বকচিচ

সুদৰ্শন বৰবড়া

“পোনাকণ পালেহিনে?”

কাৰোবাৰ মাতত ভদ্ৰকান্তই খকমকাই সাৰ পালে। সাৰ পালে মানে,টোপনি ঠিক ধৰাও নাছিল। দিনটোৰ ভাগৰে তাক হেঁচা মাৰি ধৰিছে। ৰেডিঅ'ৰ আমনিদায়ক ঘোষণাবোৰ শুনি শুনি চকুৰ পতা দুখন জাপ খাব খুজিছিল মাত্ৰ। অন্ততঃ ডেৰ বজাৰ 'সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান'টিলৈকে টোপনি এনেকৈয়ে ধৰে। তাতে ভৰি দুটাত ধূলি লাগি থকাৰ বাবে সি কোণীয়াকৈ শুবলগা হৈছে। “উস্ কি গৰম!”― জেঠমহীয়া প্ৰখৰ ৰ'দ। বাহিৰত অলপ পৰ থাকিলে সিজি যোৱাৰ উপক্ৰম হৈছে। টিনপাতৰ গৰমত ঘৰৰ ভিতৰতো ঠাই নাই। পিছফালৰ বাঁহকেইজোপাৰ তলত অৱশ্যে সেই কথাৰ খেয়াল নাহে।
পথাৰত কলাফুল তিতা পানী। বামৰ পিনে কোনোবাই কোনোবাই ৰুবলৈ আৰম্ভ কৰিলেই। ভদ্ৰকান্তহঁতৰ পিছফালৰ ভালেখিনি মাটি পাৱাৰটিলাৰে বায়ে শেষ কৰিলে। বাকী আধা দলনি, চেঁচুবনেৰে ভৰি আছে। আজিকালি গৰু-ম'হে হাল বোৱা দেখিবলৈকে নোহোৱা হ'ল। তথাপি গোঁসাই চোমনিৰ সিপাৰৰপৰা হাল বোৱাৰ টুকুৰা-টুকুৰ শব্দ ভাহি আহিছে। গৰু থকাবিলাকে হাল-বোৱা বন্ধ কৰি গৰুহাল ছাঁত বান্ধিছেহি। ৰ'দৰ তাপত পথাৰৰ পানী ভীষণ তপত হৈ পৰিছে। সেইগতিকে হাঁহবোৰ বেছি পৰ চৰিব নোৱাৰে। ৰোৱা মাৰে বুলি গিৰিহঁতে পথাৰত মেলিবলৈও ভয় কৰে। পিছে, ৰোৱা মৰাতকৈ কাউৰীলৈহে ভয়। নতুনকৈ ওলোৱা পোৱালিবোৰ কাউৰীয়ে চাবোন থপিওৱাৰ দৰে থপিয়ায়। ভদ্ৰকান্তই হাঁহকেইজনী আৰু পোৱালীকেইটা আনি অস্থায়ী গঁড়ালত বান্ধিলেহি। আবেলি হ'বলৈ এতিয়াও তিনি ঘণ্টামান বাকী। অলপ পাছতে গৰুজনী আনিবলৈও যাব লাগিব। দলনিসোপাতনো আৰু কিমান চৰিব? অ'ত-ত'ত কোমল ঘাঁহ দুডালমান পায়, তাৰ পাছত আকৌ দৰক দি ইফালে-সিফালে চাই থাকে। “কাইলৈৰপৰা ঘৰতে বান্ধিব লাগিব। দ-ৰপৰা ঘাঁহ লৈ আহিম”।
ৰাতিবোৰ লাহে লাহে চুটি হ'বলৈ ধৰিছে। সেয়ে দুপৰীয়া ভাত খাই উঠি এবেলা দীঘল দিবলৈ মন যায়। ঠিক টোপনি নগ'লেও ইকাতি-সিকাতি কৰিব পাৰিলেও অন্ততঃ হামিকেইটা নোহোৱা হয়। পিছফালৰ কঁঠালকেইজোপাৰ তললৈ 'ফল্ডিংখন' লৈ যাব পাৰি। পিছে, ওপৰৰপৰা সাপ-চাপ পৰে বুলিহে ভয়। ভিতৰত শোৱাই শ্ৰেয়।― এই সকলোবোৰ সমস্যাৰ 'যত কূটৰ ঘাই', এই উৎকট গৰম। শেতেলিৰপৰা উঠি যাবলৈ তাৰ অকণো ইচ্ছা নাই।
“ঘৰ-জেউতি অনুষ্ঠানত এইবাৰ শুনক, যোৰহাট জিলাৰ পদুমনি টেঙাবাৰী গাঁৱৰ 'জোনাকী আত্মসহায়ক গোট'ৰ সদস্যাসকলে পৰিৱেশন কৰা কৰা আইনাম . . .”―ভদ্ৰকান্তই ৰেডিঅ'ৰ ভলিউমটো অলপ সৰু কৰি দিলে। পিছফালৰ বাৰাণ্ডাৰপৰা মিঠা নাৰীকণ্ঠটি পুনৰ ভাহি আহিল, “পোনাকণ পালেহিনে?”― বোধহয় পিছফালৰ দুৱাৰখন মৰা আছে। ভদ্ৰকান্তই ভিতৰৰপৰাই মাত দিলে, “আগফালে যাচোন। মনোৱে তাঁত বৈ আছে।”
ভদ্ৰকান্তৰ ঘৰটো পুৰণি 'এল-পেটাৰ্ন'ৰ ঘৰ। বাপেকেই সাজি থৈ যোৱা। সি যেনিবা তাকেই জোৰা-ফোটোৰা দি নতুন ৰূপ দিলে। হাফ ৱাল যদিও ঘৰটি ইমান ধুনীয়াকৈ লেপা (মাটিৰে) যে, ওচৰৰপৰা নাচালে চিমেন্টেৰে প্লাষ্টাৰ নকৰা বুলি কোনেও ধৰিব নোৱাৰে। বাপেকেও কিন্ত্ত বেছ কায়দা লগাই ঘৰটো সাজিছিল। একেটা কোঠাতে তিনি-চাৰিখনকৈ দুৱাৰ। দুখনমান বোলে বিয়া-সবাহ হ'লেহে খোলে, ভিৰ কমিবলৈ। এই আমাৰ অভাৰব্ৰিজৰ লেখীয়া কথা। সকাম-নিকাম থাকিলে, নতুবা ভিতৰত আলহী বহি থাকিলে মানুহে ঘৰৰ ভিতৰেদি যাবলৈ টান পায়। কেতিয়াবা ভিতৰখন মচি-কাচি থ'লেও মাটি এৰা খাই আহে বুলিও বহুতে সোমাবলৈ বেয়া পায়। গতিকে ঘৰৰ কাষেদি সৰুকৈ হ'লেও আগফাল-পিছফাল সংযোগী পথ এটা থাকে। সেইটো থাকিলে আৰু এটা লাভ হয়। গৰু-ছাগলী, হাঁহ-কুকুৰাবোৰকো পাৰ কৰাবলৈ সুবিধা হয়। আন বহুতৰে ঘৰত থকাৰ দৰে ভদ্ৰকান্তহঁতৰো তেনেকুৱা বাট এটা আছে। অনিমা সেইফালেদিয়েই আগফাল পালেগৈ।
ভদ্ৰকান্তৰ ঘৈণীয়েকে ভঁৰালৰ আগতে তাঁতখন মেলিছে। ভঁৰালৰ আগত মানে ৰ'দ পৰা ঠাইত নহয়। তাতো ৰ'দ-বৰষুণ নপৰাকৈ চালি এখন আছে। আনকালে ঠেলাখন থয়। তাঁত কাটি শেষ নোহোৱালৈকে সেইখনৰ ঠাই এতিয়া গোহালিত। মনোমতীয়ে ভাত খাই উঠিয়েই তাঁতত বহি যায়। নহ'লে তাই সময় উলিয়াব নোৱাৰে। পুৱা শুই উঠাৰপৰা শোৱাপাটীত পৰালৈকে তাইৰ এশ-এবুৰি কাম। বেছিকৈ লৰা-ঢপৰা হয়,এই ল'ৰা-ছোৱালীকেইটাক স্কুললৈ উলিয়াই পঠিয়াওঁতে। তাৰ পাছতো জানো কমসোপা কাম থাকে ? ঘৰ সৰা, কাপোৰ ধোৱা, ভাত ৰন্ধা, চাউল জৰা এইবোৰতো আছেই। পোকৰ পাছতেই পোনাকণ আহি ওলাওকহি। জপনা খুলিলে কি নুখুলিলে, “অ' মা, ভাত দে”। সি এতিয়া চতুৰ্থ শ্ৰেণীৰ। বায়েকজনী হাইস্কুলত। তাঁত বুলিলেতো তাই মৰি যাব। আচল তাঁত নাজানিলেও চকী-বেঞ্চতে ফু-চুঙাৰে মাকোঁ সৰকায়। আন নহ'লেও তাই যঁতৰটোতে মাকক সহায় কৰি দিয়ে। পোনাকণেও যঁতৰ ঘূৰায়। পিছে ঘূৰায়হে, সূতাডাল মাকে ধৰি দিব লাগে। ঘূৰণৰ কোবত সূতা ছিঙি যায়। তাক তাঁতৰ ওচৰলৈ নিবলৈকে ভয়। হয় তাঁতৰ খুঁটাতে ওলমিব, নহয় ছিৰি এডালকে উলিয়াই পেলাব। তাতকৈ যঁতৰকে ঘূৰাওক। মহুৰা বটাত অৱশ্যে আইতাকেও তাইক সহায় কৰে।
পথাৰৰপৰা অহাৰ পাছত হাঁহকেইটা তাঁতশালৰ কাষতে চিমেন্ট গোলা ঠাইখিনিতে পানী খেলখেলাই থাকে। হাঁহকেইটা পানীডোঙাৰপৰা পেকপেকাই উঠি আহিল আৰু পাকঘৰ সাজিবলৈ থোৱা পকী খুঁটাকেইটাৰ ওপৰত পাখি কোবাই কোবাই ৰ'দ ল'বলৈ আহিল। বোধহয় অনিমাৰ খোজৰ শব্দত সিহঁত পানীৰপৰা লৰালৰিকৈ উঠিল। আগফালে কোনোবা অহাটো মনোৱে ঠিক অনুমান কৰিলে। তাইনো মাকোঁটোৰ কথাকে ভাবি আছেনে, দোৰপতিখনৰ কথাকে ভাবি আছে সেয়া তেৰাইহে জানে ! তাৰ তালে তালে গৰকাযোৰো তল-ওপৰ কৰিছে। সূতা শেষ হৈছে, মহুৰা সলাইছে। দুপৰীয়াৰ নিৰ্জনতাত তাঁতৰ আৱহ সংগীততো খুব স্পষ্ট হৈ পৰিছে। মাজে মাজে ভঁৰালৰ কাঠৰ মাৰলিৰ ওপৰেদি পাৰ হোৱা ডালশলীয়া আৰু কেৰ্কেটুৱা দুটামানৰ ধানৰ লেছেৰা টনা-নিয়া কৰা আৰু হাঁহকেইজনীৰ ডেউকাৰ শব্দৰ বাহিৰে একো সাৰ-সিকতি নাই। অনিমাই প্ৰথমে তাঁতৰ খুটাত ভেজাঁ দি একান্তমনে তাইৰ কাম চাই ৰ'ল। তাই তাঁত ব'ব নাজানে। পিছে,শিকিবলৈ যে হেঁপাহ নাই তেনে নহয়। ভদ্ৰকান্তৰ মাকক শিকাই দিবলৈ কাহানিবাৰপৰা কুটুৰি আছে। বুঢ়ীআয়েহে সময় উলিয়াব পৰা নাই। বুঢ়ীয়ে শিকাব বুলি কোৱাৰ দিন ধৰি তাই 'আয়োডেক্স'টো, গেষ্ট্ৰিকৰ টনিকটো, মাৰ্কিন চাদৰ আদিবোৰ দি দি বুঢ়ীক 'ৰইখা' নাইকিয়া কৰেহি। বোৱাৰীয়েকৰ তাঁতখন শেষ হোৱাৰ পাছতহে কাম আৰম্ভ কৰিব। বৰষুণকেইজাকৰ বাবে এইবাৰ তাঁত মেলাও দেৰি। এনেতে তাইৰ চকীখনৰ তলতে থকা তামোলৰ বঁটাটোলৈ চকু গ'ল। বঁটাটোৰপৰা এফলীয়া তামোল এডোখৰ লৈ শুঙা এটা মাৰি, পাণখনত চূণ-ধঁপাত সানি বেছ আমেজেৰে মুখত ভৰাই ক'লে,

“এতিয়ালৈকে কেইখন কাটিলি?”

“এখনো নাই কটা, 'একেবাৰে কাটিম” ― মনোৱে মূৰ নোতোলাকৈয়ে ক'লে।
“ফুল নেবাছ নি?”

“ছখনত বাছিলোঁ। এখন নামঘৰত দিম, এখনে ভলৌহেঁতৰ, এখনে ৰশ্মিহেঁতৰ বিয়া খাম। বাকীকেইখন তিয়নী, গা মচিবলে হ'ব। গামোচা লগালে যেনিবা আক-তাক বিলাওঁতেই শেষ হয়।”
“চ-কায়ী সূতা নি?”
“আমা এইখিনিত সূতা অকল পিকুমাকেহে পাইছে”।
“যোৱা-বা যে বলকত টোলোঠা-চোলোঠাবো দিছিলে, এইবা দিবনে নিদিয়ে কিবা গম পাৱ?”
“জা-নো পায়, জুৰিৰ মাকক সুধিবিচোন, তাইটো তালৈ গৈয়ে থাকে”।
“সুধিলে ভালকে নকয় নহয়। চ-কায়ী কিবাকিবি আহিলে ক'ব লাগে। কোনোবা এবা দেৱাই দিয়া আঁঠুৱা দিছিলে, গমেই নাপালোঁ। একেটা গোটতে থাকোঁ, তাই কমচেকম মোক ক'ব পায় ন”।
অলপ পৰ ৰৈ―
“তোৰ আৰু কিমান ব'বলে আছে? সোনকালে শেষ কৰ। মই তহঁতৰখনতে শিকিম”।― এইবুলি তাই ফুলৰ বহীখন চাবলৈ ধৰিলে। প্ৰত্যেকপাহ ফুলৰ প্ৰতি তাইৰ মতামত দি গ'ল। হঠাতে যেন তাইৰ কিবা মনত পৰিল। মনোৱে মূৰ দাঙি চালে।
“অ, হেয়ি নহয়। পোনাকণ স্কুলৰপৰা আহিল ? আজি শনিবা নহয়”।
“নাই অহা। কেলে ?”
“আমাৰ দুলীয়াজানত থকাজন আহিছিল। যাবলে ওলাইছে। টীয়কত থ'বগে লাগে। . . . আহিলে পঠিয়াই দিবিচোন। এতিয়া বাৰু ভাত খাই আছে”।― মনোৱে তাইলৈ এতিয়াহে ভালকৈ চালে। মেখেলাখন পেটিকোটেৰে সৈতে কঁকালৰ খোঁচনিত। হাতত দাইলত তেল মৰা ঘোটনি মাৰিডাল। ফুলৰ বহীখন মহুৰাৰ খাংটোৰ ওপৰত থৈ তাই জপনাখনৰ ফালে আগ বাঢ়িল।
“দুলীয়াজানত অনিমাহঁতৰ বৰজনাক থাকে। 'অইল'ৰ চাকৰি। ঘৰ-বাৰী তাতে কৰিলেগৈ। বুঢ়াটো থাকে মানে আহি আছে। তাৰ পাছত আৰু ক'ত আহিব? পৰিয়াল লৈ আহিলে গাড়ী-গোড়া লৈ আহে। নহ'লে অকলে আহে। আহে মানে বিহুৱে-সংক্ৰান্তিয়ে। এইবাৰ পিছে বিহুতো আহিব নোৱাৰিলে। নাহিলে কি হ'ব? টীয়কতে মাছ কিনি চেলেংহাটত থকা শহুৰেকৰ ঘৰলৈ যায়। তাৰ মানুহজনীক যে ইয়াৰ মানুহে দেখাই নাই নেকি? আনকি আচল নামটো যে মহেন্দ্ৰ, বহুতেই পাহৰি গৈছে। পিছে উপায়ো নাই, ছুটীও নেপায় চাগৈ। চাকৰিয়ালবিলাকৰ এইটোৱেই মহামস্কিল। পঢ়া-শুনা কৰিলেও চাকৰি-বাকৰি পালে বাহিৰলৈ ওলাই যাব লাগে, নকৰিলেও এই যুগত কি কৰি খাব? পোনাকণক লৈহে চিন্তা। মহেন্দ্ৰহঁতৰ কথা বেলেগ। তিনিটাকে ককায়েক-ভায়েক। আমাৰটো এটাহে। তাতে ছোৱালীজনীতো এদিন উলিয়াই দিব লাগিব”।
অভ্যাসৰ বলত চাইকেল আৰোহীয়ে যেনেকৈ গম নোপোৱাকৈয়ে পেডেল চলাই থাকে, ঠিক তেনেকৈ মনোৱেও মাকোঁ চলাই গল। সময় বুজি পুতল দুটা আগুৱাই নিলে। যদিও চিন্তাৰ সোঁত একেফালেই গ'ল। ঠিক চাইকেল চলাওঁতে ব্ৰেক মৰাৰ দৰে। ই বাহনখনৰ দিশ পৰিৱৰ্তনত বিশেষ বাধা নিদিয়ে। স্মৃতিয়ে ঢুকি পোৱালৈকে দুবাৰেই তাই মহেন্দ্ৰক দেখিছে। এবাৰ অনিমাৰ শাহুৱেক ঢুকাওঁতে আৰু এবাৰ অনিমাৰ বিয়াত। তাৰ মাজত কিমানবা ঘৰৰ লগত আহ-যাহ আছে, সেয়া নাজানে। যদিও অনিমাহঁতৰ ঘৰ সিহঁতৰ ঘৰ লগালগি। আচলতে, মানুহটো ঘৰৰপৰা নোলায়েই। নোলায়টো নোলায়, কথাও বৰ কম পাতে। বেছিভাগ প্ৰবাসী মানুহেই ঘৰলৈ আহিলে হুলস্থূলীয়া পৰিৱেশ এটা সৃষ্টি কৰে। পিছে, মহেন্দ্ৰৰ ক্ষেত্ৰত সেয়া ব্যতিক্ৰম। অৱশ্যে, এইটো স্বভাৱ তাৰ এতিয়াৰ নহয়। আগতেও বোলে সি মানুহটো ঘৰত থাকেনে নাই কোনেও গম নাপায়। সি যে এসময়ত অঞ্চলটোৰ এজন লেখত ল'বলগীয়া মেধাৱী ছাত্ৰ আছিল, সেইটো সকলোৰে জ্ঞাত। কিন্ত্ত, মেধাৱীসকলৰ প্ৰতি গাওঁখনতে বা চুবুৰিটোতে যি সহজাত মনোভাব থাকে, তাৰ পক্ষে তেনে নাছিল। সি যদিও পঢ়া-শুনাত ভাল, সি নিজক লৈয়ে বেছি ব্যস্ত আছিল। আনকি বাটত চিনাকী মানুহ পালেও মাত এষাৰো লগোৱা নাছিল। মানুহৰ মুখত অন্ততঃ এইষাৰ শুনিব পৰা হ'ব লাগে, “অমুকৰ ল'ৰাটোৱে ৰাস্তাত দেখিলে মাত এষাৰ দিয়ে দেই”।― পিছে, এইবোৰ চব মানুহৰ মুখেৰে শুনা কথাহে। মানুহজনক সাক্ষাৎ নেদেখাকৈ ইমানখিনি কথা কৈ দিব নোৱাৰি।
“ঐ, মা ভাত দে”।― কথাবোৰ পাগুলি থাকোঁতে হঠাৎ পোনাকণৰ মাতত প্ৰায় চঁক খাই উঠিল। ভাবনাত যতি পৰিল। পোনাকণ কেতিয়া তাইৰ মুখৰ আগেদিয়েই পাৰ হৈ গ'ল, মনেই নকৰিলে। জপনা খোলাৰো শব্দ নহ'ল। অনিমাই পিছে জপনাখন নমৰাকৈয়ো যাব পাৰে। সি বেগটো বিছনালৈ দলিয়াই কাপোৰ নসলোৱাকৈয়ে মাকৰ ওচৰত থিয় দিলেহি। ছেণ্ডেলযোৰেৰে সৈতে তাৰ ভৰিকেইটা কুকুৰক কাটি দিলেও নোখোৱা অৱস্থা। কলাফুললৈকে ধূলি। যাওঁতে আৰু তেল-তোল ঘঁহি পঠিয়াবি, উভতিলে যিটো ৰূপ ল'ব! গোটেই বাটটো যেনিবা হাল বাইহে আহিছে। তাতে কোনোবা এদিনা পেণ্টৰ হুক্ ছিঙিব, কোনোবাদিনা চোলাৰ বুটাম,...। দুয়োটা কান্ধ ছাতিৰ নালৰ মামৰে নধৰা হ'ল। ছাতিটো দি পঠিয়ালে লাখুটিহে কৰে। কেতিয়াবা ছাতি পাহৰিব, কেতিয়াবা ছেণ্ডেল পাহৰিব আৰু কেতিয়াবা বহিবলৈ নিয়া বস্তাটো। পিঠিটোতনো কোনে ইমান কলমেৰে আঁকে? চিয়াঁহী অকল পিঠিতেইনে? কলমৰ সাঁফৰ খোলা-মেলা কৰোঁতে দাঁতে-মুখে গোটেই চিয়াঁহী। লিক্ কৰিলে কাপোৰ ধোৱা চাবোন অলপ লগাবলৈ কৈ কৈ মুখ বিষাল। কলমটো ফটাকানিৰে ধৰিলেও হাতলৈকে বিয়পে। খেনোৱে কলমত চিয়াঁহী ভৰাবলৈ পাহৰি চিয়াঁহী খোজক। দিয়ক নিব্ জোকাৰি জোকাৰি দুটোপালমান পেলাই...। অকল এয়াইনে? তাৰ বহীত কোনোবাই পেঞ্চিলেৰে আঁক এটা মাৰিলেও ইটো ল'ৰাৰ বহীত স্কেলেৰে জুখি সমানে দাগ এটা দিহে এৰিব। নহ'লে আক' মাস্টৰণীক আপত্তি দৰ্শাব, “অ বা-ই-দে-উ বো-লে, ই মোৰ বহীত আঁকি আছে”। তদুপৰি, শিলিখা, বেলফইৰ লগত ফলিগুটি সলনা-সলনি কাৰবাৰটোতো আছেই। বগৰী, আমলখি, জামুক এইবোৰ স্কুলত থকা সময়খিনিত মকতিয়াই থাকে। তাৰ পাছতো বাটে-বাটে আম, মধুৰীআমৰ ওৱাদানি। তথাপি, ঘৰলৈ আহি জপনা খুলিয়েই ক'ব, “ঐ মা, ভাত দে”।
দোৰপতি আৰু ব-খিনিৰ মাজত মাকোঁটো থৈ মনো থিয় হ'ল আৰু ঢিলা হৈ যোৱা খোপাটো পুনৰ বান্ধি ল'লে। ষাঠি সূতাৰ চাদৰখনো ওপৰে ওপৰে ঠিক-ঠাক কৰি হয় মানে, পোনাকণে তাৰ স্কুটাৰত স্টাৰ্ট দিলে আৰু মুখেৰে 'পিঁট-পিঁট-ভু-উ-উ-'গাই মাকৰ আগে আগে লৰ দিলে।

“ঐ লাহে লাহে, পয়িবি। প্ৰথমে মুখ-হাত ধুই ল, মই ভাত বাঢ়োঁ”।― মাকে জপনাখন মাৰি পাকঘৰত সোমাল।

পোনাকণহঁতৰ চুকটোত তাৰ বয়সীয়া অকল সিহে চাইকেল চলাবলৈ শিকিছে। তাৰ সমবয়সীয়া বুলিবলৈ, গাঁৱৰ স্কুল গৈ থকা পিকু আৰু ভদীয়াৰ পুতেকহে আছে। বাকী যি দুই-চাৰিটা খেলৰ লগৰীয়া আছে, চব হাইস্কুল যোৱা। হাইস্কুলখন টীয়কত। তিনি মাইলৰ বাট। খোজ কাঢ়ি যোৱাই খোজ কাঢ়ি যায়, চাইকেল মাৰি যোৱাই চাইকেল মাৰি যায়। টীয়ক নগৰখন এ টি ৰোডৰ কাষতে। টীয়কনো কি, পোনাকণৰ আইতাকক আনোতে গোটেইখন বোলে হাবিয়েই আছিল। হাইস্কুলখন আকৌ তাৰো আগৰ। ঘৰততো কৈয়েই দিছে, ভালকৈ পঢ়া-শুনা নকৰিলে তাক হেনো জখৰীয়া স্কুলত নাম লগাই দিব। সেইখন গাঁৱৰ ওচৰৰে একেবাৰে ভঙা-ছিঙা স্কুল। দেউতাকে তাক এনেয়ে কয়নে, সঁচায়ে কয় একো ধৰিব নোৱাৰি। তাক টীয়কলে নপঠিয়ায় বুলি কৈ থকাৰ অৱশ্যে আৰু এটা কাৰণ আছে। সি বৰ খটাসুৰ। এল পি স্কুলত যি উৎপাত, সেইবোৰতো ঘৰত গমেই পাই থাকে। ওচৰৰ মানুহবোৰো কম নহয়। ৰাস্তাত যিয়েই নকৰক কিয়, ঘৰত আহি লগাবলৈ; বাপেকে সিহঁতক কি চকীদাৰ পাতি থৈছে নেকি? টীয়ক হাইস্কুলত পঢ়িব নোৱাৰিলে তাৰ বহুত লোকচান হ'ব। নগৰৰ গাড়ী-মটৰ, দোকান-পোহাৰ আদিবোৰ বহু বছৰলৈ নেদেখাকৈ থাকিব। সেইটো জানো কম কথা? সি এনায়েকৰ ঘৰলৈ যাওঁতে গাড়ীত উঠিবলৈ টীয়ক বাছষ্টেণ্ড পাবহি লাগে। গতিকে বছৰেকত কমেও দুবাৰ তাৰ টীয়ক দেখা-দেখি হয়। পিছে, চাইকেল চলাবৰপৰা কথাটো অলপ বেলেগ হ'ল। মাজে-সময়ে সি আলহী থ'বলৈ যাব লাগে। সেইখন শিকাও অৱশ্যে বেছিদিন হোৱা নাই। তলতে চলাই আছে। কেইদিনমান আগলৈকেতো চাইকেলৰ টায়াৰ, তামোলৰ ঢকুৱাহে চলাই ফুৰিছিল। সেইখন শিকিবৰ দিন ধৰি বাকীবোৰ খেলা বাদ পৰিল। কোনোবাই দোকানলৈ পঠিয়ালে চাইকেল লৈহে যায়। বাপেকৰ চাবি লুকুৱাবলৈ জেগা নাইকিয়া হৈছে। পিছফালে (ঘৰৰ) মানুহ থাকিলে, এইফালে চাইকেল লৈ উধাও।

* * *
“সোনকালে খা, ৰিণিৰ বৰতাকক থ'বলে যাব লাগিব” ― পোনাকণ পীৰাত বহি ভাত খোৱাত ব্যস্ত। কাষতে বহি মাকে পুতেকক বিচনীৰে বিচি আছে। অলপ আগলৈকে সি যিটো গতিত খাই আছিল, তলৰখিনি 'আমৰলীয়া বৰণ' পৰিল ছাগৈ। পিছে, কথাষাৰ শুনাৰ লগে লগে পাতিহাঁহে খোৱাৰ দৰে খাবলৈ ধৰিলে। ভাত খাওঁতে এনেও বৰ লেহেম। কথাৰ মহলা মাৰিবলৈ পালে আৰু কিবা লাগেনে? তাক যেনিবা কোনোবাই সুধিছেহে। এগৰাহ মুখলৈ গ'ল কি নগ'ল, “অ' মা, আজি স্কুলত কি হ'ল গম পাৱ, প্ৰাঞ্জলে নহয়...”।― সেই সময়ত বাপেক থকাহেঁতেন নিশ্চয় ক'লেহেঁতেন, “খাবৰ সময়ত কিহৰ কথা? চুপ্-চাপ্ ভাত খা”।― তাৰ মনত এতিয়া আনন্দৰ সীমা নাইকিয়া হ'ল। খাই উঠি চিধাই আইতাকৰ কোঠাৰ পৰ্দাখনত মুখ মচিলেগৈ। মাকে আৰু কিবা কোৱালৈ বাটেই নাচালে, চাইকেল লৈ ৰিণিৰ ঘৰত হাজিৰ। আনদিনা হোৱা হ'লে দেবেন মহৰীৰ ঘৰত টিভি লগাইছেনে উমান লৈ থাকিলহেঁতেন। নহ'বা কাৰোবাৰ ধমকিত শুই থাকিব লাগিলহেঁতেন। সি এনেও চাইকেলখন উলিয়াই নিবলৈ চল চাইহে থাকে। কিন্ত্ত, আজি ইমান খৰ-খেদা কৰাৰ কাৰণ এইটো নহয় যে, সোনকালে নগ'লে ৰিণিৰ বৰতাকৰ দেৰি হ'ব। কাৰণটো হ'ল, এনেকুৱা একো নহওক যাৰ বাবে টীয়কলে তাক নপঠিয়াই অইন কাৰোবাক পঠিয়াবলগা হয়। সি যি নহওক, মহেন্দ্ৰৰ ভাড়াটো সি পালে।
জেঠমহীয়া দুপৰীয়াৰ এই গেলা গৰমত কাৰোবাক টাউনত থ'বলৈ যোৱাটো কাৰোপক্ষে প্ৰীতিজনক নহয়। পোনছাটেই যে সকলোৱে 'না' কৰিব সেয়া স্বাভাৱিক। এনেকুৱা কামবোৰ সৰু ল'ৰাৰ হতুৱাই কৰালে আপত্তিৰ কোনো প্ৰশ্নই নুঠে। বৰং সিহঁতেও কিবা আনন্দহে পায়। অথচ সৰুবিলাকৰপৰা ডাঙৰে অনেক সময়ত আমনিহে পায়। এই ধৰক, কাৰোবাৰ বিয়া-সবাহ হ'লে ―
“ঐ, ক'ত মানুহৰ মাজেদি লিং-লাং কৰি ফুৰিছ, একে জেগাতে বহি থাক”।
বাপেক-মাকৰ কাজিয়া লাগিব, সৰুমখা হয় কটকী;
“বাপেৰক ভাত খাবলে মাতিছে বুলি ক-গেচোন যা”।
লাগিলে পঢ়িয়েই নাথাকক কিয়? দৰকাৰৰ সময়ত,
“ভোলাৰ দোকানৰপৰা কাপোৰ-ধোৱা চাবোন এচিট্ আৰু মিঠাতেল ১০০ গ্ৰাম লৈ আনচোন। এইটো ২০ টকা ল। পেণ্টত পকেট আছেনে? নেহেৰুৱাবি”। আৰু কাৰোবাৰ বাবে ল'ৰা-ছোৱালী ভাল-বেয়া নিৰ্ধাৰিত হয় ঠিক এনেদৰেই। কয়, “অমুকৰ ল'ৰাটোৱে কিন্ত্ত কথা ক'লে শুনে দেই”। কিন্ত্ত, তাকে নকৰি যদি ল'ৰাটো বা ছোৱালীজনীয়ে ক'লেহেঁতেন, “এতিয়া যাব নোৱাৰিম। স্কুলত বাইদেৱে নেওতা মুখস্থ কৰিবলে দিছে” ― তেতিয়া! “এইবো লআ-ছোৱালী! এষা-দুষা কথাক যেন, কথা যেন নোবোলে! আমিবো স-ও থাকোঁতে এনেকুৱা নাছিলোঁ দেই!”।আন প্ৰায়বোৰ ল'ৰা-ছোৱালীৰ দৰে পোনাকণেও দোকানলৈ গৈ ভাল পায়। বিশেষকৈ পঢ়াৰ সময়ত পঠিয়ালেতো আনন্দৰ জোৱাৰ উঠে। লগতে এইষাৰ কথা শুনিবলৈ মন উদ্বাউল হৈ থাকে,“...বাকী এটকা এটা বাচিব, সেইটো তয়েই ল'বি”। পিছে, সেই টকাৰে সি পাবনো কি? এটকাত আজিকালি পায় কিটো? অৱশ্যে, চুঙাত ৰাখিব পৰা যায়। এনেকুৱা এটকীয়া-দুটকীয়া সি বুঢ়ীআইতাকৰপৰাও পাই থাকে। আইতাকে সকাম-নিকাম খাই খুচুৰা পইচা পালে তাকে দিয়েহি। ইয়াৰ বাহিৰে সি ঘৰৰ বাকীবিলাকৰপৰা ফুটাকড়ি এটাও নাপায়। বাপেকে কয়, “সৰু ল'ৰা, এতিয়াই টকা-পইচাৰ লগত ধেমালি নহয়”।― এবছৰমানৰপৰা সি চুঙাত পইচা থোৱা আৰম্ভ কৰিছে। পিছে, কিমাননো গোট খাইছে তাৰ উমান লৈয়ে অন্ত নহয়। দুই-তিনি দিনৰ মূৰে মূৰে চুঙাটোত ঢকিয়াই ঢকিয়াই খুচুৰা পইচাৰ 'ঝুনুক-ঝানাক' শুনি থাকে। কেতিয়াবা গোটেইখিনি টকা একেলগে চাবলৈ বৰ মন কৰে। সেয়ে, মাজে মাজে বাঁহৰ খুঁটাটোত কটাৰীৰ ঘাপ দিয়ে। পিছে, সেই কুমলীয়া হাতেৰে চুঙা কাটিবলৈ যোৱাটো জানো চুজা কথা! গতিকে চুঙাটোৰ আয়ুস অলপ বাঢ়ে। কিন্ত্ত, তাৰ এই জমা টকা সি নিজৰ ইচ্ছাৰে খৰছ কৰিব নোৱাৰে। টকাখিনিলৈ ঘৰৰ ডাঙৰসোপাই লুভীয়া দৃষ্টিৰে চায়। ক'ব, “তোক কি লাগে, মই কিনি দিম ওলাবি”।― যোৱাবেলি বিহু গোৱা পইচাৰে হাৱাই ছেণ্ডেল এযোৰ কিনিলে। কিন্ত্ত, সি সন্তুষ্ট নহয়। কাৰণ, তাৰে সিংহভাগ টকা ঘৰৰ ইটো-সিটো কামতে খৰচ হ'ল। দুই-এপইচা চুবলৈ পোৱাৰ আশাৰে যিদৰে সি বছৰেকৰ বিহুটিলৈ অপেক্ষা কৰে, ঠিক সেইদৰে অপেক্ষা কৰে, আলহীৰ আগমনলৈ। বেছিভাগ আলহীয়ে শুদামুখে আহিবলৈ বেয়া পাই বিস্কুট-মিঠাই কিবা-কিবি লৈ আহে। বিস্কুট ননা আলহী সি নিষ্পতি দেখিব নোৱাৰে। মাকে আলহীলৈ চাহ যতনোৱাৰ পৰত পৰ্দাৰে জুমি জুমি চাই থাকে, বিস্কুট এখন এৰক এৰক বুলি। সি কেতিয়াকৈ শুনিবলৈ পাব, “অ! পোনাকণচোন!, ইমান ডাঙৰটো হ'ল। ৰাস্তাত দেখা হ'লে চিনিয়ে নেপালোঁহেঁতেন। চাওঁ এইফালে আহ . . . সেই প্লেটত থকা বিস্কুটখন ল-চোন”।― সেইজন আলহী তাৰ কাৰণে ভাল, দেৱতাসদৃশ। কিছুমান আলহী দুদিনমান থকাকৈ আহে। সেইকেইদিন আৰু তাৰ পঢ়া-শুনা নাই। পঢ়ি থাকোঁতেও কাণখন জুহালৰ ফালেহে, আলহীয়েনো কি কথা পাতিছে? ৰাতি ভাত হোৱালৈকে দহবাৰমান পেচাব লাগিছে বুলি পিছফাললৈ অহা-যোৱা কৰে। পিছে আলহী ঘৰলৈ উভতিবৰ বেলিকা তাৰ মনটো একেবাৰে মৰি যায়। অৱশ্যে আন এটি কাৰণত ভালো লাগি থাকে। যিটো মুহূৰ্তৰ বাবে সি বহু আগৰপৰাই উচপিচাই থাকে, সেইটো হৈছে আলহীয়ে ঘৰৰ সকলোৰেপৰা বিদায় লোৱাৰ পাছত পদূলিমুখলৈ নতুবা তিনিআলিলৈকে আলহীক আগ বঢ়াই দিওঁতে। পিছে তেনেকুৱা সময়ত সি কেতিয়াবা স্কুলত থাকে। এই সোণালী সুযোগটো সি সতকাই হেৰুৱাব নোখোজাৰ ৰহস্যটো হৈছে একান্ত ব্যক্তিগত। যাবৰ পৰত আলহীয়ে সিহঁতৰ ঘৰৰ কাৰোবাক সুধিব, “পোনাকণ কেনি গ'ল? তাক মাতি দেচোন”।― সিও আহক আগফালে জেপ লগা চোলা এটা পিন্ধি, মানিবেগৰপৰা কাগজৰ নোট এখন উলিয়াই জোৰ কৰি জেপত ভৰাই ক'ব, “হ'ব হ'ব নেলাগে নেলাগে”।― মাত্ৰ কেইটিমান মূহুৰ্ত্ত, তাৰ পাছতে সেই চেপা উত্তেজনাটিৰ অৱসান ঘটে। কিন্ত্ত, সেইখিনি সময় আহে মানে তাৰ অৱস্থা চাবলগীয়া হয়। নিজৰ মাতটোও কিবা যেন বল দিহে উলিয়াব লাগে। লাজত গাল-মুখ ৰঙা-চিঙা পৰে। অথচ, টকা পোৱাৰ পাছত কি কৰিব, কি কি কিনিব তাৰ হিচাপ উলিয়াই সি কেতিয়াবাই সাজু। অৱশ্যে কি কিনিব সেয়া নিৰ্ভৰ কৰে আলহীজনৰ ওপৰত। কিছুমান আলহীয়ে এশ টকালৈকে দিয়ে। মুখেৰেহে কয় মিঠাই খাবি বুলি। মিঠাইৰ দামতকৈ অলপ বেছিহে দিয়ে। কিছুমানে আক' সঁচাকৈয়ে মিঠাইৰ দামটোহে দিয়ে। তেতিয়া আগৰ হিচাপত খেলিমেলি লাগে। আন কিছুমান আলহীৰ কাৰণে সি মিছা-মিছি বাজেট বনায়। মিছা-মিছিকৈ জেপ লগা চোলাটো পিন্ধে। মিছায়ে কল্পনাৰ আকাশত ভাহি থাকে। লগৰ কাৰোবাক হয়তো কৈয়েই থৈছিল, এইকেইদিনতে অমুকটো কিনিব বুলি। মুহূৰ্ততে সকলো ধূলিসাৎ হৈ পৰে।

* * *
চাইকেলৰ হেণ্ডেলৰ দুয়োফালে দুটাকৈ গধুৰ মোনা। এটাত চাউল, চিৰা,কণীকেইটামান আৰু দৈৰ টেকেলি এটা। আনটোত কঁঠালৰ মুচি, ৰবাব টেঙা, বেল, কাজিনেমু কেইটামান। অনাহকতে মোনা দুটা বৰ গধুৰ হৈছে। 'নাই নাই' বুলিও ভাইবোৱাৰীজনীয়ে থেচি থেচি বস্তু দি পঠাইছে। টেঙা দিয়াৰ কাৰণে জলকীয়া কেইটামানো দি পঠাইছে চাগে! এইটো এটা লোকবিশ্বাস। কোনোবাই কোনোবাই চেনি-গুৰ আদিও দি পঠায়। মহেন্দ্ৰৰ বহুত দিন হ'ল, চাইকেল চলোৱা নাই। তাতে মোনা দুটাৰ অসমতুল ভৰৰ বাবে চাইকেলখনে এফালে টানি নিয়াৰ দৰে কৰিছে। কেৰিয়াৰখন নথকাৰ বাবে পোনাকণকো আগফালৰ ফ্ৰেমতে বহাবলগীয়া হ'ল। কিছুমান চাইকেলত সৰু লৰা-ছোৱালী উঠাবলে ফ্ৰেমতে সৰু চিট্ এটা থাকে। এইখনত তাকো নাই। গতিকে বহুতে গাৰু এটা, গামোচা বা অইন কাপোৰেৰে বান্ধি লয়। সেইটোও কৰিবলে নহ'ল। শিলগুটি দিয়া ৰাস্তা। মাটিৰপৰা ওলাই থকা এফলীয়া ইটাবোৰত পৰিলেই চাইকেলখন একেবাৰে জঁপিয়াই উঠে। বেচেৰা পোনাকণৰ বৰ কষ্ট হৈছে। সি ফ্ৰেমত কাতি হৈ বহিবও নাজানে। অলপ আগতে স্কুলৰপৰা আহোঁতে এৰি থৈ অহা জেগাবোৰ পুনৰায় দেখা পাবলৈ ধৰিলে। সেয়া, তপন দোকানৰ কাষৰ বাঁহজোপাৰ তলত 'টুৱেন্টি নাইন' চলিয়ে আছে। ৰিজুৰ মাক আৰু বৰানীৰ জেওৰাৰ দুয়োপাৰৰ মেলখন সামৰিবই হোৱা নাই। বাটতে লগৰ দুটামানক দেখি তাৰ লাজকুৰীয়া মুখখন প্ৰকট হৈ পৰিছে। সিহঁতে বোধহয় টিভি চাবলৈ যায়। কাৰণ, এঘৰত 'জুনিয়ৰ-জি' বোলা ধাৰাবাহিকখন 'ফুল-ভলিউম'ত লগাই থৈছে। হয়তো, আজি শনিবাৰ নহয় জানো ? “বাহ,কি মজা! কাইলৈ বিষ্ণুপুৰাণ, শক্তিমান, আবেলিলৈ চিনেমা”। পিছে, চিনেমা এখনো সম্পূৰ্ণকৈ চাবলৈ নাপায়। পাঁচ বাজিল কি নাবাজিল, মাকে চিৰিপনি এডাল লৈ বিচাৰি যাব। মুখেৰে ভোৰভোৰাই আহিব, “তোৰ ঘৰলৈ আহিবলে হ'লনে ? টিভি চাবলে পালে ভোক-খঁক নোহোৱা হয়। ৰাতি হ'লে টোপনিয়াবি”। টিভি চোৱাৰ মাজৰপৰাই কোনোবাই দেখুৱাই দিয়ে, “ঐ পোনাকণ, মাৰে আহিছে, লুকা লুকা”। এৰা, ঘৰত টিভি নহ'লে বৰ বেয়া দেই। ইমানখিনি সময় মহেন্দ্ৰৰ মাত এষাৰো নাই। পোনাকণে ভাবিছিল, একো নুসুধিলেও তাক অন্ততঃ নাম, কোন শ্ৰেণীত পঢ়ে তেনেজাতীয় দুই-এটা প্ৰশ্ন কৰিব বুলি। এতিয়া সেয়াতো বাদেই,“বহোঁতে কিবা অসুবিধা পাইছনি ?” বুলিও সোধা নাই। ইমান গহীন মানুহ আগতে দেখা তাৰ মনত নপৰে। মানুহটোৰ তেজগোড়া চকুহালে আৰু গোমোঠা স্বভাৱে তাক অস্বস্তিত পেলাইছে। সি কেৰাহিকৈ এবাৰ মহেন্দ্ৰৰ মুখলৈ চালে। চুলিবোৰ ৰং কৰা ৰঙা, মোচকোছাত পক ধৰিছে, গালে-মুখে বয়সৰ আঁচোৰ। সি বিবুধিত পৰিল।
মহেন্দ্ৰই চাইকেলখন পুৰণা বেংকৰ সন্মুখতে ৰখালে। তাৰ পাছত পোনাকণলৈ চাই মতা পাতিহাঁহৰ দৰে ফিচফিচীয়া মাত এটাৰে ক'লে,
“নাম”। হয়। নাম সোধা নাই! নামিবলৈহে কৈছে।
চাইকেলৰপৰা নামিয়েই তাৰ ভৰি দুখন লেতু-সেতু হৈ গ'ল। ইমানপৰ একেৰাহে বহি থকা, জিনজিনাই গৈছেগৈ। তলুৱা দুখন তিতি, ছেণ্ডেলত লাগি থকা ধূলিবোৰৰ সৈতে একাকাৰ হৈ গৈছে। ছেণ্ডেলযোৰত পাতলকৈ বোকাৰ চামনি এটা পৰিল। তলুৱাখন পিছল হ'ল। সি লাহেকৈ জেপ দুটাত হাত ভৰালে। দুয়োটা জেপৰে ফুটা অতিক্ৰম কৰি আঙুলিকেইটা কৰঙনৰ চুকত লাগিলগৈ। সুলকিব খোজা পেন্টটো পুনৰ উজুৱাই ৰাস্তাৰে যোৱা গাড়ী চাবলৈ লাগিল। হাইস্কুল ছুটী দিছে। গাড়ীত উঠিবলৈ ৰৈ থকা ছোৱালীমখাৰ মাজত পোনাকণে তাইৰ বায়েককো দেখা যেন লাগিল। কিবা কিনিবলে আহিছিল চাগে এইফালে। মহেন্দ্ৰই চাইকেল থ'বলৈ ঠাই বিচাৰি পোৱা নাই। মোনাকেইটা নমাই তিনিআলিৰ বৰগছজোপাতে আঁওজাই থ'লে।
মহেন্দ্ৰই বিশেষ ভংগিমা এটাৰে পিছফালৰ পকেটৰপৰা কিবা উলিয়াব খুজিলে। প্ৰথমে, ৰুমালখন ওলাই আহিল। ৰুমাল নহয় যেন, ডাষ্টবিনলৈ দলিয়াব পৰা বগা কাগজ এখিলা। ভালকৈ জাপি-কুচি থ'ব নজনা এই অভ্যাসটো তাৰ বাপেকৰো আছে। পোনাকণে অন্যমনস্কৰ দৰে অইন এফালে মুখ ঘূৰালে। তথাপি তাৰ কেৰাহি চকুৰে দৃশ্যটো চাই থাকিল। তাৰ বুকুৰ ধপধপনি বাঢ়িছে। মহেন্দ্ৰই ৰুমালখন সোঁ পকেটত ভৰালে। “এইবাৰ আকৌ পিছ পকেটলৈ হাত নিছে ! কি কিনে বা ! বিস্কুট-চানা, নাল লগা মৰ্টনৰ দোকানখন আগতেই থাকি আহিল নহয়। কিবা কিনিবলে মন থাকিলে তাতেই ৰখাব লাগিছিল। এতিয়া আকৌ ঘূৰিব লাগিব। ছেহ্! আগতে কৈ থোৱা হ'লে ময়ে মনত পেলাই দিব পাৰিলোঁহেঁতেন”।
তাৰ সন্মুখত ৰখাই থোৱা 'ফ'ৰ-জিৰ'-ছেভেন'খন ষ্টাৰ্ট দিলে। অত দেৰি ঘেৰঘেৰাই থকা ইঞ্জিনটো আৰু হেণ্ডিমেনৰ 'ক'ত যাব, ক'ত যাব' টাইপৰ চিঞৰ-বাখৰবোৰো লাহে লাহে নোহোৱা হ'ল। সেইখন তাৰ আপায়েকৰ ঘৰলৈ যোৱা ধোদৰ আলিত চলালে হাতীৰ পিঠিত উঠি খাল-বিল এসোপামান পাৰ হোৱা নিচিনা লাগে ! মহেন্দ্ৰ ৰাস্তাৰ ইটো পাৰে থকা গুমটি দোকানখনৰপৰা ওলাই এইটো পাৰে ৰৈ থকা পোনাকণৰ ওচৰ পালেহি।
“ঘৰলে যাগে যা। মাৰে চিন্তা কৰিব। মেইন ৰাস্তাত চলাব পাৰনে ?”
“মায়ে আপুনি গাড়ীত নুঠালেকে ৰৈ থাকিবলে কৈছে”।

(বি. দ্ৰ. : গল্পটোৰ চৰিত্ৰসমূহৰ কথা-বতৰাত উজনি অসমৰ কথিত ঠাঁচৰ প্ৰভাৱ পৰিছে।)

Share Button
Print Friendly, PDF & Email

No Comments : "বকচিচ"

Leave a Comment

Your email address will not be published. Required fields are marked *