ডিক্ৰঙৰ বানে উটুৱাই নিয়া মৰাশবোৰ

'দিত্য ৰঞ্জন

17_AUDITYA_dikrong

 ডিক্ৰঙৰ পানীত বান আহে৷

দলং ভাগে, দলঙৰ ওপৰৰ পৰা তলপ তলপকৈ মানুহবোৰ সৰি পৰে৷

গুড়ি পৰুৱাৰ দৰে উটি যায় মানুহবোৰ৷

এটাও নাবাচে, সব মৰে৷

শ শ মৰাশ!

পাৰৰ বালিত মাছুৱৈ জনে মাছ পুৰিছে৷

মনতে ভাবে, "বতৰ এনেকুৱা হৈ থাকিলে এইকেইদিন ঢেৰ মাছ পাম,

মৰা মানুহবোৰৰ গিয়াতালিৰ ভোজলৈ মাছ বিক্ৰিও বাঢ়িব৷

পিছে কোন ফৈদৰ মানুহ মৰিলে বা!

শংকৰ সংঘৰ যদি মাছ নাখায় নহয় গিয়াতালিত!"

চিন্তাত পৰে মাছুৱৈ!

মানুহখিনি মৰাৰ পাছত ক'ত বা পাইগৈ উটি উটি!

আত্মাটো ওলাই আহে নেকি মৰাশৰ পৰা!

আত্মাটো শংকৰী নে বামুনীয়া!

 

ভুটুংকৈ জাপ মাৰি ওলায় অহা জলপৰীজনীয়ে কয়,

"তই নাজান ককাই, মাইকী মানুহ মৰিলে জলপৰী হয়৷ মতা মানুহ মৰিলে মাছমৰীয়া হয়৷"

তেনেতে মাছমৰীয়াজনৰ হাতৰ পৰা আধাপোৰা মাছ এটা তপকৈ জাপ মাৰি ডিক্ৰঙত পৰেগৈ৷

আৰু কৈ যায়, "তই নাজান ককাই মিয়াঁ মৰিলে আধাপোৰা মাছ হয়, মইয়ো মিয়াঁই আছিলো, নেলীত মাৰিছিল মোক৷"

Share Button
Print Friendly, PDF & Email

No Comments : "ডিক্ৰঙৰ বানে উটুৱাই নিয়া মৰাশবোৰ"

Leave a Comment

Your email address will not be published. Required fields are marked *