অতিথি সম্পাদকৰ চ'ৰাষষ্ঠ সংখ্যা (প্ৰথম বছৰ)

বৈ আছে নিৰৱধি তেজ – (স্নেহাংকৰ)

যুদ্ধাস্ত্রৰ এৰেহাৰে বাঢ়ে
ভোকৰ ভাত শাক পাচলি

বর্ণান্ধ ৰাষ্ট্রই দেখুৱাব বিচাৰে
সেউজীয়াৰ সপোন

মৰীচিকা খেদি নিথৰ হয়
ঘর্মাক্ত সতেজ শৰীৰ

বাঢ়ি যায় সংখ্যা
বহুতৰপীয়া হিচাপ সূচকাংক…

বিষ মিহলি হয়
কোঁহ মেলা পাতত
নিষ্পাপ গুলপীয়া আঙুলিবোৰ
নীলা পৰি আহে…
অথচ
পুৱাৰ আকাশ উজলাবলৈ
দীঘল ৰাতিৰ এন্ধাৰৰ সিৰাইদি
বৈ আছে তেজ নিৰৱধি

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *