অতিথি সম্পাদকৰ চ'ৰা

পৰশুৰামৰ পাঁচালী

নিকু দুৱৰা

 

(১)

বিবেকে জানো ৰুধিব পাৰে পৰশুৰামৰ পথ?

ওহোঁ!

বিবেক মাথোঁ নিষ্পেষিত হৈ পৰি থাকে

চহৰৰ জনাকীৰ্ণ পদপথবোৰত।

সিদ্ধান্তত হাজাৰজন পৰশুৰাম ওলাই আহে

আৰু বিবেকবোৰ পৰি ৰয়

চহৰৰ পদপথত—

আগৰ দৰেই।

(২)

দৈনিক চহৰখনলৈ

মানুহৰ সোঁত বয় :

অথচ কোনেও পদপথত

চেঙালুটি খাই পৰি থকা বিবেকবোৰক গুৰুত্ব নিদিয়ে।

কিন্তু মই এজন আচহুৱা পথিক :

মই বুটলি লওঁ বিবেকবোৰক

আৰু সযতনে সিচিঁ দিওঁ

মোৰ প্ৰেমিকাৰ দৰেই

ভৰুণ পথাৰখনত—

শিপাবলৈ।

Print Friendly, PDF & Email

One thought on “পৰশুৰামৰ পাঁচালী

  • নিকু দুৱৰা

    ধন্যবাদ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *