কেন্দ্ৰীয় নিবন্ধ

শ্ৰদ্ধাঞ্জলি সংকলন : প্ৰীতিলতা ওয়াদ্দেদাৰ

বিপ্লৱ বৰা

আপোনালোক সকলোৱে পটাছিয়াম চায়নাইড (Potassium Cyanide)ৰ নাম নিশ্চয় শুনিছে। এইবিধ বৰবিহ জিভাত লগাৰ লগে লগে মৃত্যু নিশ্চিত। সেয়ে এইবিধ পদাৰ্থ নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্য, চোৰাং কাৰবাৰী আদিৰ মাজত আত্মহত্যাৰ এক বিশ্বস্ত আহিলা হিচাপে সদায় সমাদৰ লাভ কৰি আহিছে।
আপোনালোকে ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি ব্ৰিটিছৰ হাতত ধৰা নপৰিবৰ বাবে পটাছিয়াম চায়নাইড সেৱন কৰি আত্মবলিদান দিয়া প্ৰথমগৰাকী ভাৰতীয় সশস্ত্ৰ মুক্তি সংগ্ৰামীৰ নাম জানেনে ? এই প্ৰশ্নৰ উত্তৰ বৰ জটিল। বিশেষকৈ ব্ৰিটিছ চৰকাৰৰদ্বাৰা ‘পলাতক বিদ্ৰোহী’, ‘পলাতক আতংকবাদী’ ঘোষিত হৈ ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম চলোৱা বিদ্ৰোহীসকলৰ কাৰ্যকলাপ ইমানেই গোপনে সংঘটিত হৈছিল যে ব্ৰিটিছ পুলিচৰ ৰেকৰ্ডত সন্নিবিষ্ট নহ’লে সৰহসংখ্যক বিদ্ৰোহীৰে কাৰ্যসূচীৰ কোনো সমসাময়িক লিখিত তথ্যসূত্ৰ পৰৱৰ্তী কালত পাবলৈ যথেষ্ট কঠিন আছিল। তথাপি যিমানখিনি তথ্য পোৱা যায়, তাৰ ভিত্তিত প্ৰায়েই ধৰি লোৱা হয়, ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসত পটাছিয়াম চায়নাইড সেৱন কৰি আত্মবলিদান দিয়া প্ৰথমগৰাকী মহিলা মুক্তিসংগ্ৰামী আছিল প্ৰীতিলতা ওয়াদ্দেদাৰ।
তেন্তে কোন এই প্ৰীতিলতা ওয়াদ্দেদাৰ ? কি পৰিস্থিতিত তেখেতে পটাছিয়াম চায়নাইড সেৱন কৰিবলগা হৈছিল? আহক, ইতিহাসৰ ধূলি লগা পৃষ্ঠাবোৰ লুটিয়াই পাহৰণিৰ গৰ্ভত হেৰাই যাব খোজা এগৰাকী স্বাধীনতা সংগ্ৰামীৰ জীৱনত এভুমুকি মৰাৰ এক প্ৰয়াস কৰা যাওক।
অন্তৰ্মুখী, স্বল্পভাষী আৰু লাজকুৰীয়া স্বভাৱৰ এইগৰাকী বীৰাংগণাৰ জন্ম হৈছিল ১৯১১ চনৰ ৫ মে’ তাৰিখে চট্টগ্ৰাম জিলাৰ পটিয়া উপজিলাৰ ধলঘাট নামে গাঁওখনত (বৰ্তমান বাংলাদেশত)। পিতৃ জগবন্ধু ওয়াদ্দেদাৰ আছিল চট্টগ্ৰাম পৌৰসভাৰ কাৰ্যালয়ৰ এগৰাকী কেৰাণী আৰু মাতৃ প্ৰতিভাময়ী ওয়াদ্দেদাৰ আছিল এগৰাকী গৃহিণী।
5_Biplob_pritilota ১৯১৮ চনত প্ৰীতিলতাই চট্টগ্ৰামৰ ডাঃ খাস্তগীৰ চৰকাৰী বালিকা বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। মেধাৱী প্ৰীতিলতাই প্ৰতিটো শ্ৰেণীতেই প্ৰথম বা দ্বিতীয় স্থান লৈ উত্তীৰ্ণ হৈছিল আৰু ১৯২৬ চনত অষ্টম শ্ৰেণীত চৰকাৰী ছাত্ৰবৃত্তি লাভ কৰিছিল। ১৯২৮ চনত প্ৰীতিলতাই প্ৰথম বিভাগত মেট্ৰিক পাছ কৰি ঢাকাৰ ইডেন কলেজত নামভৰ্তি কৰে আৰু ১৯৩০ চনত ইডেন কলেজৰপৰা আই. এ. পৰীক্ষাত অৱতীৰ্ণ হৈ সকলো ছাত্ৰীৰ ভিতৰত প্ৰথম আৰু সকলো ছাত্ৰ-ছাত্ৰীৰ ভিতৰত পঞ্চম স্থান লৈ উত্তীৰ্ণ হয়। পাছত প্ৰীতিলতাই ১৯৩২ চনত কলিকতাৰ বেথুন (Bethune) কলেজৰপৰা ডিষ্টিংচনসহ দৰ্শন শাস্ত্ৰত বি.এ. পাছ কৰে। আৰু তাৰ পিছত তেখেতে চট্টগ্ৰামৰ নন্দন কানন অপৰ্ণাচৰণ বিদ্যালয়ৰ (মাধ্যম ইংৰাজী) প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।
এতিয়া স্বাভাৱিকতে প্ৰশ্ন হয়, ইমান সুন্দৰকৈ চলি থকা এটা নিৰাপদ জীৱন ত্যাগ কৰি প্ৰীতিলতাই ব্ৰিটিছৰ বিৰুদ্ধে সশস্ত্ৰ বিপ্লৱৰ দৰে কণ্টকময় পথ বাছি ল’লে কিয় ? কল্পনা দত্তই (এগৰাকী প্ৰথিতযশা সশস্ত্ৰ সংগ্ৰামী আৰু প্ৰীতিলতাৰ বিদ্যালয়ৰ অগ্ৰজ বান্ধৱী) তেখেতৰ আত্মজীৱনীত (চট্টগ্ৰাম অস্ত্ৰাগাৰ আক্ৰমণকাৰীদেৰ স্মৃতিকথা, যিখন পুথি পাছলৈ Chittagong Armoury Raiders: Reminiscences নামেৰে ইংৰাজী ভাষাতো প্ৰকাশিত হয়) লিখা মতে, তেখেতসকল ছাত্ৰী অৱস্থাত ঝাঞ্চীৰ ৰাণী লক্ষ্মীবাঈৰ বীৰত্বৰ কাহিনী শুনি বৰকৈ ৰোমাঞ্চিত হৈছিল আৰু নিজেও তেনে বীৰাংগণা হ’বলৈ বিচাৰিছিল। প্ৰীতিলতাও ইয়াৰ ব্যতিক্ৰম নাছিল।
প্ৰীতিলতা ঢাকাত পঢ়ি থকা কালত ‘শ্ৰীসংঘ’ নামে এক বিপ্লৱী সংগঠন সক্ৰিয় হৈ আছিল। এই সংগঠনৰ ‘দীপালী সংঘ’ নামে এটা মহিলা শাখা আছিল (নেত্ৰী : লীলা নাগ) যাৰ মুখ্য কাম আছিল নাৰী শিক্ষাৰ প্ৰসাৰ। আৰু এওঁলোকে মহিলাসকলক স্বাধীনতা সংগ্ৰামৰ জড়িত কৰিবলৈ গোপনে চেষ্টা চলাইছিল। ইডেন কলেজত পঢ়ি থকা কালতে প্ৰীতিলতা এই সংগঠনৰ লগত জড়িত হৈ পৰে। তেতিয়াৰেপৰা প্ৰীতিলতাই ‘মাষ্টাৰ দা’ৰ সতীৰ্থ হিচাপে কাম কৰাৰ সপোন দেখিবলৈ লয়।

এইখিনিতে ‘মাষ্টাৰ দা’ ৰ বিষয়ে দুআষাৰ লিখাৰ লোভ সামৰিব নোৱাৰিলোঁ। মাষ্টাৰ দা অৰ্থাৎ সূৰ্য সেন। জাতীয় কংগ্ৰেছ নেতৃত্বাধীন অসহযোগ আন্দোলন (১৯২০-২২)ৰ সময়ত বিপ্লৱৰ পথত ওলাই অহা সূৰ্য সেনে এই আন্দোলনৰ সমাপ্তিৰ পিছত চট্টগ্ৰামৰ এখন স্বদেশী বিদ্যালয়ত শিক্ষকতা কৰে আৰু তেতিয়াৰেপৰা ‘মাষ্টাৰ দা’ নামেৰে পৰিচিত হ’বলৈ লয়। শিক্ষকতাৰ সমান্তৰালভাৱে চলাই যোৱা বিপ্লৱী কামকাজৰ বাবে তেখেত ১৯২৬ৰপৰা ১৯২৮লৈ দুবছৰ কাৰাবন্দী হৈ থাকে যদিও মুক্তিলাভ কৰাৰ পিছত চট্টগ্ৰামত সশস্ত্ৰ বিপ্লৱৰ আগৰণুৱা হৈ পৰে আৰু বিভিন্ন কূটাঘাটমূলক কাৰ্য সম্পাদন কৰে য’ত চট্টগ্ৰামৰ চৰকাৰী অস্ত্ৰাগাৰ লুটপাত আৰু চট্টগ্ৰামত সাময়িকভাৱে Provisional Revolutionary Government স্থাপনৰ দৰে সাহস আৰু দেশপ্ৰেমৰ বিৰল কৃতিত্বও অন্যতম। ১৯৩৩ৰ ১৬ ফেব্ৰুৱাৰিত তেখেত ব্ৰিটিছৰ হাতত কৰায়ত্ত হয় আৰু পাছৰ বছৰ ১২ জানুৱাৰিত তেখেতক ফাঁচীকাঠত তোলা হয়। ব্যক্তিগতভাৱে এই লেখকৰ অনুভৱ, ১৯২০ৰ দশকৰ শেষৰ বছৰকেইটাৰপৰা পাঞ্জাব, উত্তৰ প্ৰদেশ, বিহাৰ আদিত ভগৎ সিং, চন্দ্ৰশেখৰ আজাদ নেতৃত্বাধীন সশস্ত্ৰ বিপ্লৱীসকল যিদৰে ব্ৰিটিছ চৰকাৰৰ বাবে মূৰৰ কামোৰণি হৈ উঠিছিল, সমসাময়িকভাৱে চট্টগ্ৰাম আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত ব্ৰিটিছৰ বাবে হয়তো তাতোকৈ বহু বেছি মূৰৰ কামোৰণি আছিল মাষ্টাৰ দা আৰু তেখেতৰ নেতৃত্বাধীন বিপ্লৱীসকল। কিন্তু তেখেতৰ মূল কৰ্মভূমি বৰ্তমান এখন বেলেগ ৰাষ্ট্ৰ (বাংলাদেশ) হোৱাৰ বাবেই হওক, বা তেখেতৰ সহিংস পন্থাৰ বাবেই হওক, আন বহু স্বাধীনতা সংগ্ৰামীৰ দৰে মাষ্টাৰ দায়ো হয়তো আজি যথোপযুক্ত প্ৰচাৰৰ অভাৱত পাহৰণিৰ গৰ্ভলৈ (অন্ততঃ ভাৰতবৰ্ষত) গৈ আছে।

পুনৰ প্ৰীতিলতা ওয়াদ্দেদাৰৰ ইতিহাসলৈ ঘূৰি অহা যাওক। ১৯৩২ চনৰ ১৩ জুনত প্ৰীতিলতাই চট্টগ্ৰামৰ সশস্ত্ৰ বিপ্লৱীসকলৰ মূলকেন্দ্ৰ ধলঘাটৰ গোপন ঘাটীত মাষ্টাৰ দা আৰু নিৰ্মল সেন (ব্ৰিটিছ বিৰুদ্ধে বহু কূটাঘাতৰ নায়ক, এজন নামজ্বলা সশস্ত্ৰ বিপ্লৱী)ক সাক্ষাৎ কৰি তেখেতসকলৰ সহযোগী হিচাপে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। এই সাক্ষাতৰ ক্ষেত্ৰত প্ৰীতিলতাক সহায় কৰে তেখেতৰ বিদ্যালয়ৰ অগ্ৰজ বান্ধৱী কল্পনা দত্তই, যি ইতিমধ্যে মাষ্টাৰ দাৰ সংস্পৰ্শলৈ আহিছিল। আন এজন সমসাময়িক সশস্ত্ৰ বিপ্লৱী বিনোদ বিহাৰী চৌধুৰীয়ে মহিলাসকলে তেখেতসকলৰ সংগঠনত যোগদান কৰাৰ ক্ষেত্ৰত প্ৰথমে আপত্তি কৰিছিল (মহিলাৰ নিৰপত্তাজনিত কাৰণত) যদিও পাছত বহু আলোচনাৰ মূৰত সিদ্ধান্ত লোৱা হয় যে মহিলাসকলে বিশেষ সন্দেহৰ দৃষ্টি আকৰ্ষণ নকৰাকৈ অস্ত্ৰ সৰবৰাহ কৰিব পাৰিব বাবে তেওঁলোকক সশস্ত্ৰ সংগ্ৰামৰ লগত জড়িত কৰা হ’ব। আৰু প্ৰীতিলতা, কল্পনা দত্ত আদিক সশস্ত্ৰ সংগ্ৰামত অংশ লোৱাৰ অনুমতি দিয়া হয়।
সেই সময়তেই মাষ্টাৰ দাৰ গোপন ছাউনীৰ সম্ভেদ লাভ কৰিবলৈ ব্ৰিটিছ চোৰাংচোৱা বিভাগ সক্ষম হয়। ইতিমধ্যেই ব্ৰিটিছ প্ৰশাসনে মাষ্টাৰ দা আৰু নিৰ্মল সেনক জীৱিত অথবা মৃত অৱস্থাত ধৰি দিব পাৰিলে ১০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰি থৈছিল। পটিয়া পুলিছ থানাৰ অফিচাৰ – ইন – চাৰ্জ কেপ্তেইন কেমেৰুণ চাহাবৰ নেতৃত্বত পুলিছে এই গোপন ছাউনিত অভিযান চলায়। মাষ্টাৰ দা, প্ৰীতিলতা প্ৰমুখ্য আন কেইবাজনো সংগ্ৰামী ব্ৰিটিছ পুলিচৰ চকুত ধূলি দি পলাবলৈ সক্ষম হয় যদিও নিৰ্মল সেন পুলিচৰ গুলীত নিহত হয়।
এই ঘটনাৰ পিছত সেই বছৰৰে ৫ জুলাই তাৰিখে প্ৰীতিলতাই চিৰদিনৰ কাৰণে ঘৰ ত্যাগ কৰি সশস্ত্ৰ বিপ্লৱৰ পথত ওলাই আহে। প্ৰীতিলতাৰ কোনো খবৰ উলিয়াব নোৱাৰি তেখেতৰ পিতৃ পুলিচৰ কাষ চাপে আৰু তদন্তৰ কালত ব্ৰিটিছ পুলিচ প্ৰীতিলতাৰ সশস্ত্ৰ বিপ্লৱীসকলৰ লগত সম্পৰ্কৰ বিষয়ে নিশ্চিত হয়। অৱশেষত ১৩ জুলাই, ১৯৩২ত আনন্দ জাৰ পত্ৰিকাত প্ৰীতিলতাৰ ছবি বংগ পুলিচৰ ‘পলাতক বিদ্ৰোহী ‘ নোটিচসহ প্ৰকাশিত হয়।
মাষ্টাৰ দাৰ তত্ত্বাৱধানত প্ৰীতিলতা কেইবাটাও টেলিফোন আৰু টেলিগ্ৰাফ অফিচ ধ্বংস কৰাৰ অভিযানত লিপ্ত হয় আৰু প্ৰীতিলতাৰ সকলোতকৈ উল্লেখযোগ্য কূটাঘাতমূলক অভিযান আছিল পাহাৰতলি ইউৰোপিয়ান ক্লাব আক্ৰমণ।
চট্টগ্ৰামৰ পাহাৰতলি ইউৰোপিয়ান ক্লাব আছিল ব্ৰিটিছসকলৰ এক প্ৰমোদ কেন্দ্ৰ। সন্ধিয়া সময়ত সুৰাপান, নৃত্য-গীত আদিৰ উদ্দেশ্যে এই ক্লাবত ব্ৰিটিছ প্ৰশাসক, উচ্চপদস্থ বিষয়া আৰু বিভিন্ন ইউৰোপীয় ব্যৱসায়ীৰ সমাগম হৈছিল। এই ক্লাব এক কথাত ব্ৰিটিছ সাম্ৰাজ্যবাদ আৰু বৰ্ণবাদী অহমিকাৰ এক প্ৰতীক আছিল। এই ক্লাবৰ ছাইনব’ৰ্ডত ঘোষণা কৰা হৈছিল, ‘Dogs and Indians not allowed.’ ‘কুকুৰ আৰু ভাৰতীয়ৰ প্ৰৱেশ নিষেধ’।
১৯৩২ চনৰ মাজভাগত (সমসাময়িকভাৱে জাতীয় কংগ্ৰেছৰ নেতৃত্বত দেশজুৰি চলি থকা আইন অমান্য আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ আন্দোলন ব্ৰিটিছৰ তীব্ৰ দমনমূলক নীতিৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে স্তিমিত হৈ আহিছিল।) মাষ্টাৰদা নেতৃত্বাধীন বিপ্লৱীসকলে জনসাধাৰণৰ মনোবল দৃঢ় কৰাৰ বাবে পাহাৰতলি ইউৰোপিয়ান ক্লাব আক্ৰমণ কৰাৰ সিদ্ধান্ত লয় আৰু সেই বছৰৰে ২৩ ছেপ্টেম্বৰৰ দিনটো এই অভিযানৰ দিন হিচাপে চূড়ান্ত কৰা হয়। এই অভিযানৰ নেতৃত্ব এগৰাকী মহিলাৰ হাতত ন্যস্ত কৰাৰ কথা বিবেচনা কৰা হয় আৰু নিৰ্দিষ্ট দিনটোৰ এসপ্তাহ আগত কল্পনা দত্ত ব্ৰিটিছৰ হাতত কৰায়ত্ত হোৱাৰ বাবে এই অভিযানৰ নেতৃত্বৰ ভাৰ প্ৰীতিলতাক অৰ্পণ কৰা হয়। অভিযানৰ কালত ব্ৰিটিছৰ হাতত ধৰা পৰিলে অভিযানকাৰীসকলে পটাছিয়াম চায়নাইড সেৱন কৰি আত্মদানৰ পথ ল’ব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
২৩ ছেপ্টেম্বৰ ১৯৩২ শনিবাৰৰ নিশা প্ৰায় ১০-৪৫ বজাত প্ৰীতিলতাৰ নেতৃত্বত কালিশংকৰ দে (কিছুমান সূত্ৰমতে কালিকিংকৰ দে), বীৰেশ্বৰ ৰয়, প্ৰফুল্ল দাস, শান্তি চক্ৰবৰ্তী, মহেন্দ্ৰ চৌধুৰী, সুশীল দে আৰু পান্না সেন বিভিন্ন ছদ্মবেশত পাহাৰতলি ইউৰোপিয়ান ক্লাবৰ সমীপত উপস্থিত হয় আৰু তিনিটা গোটত বিভক্ত হৈ গুলীবৰ্ষণ আৰু হাত বোমা নিক্ষেপ কৰি আক্ৰমণ আৰম্ভ কৰে। ক্লাবত সেই সময়ত প্ৰায় ৪০গৰাকী ব্ৰিটিছ পুৰুষ-মহিলা উপস্থিত আছিল। ক্লাবৰ ভিতৰৰপৰাও ব্ৰিটিছ পক্ষই গুলীৰে প্ৰত্যুত্তৰ দিয়ে। পিছত ব্ৰিটিছ সূত্ৰই প্ৰকাশ কৰা বাতৰি মতে এই আক্ৰমণত এগৰাকী ব্ৰিটিছ মহিলা নিহত হোৱাৰ লগতে অন্য ১১জন ব্ৰিটিছ (৪জন পুৰুষ , ৭গৰাকী মহিলা) আহত হয়।
এই অভিযানত প্ৰীতিলতাৰ দেহৰ বাঁওফালে গুলী লাগে। তেখেতে তেখেতৰ সংগীসকলক অভিযান সামৰি নিৰাপদ ঠাইলৈ পলায়ন কৰিবলৈ নিৰ্দেশ দিয়ে। পিছদিনা ব্ৰিটিছ পুলিচে ক্লাবৰ চৌহদৰপৰা প্ৰায় ১০০ গজ দূৰত প্ৰীতিলতাৰ মৃতদেহ উদ্ধাৰ কৰে। মৰণোত্তৰ পৰীক্ষাত ধৰা পৰে যে গুলীৰ আঘাত মাৰাত্মক নাছিল, পটাছিয়াম চায়নাইড সেৱনৰ ফলত প্ৰীতিলতাৰ মৃত্যু হয়। এইদৰেই ব্ৰিটিছৰ হাতত ধৰা নিদি আত্ম বলিদানৰ পথ বাছি লয় এইগৰাকী বীৰাংগণা সশস্ত্ৰ স্বাধীনতা সংগ্ৰামীয়ে। আনহাতে, পাহাৰতলি ইউৰোপিয়ান ক্লাবত বিপ্লৱীসকলে কৰা দুঃসাহসিক আক্ৰমণে ব্ৰিটিছ প্ৰশাসনক কঁপাই তোলাৰ লগতে আইন অমান্য আন্দোলনত ব্ৰিটিছৰ হাতত নিষ্পেষিত সৰ্বসাধাৰণ মানুহৰ মনোবল বৃদ্ধিত বহুমূলীয়া অৰিহণা যোগায়।
বৰ্তমানে ‘বীৰকন্যা প্ৰীতিলতা ট্ৰাষ্ট’ নামৰ এটা সংগঠনে বাংলাদেশৰ (আৰু ভাৰতৰ পশ্চিমবংগৰ) বিভিন্ন স্থানত প্ৰীতিলতাৰ জন্মদিৱস পালন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীৰে প্ৰীতিলতাৰ বিষয়ে জনগণক অৱগত কৰোৱাৰ চেষ্টা কৰি আহিছে। বাংলাদেশ চৰকাৰে চট্টগ্ৰামৰ এটা ৰাজপথো প্ৰীতিলতাৰ নামেৰে নামকৰণ কৰিছে। কলিকতা বিশ্ববিদ্যালয়ে প্ৰীতিলতাৰ বি.এ. ডিগ্ৰি ব্ৰিটিছ প্ৰশাসনৰ নিৰ্দেশনাত স্থগিত (withheld) কৰি ৰাখিছিল। ২০১২ চনত মৰণোত্তৰভাৱে কলিকতা বিশ্ববিদ্যালয়ে প্ৰীতিলতা ওয়াদ্দেদাৰ আৰ বীণা দাসক (আন এগৰাকী সশস্ত্ৰ স্বাধীনতা সংগ্ৰামী, যি ১৯৩২ চনৰ ৬ ফেব্ৰুৱাৰিৰ দিনা কলিকতা বিশ্ববিদ্যালয়ৰ Convocation Hallঅত বংগৰ তদানীন্তন গৱৰ্নৰ ষ্টেনলি জেকছনক হত্যাৰ উদ্দেশ্যৰে গুলীবিদ্ধ কৰে যদিও জেকছনৰ প্ৰাণৰক্ষা পৰে আৰু বীণা দাসক ৯ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হয়) তেখেতসকলৰ প্ৰাপ্য স্নাতক সন্মান জ্ঞাপন কৰে। শেহতীয়াকৈ চট্টগ্ৰামৰ বিপ্লৱীসকলৰ কাহিনীক মূল উপজীব্য হিচাপে লৈ নিৰ্মাণ কৰা হিন্দী চলচিত্ৰ Khele Hum Jee Jaan Sey (2010), Chittagong (2012) আদিত প্ৰীতিলতা ওয়াদ্দেদাৰ চৰিত্ৰ উপস্থাপন কৰা হৈছে।
স্বৰাজোত্তৰ কালত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস চৰ্চাত সশস্ত্ৰ বিপ্লৱীসকল প্ৰায়ে তেখেতসকলৰ সশস্ত্ৰ নীতিৰ বাবে , বা তেখেতসকলৰ সন্দৰ্ভত সীমিত তথ্যৰ পৰিপ্ৰেক্ষিতত যথোপযুক্ত প্ৰচাৰ আৰু সন্মানৰপৰা বঞ্চিত হৈ আহিছে বুলি এই লেখকৰ ব্যক্তিগত অনুভৱ। লগতে আৰু অনুভৱ , মহিলা স্বাধীনতা সংগ্ৰামীসকলেয়ো (অহিংস আৰু সহিংস, দুয়োটা পন্থাৰেই) তেখেতসকলৰ যথোপযুক্ত গুৰুত্ব এতিয়াও ভাৰতৰ ইতিহাস চৰ্চাত লাভ কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে এইটো খণ্ডত এগৰাকী মহিলা সশস্ত্ৰ সংগ্ৰামীৰ বিষয়ে নিজৰ সাধ্যৰে দুআষাৰ লিখি আপোনালোকৰ মাজলৈ আগ বঢ়াবলৈ এক ক্ষুদ্ৰ প্ৰয়াস কৰিলোঁ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *