গুৰুমাতাৰ বেলুনটো

বৰ্ণালী বৰুৱা দাস

দাঢ়ি-গোঁফ চিকুণকৈ খুৰুৱা পৰিপাটি ডেকাজন‌। ৰুক্ষ চুলিত জেল-তেল দি আৰু অলপ ৰুক্ষতা সানি লোৱা নৱ-প্ৰজন্মৰ বিপৰীতে একেবাৰে শান্ত সমাহিত ৰূপ‌। ভালকৈ চালে কপালত জান-নেজান চন্দনৰ ফোঁট এটাও দেখিব পাৰে‌। মোৰ গৃহস্থ তেওঁৰ শিক্ষক‌। ডেকাজনে মোক এদিন গুৰুমাতা বুলি সম্বোধন কৰিলে‌। তেওঁ যিটো সাংস্কৃতিক পৰম্পৰাৰে লালিত-পালিত হৈছে তাত হেনো গুৰুপত্নীক গুৰুমাতা বুলি যথেষ্ট সন্মান কৰা হয়‌!

আঃ! মোৰ যে কি অৱস্থা‌! শিক্ষকৰ পত্নী হোৱাৰ যহতে যি সন্মান পালো, সঁচাকৈ কৈছো, একেবাৰে গেছ-বেলুন এটাৰ দৰে ফুলি মই ওপৰলৈ উৰি উৰি গৈ থাকিলো‌।

হিপ্ হিপ্ হুৰে‌।

গুৰুমাতা উৰে‌।‌।

ডেকাজনৰ ধৰ্মীয় সাংস্কৃতিক ঐতিহ্যত নাৰীক কেনেকুৱা সন্মান দিয়া হৈছিল? সেইবোৰ কথা প্ৰায়ভাগ শিক্ষিত মানুহে জানেই‌। তথাপি সন্মানটো যিহেতু সেই সাংস্কৃতিক ঐতিহ্যবাহী এজনৰপৰাই পালো‌, মনৰ মাজতে আকৌ এবাৰ গা চেকচেকাই যোৱা ‘সন্মানজনক’ শ্লোককেইটা আওৰাই চালো‌। এই সংস্কৃতিত নাৰী নামৰ ‘যৌন যন্ত্ৰ’টোৰ আচাৰ-আচৰণ কেনেকুৱা?

নৈতা ৰূপং পৰীক্ষন্তে নাসাং বয়সি সংস্থিতি‌।

সুৰূপং বা বিৰূপং বা পুমানিতয়েব ভুঞ্জতে‌।‌। (মনুসংহিতা, নৱম অধ্যায়-১৪)

এক কথাত নাৰী এক সৰ্বগ্ৰাসী যৌন ক্ষুধাৰ নাম‌। এক সদা অতৃপ্ত বহ্নিশিখাৰ নাম‌। যাৰ বিচাৰ-বিবেচনা একো নাথাকে। সুৰূপেই হওক, কুৰূপেই হওক, ল’ৰাই হওক, বুঢ়াই হওক, মুঠতে যিকোনো পুৰুষ হ’লেই তেওঁলোকৰ কাম চলে‌।

সেয়েহে য’তে-ত’তে, যাৰে-তাৰে স’তে এনে ক্ষুধা যাতে পূৰণ কৰিব নোৱাৰে তাৰ বাবে গৃহস্থই তেওঁক সদাব্যস্ত ৰাখিব লাগে‌। ধনৰ সংগ্ৰহ আৰু তাৰ ব্যয়সাধনত, নিজৰ শৰীৰটো আৰু ঘৰুৱা বস্তু-বাহানিবোৰ পৰিষ্কাৰ কৰি ৰখাত, ৰন্ধা-বঢ়াত, মুঠতে সমস্ত ঘৰুৱা দায়িত্বত ব্যস্ত ৰখাটো একান্তই কৰ্তব্য—

অৰ্থস্য সংগ্ৰহে চৈনাং ব্যয়ে চৈব নিয়োজয়েৎ‌।

শৌচে ধৰ্ম্মেহয়পক্ত্যাঞ্চ পাৰিণাহাস্য বেক্ষণে‌।‌। (মনুসংহিতা, নৱম অধ্যায়-১১)

27_BARNALI_gurumataমনু ডাঙৰীয়াৰ এনে অজস্ৰ নিৰ্দেশে নাৰীক দিয়া অপাৰ ‘সন্মান’ৰ ভৰত কোঙা হৈ থকাজনে যে সেই শাস্ত্ৰত আৰু নিজৰ সন্মান বিচাৰি নাযায় সি ধুৰূপ‌। মাজে মাজে অৱশ্যে দুই-এজনে দুটামান শ্লোক দি বুজাব খোজে বোলে, চোৱা, মনুৱে নাৰীক কেনেকৈ পূজা কৰিবলৈ কৈছে‌। পিছে তেনে পূজাৰ আঁৰত লুকাই থকা মূল উদ্দেশ্য ফাঁচ হৈ পৰিবলৈও বেছি সময় নালাগে‌। তাৰ দুটামান পৰৱৰ্তী শ্লোকৰ ভাষাতেই‌ সি পৰিষ্কাৰ হৈ পৰে। গতিকে দীঘলীয়া প্ৰণাম এটা জনাই ধৰ্মশাস্ত্ৰত নাৰীৰ বাবে সন্মান বিচৰাৰ পৰ্ব ইতিমধ্যেই বাদ দিছিলো‌। পিছে হঠাৎ গুৰুমাতা বুলি পোৱা সন্মানে ভাবিবলৈ বাধ্য কৰিলে - নহয়, নহয়, আছিল, সন্মান অকণমান কৰ’বাত আছিল‌। মই চাবহে জনা নাছিলো‌। সেই সন্মান আছিল গুৰুগৃহত‌। ব্ৰহ্মচৰ্য ব্ৰতত থাকি গুৰুগৃহত শিক্ষা গ্ৰহণ কৰা শিষ্যৰ হৃদয়ত‌।

মই উৰি ফুৰা বেলুনটোত টাইম মেচিন এটা লগাই লগে লগে বহু বছৰ পিছুৱাই গ’লো‌। গুৰুমাতাৰ প্ৰতি বিৰল সন্মানৰ নমুনা নিজে দৰ্শন কৰি জীৱন সাৰ্থক কৰোঁ‌। এয়া মই উপস্থিত হ’লোঁহি এজন গুৰুৰ গৃহত‌। পৰ্ণ কূটিৰ‌। ৰঙা মাটিৰে সুন্দৰকৈ লিপি থোৱা কুঠৰী‌। সৌৱা সূৰ্যোদয়ৰ আগতেই স্নানাদি সম্পন্ন কৰি ব্ৰহ্মচাৰী শিষ্যটিয়ে গুৰুৰ আসনতকৈ নিম্ন আসনত বহি পাঠ আওৰাইছে‌। গুৰুদেৱ স্নান কৰিবলৈ গ’ল‌। সৌৱা সদ্যস্নাতা গুৰুপত্নীও কাষত কলহ লৈ কূটিৰত সোমাইছেহি‌। গুৰুমাতাক অভিবাদন জনাবলৈ শিষ্যটি সাজু হ’ল‌। এখোজ আগ বাঢ়িছেহে, হঠাৎ দেখোন গমগমীয়া মাত এটা শুনিলো‌। ইফালে সিফালে চাই দেখোঁ, মনু ডাঙৰীয়া‌। -

ৰ’বা শিষ্য‌। তোমাৰ এই গুৰুমাতা গুৰুৰ সবৰ্ণা নে অসবৰ্ণা স্ত্ৰী? যদি সবৰ্ণা তেতিয়া বাৰু ঠিকেই আছে‌। তেওঁ গুৰুদেৱৰ সমানেই পূজনীয়‌। কিন্তু তেওঁ যদিহে গুৰুৰ অসবৰ্ণা স্ত্ৰী হয় তেন্তে ইমান হাবুডুবু খাব নালাগে ৰ’বা‌। থিয় হৈ দূৰৰপৰা অভিবাদন জনালেই হ’ব‌।

গুৰুবৎ প্ৰতিপূজ্যাঃ স্যুঃ সবৰ্ণা গুৰুযোজিতঃ‌।

অসবৰ্ণাস্তু সস্পূজ্যাঃ প্ৰত্যুত্থানাভিবাদনৈঃ‌।‌। (মনুসংহিতা, ২য় অধ্যায়, ২১০)

মনুৰ নিৰ্দেশত শিষ্যজনে খন্তেক চিন্তা কৰিলে‌। নাই কোনো দোষ নাই, গুৰুমাতা গুৰুৰ সবৰ্ণা স্ত্ৰীয়েই‌। তেওঁ অভিবাদন জনাবলৈ সাজু হ’ল‌। আকৌ মনুৰ গমগমীয়া মাত -

শিষ্য, চাবা যাতে কেতিয়াও গুৰুপত্নীক স্নান কৰোৱা, গাত তেল সানি দিয়া, গা মালিচ কৰি দিয়া, চুলি ফণিয়াই দিয়া আদি কামত নধৰা‌।

গুৰুপত্ন্য ন কাৰ্যাণি কেশনাঞ্চ প্ৰসাধনম্‌। ‌(মনুসংহিতা, ২য় অধ্যায়, ২১১)

শিষ্যটি অকণমান বিৰক্ত হ’ল যেন‌! কিয়নো তেওঁ গুৰুপত্নীক এইবোৰ শুশ্ৰূষা কৰিবলৈ যাব‌? তেওঁ মাত্ৰ গুৰুমাতাৰ ভৰি চুই প্ৰণাম এটা জনাব‌। তেওঁ আৰু এখোজ আগুৱাই গ’ল‌। নাই, মনু ক্ষান্ত হোৱা নাই‌। তেওঁৰ কণ্ঠেৰে পুনৰ নিৰ্গত হ’ল—

গুৰুপত্নী তু যুবতিৰ্নাভিবাদ্যেহ পাদয়োঃ‌।

পূৰ্ণবিংশতিবৰ্ষেণ গুণদোষৌ বিজানতা‌।‌। (২য় অধ্যায়, ২১২)

দোষ-গুণেৰে বিধৌত যুৱক শিষ্যই যুৱতী গুৰুপত্নীক কেতিয়াও ভৰি স্পৰ্শ কৰি অভিবাদন কৰিব নালাগে‌।

কাৰণটো জানিবলৈ শিষ্যটিয়ে কি‌ঞ্চিৎ ভ্ৰূ কুঞ্চিত কৰিলে‌। মনুৱে তেওঁক আশ্বস্ত কৰিবলৈকে যেন ক’লে-

স্বাভাব এষ নাৰীণাং নৰাণামিহ দূষণম্‌।

অথোহৰ্তায় প্ৰমাদ্যন্তি প্ৰমদাসু যিপশ্চিতঃ‌।‌। (২‌।২১৩)

অবিদ্বাংসমলং লোকে বিদ্যাং সমপি বা পুনঃ‌।

প্ৰমদা হ্যুৎ পথং নেতু কামাক্ৰোধবশানুগম‌।‌। (২‌।২১৪)

ইহলোকত পুৰুষক দূষিত কৰাই নাৰীৰ স্বভাৱ। সেইবাবে পণ্ডিতসকলে নাৰীৰ ক্ষেত্ৰত কেতিয়াও প্ৰমত্ত বা অসাৱধান নহয়‌। সংসাৰত দেহধৰ্মবশতঃ সকলোৱেই কাম-ক্ৰোধৰ বশীভূত‌। লাগিলে অবিদ্বানেই হওক বা বিদ্বানেই হওক, কামিনীয়ে অনায়াসে তেওঁলোকক উন্মাৰ্গগামী কৰিবলৈ সমৰ্থ হয়‌।

মাত্ৰা স্বস্ৰা দুহিত্ৰা বা ন বিৰিক্তাসনো ভবেৎ‌।

বলবানিন্দ্ৰিগামো বিদ্বাংসমপি কৰ্যতি‌। (২‌।২১৫)

মাতা, ভগ্নী, কন্যা আদিৰ স’তেও নিৰ্জন গৃহত বাস কৰিব নালাগে‌।

শিষ্যটি দোধোৰ-মোধোৰত পৰিল‌। কি কৰে, গুৰুমাতাৰ পদস্পৰ্শ কৰিবলৈ উঠিছিলেই‌! কেনেকৈনো পিছলৈ যায় এতিয়া? অৱস্থা দেখি মনুৱেই সমিধান দিলে -

যদি অভিবাদন জনাবৰ একান্তই ইচ্ছা হয়, যুৱক শিষ্যই যুৱতী গুৰুপত্নীৰ পদস্পৰ্শ নকৰি “মই অমুকে আপোনাক অভিবাদন জনাইছো” বুলি কৈ মাটিত স্পৰ্শ কৰিলেই হ’ব‌। (২‌।২১৬) কোনোবা বৃদ্ধা গুৰুপত্নী যদি বহুদিনীয়া প্ৰবাসৰ অন্তত ঘূৰি আহি পায়হি, তেনে অৱস্থাত যুৱক শিষ্যই শিষ্টাচাৰৰ বাবে প্ৰথমদিনা বৃদ্ধাৰ পাদস্পৰ্শ কৰিব পাৰিব‌। কিন্তু সিমানেই‌। তাৰ পাছৰ দিনৰপৰা মাটি চুয়েই অভিবাদন কৰিব‌। (২‌।২১৭)

একান্ত বাধ্য শিষ্যটিয়ে থেৰো-গেৰোকৈ মাটিতে খামুচি ক’বলৈ ধৰিলে - “গুৰুমাতা! মই অমুক‌। এয়া মই আপোনাক পৰম শ্ৰদ্ধাৰে . . .”

শিষ্যৰ শ্ৰদ্ধাৰ জোৱাৰ দেখি মই আৰু ৰ’ব নোৱাৰিলো‌। লাহেকৈ বেলুনত উঠি বৰ্তমানৰ বুকুলৈ উৰা মাৰিলো‌। এবাৰ পাছফাললৈ মূৰ কৰি দেখিলোঁ, সতৃষ্ণ নয়নেৰে এখুজি-দুখুজিকৈ গুৰুপত্নীয়ে খোজ লৈছে ৰন্ধনশালালৈ‌।

ইফালে মোৰো ফুলি উঠা বেলুনটোৰ অৱস্থা তথৈবচ‌। মনু মহাৰাজৰ গম্ভীৰ মাতৰ খুন্দাত পম গৈ গৈ উৰি যোৱা বেলুনটো পাক-ঘূৰণি খাই খাই একেকোবে মাটিত পৰিলহি‌। গৃহস্থৰ শিষ্য দুজনমান গৈ আছিল‌। মই বোলো, বোপাইহঁত ঔ! তহঁতে যি কৰ কৰ‌। লাগিলে মুখৰ আগেদি দুটামান ওভোত মাত মাতিয়েই পাৰ হৈ যা‌। কিন্তু মোক গুৰুমাতা বুলি সন্মান দিব নালাগে বোপাইহঁত!

-------------০০০০০০০------------

Share Button
Print Friendly, PDF & Email

No Comments : "গুৰুমাতাৰ বেলুনটো"

Leave a Comment

Your email address will not be published. Required fields are marked *