত আৰু গোষ্ঠীগত সহযোগিতা যাক আমি Strategic Alliance বুলিও ক’ব পাৰোঁ ৷ ড0 সঞ্জয় বৰবৰাৰ এই যুক্তিটোৰ প্ৰসংগ টানি আমি এই কথা ক’ব খোজো যে সেই সময়ছোৱাত অসমৰ চাহ বাগিছাসমূহত সংঘটিত এই শ্ৰমিক-কৃষক আন্দোলনৰ মাজেদিয়েই প্ৰকৃততে বৃহত্তৰ অসমীয়া জাতি-গঠন প্ৰক্ৰিয়াই পাতনি মেলে ৷

‘Struggles of Adivasis of Assam’ শীৰ্ষক এটা প্ৰবন্ধত অসমৰ আদিবাসী বুদ্ধিজীৱী উইলফ্ৰে’ড তপ্নই ১৯০৪ চনৰপৰা ১৯১৬ চনৰ ভিতৰত সংঘটিত ‘হাট-বিৰোধী বিদ্ৰোহ’ আৰু এই বিদ্ৰোহৰ নেতা খ্ৰীষ্ট’ছন মুণ্ডাৰ বিষয়ে কিছু কথা উল্লেখ কৰিছে ৷ তেওঁ লিখিছে যে খ্ৰীষ্ট’ছন মুণ্ডাই ১৯০৪ চনৰপৰা ১৯১৬ চনৰ ভিতৰত অসমৰ আদিবাসী চাহ শ্ৰমিক আৰু স্থানীয় অসমীয়া কৃষক ৰাইজক সংগঠিত কৰি ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল ৷ ১৯২১ চনৰ ‘Labour Enquiry Report’ত উল্লেখ থকা মতে, খ্ৰীষ্ট’ছন মুণ্ডা সেই সময়ৰ দৰং জিলাৰ ফুলবাৰী চাহ বাগিছাৰ গীৰ্জাৰ পেষ্টৰ আছিল ৷ ১৮৮৯-১৯০০ চনৰ ভিতৰত বিৰছা মুণ্ডাৰ নেতৃত্বত ‘উলগুলান’ বা মুণ্ডা বিদ্ৰোহ সংঘটিত হৈ থকাৰ সময়ছোৱাৰ কোনোবা এটা সময়ত তেওঁ (বৰ্তমানৰ ঝাৰখণ্ডৰ) খুন্তি অঞ্চলত থকা নিজৰ পূৰ্বপুৰুষৰ ঘৰলৈ যায়৷ ‘উলগুলানে’ খ্ৰীষ্ট’ছনক সাংঘাতিকভাৱে প্ৰভাৱিত কৰে আৰু ফুলবাৰীলৈ ঘূৰি আহিয়েই তেওঁ আদিবাসী চাহ শ্ৰমিক আৰু স্থানীয় অসমীয়া কৃষক-ৰাইজক ব্ৰিটিছ চাহ মালিকসকলৰ বিৰুদ্ধে সংঘটিত কৰিবলৈ লয় ৷ সেই সময়তে খ্ৰীষ্ট’ছন মুণ্ডাৰ নেতৃত্বত আদিবাসী চাহ শ্ৰমিকসকলে বিৰছা মুণ্ডাৰ ‘উলগুলান’ বিদ্ৰোহৰ বাবে দান-বৰঙণি সংগ্ৰহ কৰিবলৈ লয় আৰু কেইবাবাৰো সেই দান-বৰঙণি তেওঁলোকে ছোটনাগপুৰলৈ পঠিয়াইছিল ৷

সেই সময়তে ব্ৰিটিছ চৰকাৰে অসমৰ বিভিন্ন স্থানত ‘হাট’ বা ‘গাঁৱলীয়া বজাৰ’ আৰম্ভ কৰে – যিবোৰক অৰ্থনৈতিক বিনিময়ৰ কেন্দ্ৰৰূপে গঢ়ি তোলা হয় ৷ সেই হাটবোৰত ‘গোলা’ নামেৰে কিছুমান দোকানো আৰম্ভ হয়, যিবোৰৰ কাম আছিল বয়-বস্ত্ত বেচা-কিনা কৰাৰ লগতে দুখীয়া মানুহক সুতত ধন ধাৰলৈ দিয়া ৷ সাধাৰণতে এই ধন ধাৰে দিয়া লোকসকল স্থানীয় নাছিল আৰু এওঁলোকৰ মূল উদ্দেশ্য আছিল গাঁৱলীয়া, নিৰক্ষৰ কৃষক-শ্ৰমিক আৰু চাহ শ্ৰমিকসকলক ঠগি তেওঁলোকক শোষণ কৰা ৷ ব্ৰিটিছ চৰকাৰেও নিজস্ব ঔপনিবেশিক স্বাৰ্থ পূৰণৰ অৰ্থে এনে ধন ধাৰে দিয়া মহাজন-জাতীয় লোকসকলক পোনপটীয়াকৈ উৎসাহিত কৰিছিল আৰু এনেদৰেই আদিবাসী চাহ শ্ৰমিককে আদি কৰি অসমীয়া কৃষক-ৰাইজক শোষণ-নিপীড়নৰ আৰু এটা পথ মুকলি হৈছিল ৷ খ্ৰীষ্ট’ছন মুণ্ডাকে ধৰি আন আন কিছু লোকে এই কথাটো ফটফটীয়াকৈ বুজিব পাৰিছিল আৰু এয়া যে সাম্ৰাজ্যবাদী ব্ৰিটিছ চৰকাৰ আৰু ব্ৰিটিছ চাহ মালিকসকলৰে আন এক চক্ৰান্ত, সেই কথা উপলব্ধি কৰিব পাৰি এনে ‘হাট’-সমূহ আৰু লগতে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে ৷

খ্ৰীষ্ট’ছন মুণ্ডা আৰু তেওঁৰ বন্ধু-বান্ধৱসকলে স্থানীয় অসমীয়া কৃষকসকলৰ সহযোগত ফুলবাৰী চাহ বাগিছা আৰু ওচৰ-পাঁজৰৰ চাহ বাগিছাসমূহৰ সমীপত থকা ‘হাট’-সমূহ আৰু সেইসমূহত থকা ‘গোলা’-বোৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে ৷ তেওঁলোকে হাটসমূহ আক্ৰমণ কৰি ধ্বংস কৰিবলৈ ধৰিলে, গোলাসমূহ লুট কৰিবলৈ ধৰিলে আৰু হাটসমূহত থকা গোলাবোৰ জ্বলাই দিবলৈ আৰম্ভ কৰিলে৷ তাৎপৰ্যপূৰ্ণভাৱে, খ্ৰীষ্ট’ছন মুণ্ডাৰ নেতৃত্বত চলা এই ‘হাট-বিৰোধী বিদ্ৰোহ’ত আদিবাসী চাহ শ্ৰমিকসকলৰ লগতে স্থানীয় অসমীয়া কৃষকসকলেও পূৰ্ণ সহযোগ আগ বঢ়াই এই বিদ্ৰোহত নামি পৰিছিল ৷ এই বিদ্ৰোহীসকল সোণাজুলি চাহ বাগিছা, কাঠনি চাহ বাগিছা, হেলেম, কছাৰীগাঁও আদি অঞ্চলসমূহতো বিয়পি পৰিছিল আৰু সেই অঞ্চলসমূহত থকা হাটসমূহ আক্ৰমণ কৰা আৰম্ভ কৰিছিল আৰু গোলাসমূহ ধ্বংস কৰিবলৈ লৈছিল ৷ খ্ৰীষ্ট’ছন মুণ্ডাই এই বিদ্ৰোহক ক্ৰমান্বয়ে বিস্তৃত ৰূপত লৈ যাব বিচাৰিছিল আৰু সেয়ে লাহে লাহে তেওঁ এই বিদ্ৰোহৰ মূল লক্ষ্য কৰি লয় ব্ৰিটিছ চাহ মালিকসকল আৰু ব্ৰিটিছ চৰকাৰক ৷ ক্ৰমান্বয়ে এই বিদ্ৰোহৰ তীব্ৰতা বাঢ়ি অহা দেখি ব্ৰিটিছ চৰকাৰ শংকিত হ’বলৈ ধৰে আৰু খ্ৰীষ্ট’ছন মুণ্ডাৰ বিৰুদ্ধে বিভিন্ন গোচৰ জাপি দি তেওঁৰ সন্ধানত পুলিচী অভিযান তীব্ৰতৰ কৰি তোলে ৷ ইতিমধ্যে এই বিদ্ৰোহ তুংগত উঠিছিল আৰু ইয়াৰে অনুপ্ৰৰণাত লাহে লাহে আদিবাসী চাহ শ্ৰমিকসকলে অসমৰ বিভিন্ন অঞ্চলত হাটসমূহ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে ৷ পুলিচী অভিযানৰ তীব্ৰতাত এদিন খ্ৰীষ্ট’ছন মুণ্ডা গ্ৰেপ্তাৰ হয় আৰু বিনা বিচাৰে ১৯১৬ চনৰ কোনোবা এটা দিনত ফুলবাৰী চাহ বাগিছাৰ ৰাজহুৱা স্থানত খ্ৰীষ্ট’ছন মুণ্ডাক ফাঁচীকাঠত ওলমাই মৃত্যুদণ্ড দিয়া হয় ৷ এনেদৰেই এটা বিদ্ৰোহী সত্তাৰ সামৰণি ঘটে ৷

খ্ৰীষ্ট’ছন মুণ্ডাক ফাঁচী দিয়াৰ পিছতো পিছে ‘হাট-বিৰোধী বিদ্ৰোহ’ৰ সামৰণি পৰা নাছিল, বৰং এই বিদ্ৰোহৰ তীব্ৰতা দিনক দিনে বৃদ্ধিহে পাইছিল ৷ এই ঘটনাৰ পিছত দৰং জিলাৰ কেইবাখনো চাহ বাগিছাৰ আদিবাসী চাহ শ্ৰমিকসকল একত্ৰিত হৈ পুনৰ আন্দোলন আৰম্ভ কৰে আৰু ব্ৰিটিছ চাহ মালিকসকলক চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি আৰু আন আন সা-সুবিধা দিবলৈ প্ৰবল দাবী জনায় ৷ ১৯২১ চনৰ ১৬ অক্টোবৰৰ দিনা দৰং জিলাৰ মোনাবাৰী আৰু কাঠনি চাহ বাগিছাৰ আদিবাসী চাহ শ্ৰমিকসকলে উন্নত সা-সুবিধা প্ৰদানৰ দাবীত আন্দোলন গঢ়ি তোলে ৷ তাৰো কিছুদিনৰ আগতে ১৯২১ চনৰ ২১ মাৰ্চৰ দিনা হেলেম চাহ বাগিছাত মজুৰি বৃদ্ধিৰ দাবীত গঢ়ি তোলা এক আন্দোলনত চাহ শ্ৰমিকসকলে বাগিছাৰ মহৰী, জমাদাৰ আৰু আন কিছুসংখ্যক কৰ্মচাৰীক আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে ৷ ঠিক সেইদৰে ১৯২১ চনৰে ৯ আৰু ১০ অক্টোবৰৰ দিনা সোণাজুলি আৰু কছাৰীগাঁও চাহ বাগিছাত শ্ৰমিকসকলে বাগিছাৰ মেনেজাৰ আৰু জমাদাৰক আক্ৰমণ কৰে ৷ এনেবোৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাত ব্ৰিটিছ চৰকাৰে এই বিদ্ৰোহক কঠোৰ হাতেৰে দমন কৰিবলৈ আৰম্ভ কৰে আৰু এটা সময়ত এনেবোৰ শ্ৰমিক বিদ্ৰোহ ধ্বংস কৰাত সফল হয়৷

এই সময়ছোৱাৰ শ্ৰমিক আন্দোলনসমূহে তীব্ৰতৰ ৰূপ লাভ কৰিলেও, পৰৱৰ্তী সময়ত পিছে এইসমূহ আন্দোলনে এক ‘ঐক্যবদ্ধ আৰু সংঘবদ্ধ চাহ শ্ৰমিক আন্দোলন’ হিচাপে গঢ় লৈ উঠিব নোৱাৰিলে আৰু সেই কাৰণতে সম্ভৱতঃ অসমৰ সেই সময়ছোৱাৰ ইতিহাসত ই যথাযোগ্য গুৰুত্ব লাভ কৰিবলৈ সক্ষম নহ’ল ৷ পৰৱৰ্তী সময়ছোৱাতো অসমৰ ইতিহাসবিদসকলে এই বিক্ষিপ্ত আন্দোলনসমূহৰ ঐতিহাসিক গুৰুত্ব উপলব্ধি কৰিবলৈ সক্ষম নহ’ল ৷ সেয়েহে বোধকৰোঁ, অসমৰ ইতিহাসত আজিও খ্ৰীষ্ট’ছন মুণ্ডাৰ নাম পোৱা নাযায়৷ সেয়েহে মই এই লেখাৰ জৰিয়তে আদিবাসী শ্ৰমিক-নেতা আৰু মহান সংগ্ৰামী সত্তা খ্ৰীষ্ট’ছন মুণ্ডাৰ ঐতিহাসিক অৱদানক যথাযোগ্য স্বীকৃতি দিবলৈ সংশ্লিষ্ট পক্ষসমূহক অনুৰোধ জনালোঁ৷

Share Button
Print Friendly, PDF & Email

No Comments : "হাট-বিৰোধী বিদ্ৰোহ আৰু খ্ৰীষ্ট’ছন মুণ্ডাৰ ফাঁচী"

Leave a Comment

Your email address will not be published. Required fields are marked *