পপকৰ্ন, ছুইংগাম, ষ্টিকাৰ, চকলেট, চিনেমা, আদিবোৰ

(কণমানিহঁতৰ বাবে চলচ্চিত্ৰৰ বা-বতৰা)

ননি

আজিৰপৰা এশ বছৰমান আগেয়ে টমাছ আলভা এডিছন নামৰ এজন আমেৰিকাৰ বৈজ্ঞানিকৰ হাতত চিনেমাৰ জন্ম হৈছিল৷ তেওঁ কেইজনমান দৰ্শক গোটাই পৰ্দাত যেতিয়া এজনী নাচনী ছোৱালী দেখুৱালে, তেতিয়া এক হুলস্থূলেই হৈ গৈছিল৷ কেইজনমানে পৰ্দাখন দাঙি চাইছিল, পিছফালে কোনোবা ছোৱালী লুকাই আছে নেকি তাক চাবলৈ৷ কিন্তু এতিয়া আমি চিনেমাৰ পৰ্দাত ডাইন'ছৰ দেখিলেও আচৰিত নহওঁ৷ কিমানেই যে সলনি নহ'ল ‘চিনেমা' নামৰ এই শিল্পটোত৷

‘চিনেমা' নামৰ শিল্পটোক আমাৰ অসমীয়াত ‘চলচ্চিত্ৰ' বোলা হয়৷ ইংৰাজী ‘মোভি' (MOVIE)শব্দৰ প্ৰতিৰূপ৷ এতিয়াও কথাচিত্ৰ বা বোলছবি, কথাছবি, ফিল্ম (FILM) আদি শব্দবোৰ চলচ্চিত্ৰ বুজাবলৈ ব্যৱহাৰ কৰা হয়৷ আচলতে ই ভুল৷ চলচ্চিত্ৰহে প্ৰকৃত শব্দ৷ ফিল্ম মানে প্ৰকৃততে চলচ্চিত্ৰ এখন প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা ৰিলৰ নিগেটিভসমূহ৷ লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ীআই সাধু'ৰ বুঢ়া-বুঢ়ীয়ে কচু ৰোৱা আৰু শিয়ালে খাই পেলোৱা এই সাধুটো পঢ়িছা নিশ্চয়, ভাবাচোন আমোদ লগা এই সাধুটোক আমি কিমান ৰূপত চাব পাৰো৷ প্ৰথমতে এই সাধুটোক আমি কেৱল ছবিৰে চাব পাৰো বা তাক কমিকছৰ (COMICS) ৰূপ দিব পাৰো৷ অথবা ইয়াক অভিনয় কৰি নাটক হিচাপে চাব পাৰো৷ দেউতা, মা, দাদা, পেহী আদি কোনোবাই শুবৰ সময়ত ক'লেও ভাল লাগে৷ সোনকালে টোপনি আহি যায়৷ কমিকছ হিচাপে চালে ইয়াত ছবিবোৰ যেনেকৈ সজোৱা যাব এই সাধুটো আমাৰ মনত অকণমান জীৱন্ত হৈ যাব বা যদি সাধুটো আমি চিনেমাত দেখিবলৈ পাওঁ তেতিয়া খুব বেছি ভাল লাগিব নহয়নে? তাত বুঢ়া, বুঢ়ীয়ে কথা ক'ব, শিয়ালে কথা ক'ব, বুঢ়ী লাও এটাত সোমাই আহি থাকিব, চাই আচলতে বৰ মজা লাগিব৷ কমিকছ হিচাপে যেতিয়া ছবিবোৰ অঁকা যায় চিনেমাৰ ই এক প্ৰাথমিক ৰূপ৷ তোমালোকে খুব টিংকল পঢ়া নিশ্চয়৷ টিংকলত থকা সুপন্দি, তন্ত্ৰী নামৰ মন্ত্ৰী, কালিয়া আদিক চিনেমাত চালে কেনে লাগিব বাৰু? আচলতে এইবিলাক কাহিনীৰ ছবিবোৰ চাই আমাৰ ভাল লাগি থাকে৷ ছবি আঁকিবলৈ উজু, নাটক হিচাপে কৰিবলৈ টান নহয় বা ক'বলৈও ভাল, কিন্তু সাধুটোক ‘চিনেমা' হিচাপে তৈয়াৰ কৰিবলৈ উজু নহয়৷ ই বৰ ডাঙৰ কথা হৈ পৰে৷

পোনতে আহি পৰে টকা-পইচাৰ কথা৷ এজন পৰিচালক লাগিব, যিয়ে সাধুটোক আমাৰ ভাল লগাধৰণে বেছিকৈ বুজি পাব৷ তাৰ পিছত বুঢ়া-বুঢ়ীৰ অভিনয় কৰিবলৈ অভিনেতা লাগিব৷ শিয়ালৰ সাজ-সজ্জা কৰি, শিয়ালৰ ৰূপত অভিনয় কৰিবলৈ বুদ্ধি কৰিব লাগিব৷ নিগেটিভ ফিল্ম (FILM) লাগিব, এটা কেমেৰা লাগিব৷ কেমেৰাৰে সাধুটো তুলি সেইটো লেবৰেটৰিলৈ পঠাব লাগিব৷ ফটোবোৰ ধুনীয়াকৈ কমিকছৰ ছবি সজোৱাদি ক্ৰম অনুসাৰে ভালদৰে সজাই সম্পদনা কৰিব লাগিব৷ সংগীত ব্যৱহাৰ কৰিব লাগিব - ইত্যাদি বহুত কাম কৰাৰ পিছতহে সাধুটো আমি জীৱন্ত ৰূপত দেখিবলৈ পাম৷ চিনেমাখনত যিয়ে টকা-পইচা খৰচ কৰে তেওঁ চিনেমাবিলাক বিতৰণ কৰা লোকক বন্দবস্ত কৰি দিব, তেওঁলোকে বিভিন্ন ঠাইত চিনেমা হলবিলাকত দেখুওৱাৰ ব্যৱস্থা কৰিব৷ আজিকালি টিভিতো চিনেমা চাবলৈ পাওঁ বা ভি চি আৰ¸ ডি ভি ডি প্লেয়াৰ গোটাই আনিও চিনেমা চাব পাৰি৷

আচলতে দেউতা, মা-ই যেতিয়া আমাক চিনেমা হল এটালৈ ভাল লগা চিনেমা এখন চাবলৈ লৈ যায় আমাৰ খুব ভাল লাগে৷ চিনেমা হললৈ যাম, টিকট কাটি সোমাম, লাহে লাহে লাইট নুমাব, চিনেমা আৰম্ভ হ'ব, বিভিন্ন মানুহ আহিব, বিৰতি হ'ব, আমি বাদাম খাম৷ এটা অভিযানৰ দৰে ঘটনা৷ আজিকালি অৱশ্যে টিভিতেই বহুতো চিনেমা, ছিৰিয়েল, কাৰ্টুন আদি চাবলগা হয়৷ টিভিতনো কি কি চাব লাগে, সেইটোও আচলতে মা-দেউতাহঁতে কেতিয়াবা চিনেমা হললৈ নি ভাল লগা চিনেমা এখন দেখুওৱাৰ দৰে , কৈ দিব লাগে নাইবা বুজাই দিলে বেছি ভাল লাগিব নিশ্চয়৷ কাৰ্টুনবিলাকটো ভাল লাগেই, কিন্তু আমাৰতো চিত্ৰহাৰ, বিভিন্ন ছিৰিয়েল চাবলৈ মন যায় নাইবা কেতিয়াবা এইবোৰ চাই থাকিলে পঢ়াও নহয়গৈ৷ পঢ়াবিলাক মনত নৰয়, খেলা-ধুলা কৰিবলৈও মন নাযায়, ছবি অঁকাও নহয়, দৌৰা-দৌৰিও কৰা নহয়, মাৰ-পিটো কৰা নহয়৷ আচলত ই অতি বেয়া কথা৷ আমাৰ বাবে বেছি প্ৰয়োজনীয় কথাটো হ'ল, নিয়ম মতে অকণমান সময় হ’লেও মন দি পঢ়া, সোনকালে শোৱা, সোনকালে উঠা, ৰাতিপুৱা ভাল সময়খিনিত ভালদৰে পঢ়াৰ কামত লগোৱা, খেলা-ধূলা কৰা, নিয়মিত দৌৰা-দৌৰি কৰা, অলপ-অচৰপ মাৰপিট, দুষ্টজনে অকণমান দুষ্টামি, কৰা, মাজে মাজে টেঁ টেঁকৈ কন্দা, মাজে মাজে ছবি অঁকা, মাজে মাজে গান গোৱা, চিঞৰ-বাখৰ কৰি ঘৰখনৰ ডাঙৰ বিলাকক অতিষ্ঠ কৰি দিয়া, শান্তজনে শান্তভাৱে চিন্তা কৰা, চৰাই- চিৰিকতি চোৱা আদি কিমানবোৰ কামৰ মাজতহে অকণমান সময় উলিয়াই টিভিত মা-দেউতাই চাবলৈ কোৱা প্ৰগ্ৰামটো চাব লাগে৷ জানা, বৰ বেছিকৈ টিভি চালেও ই শাৰীৰিকভাৱে ক্ষতিকাৰক৷ কিন্তু কিছুমান ছিৰিয়েল, চিনেমা কেতিয়াবা আমি যেতিয়া চাওঁ তেতিয়া বৰ আচৰিত লাগে নহয়নে? সাধুকথাবিলাকত হাতী উৰি যাব পাৰে, মানুহ নাইকিয়া হৈ যাব পাৰে, বনৰীয়া জীৱ-জন্তুৱে কথা কয়৷ কিন্তু ডাঙৰসকলেও সঁচা বুলি বস্তু এটা যেতিয়া আমাক দেখুৱায় আচলতে সেইটো মিছাহে৷ আমাৰ বৰ দিগদাৰ লাগে নহয়নে? আমাৰ কিতাপত আছে মহাকাশত মানুহ ওপঙি থাকিব নোৱাৰে৷ তাত ওপঙি থাকিবলৈ বোলে মহাকাশত পিন্ধা পোছাক পিন্ধিব লাগিব৷ কিন্তু ডাঙৰবিলাকে বিশ্বাস কৰা, চিনেমা, ছিৰিয়েলবিলাকতনো কেনেকৈ ওপঙি থাকে৷ যেনে, ‘কৃষ্ণ’, ‘ওঁম নমঃ শিৱায়’ আদিত আমাক শিকাব এক ধৰণে, বিশ্বাস কৰাব আন ধৰণে, এইটো হ'ব লাগে জানো?

সি যি নহওক, মুঠতে বহুত ভাল চিনেমা আছে সমগ্ৰ পৃথিৱীখনত৷ আমাৰ ভাৰতবৰ্ষত বৰ দুৰ্ভাগ্যজনক যে তোমালোকে চাই ভাল লগা চিনেমা বৰ বেছিকৈ তৈয়াৰ নহয়৷ বিদেশত কিন্তু এই কথাটোত গুৰুত্ব দিয়ে৷ আমাৰ অসমতনো তোমালোকৰ চাই ভাল লগা চিনেমা কেইখন আছে? গতিকে আমি টিভিত যি-তি চামেই, নহয় জানো৷ সেইবিলাক চাই আমি অনুকৰণ কৰবিলৈ যত্ন কৰিমেই৷ মা-দেউতাহঁতে কথাটো বুজা বৰ প্ৰয়োজন৷ তেওঁলোকে বাতৰিটো চাওক, আমি নুবুজা ছিৰিয়েলবিলাক চাওক, আমাক মাজে মাজে ভাল চিনেমা দেখুৱাব পাৰে, যেনে - চাৰ্লি চেপলিনৰ কাহিনীবিলাক, লৰেল হাৰ্ডি, মিকি-মাউছ, এণ্ডলেছ ষ্টৰি, ফেইৰি টেল, দুঃসাহসিক কাহিনী, ভূতৰ কাহিনী, বন্য জীৱ-জন্তুৰ কাহিনী, সাগৰৰ তলৰ কথা, পৃথিৱীৰ বিভিন্ন ঠাইৰ কিমান যে চিনেমা৷ এইবিলাক আজিকালি সহজতে ভিডিঅ'ৰ (V.D.O.) যোগেদি চাব পাৰি৷ কিতাপততো পঢ়োৱেই, কিন্তু সেইবিলাক চিনেমাৰদ্বাৰা চাবলৈ কিমানযে ভাল লাগিব৷ বস্তুবিলাক বেছি বুজি পাব পৰা যাব, নহয়নে?

সত্যজিৎ ৰায় নামৰ বিখ্যাত চলচ্চিত্ৰকাৰজনৰ নাম শুনিছাই নহয়, তেওঁ কিন্তু এইবিলাক কথা চিন্তা কৰিছিল দেই৷ তোমালোকৰ ভাল লগা, তোমালোকৰ জ্ঞান হ'ব পৰা ইত্যাদি নানা কাম কিন্তু তেখেতে চিন্তা কৰি থৈ গৈছে৷ খুব ভাল পাইছিল তেওঁ তোমালোকক৷ ‘বাঘা বায়েন গোপি গায়েন’, ফেলুদা ছিৰিজৰ চিনেমাবিলাক কিন্তু চাই বৰ মজা লাগে দেই৷ ডাঙৰবিলাকে চাই বুজি পোৱা চিনেমাবিলাকৰ মাজে মাজে তেওঁ তোমালোকে ভাল পাব পৰাধৰণৰ এই চিনেমাবিলাক তৈয়াৰ কৰি থৈ গৈছে৷ আমাৰ অসমতো ড ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ কথাও তোমালোকে শুনিছা। তেখেতে সঁফুৰা নামৰ কিমান ধুনীয়া পঢ়ি ভাল লগা আলোচনী সম্পাদনা কৰিছিল৷ মৰমৰ দেউতা, শান্ত শিষ্ট, হৃষ্ট-পুষ্ট মহাদুষ্ট নামৰ কাহিনী লিখে৷ যেতিয়া ডাঙৰবিলাকে চোৱা চিনেমাও বনায়, যেতিয়া আমি ভাল লগা চিনেমা তেখেতে সৃষ্টি কৰিব পাৰিব নিশ্চয়৷ কাৰণ আটাইতকৈ ডাঙৰ কথাটো হ'ল তেখেতে আমাৰ মনবিলাক, আমাৰ কাণ্ড-কাৰখানাবিলাক খুব ভালদৰে বুজি পাইছিল, নহয় জানো?

এই চিনেমা নামৰ শিল্পটোৱে আমাক বহু কথা শিকাব পাৰে, নহয়নে? গোটেই পৃথিৱীৰ ঘটনা আমি নিজৰ ঠাইত থাকিয়েই বুজি ল’ব পাৰো বা বিভিন্ন বিষয়ৰ তথ্যচিত্ৰবিলাক চাই আমি না না বিষয়ৰ কথা জানিব পাৰো৷ সাগৰৰ তলৰ তথ্যচিত্ৰ চাই, সাগৰৰ তললৈ নোযোৱাকৈ কিতাপত পোৱা কথাবিলাক চিনেমাত চাব পাৰো৷ কিমান সাধু কাহিনী, সঁচাসঁচি ৰূপত দেখা পাওঁ৷ বিভিন্ন অভয়াৰণ্য, বিভিন্ন জীৱ-জন্তুৰ কথা জানিব পাৰো৷ মুঠতে আমাৰ জ্ঞানোপাৰ্জনত কিছুমান কথা জানিবলৈ চিনেমাই বৰ সহায় কৰে আৰু ইয়াৰ প্ৰয়োজন আছে৷ অ’, তোমালোকে এইবুলি নাভাবিবা যে চিনেমা মানে কেৱল কাহিনী থকা,ফাইট ,নাচ-গান থকা চিনেমাবোৰহে৷ আচলতে কাহিনীচিত্ৰ, তথ্যচিত্ৰ,আমোদৰ চিত্ৰ,কাৰ্টুন চিত্ৰ আদি হিচাপে চিনেমাৰো ভাগ আছে৷ ‘লায়ন কিং’ হ'ল এখন কাৰ্টুন চিত্ৰ৷ এইখনো বৰ ভাল লাগে দেই৷ ‘জুৰাছিক পাৰ্ক' সকলোৱে চাইছা নিশ্চয়, এইখন এখন বিনোদন চলচ্চিত্ৰ৷ সত্যজিৎ ৰায়ৰ ফেলুদা চিনেমাবিলাক ডিটেকটিভ কাহিনীৰ চলচ্চিত্ৰ৷ ইয়াৰ উপৰিও থাকে বিভিন্ন বিষয়ৰ তথ্যচিত্ৰ,বন্য জীৱৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰ, ভূতৰ আমোদজনক চলচ্চিত্ৰ, থাকে কল্পনা কৰি ভাল লগাধৰণৰ চলচ্চিত্ৰ,বা নীতিশিক্ষামূলক বা সঁচা কাহিনীৰ চলচ্চিত্ৰ,মানুহৰ দুখ-দুৰ্দশাৰ চলচ্চিত্ৰ, এই সকলোবিলাক চিনেমা৷

সেইকাৰণে মা-দেউতাৰ ওপৰত নিৰ্ভৰ কৰে,কিনো চাই ভাল পাম সেইবোৰ বাছি দিবলৈ৷ কাৰণ চিনেমাত যেনেকৈ ভাল দিশ আছে, চিনেমাৰ বেয়া দিশো আছে৷ চিনেমাই আমাক বহু ভাল কথা শিকোৱাৰ উপৰিও বিপথে পৰিচালিত কৰিব পাৰে৷ সৰুবিলাকৰ কথা নকৱেঁই, ডাঙৰসকলেও ইয়াৰ বেয়া প্ৰভাৱত পৰে কেতিয়াবা৷ গতিকে ডাঙৰবিলাকও সাৱধান হ'বলগা হয় তেতিয়া৷ নহ'লেনা কিছুমান ইমান অবাস্তৱ ফাঁকি, কাহিনী ডাঙৰবিলাকে আপোনমনে কেনেকৈ চায়৷ ডাঙৰবিলাকেই যেতিয়া কথাবিলাক ওলোটাকৈ শিকে আমাৰ সৰুবিলাকেনো চিধাকৈ কেনেকৈ শিকিব? এই বেয়া প্ৰভাৱ সমাজৰ বাবে ক্ষতিকাৰক৷ কেৱল টকা উপাৰ্জন কৰিবলৈ গৈ এই চিনেমা মাধ্যমক কিছুমান লোকে ব্যৱহাৰ কৰে,গতিকে তেওঁলোকে চিনেমাত মানুহৰ মনৰ বাবে অসুস্থ চিন্তাধাৰা সুমুৱাই দিয়ে আৰু এইবিলাক চালে আমাৰ মনবিলাকৰ ওপৰত কেতিয়াবা নিজৰো নিয়ন্ত্ৰণ নাথাকে৷ ভাল অলীক ভাবনা আহিব,সপোনৰ লগত আমি সচৰাচৰ দেখা বাস্তৱ জীৱনৰ মিল নাথাকেগৈ৷ তেতিয়া আমাৰ খুব দিগদাৰি হয়৷ আমি যিটো ভাবো,যিটো চিন্তা কৰো,সেইটো হৈ নুঠেগৈ৷ গতিকে তোমালোকে চিনেমা এই শিল্পটো যে কেৱল আনন্দ লাভ কৰাৰ বস্তু সেইটো নাভাবিবা৷ আজিকালি গোটেই পৃথিৱীতে ইয়াক কেৱল আনন্দ লাভৰ বস্তু এই বুলি ভবা নহয়৷ ‘চিনেমা'মানুহৰ জীৱন সমাজৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছে৷ আচলতে সচৰাচৰ কেৱল টকা উপাৰ্জনৰ বাবে কৰা চিনেমাবোৰৰপৰা এই ধাৰণা নাহে,এই চিনেমাবিলাকেই আমাৰ মনবিলাকক চিনেমা সম্পৰ্কে অন্য ধাৰণা দিয়ে৷ তেনে চিনেমা চোৱা যায় কেৱল অকনমান আনন্দ পাবলৈহে৷ তোমালোকে ভাবাচোন, ভাৰতবৰ্ষত বছৰি পৃথিৱীৰ ভিতৰতে আটাইটকৈ বেছি চিনেমা নিৰ্মিত হয়৷ কিন্তু তোমালোকে চিন্তা নকৰিবা,এইটো কোনো ডাঙৰ কথা নহয়, বছৰটোত সমগ্ৰ পৃথিৱীত তোমালোকৰ ভাল লগাধৰণৰ যিমান নিৰ্মাণ হয় সেয়াই তোমালোকৰ বাবে যথেষ্ট৷

আচলতে কথাটো কি কৈছো তোমালোকক৷ তোমালোকে এই কাৰণেই চিন্তা কৰিব নালাগে যে এখন চিনেমা চাবলৈ আচলতে আমি একো কষ্ট কৰিব নালাগে৷ এখন বিদেশী ভাষাৰ কিতাপ পঢ়িবলৈ সেই ভাষাটো জনা দৰকাৰ৷ কিন্তু চিনেমাত ইয়াৰ দৰকাৰ নাই৷ চিনেমা চাবলৈ কোনো বেলেগধৰণৰ শিক্ষাৰ প্ৰয়োজন নহয়৷ এখন খুব ভাল চিনেমা, সেইখন লাগিলে ৰুছ দেশৰ হওক, অষ্ট্রেলিয়াৰ হওক,সেইবোৰ দেশৰ অকণিহঁতৰ লগতে তোমালোকেও বুজিব পাৰিবা৷ ইমানেই শক্তিশালী চলচ্চিত্ৰৰ নিজৰ ভাষা৷ সমস্যাটো হ'ল, কেনেকৈ এই চিনেমাবোৰ চাবলৈ পোৱা যায়৷ এনেধৰণৰ চিনেমা দেখুওৱাটো ডাঙৰৰ কৰ্তব্য৷ ভাৰতবৰ্ষত প্ৰতি বছৰে কিন্তু চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হয়৷ এনে মহোৎসৱলৈ বিভিন্ন দেশৰপৰা বিভিন্ন মজাৰ,ভাললগা চিনেমা আহে৷ বিভিন্ন সমাজ সংস্কৃতিমূলক অনুষ্ঠানে ক্ৰমে শিশু চলচ্চিত্ৰ মহোৎসৱ পাতিব পাৰে,এই কথা ডাঙৰসকলে চিন্তা কৰিলেহে হ’ব৷ বিদেশী ভাষাৰ চিনেমা এখন বুজিবলৈ একেবাৰে অসুবিধা নহ’বৰ বাবে আজিকালি অন্য যিকোনো ভাষালৈ ডাবিং কৰি ল’ব পাৰি৷ অসমীয়াত হয়তো হোৱা নাই, কিন্তু ‘জুৰাছিক পাৰ্ক’, ‘বেবিজ ডে আউট’ আদি হিন্দী ভাষালৈ ডাব কৰি লোৱা হৈছিল৷ হয়তো ভৱিষ্যতে পৃথিৱীৰ সকলো ঠাইৰ তোমালোকে ভাল পোৱা চিনেমাবিলাক আমাৰ অসমীয়া ভাষালৈও ৰূপান্তৰিত কৰিব পৰা যাব চাগৈ৷ ভাবাচোন বুঢ়া-বুঢ়ীয়ে কচু ৰোৱা সাধুটোও বিদেশী অন্য ভাষালৈ ৰূপান্তৰিত কৰিলে অন্য দেশৰ অকণিবিলাকে চাব৷ এটা আন্তৰ্জাতিক আদান-প্ৰদান হ'ব৷ সংস্কৃতিৰ আদান-প্ৰদান হ’ব৷ চিন্তাৰ আদান-প্ৰদান হ’ব৷ কিমান যে ভাল হ’ব৷ এই চিনেমা শিল্পটোক আজি ইমানটো পৰ্যায় পোৱাত বহু লোকৰ অৰিহণা আছে৷ আজি এশ বছৰৰ আগৰপৰা নিৰন্তৰ বহু লোকে চিন্তা কৰি হাতে-কামে লাগি চিনেমাৰ আজিৰ ৰূপ দিছেগৈ৷ তোমালোকক সকলোৰে কথা কোৱাটো সম্ভৱ নহয়, তথাপি কেইজনমানৰ নাম উনুকিয়াইছো৷ প্ৰথমতেই নাম ল’ব লাগিব ফৰাচী দেশৰ লুমিয়েৰ ভাতৃদ্বয়৷ তেওঁলোকেই পোন প্ৰথমে চিনেমা ধাৰণাটো জন্ম দিয়ে আৰু কেমেৰাৰে বিভিন্ন বিষয় তুলি সেইসমূহৰ বাণিজ্যিক প্ৰদৰ্শন কৰিছিল৷ আমেৰিকাৰ ডেভিড গ্ৰিফিথ আৰু ৰাছিয়াৰ ছাৰ্গেই আইজেনষ্টাইন,এই দুজনকেই চলচ্চিত্ৰৰ পিতৃপুৰুষ বোলা হয়৷ চাৰ্লি চেপলিনৰ নাম শুনিছাই৷ চিনেমাৰ ইতিহাসৰ লগত চাৰ্লি চেপলিনৰ নামো ওতপ্ৰোতভাৱে জড়িত৷ ভাৰতবৰ্ষত পোন প্ৰথমে চলচ্চিত্ৰ নিৰ্মাণ কৰে দাদা চাহেব ফাল্কেই৷ প্ৰথম চলচ্চিত্ৰখন ‘ৰাজা হৰিশ্চন্দ্ৰ’৷ ফৰাচী দেশৰ গডাৰ, ছুইডেনৰ ইংগমাৰ বাৰ্গমেন,জাপানৰ আকিৰা কুৰেশ্ব’ৱা,মিজোগুচি,ইটালিৰ ফ্ৰেড্ৰিকো ফেলিনি,এন্টানিয়নি,আমেৰিকাৰ অৰছন ৱেলছ,ভাৰতৰ ঋতিক ঘটক,সত্যজিৎ ৰায় আদি চিনেমাজগতৰ প্ৰবাদপুৰুষসকলৰ কষ্ট, ত্যাগ,চিন্তাৰ বিনিময়ত চলচ্চিত্ৰই আজি এক সন্মানজনক অৱস্থালৈ উন্নীত হৈছেগৈ৷ পোনপ্ৰথমে চলচ্চিত্ৰত আজিকালি থকাৰ দৰে শব্দ নাছিল৷ চলচ্চিত্ৰবিলাক ৰঙীন নাছিল৷ আজিকালিহে চলচ্চিত্ৰৰ লগত জড়িত প্ৰযুক্তিৰ যথেষ্ট উন্নতি ঘটাত আমি বৰ্তমানৰ চলচ্চিত্ৰবিলাক চাবলৈ পাইছো৷ বিভিন্ন দেশত আজিকালি চলচ্চিত্ৰৰ বিভিন্ন দিশ,ইয়াৰ প্ৰযুক্তি আদি বিষয়ত শিক্ষা প্ৰদান কৰা হয়৷

অসমত পোন প্ৰথমে চলচ্চিত্ৰ নিৰ্মাণ কৰা ব্যক্তিজনৰ নাম তোমালোকে জানাই চাগৈ৷ তেখেত আছিল জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ‘জয়মতী’ আছিল প্ৰথম অসমীয়া চিনেমা৷ এখন চিনেমা সৰ্বাংগসুন্দৰ হিচাপে নিৰ্মাণ কৰিবলৈ বহু কষ্ট কৰিবলগীয়া হয়৷ এখন চিনেমা আমি যেতিয়া চাওঁ আচলতে সেই চিনেমাখন নিৰ্মাণৰ আঁৰত বহু লোক লুকাই থাকে৷ গতিকে এই শিল্পক উদ্যোগ বুলিও কোৱা হয়৷ সেইবোৰত বহুতো লোক পেছাগতভাৱে জড়িত হয়৷ যেতিয়া আমি এখন চিনেমা চাওঁ,অকণমান মনোযোগ দিলে দেখিবা,এখন চিনেমাত বহুতো কথাই থাকে৷ অধিক মনোগ্ৰাহী কৰিবৰ বাবে তাত কেৱল কাহিনীটোৱেই নাথাকে৷ সেই চিনেমাখনৰ আৰু থকা লোকসকলৰ কোনোৱে খুব ভালদৰে কেমেৰাটো চলাইছে,কোনোবাই খুব ভালদৰে সম্পাদনা কৰিছে,কোনোৱে ভালদৰে পোহৰ দিয়াৰ কাম কৰিছে,কোনোবাই ভালদৰে সংগীতৰ ব্যৱহাৰ কৰিছে৷ এনেদৰে চিনেমাখনৰ লগত জড়িত সকলোৰে নিজৰ কাম ভালদৰে কৰাৰ ফলতহে চিনেমাখন চাবলৈ ভাল লগা হৈছে৷ যদি সকলোৱে ভালদৰে কৰিছে, কিন্তু অভিনেতাসকলে ভালদৰে অভিনয় কৰিব পৰা নাই৷ এনেদৰে চিনেমাখনৰ কোনো এটা দিশ বেয়া হ'লেও চিনেমাখন চাই বেয়া লাগে৷ গতিকে চিনেমা এখন চালে মনোযোগ দি চাবাচোন,চিনেমাখন কোনটো কোনটো দিশ তোমাৰ ভাল লাগে৷ কাৰণ চিনেমাত সংগীত,ফটোগ্ৰাফি,অভিনয়,ছবি আদি বহুবোৰ বিষয়ো অন্তৰ্ভুক্ত কৰা থাকে৷ অকণমান মনোযোগ দি চাই ভাবিবা, চিনেমাখনত কাহিনীটোৱেনো কি ক'ব বিচাৰিছে? ইয়াৰ নীতিকথা কি? সেই যে তোমালোকক পঢ়ি শুনোৱাৰ পিছত যি কোনো সাধুৰে নীতিকথানো কি আছে তাক ক'বলৈ কোৱাৰ দৰে৷ নীতিকথা নাথাকিলেও,কিছুমান চিনেমা চাই ভাল লাগে দেই৷ মুঠতে ভাল লগা চিনেমা একোখনৰ ভাল লগাটো নিজৰ নিজৰ ধৰণৰ৷ তোমালোকৰ ‘আলাদিন' যিধৰণে ভাল লাগিব, ‘বৰ্ন ফ্ৰি' বেলেগধৰণে ভাল লাগিব৷ ‘এবিছ' যিধৰণে ভাল লাগিব ‘চফেদ হাতী' বেলেগধৰণে ভাল লাগিব৷ আমি আচলতে সৰুৰেপৰা ক্ৰমান্বয়ে কথাবোৰ শিকিব লাগে নহয় জানো৷ গতিকে টিভিৰ যিকোনো অথবা যিকোনো চিনেমা চালে বহুবোৰ কথাই আমাৰ বয়স অনুপাতে শিকিব লগাত পৰে৷ সৰু বয়সত শিকা কথা এটা আচলতে ডাঙৰ বয়সলৈকে থাকি যায়৷ সেইবাবে খুব বেছিকৈ চিনেমা,টিভিৰ অনুষ্ঠান বেছিকৈ চোৱাটো ক্ষতিকাৰক৷ কিয়নো সৰুতে সকলো কথা শিকাটো সম্ভৱ নহয়৷

আচলতে কি জানা,তোমালোকে খুব খেলা-ধূলা কৰা,নিজৰ পঢ়া-শুনা কৰা,তাৰ মাজতে দুই-এখন বাহিৰা ভাল জ্ঞানবৰ্ধক কিতাপ-পত্ৰ পঢ়াৰ অভ্যাস কৰা,লগৰ ল'ৰা-ছোৱালীৰ বেছিকৈ সংগ লোৱা,তেওঁলোকৰ লগত মাৰপিটো কৰিব পাৰা,মাজে মাজে চিঞৰি চিঞৰি কান্দিবা,অলপ-অচৰপ ফুৰা-চকা কৰা,গছ-গছনি,মাটি,পানীবোৰ চুই চাবা,সাঁতুৰিবা,তোমালোকৰ আদি-অন্তহীন কামৰ মাজতহে চিনেমা এখন চাবা,সেইটোহে ভাল হ'ব,নহয় জানো?

ইউনিক'ড ৰূপান্তৰক : আৰহান ইনামূল।

Share Button
Print Friendly, PDF & Email

1 Comment : "পপকৰ্ন, ছুইংগাম, ষ্টিকাৰ, চকলেট, চিনেমা, আদিবোৰ"

  1. Bhaskar kalita

    পঢ়ি বহুত ভাল লাগিল, ধন্যবাদ এনেকুৱা সুন্দৰ লিখনিৰ বাবে ।

Leave a Comment

Your email address will not be published. Required fields are marked *