বিজ্ঞানৰ ইতিহাস (১ম খণ্ড) : প্ৰাক-ঐতিহাসিক যুগত বিজ্ঞানৰ বিকাশ

হান ইনামূল

প্ৰাক-ঐতিহাসিক বিজ্ঞান বুলি কওঁতে প্ৰথম দৃষ্টিত দুটা পৰস্পৰবিৰোধী শব্দৰ সমষ্টি আমাৰ চকুত পৰে, কাৰণ আচৰণগত আৰু শাৰীৰিকভাৱে মানৱ প্রজাতিয়ে আধুনিক মানৱৰ ৰূপ পোৱাৰপৰা বুৰঞ্জীৰ লিপিবদ্ধকৰণ আৰম্ভ হোৱাৰ সময়লৈকে এই বিস্তৃত যুগটোকে প্ৰাক-ঐতিহাসিক যুগ বুলি কোৱা হয় অথবা আমাৰ সাধাৰণ জ্ঞান অনুযায়ী সেই সময়ৰ কথা বুজো, যি সময়ত মানৱ জাতি অজ্ঞানতা আৰু আদিমতাৰ আন্ধাৰত বুৰ গৈ আছিল আৰু মানৱীয় বুদ্ধিমত্তাৰ স্তৰ তেনেই নিম্ন আছিল৷ আনহাতেদি, বিজ্ঞানৰ বিকাশ বুলি ক'লে সভ্য মানৱৰদ্বাৰা প্ৰাকৃতিক পৰিঘটনাৰ বৈজ্ঞানিক বিশ্লেষণ আৰু তাৰ আলমত হোৱা নিত্য-নতুন আৱিষ্কাৰৰ কথা মনলৈ আহে৷ কিন্তু অলপ গভীৰভাৱে বিশ্লেষণ কৰিলে এটা সত্য  পোহৰলৈ আহে যে কোনো এক নিৰ্দিষ্ট সময়ৰপৰা সভ্যতা আৰু বিজ্ঞানৰ বিকাশ আৰম্ভ হোৱা নাছিল৷ অর্থাৎ ইতিহাসে ঢুকি পোৱা সময়ৰ বহু আগৰেপৰাই মানুহ সভ্য আৰু জ্ঞানমুখী হ'বলৈ আৰম্ভ কৰিছিল৷ ইয়াৰ সমান্তৰালভাৱেই বিজ্ঞানৰ বিকাশমুখী যাত্ৰাও আৰম্ভ হৈছিল৷ গতিকে প্ৰাক-ঐতিহাসিক বিজ্ঞানৰ বিকাশ বুলি ক'লে প্ৰাক-মানৱৰ সময়ৰপৰা ইতিহাসে ঢুকি পোৱা সময়লৈকে বিজ্ঞানৰ যি বিকাশ ‌হৈছিল তাকেই বুজোৱা হয়৷ এই বিষয়ত এটা পৰিষ্কাৰ ধাৰণা পাবৰ বাবে আমি নিজকে সুধিব লাগিব, বিজ্ঞান মানেনো কি? আমাৰ চৌপাশে বিজ্ঞান শব্দটো যিধৰণে ব্যৱহাৰ হোৱা দেখা যায় তাৰপৰা বিজ্ঞানৰ প্ৰকৃত সংজ্ঞা বিচাৰি পোৱা নাযায়৷ তথাপিতো উত্তৰটো ইমান কঠিনো নহয়৷ বিজ্ঞান বুলি ক'লে সৰ্বপ্ৰথমে আমি পৰ্যবেক্ষণৰপৰা সংগ্ৰহ কৰা জ্ঞানৰ কথা বুজো৷ দ্বিতীয়তে, সেই জ্ঞানৰ শ্ৰেণী বিভাজন কৰাৰ লগতে সাধাৰণ আৰু মূল নীতিৰ শৃংখলাবদ্ধ বিকাশ হোৱাটোকে সূচায়৷ হার্বাৰ্ট স্পেনচাৰৰ মতে বিজ্ঞান হ'ল সংঘবদ্ধ জ্ঞান৷

1এই কথা স্পষ্ট যে আদিম সময়ৰপৰাই মানুহে প্ৰকৃতিক ওচৰৰপৰা পৰ্যবেক্ষণ কৰি আহিছে৷ কিন্তু এই কথা আমি নিশ্চিতকৈ কৈ দিব নোৱাৰো যে প্ৰতিজন পৰ্যবেক্ষকেই তেওঁ আহৰণ কৰা জ্ঞানসমূহ শ্ৰেণী বিভাজন কৰিব পাৰিছিল অথবা জ্ঞানসমূহ শংখলাবদ্ধভাৱে সংগ্ৰহ কৰিব পাৰিছিল৷ কিন্তু অলপ ৰেখাপাত কৰিলেই পৰ্যবেক্ষণ আৰু জ্ঞানৰ শ্ৰেণী বিভাজন অথবা সংঘবদ্ধতাৰ মাজৰ ওচৰৰ সৰ্ম্পক এটা চকুত পৰে৷ আনহাতেদি, চৌপাশৰ অচিনাকি পৰিঘটনাসমূহ আগ্ৰহেৰে পৰ্যবেক্ষণ কৰাৰ একক সত্তাৰ গুণ বা মানসিকতাতকৈ তেনেধৰণৰ পৰ্যবেক্ষণৰপৰা আহৰণ কৰা উপলব্ধিসমূহ বেছিকৈ প্রভাৱশালী হয়৷ উদাহৰণস্বৰূপে, এটা পহুৱে এখন হাবিৰ মাজেৰে পাৰ হৈ যাওঁতে যদি হঠাতে এটা গোন্ধ পায় তেতিয়া তাৰ মনত এটা ধাৰাবাহিক ধাৰণাৰ উদ্ৰেক হয়৷ আৰু যদিহে সেই পহুটো কম বয়সীয়া হয়, তেন্তে তাৰ অভিজ্ঞতাৰপৰা এই কথা কোনোপধ্যেই আৱিষ্কাৰ কৰিব হয়তো নোৱাৰিব পাৰে যে সেই গোন্ধটো এটা বাঘৰ হয়৷ আৰু বাঘ এটা ভয়ানক জন্তু। তেতিয়া পহুটো আঁতৰি নগৈ একে ঠাইতে ৰৈ থাকিব আৰু তাৰ ফলত হয়তো সি বাঘৰ আক্রমণৰ বলি হ’ব।যদি কেনেবাকৈ সেই পহুটো বাঘৰ আক্রমণৰপৰা বাচি আহিব পাৰে তেতিয়া হয়তো সি সেই ঘটনাটোৰপৰা পিছৰ পর্যায়ত এটা অভিজ্ঞতাকৃত আত্মৰক্ষাৰ জ্ঞান আহৰণ কৰে যে তাৰ জীৱনৰ পৰৱৰ্তী পর্যায়ত তেনে একেই গোন্ধ এটা পালে অনুভৱ কৰিব পাৰিৱ যে সেই গোন্ধটো এটা ভয়ানক জন্তুৰ, গতিকে তাৰপৰা আঁতৰি যোৱাই উচিত হ'ব৷ অতীতত লাভ কৰা অভিজ্ঞতাৰপৰাই পহুৱে পৰ্যবেক্ষণমূলক সেই জ্ঞান আহৰণ কৰে যে পিছৰ পর্যায়ত কেৱল গোন্ধ পালেই বিপদজনক জন্তুৰপৰা আঁতৰি থকাৰ সিদ্ধান্ত ল'ব পাৰে৷ আৰু সেয়াই সেই বিশেষ প্ৰজাতিটোৰ বাবে সেই বিশেষ পৰিঘটনা পৰ্যবেক্ষণৰপৰা আহৰণ কৰা নীতি, তাকে সেই পৰ্যায়ৰ বৈজ্ঞানিক বিকাশ বুলিব পাৰি৷ পহুটোৱে বিজ্ঞানৰ জ্ঞান সংঘবদ্ধ কৰিব নোৱাৰে, কিন্তু অভিজ্ঞতাৰপৰা আহৰণ কৰা জ্ঞানৰ ব্যৱহাৰ কৰিব পাৰে, সেই বিজ্ঞান আৰু বৰ্তমানৰ আমাৰ দৃষ্টিত বিজ্ঞানৰ মাজত বহুত দূৰত্ব থাকিব পাৰে, অথবা পহুটোৱে বিকাশ কৰা বিজ্ঞানসুলভ মূলনীতি আৰু নিউটনৰ দৰে বিজ্ঞানীৰ পৰীক্ষালদ্ধ মূলনীতি মানগত ভিত্তিত বেলেগ স্তৰৰ হ'ব পাৰে। কিন্তু পহুটোৰ প্ৰজাতিৰ বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত সেয়াই বৈজ্ঞানিক আহৰণ, যদিও মানৱীয় দৰ্শন, বুদ্ধিমত্তাতকৈ নিম্নখাপৰ অথচ সেয়াও নিভাঁজ বিজ্ঞানকৃত জ্ঞানৰ ফলেই হয়৷ আনহাতে, এই কথা কোনেও নুই নকৰে যে যিবিলাক প্ৰাণীয়ে নিজৰ চৌপাশৰপৰা বিজ্ঞানৰ জ্ঞান আহৰণ কৰি নিজকে পৰিৱৰ্তিত সময় আৰু প্ৰত্যাহ্বানমূলক পৰিস্থিতিত খাপ খুৱাব নোৱাৰে সেইবোৰ জীৱই শীঘ্ৰেই তাৰ ফল ভুগিবলগা হয়৷

ইতিহাসে ঢুকি পোৱা সেই সময়খিনিৰ আগৰপৰাই নিয়মীয়াকৈ মানৱ জাতিয়ে বিকাশৰ এটা গতিপথ নিৰ্ণয় কৰি লৈছিল, সামাজিক জীৱন গ্ৰহণ কৰাৰ পিছৰেপৰাই মানুহে এক সভ্য আৰু শৃংখলিত জীৱনৰ বাবে প্ৰয়োজনীয় প্ৰতিটো উপাদান আহৰণ কৰিছিল৷ আমি জানো যে প্ৰস্তৰ যুগতেই মানুহে বনৰীয়া প্ৰাণী ঘৰচীয়া কৰি ব্যৱহাৰ কৰিব পাৰিছিল আনকি ভূমি ব্যৱহাৰ কৰি কৃষিকৰ্মৰ পাতনি মেলিছিল৷ পৰৱৰ্তী সময়ত সন্দেহাতীত শ্ৰম, ত্যাগ আৰ যন্ত্ৰণা পাৰ কৰি মানুহে ধাতুৰ আহৰণ তথা ব্যৱহাৰ, ব্ৰঞ্জৰপৰা সামগ্ৰী নিৰ্মাণ অথবা লোৰ ব্যৱহাৰ কৰাৰ জ্ঞান আহৰণ কৰিছিল৷ অতুলনীয় কৌশলগত জ্ঞানৰ গৰাকী হৈ সেই যুগতেই মানুহ ভাল কাৰিকৰ হ'ব পাৰিছিল৷

নিজতকৈ বহুগুণে আকাৰত ডাঙৰ প্ৰাণীক বধিব পৰা নিখুঁত কাঁড়, অথবা আদিম মানৱে প্ৰকৃত ব্যৱহাৰিক বিজ্ঞানৰ উন্নত মূলনীতি নজনাকৈ, নুবুজাকৈ নিৰ্মাণ কৰা কুঠাৰ অথবা ব্ৰঞ্জৰ কটাৰী নিশ্চয়কৈ সেই কৌশলপূৰ্ণ কাৰিকৰী জ্ঞানৰ বাহক৷ বিজ্ঞানৰ জটিল মূলনীতি সর্ন্দভত অবোধ হৈ ৰ'লেও তেওঁলোকে সেই সম্পদবোৰৰ ব্যৱহাৰিক মূল সন্দৰ্ভত নিজৰ পৰ্যবেক্ষণৰপৰা ক্ৰমান্বয়ে যি জ্ঞান আহৰণ কৰিছিল সেই বিষয়ে বিশ্লেষণ কৰাটো বিজ্ঞানৰ বিকাশৰ প্ৰকৃত গতিপথ অধ্যয়নৰ বাবে অতি প্ৰয়োজনীয়৷

2এই কথা গ্ৰহণ কৰা আৰু বুজি পোৱাটো প্ৰয়োজনীয় যে আদিম মানৱে আহৰণ কৰা সেই জ্ঞান অথবা কলাসমূহ সন্দৰ্ভত আমি এটা যৌক্তিক অনুমানহে কৰিব পাৰো৷ আমি সেই বিকাশৰ এটা প্ৰকৃত লেখ অংকন কৰিব নোৱাৰো, অথবা নিশ্চয়কৈ ক'ব নোৱাৰো যে সেই সময়খিনিৰ সন্ধানসমূহ অথবা আৱিষ্কাৰসমূহ কোনে, কেতিয়া কেনেকৈ কৰিছিল৷ তাৰেই কিছু অংশ মানুহে পিছৰ আদিম সময়ৰ আগৰ অ-মানৱীয় অৱস্থাৰ পৰা বংশগতি সূত্ৰে (উল্লেখ্য যে এটা প্রজন্মৰপৰা সেইখিনি গুণহে পিছৰ প্ৰজন্মলৈ যায় যিখিনি গুণ বা লক্ষণ জিনত সঞ্চিত হৈ থাকে, জীৱন কালত আহৰণ কৰা অভিজ্ঞতালব্ধ জ্ঞান বা আচৰণ বংশগতি সূত্রে প্রৱাহিত নহয়) পোৱা আৰু বাকীখিনি নিজেও তুলনামূলকভাৱে এক উন্নত অৱস্থা পোৱাৰ পিছত আহৰণ কৰে৷ কিন্তু ওপৰত উল্লেখ কৰা সেই বিজ্ঞানৰ আদিম মূলনীতিসমূহ নিশ্চয়কৈ মানৱ জাতিয়ে ইজিপ্ট সভ্যতা অথবা বেবিলনৰ সভ্যতাৰ আগতেই আহৰণ কৰা জ্ঞানৰ অংশ৷ ইতিহাসে ঢুকি পোৱা সময়ৰ আগলৈকে মানৱজাতিয়ে কিদৰে প্ৰাকৃতিক পৰিঘটনা অথবা প্ৰকৃতি দৰ্শনৰপৰা বৈজ্ঞানিক চিন্তাপুষ্ট জ্ঞান আহৰণ কৰি জ্ঞানৰ বিকাশ ঘটাইছিল তাৰেই কেইটামান আনুমানিক দৃশ্যপট তলত উল্লেখ কৰা হ'ল :

১. আদিম মানৱে হয়তো অনুমান কৰিছিল যে পৃথিৱীখন চেপেটা আৰু অসীমলৈ ইয়াৰ পৰিধি বিস্তৃত অর্থাৎ পৃথিৱীৰ কোনো সীমা নাই, আৰু ইয়াৰপৰাই তেওঁলোকে সেই স্তৰৰ অসীমতাৰ ধাৰণা আহৰণ কৰিছিল৷ কিন্তু সেই অসীমতাৰ ধাৰণা আৰু বৰ্তমানৰ আধুনিক গণিতৰ অসীমতাৰ ধাৰণাৰ মাজত প্ৰভেদ আছে৷ সদায় দেখি থকা চেপেটা আৰু বহলকৈ অসীমলৈ বিস্তৃত ভূমি, সাগৰ অথবা মূৰৰ ওপৰৰ আকাশখনৰপৰাই তেওঁলোকে এই ধাৰণা গ্ৰহণ কৰিছিল৷ আনহাতে,বতৰৰ প্ৰতিকূলতা বা অন্য কাৰকৰ বাবে বহু দূৰ ভ্ৰমি উভতি অহা পৰিব্ৰাজক বা ইপাৰ নেদেখা সাগৰৰ বা মৰুভূমিৰ বিস্তৃতিৰপৰাই চেপেটা পৃথিৱীৰ ধাৰণা কৰিছিল৷ এইটো সত্য যে সেই ধাৰণাসমূহৰ কোনো প্ৰকৃত প্ৰমাণ নাই,কিন্তু সত্যতাৰ বাবে আমি ইতিহাসে ঢ়ুকি পোৱাৰ পিছৰ সময়ছোৱাত আজি কিছুদিনৰ আগলৈকে মানুহে ধাৰণা কৰি অহা চেপেটা পৃথিৱীৰ ধাৰণাৰপৰাই পাম৷

২. আদিম মানৱে নিশ্চয়কৈ পৰ্যবেক্ষণ কৰিছিল যে সূৰ্যৰপৰা আমি তাপ আৰু পোহৰ পাওঁ, আৰু চন্দ্ৰৰপৰা পোহৰ পাওঁ, কিন্তু তাপ নাঁপাও৷ আনকি তেওঁলোকে ঋতুৰ বিৱৰ্তনৰ লগত সূৰ্যৰ গতিবিধিৰ সৰ্ম্পক নিশ্চয়কৈ লক্ষ্য কৰিছিল৷ অৱশ্যে তেওঁলোকে গ্ৰীষ্মপ্ৰধান অঞ্চলৰপৰা উপ-গ্ৰীষ্মপ্ৰধান অঞ্চল বা অন্য ভিন্ন অঞ্চলৰ উষ্ণতালৈ প্ৰব্ৰজন নকৰালৈকে সেই পৰ্যবেক্ষণ কৰিব পৰা নাছিল৷ তাৰ পিছতো সূৰ্যৰ অৱস্থান পৰিৱৰ্তনৰ লগত ঋতুৰ পৰিৱৰ্তনৰ সৰ্ম্পক ঠাৱৰ কৰিবলৈ এটা দীঘলীয়া সময় মানৱজাতিয়ে লৈছিল৷

3আদিম মানৱে সূৰ্যৰ গতিবিধিৰ লগত ঋতুৰ পৰিৱৰ্তনৰ যি সম্পৰ্ক তাৰ প্ৰকৃত বৈজ্ঞানিক কাৰণ বর্তমানৰ বিজ্ঞানৰ দৰে নিশ্চয়কৈ বিশ্লেষণ কৰিব নোৱাৰিছিল৷ তথাপিতো তেওঁলোকৰ জীৱন ধাৰণ পক্ৰিয়াটোক গ্ৰীষ্ম অথবা শীতকালৰ লগত খাপ খুৱাই চলাই নিব পাৰিছিল৷ এই কথা সত্য যে আকাশত সূৰ্য, চন্দ্ৰ অথবা তৰাবিলাকৰ গতি লক্ষ্য কৰি সেই মহাজাগতিক বস্তুবোৰৰ সন্দৰ্ভে একো একোটা ধাৰণাৰ সৃষ্টি আটাইতকৈ প্ৰাচীন বৈজ্ঞানিক পৰ্যবেক্ষণ আছিল৷ উল্লেখযোগ্য যে যিহেতু সেই পৰ্যবেক্ষণসমূহ কেৱল চাক্ষুষ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰিছিল, সেয়ে আকাশত দেখা দিয়া প্ৰতিটো বস্তুৱেই স্থিৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি ধাৰণা কৰা হৈছিল৷ সেই আদিম বুদ্ধিমত্তাই কিদৰে সূৰ্যই পূবৰপৰা পশ্চিমলৈ গতি কৰি থাকোতে দিন আৰু পৃথিৱীৰ তলেদি পশ্চিমৰপৰা পূবলৈ গতি কৰোঁতে ৰাতি হয় বুলি কৰা ধাৰণাটো বর্তমান সময়ত এক  হাস্যকৰ বিষয় হ'ব পাৰে৷ কিন্তু সেই সময়ৰ মানৱজাতিৰ বুদ্ধিমত্তা অনুযায়ী সেয়াই যে বৈজ্ঞানিক চিন্তা-চর্চাৰ যাত্ৰাৰ আৰম্ভণি হৈছিল তাক আমি অগ্ৰাহ্য কৰিব নোৱাৰো৷ চন্দ্ৰৰ দ্বৈত গতিৰ বিষয়ে অধ্যয়ন কৰোতে বর্তমান এই কথা অনুধাৱন কৰাটো উদ্ভট যেন লাগিব পাৰে যে বুৰঞ্জীয়ে ঢুকি পোৱাৰ বহু আগতেই মানৱে বেলেগ বেলেগ নিশাৰ আকাশত চন্দ্ৰৰ বেলেগ বেলেগ আকৃতি দেখি ইয়াৰ দ্বৈত গতি সম্বন্ধে ধাৰণা কৰিব পাৰিছিল৷ আনহাতে,অন্য তৰাবোৰৰ ক্ষেত্ৰতো একে কথাই খাটে আৰু নিশ্চয়কৈ ভ্ৰাম্যমাণ তৰাবিলাকৰ গতিবিধি অথবা তৰাবিলাকৰ পৰস্পৰ নিৰ্ভৰশীল স্থিতি আৰু বৃহস্পতি আৰু শুক্ৰ গ্ৰহৰ অৱস্থিতি (অৱশ্যেই মহাজাগতিক শ্ৰেণী বিভাজন অবিহনে) সেই যুগৰ মানুহৰ দৃষ্টিৰ  অগোচৰে থকা নাছিল৷

নিৰাপদ দূৰত্বত অৱস্থান গ্ৰহণ কৰি ওপৰত উল্লেখ কৰি অহা প্ৰাক-ঐতিহাসিক সময়ত মানুহে প্ৰাকৃতিক পৰিঘটনাসমূহৰ ওপৰত কৰা পৰ্যবেক্ষণসমূহক আনুমানিক বুলি অভিহিত কৰি সেইসমূহ কোনোপধ্যেই বৈজ্ঞানিক পৰ্যবেক্ষণ নহয় বুলি দাঠি ক'ব পাৰি৷ কিন্তু তাৰপৰাই যে বিজ্ঞানৰ বিকাশ আৰম্ভ হৈছিল সেই কথাও আমি নস্যাৎ কৰিব নোৱাৰো৷

৩. আদিম মানৱে সভ্য হোৱাৰ বহু আগতেই মাটি আৰু পানীৰ প্ৰভেদ বুজি পাইছিল৷ গতিকে তেনে পৰ্যায়ত আহৰণ কৰা জ্ঞানৰ তুলনাত উন্নত মানৰ কিছুমান বৈজ্ঞানিক চিন্তা-চৰ্চা প্ৰাক-ঐতিহাসিক  সময়ত আৰম্ভ হৈছিল৷ তেনে এটা পৰ্যবেক্ষণ হ'ল যে সকলো বস্তুৱেই ওপৰৰপৰা এৰি দিলে পোনপটীয়াকৈ তললৈ গতি কৰে আৰু মাটিত পৰে৷ আৰু এই পৰিঘটনাটোৱে নিশ্চয়কৈ আদিম মানৱক আকৰ্ষণ কৰিছিল৷

ইতিহাসে ঢুকি পোৱা সময়ৰ আগতেই মানুহে মাধ্যাকৰ্ষণিক শক্তিৰ বিষয়ে ধাৰণা কৰিছিল বুলি ক'লে উদ্ভট যেন লাগে, কিন্তু মাধ্যাকৰ্ষণিক শক্তিৰ নীতি-নিয়ম অথবা ভূ-কেন্দ্ৰমুখী আকৰ্ষণৰ প্ৰকৃত বৈজ্ঞানিক কাৰণ বিশ্লেষণ কৰিব নোৱাৰিলেও এই কথা নিশ্চয়কৈ তেওঁলোকে পৰ্যবেক্ষণ কৰিছিল যে বিপৰীত দিশত বল প্ৰয়োগ কৰি অথবা ঢোকা দি নৰখা প্ৰতিটো বস্তুৱেই ভূমিৰ দিশে গতি কৰে৷ কাৰণ, নিশ্চয়কৈ আপেলটো তললৈ সৰি পৰা দেখিহে নিউটনে ভূ-কেন্দ্ৰমুখী গতিৰ অৱস্থিতিৰ কথা আৱিষ্কাৰ কৰাটো গ্ৰহণযোগ্য নহয়, অৰ্থাৎ মানৱজাতিয়ে তাতকৈ বহু যুগ আগতেই এই সত্যটো আৱিষ্কাৰ কৰিছিল আৰু নিউটনে তাৰ বৈজ্ঞানিক মূলনীতি প্ৰতিষ্ঠা কৰিছিল, আনহাতেদি অঘৰী মানৱে ধৰাৰ বিভিন্ন পৃষ্ঠত পানীৰ একেই ধৰণ দেখি যিদৰে এই ধাৰণা কৰিব পাৰিছিল যে সকলো স্থানতেই পানীৰ পৃষ্ঠ স্থিৰ অৱস্থাত একেদৰেই থাকে, তেনেদৰে ভূ-কেন্দ্ৰমুখী সেই বলৰ অৱস্থিতি সকলোতেই (যিহেতু সেই সময়ৰ মানুহে পৃথিৱীৰ পৰিধি অসীম বুলি ভাবিছিল) আছে বুলি নিশ্চয়কৈ ধাৰণা কৰিছিল৷ এই বলৰ আধুনিক বিজ্ঞানমতে গাণিতিক বিশ্লেষণ কৰিব নোৱাৰিলেও বিভিন্ন প্ৰভাৱে ক্ৰিয়া কৰা মাধ্যাকৰ্ষণৰ প্ৰভাৱক নিশ্চয়কৈ আনুমানিক ভিত্তিত ঠাৱৰ কৰিব পাৰিছিল৷ তাৰ প্ৰমাণস্বৰূপে তেওঁলোকে নিখুঁতভাৱে নিৰ্মাণ কৰি উলিওৱা ধনুৰ কাঁড়, শিল বা ব্ৰঞ্জৰ যাঠি আদিৰ গঠন আৰু কি কৌশলেৰে, কিমান বল প্ৰয়োগ কৰি আৰু কিমান ঊৰ্ধ্বমুখীকৈ মাৰিলে বা দলিয়ালে এটা নিৰ্দিষ্ট দূৰত্বত ভূমিৰ ওপৰত থকা লক্ষ্যবস্তু এটাক হানিব বা খুঁচিব সেই অনুমান কৰিব পাৰিছিল৷ তেনেদৰেই তেওঁলোকে হয়তো  মাধ্যাকৰ্ষণিক  বল সন্দৰ্ভে কৰা ধ্যান-ধাৰণাৰ বিকাশ ঘটাইছিল৷

প্ৰাকৃতিক বিজ্ঞানৰ অন্য ধ্ৰুৱক সত্যসমূহো মানৱজাতিয়ে সভ্য হোৱাৰ আৰম্ভণিৰেপৰাই নিশ্চয় লক্ষ্য কৰিবলৈ আৰম্ভ কৰিছিল৷ উদাহৰণস্বৰূপে,কঠিন বস্তুৰ জড়তা, জুলীয়া বস্তুৰ প্ৰবাহিতা ধৰ্ম অথবা উষ্ণতাৰ পৰিৱতৰ্নৰ ফলত পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন ইত্যাদি তেওঁলোকে পৰ্যবেক্ষণ কৰিছিল৷ ইতিহাসে ঢুকি পোৱা বহু সময়ৰ আগতেই কিদৰে ধাতু গলাব লাগে, পানী গৰম কৰিব পাৰি, দাহ্য-অদাহ্য পদাৰ্থ আদি সন্দৰ্ভত জ্ঞান আহৰণ কৰিব পাৰিছিল৷ গতিকে আমি বিনাদ্বিধাই ক'ব পাৰো যে তাৰো বহু আগতেই মানুহেই জুইৰ আৱিষ্কাৰ কৰিছিল, তাৰ সমসাময়িকভাৱে নিশ্চয় ঘৰ্ষণ বল সন্দৰ্ভতো জ্ঞাত হৈছিল৷ তেওঁলোকে স্বাভাৱিকতেই লক্ষ্য কৰিছিল যে দুটা বিশেষ বস্তু ঘঁহালে জুই সৃষ্টি হ'ব পৰাকৈ তাপ উৎপন্ন হয়৷

৪. বৰ্তমান আধুনিক বিজ্ঞানৰ যিখন ক্ষেত্ৰক আমি জীৱবিজ্ঞান বুলি কওঁ সেই ক্ষেত্ৰখনৰ লগত জড়িত বিভিন্ন উপাদানসমূহ আদিম মানৱে বহল পৰিসৰত আৰু ওচৰৰপৰা পৰ্যবেক্ষণ কৰাত সুবিধা পাইছিল৷ উদাহৰণস্বৰূপে,জীৱ আৰু জড়ৰ মৌলিক পাৰ্থক্য সন্দৰ্ভে উদ্ভৱ হোৱা মৌলিক ধৰ্মসমূহ৷ তেওঁলোকে নিশ্চয়কৈ এটা শিল আৰু এটা চৰাইৰ মাজৰ মৌলিক পাৰ্থক্যসমূহ লক্ষ্য কৰিছিল৷ আৰু এইদৰেই পৰ্যবেক্ষণ কৰি চৌপাশৰ বস্তুবোৰক দুটা বহল শ্ৰেণীত বিভক্ত কৰিছিল, চেতন আৰু অচেতন৷ তেওঁলোকে নিশ্চয় লক্ষ্য কৰিছিল যে শিল এটাৰ ওচৰ চাপি গ'লে বা চুবলৈ গ'লে সি আঁতৰি নাযায়, একে ঠাইতে পৰি থাকে, কিন্তু অন্যহাতেদি চৰাই এটাৰ ওচৰ চাপি গ'লে সি ৰৈ নাথাকি উৰা মাৰে৷ এই পৰ্যবেক্ষণৰপৰাই তেওঁলোকে নিশ্চয় চেতনাবোধৰ ধাৰণা গ্ৰহণ কৰিছিল৷ আদিম মানৱে চৌপাশৰ বস্তুবোৰ এইদৰে শ্ৰেণী বিভাজন কৰোতে আৰু এটা কথা লক্ষ্য কৰিছিল নিশ্চয় যে কিছুমান বস্তুৱে নিজেই লৰ-চৰ কৰিব পাৰে আৰু অন্য কিছুমান বস্তুৱে নোৱাৰে।কিন্তু এইদৰে শ্ৰেণী বিভাজন কৰোতে তেওঁলোকে কৰা দুটা প্ৰধান ভুল হ'ল যে তেওঁলোকে সূৰ্য, চন্দ্ৰ, বতাহ, বিজুলী, বৰষুণ আদিকো চেতন অথবা জীৱ বুলিয়েই গণ্য কৰিছিল,কিন্তু উদ্ভিদক অচেতন বা জড় বুলি গণ্য কৰিছিল৷ কাৰণ, তেওঁলোকে গ্ৰহ-নক্ষত্ৰবোৰে গতি কৰা দেখিছিল,কিন্তু গছ এজোপা একে ঠাইতে ৰৈ থকা কথাটো লক্ষ্য কৰিছিল৷ তাৰ প্ৰমাণ  আজি আধুনিক পৃথিৱীতো বহু লোকে সূৰ্য, চন্দ্ৰ, বৰষুণ আদিক দেৱতা বুলি গণ্য কৰি পূজা কৰাৰ পৰম্পৰা বিচাৰি পোৱা যায়৷

জীৱ আৰু জড়ৰ মৌলিক পাৰ্থক্যসমূহ চিনাক্ত কৰাৰ পাছতে আদিম মানৱে জীৱসমূহৰ মাজত শ্ৰেণী বিভাজন কৰাটো আৰম্ভ কৰিছিল৷ যেনে,পানীত থকা জীৱ, আকাশত উৰিব পৰা জীৱ অথবা মাটিত থকা জীৱ ইত্যাদি ভাগত ভাগ কৰিছিল৷ খাদ্যাভ্যাস, দৈহিক গঠন আদিৰ ওপৰত নিৰ্ভৰ কৰিও জীৱসমূহক তেওঁলোকে সৰু সৰু গোটত ভাগ কৰিছিল৷ ইয়াৰ সমান্তৰালকৈ আদিম গোটসমূহে নিজৰ নিজৰ ভাষা অনুযায়ী জীৱসমূহৰ নামকৰণ কৰিছিল৷

চিকিৎসাবিজ্ঞানৰ ক্ষেত্ৰখনতো সেই প্ৰাক-ঐতিহাসিক যুগত চিন্তা-চৰ্চা,আৰু জ্ঞানৰ বিকাশ হৈছিল৷ আমি জানো যে ইতৰ প্ৰাণীসমূহেও নিজস্ব ভোজন-যোগ্য খাদ্য চিনাক্ত কৰিব পাৰে৷ বিভিন্ন প্ৰাণীৰ ওপৰত চলোৱা এক গৱেষণাৰপৰা ইতৰ প্ৰাণীসমূহে নিজৰ সাধাৰণ খাদ্যবোৰৰ উপৰিও কেতিয়াবা হঠাতে অন্য ঔষধি গুণসম্পন্ন খাদ্য চিনাক্ত কৰি গ্ৰহণ কৰাৰ গুণ যে বংশগতিৰ সূত্ৰে আহে সেই কথা জানিব পৰা গৈছে৷ মেকুৰীৰ ‘কেটমিন্ট' নামৰ ফুলবিধৰ প্ৰতি থকা আসক্তিয়ে এই কথাকেই প্ৰমাণিত কৰে৷ এই কথা নিশ্চিত যে এই গুণসমূহ জীৱসমূহে বংশগতি সূত্ৰে লাভ কৰে৷ আটাইতকৈ আদিম মানৱসমূহেও প্ৰজাতিগতভাৱে বিশেষ কিছুমান বনৌষধৰ বিষয়ে বংশগতি সূত্ৰে জ্ঞান বহন কৰিছিল৷ বিশেষকৈ বিষাক্ত খাদ্য গ্ৰহণ কৰাৰপৰা নিজকে বাৰণ কৰিব পৰাকৈ বিষাক্ত খাদ্য চিনাক্ত কৰিব পৰা জ্ঞানো তেওঁলোকে বহন কৰিছিল৷ তাৰ ফলতেই নিচেই কমসংখ্যক ফল-মূল বা শস্যহে পৃথিৱীত আছে যাক খাদ্য বা অখাদ্য হিচাপে চিনাক্ত কৰিব নোৱাৰে৷ এই চিনাক্তকৰণ প্ৰক্ৰিয়া এদিনতে হঠাতে আৰম্ভ হোৱা নাছিল, নিশ্চয়কৈ প্ৰাক-ঐতিহাসিক সময়ৰপৰাই ইয়াৰ বিকাশ হৈছিল৷

খাদ্য চিনাক্তকৰণ প্ৰক্ৰিয়াৰ লগতেই বিশেষ কিছুমান ৰোগৰ প্ৰতিকাৰক হিচাপে কিছুমান উদ্ভিদৰ ব্যৱহাৰযোগ্যতা তেওঁলোকে লক্ষ্য কৰিছিল৷ আমি জানো যে বুৰঞ্জীয়ে ঢুকি পোৱা সময়ৰপৰা আনকি আজিৰ তাৰিখতো বহু মানুহে ৰোগ নিবাৰণৰ বাবে পোনপটীয়াকৈ বনৌষধ ব্যৱহাৰ কৰি আহিছে৷ এই ক্ষেত্ৰত সৰহভাগ বনৌষধৰ আৱিষ্কাৰ বা চিনাক্তকৰণ বহু দীঘলীয়া সময়ৰ মূৰে মূৰে ঘটনাক্ৰমে অথবা কাকতালীয়ভাৱে হৈছিল বুলি অনুমান কৰা হয়৷ কিন্তু বিভিন্ন ৰোগৰ প্ৰতিকাৰক বিচৰাতো আজিৰ দৰে বিজ্ঞানসুলভ মানসিকতাৰে তেতিয়া হয়তো হোৱা নাছিল, প্ৰাকৃতিক ৰোগ বা প্ৰাকৃতিক মৃত্যু বুলি ক'লে যি ধাৰণা আমাৰ মনলৈ আহে আদিম মানৱে সেয়া নিশ্চয়কৈ উপলব্ধি কৰিব পৰা নাছিল৷ যিকোনো বয়সতে বা যিকোনো কাৰণবশতঃ হোৱা মৃত্যুক তেওঁলোকে অলৌকিকতাৰ দৃষ্টিকোণৰপৰাহে বিচাৰ কৰিছিল আৰু মানুহে যে মৰণশীল সেই সত্যও তেওঁলোকে প্ৰাকৃতিকভাৱে নিশ্চয়কৈ গ্ৰহণ কৰা নাছিল৷ উদাহৰণস্বৰূপে,কোনো এজন মানুহ গছৰ ওপৰৰপৰা পৰি ডিঙি ভাগি মৃত্যু  হোৱা ঘটনাটোক প্ৰাকৃতিক বুলি গণ্য নকৰি কোনোবা দেৱতাৰ অভিশাপ অথবা শক্ৰৰদ্বাৰা কৰা যাদুমন্ত্ৰৰ ফল বুলিহে বিবেচনা কৰিছিল৷ আদিম সমাজৰ সেই চিন্তা-ধাৰণাসমূহ আজিৰ যুগতো বিভিন্ন অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ ৰূপত বৰ্তি আছে৷

৫. বর্তমান সময়ত মানৱজাতিয়ে নিজকে যিসমূহ জ্ঞানৰ অধিকাৰী বুলি গৌৰৱ কৰে, যেনে - বিজ্ঞান, গণিত, ৰাজনৈতিক, অৰ্থনৈতিক বিজ্ঞান ইত্যাদিৰ বিকাশৰ আৰম্ভণিও প্ৰাক-ঐতিহাসিক যুগতেই আৰম্ভ হৈছিল৷ ভোক, নিৰাপত্তা, প্ৰেম, ঘৃণা আদি মৌলিক আবেগসমূহে আদিম মানৱক নিশ্চয়কৈ আত্মপৰ্যবেক্ষণৰ সমতলত থিয় কৰাইছিল৷ ইয়াৰ প্ৰভাৱতেই তেওঁলোকৰ বুদ্ধিমত্তাৰো বিকাশ হৈছিল৷ যেনে,অতি কমেও চাৰি বা পাঁচলৈকে গণনা কৰাৰ জ্ঞান তেওঁলোকে আহৰণ কৰিছিল৷ তাৰ লগে লগেই আৰু এঢাপ আগুৱাই হাতৰ আঙুলি, ভৰিৰ আঙুলিৰ সংখ্যা হিচাপ কৰিবলৈ শিকিছিল৷ অৰ্থাৎ অতি কমেও পাঁচ, দহ আৰু বিশলৈকে গণনা কৰিব পাৰিছিল৷ সেইদৰেই আদিম মানৱে সংখ্যাতত্ত্বৰ জ্ঞান আহৰণ  কৰিছিল৷

ৰাজনৈতিক ধাৰণা বিকাশৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে আটাইতকৈ আদিম মানৱৰ মাজতো মালিকীস্বত্ব অথবা ব্যক্তিগত সম্পত্তি আৰু সম্পদৰ ওপৰত থকা অধিকাৰবোধৰ চেতনা আছিল৷ অঘৰী মানৱে খাদ্য অথবা চিকাৰৰ সন্ধানত এঠাইৰপৰা আন ঠাইলৈ গৈছিল আৰু এইদৰেই তেওঁলোকে হয়তো গোট পাতি বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল, আৰু তেওঁলোকে বসতি স্থাপন কৰা সেই বিশেষ অঞ্চলটোৰ জল, স্থল, অৰণ্য, পশু আদিক নিজৰ ব্যক্তিগত সম্পত্তি বুলি গণ্য কৰিছিল৷ তেনেস্থলতেই  ঠিক একেদৰে অন্য স্থানত বসতি স্থাপন কৰা অন্য এটা মানৱ গোটক তেওঁলোকৰপৰা জাতিগতভাৱে ভিন্ন  অথবা বহিঃসমাজৰ লোক বুলি গণ্য কৰিছিল৷ তাৰ ফলতেই প্ৰাথমিক স্তৰত মানৱৰ মাজৰ শ্ৰেণীবিভাজন আৰম্ভ হৈছিল৷ এইদৰে ভিন্ন স্থানত ভিন্ন সমলক কেন্দ্ৰ কৰি বসতি স্থাপন কৰা মানৱ গোটসমূহৰ স্বকীয় জীৱনশৈলী অথবা উন্নত ভাষাত ক’বলৈ গ'লে,নিজস্ব সামাজিক সংস্কৃতিৰ বিকাশ হৈছিল৷ সেইদৰেই সেই মানৱ গোটসমূহে ভিন ভিন জাতিৰ ৰূপ লৈছিল৷ কেতিয়াবা হয়তো এটা মানৱ গোটে অন্য এটি মানৱ গোটৰ দখলত থকা অৰণ্যত চিকাৰ কৰিবলৈ গৈছিল।তাৰ ফলস্বৰূপে নিশ্চয়কৈ দুয়োটা গোটৰ মাজত সংঘাত আৰু সংঘৰ্ষৰ সৃষ্টি হৈছিল৷ সেই অৰণ্যখন আগৰেপৰা দখল কৰি থকা মানৱ গোটটোৱে নিজৰ বিচৰণভূমিক অথবা নিজৰ সম্পত্তিক বহিঃজাতিৰ আক্ৰমণৰপৰা ৰক্ষা কৰিবৰ বাবে নিজৰ মাজতে একগোট হৈছিল৷ সেইদৰেই হয়তো তেওঁলোকৰ মাজত আদিম জাতীয় চেতনাবোধৰ অংকুৰণ হৈছিল৷ কিন্তু এইদৰে আৰম্ভ হোৱা ঐক্যও মাজে-সময়ে বিঘ্নিত হৈছিল৷ একো একোটা মানৱ গোটত যিমানেই সদস্য সংখ্যা বাঢ়ি যাবলৈ ল'লে সিমানেই অন্তৰ্কন্দল আৰু আভ্যন্তৰীণ সংঘাত বাঢ়ি যাবলৈ ল'লে৷

এনেদৰে গোট বান্ধি থকা মানৱ সমষ্টিৰ মাজত দেখা দিয়া অন্তৰ্কন্দলৰ এটা ঘাই কাৰণ হ'ল ক্ষমতাৰ লোভ৷ এই গোটসমূহক একোজন দলপতিয়ে নেতৃত্ব দিয়ে আৰু তেওঁৰ অধীনতেই বাকীসকল সদস্যই নিৰ্ধাৰিত নিয়ম-নীতি অনুসৰি জীৱন নিৰ্বাহ কৰে৷ কেতিয়াবা সেই নিয়ম-নীতি অনুসৰণ কৰাক লৈ অথবা ভংগ কৰাক লৈ পাৰস্পৰিক সংঘাতৰ সৃষ্টি হয়৷ য'ত নিত্য-নতুন কূটনৈতিক কৌশল আৰু প্ৰাথমিক পৰ্যায়ৰ ৰাজনৈতিক বিজ্ঞানৰ  ভেটি এটা গঢ় লৈ উঠে৷

ওপৰৰ আলোচনাখিনিত প্ৰাক-ঐতিহাসিক যুগত কিদৰে বিজ্ঞানৰ বিকাশৰ সূত্ৰপাত হৈছিল তাৰেই সম্যক বিশ্লেষণ আগ বঢ়োৱা হ'ল৷ কিন্তু মৌলিক বিজ্ঞানৰ বিকাশৰ আলমত কিদৰে আদি মানৱে সেই স্তৰৰ প্ৰযুক্তিবিদ্যাৰ বিকাশ ঘটাইছিল সেয়া বিশ্লেষণ নকৰিলে এই আলোচনাটো আধৰুৱা হৈ ৰ’ব৷ কেইবাটাও বিশেষ কাৰকৰ ধাৰাবাহিক আৰু পাৰস্পৰিক সংযোগপ্ৰদত্ত প্ৰভাৱৰ ফলতেই প্ৰাক-ঐতিহাসিক প্ৰযুক্তিবিদ্যাৰ বিকাশ সম্ভৱ হৈছিল৷ তেনে এটা কাৰক হ'ল - হ'মছেপিয়েনছৰ উন্নতভাৱে বিকশিত মগজুপ্ৰভূত ‘‘আচৰণগত আধুনিকতা'' (BEHAVIORAL MODERNITY),যাৰ বাবেই মানৱৰদ্বাৰা তুলনাত্মক বিচাৰ কৰাৰ ক্ষমতা, ভাষাৰ সৃষ্টি আৰু ব্যৱহাৰ, আত্মদৰ্শন আৰু সমস্যা সমাধান কৰাৰ গুণ বিকশিত হৈছিল৷ কৃষিকৰ্মৰ বিকাশৰ লগে লগেই ঘৰচীয়া প্ৰাণী, কৃষিৰ বাবে ব্যৱহৃত মাটি আৰু বিভিন্নধৰণৰ বিচিত্ৰ উন্নত মানৰ সা-সঁজুলিৰ সৈতে মানুহে অঘৰী জীৱন ত্যাগ কৰি ঘৰ পাতি বাস কৰিবলৈ শিকিছিল৷ তাৰ লগে লগেই প্ৰাক-ঐতিহাসিক যুগৰ বিভিন্ন পৰ্যায়ত কলা, স্থাপত্য, শিল্প, সংগীত আৰু ধৰ্মৰ উদ্ভৱ হৈছিল৷ প্ৰাক-ঐতিহাসিক সময়ৰ কেইটামান বিশেষ যুগত মানুহে কিদৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশ ঘটাইছিল তাৰেই এক চমু অৱলোকন তলত আগ বঢ়োৱা হৈছে৷

প্ৰস্তৰ যুগ (STONE AGE):

চিত্র : ‘ভেনাছ অব উইলেনড'ৰ্ফ' (VENUS OF WILLENDORF)

চিত্র : ‘ভেনাছ অব উইলেনড'ৰ্ফ' (VENUS OF WILLENDORF)

প্ৰস্তৰ যুগ বুলি ক'লে প্ৰাক-ঐতিহাসিক যুগৰ সেই সময়ৰ কথা বুজোৱা হয় যেতিয়া মানুহে বহল পৰিসৰত শিলৰ ব্যৱহাৰ কৰিছিল৷ বিশেষকৈ জোঙা মুখ আৰু ধাৰ থকা কাষৰ সা-সঁজুলি, অস্ত্ৰ-শস্ত্ৰ অথবা মসৃণ তলসমৃদ্ধ সমতল থকা সা-সঁজুলিৰ বিকাশ হৈছিল৷ আনুমানিকভাৱে ২.৫ মিলিয়ন বছৰ আগতে এই যুগ আৰম্ভ হৈছিল আৰু বিশেষকৈ মানৱ প্রজাতিয়ে আদি- হমিনিডছৰ (Hominids)পৰা প্লেইষ্ট'ছিন (PLEISTOCENE) যুগৰ শেষৰ ফাললৈ হ'মছেপিয়েনছ ৰূপ পোৱালৈকে এই যুগ বৰ্তি আছিল৷ আনুমানিকভাৱে প্ৰায় ছহেজাৰৰপৰা প্ৰায় চাৰি হেজাৰ খ্ৰীষ্টপূৰ্বৰ ভিতৰত প্রাচীন প্রাচ্যত সুমেৰীয় সভ্যতাৰ উত্থানৰ লগে লগে প্ৰস্তৰ যুগৰ অন্ত পৰিছিল, কাৰণ সেই সময়খিনিয়েই ধাতুৰ (ব্রঞ্জ) ব্যৱহাৰ আৰম্ভ হৈছিল৷ প্ৰস্তৰ যুগত মানুহৰ জীৱনশৈলী সাধাৰণতে চিকাৰকেন্দ্ৰিক আছিল৷ কিন্তু তুষাৰ যুগৰ সময়ত কিছুমান বৃহৎ জন্তু,যেনে, মামু'থ আৰু বাইচন আদি জন্তুৰ প্ৰায় বিলুপ্তি ঘটিছিল৷ ফলত মানুহে বেছি দূৰলৈ চিকাৰ বিচাৰি যোৱাৰ পৰিবৰ্তে  স্থানীয়ভাৱে উপলব্ধ খাদ্যসম্ভাৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছিল৷ ইয়াৰ পৰিপ্ৰেক্ষিতত নতুন নতুন উদ্ভিদ বা সৰু সৰু প্ৰাণী খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ ফলশ্ৰুতিতেই মানৱজাতিয়ে বনৰীয়া শস্য আৰু প্ৰাণী ঘৰচীয়া কৰা আৰম্ভ কৰিছিল আৰু স্থায়ী বাসস্থান অথবা ঘৰ পাতি বাস কৰাৰ অভ্যাস গঢ় লৈ উঠিছিল৷ সেই সময়খিনিৰ কোনো লিখিত প্ৰমাণ পোৱা নাযায়,কিন্তু কিছুমান প্ৰাচীন সা-সঁজুলি, অংকিত চিত্ৰ বা অন্য প্ৰাক-ঐতিহাসিক কলা, যেনে, ‘ভেনাছ অব উইলেনড'ৰ্ফ' (VENUS OF WILLENDORF),জীৱাশ্ম, মানৱ দেহৰ থাকি যোৱা বিভিন্ন অপচনীয় অংশ, যেনে - হাড় আদিৰ ওপৰত কৰা পৰীক্ষা আৰু ‘মামি'ৰ ওপৰত কৰা অধ্যয়নৰপৰা কিছু তথ্য পোৱা যায়৷ যদিও সেই সময়খিনিৰ নিখুঁত আৰু স্পষ্ট প্ৰমাণ নাই তথাপিতো বিজ্ঞানী আৰু বুৰঞ্জীবিদসকলে কৰা তুলনাত্মক অধ্যয়নৰপৰা সেই যুগৰ মানুহৰ জীৱন প্ৰণালী আৰু জীৱনশৈলীত প্ৰযুক্তিবিদ্যাৰ গুৰুত্ব সম্বন্ধে এক ধাৰণা কৰিব পাৰি৷

প্রস্তৰ যুগক মূলতঃ চাৰিটা ভাগত ভাগ কৰা হৈছে :১/ পেলিঅ’লিথিক যুগ (Paleolithic), ২/ মেছ’লিথিক যুগ (Mesolithic), ৩/নিঅ’লিথিক যুগ (Neolithic) , ৪/ কৃষি যুগ (Agriculture) ।

পেলিঅ’লিথিক যুগক সাধাৰণতে তিনিটা উপভাগত ভাগ কৰা হৈছে, (ক) নিম্ন পেলিঅ' লিথিক যুগ (LOWER PALEOLITHIC AGE)(খ) মধ্য পেলিঅ'লিথিক যুগ (MIDDLE PALEOLITHIC AGE)আৰু (গ) উচ্চ পেলিঅ'লিথিক বিপ্লৱ (UPPER PALEOLITHIC REVOLUTION)।

১/ পেলিঅ’লিথিক যুগ (Paleolithic) :

(ক) নিম্ন পেলিঅ'লিথিক যুগ (LOWER PALEOLITHIC AGE):

চিত্র : ‘অল্ডোৱান'

চিত্র : ‘অল্ডোৱান'

চিত্র : ‘একিউলিয়ান’

চিত্র : ‘একিউলিয়ান’

নিম্ন পেলিঅ'লিথিক যুগ প্ৰাচীন প্ৰস্তৰ যুগৰ এক উপ-শ্ৰেণীবিভাগ৷ এই যুগ আৰম্ভ হৈছিল প্ৰায় ২.৫ মিলিয়ন বছৰ আগত, যেতিয়া হমিনিডসকলে (প্ৰাক মানৱ)শিলৰ সঁজুলি ব্যৱহাৰ কৰাৰ তথ্য বৰ্তমান উপলব্ধ আছে৷ সেই  যুগত মানুহে (হমিনিদ)শিলৰদ্বাৰা নিৰ্মিত হাতকুঠাৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল আৰু সেই মানুহখিনিৰ বুদ্ধিমত্তাৰ স্তৰ বৰ্তমান যুগৰ তিনিৰপৰা পাঁচ বছৰ বয়সৰ শিশুৰ সমান বুলি ক’ব পাৰি৷ তাৰ পিছতেই শিল কাটি নিৰ্মাণ কৰি উলিওৱা ‘অল্ডোৱান' নামৰ হাতেৰে ব্যৱহাৰ কৰিব পৰা সজুঁলি তেওঁলোকে নিৰ্মাণ কৰিব পাৰিছিল৷ আজিৰপৰা প্ৰায়  ২.৫ৰপৰা ১.৭ মিলিয়ন বছৰ আগত পূব আৰু দক্ষিণ আফ্ৰিকাত বাস কৰা হম' এৰগাষ্টাৰ  (HOMO ERGASTER)সকলে তুলনামূলকভাৱে তেওঁলোকৰ আগৰ প্ৰাক-মানৱতকৈ উন্নত মানৰ আৰু বিচিত্ৰধৰণৰ শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল৷ হম' এৰগাছষ্টাৰৰ পূৰ্বসূৰি হম'হেবিলিছ (HOMO HABILIS) (আজিৰপৰা ২.৪ৰপৰা ১.৫ মিলিয়ন বছৰ আগত)সকলে ‘একিউলিয়ান' নামৰ কুঠাৰ নিৰ্মাণ কৰি উলিয়াইছিল৷

আজিৰপৰা ১.৫ মিলিয়ন বছৰৰ আগত এছিয়া আৰু ইউৰোপৰ বিভিন্ন অংশত ‘হম' এৰেক্টাছ'সকলে নিয়ন্ত্ৰিত জুই ব্যৱহাৰ কৰিছিল বুলি ধাৰণা হয়৷ আনহাতে,ইজৰাইলৰ উত্তৰ অংশতো প্ৰায় ৬,৯০,০০০ৰপৰা ৭,৯০,০০০ বছৰ আগতে মানুহে জুই ব্যৱহাৰ কৰাৰ অনুমান কৰা হৈছে৷ আনুমানিকভাৱে ৫ লাখ বছৰ আগতে ‘হম' হেইডেলবাৰজেনছিছ' (HOMO HEIDELBERGENSIS)সকলে পোন প্ৰথমবাৰৰ বাবে মৃতদেহ জ্বলোৱা প্ৰথা আৰম্ভ কৰিছিল বুলি ধাৰণা কৰা হয়৷

(খ) মধ্য পেলিঅ'লিথিক যুগ (MIDDLE PALEOLITHIC AGE):

চিত্র : ‘মৌষ্টেৰিয়ান'

চিত্র : ‘মৌষ্টেৰিয়ান'

মধ্য পেলিঅ'লিথিক যুগ প্ৰায় ৩ লাখৰপৰা ২৮ হাজাৰ বছৰ আগতে ইউৰোপ আৰু প্ৰাচ্যত বৰ্তি আছিল৷ সেই সময়খিনিতেই নিয়েনডাৰথেলছ (NEANDERTHALS) প্ৰাক-মানৱসকলে তাত বিচৰণ কৰিছিল৷ এওঁলোকে মৌষ্টেৰিয়ান নামৰ পথালি শিলৰপৰা কাটি উলিওৱা প্ৰায় ত্ৰিভুজাকৃতিৰ শিলৰ সঁজুলি নিৰ্মাণ কৰিছিল৷ তাৰ উপৰিও আকাৰত সৰু কটাৰী বা খন্তিৰ দৰে সঁজুলিও শিলৰপৰা নিৰ্মাণ কৰি উলিয়াইছিল৷ এই প্ৰাক-মানৱ গোটে কাৰোবাৰ মৃত্যু হ'লে তেওঁ ব্যৱহাৰ কৰা শিলৰ সঁজুলিসমূহো তেওঁৰ লগতে সমাধিস্থ কৰিছিল৷

(গ) উচ্চ পেলিঅ'লিথিক বিপ্লৱ (UPPER PALEOLITHIC REVOLUTION):

চিত্র : ‘ঔৰেগনেছিয়াম'

চিত্র : ‘ঔৰেগনেছিয়াম'

‘আচৰণগত আধুনিকতা’ৰ প্ৰভাৱত হমিনিডসকলক অতিক্ৰমি হম’ছেপিয়েনছৰ যি বুদ্ধিমত্তাৰ বিকাশ হৈছিল তাৰ প্ৰভাৱতেই আজিৰপৰা প্ৰায় ৬০,০০০ৰপৰা ৩০,০০০বছৰ আগত উচ্চ পেলিঅ'লিথিক বিপ্লৱৰ সূচনা হৈছিল৷ তাৰ সমসাময়িকভাৱে মানুহে ‘ঔৰেগনেছিয়াম' নামৰ সা-সঁজুলি, শিলৰপৰা নিৰ্মিত তৰোৱালসদৃশ অস্ত্ৰ আৰু হাড়ৰপৰা নিৰ্মিত সঁজুলি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল৷ তাৰ লগে লগে মানুহে বস্ত্ৰৰ আৱিষ্কাৰ আৰু ব্যৱহাৰ কৰিছিল৷ আজিৰপৰা প্ৰায় ৪০,০০০ বছৰ আগতে মানুহে চিলোৱা বেজিৰ ব্যৱহাৰ কৰিছিল বুলি ধাৰণা হয়৷ জৰ্জিয়াৰ এটা প্ৰাক-ঐতিহাসিক গুহাত ৩৬,০০০ হাজাৰ বছৰ আগতে ব্যৱহাৰ কৰা বস্ত্ৰ নিৰ্মাণ সঁজুলি উদ্ধাৰ কৰা হৈছে৷ অনুমান কৰা হয় যে আজিৰপৰা প্ৰায় ৯০,০০০ বছৰ আগতে মানুহে নিজৰ দেহ ঢাকিবলৈ আৰম্ভ কৰিছিল৷

উচ্চ পেলিঅ'লিথিক বিপ্লৱৰ সময়ত অকল প্ৰযুক্তিগতভাৱেই নহয় সাংস্কৃতিকভাৱেও যথেষ্ট বিকাশ হৈছিল৷ যেনে,গুহাৰ অংকিত চিত্ৰ, সংকেত চিহ্ন, হাড় আৰু শিলৰপৰা বনোৱা অলংকাৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল৷ এই সময়খিনিত বিকাশ হোৱা প্ৰায়বিলাক কলাৰেই মূল বিষয়বস্তু আছিল সেই যুগত অতিকৈ চিকাৰ কৰা প্ৰাণীসমূহ৷ উত্তৰ স্পেইনৰ অন্টামিৰা গুহাৰ চিত্ৰশিল্প আৰু ক'ৱা উপত্যকাৰ পেলিঅ'লিথিক কলা আদি তেনে সাংস্কৃতিক বিকাশৰ উদাহৰণ৷ এই সময়খিনিতে বাঁহীসদৃশ বাদ্যযন্ত্ৰৰো নিৰ্মাণ হৈছিল৷

২/ মেছ'লিথিক যুগ (MESOLITHIC REVOLUTION): মেছ'লিথিক যুগ হ'ল পেলিঅ'লিথিক যুগ আৰু নিঅ'লিথিক যুগৰ মাজৰ সময়খিনি৷ এই সময়খিনি আৰম্ভ হৈছিল প্ৰায় ১১,৬৬০ বি:পি:(Before Presentত হ'লকেন গ্ৰীষ্মযুগৰ সৈতে যেতিয়া চিকাৰি গোটকেন্দ্ৰিক মানৱ জীৱন বৰ্তি আছিল আৰু এই যুগ শেষ হৈছিল নিঅ'লেথিক যুগত কৃষিকৰ্মৰ পাতনি মেলাৰ লগে লগে৷ অৱশ্যে বেলেগ বেলেগ ভৌগোলিক অৱস্থানত এই সময়সীমা বেলেগ বেলেগ হৈছিল৷ মেছ'লিথিক যুগতেই ‘‘মাইক্ৰলিট'' শিলৰপৰা নিৰ্মিত সূহ্ম আকৃতিৰ সঁজুলি আৰু জোং বা যাঠিৰ ব্যাপক ব্যৱহাৰ হৈছিল৷ উল্লেখযোগ্য যে মেছ'লেথিক যুগত সংঘটিত হোৱা এক চিকাৰকেন্দ্ৰিক যুদ্ধৰ প্ৰমাণ পোৱা গৈছে য'ত ব্যৱহাৰ কৰা জোং, যাঠি বা কাঁড়ৰ দৰে জোঙা দীঘলীয়া অস্ত্ৰৰ অৱশেষ আৱিষ্কাৰ কৰা হৈছে৷

৩/ নিঅ'লিথিক বিপ্লৱ (NEOLITHIC REVOLUTION): নিঅ'লিথিক বিপ্লৱেই হ'ল প্ৰথম কৃষি বিপ্লৱ৷ এই সময়খিনিতেই মানুহে অঘৰী জীৱন ত্যাগ কৰি স্থায়ী বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল।প্ৰায় ৮,০০০ৰপৰা ৫,০০০ খ্ৰীষ্টপূৰ্বৰ ভিতৰত বিশ্বৰ ছ-টা বেলেগ বেলেগ স্থানত এই বিপ্লৱৰ সূচনা হৈছিল৷ যেনে - দক্ষিণ-পশ্চিম আৰু দক্ষিণ এছিয়া, উত্তৰ আৰু কেন্দ্ৰীয় আফ্ৰিকা আৰু কেন্দ্ৰীয় আমেৰিকাত এই বিপ্লৱৰ সূচনা হোৱাৰ প্ৰমাণ পোৱা গৈছে৷ এই যুগতেই প্ৰথমবাৰৰ বাবে নাঙল, মাটি খন্দা সঁজুলি আৰু কোৰৰ ব্যৱহাৰ আৰম্ভ হৈছিল৷ গৰু, ছাগলী আদি জন্তুক ঘৰচীয়া কৰি কৃষিকৰ্মত ব্যৱহাৰ কৰা হৈছিল৷ এই যুগৰ অন্য এক বিশেষত্ব হ'ল মাটিৰপৰা নিৰ্মাণ কৰা সা-সঁজুলি আৰু বৰ্তন৷ নিঅ'লিথিক যুগৰ শেষৰ ফালে ঘূৰাব পৰা চকা ব্যৱহাৰ কৰি মাটিৰ বাচন নিৰ্মাণ কৰা হৈছিল৷ নিঅ’লিথিক স্থাপত্য শিল্পৰ মূল বিশেষত্ব আছিল গৃহ নিৰ্মাণ আৰু বোকাৰপৰা নিৰ্মিত ইটা আৰু মাটি, গোবৰ, খেৰ আদিৰ মিশ্ৰণত তৈয়াৰ কৰা সামগ্ৰীৰে নিৰ্মাণ কৰা গাঁওসমূহ৷ আনকি সেই সময়খিনিতে ভঁৰাল ঘৰ আৰু মূৰ্তি নিৰ্মাণৰ কামো আৰম্ভ হৈছিল৷ প্ৰায় ৯,০০০ খ্ৰীষ্টপূৰ্বত মধ্য প্ৰাচ্যত তামৰ ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে৷ প্ৰায় ৮,০০০ খ্ৰীষ্টপূৰ্বত সুমেৰত সংখ্যাৰ ব্যৱহাৰ কৰি তথ্য লিপিবদ্ধ কৰা অৰ্থাৎ সূক্ষ্ম গণনাৰ বিকাশ হৈছিল বুলি ধাৰণা কৰা হয়৷

৪/কৃষি যুগ ((Agriculture) : অৰণ্য-বাগিছাকৰণৰ যোগেদি কৃষি যুগৰ পাতনি হৈছিল বুলি ধাৰণা কৰা হয়।গর্ডন চ্চাইল্ডৰ মতে প্রায় ১০,০০০ খ্রী.পূ.ত বনৰীয়া প্রাণী ঘৰচীয়া কৰি স্থায়ী ভূমিত কৃষিকৰ্মৰ সূচনাৰ যোগেদি এক কৃষি বিপ্লৱৰ আৰম্ভ হৈছিল।প্রায় ৯,৫০০ খ্রী.পূ.ত সুমেৰত, প্রায় ৭,০০০ খ্রী.পূ.ত ভাৰত আৰু পেৰুত, ৬,০০০খ্রী.পূ.ত ইজিপ্টত আৰু ৫,০০০খ্রী.পূ.ত চীনত এই কৃষি বিপ্লৱৰ সূচনা হৈছিল।উল্লেখ্য যে প্রায় ৫,০০০খ্রী.পূ.ত সূমেৰত কৃষিকর্মত জলসিঞ্চন ব্যৱস্থাৰ আৰু শ্রমিক দলৰ নিয়োগ আৰম্ভ হৈছিল।অৱশ্যে তেতিয়াও প্রায়বিলাক সা-সঁজুলি শিলেৰেই নির্মিত আছিল। প্রায় ৩,৩০০ খ্রী.পূ.ত ইউৰ’ছিয়াত তাম,ব্রঞ্জ আদি ধাতুৰপৰা নির্মিত কৃষি সঁজুলিৰ ব্যৱহাৰ আৰম্ভ হৈছিল। ব্রঞ্জৰ ব্যৱহাৰ হোৱাৰ পিছতেই পূব মধ্যসাগৰীয় অঞ্চলসমূহত, মধ্য প্রাচ্যত আৰু চীনত লোৰ ব্যৱহাৰ আৰম্ভ হৈছিল।

ব্ৰঞ্জ যুগ (BRONZE AGE):লিঅ'লিথিক বিপ্লৱৰ পাছতেই ব্ৰঞ্জ যুগৰ সূত্ৰপাত হৈছিল৷ এই যুগতেই মানুহে তামৰ পৰিশোধন কৰিবলৈ শিকিছিল আৰু টিন আৰু তাম মিহলি কৰি ব্ৰঞ্জ ধাতুৰ সৃষ্টি কৰিছিল৷ তাৰ লগে লগেই কৃষিকৰ্ম আৰু বিভিন্ন দৈনন্দিন কামত শিলৰ সঁজুলিৰ পৰিৱৰ্তে ব্ৰঞ্জৰদ্বাৰা নিৰ্মিত সঁজুলি ব্যৱহাৰ হ'বলৈ ল'লে৷ তথাপিও টিনৰ দৰে ধাতু সকলোতে সহজতে উপলব্ধ নাছিল বাবে তেতিয়াও যথেষ্টসংখ্যক শিলৰ সঁজুলি ব্যৱহাৰ হৈ আছিল৷

লৌহ যুগ (IRON AGE): যেতিয়াৰপৰা মানুহে লো-তীখা শোধন কৰি, উত্তপ্ত কৰি আৰু সাঁচত ঢালি প্ৰয়োজনীয় সা-সঁজুলি নিৰ্মাণ কৰিবলৈ শিকিলে, তেতিয়াৰপৰাই লৌহ যুগৰ আৰম্ভণি হয়৷ যিহেতু লোৰপৰা নিৰ্মিত সঁজুলিসমূহ পাতল, শক্তিশালী আৰু সহজতে নিৰ্মাণ কৰিব পৰাবিধৰ হয় সেয়েহে ব্ৰঞ্জৰ সঁজুলিৰ সলনি মানুহে লোৰ সঁজুলি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে৷ লৌহ যুগৰ আৰম্ভণিৰ লগে লগে কলা, ধৰ্ম আৰু কৃষি কৰ্মৰ প্ৰভূত বিকাশৰ সূত্ৰপাত হয়৷ লৌহ যুগকেই প্ৰাক-ঐতিহাসিক যুগৰ শেষ সময় বুলি গণ্য কৰা হয়৷ কাৰণ ইয়াৰ পিছতেই লিখিত ভাষাৰ বিকাশ হৈছিল আৰু বুৰঞ্জী লিপিবদ্ধকৰণ আৰম্ভ হৈছিল৷ প্ৰায় ৬,০০০ খ্ৰীষ্টপূৰ্বত মধ্যপ্ৰাচ্যত ব্ৰঞ্জৰ সঁজুলিৰ পৰিবৰ্তে লোৰ সঁজুলিৰ  ব্যৱহাৰ আৰম্ভ হৈছিল বুলি ধাৰণা কৰা হয়৷ চীনত প্ৰায় ৫,০০০ খ্ৰীষ্টপূৰ্বত লোৰ পৰিশোধনৰ তথ্য পোৱা গৈছে৷ কিন্তু ঐতিহাসিক যুগ আৰম্ভ নোহোৱালৈকে এছিয়াত লোৰ ব্যৱহাৰৰ কোনো প্ৰমাণ হোৱা নাই। আনহাতে,১১০০ খ্ৰীষ্টপূৰ্বত ইউৰোপত প্ৰথমবাৰৰ বাবে লোৰ ব্যৱহাৰ আৰম্ভ হৈছিল৷ উল্লেখযোগ্য যে লৌহ যুগেই ইউৰোপৰ প্ৰাক-ঐতিহাসিক যুগৰ শেষ সময় আছিল আৰু তাৰ পিছতেই মধ্য যুগৰ আৰম্ভণি হয়৷

এই লেখাৰ আৰম্ভণিতেই এই কথা উল্লেখ কৰা হৈছে যে প্ৰাক-ঐতিহাসিক যুগ বুলি ক'লে সেই সময়খিনিৰ কথা কোৱা হয়, যিখিনি সময়ক ইতিহাসে ঢুকি নাপায়৷ গতিকে সেই সময়খিনিত হোৱা মানৱ প্ৰজাতিকেন্দ্ৰিক বিকাশ সন্দৰ্ভত ইতিমধ্যে উদ্ধাৰ হোৱা কিছুসংখ্যক প্ৰত্নতাত্ত্বিক সমলৰ ওপৰত কৰা গৱেষণা আৰু ঘাইকৈ অনুমান আৰু ধাৰণাভিত্তিক পৰ্যালোচনাৰপৰাহে জ্ঞান আহৰণ কৰিব পাৰি৷ কিন্তু বৰ্তমান মানৱে যি উন্নত অৱস্থিতি লাভ কৰিছে ইয়াৰ আৰম্ভণি যে প্ৰাক-ঐতিহাসিক সময়ত বিকাশ হোৱা জ্ঞান-বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ফলতহে সম্ভৱ হৈছে সেই কথা কোনেও নুই কৰিব নোৱাৰে৷

সমল উৎস :

১/ A HISTORY OF SCIENCE: Volume 1 (Kindle Edition), Author: Henry Smith Williams.

২/ Internet Archive (Harper and Bros.; 1904.)

৩/ SCIENCE IN HISTORY (VOLUME 1 The Emergence of Science ), Author- J.D. Bernal.

Share Button
Print Friendly, PDF & Email

2 Comments : "বিজ্ঞানৰ ইতিহাস (১ম খণ্ড) : প্ৰাক-ঐতিহাসিক যুগত বিজ্ঞানৰ বিকাশ"

  1. Maitrayee Hazarika

    প্ৰবন্ধটো পঢ়ি ভাল লাগিল। সুন্দৰ প্ৰচেষ্টা ।

Leave a Comment

Your email address will not be published. Required fields are marked *