চাহ বাগানৰ শৈক্ষিক অৱস্থা

অংশুমান শৰ্মা

 

যাৰ তেজেৰে চাহৰ ৰং ৰঙা : চাহ বাগানবোৰত অসমৰ ২০% মানুহৰ বসতি। যাৰ জীৱন আজিও পশ্চাতপদতাৰ অটল গহ্বৰত। ৰাজপথৰপৰা ২০০ মিটাৰ খোজ কাঢ়ি “কুলি লাইন”ত উপস্থিত হ'লে এনে লাগে যেন টাইম মেচিনত উঠি ২০০ বছৰ পিছুৱাই আহিছো। বাগিছাৰ বাহিৰ আৰু ভিতৰ দুখন ভিন্ন পৃথিৱী। বাগিছাৰ বাহিৰৰ পৃথিৱীত পুঁজিবাদী ভোগৰ ছিটিকনি হ'লেও trickle down হৈ সাধাৰণ মনুহৰ গাত পৰিছে। বাগিছাৰ ভিতৰত এতিয়াও এক ঔপনিৱেশিক জগত। অসমৰ চাহ বাগানৰ বিষয়ে আমেৰিকাৰ The Gurdian সংবাদ গোষ্ঠীয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰৰ নাম Modern Slaves in Assam. হয়, দাসৰ দৰেই অনা হৈছিল এওলোকক। দাসসদৃশ জীৱন এতিয়াও। প্ৰায় দুশ বছৰ পাৰ হৈ গৈছে। কেইবাটাও প্ৰজন্ম। দুশ বছৰত গঢ়ি উঠিছে শোষণৰ কটকটীয়া বান্ধোন। চৰ্দাৰৰ কথা শুনিবয়ে লাগিব। বাবুলৈ ভয় লাগে। আৰু চাহাব!চাহাবতো “মাই বাপ”। দুশ বছৰে দুখ,যন্ত্ৰণা,বঞ্চনা সহ্য কৰি কৰি এতিয়া যেন সেইবোৰ মজ্জাগত হৈ পৰিছে।

আইনত বহু কথাই আছে :১৯৫২ চনৰ Assan plantation Labour ruleৰ ৫২ নং ধাৰা অনুসৰি সকলো বাগিছাতে প্ৰাথমিক বিদ্যালয় স্থাপন কৰা আৰু তাৰ ১০০% চোৱাচিতাৰ দায়িত্ব বাগান মালিক পক্ষৰ। একেই আইনৰ ৫৫ নং ধাৰ অনুসৰি বাগিছা কৰ্তৃপক্ষই প্ৰতি ৪০জন ছাত্ৰ/ছাত্ৰীৰ বাবে এজনকৈ শিক্ষক নিযুক্তি দিব লাগিব। আকৌ ৫৭ নং নিয়ম অনুসৰি কোনো ছাত্ৰ/ছাত্ৰীৰপৰা একো মাছুল ল'ব নোৱাৰিব। কিন্তু এই নিম্নতম আইনখিনিও সকলো ঠাইতে ৰূপায়ণ হোৱা নাই।

বাগিছাৰ শৈক্ষিক অৱস্থা :এজন গৱেষকৰ মতে চাহ বাগিছাৰ শৈক্ষিক অৱস্থা (প্ৰাপ্তবয়স্কৰ সক্ষৰতা আৰু নামভৰ্তি হাৰৰ ভিত্তিত) ভাৰতৰ দ্বিতিয় সৰ্বনিম্ন। একমাত্ৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ নৃগোষ্ঠীয় লোকসকলহে শৈক্ষিক দিশত এওঁলোকতকৈ অলপ পিছপৰা।

     অসমৰ স্বাক্ষৰতাৰ হাৰ ৬৪%। চাহ জনগোষ্ঠীৰ স্বাক্ষৰতাৰ হাৰ ২৭%। গোলাঘাট আৰু কাছাৰ জিলাত দুখন প্ৰাথমিক বিদ্যালয় অসম চৰকাৰে চলাই আছে। তাৰ বাদে চাহ বাগানৰ সকলো প্ৰাথমিক বিদ্যালয় বাগান কৰ্তৃপক্ষই চলায়। অসম সৰ্বশিক্ষা মিছনে বাগিছাৰ ভিতৰত শিক্ষা প্ৰসাৰৰ বাবে বাগিছা শিক্ষা কমিটি'পাতি দিছে। 'বাগিছা শিক্ষা কমিটি'য়ে ২০০৭ চনত দিয়া প্ৰতিবেদন আৰু বিভিন্ন গৱেষক তথা প্ৰতিষ্ঠানৰ অধ্যয়নৰপৰা প্ৰকৃত ছবিৰ কিছু আভাস পোৱা যায়।

১। বিদ্যালয়বোৰৰ আন্তঃগাঁথনি অতি বেয়া। ডেস্ক,বেন্সো নাই বহু বিদ্যালয়ত। আনকি একো নোহোৱাকৈ গছৰ তলতো বিদ্যালয় চলি আছে। RTE মতে থাকিবলগীয়া ব্লেকব'ৰ্ড,গ্লোব,মেপ আদিৰতো চিন-মোকামেই নাই।

২। বহু ঠাইত ১৫০/২০০ ছাত্ৰ/ছাত্ৰীক এজন শিক্ষকেই পঢ়াই আছে।

৩। সাধাৰণতে বাগিছাৰ শিক্ষিত শ্ৰমিক এজনকে বাগিছা কৰ্তৃপক্ষই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰূপে নিয়োগ কৰে। বহু সময়ত শিক্ষকজনে আধা সময় বাগিছাত কাম কৰি বাকী আধা বেলা পাঠদান কৰে। বাগিছাত কাম নকৰি কেৱল পাঠদান কৰিলে দৰমহা কৰ্তনো কৰা হয়।

৪। বাগিছাত পাত ছিঙাৰ সময়ত বহু ঠাইত বিদ্যালয় বন্ধ থাকে। কিয়নো ছাত্ৰ-শিক্ষক সকলো পাত ছিঙাৰ কামত লাগিব লাগে।

৫। বহু ছাত্ৰ/ছাত্ৰীয়ে প্ৰথমিক বিদ্যালয়ো সমাপ্ত নকৰে। বিষেশকৈ ছোৱালীবোৰক ৯/১০ বছৰ বয়সতে বাগিছাৰ কামত লগাই দিয়া হয়।

৬। শিক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ কোনো ব্যৱস্থা নাই।

প্ৰাথমিক শিক্ষাৰেই এই অৱস্থা। উচ্চ মাধ্যমিক বা স্নাতক শিক্ষা স্পৰ্শ কৰা (উত্তীৰ্ণ নহয়)মানুহ, আনকি ডাঙৰ বাগানবোৰতো আঙুলিৰ মূৰত গণিব পৰাকৈ আছে। North East SocialReseach Centre (NESRC)য়ে চলোৱা এক ক্ষেত্ৰভিত্তিক সমীক্ষা মতে ৭,৫৯% পুৰুষ আৰু ৩,৬৬% মহিলাহে উচ্চ বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। ২,২৭% পুৰুষ আৰু ০.৩৯% মহিলা স্নাতক। এই প্ৰতিবেদন মতেই চাহ জনগোষ্ঠীৰ মাত্ৰ ০.৪১% মনুহে বিশ্ববিদ্যালয়ৰ ডেওনা অতিক্ৰম কৰিছে।

24_ANGSHUMANআপাত দৃষ্টিত শিক্ষাৰ এই অনগ্ৰসৰতাৰ বাবে মানুহবোৰৰ অসচেতনতাও এটা কাৰণ। কিন্তু আচলতে প্ৰজন্মৰ পিছত প্ৰজন্ম এক ঔপনিৱেশিক পৰিৱেশত তেওঁলোকক অসচেতন কৰিয়ে ৰখা হৈছে।

শিশু শ্ৰমিক আইনত সুৰুঙা : বাগিছা শ্ৰমিক আইন, ১৯৫১ৰ ২৪ অৰু ২৬ নং ধাৰা অনুসৰি বাগিছাৰ ভিতৰত ১২ বছৰৰ অনূৰ্ধ্ব কোনো শিশুৱে কাম কৰিব নোৱাৰিব। কিন্তু ১২ৰপৰা ১৭ বছৰৰ ল'ৰা-ছোৱালীয়ে বাগানৰপৰা শাৰীৰিক সক্ষমতাৰ প্ৰমাণপত্ৰ পাবৰ বাবে (সপ্তাহত ২৭ ঘন্টাতকৈ বেছি আৰু ৰাতি কাম নকৰোৱাৰ চৰ্তত)কাম কৰিব পাৰিব বুলিও উল্লেখ আছে। আকৌ এই প্ৰমাণপত্ৰখন বাগিছাত স্থায়ী শ্ৰমিকৰূপে নিয়োগ পাবলৈ দৰকাৰ হয়। এই প্ৰমাণপত্ৰ আহৰণৰ কথাটোৱে শিশু শ্ৰমিক নিয়োগক একপ্ৰকাৰ বৈধতা প্ৰদান কৰে। ১৯৮৬ চনৰ শিশু শ্ৰম নিষিদ্ধ আৰু নিবাৰণ আইন (Child Labour Prohibition and regulation Ac, 1986)খনে আগৰ বাগিছা শ্ৰমিক আইন, ১৯৫১ৰ সংশোধন কৰি বাগিছাত শ্ৰমিক নিয়োগৰ নিম্নতম বয়স ১৪ বছৰ ধৰি দিয়ে। কিন্তু বাকী সকলো একে থাকে। দেশৰ বাকী সকলো শিশু শ্ৰমবিৰোধী আইনত ১৫ বছৰৰ তৰৰ শিশুক কামত নিয়োগ কৰিলে শিশু শ্ৰমিক বুলি ধৰা হয়।

ধোঁৱাচাঙত শিক্ষাৰ মৌলিক অধিকাৰ আইন :এই আইন মতে ৬ৰপৰা ১৪ বছৰৰ সকলো শিশুৱে শিক্ষা লাভৰ সুযোগ পোৱাটো মৌলিক অধিকাৰ। অসম সৰ্বশিক্ষা অভিযান মিছনে ২০০১২ চনত চলোৱা এক সমীক্ষা মতে অসমত ৬ৰপৰা ১৪ বছৰৰ ২৫% শিশু বিদ্যালয়লৈ যাব পৰা নাই। চাহ বাগিছাৰ ভিতৰত এই হাৰ ৪৩%। আইন মতে বাগিছাৰ মালিক পক্ষৰ দায়িত্ব প্ৰথমিক বিদ্যালয় স্থাপনৰহে। কিন্তু যদি শিক্ষাৰ মৌলিক অধিকাৰ আইন প্ৰয়োগ হ'ব লাগে তেন্তে বাগিছাত মাধ্যমিক তথা উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ দায়িত্ব কাৰ? নিশ্চয় চৰকাৰৰ। অসম চৰকাৰে ইমান বছৰেতো নকৰিলেই,RTE আইনখন হোৱাৰ পিছতো কৰা নাই। এইদৰে চৰকাৰ নিজেই নিজৰ আইন ভঙ্গ কৰাৰ অপৰাধত অপৰাধী।

Share Button
Print Friendly, PDF & Email

No Comments : "চাহ বাগানৰ শৈক্ষিক অৱস্থা"

Leave a Comment

Your email address will not be published. Required fields are marked *