গোদাবৰ্মন মোকৰ্দমা তথা বন সংৰক্ষণ বিপ্লৱ

কামাল আজাদ

টি. এন. গোদাবৰ্মন বনাম ইউনিয়ন অফ ইণ্ডিয়া, কেছ নং ২০২/১৯৯৫| তামিলনাডুৰ নীলগিৰি জিলাত চলা অবাধ বন ধ্বংসযজ্ঞৰ প্ৰেক্ষাপটত টি. এন. গোদাবৰ্মন থিৰুমুলপাড়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (পি আই এল)খনে বন সংৰক্ষণৰ ইতিহাসত এক নজিৰবিহীন বিপ্লৱৰ সূচনা কৰিছিল| কেছটোত বনাঞ্চলক পৰিস্থিতিতান্ত্ৰিক, সামাজিক, অৰ্থনৈতিক আদি বিভিন্ন দৃষ্টিকোণেৰে বিস্তৃতভাৱে বিশ্লেষণ কৰা হৈছিল আৰু তাৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে ভালেকেইটা গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছিল| এই প্ৰতিটো নিৰ্দেশকেই বনাঞ্চল সংৰক্ষণৰ মাইলৰ খুঁটি বুলি কোৱা হয়|

গোদাবৰ্মনৰ এই পেটিচনখনে বনাঞ্চল সংৰক্ষণৰ সৈতে জড়িত সকলো দিশ সাঙুৰি লৈ সেইবোৰৰ সমাধানৰ আইনী প্ৰয়াস কৰিছিল| তামিলনাডুৰ নীলগিৰি জিলাৰ ক্ৰান্তীয় বৰ্ষাৰণ্য ধ্বংসকাৰ্যই চাৰিখন আইন, ক্ৰমে Forest Act 1927, Forest (Conservation) Act 1980, Tamil Nadu Hill Stations Preservation of Trees Act 1955 আৰু Environment (Protection) Act 1986অৰ যথাক্ৰমে ২৬ নং অনুচ্ছেদ, ২ নং অনুচ্ছেদ, ৩ নং অনুচ্ছেদ আৰু ৭ নং অনুচ্ছেদ উলংঘা কৰিছিল| গোদাবৰ্মনে পেটিচনখনত তামিলনাডু চৰকাৰ, নীলগিৰি জিলাৰ ৰাজহ বিষয়া, বন সংমাণ্ডলিক বিষয়া আৰু স্থানীয় টিম্বাৰ কমিটিৰ নায্যতাৰ প্ৰতিবাদ জনাই উক্ত পক্ষবোৰক বিবাদীৰূপে থিয় কৰাইছিল| বন তথা পৰিবেশ সংৰক্ষণৰ ববে ইমানবোৰ আইন থকা সত্ত্বেও চৰকাৰ তথা কাৰ্যৰূপায়ণৰ দায়িত্বত থকা সংস্থাবোৰৰ গাফিলতিৰ বাবে অবাধ বনধ্বংস চলি থকাটো স্পষ্টভাৱে প্ৰতিফলিত কৰিছিল|

নীলগিৰি বনাঞ্চলৰ ধংসকাৰ্যত চৰকাৰী তন্ত্ৰ আৰু কাঠ মাফিয়াসকলৰ ন্যস্ত স্বাৰ্থ জড়িত হৈ আছিল| বন বিভাগৰ কৰ্তৃপক্ষ, কাঠ মাফিয়াসকল আৰু স্থানীয় চৰকাৰী কৰ্তৃপক্ষৰ মাজত মূল্যৱান চিতশাল (Dalbergia latifolia) আৰু চেগুন কাঠৰ সুসংগঠিত অবৈধ ব্যৱসায় গঢ় লৈ উঠিছিল| একোডাল গছৰ বজাৰ মূল্য ১০ৰপৰা ১৫ লাখ টকাপৰ্যন্ত হোৱাৰ বাবে এনে অবৈধ বেহা ৰোধ কৰাটো একপ্ৰকাৰে অসম্ভৱ হৈ পৰিছিল|

পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য আৰু বনাঞ্চলৰ আশে-পাশে থকা লোকসকলৰ জীৱন আৰু জীৱিকা নিৰ্বাহ, এই দুয়োটা গভীৰ তথা সংবেদনশীল বিষয়| এই দুয়োটা বিষয় গোদাবৰ্মনৰ পেটিচনখনত গুৰুত্বপূৰ্ণভাৱে উপস্থাপন কৰা হৈছিল| পশ্চিম-ঘাট অঞ্চলৰ বহুত বিৰল প্ৰজাতিৰ জীৱ-জন্তু বিস্তৃত ক্ৰান্তীয় বৰ্ষাৰণ্যৰ ওপৰত নিৰ্ভৰশীল| তাৰোপৰি বৰ্ষাৰণ্যবোৰ পশ্চিম-ঘাট অঞ্চলৰ প্ৰায়বোৰ নদ-নদীৰ প্ৰধান উৎস| এই বনাঞ্চলবোৰ ধ্বংস কৰাৰ ফলত তাত বাস কৰা বিৰল প্ৰজাতিবোৰৰ বসতি বিনষ্ট হোৱাৰ উপৰিও অঞ্চলটোত বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাৰ সম্ভাৱনা বঢ়াই তুলিলে| ফলত মানুহৰ উপৰিও আন জীৱ-জন্তুবোৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’ল| বনাঞ্চলৰ আশে-পাশে থকা লোকসকলৰ বাবে জংঘলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ| দৈনিক উপাৰ্জনৰ বাবে জংঘলত উপলব্ধ মৌ, ধূণা, খৰি, পাত আদি ন’ন-টিম্বাৰ ফৰেষ্ট প্ৰডাক্ট (NTFP), শাক-পাচলি আদিৰ ওপৰত নিৰ্ভৰশীল হয়| বনাঞ্চল এখন ধ্বংস হ’লে তাৰ আশে-পাশে থকা লোকসকলৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে| তেওঁলোকে পাৰম্পৰিক জীৱিকা নিৰ্বাহৰ পথ ত্যাগ কৰিবলগীয়া হয়, কৰ্মৰ অভাৱত চহৰাঞ্চললৈ যাবলগীয়া হয়, লোকৰ ঘৰত বনুৱা খাটিবলগীয়া হয়| ফলস্বৰূপে তাৎক্ষণিক অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তন আহি পৰে আৰু ভাৰসাম্য বিনষ্ট হয়| ক্ৰান্তীয় বৰ্ষাৰণ্যৰ জীৱ-বৈচিত্ৰ্য ভৱিষ্যতৰ মানৱকুলৰ বাবে সংৰক্ষণ কৰাটো অতীব প্ৰয়োজনীয় বুলি পেটিচনখনত জোৰ দিয়া হৈছিল|

লক্ষণীয় যে গোদাবৰ্মনে অতি কৌশলপূৰ্ণভাৱে অঞ্চলটোৰ বাসিন্দাসকলৰ মৌলিক অধিকাৰৰ হকে মাত মাতিছিল | নীলগিৰি অঞ্চলৰ বনাঞ্চলবোৰ কাটি তহিলং কৰাৰ ফলত তাত জীয়াই থাকিবৰ বাবে আৱশ্যকীয় নিকা বাতাবৰণ বিনস্ত হৈছে অৰ্থাৎ সংবিধানৰ ২১ অনুচ্ছেদ উলংঘা কৰা হৈছে বুলিও তেওঁ দাবী উত্থাপন কৰিছিল|

কেৱল নীলগিৰি অঞ্চল বুলিয়েই নহয়,সমকালীনভাৱে সমগ্ৰ দেশতেই একেই অৱস্থা বিৰাজমান আছিল| সেয়েহে সৰ্বোচ্চ ন্যায়ালয়ে গোদাবৰ্মনৰ আবেদনখনক অতি গুৰুত্বসহকাৰে বিবেচনা কৰে। ন্যায়ালয়ে উক্ত পেটিচনৰ সৈতে দেশৰ আনবোৰ অঞ্চলৰ প্ৰায় দুই হাজাৰৰো অধিক আলোচনামূলক (Interlocutory) আবেদন সাঙুৰি লৈছিল আৰু পিছলৈ সেইবোৰৰ ভিত্তিত আনবোৰ ৰাজ্যলৈও নিৰ্দেশ জাৰি কৰিছিল| উক্ত নিৰ্দেশবোৰত বনাঞ্চল সংৰক্ষণৰ উপৰিও নদ-নদী, জলাশয় আৰু বন্যপ্ৰাণী আদিৰ সংৰক্ষণৰ বাবেও বহুখিনি কথাক সাঙুৰি লোৱা হয়|

প্ৰথমখন নিৰ্দেশতেই উচ্চতম ন্যায়ালয়ে ‘ফৰেষ্ট’ (বনাঞ্চল) শব্দটোৰ প্ৰকৃত ব্যাখ্যা আগ বঢ়াইছিল| এই ব্যাখ্যা মতে ‘ফৰেষ্ট’ শব্দৰ আভিধানিক অৰ্থটোকেই প্ৰকৃত ব্যাখ্যাৰূপে ধৰি লোৱা হ’ল| অৰ্থাৎ চৰকাৰ, ব্যক্তিগত অথবা কোনোবা জনগোষ্ঠী যাৰেই মালিকীস্বত্ব নাথাকক কিয়, গছ-লতাৰে আচ্ছাদিত বৃহৎ এলেকাক ‘ফৰেষ্ট’ হিচাপে আইনগত স্বীকৃতি দিয়া হ’ল| ইয়াৰ পূৰ্বে Forest (Conservation) Act 1980ত ‘ফৰেষ্ট’ শব্দটোৱে অকল ‘ৰিজাৰ্ভ ফৰেষ্ট’হে সূচাইছিল যাৰ ফলত ‘ৰিজাৰ্ভ ফৰেষ্ট’ৰ বাহিৰৰ বিস্তীৰ্ণ বনাঞ্চলবোৰ এই আইনৰ অধীনস্থ নাছিল আৰু এই ছেগতেই আইনৰ সুৰুঙা লৈ কাঠ মাফিয়াবোৰে কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল|

ন্যায়ালয়ৰ এই নিৰ্দেশৰ ফলত দেশৰ কাঠৰ উদ্যোগ স্তব্ধ হৈ পৰোঁ পৰোঁ অৱস্থাৰ উপক্ৰম হয়| উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চলৰ বাবে এই ৰায় লেখত ল’বলগীয়া| উত্তৰ-পূৰ্বাঞ্চলৰ বেছিভাগ বনাঞ্চলেই ‘ৰিজাৰ্ভ ফৰেষ্ট’ নামাকৰণৰ বাহিৰত আছিল| চিৰসেউজ অৰুণাচল প্ৰদেশৰ বেছি বনাঞ্চলেই কমিউনিটি ফৰেষ্ট (Community Forest)| এই কমিউনিটি ফৰেষ্টবোৰত তাত বাস কৰা জনজাতিবোৰৰ অধিকাৰ থাকে| এইবোৰৰ বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰিয়েই উত্তৰ-পূৰ্বাঞ্চলত কাঠফুলাৰ দৰে অসংখ্য কাঠ-মিল, প্লাইউড উদ্যোগ গঢ়ি উঠিছিল| নিৰ্দেশটোত উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যত গছ কটা সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছিল আৰু বাকী চাৰিখন ৰাজ্যত গছ কটাৰ আংশিক অনুমতি দিয়া হৈছিল| কাঠ-মিলসমূহ বন্ধ কৰা হৈছিল আৰু উত্তৰ-পূৰ্বাঞ্চলৰপৰা বাহিৰলৈ কাঠৰ ৰপ্তানি সম্পূৰ্ণ বন্ধ কৰা হৈছিল| তাৰোপৰি ১৯৯৮ চনত উত্তৰ-পূৰ্বাঞ্চলৰ সকলোবোৰ কাঠৰ উদ্যোগৰ অনুজ্ঞাপত্ৰ কৰ্তন কৰা হৈছিল|

পিছলৈ মোকৰ্দমাটো বহু ব্যাপক আৰু জটিল হৈ পৰে আৰু ইয়াৰ নিয়ন্ত্ৰণ অতি কঠিন হৈ পৰিল| ইয়াৰ সঠিক আলোচলাৰ বাবে ন্যায়ালয়েও বিভিন্নধৰণৰ কৌশলগত পদ্ধতি উদ্ভাৱন কৰিছিল| ‘এমিকাছ কিউৰি’ (বিষয়বস্তু সাপেক্ষে আইনী পৰামৰ্শৰ বাবে ন্যায়ালয়ৰদ্বাৰা নিযুক্ত নিৰপেক্ষ হিতাৰ্থী) নিযুক্ত কৰিছিল, ৰাজ্য-বিশেষে অথবা বিষয়বস্তু-বিশেষে বিভিন্নধৰণৰ বিশেষজ্ঞ কমিটি গঠন কৰিছিল| অৱশেষত ২০০২ চনত এটি কেন্দ্ৰীয় ক্ষমতাসম্পন্ন কমিটি Central Empowered Committee (CEC) গঠন কৰি ন্যায়ালয়ে উক্ত কমিটিক এই সংক্ৰান্তীয় সকলো ক্ষমতা অৰ্পণ কৰে|

এই সময়ছোৱাত উচ্চতম ন্যায়ালয়ৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল - উন্নয়নশীল দেশ ভাৰতৰ ক্ৰমবৰ্ধিত উদ্যোগীকৰণ আৰু বনাঞ্চল সংৰক্ষণ, এই দুয়োবিধৰ মাজত ভাৰসাম্য ৰখাটো | এই সন্তুলন ৰক্ষা কৰিবলৈ আদালতে ২০০২ চনত নেট প্ৰেজেন্ট ভেল্যু (NPV) বুলি এক পৰিকল্পনাৰ আৰম্ভণি কৰিলে| NPVৰ অৰ্থনৈতিক পৰিভাষা হ’ল উদ্যোগীকৰণৰ বাবে কোনো বনাঞ্চল যদি অপসাৰণ বা ধ্বংস কৰিবলগীয়া হয় তাৰ বিনিময়ত ভৰিবলগীয়া মূল্য| সেই সময়ত প্ৰতি হেক্টৰ বনাঞ্চল অপসাৰণৰ বিনিময়ত বনাঞ্চলটোৰ বৈশিষ্ট্য আৰু ঘনত্বৰ অনুপাতে ৫.৮ লাখৰপৰা ৯.২ লাখ টকাপৰ্যন্ত ধাৰ্য কৰা হৈছিল| ন্যায়ালয়ে এই কেন্দ্ৰীয় পুঁজিক প্ৰতিপূৰক বনানীকৰণ পুঁজি (Compensatory Afforestation Fund, CAF) হিচাপে নামকৰণ কৰা হৈছিল আৰু ইয়াক কেবল বনানীকৰণৰ বাবেহে ব্যৱহাৰ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছিল| পুঁজিৰ ব্যৱহাৰ সুচাৰুভাৱে কৰিবলৈ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী বন মন্ত্ৰণালয়ে ২০০৪ চনত প্ৰতিপূৰক বননীকৰণ প্ৰবন্ধন আৰু পৰিকল্পনা আয়োগ (Compensatory Afforestation Management and Planning Agency, CAMPA) গঠন কৰিছিল| উল্লেখনীয় যে কেৱল CAMPAৰ অধীনত ২০১০-১১ বিত্তীয় বৰ্ষত ৯৮৩.৯ কোটি, ২০১১-১২ বিত্তীয় বৰ্ষত ১০৩৫.৪ কোটি, ২০১২-১৩ বিত্তীয় বৰ্ষত ৯৪৩.১ কোটি, ২০১৩-১৪ বিত্তীয় বৰ্ষত ১০০২.৭ কোটি আৰু ২০১৪-১৫ বিত্তীয় বৰ্ষত ৩০৮ কোটি বিভিন্ন ৰাজ্যলৈ বনানীকৰনৰ বাবে আবন্টিত হৈছে| তাৰোপৰি উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপতেই ২০০৪ চনত বন উপদেষ্টা কমিটি (Forest Advisory Committee, FAC) গঠন কৰা হয়| এই কমিটিৰ অনুমোদন নোহোৱাকৈ কোনো বনাঞ্চল অপসাৰণৰ প্ৰস্তাৱ গৃহীত কৰা নহয়|

১৯৯৬ৰ নিৰ্দেশ অনুযায়ী বনাঞ্চলৰ ‘ৱৰ্কিং প্লেন’সমূহক আইনী কলেবৰ দিয়াটো গোদাবৰ্মন কেছৰ আন এক গুৰুত্বপূৰ্ণ দিশ| ৰাজ্যৰ বনাঞ্চলবোৰৰ ‘ৱৰ্কিং প্লেন’সমূহ কেন্দ্ৰই অনুমোদন নিদিয়াপৰ্যন্ত বন কৰ্তৃপক্ষৰদ্বাৰা গছ কটা স্থগিত ৰখা হৈছিল| এই নিৰ্দেশে বিশেষভাৱে দুটা তাৎপৰ্য বহন কৰিছিল| ইয়াৰে প্ৰথমটো হ’ল ৰাজ্যসমূহে ৱৰ্কিং প্লেন প্ৰস্তুত কৰাটো বাধ্যতামূলক কৰা আৰু দ্বিতীয়তে গছ কটা প্ৰক্ৰিয়াটো আইনৰ গণ্ডীত ৰাখি বিভাগক অধিক জবাবদিহি কৰি তোলা| তাৰোপৰি এই ৱৰ্কিং প্লেনসমূহত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বনাঞ্চল (মূলতঃ ৰিজাৰ্ভ ফৰেষ্ট)সমূহৰ বাদেও আনবোৰ বনাঞ্চল, যেনে, কমিউনিটি ফৰেষ্ট আদিকো সাঙুৰি লোৱা হৈছিল|

২০০২ চনৰ এক নিৰ্দেশমৰ্মে হিমাচল প্ৰদেশৰ পাহাৰৰ ডাঙৰ ডাঙৰ শিলবোৰত কোকাকোলা, পেপ্‌ছি, এছ বি আই আদিৰ দৰে বহুজাতিক কোম্পানি/প্ৰতিষ্ঠানসমূহে পেইন্টিঙৰদ্বাৰা কৰা বিজ্ঞাপনবোৰ তাৎক্ষণিকভাৱে অপসাৰণ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছিল| উচ্চতম ন্যায়ালয়ে এই মোকৰ্দমাটো যে অতি সূক্ষ্মভাৱে অধ্যয়ন কৰি নিৰ্দেশবোৰ জাৰি কৰিছিল তাৰ এইটো এক উৎকৃষ্ট উদাহৰণ| বিজ্ঞাপনবোৰৰ পেইন্টিঙে পাহাৰৰ এক বিশেষ পৰিস্থিতিতন্ত্ৰৰ ক্ষতি কৰিছিল| তাৰোপৰি ই অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্যও বিনষ্ট কৰিছিল| হিমাচল প্ৰদেশৰ পাহাৰীয়া পৰ্যটন অঞ্চলৰ উপৰিও কৰ্ণাটকৰ ৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুকাষে কোম্পানি/অনুষ্ঠানৰ এনেবোৰ অশোভনীয় কাৰ্যৰ উদাহৰণ দি বাকী ৰাজ্যবোৰকো প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল| হিমাচল প্ৰদেশৰ পাহাৰৰ শিলাময় এলেকাবোৰৰ পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰৰপৰা ১ কোটি টকাৰ অনুদানো বিচৰা হৈছিল|

আনহাতে, ১৯৯৬ ৰ অন্য এক নিৰ্দেশমৰ্মে ৰে’ল মন্ত্ৰণালয়ক ৰে’ল-লাইনৰ ৰেলিঙত কাঠৰ সলনি আন বিকল্পৰ ব্যৱহাৰৰ বাবে নিৰ্দেশ জাৰি কৰাটো আন এক গুৰুত্বপূৰ্ণ ৰায়দান হিচাপে চিহ্নিত হৈছে |

এইখিনিতে উল্লেখনীয় যে বিভিন্ন সীমাবদ্ধতাৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশবোৰৰ কাৰ্যকৰীকৰণত বহুতো বাধা সৃষ্টি হোৱাও দেখা গৈছিল| সেয়েহে কাৰ্যকৰীকৰণৰ দৃষ্টিকোণেৰে মোকৰ্দমাটোৰ সফলতা বা বিফলতাৰ মূল্যায়ন কৰাত কিছু অসুবিধা নথকা নহয়| আনহাতে, উচ্চতম ন্যায়ালয়ৰ কিছু ৰায়ত সমালোচনাৰ অৱকাশো থাকি গৈছিল| উদাহৰণস্বৰূপে, কাঠ উদ্যোগবোৰ বন্ধ হোৱাৰ ফলত ৰাজ্যবোৰৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ সাংঘাতিকভাৱে হ্ৰাস পাইছিল| ২০০০ৰপৰা ২০০১ চনৰ ভিতৰত অৰুণাচল প্ৰদেশৰ ৰাজহ সংগ্ৰহ প্ৰায় ৮৪% হ্ৰাস পাইছিল| মণিপুৰৰ বন্য উৎপাদৰপৰা পোৱা ৰাজহ ১৯৯৭ৰপৰা ২০০০ চনৰ ভিতৰত ২.৯ কোটি টকাৰপৰা ০.৬ কোটিলৈ হ্ৰাস পাইছিল| এনেধৰণৰ আকস্মিক অৰ্থনৈতিক ঘাটিৰপৰা ৰাজ্যসমূহক সকাহ দিবলৈ কোনোধৰণৰ কাৰ্য্যব্যৱস্থাৰ বিবেচনা কৰা হোৱা নাছিল;বৰঞ্চ মহামান্য আদালতে কোনো আপোচ নকৰাকৈ নিজৰ স্থিতিত অলৰ-অচৰ হৈ থিয় দিছিল|

সৰ্ব্বোচ্চ আদালতৰ ১৯৯৬ৰ নিৰ্দেশমৰ্মে বনাঞ্চলৰ ব্যৱস্থাপনাৰ বাবে অতি শীঘ্ৰেই ৱৰ্কিং প্লেনসমূহ প্ৰস্তুত কৰি কেন্দ্ৰৰ অনুমোদন লোৱাৰ দৰকাৰ আছিল যদিও ২০০২ চনলৈ দেশৰ মাথোঁ ১৪ শতাংশহে ৱৰ্কিং প্লেন প্ৰস্তুত হৈছিল| আজিলৈও অসমকে ধৰি বহু ৰাজ্যৰ ৱৰ্কিং প্লেনৰ কাম সম্পূৰ্ণ হৈ নুঠিলেই| মেঘালয় চৰকাৰে এখোপ আগ বাঢ়ি ওলোটা শৰ মাৰিবলৈহে প্ৰস্তুত হৈছিল| মেঘালয়ৰ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় বন মন্ত্ৰণালয়ক মেঘালয়ৰ বনাঞ্চলসমূহক ‘ৰোপিত বনাঞ্চল’ (Plantation Forest) হিচাপে স্বীকৃতি দিয়াটো বিচাৰিছিল যাতে বনাঞ্চলসমূহক ৱৰ্কিং প্লেনৰ বাহিৰত ৰাখিব পৰা যায়| মূঠতে ৱৰ্কিং প্লেন প্ৰস্তুতিত ৰাজ্যসমূহে অপাৰগতা দেখুৱাইছিল| তদুপৰি এই নিৰ্দেশটোৰ প্ৰতি ৰাজ্যসমূহৰ অসহযোগিতাৰ মনোভাবো স্পষ্ট হৈ পৰিছিল| কেৱল সেয়াই নহয়,ৰাজ্যবোৰত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় মুকলিকৈ চলিয়েই থাকিল| সেই সময়ত অসমৰ বিভিন্ন চহৰে-নগৰে ৰখা কাঠৰ প্ৰায় ৬০% ই আছিল বে-আইনী কাঠ|

২০০৭ চনত ৱাশ্বিংটনৰ এনভাইৰনমেন্টেল ল ইন্সটিটিউটৰপৰা প্ৰকাশিত এখন প্ৰতিবেদনত বৃন্দা দত্ত আৰু তেওঁৰ সহযোগী সকলে এটা সুন্দৰ মন্তব্য আগ বঢ়াইছিল| তেঁওলোকৰ মতে, কেন্দ্ৰীয় বন মন্ত্ৰণালয়ৰ বৈজ্ঞানিক দৃষ্টিভংগীৰ অভাৱ আৰু অত্যধিক আমোলাতান্ত্ৰিক স্বভাৱৰ বাবে প্ৰতিষ্ঠানটোৱে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশবোৰৰ সৈতে তাল মিলাই কাম কৰিব পৰা নাছিল| ৰাজ্যৰ বনবিভাগবোৰৰো একেই অৱস্থা| বনাঞ্চলসমূহত আৱশ্যকীয় গৱেষণা আৰু সেইবোৰৰ সম্পাদনৰ বাবে কোনোধৰণৰ বিতং পৰিকল্পনা নাই| সকলো কাম আমোলাৰদ্বাৰাই সম্পাদন কৰোৱাৰ চেষ্টা কৰাটো ৰাজ্যৰ বনবিভাগবোৰৰ অতিকৈ দুৰ্বল পৰিকল্পনা বুলি গণ্য কৰিব পৰা যায়|

উচ্চতম ন্যায়ালয়ৰ বিভিন্ন ৰায়ৰ ভেটিতে কেন্দ্ৰীয় বন মন্ত্ৰণালয়ে ২০০২ চনত দেশৰ বনাঞ্চলসমূহৰপৰা বেদখলীকৰণ মুক্ত কৰিবলৈ এটা অতি বিতৰ্কমূলক নিৰ্দেশনা জাৰি কৰিছিল| নিৰ্দেশনাটোত ১৯৮০ চনক শেষ সীমা হিচাপে ধৰি তাৰ পিছৰ সকলো বেদখলকাৰীক উচ্ছেদ কৰাৰ সিদ্ধান্ত ল’লে| ইয়াৰ পিছতে বনবিভাগে হাতীৰে অতি নিষ্ঠুৰভাৱে বহু জুপুৰি তহিলং কৰি শ শ দৰিদ্ৰ পৰিয়ালক গৃহহীন কৰিছিল| সেউজীয়া খেতিপথাৰ ধ্বংস কৰা হৈছিল যাৰ ফলত দেশজুৰি হাহাকাৰৰ সৃষ্টি হৈছিল| অতীজৰেপৰা বনাঞ্চলৰ আশে-পাশে আৱশ্যকীয় নথি-পত্ৰ অবিহনে বাস কৰা নিঃকিন, নিৰক্ষৰ জনগণ তথা জনজাতীয় লোকসকলৰ মানৱ অধিকাৰ উলংঘা কৰা পৰিস্থিতিৰ সৃষ্টি হ’ল| সেয়েহে পিছলৈ তেওঁলোকৰ ন্যায্য অধিকাৰৰ ৰক্ষাৰ বাবে ওপৰঞ্চিভাৱে ২০০৬ চনত The Scheduled Tribes and Other Traditional Forest Dwellers (Recognition of Forest Rights) Act খন বলৱৎ কৰিবলগা হ’ল|

এই সকলোবোৰ বিষয় বিশ্লেষণ কৰি ক’ব পাৰি যে সামগ্ৰিকভাৱে গোদাবৰ্মন মোকৰ্দমাটোৱে বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত এনেকুৱা কিছুমান অভুতপূৰ্ব বিষয় উপস্থাপন কৰিলে যিবোৰ বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত সদায়ে পথপ্ৰদৰ্শক হৈ ৰ’ব| আৰু সেইবাবেই আজিৰ তাৰিখতো গোদাবৰ্মনে দাখিল কৰা আবেদন তথা তাৰ পিছৰ ঘটনাপ্ৰৱাহৰ গুৰুত্ব অনেক।

Share Button
Print Friendly, PDF & Email

No Comments : "গোদাবৰ্মন মোকৰ্দমা তথা বন সংৰক্ষণ বিপ্লৱ"

Leave a Comment

Your email address will not be published. Required fields are marked *