‘ফেচবুক’, ‘টুইটাৰ’ৰ দিনতো অন্ধবিশ্বাস...

উদ্দীপ তালুকদাৰ

শিৰোনামাটো মই দিয়া নহয়। এইখিনি আছিল বাতৰিকাততৰ এটা বাতৰিৰ শিৰোনামাত। বাতৰিটো আছিল,কোনোবা এজন সাধকে শিশু বলি দিয়াৰ বাতৰি। বাতৰিটো সম্বন্ধে এই লেখাটো নহয়। বৰং শিৰোনামাত দিয়া ‘ফেচবুক, টুইটাৰৰ দিনত’এইখিনিক লৈহে। বাতৰি লিখকজনে ফেচবুক,টুইটাৰক বিজ্ঞানৰ অগ্ৰগতিৰ প্ৰতীক বুলি ধৰি লৈ তেনেকৈ লিখিছিল বুলি আমি বুজিছোঁ। কিন্তু,মোৰ দৃষ্টিত ফেচবুক,টুইটাৰৰ লগত বিজ্ঞানৰ অগ্ৰগতিৰ সম্বন্ধ থাকিলেও অন্ধবিশ্বাসৰ লগত ফেচবুক,টুইটাৰ বাদেই, বিজ্ঞানৰ যিকোনো প্ৰযুক্তিৰ কোনো সম্বন্ধ নাই। অন্ধবিশ্বাসক বিজ্ঞানৰ পৰিপ্ৰেক্ষিতত বিচাৰ কৰিবলৈ বিজ্ঞান বিষয়টোক ইয়াৰদ্বাৰা লব্ধ প্ৰযুক্তিৰ নাম লৈ প্ৰতিনিধিত্ব কৰিলে নহ’ব। কাৰণ বিজ্ঞানৰ যিটো অগ্ৰগতিয়ে অন্ধবিশ্বাস দূৰীকৰণত সহায় কৰিব পাৰে,সেয়া হ’ল,বিজ্ঞানক ইয়াৰ একেবাৰে বুনিয়াদী সংজ্ঞাৰ আধাৰত বিচাৰ কৰাতহে।

বিজ্ঞান মানে ইয়াৰ অৱদানসমূহ,বা ইয়াৰ আধাৰত জানিবলৈ পোৱা তথ্যসমূহ নহয়। বৰং, বিজ্ঞান হৈছে,তথ্য-প্ৰমাণ অবিহনে কোনো কথাকে মানি নোলোৱাৰ,তেনেকুৱা কথাক প্ৰশ্ন কৰাৰ,আৰু তাৰ যুক্তিবাদী উত্তৰ বিচৰাৰ নিৰন্তৰ প্ৰয়াস মাথোন। ফেচবুক,টুইটাৰ আদি বিজ্ঞানে জন্ম দিয়া কিছুমান প্ৰযুক্তিগত আহিলা। প্ৰাগঐতিহাসিক যুগতে মানুহে আৱিষ্কাৰ কৰা শিলৰ হাতিয়াৰৰ দৰেই এইবোৰো মানুহৰ ব্যৱহাৰৰ আহিলা মাত্ৰ। সঁজুলিবিধ কিদৰে ব্যৱহাৰ কৰা হয়,তাৰ ওপৰতে ইয়াৰ সুফল-কুফল নিৰ্ভৰ কৰে। কিছুসংখ্যক বুদ্ধিদীপ্ত মানুহে বিজ্ঞানৰ ব্যৱহাৰ কৰি চন্দ্ৰলৈ গ’লেও সাধাৰণ মানুহে যেতিয়ালৈ বিজ্ঞানৰ বুনিয়াদী সংজ্ঞাটো মানি চলাৰ প্ৰয়াস নকৰে,তেতিয়ালৈ অন্ধবিশ্বাস ফেচবুক,টুইটাৰৰ পৰৱৰ্তী হাজাৰ যুগলৈ চলি থাকিব। বৰং ফেচবুক,টুইটাৰ আদিয়ে বহু সময়ত অন্ধবিশ্বাস প্ৰসাৰত হাত উজানহে দিছে। মোৰ লেখাটোৰ মূল উদ্দেশ্য,ফেচুবক,টুইটাৰে কেনেকৈ অন্ধবিশ্বাসী চিন্তাধাৰাক উদগনিহে দিছে তাক ফঁহিয়াই চোৱাটোহে।

প্ৰথমেই কৈ থওঁ,লিখাটোত অন্ধবিশ্বাস বুলিলে আমি সাধাৰণতে বুজা ডাইনী হত্যা,নৰবলি আদিৰ দৰে ডাঙৰ ডাঙৰ কথাখিনিকে বুজোৱা হোৱা নাই। অন্ধবিশ্বাস মানে মূলতে হৈছে, কোনো তথ্য-প্ৰমাণ অবিহনে আমি কথাবোৰ মানি লোৱাৰ প্ৰৱণতাহে। ডাইনী হত্যা, শিশুবলি আদিবোৰ তেনে প্ৰৱণতাৰ শেষ পৰ্যায়টোহে। সেই প্ৰৱণতাৰ বীজ কিন্তু অংকুৰিত হয় দেখাত তেনেই নিৰীহ বিশ্বাসৰপৰাই,আৰু তথ্য-প্ৰমাণ অবিহনে মানি লোৱা যিকোনো কথাই আচলতে একোটা অন্ধবিশ্বাস।

অন্ধবিশ্বাস এটা আৰম্ভণি আৰু বিয়পি যোৱা, এই দুটা পৰ্যায়ৰে সৃষ্ট হয়। আৰম্ভণি কিদৰে হয়,সেইটো কোৱাটো মস্কিল। মই মাত্ৰ এটা ৰূপৰেখাহে প্ৰস্তাৱ কৰিব খুজিছোঁ। অন্ধবিশ্বাস আচলতে আমাৰ ব্যক্তিগত লাভ,লোভ,অজ্ঞানতা,আত্মসন্তুষ্টি,লৌকিকতা আদিৰ সমাহাৰত সৃষ্ট। কেতিয়াবা আকৌ সমজুৱা হুজুগ এটায়ো অন্ধবিশ্বাস আৰম্ভ কৰাত সহায় কৰে। আকৌ অন্ধবিশ্বাস বিয়পোৱাতো প্ৰায় একেকেইটা কাৰকেই ক্ৰিয়া কৰে। ওপৰৰ ব্যক্তিগত লাভ, লোভ আদি শব্দবোৰক ঠিক বৈষয়িক দিশৰপৰা লাভ,লোভ বুলি নধৰিব। মই সেয়া বহল অৰ্থতহে ব্যৱহাৰ কৰিছোঁ।

মূল বিশ্লেষণলৈ যোৱাৰ আগতে এটা ঘটনা উদাহৰণ হিচাপে লৈছোঁ। হঠাতেই এদিন আমি শুনিবলৈ পালো, আমাৰে চিকিৎসালয়ৰ এজন ডাক্তৰে হেনো মৃত বুলি ঘোষণা কৰি ঘৰলৈ পঠিওৱা ৰোগী এগৰাকী আদবাটতে জীৱন্ত হৈ কথা-বতৰা পাতি খোজ কাঢ়ি ঘৰলৈ গ’ল। যদি সঁচা হয়,তেন্তে সঁচাকৈ সাংঘাতিক ঘটনা। প্ৰথমদিনা তেনেকৈয়ে গ’ল। কিন্তু লাহে লাহে প্ৰকৃত ঘটনাটো জানিব পাৰিলো। ৰোগীগৰাকীক চিকিৎসালয়লৈ অনাৰ পথতে মৃত্যু হোৱা বুলি চিকিৎসকজনে পতিয়ন গৈছিল আৰু সেইমতে ৰোগীৰ পৰিয়ালক জনাইছিল। ৰোগীৰ পৰিয়ালে মৃতকক ঘৰলৈ ঘূৰাই লৈয়ো গৈছিল। তেনেতে পৰিয়ালৰ কোনোবাজনে হেনো ৰোগীক লৰচৰ কৰা যেন দেখা পালে। লগে লগে ৰোগী জীৱন্ত বুলি এটা বিশ্বাসৰ সৃষ্টি হ’ল। দুজনমানে গৈ এজন বেজক লৈ আনিলেগৈ। বেজে পৰি থকা ৰোগীক দুবাৰমান পৰীক্ষা কৰি এখেত জীয়াই আছে,মই ঘূৰাই আনিব পাৰিম বুলি এটা কোঠাত সুমুৱাই লৈ দুৱাৰ-খিৰিকি মাৰি চিকিৎসা প্ৰদান কৰিবলৈ আৰম্ভ কৰিলে। এইখিনিতেই বাহিৰত জনাজনি হৈ গ’ল যে ৰোগী জীয়াই আছে। লগে লগে কথাখিনি বনজুইৰ দৰে বিয়পি পৰিল। মানুহৰ মুখ বাগৰি কথাখিনি হস্পিটাল চৌহদ পায় মানে,ৰোগী জীৱন্ত হৈ খোজ কাঢ়ি ঘৰলৈ যোৱা হৈ গ’ল। কথাটো গম পাই সাংবাদিক ৰোগীৰ ঘৰলৈ গ’ল। তেওঁহে খিৰিকিৰে জুমি চাই দেখিলে,ৰোগী ভিতৰত বিছনাত পৰি আছে,বেজে চাৰিওফালে ঘূৰি ঘূৰি মন্ত্ৰ মাতি ফুৰিছে। বহু পৰৰ পাছতো একো নোহোৱাত দুৱাৰ ভাঙি ভিতৰলৈ গৈহে বেজক নিবৃত কৰি মৃতকৰ শ সৎকাৰৰ দিহা কৰা গ’ল।

এই ঘটনাটোতে অন্ধবিশ্বাসৰ প্ৰতিটো দিশ চকুত পৰে। যেনে,ৰোগীৰ পৰিয়ালৰ বাবে ৰোগী হঠাৎ এইদৰে নোহোৱা হৈ যোৱাটো বিশ্বাস কৰিব নোৱৰাবিধৰ ঘটনা। তাতে মৰা মানুহ এজনক ইফাল-সিফাল কৰোঁতে বা ‘ৰাইগৰ মৰ্টিছ’নামৰ প্ৰক্ৰিয়াবিধ আৰম্ভ হোৱাৰ সময়ত ৰোগীৰ দেহত লৰচৰ দেখা যেন লাগিব পাৰে। যিহেতু ৰোগীৰ পৰিয়ালে তেখেতক জীয়াই থকাটো বিচাৰে,আৰু মৃতদেহৰ বিভিন্ন পৰিঘটনাৰ বিষয়ে তেওঁলোক পৰিচিত নহয়, সেয়ে,তেওঁলোকৰ মতে সেয়াই জীয়াই থকাৰ চিন বুলি পৰিগণিত হ’ল। সাধাৰণ মানুহে সদায়ে চাঞ্চল্যকৰ কিবা এটা বিচাৰে,সেয়ে,সেই খবৰটো ওলোৱাৰ লগে লগে ৰাইজে ইজনে সিজনক দিবলৈ ধৰিলে। আমি কথা কওঁতে আৰু এটা আমোদজনক কাম কৰোঁ, সেয়া হ’ল আমি সদায়ে কথাৰ গুৰুত্ব ৰাখিবলৈ অলপ বঢ়াই কওঁ। যেনে,বৰশীৰপৰা এৰোৱা মাছবিলাকৰ ওজন কোনোদিনেই আধা কেজিৰ কম নহয়। লগাকেইটাহে টিকিৰা পুঠি বা কাৱৈ মাছ!সেয়ে,মানুহৰ মাজত ঘূৰি ঘূৰি ‘ৰোগী জীয়াই থকা যেন লগা’টো ‘কথা পাতি খোজ কাঢ়ি ঘৰলৈ যোৱা’হৈ গ’ল। বেজ আহি সেইটো পৰিবেশত সুবিধাই পালে। যদি ৰোগী কেনেবাকৈ জীয়াই আছে,তেন্তে তাৰ কৃতিত্ব তেওঁ সম্পূৰ্ণ লাভ কৰিব, যদি মৰেও তেন্তে তেওঁ ক’ব পাৰিব যে সঁচাকৈয়ে ৰোগী মৰিল। গতিকে তিনিওটা ঘটনা মিলি আৰম্ভ হৈ গ’ল এটা ডাঙৰ গুজব। সাংবাদিকগৰাকী সঁচাকৈয়ে ধন্যবাদৰ পাত্ৰ,যে তেওঁ বাতৰি পৰিবেশন কৰাৰ আগতে নিজে এবাৰ নিশ্চিত হোৱাৰ চেষ্টা কৰিলে। বহু সময়ত সাংবাদিকসকলে তেনে কৰা পৰিলক্ষিত নহয়।

আমোদজনকভাৱে বহু সময়ত একেটা কাৰবাৰেই ফেচবুকতো ঘটে। যেনে,কোনোবাই এটা পোষ্ট দেখিলে যে প্ৰথম চন্দ্ৰলৈ যোৱা মানুহ আছিল ভাৰতীয়। ভাৰতীয় হিচাপে তেনেকুৱা এটা কথা গৌৰৱ কৰাৰ যোগ্য। মানুহজন নিজেও দেশপ্ৰেমিক। গতিকে বিশেষ চালি-জাৰি নোচোৱাকৈ তেওঁ পোষ্টটো শ্বেয়াৰ কৰি দিলে। সাধাৰণতে মানুহ এজনৰ ফেচবুক বন্ধুখিনিও তেখেতৰ দৰেই একে মনোভাবৰ হয়,বন্ধুত্ব গঢ়িয়েই উঠে সেইটো কাৰণত। গতিকে দেখাৰ লগে লগেই তেওঁলোকেও তাক শ্বেয়াৰ কৰি দিয়ে। তেনেকৈ,সি লাহে লাহে বাঢ়ি যায়। কোনোবাই যদি সেই পোষ্টটোৰ তলত তাৰ প্ৰমাণ বিচাৰি মন্তব্য এটা দিয়েও,সেইটো পঢ়ি চোৱা মানুহ তেনেই কম। কাৰণ,যিকেইজনে তাক শ্বেয়াৰ কৰিব তেওঁলোকৰ সেই প্ৰমাণ বিচৰাৰ মানসিকতাই নাই।

এই প্ৰমাণ নিবিচৰা মানুহৰ মাজত আপুনি সকলোধৰণৰ মানুহ পাব। ইঞ্জিনিয়াৰ,ডাক্তৰ,বিজ্ঞানী আদিৰ দৰে অভিজ্ঞতাসম্পন্ন মানুহৰপৰা,স্কুলীয়া ছাত্ৰ-ছাত্ৰীলৈ। কাৰণ বিজ্ঞান মানে কি,ইয়াৰ শিক্ষা আমাক কেতিয়াও দিয়া হোৱা নাই। সেয়ে,ইয়াৰ আঁৰত বোধকৰোঁ একধৰণৰ গ্লানিৰ মানসিকতাই ক্ৰিয়া কৰে। যেনে,উত্তৰাখণ্ডৰ বানপানীৰ পাছত ভাৰতীয় সেনাই নিজৰ দেহা পাৰি দি মানুহক অহা-যোৱা কৰিবলৈ বাট কৰি দিয়াৰ এখন ছবি খুব ওলাইছিল। সেইখন পাছে জাপানৰ ছুনামিৰ ছবিহে বুলি পাছত ওলাল। অতি সম্প্ৰতি নেপালৰ ভূমিকম্পৰ পাছত দক্ষিণ ভাৰতীয় চিনেমাৰপৰা লোৱা ছবি এখন নেপালত ভাৰতীয় সেনাৰ কৃতিত্ব বুলি ওলাই আছে। ছবি দুখন শ্বেয়াৰ কৰাসকলৰ ভাৰতীয় সেনাৰ প্ৰতি সম্ভ্ৰম আৰু দেশপ্ৰেমৰ মনোভাব স্পষ্ট,কিন্তু সত্য বিচৰাৰ প্ৰয়াস নাই। তাতকৈ বেছি ক্ষতি এই দুখন ছবিয়ে নকৰে। কিন্তু,তাতকৈ ডাঙৰ সমস্যা আছে। ফেচবুকক কোনোবাই নিজৰ ঘৃণা বিয়পাবলৈ মিছা প্ৰমাণ দি ব্যৱহাৰ কৰিব পাৰে। যেনে,ম্যানমাৰত বৌদ্ধ আৰু মুছলমানৰ মাজত হোৱা সংঘাতৰ সময়ত কোনোবাই কোৰিয়াৰ চিনেমাৰ ছবি এখন দি সেয়া বৌদ্ধ যুৱকে মুছলমানৰ ওপৰত আক্ৰমণ কৰি তাৰ পাছত তোলা ছবি বুলি প্ৰচাৰ কৰিছিল। সেইখন এখন কোৰিয়ান চিনেমাৰহে ছবি বুলি এজন পাকিস্তানী ব্লগ লেখকে প্ৰমাণসহকাৰে প্ৰকাশ কৰিছিল। এইখিনি কোৱা হ’ল এই কাৰণেই যে প্ৰতিখন এনে ছবি বা বাতৰি ফেচবুকত প্ৰকাশ কৰাৰ আঁৰত কোনে কি উদ্দেশ্যত কাম কৰে বুজিব নোৱাৰি। সকলো ছবিয়েই্ ভাৰতীয় সেনাৰ কৃতিত্ব-সম্পৰ্কীয়খনৰ দৰে আপাতঃ ভাল উদ্দেশ্যৰ নহয়। গতিকে প্ৰমাণ অবিহনে তেনে ছবি শ্বেয়াৰ কৰাটো মূলত:অন্ধবিশ্বাসী মনোভাবৰেই পৰিণতি।

সাধাৰণতে নিজৰ পছন্দৰ মত বিয়পাবলৈ এনে ছবিসমূহ শ্বেয়াৰ কৰা হয়। যেনে,কোনো এজনে মোদীক পছন্দ নকৰে। তেওঁ ক’ৰবাত এটা লেখা পালে,য’ত মোদীৰ বিপক্ষে কিবাকিবি তথ্য দি লিখা হৈছে। সেইটো পায়েই লগে লগে তেওঁ প্ৰচাৰ কৰি দিলে। ঠিক তাৰ বিপৰীতে ৰাহুল গান্ধী,ছোনিয়া গান্ধী,আনকি অৰ্ধশতিকা আগতেই মৃত জৱাহৰলাল নেহৰুও বাদ পৰি যোৱা নাই। এনেবোৰ পোষ্টৰ আঁৰতো কাৰোবাৰ স্বাৰ্থ সোমাই থাকে। আৰু আমি তাক বিশ্বাস কৰি বিয়পাই তেনে স্বাৰ্থধাৰী শক্তিবোৰক সমৰ্থনহে কৰোঁ। সেয়াও অন্ধবিশ্বাস বিয়পোৱাৰে নামান্তৰ।

এইটো কাম যে অকল ফেচবুকতহে হয়,তেনে নহয়। বাতৰিকাকতো এনে অপ্ৰমাণিত তথ্য বিয়পোৱাৰ এটা প্ৰধান বাহক। ফেচবুকতকৈ বাতৰিকাকত আৰু বিপদৰ,কাৰণ ছপা আখৰৰ প্ৰতি মানুহৰ বিশ্বাস আৰু বেছি। দুটামান উদাহৰণ,আজি কেইবছৰমান আগতে হঠাতেই বাতৰিকাকতত,মানুহৰ মুখে মুখে নুনী নামৰ এবিধ ফল আৰু ইয়াৰ ৰসৰ গুণানুকীৰ্তন বৰকৈ চলিছিল। সেইবিধ ফল খালে অমুক বেমাৰ নহয়,তমুক বেমাৰ নহয় ইত্যাদিও জধে-মধে ওলাইছিল। আজি দুবছৰমান আগতে ওলাইছিল,এভ’কেড’ৰ কথা। আজিকালি পাছে চবেই পাহৰিলে। ওহোঁ,মুঠেই নাভাবিব যে এই ফলবিলাক খাই মানুহৰ বেমাৰবিলাক ভাল হৈ গ’ল। আচলতে ঘটিল এনেহে যে নুনীৰ ৰসৰ বিক্ৰী কেইদিনমান ধাম-ধুম হ’ল, বহুতে বহু দাম দি কিনি কেইদিনমান এভ’কেড’খালে,আৰু একো সকাহ নাপাই সেইবোৰ বাদ দি আকৌ ডাক্তৰৰ ‘ছাইড এফেক্ট’-ভৰা ঔষধ খাবলৈ আৰম্ভ কৰি দিলে। ঠিক তেনেকৈ কেইদিনমান ৰামদেৱৰ যোগাসন। পেপাৰত লিখা,ফেচবুকৰ প্ৰচাৰ আদিৰপৰা লাভৱান হ’ল সেই ফলকেইটাৰ হুজুগ বিয়পাই সেইটো বিক্ৰী কৰা কেইটামান কোম্পানিৰ মাত্ৰ।

দুখৰ কথাটো হ’ল,এনেধৰণৰ লেখা বহু সময়ত ডাক্তৰৰ কলমৰপৰাই ওলাইছিল। আৰু ডাক্তৰ এজনৰ লিখা মানুহে বেছিকৈ বিশ্বাস কৰে। যদিও ইয়াৰ নিভৃতত আচলতে এল’পেথিক ঔষধৰ প্ৰতি থকা এটা সাধাৰণ ভীতি যে এল’পেথিক ঔষধ ৰাসায়নিক (আমোদজনকভাৱে শব্দটোক কেমিকেল বুলি লিখা হয়,যেন পানী কেমিকেল নহয়হে!), ইয়াৰ পাৰ্শ্ব-ক্ৰিয়া আছে ইত্যাদি। মূল কোম্পানিসমূহে মানুহৰ সেই ভয়টোকে লক্ষ্য কৰি লয়,আৰু বিপণনৰ এই্ কৌশল প্ৰয়োগ কৰি সাধাৰণ ৰাইজৰ মাজত বিশ্বাসটো (আচলতে অন্ধবিশ্বাস)বিয়পাই নিজে মাজতে কিছু টকা যোগাৰ কৰি লয়।

পিছে এটা কথা,নুনী,এভ’কেড’,যোগ আদিৰ গুণ নাই,কথাটো এনেকুৱা মুঠেই নহয়। আছে,কিন্তু সেইখিনি ৰোগৰ চিকিৎসাৰ বিকল্প নহয়। কিন্তু,প্ৰচাৰ এনেকুৱাকৈ কৰা হয় যেন সেয়া এল’পেথিক চিকিৎসাৰ বিকল্প। আৰু আমি সেইখিনিত ভোল গৈ বেছিভাগ সময়তে চিকিৎসাৰ ইফাল-সিফাল কৰি ৰোগবিধক আৰু জটিল অৱস্থালৈ নিওঁ।

অন্ধবিশ্বাসে সদায়ে এখন সমাজত প্ৰচলিত কিছুমান সম্যক ধাৰণাৰ ওপৰত ভিত্তি কৰিহে বিয়পে। যেনে,ভাৰতৰ মানুহৰ মাজত ডাক্তৰী ঔষধৰ প্ৰতি এটা ভয়ৰ ভাব বিদ্যমান, লগতে ডাক্তৰী চিকিৎসাৰ মূল আধাৰটোৰ জ্ঞান বৰ সামান্য। এতিয়াও বহুতে ডায়েবেটিছ ৰোগীয়ে ডায়েবেটিছ একেবাৰে ভাল কৰি দিব পৰা ঔষধৰ সন্ধান পালেই লগে লগেই যিমান দাম দি হ’লেও তাক ক্ৰয় কৰে। কিন্তু,মূল কথাটো হ’ল বৰ্তমানৰ যিটো চিকিৎসাপদ্ধতি তাত ডায়েবেটিছৰ মূল কাৰক ইনছুলিনৰ কৰ্মক্ষমতা বঢ়োৱাৰ বা ইনছুলিন নিঃসৰণ ব্যৱস্থাক উন্নত কৰাৰ কোনো উপায় নাই। এনে চিকিৎসা পাছলৈ সম্ভৱ হ’ব পাৰে,যেতিয়া জিনীয় চিকিৎসা ভালকৈ আৰম্ভ হ’ব। তেতিয়ালৈ অদ্ভুত চিকিৎসাৰ নামত পইচা খৰচ কৰাৰ সলনি ডাক্তৰে দিয়া নিয়মীয়া ঔষধৰ লগতে,খাদ্যাভাসত মিতব্যয়, আৰু নিয়মীয়া ব্যায়ামৰ গত্যন্তৰ নাই। আৰু এইখিনিৰ খৰচ ডায়েবেটিছ ভাল কৰি দিম বুলি ঔষধবিলাকৰ দামতকৈ বহুত কম।

ভিত্তিহীনভাৱে অমুক বেয়া,তমুক ভাল এনে প্ৰচলিত ধাৰণা বহু আছে। কোনোবাই যদি এই ধাৰণাবোৰৰ সপক্ষে উৰাবাতৰি বিয়পায়,তেন্তে মানুহে তাক আঁকোৱালি ল’বলৈ অলপো পলম নকৰে। কিন্তু ইয়াৰ বিপৰীতে মানুহজনে নিজে কষ্ট কৰিবলগীয়া হোৱা হোৱা এটা সঁচা বাতৰি বিয়পাবলৈ চেষ্টা কৰিলে কিন্তু আপুনি একো ফলাফল নাপায়। যেনে,মদ্যপান,ধপাত সেৱন আদিবোৰ বেয়া বুলি চবেই জানে,কিন্তু সেইকেইটাত মানুহে কেৰেপেই নকৰে। মদ খাই গাড়ী চলাব নালাগে,উধাই-মুধাই অভাৰটেক কৰিব নালাগে,আদিবোৰ চবেই জানে। কিন্তু,নামানে। কাৰণ ইয়াত,নিজকে শুধৰোৱাৰ কষ্ট আছে। কিন্তু,যদিহে তেনেকৈ নকৈ,বিজ্ঞাপনত মদ খাই থকা মানুহ এজনৰ ছবিখন দেখুৱাই লিভাৰ সুস্থ ৰখাৰ বাবে এইটো খাওক বুলি কয়,তেতিয়া সেইটো বিশ্বাস কৰিবলৈ মানুহৰ অসুবিধা নহয়। ডায়েবেটিছৰ বাবে অমুক হোমিঅ’ডাক্তৰৰ পৰামৰ্শৰ সলনি নিয়মীয়া ব্যায়ামৰ কথা কওক,কোনেও সেইটো প্ৰচাৰ নকৰে। ৰাতি ভালকৈ এক টেকেলি খাই, ৰাতিপুৱা ৰামদেৱৰ যোগ কৰি সুস্থ থাকিবলৈ চেষ্টা কৰা কেইজনমানক মই ৰামদেৱ তুংগত থকাৰ সময়ত লগ পাইছিলো। কাৰণ তাত মানুহজনৰ গাত একো দোষ দিয়া হোৱা নাই।

ফেচবুক বা বাতৰিকাকতত প্ৰচাৰিত এনে তথ্য-সমলহীন উৰাবাতৰিটোৰ এটা আমোদজনক বিশেষত্ব হৈছে,অপ্ৰয়োজনীয় বিশেষণৰ প্ৰয়োগ। যেনে,বৰবিহ,অখাদ্য ইত্যাদি। অতি শেহতীয়াকৈ মেগীৰ প্ৰসংগতে এই ধাৰাটো লক্ষ্য কৰা যায়। মেগীত এম এছ জি থকাটো স্বাস্থ্যৰ দিশৰপৰা সিমান সাংঘাতিক কথা নহয়,কাৰণ বহুত প্ৰকৃতিগত ফল,পাচলিত কিছু পৰিমাণৰ এম এছ জি থাকে। কিন্তু,এম এছ জি নামৰ বস্তুটোৰ প্ৰতি পশ্চিমীয়া দেশৰ লগতে লাহে লাহে আমাৰ দেশতো একধৰণৰ ফ’বিয়া সৃষ্টি হৈছে। সেয়ে,তাত এম এছ জি বুলি শুনাৰ লগে লগেই মানুহে সঁচাই-মিছাই এম এছ জিৰ বিষয়ে বিয়পাবলৈ আৰম্ভ কৰিলে। আগতেও কোৱা কথা এষাৰ মই আকৌ কৈছোঁ,নহ’লে আকৌ কোনোবাই মোক ‘নেছ্‌লে কোম্পানিৰ দালাল-জাতীয় সন্মানেৰে বিভূষিত কৰাৰ শংকা আছে। নেছ্‌লেই যেতিয়া পেকেটত লিখিছিল যে ইয়াত এম এছ জি নাই (সেইটোও তেওঁলোকে সেই এম এছ জি-ফ’বিয়াত ভোগাসকলক আকৰ্ষণ কৰিবলৈ লিখিছিল),এতিয়া তাত এম এছ জি ওলাইছে,গতিকে সেইটোৰ শাস্তি তেওঁলোকে পাব লাগিব। সীহৰ ক্ষেত্ৰতো নিৰ্ধাৰিত মাত্ৰাতকৈ যদি বেছিকৈ ওলাইছে,তেন্তে সেইটো ক্ষেত্ৰতো আইনী ব্যৱস্থা চলিব লাগিব। পিছে এইটো লিখাৰ উদ্দেশ্যটো হ’ল মেগীৰ যিখিনি কথাত ৰাইজে বৰবিহ,অখাদ্য আদি বিশেষণেৰে ভৰাই পেপাৰত বাতৰি লিখিছে,তেনে শব্দৰ ব্যৱহাৰ কৰিবলগীয়া হোৱা নাই। সঁচা কথা ক’বলৈ হ’লে,নেচ্‌লে কোম্পানিয়ে সম্ভৱ অকল ‘Misleading public with intention’অৰ বাবেহে শাস্তি ভোগ কৰিব লাগিব,বৰবিহ খুওৱাৰ বাবে নহয়।

সেয়ে,ফেচবুকত আপুনি কি শ্বেয়াৰ কৰিছে তাত অলপ সাৱধান হওক। আপুনি বিশ্বাস কৰাটোকে দেখিলেও পট্‌কৈ মানি নল’ব। কোনোবাই আপোনাৰ বিশ্বাসৰ সুবিধা ল’ব পাৰে। আমাৰ যিসকল চিকিৎসা-বৃত্তিধাৰী,বা আন যিকোনো বৃত্তিধাৰীয়ে ফেচবুকত বা কাকতত নিজৰ বৃত্তিৰ লগত সম্পৰ্কিত কিবা লিখে তেতিয়া আৰু সাৱধান হওক। লিখা কথাখিনিৰ নিৰ্ভৰযোগ্যতা এবাৰতকৈ বেছিকৈ বিচাৰ কৰক। কাৰণ যিসকলৰ বৃত্তিৰ কথা পঢ়ুৱৈয়ে জানে,তেওঁলোকে পট্‌কৈ তেওঁ লিখা কথাখিনিয়েই বিশ্বাস কৰি লয়। বহু সময়ত আমি ইমানদিনে মানি থকা কথা এটা আচলতে যে কোনো তথ্য-প্ৰমাণৰ ওপৰত আধাৰিত নহয়,বা সেই ধাৰণা কেতিয়াবাই সলনি হৈ গ’ল,সেইটো মনেই নকৰোঁ।

সামৰণিত লিখাটোৰ মূল কথাখিনি আকৌ এবাৰ চমুৱাই লিখিছো। তথ্যভিত্তিক প্ৰমাণৰ ওপৰত নিৰ্ভৰ নকৰাকৈ ৰখা যিকোনো বিশ্বাসেই আচলতে অন্ধবিশ্বাস। মাত্ৰ তাৰ স্বৰূপ কেতিয়াবা ‘সামান্য টেঙা খোৱাৰ পাছত পানী নাখালে মানুহ মৰি যায়’বিধৰ হ’ব পাৰে, বা কেতিয়াবা গাঁৱখনৰ মহিলা এগৰাকীক জুই লগাই মাৰি পেলোৱা হ’ব পাৰে। আৰু তথ্য-প্ৰমাণ অবিহনে তাক বিয়পাই দিয়া যিকোনো মানুহেই আচলতে অন্ধবিশ্বাসেই বিয়পাই আছে,আনকি বিশ্বাসটো ভাল হ’লেও। সমাজৰপৰা যদি অন্ধবিশ্বাস আঁতৰাবই খুজিছে, অতি সৰুকৈ নিজৰপৰাই আৰম্ভ কৰোঁ আহক,মাত্ৰ ফেচবুকত প্ৰচলিত ‘জ্ঞান’সমূহ শ্বেয়াৰ নকৰি। এনেয়েও ফেচবুকত ‘জ্ঞান’সমূহৰ প্ৰকৃত স্বৰূপ যেতিয়া ওলাই পৰিব,তেতিয়া আপুনিও সেইটো শ্বেয়াৰ কৰিছিল বুলি লাজত নপৰিবনে?

Share Button
Print Friendly, PDF & Email

No Comments : "‘ফেচবুক’, ‘টুইটাৰ’ৰ দিনতো অন্ধবিশ্বাস..."

Leave a Comment

Your email address will not be published. Required fields are marked *