ছাৰাভাই ভা'ছেছ ছাৰাভাই : বাস্তৱৰ ব্যংগ প্ৰতিফলন

সুজাতা হাতীবৰুৱা

ভাৰতলৈ দূৰদৰ্শনৰ আগমনৰ লগে লগে আহিল আগতে নথকা এবিধ বিনোদনৰ উৎস ধাৰাবাহিক। প্ৰথমে ছেগাচোৰোকাকৈ আৰম্ভ হোৱা এই নতুন মাধ্যমটোৱে লাহে লাহে আৰু কেবলৰ আমদানিৰ পিছত অতি দ্ৰুতভাৱেই বিনোদনৰ এক বৃহৎ উদ্যোগ হিচাপে চলচ্চিত্ৰৰ পিছতেই গঢ় ল’বলৈ সক্ষম হৈছে।

অতি গুৰুত্বপূৰ্ণ সামাজিক বিষয়ৰ পৰা আৰম্ভ কৰি বিজ্ঞানভিত্তিক, ৰহস্যধৰ্মী, ভৌতিক, সাক্ষাৎকাৰ তথা প্ৰতিযোগিতামূলক, বাস্তৱ, কল্পনা আদি বিভিন্ন বিষয় লৈ আৰম্ভণিৰে পৰা ভাৰতত ধাৰাবাহিক নিৰ্মাণ হৈ আহিছে। বৰ্তমান কেৱল ভাৰতীয় চেনেলৰে দৈনিক প্ৰচাৰিত মুঠ ধাৰাবাহিকৰ সংখ্যা তিনিশ মানৰ ঘৰ পাৰ হ'ব।

কোৱা হয়, আজিকালি ভাৰতত সৰহভাগ ধাৰাবাহিকৰ কাহিনীয়েই স্থূল। বিশেষকৈ ঘৰতে বহি দিন কটোৱা গৃহিণীসকলৰ বিনোদনৰ বাবেই অবাস্তৱ, আদি-অন্ত নোহোৱা কাহিনীৰে চমক সৃষ্টি কৰি এচাম নিৰ্মাতাই ধাৰাবাহিক নিৰ্মাণত গুৰুত্ব দিছে। যাৰ ফলত এহাতে এক বৃহৎ দৰ্শক গঢ় লৈ উঠিছে আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ আত্ম-প্ৰচাৰৰ বাট সুচল হৈছে। এনে ধাৰাবাহিকসমূহৰ 'লয়েল' এচাম দৰ্শকৰ বাহিৰে আনখিনিয়ে ভাৰতীয় ধাৰাবাহিক বুলিলেই পেনপেনীয়া শাহু-বোৱাৰীৰ কাহিনী বুলি বিদ্ৰূপেৰে নাক কোঁচায়।

কথাটো আংশিকভাৱে সত্য যদিও এয়া স্বীকাৰ কৰিবই লাগিব যে ভাৰতৰ দৰ্শকৰ মনত বহুকেইখন হিন্দী ধাৰাবাহিকে এৰাব নোৱৰাকৈ সাঁচ পেলাই থৈ গৈছে। যেনে বুনিয়াদ, হমলোগ, মালগুড়ি ডেইজ, সুৰভি, ব্যোমকেশ বক্সী, দেখ ভাই দেখ, থোড়া চা আচমান, শান্তি ইত্যাদি। আকৌ মহাভাৰত, ৰামায়ণৰ কথা নক’লোৱেইবা।

ভাৰতীয় দৰ্শকৰ বাবে জনপ্ৰিয় সংস্কৃতিৰ এক মাধ্যমত পৰিণত হোৱা এই বৈচিত্ৰ্যময় বিষয়-বস্তুৰ ধাৰাবাহিকসমূহৰ ভিতৰত কৌতুকধৰ্মী ধাৰাবাহিকো আছে। পিছে সংখ্যাত নিচেই কম। ব্যংগধৰ্মী ধাৰাবাহিকৰ সংখ্যা আৰু কম। দুই-এখন ছিট কমে (ছিটুৱেচনেল কমেডী) দৰ্শকৰ সমাদৰ (দেখ ভাই দেখ, খিচিড়ী, তাৰক মেহতা কা উলটা চশমা আদি) লাভ কৰিবলৈ সক্ষম হৈছে। পিছে তথাপিও সমাজৰ বাস্তৱক ব্যংগ কৰি নিৰ্মাণ কৰা ধাৰাবাহিক আঙুলিৰ মূৰত লেখিব পৰা হৈয়ে আছে।

10_SUJATA_sarabhaiক'ব বিচাৰিছো তেনে এখন ছিট কম তথা হাস্য-ব্যংগ ধাৰাবাহিক 'ছাৰাভাই ভা'ছেছ ছাৰাভাই' (Sarabhai v/s Sarabhai)ৰ বিষয়ে। দুহেজাৰ চাৰিৰ পৰা ছয় চনলৈ ষ্টাৰ ৱান চেনেলত সম্প্ৰচাৰিত হৈছিল এই ধাৰাবাহিকখন। নামটোত থকাৰ দৰেই কাহিনী বা ঘটনাবোৰ মূলতঃ এটা গুজৰাটী পৰিয়ালক লৈ গঢ়ি উঠিছে। দুজন ছাৰাভাইৰ মাজৰ প্ৰতিদ্বন্দ্বিতা যেন লাগিলেও সেয়া আচলতে মায়া ছাৰাভাই আৰু বোৱাৰীয়েক মনীষা ছাৰাভাইৰ মাজৰ খুঁট-খাটহে। কিন্তু সৰ্বাধিক প্ৰচলিত শাহু-বোৱাৰীৰ গতানুগতিক থিমটোৰ পৰা ঊৰ্ধত গৈ
সি ভাৰতৰ অভিজাত শ্ৰেণী আৰু সাধাৰণ মধ্যবিত্তক প্ৰতিনিধিত্ব কৰি দুয়োটা শ্ৰেণীৰে কেতবোৰ বৈশিষ্ট্যক ব্যংগাত্মক ৰূপেৰে উদঙাই দেখুৱাইছে।

ইন্দ্ৰৱৰ্ধন আৰু মায়া ছাৰাভাইৰ পৰিয়ালটো থাকে অভিজাত দক্ষিণ মুম্বাইৰ এক সম্ভ্ৰান্ত অঞ্চলত। প্ৰথম সন্তানদ্বয় চাহিল আৰু চনিয়া -দুয়ো বিবাহিত। চনিয়া পতিৰ লগত থাকে। বোৱাৰী মায়া আৰু অবিবাহিত কনিষ্ঠ পুত্ৰ ৰচেশক লৈ ছাৰাভাই পৰিয়াল এক সুখী পৰিয়াল।

অভিজাত সমাজত প্ৰতি খোজতে খোজ মিলাবলৈ যোৱা মায়া ছাৰাভাই, তেঁওক সংগ দিয়া সৰু পুত্ৰ ৰচেশ, আনহাতে এই কথা পেটে পেটে ভাল নোপোৱা স্বামী ইন্দ্ৰৱৰ্ধন আৰু মধ্যবিত্ত পৰিয়াল এটাৰ পৰা অহা বোৱাৰী মায়াৰ বন্ধুত্ব, দুয়োফালে ভাৰসাম্য বজাই চলা বৰপুত্ৰ চাহিল - প্ৰধানকৈ
পৰিয়ালটোৰ এই সদস্যসমূহৰ কান্ড-কাৰখানাক লৈয়ে গঢ়ি উঠিছে ধাৰাবাহিকখনত ভাৰতীয় লোকৰ জীৱনশৈলীক ব্যংগ কৰাৰ পৰ্ব।

ব্যংগৰ লক্ষ্য হৈ পৰিছে শাহু-বোৱাৰীৰ কোনো বিশেষ কাৰণ নোহোৱাকৈ লগা মুখ-চুপতি, আৰু তেনেবোৰ বিষয়ক লৈ দূৰদৰ্শনত প্ৰচাৰিত ধাৰাবাহিকবোৰ; য'ত আনকি কাহিনীৰ খাতিৰত অন্ধবিশ্বাস এসোপামানকো বেছ বিশ্বাসযোগ্যভাৱে দেখুওৱা হয় আৰু যিবোৰ ভাৰতৰ মধ্যবিত্তীয় দৰ্শকে দহোবন কাতি কৰি চায় আৰু ডিঙিলৈকে সঁচা বুলি গিলে।

আনহাতে, ভাৰতৰ অভিজাত সমাজখনো কম হিপ'ক্ৰিটিক নহয়। সমাজসেৱা বুলিলে কেৱল ৰাজহুৱাকৈ দান দিয়াটো বুজা বা কিছুমান নিজেই উত্থাপন কৰা ইছ্যুৰপৰা সন্তৰ্পনে ব্যক্তিগত জীৱনক নিলগাই ৰখা হাই প্ৰফাইল সমাজকৰ্মীসকল আৰু তেঁওলোকৰ কামক লৈ ব্যংগ কৰা হৈছে। উদাহৰণস্বৰূপে, সমাজকৰ্মী মায়া ছাৰাভাইৰ এটা দিন আৰম্ভ হৈছে শ্ৰমিকসকলৰ অধিকাৰৰ বাবে হ’বলগা দিনজোৰা অনশনেৰে। তাৰ মাজতে আকৌ থাকে কোনোবা বান্ধৱীৰ ঘৰত হেভী লান্সৰ নিমন্ত্ৰণ! এদিন সেই সম্ভ্ৰান্ত সমাজকৰ্মীৰ দলটো সফল হৈছে বস্তি এলেকাৰ চুলাই মদ উচ্ছেদ অভিযানত। সেই সফলতা তেঁওলোকে উদযাপন কৰিছে ৰাতি ককটেইল পাৰ্টিত। ইন্দ্ৰৱৰ্ধনে যেতিয়া এই পৰস্পৰবিৰোধিতাৰ কাৰণ সুধিছে তেতিয়া মায়াই কৃত্ৰিম আৱেগেৰে কৈছে যে তেঁওলোকে নিজে দামী মদ দামী গিলাছত লৈ খাবৰ বাবে সক্ষম। কিন্তু ৰাস্তাৰ কাষত প্লাষ্টিকৰ গিলাছত চুলাই মদ খাবলৈও সেই নিম্ন মধ্যবিত্ত লোকসকল আৰ্থিকভাৱে সক্ষম নহয়!

ভাৰতৰ সৰহভাগ মধ্যবিত্ত লোকেই বাবাজাতীয় লোকক বিশ্বাস কৰে। যিকোনো ঘৰুৱা সমস্যাৰে সমাধান যেনে যাদু কৰা, মুখ লগা, সন্তান নোহোৱা আদি সমস্যাত এনে বাবাবোৰে আগ বঢ়োৱা যিকোনো দৰবেই বিনাপ্ৰশ্নে মানুহে শ্ৰদ্ধাৰে বিশ্বাস আৰু গ্ৰহণ কৰে। মধ্যবিত্ত পৰিয়ালৰ পৰা অহা মনীষাও তাৰ ব্যতিক্ৰম নহয়। পিছে এই বাবাজাতীয় কথাবোৰ 'মিডল ক্লাছ' মানসিকতা বুলি হঁহা মায়া ছাৰাভাইহঁতৰ দৰে মানুহৰ প্ৰগতিশীলতাৰ উমান পোৱা যায় যেতিয়া তেঁওলোকৰ ক্লাছৰ লগত মিলা কোনো তথাকথিত আধুনিক বৈজ্ঞানিক ভৱিষ্যৎ দ্ৰষ্টাৰ লগত তেঁওলোকৰ নিকট সম্পৰ্ক থাকে। এনে হাই প্ৰফাইল জ্যোতিষীয়ে মধ্যবিত্তীয় বাবাহঁতৰ দৰে ৰাস্তাত বা মন্দিৰত বা ঘৰে ঘৰে শ-পঞ্চাশ টকাত হাত চাই নুফুৰে। তাৰ বাবে তেঁওলোকৰ কেবিন আছে, উচ্চ প্ৰৱেশমূল্য আছে। তেওঁলোকে ইংৰাজী ভাষাত কথা কয়। বাবাহঁতে দিয়া ছাই, ৰচী আদিৰ ঠাইত বিধান দিয়ে দামী পাত্থৰ, মণি আদি পৰিধানৰ। উচ্চ মধ্যবিত্তই ' বৈজ্ঞানিক জ্যোতিষ চৰ্চা'ৰ এই ধাৰাৰ ভিতৰত থাকি নিজকে অন্ধবিশ্বাসৰ পৰা মুক্ত বুলি ভাবি থাকে, লাগে সেই ভৱিষ্যৎবাণীবোৰ যিমানেই ভেঁকোভাওনাত পৰিণত নহওক!!!

উচ্চস্তৰীয় পঠন আৰু চিন্তনৰ ফলত ভাৰতৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈও আহিছে পৰিৱৰ্তন। সৰল প্ৰকাশভংগীৰ ঠাইত এবছাৰ্ড জাতীয় কবিতা, নাটচৰ্চাৰ প্ৰচাৰ বাঢ়িছে। যাৰ ফলত সাধাৰণ মানুহৰ বোধগম্য নোহোৱা ৰচেশৰ অদ্ভূত কবিতাবোৰে উচ্চ মধ্যবিত্ত শ্ৰেণীৰ সমাজত বেছ সমাদৰ লাভ কৰে। প্ৰগতিশীলতাৰ বাৰ্তা থাকিলেও এনে উচ্চস্তৰৰ সাহিত্য-সংস্কৃতিয়ে সাধাৰণ মানুহক চুব পাৰিছেনে? নে এয়া কেৱল অভিজাত মানুহৰ অভিজাত প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হোৱা দুখীয়া শ্ৰেণীক লৈ ৰচা কৃত্ৰিম ভাববিলাস? ইন্দ্ৰৱৰ্ধনে কায়দা কৰি মায়াক শলঠেকত পেলাবলৈ মায়াৰপৰা তেনে এখন নাটকৰ পাণ্ডুলিপি সৰকাই সেইখন ঘৰৰ মালী, ড্ৰাইভাৰ আৰু চকীদাৰৰ হতুৱাই লিখোৱালে। পিছে নাটকৰ নামত চলি থকা সাম্প্ৰতিক পৰীক্ষা-নিৰীক্ষা আৰু হট কেকৰ দৰে সাহিত্যত বিক্ৰী হোৱা সমাজবাদৰ দয়াত সেই তেনেই নিম্ন মানৰ নাভূত-নাশ্ৰুত কথাৰে ভৰপূৰ নাটকখনেও মঞ্চস্থ হৈ যথেষ্ট প্ৰশংসা বুটলিলে!

আনহাতে আঢ্যৱন্ত পৰিয়ালৰ পোহনীয়া পশু-প্ৰীতিয়ে মানুহৰ প্ৰতি থাকিবলগা মৰম আৰু দায়বদ্ধতাক ভালেখিনি চেৰ পেলাই যায়।

ভাৰতৰ মধ্যবিত্তীয় সমাজখনৰ চকুত লাগি ধৰা শ্বপিং মলৰ ৰঙচঙীয়া চশমা আৰু ৰেহাই মূল্যৰ সামগ্ৰী কিনাৰ নামত কৰা বহুৱালি আৰু মূৰ্খামিলৈও পৰিছে চোকা শেল।

দৰ্শকৰ সঁহাৰিৰ খাতিৰত হয়তো কেতিয়াবা নিচেই সাধাৰণ কথাক লৈও দুই-এটা খন্ড বনোৱা হৈছে। পিছে সামগ্ৰিকভাৱে উচ্চ তথা মধ্যবিত্ত শ্ৰেণীৰ নিজৰ মাজত থকা প্ৰতিযোগিতা, প্ৰদৰ্শনকামিতা, নিম্ন শ্ৰেণীৰ লোকৰ প্ৰতি থকা কৃত্ৰিম আন্তৰিকতা আদি বাস্তৱ সত্যবোৰ হাস্যৰসৰ মাজেৰে আঙুলিয়াই দিয়া বাবে, সম্প্ৰচাৰিত হৈ থকা সময়ছোৱাত বৰ বেছি TRP নাপালেও আমাৰ দৃষ্টিত, জনপ্ৰিয় সংস্কৃতিৰ বাহক ভাৰতীয় ধাৰাবাহিকৰ ইতিহাসত ছাৰাভাই ভা'ছেছ ছাৰাভাই কৌতুকধৰ্মী ধাৰাবাহিকবোৰৰ মাজতো এখন ব্যতিক্ৰমী ধাৰাবাহিক বুলি ক'ব পাৰি।

বিষয়বস্তু আৰু উপস্থাপনত সুকীয়া চিন্তা দেখা গ'ল। তাৰ পিছতেই ধাৰাবাহিকখনৰ সফলতাত হয়তো নাম ল’ব লাগিব অভিনয়ৰ। দুটা মূল চৰিত্ৰত অভিনয় কৰা স্বনামধন্যা অভিনেত্ৰী ৰত্না পাঠক শ্বাহ আৰু সতীশ স্বাহৰ অনন্য অভিনয়ৰ উপৰিও অনবৰত ল'ৰামতীয়া চৰিত্ৰ ৰচেশৰ ভূমিকাত থকা ৰাজেশ কুমাৰে আমোদৰ খোৰাক যোগায় । বাকী গাম্ভীৰ্য বজাই ৰাখিব বিচৰা চাহিল আৰু ছটফটীয়া মায়াৰ চৰিত্ৰত ক্ৰমে সুমিত ৰাঘৱন আৰু ৰূপালী গাংগুলী অভিনয় কৰা চৰিত্ৰকেইটাত খাপ খাই পৰে। আচলতে আটাইকেইটা চৰিত্ৰৰ মাজত থকা বিশ্বাসযোগ্য কেমিষ্ট্ৰি আৰু টাইমিঙৰ বাবে হাস্যকৰ পৰিস্থিতিবোৰ উপভোগ্য হৈ উঠে।

আনহাতে নিজেও এগৰাকী কৌতুক অভিনেতা হোৱাৰ সুবাদতে হয়তো ধাৰাবাহিকখনৰ চৰিত্ৰ এটাতো অভিনয় কৰা পৰিচালক দেৱেন ভূজনানীয়ে দক্ষতাৰে নিজৰ কাম কৰি যাব পাৰিলে।

Share Button
Print Friendly, PDF & Email

No Comments : "ছাৰাভাই ভা'ছেছ ছাৰাভাই : বাস্তৱৰ ব্যংগ প্ৰতিফলন"

Leave a Comment

Your email address will not be published. Required fields are marked *