ধৰ্মগ্ৰন্থৰ স্বৰূপ — ১ম খণ্ড

মূল : জয়ন্তানুজ বন্দোপাধ্যায়

অনুবাদ : বৰ্ণালী বৰুৱা দাস

বিভিন্ন দেশৰ প্ৰাচীন ধৰ্মত গুনিন বা পুৰোহিত শ্ৰেণীৰ চেষ্টাত ধৰ্মযাদু, তন্ত্ৰ-মন্ত্ৰ, পৌৰাণিক অতিকথা, দেৱ-দেৱী তথা পৰমেশ্বৰৰ কল্পনাৰ পাৰস্পৰিক পৰম্পৰা গঢ়ি উঠিছিল‌। কিন্তু কোৱা বাহুল্য যে লিপি আৱিষ্কাৰৰ আগলৈকে লিখিত ধৰ্মগ্ৰন্থ ৰচনাৰ কোনো সম্ভাৱনা নাছিল‌। প্ৰায় পাঁচ হাজাৰ বছৰৰ আগেয়ে মিছৰৰ পিৰামিডবোৰৰ বেৰত চিত্ৰলিপিত (hieroglyphs) সৰ্বপ্ৰথম মৃত্যুৰ পাছত আত্মাৰ গতি সংক্ৰান্তীয় কিছু কল্পনা আৰু তন্ত্ৰ-মন্ত্ৰ ৰচিত হৈছিল‌ (pyramid text)। তাৰ পাছত ডাঙৰ মানুহৰ কফিনত খোদাই কৰা পৰলোকতত্ত্ব তথা তাৰো পাছত পুৰোহিতসকলৰদ্বাৰা পেপিৰাছত লেখা চিত্ৰলিপিৰ মাধ্যমত এই পৰলোকতত্ত্বক কল্পনা আৰু তন্ত্ৰ-মন্ত্ৰৰে সমৃদ্ধ কৰি ১৮০ অধ্যায়ৰ Book of dead বা মৃতকৰ শাস্ত্ৰ ৰচিত হয়‌। ইয়েই পৃথিৱীৰ প্ৰাচীনতম ধৰ্মশাস্ত্ৰ‌। ইয়াতেই প্ৰথম মানুহৰ মৃত্যুৰ পাছত আত্মাৰ ডে’ অব জাজমেণ্ট বা বিচাৰৰ দিনৰ তত্ত্ব পোৱা যায়‌। মৃতকৰ আত্মাই বহু কষ্টসাধ্য পথ, বহু মৰুভূমি, পৰ্বত আৰু নদী পাৰ হৈ মৃতকৰ বিচাৰক ওছিৰিছৰ দেশত উপস্থিত হয়‌। তাত শিয়াল-মূৰীয়া অনুবিছে তেওঁক ওছিৰিছৰ সন্মুখলৈ লৈ আহে আৰু পৃথিৱীত তেওঁৰ সৎ-কৰ্মৰ বৰ্ণনা দিয়ে‌। তাৰ পাছত থঠৰ তত্ত্বাৱধানত তেওঁৰ হৃৎপিণ্ড তুলাদণ্ডৰে জোখা হয়‌। দোষী সাব্যস্ত হ’লে তেওঁক বিয়াল্লিছটা ঘোঁড়াদৰ্শন দানৱে আঁজুৰি খায় আৰু নিৰ্দোষী প্ৰমাণিত হ’লে স্বৰ্গলৈ পঠাই দিয়া হয়‌। সেই স্বৰ্গ হ’ল এখন উজ্জ্বল মিছৰ বিশেষ‌। তাত শস্যবোৰ খুব দীঘল দীঘল হয়‌। কেতিয়াও খাদ্যৰ অভাৱ নহয়‌। দুৰ্ভিক্ষ নহয়‌। আনকি মানুহৰ কোনো দুখ-কষ্টও নাথাকে‌। পৃথিৱীৰ কথা মনত পৰিলে তাৰ আত্মাবোৰে মাজে মাজে পৃথিৱীৰ চিনাকি ঠাই বা প্ৰিয়জনক দেখা কৰি আহিবও পাৰে‌। ওছিৰিছৰ সন্মুখত আত্মাৰ বিবৃতিৰপৰা দেখা যায় যে সেয়া কিছুমান ধৰ্মীয়-সামাজিক বিধানৰ প্ৰতিফলন‌। আত্মাই কয় যে পৃথিৱীত থাকোঁতে সি কেতিয়াও দেৱতাসকলক অমান্য কৰা নাই‌, দেৱতাৰ খাদ্য আত্মসাৎ কৰা নাই‌, মন্দিৰৰ সামগ্ৰী চুৰি কৰা নাই ইত্যাদি‌। এইবোৰ দেৱতা-মন্দিৰ-পুৰোহিত সংক্ৰান্তীয়‌। আকৌ আৰু কিছুমান সদাচাৰ আছিল ৰাষ্ট্ৰীয় বা সামাজিক অনুশাসন সংক্ৰান্তীয়‌। যেনে নৰহত্যা নকৰা, কাকো ভোকত নৰখা, কাকো নকন্দুওৱা, জ্ঞাতিৰ বিনাশৰ কাৰণ নোহোৱা, নলাৰ পানী বন্ধ বা চুৰি নকৰা ইত্যাদি‌। এই মৃতৰ শাস্ত্ৰ ধৰ্মগ্ৰন্থৰ আৰু এটা ধৰ্মযাদুৰ গুৰুত্ব আছিল‌। ইয়াক বহু সময়ত কফিনৰ মাজত দি দিয়া হয়‌, যাতে পৰলোকগামী আত্মাৰ যাত্ৰাপথৰ সকলো দুৰ্বিপাক দূৰ হৈ পৰে‌।

পুৰোহিতসকলে ৰাষ্ট্ৰশক্তিৰ পৃষ্ঠপোষকতাত এসময়ত ক’বলৈ ল’লে যে এই ধৰ্মগ্ৰন্থ তথা সামাজিক অনুসাশনবোৰ সম্ৰাট মেনেচে (খ্ৰীষ্টপূৰ্ব ৩২০০) পৰলোকৰ দণ্ডদাতা থঠৰপৰা পাইছিল‌। সেই তেতিয়াৰপৰা পৰৱৰ্তী কালৰ প্ৰায় প্ৰতিটো ধৰ্মৰ ধৰ্মগ্ৰন্থ সম্বন্ধেই ৰাষ্ট্ৰশক্তিৰ সক্ৰিয় সমৰ্থনত পুৰোহিত শ্ৰেণীয়ে একেই দাবী কৰি আহিছে‌ আৰু ৰাষ্ট্ৰৰ সহযোগতে জনসাধাৰণৰ ওপৰত এই বিশ্বাস জাপি দিয়াৰ চেষ্টা কৰিছে‌। বেবীলনীয় সম্ৰাট হাম্বুৰাবিয়ে হেনো চামাচ বা সূৰ্য দেৱতাৰ ধৰ্মীয়-সামাজিক অনুশাসনৰ সংহিতা গ্ৰন্থ (Code of laws) পাইছিল‌। স্বয়ং জেহুভা বা পৰমেশ্বৰে মুচাক ইহুদীসকলৰ বাবে দহটা অনুশাসন (ten commandments) তথা ছশ তেৰটা ধৰ্ম নিৰ্দেশ (precepts) প্ৰেৰণ কৰিছিল‌। একেদৰেই পৰমেশ্বৰে হেনো ভাৰতবৰ্ষৰ প্ৰাচীন ঋষিসকলৰ আগত বেদ প্ৰকাশ কৰিছিল আৰু মনুক মনুস্মৃতি প্ৰদান কৰিছিল‌। আৰু স্বয়ং ভগৱানেই হেনো কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত ভগৱদ্গীতা গাই শুনাইছিল‌। প্ৰাচীন ৰোমৰ সম্ৰাট নিউমা পম্পিলিয়াছে দেৱী এজেৰিয়াৰপৰা ধৰ্মীয় অনুশাসন পাইছিল‌। যিশু খ্ৰীষ্টৰ বাণীসম্বলিত ‘নিউ টেষ্টামেণ্ট’ৰ চাৰি ধৰ্ম কাহিনী (four gospels) নিজ পুত্ৰৰ মাধ্যমেৰে প্ৰচাৰিত ঈশ্বৰৰ বাণী বুলিয়েই খ্ৰীষ্টানসকলে বিশ্বাস কৰে‌। আৰু কোৰান দেৱদূত জিব্ৰাইলৰ মাধ্যমেৰে অহা আল্লাহৰ প্ৰত্যাদেশ বুলিয়েই মুছলিমসকলৰ বিশ্বাস‌।

বেবিলনৰ সম্ৰাট হাম্বুৰাবিৰদ্বাৰা প্ৰবৰ্তিত অনুশাসন সংহিতাখন যি শিলালিপিত পোৱা গৈছে তাৰেই ওপৰৰ ফালে সূৰ্য দেৱতা চামচেৰৰপৰা হাম্বুৰাবিৰ এই সংহিতা প্ৰাপ্তিৰ চিত্ৰ খোদাই কৰা আছে‌ বুলি ৰাষ্ট্ৰ তথা পুৰোহিত তন্ত্ৰই এটা তত্ত্ব প্ৰচাৰ কৰিছিল‌। কিন্তু সংহিতাখন আছিল মূলতঃ সমাজৰ শ্ৰেণীবিভাগ, সম্পত্তি বন্টন, বিচাৰ ব্যৱস্থা, বিবাহ আৰু বিবাহ বিচ্ছেদ, সম্পত্তিৰ উত্তৰাধিকাৰ, দেৱানী আৰু ফৌজদাৰী আইন প্ৰভৃতি সামাজিক ব্যৱস্থা, অনুমোদিত সদাচাৰ তথা বিধি-নিষেধ সম্বলিত গ্ৰন্থ‌। এই গ্ৰন্থৰ অলৌকিক উৎসৰ তত্ত্ব প্ৰচাৰ কৰা হৈছিল ইয়াক ৰাষ্ট্ৰশক্তিৰ পৰিপূৰক শাস্ত্ৰশক্তি ৰূপে ব্যৱহাৰ কৰি ৰাজন্য শ্ৰেণী তথা পুৰোহিত শ্ৰেণীৰদ্বাৰা জনসাধাৰণক বশীভূত কৰি ৰখাৰ উদ্দেশ্যে‌। বেবীলনীয় ধৰ্মত অৱশ্যে পৰলোকতত্ত্ব আছিল, কিন্তু তাক পোৱা যায় গিলগামেছ আৰু ইছতাৰৰ অতিকথাত‌। বেবীলনীয় পৰলোকত স্বৰ্গ নাই‌। কেৱল নৰক আছে য’ত চিৰ অন্ধকাৰত যমদূতবোৰে সকলো মৃত আত্মাকেই অবৰ্ণনীয় কষ্ট দিয়ে‌। সেই কষ্ট লাঘৱ হ’ব পাৰে একমাত্ৰ সাড়ম্বৰে তথা পুৰোহিতসকলৰ নিৰ্দেশক হুবহু অনুসৰণ কৰি মৃতকৰ কবৰ দিব পাৰিলে‌। অনেক বিশেষজ্ঞই অনুমান কৰিছে যে বেবীলনীয় ধৰ্মচিন্তকসকলৰ একাংশই হয়তো স্বৰ্গতত্ত্ব ৰচনা কৰিছিল, বিশেষকৈ যিহেতু প্ৰাচীন মিছৰত স্বৰ্গতত্ত্ব আছিল‌। কিন্তু সম্ভৱতঃ নৰকৰ ভয় দেখুৱাই কবৰৰ ইলাহী ব্যৱস্থাৰপৰা শকত আয় কৰাৰ উদ্দেশ্যে পুৰোহিত শ্ৰেণীয়ে এই স্বৰ্গতত্ত্ব গাপ দি ৰাখিছিল‌।

গোড়া হিন্দুসকলৰ বিশ্বাস যে তেওঁলোকৰ তিনিখন গ্ৰন্থ অলৌকিক উৎসৰপৰা উৎপন্ন হৈছে‌। প্ৰথমখন বেদ যাক অপৌৰুষেয় ‘শ্ৰুতি’ বা অপাংক্তেয় বুলি কল্পনা কৰা হয়‌। মনুসংহিতাত কোৱা হৈছে যে সৃষ্টিকৰ্তাই স্বয়ং অগ্নি, বায়ু আৰু সূৰ্যৰপৰা ঋগবেদ, সামবেদ, তথা যজুৰ্বেদ সৃষ্টি কৰিছিল, যাতে যজ্ঞসমূহ যথাযোগ্যভাৱে সম্পন্ন হ’ব পাৰে‌ (মনুস্মৃতি ১ /২৩)‌। দ্বিতীয়খন মনুস্মৃতি, যিখন মনুৱে স্বয়ং সৃষ্টিকৰ্তা পৰমেশ্বৰৰপৰা পোৱা বুলি দাবী কৰিছে‌ (মনুস্মৃতি ১ /৫৮)‌‌। আৰু তৃতীয়খন হ’ল ভগৱদ্গীতা, যিখন স্বয়ং ভগৱানৰ অৱতাৰৰ কণ্ঠৰপৰা উচ্চাৰিত বুলি কল্পিত তথা সেই অবয়বতে ৰচিত‌। কিন্তু এই ধৰ্মগ্ৰন্থসমূহ আদ্যোপান্ত পাঠ কৰিলে একমাত্ৰ সেইসকল মানুহৰ পক্ষেই এইবোৰ অলৌকিক বুলি মানি লোৱা সম্ভৱ, যিসকল হয় ধীশক্তিত প্ৰতিবন্ধী, অথবা যিসকলে জন্মলব্ধ ধৰ্মগ্ৰন্থক অন্ধবিশ্বাসৰ বাবে প্ৰশ্নাতীত জ্ঞান কৰে‌।

20_BARNALI_dharmoপ্ৰথমে বেদৰ কথাই ধৰা যাওক‌। ঋগবেদ, সামবেদ, যজুৰ্বেদ অথবা অথৰ্ববেদ—এই চাৰি বেদৰ প্ৰত্যেকখনতেই ৰচনাৰ ক্ৰম অনুসৰি কেইবাটাও পৰ্যায় আছে‌। ইয়াৰ মাজত সংহিতা অংশই প্ৰাচীনতম‌, য’ত আছে প্ৰধানতঃ যজ্ঞৰ মন্ত্ৰ, অৰ্থাৎ ধৰ্মযাদুৰ শক্তিসম্পন্ন শব্দমালা তথা প্ৰাৰ্থনা‌। তাৰ পাছৰ অংশ ব্ৰাহ্মণ, য’ত আছে প্ৰধানতঃ যজ্ঞৰ বিস্তাৰিত বিৱৰণ তথা নিৰ্দিষ্ট কাৰ্যকলাপ‌। তাৰ পাছত আৰণ্যক-উপনিষদ, য’ত আছে প্ৰধানতঃ আত্মা-পৰমাত্মা বিষয়ক নানা জল্পনা‌। সৰ্বশেষত আছে সূত্ৰ-বেদাংগ পৰ্যায়, যিবোৰ প্ৰধানতঃ যাগ-যজ্ঞৰ নিয়ম-কানুন, পাৰিবাৰিক পূজা-উপচাৰ আৰু নিত্যকৰ্ম‌, তথা বিশেষভাৱে সামাজিক কাঠামোৰ বিন্যাসৰ বিধান আৰু আৰ্থ-সামাজিক আইন-কানুন তথা বিধি-নিষেধ‌। এই শেষ সূত্ৰ-বেদাংগ পৰ্যায়ৰ ৰচনাসমূহক অপৌৰুষেয় (অলৌকিক) বুলি গণ্য কৰা নহয়‌। প্ৰথম তিনিভাগক, অৰ্থাৎ সংহিতা, ব্ৰাহ্মণ আৰু আৰণ্যক-উপনিষদ অংশক অপৌৰুষেয় বুলি দাবী কৰা হয়‌। বিশেষকৈ সংহিতা অংশ শ্ৰুতি বা দৈৱ প্ৰত্যাদেশৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশ বুলি গণ্য কৰা হয়‌। ইয়াৰ ভিতৰত ঋগ্বেদ সংহিতাকেই প্ৰাচীনতম সংহিতা বুলি বিশেষজ্ঞ ঐতিহাসিকসকলে মানি লৈছে‌। ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰাথমিক পৰ্যায়ত প্ৰথম তিনিখন বেদৰ স্বীকৃতি আছিল‌। অথৰ্ববেদ সংহিতাই পৰৱৰ্তী কালত স্বীকৃতি পাইছিল‌। আৰু এইটো কথাও মনত ৰখা প্ৰয়োজন যে সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদত ঋগ্বেদৰ বহু ঋক আৰু সূক্তৰ পুনৰাবৃত্তি আছে‌। প্ৰকৃততে সামবেদ-সংহিতাৰ ৭৫টা ঋকৰ বাহিৰে বাকী সকলোৱেই ঋগ্বেদ সংহিতাৰপৰা লোৱা‌। গতিকে শ্ৰুতি বা অলৌকিক প্ৰত্যাদেশ হিচাপে ঋগ্বেদৰ গুৰুত্বই সবাতোকৈ অধিক‌।

প্ৰধান সমস্যা হ’ল এই যে ঋগ্বেদ সংহিতাৰ বহু সূক্ত আৰু ঋকৰ স’তে মাজদা ধৰ্মৰ আবেস্তা গ্ৰন্থৰ বহুতো ‘গাথা’ৰ মিল আছে‌। দুয়োখন গ্ৰন্থতেই অগ্নিপূজা-ভিত্তিক ধৰ্মৰ পৰিচয় পোৱা যায়‌। থদুপৰি ইন্দ্ৰ, মিত্ৰ, বৰুণ প্ৰভৃতি কমন দেৱতা আছে‌। আৰু ঋগ্বেদৰ সোম নামৰ আসবক আবেস্তীয় ধৰ্মতো ‘হত্তম’ নামেৰে পূজা কৰা হৈছিল‌। ইয়াৰপৰা আৰু অন্যান্য ঐতিহাসিক প্ৰমাণৰপৰা বিশেষজ্ঞসকলে সিদ্ধান্ত লৈছে যে আৰ্যসকল ভাৰতলৈ অহাৰ (আনুমানিক খ্ৰী: পূ: ১৫০০) আগতেই ঋগ্বেদ সংহিতাৰ কিছু অংশ মৌখিকভাৱে ৰচিত হৈছিল‌ (১)। আকৌ আৰণ্যক উপনিষদৰ যুগ শেষ হৈছিল আনুমানিক খ্ৰী: পূ: ষষ্ঠ-পঞ্চম শতাব্দীত‌। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে হৰপ্পা সভ্যতাৰ পাছৰপৰা অশোকৰ শিলালিপিৰ (খ্ৰী: পূ: তৃতীয় শতাব্দী) আগলৈকে ভাৰতত আন কোনো লিপিৰ অস্তিত্বৰ প্ৰমাণ পোৱা নাই‌। মেগাস্থিনিছেও তেওঁৰ ভাৰত বিৱৰণত লিখিছিল যে ভাৰতীয়সকলৰ কোনো লিপি নাই‌, তেওঁলোকে সকলো বিদ্যাকেই কণ্ঠস্থ কৰি ৰাখে‌ (২)‌। এতিয়া প্ৰায় ডেৰ হাজাৰ বছৰ ধৰি পুৰোহিতসকলে যিমানবোৰ মন্ত্ৰ-প্ৰাৰ্থনা আবৃত্তি কৰিছিল, সেইবোৰ সকলো অলৌকিক প্ৰত্যাদেশ আছিল, এই কথা কোনো মুক্তমনা মানুহৰ পক্ষে কল্পনা কৰাও কঠিন‌, প্ৰমাণ কৰা দূৰৰ কথা‌। যদিহে তেওঁ কোনো বেদ পাঠ নকৰাকৈয়ে থাকে, যেনেদৰে সৰহভাগ হিন্দুৱেই কৰা নাই, তথাপিও‌। আৰু যিজনে বেদ পঢ়িছে তেওঁৰ বাবেতো এই দাবী একেবাৰে হাস্যকৰ বোধ হ’ব‌। কাৰণ বেদৰ প্ৰাৰ্থনাবোৰ প্ৰায় সকলোৱেই ব্যক্তিস্বাৰ্থভিত্তিক‌ জাগতিক ভোগ-বিলাসৰ চাহিদা‌। বাৰে বাৰে ইন্দ্ৰ, অগ্নি তথা অন্যান্য দেৱতাৰ ওচৰত যি প্ৰাৰ্থনা উচ্চাৰিত হৈছে তাৰ মাজত প্ৰধান হ’ল আমাৰ শত্ৰুসকলক ধ্বংস কৰা, আমাক যুদ্ধত জয় লাভ কৰোৱা, মোক দীৰ্ঘায়ু দিয়া, সুস্বাস্থ্য দিয়া, বহু গবাদি পশুধন দিয়া, বহু খাদ্য-দ্ৰব্য দিয়া, প্ৰচুৰ পৰিমাণে গৰু-ঘোঁৰা-মেষৰ মাংস খাবলৈ দিয়া, মোৰ জুৱাৰী জীৱনৰ হতাশা দূৰ কৰা, নাৰীক বশ কৰাৰ ক্ষমতা দিয়া, নাৰী সংগমত প্ৰচুৰ বীৰ্য ক্ষমতা দিয়া, ইত্যাদি কেৱল অসংখ্য দিয়া দিয়া‌। আকৌ বহু ঠাইতে, বিশেষকৈ অথৰ্ব বেদ সংহিতাত, ৰোগ দূৰ কৰাৰ ঔষধ, ভূত খেদোৱাৰ মন্ত্ৰ, মাৰণ-উচাটন মন্ত্ৰ আৰু প্ৰক্ৰিয়া, বিশেষকৈ বশীকৰণসহ এনে কিছু যাদুৰ উল্লেখ আছে যিবোৰ পঢ়িলে এনে লাগে যেন এইবোৰ সম্ভৱত: ঋগ্বেদ সংহিতাতকৈও পুৰণি মৌখিক ঐতিহ্যৰ ধাৰাবাহী‌। আমি আগতেই দেখুৱাইছো যে এইবোৰৰ মাজে মাজে কদাচিৎ দুই-এঠাইত সৃষ্টিতত্ত্বসহ আধিবিদ্যক চিন্তন চিন্তাৰ পৰিচয়ও আছে‌। কিন্তু তুলনামূলকভাৱে জাগতিক স্বাৰ্থপূৰণৰ চাহিদাৰ সূক্তসমূহেই অধিক‌। প্ৰকৃততে ইমান বেছি জাগতিক স্বাৰ্থপূৰণৰ চাহিদা পৃথিৱীৰ আন কোনো ধৰ্মগ্ৰন্থতে দেখা নাযায়‌। তদুপৰি ঋগ্বেদত যি সাতাইছজন দেৱতাৰ নাম পোৱা যায় তাৰ সকলোবোৰেই প্ৰাকৃতিক বস্তু‌। কিছুমান মাটিৰ বস্তু, যেনে - পৃথিৱী, অগ্নি, অপ, জল, সোমৰস ইত্যাদি‌। কিছুমান পৰিবেশমণ্ডলৰ দেৱতা যেনে - ইন্দ্ৰ, ৰুদ্ৰ, পৰ্জন্য‌। আৰু কিছুমান আকাশৰ বস্তু যেনে সূৰ্য (বিষ্ণু), মিত্ৰ (সূৰ্য), ঊষা, ৰাত্ৰি, যম, বৃহস্পতি ইত্যাদি‌। আমি আগতেই দেখিছো যে এইবোৰৰ সকলোৱেই কিবা নহয় কিবা ৰূপেৰে প্ৰাচীন পশুপালন যুগত তথা কৃষি যুগত দেশে দেশে পূজিত প্ৰাকৃতিক শক্তি‌। অনুকূল অথবা প্ৰতিকূল প্ৰাকৃতিক শক্তিক এইদৰে স্তৱ-স্তুতি-প্ৰাৰ্থনাৰদ্বাৰা সন্তুষ্ট কৰাৰ চেষ্টাৰ মাজত কোনো ঐশ্বৰিক প্ৰত্যাদেশৰ ঘটনা নাই‌।

মনুস্মৃতিৰ আৰম্ভতে সমবেত মহৰ্ষিসকলে মনুক চতুৰ্বৰ্ণ প্ৰথাৰ পৱিত্ৰ অনুশাসনবোৰ বৰ্ণনা কৰিবৰ বাবে অনুৰোধ কৰিছে‌ (মনুস্মৃতি-১‌।২)‌। এই উপলক্ষে মনুৱে প্ৰথমে কিছুপৰ সৃষ্টি- স্থিতি-প্ৰলয়ৰ তত্ত্ব ব্যাখ্যা কৰে‌, আৰু সৃষ্টিকৰ্তাৰপৰা এই পৱিত্ৰ অনুশাসন পোৱাৰ কথা উল্লেখ কৰি, তাৰ পাছত কয় যে তেওঁৰ শিষ্য ভৃগুৱে এইবাৰ সেইসমূহ আবৃত্তি কৰি শুনাব‌ (মনুস্মৃতি-১‌।৫৯)‌। তাৰ পাছত ভৃগুৰ মুখেৰেই মনুস্মৃতি প্ৰকাশ পালে‌। ইয়াৰপৰা অনুমান কৰা যুক্তিসন্মত যে ভৃগুৱেই প্ৰকৃততে মনুস্মৃতিৰ ৰচয়িতা বা সংকলক‌। ডা০ বি আৰ আম্বেদকাৰে এই বিষয়ে গৱেষণা কৰি এই সিদ্ধান্তত উপনীত হৈছিল যে পুষ্যমিত্ৰ সুংগৰ আদেশত সুমতি ভাৰ্গৱ নামৰ এজন ব্ৰাহ্মণে পুৰণি ধৰ্মসূত্ৰসমূহৰ ভিত্তিত মনুস্মৃতি ৰচনা কৰে (৩)‌। এই বিষয়ে কোনো সন্দেহৰ অৱকাশ নাই যে পূৰ্বতৰ ধৰ্মসূত্ৰবোৰৰপৰাই মনুস্মৃতি উদ্ভূত আৰু সংকলিত হৈছিল‌ (৪)। মনুস্মৃতি পাঠ কৰিলেও বুজা যায় যে এই ধৰ্মগ্ৰন্থ মূলতঃ চতুৰ্বৰ্ণৰ সমৰ্থনত, বিশেষকৈ ধৰ্মীয় অনুশাসনত শূদ্ৰ অৰ্থাৎ কৃষক-শ্ৰমিক শ্ৰেণীক অমানৱিক হীন স্থানলৈ নিৰ্বাসিত কৰাৰ উদ্দেশ্যেই ৰচিত হৈছিল‌। আৰু এটা প্ৰধান উদ্দেশ্য আছিল পুৰুষশাসিত সমাজত নাৰীৰ শৃংখলিত হীন স্থানৰ ধৰ্মীয় সমৰ্থন‌। তদুপৰি ৰজাসকলৰ দৈৱ উৎপত্তিৰ তত্ত্বৰ যোগেদি ৰাজন্য শ্ৰেণীৰ নিৰংকুশ সাৰ্বভৌমতা তথা শোষণ-শাষণৰ অধিকাৰ মনুস্মৃতিত সজোৰে সমৰ্থিত‌। অৱশ্যে বিবাহ, সম্পত্তিৰ মালিকানা তথা উত্তৰাধিকাৰ, অপৰাধ আৰু দণ্ড প্ৰভৃতি সমাজৰ সকলোধৰণৰ বিধি-নিষেধেই মনুস্মৃতিত সংকলিত হৈছে‌। কিন্তু সকলো ধৰ্মীয়-সামাজিক অনুশাসনেই ৰচিত হৈছিল চাতুৰ্বৰ্ণ্য তথা শূদ্ৰ আৰু নাৰীৰ হীনস্থানসহ অসম আৰ্থ-সামাজিক কাঠামোক ধৰ্মীয় সমৰ্থনত মহিমান্বিত কৰাৰ উদ্দেশ্যে‌। মনুস্মৃতিত অৱশ্যে কোৱা হৈছে যে শ্ৰুতি আৰু স্মৃতিশাস্ত্ৰ দুয়োবিধেই প্ৰশ্নাতীত আৰু ইয়াৰে কোনো এখনকে, অৰ্থাৎ বেদ অথবা মনুস্মৃতিক যি সন্দেহ কৰিব তাক নাস্তিক আৰু বেদবিৰোধী বুলি গণ্য কৰা হ’ব‌। (মনুস্মৃতি ২‌। ১০-১১)‌। কিন্তু কোনো সুস্থচিত্ত মানুহৰ বাবেই এই বিষয়ত বিন্দুমাত্ৰ সন্দেহ থাকিব নোৱাৰে যে মনুস্মৃতিয়ে নাৰীসমাজসহ সাধাৰণ মানুহক, বিশেষকৈ সমাজৰ বিপুল গৰিষ্ঠ অংশ কৃষক শ্ৰেণীক বশীভূত আৰু পদানত কৰি ৰখাৰ উদ্দেশ্যে ৰাজন্য আৰু পুৰোহিত শ্ৰেণীৰ শ্ৰেণী-বুজাবুজিৰ মাধ্যমেৰে সংকলিত তথা বলৱৎ কৰা হৈছিল‌ (৫)‌। প্ৰকৃততে পৃথিৱীৰ আন কোনো ধৰ্মগ্ৰন্থতে এনে এক গুৰুতৰ আৰ্থ-সামাজিক অসাম্যৰ সমৰ্থন, আৰু মানুহৰ প্ৰতি মানুহৰ এনেকুৱা নৃশংস ব্যৱহাৰৰ ধৰ্মীয় সমৰ্থন নাই‌।

ভগৱদগীতা গ্ৰন্থক মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধত কৃষ্ণৰূপী বিষ্ণু অৱতাৰৰ কন্ঠ নিঃসৃত বাণী হিচাপে হিন্দুসকলৰ ঘৰে ঘৰে পূজা কৰা হয়, মৃত্যুপথৰ যাত্ৰীসকলক পঢ়ি শুনোৱা হয়, আৰু মৃতৰ গাৰুৰ কাষত বা তলত থৈ দিয়া হয়‌। অৰ্থাৎ একে লগতে ইয়াক এখন ধৰ্মগ্ৰন্থ আৰু পৰলোকযাত্ৰাৰ যাদুগ্ৰন্থ হিচাপে গণ্য কৰা হয়‌। গীতাৰ প্ৰবক্তাক অৰ্জুনে যদিও কৃষ্ণ, বাসুদেৱ, হৃষিকেশ, জনাৰ্দন প্ৰভৃতি বিভিন্ন নামেৰে সম্বোধন কৰিছে, কিন্তু উত্তৰ আৰু প্ৰবচনবোৰৰ সকলোবোৰেই “শ্ৰী ভগৱান উবাচ” বুলি আৰম্ভ হৈছে‌। অৱতাৰতত্ত্বৰ অবাস্তৱতা সম্বন্ধে সমাজবিজ্ঞানের দৃষ্টিতে ভগবদগীতা গ্ৰন্থত আলোচনা কৰা হৈছে‌। এই গ্ৰন্থত যুক্তি-প্ৰমাণসহকাৰে দেখুওৱা হৈছে যে আদি মহাভাৰত কোনো ধৰ্মগ্ৰন্থ নাছিল, আৰু কৃষ্ণৰ অৱতাৰতত্ত্বৰ কোনো চিন নাছিল‌। সুংগ যুগৰপৰা গুপ্ত যুগৰ মাজত অৰ্থাৎ খ্ৰী: পূ: দ্বিতীয় শতকৰপৰা খ্ৰীষ্টীয় পঞ্চম শতিকাপৰ্যন্ত ভাৰ্গৱ বা ব্ৰাহ্মণ্য সংযোজনত পল্লৱিত মহাভাৰততেই ক্ৰমশ কৃষ্ণ চৰিত্ৰৰ ওপৰত অৱতাৰৰ তত্ত্ব আৰোপিত হৈছিল‌। হিন্দু ধৰ্মত বিষ্ণুৰ বাহিৰে অন্য কাৰো অৱতাৰৰ কল্পনা নাই‌, আৰু এই বিষ্ণুৰ অৰ্থ সূৰ্য‌। খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতাব্দীৰপৰা এই দেশত এক সূৰ্য উপাসক ভাগৱত সম্প্ৰদায় আছিল‌, আৰু তাৰপৰাই ব্ৰাহ্মণসকলৰ কলমৰ গুণত কল্পিত কৃষ্ণ অৱতাৰৰ সৃষ্টি হৈছিল‌। ভগৱদগীতা কেইবাশ বছৰ ধৰি বহু লেখকে ৰচনা কৰা, আৰু শ্ৰী ভগৱানৰ বক্তব্যবোৰৰ মাজত বহুবোৰ উপনিষদ, সাংখ্য তথা যোগ দৰ্শনৰ বহু পুনৰাবৃত্তি, অনুকৰণ আছে, তথা বহু পৌৰাণিক কল্পকাহিনীৰ উল্লেখসহ বহু স্ববিৰোধিতা আৰু বহু অবৈজ্ঞানিক কথা আছে‌। ভগৱদগীতাত শ্ৰীভগৱানৰ বক্তব্যৰ মূল উদ্দেশ্য আছিল ধৰ্মসূত্ৰ তথা ধৰ্মশাস্ত্ৰত সমৰ্থিত চতুৰ্বৰ্ণ প্ৰথা, তথা শূদ্ৰ আৰু নাৰীৰ আৰ্থ-সামাজিক হীন স্থানৰ কাঠামোক ভগৱানৰ নিজৰ সৃষ্টি বুলি দেখুৱাই সেইবোৰক মহিমান্বিত কৰা‌। আৰু এইভাৱে ব্ৰাহ্মণ্য ধৰ্মৰ শোষণ আৰু দমন-পীড়নমূলক অসম আৰ্থ-সামাজিক কাঠামোক ঐশ্বৰিক সমৰ্থনত সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া ‌(৬)‌। গীতাৰ প্ৰধান ভাষ্যকাৰ শংকৰাচাৰ্যই তেওঁৰ গীতাভাষ্যৰ উপক্ৰমণিকাত স্পষ্টভাৱেই কৈছে যে বিপন্ন চাতুৰ্বৰ্ণ্যৰ পুনঃপ্ৰতিষ্ঠাৰ বাবেই শ্ৰীভগৱান অৱতাৰৰূপে পৃথিৱীত আবিৰ্ভূত হৈছিল‌।

গীতাৰ শ্ৰীভগৱান ব্ৰাহ্মণ্যবাদৰদ্বাৰা সৃষ্ট কল্পিত চৰিত্ৰ মাত্ৰ, ঈশ্বৰৰ অৱতাৰ বা অন্য কোনো কল্পিত মানুহ নহয়‌। জনসাধাৰণৰ বিপুল গৰিষ্ঠ অংশৰ ব্ৰাহ্মণ্যবাদ বিৰোধিতাৰ ফলত সমকালীন আৰ্য সভ্যতা যি গভীৰ সংকটৰ সন্মুখীন হৈছিল, সেই ঐতিহাসিক সংকটৰপৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে এফালে বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম, ম্লেছ অনাৰ্য তথা ভূমিপুত্ৰ অনাৰ্যসকলৰ বিভিন্ন ধৰ্ম-উপধৰ্ম তথা নাস্তিকতাবাদৰ কঠোৰ সমালোচনা কৰি, আৰু আনফালে মনুস্মৃতিৰ স’তে বৌদ্ধ ধৰ্ম আৰু ভাগৱত ধৰ্মৰ কিছু ইতিবাচক বক্তব্যক সমন্বিত কৰি ভগৱদগীতা ৰচিত হৈছিল আৰু সি আৰোপিত হৈছিল শ্ৰী ভগৱান চৰিত্ৰৰ মুখত‌। গীতাৰ ৰচয়িতাসকলৰ আশা আছিল যে এইদৰে চাতুৰ্বৰ্ণ্য তথা শূদ্ৰ আৰু নাৰীৰ হীনস্থান আৰু ব্ৰাহ্মণ-ক্ষত্ৰিয় শ্ৰেণীৰ ৰাজনৈতিক-অৰ্থনৈতিক-সামাজিক প্ৰভুত্বক বিস্তাৰিত আৰু চিৰায়ত কৰা সম্ভৱ হ’ব‌। অৰ্থাৎ ভগৱদগীতা আছিল ব্ৰাহ্মণ-ক্ষত্ৰিয় শ্ৰেণীৰ হাতত সাধাৰণ জনতাৰ শোষণ-শাসনৰ ধৰ্মীয় হাতিয়াৰ মাত্ৰ (৭)‌।

ক্ৰমশঃ

পাদটীকা :

১) ‌Surendranath Das Gupta, A History of Indian Philosophy, Motilal Banarsidas, Delhi, 1992 (first edition Cambridge, 1922), Vol-1, pp-14-15

২) মেগাস্থিনিসেৰ ভাৰত বিবৰন, গ্ৰিক থেকে ৰজনীকান্ত গুহৰদ্বাৰা অনূদিত, বাৰিদিবৰণ ঘোষ সম্পাদিত, কলেজ স্ট্ৰীট পাবলিকেশন, ১৯৯৩ (প্ৰথম প্ৰকাশ ১৯১১), পৃ: ১০৬

৩) Dr. Babasaheb Ambedkar, Writings and Speeches, Education Department, Government of Maharashtra, Vol. 3, pp-270-271।

৪) বিস্তাৰিত আলোচনাৰ বাবে চাওক, ‌G. Buhler, The Laws of Manu, Clarendon Press, oxford, 1986, Introduction.।

৫) বিস্তাৰিত আলোচনাৰ বাবে চাওক, জয়ন্তানুজ বন্দোপাধয়ায়, মহাকাব্য ও মৌলবাদ, এলাইড পাবলিসাৰ্স, কলকাতা, ১৯৯৩ (দ্বিতীয় সংস্কৰন); সমাজবিজ্ঞানের দৃষ্টিতে ভগবদগীতা, এলাইড পাবলিসাৰ্স, কলকাতা, ১৯৯৪‌।

৬) বিস্তাৰিত আলোচনাৰ বাবে চাওক, জয়ন্তানুজ বন্দোপাধয়ায়, ঐ, পৰিচ্ছেদ ৫, ১০‌।

৭) ঐ‌।

(প্ৰবন্ধটো লেখকৰ ধৰ্মেৰ ভবিষ্যত গ্ৰন্থৰপৰা সংগৃহীত আৰু ঈষৎ সংক্ষেপিত‌।)

Share Button
Print Friendly, PDF & Email

No Comments : "ধৰ্মগ্ৰন্থৰ স্বৰূপ — ১ম খণ্ড"

Leave a Comment

Your email address will not be published. Required fields are marked *