মৌলবাদ, সাম্প্ৰদায়িকতাবাদ আৰু অন্যান্য প্ৰসংগ : এক বিক্ষিপ্ত পৰ্যালোচনা

জিতেন বেজবৰুৱা

(যোৱা সংখ্যাৰ পিছৰপৰা)

৯/১১ত আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত অল কায়দাই চলোৱা বিমান আক্ৰমণৰ পাছত পৃথিৱীজুৰি মৌলবাদৰ বাগধাৰাটোৱে বিস্তৃতি আৰু নতুন ৰূপ লাভ কৰিছে : এই প্ৰেক্ষাপটত মৌলবাদ অভিধাটো ইছলামিক মৌলবাদৰ একপ্ৰকাৰে একচেটিয়া সম্পত্তি হৈ পৰিছে আৰু তাৰ লগে লগে বিশেষকৈ ইউৰোপ-আমেৰিকাত তীব্ৰ ইছলাম-বিদ্বেষে সুদৃঢ় আৰু প্ৰাতিষ্ঠানিকীকৃত ৰূপ পৰিগ্ৰহ কৰিছে। মৌলবাদৰ চৰিত্ৰৰ অনুধাৱন কৰিবলৈ যাওঁতে এই প্ৰেক্ষাপট মনত ৰখা দৰকাৰ। প্ৰশ্ন কৰিব পাৰি, মৌলবাদী কোন? –‘It is the different Other who is ‘fundamentalist’.’ কিহক বা কাক মৌলবাদী বুলি অভিহিত কৰা যাব সেয়া নিৰ্ভৰ কৰিব সংজ্ঞাদাতাৰ সামাজিক আৰু মতাদৰ্শগত অৱস্থানৰ ওপৰত। জয় এম. হেৰিছে সেয়ে মৌলবাদক অভিহিত কৰিছে ‘demonized creation of the modernist’ বুলি। কোনোবা গোষ্ঠীক মৌলবাদী বুলি অভিহিত কৰোতে সাধাৰণতেই মৌলবাদৰ সৃষ্টিৰ বাবে দায়ী বিশেষ ঐতিহাসিক পৰিস্থিতিটোক আওকাণ কৰা হয়, কিয়নো এই সংজ্ঞায়নৰ আঁৰত নিহিত হৈ থাকে লক্ষ্য গোষ্ঠীটোক কণ্ঠৰুদ্ধ কৰা, নস্যাৎ কৰা আৰু প্ৰান্তীয়কৰণ কৰাৰ ৰাজনৈতিক স্বাৰ্থ –এনে ক্ষেত্ৰত মৌলবাদৰ সংজ্ঞায়ন হৈ পৰে ৰাজনৈতিক আধিপত্য বিস্তাৰণৰ এক ৰণকৌশল। (উপৰোক্ত গ্ৰন্থ, পৃ. ৫০) এইখিনিতে দোহাৰি থ’ব খুজিছো যে ভাৰতীয় বাস্তৱতাৰ সৈতে বহু কথা মিলি পৰিলেও আমি যিখন কিতাপৰ ভিত্তিত এই কথাকেইটা লিখিছো সেইখন ভালেকেইজন কানাডিয়ান গৱেষকৰদ্বাৰা লিখিত কিতাপহে য’ত ভাৰতৰ কোনো উল্লেখেই নাই।

ইতিমধ্যে কোৱা হৈছে যে আধুনিকতাৰ বিৰোধিতা কৰিলেও আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ সজ্জাটো তথা তাৰ ৰাজনৈতিক-মতাদৰ্শগত সঁজুলিসমূহ বিভিন্ন মৌলবাদে গ্ৰহণ কৰে আৰু নিজৰ উদ্দেশ্যত ব্যৱহাৰ কৰিব খোজে। এইক্ষেত্ৰত মৌলবাদৰ ফেছিবাদৰ সৈতে অংগাংগী সম্পৰ্ক উনুকিওৱা প্ৰয়োজন; ফেছিবাদী ৰাষ্ট্ৰৰ প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়াত ই প্ৰধান মতাদৰ্শগত শক্তি হিচাপে কাম কৰিব পাৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বে ইউৰোপত সংঘটিত সুসংগঠিত আৰু চৰমপন্থী সোঁপন্থী আন্দোলনটোৱে ফেছিবাদৰ উত্থানত গুৰুত্বপূৰ্ণ অৱদান যোগোৱাৰ কথা সৰ্বজনবিদিত। জে. এম. স্ব’মলিয়ে লিখিছে : ‘The purpose of these radical religious demands is not to improve morality or end secularism but to merge the power functions of the state with a particular religious expression and therefore lay the groundwork for a theocracy.’ (উপৰোক্ত গ্ৰন্থ, পৃ. ৫) কিন্তু এইটো ভাবিলে ভুল হ’ব যে একবিংশ শতিকাৰ ফেছিবাদ ১৯৪০ৰ দশকৰ ফেছিবাদৰ দৰে একে হ’ব। পৰিবৰ্তিত ৰাজনৈতিক পৰিস্থিতিত ই হয়তো এক গণতান্ত্ৰিক পৰিসৰৰ ভিতৰত থাকিয়েই কাম কৰিব পাৰে। সি যি নহওক, তাৎপৰ্যপূৰ্ণ কথা এয়ে যে এক ‘গৌৰৱময় আৰু পবিত্ৰ অতীত’, এক ‘অৱক্ষয়িত বৰ্তমান’ আৰু এক ‘ইউটোপীয় ভৱিষ্যৎ’ – এই লক্ষণসমূহ মৌলবাদ আৰু ফেছিবাদ উভয়তে দেখা যায়; জাতীয়তাবাদী আন্দোলনৰো সেয়াই ৰেট’ৰিক।

মৌলবাদ কেৱল এটা ৰাজনৈতিক মতাদৰ্শই নহয়, ইয়াৰ এক নৈতিক আয়তনো আছে। নৈতিক ব্যৱস্থা হিচাপে ই অনুসৰণকাৰীসকলৰপৰা প্ৰশ্নহীন আনুগত্য দাবী কৰে। লগতে ই ছহিদি আৰু হিংসাৰ প্ৰতি নৈতিক অনুমোদন আগ বঢ়ায়। এই বৈশিষ্ট্য জাতীয়তাবাদতো পৰিলক্ষিত হয়।

মৌলবাদৰ প্ৰক্ৰিয়াটো একপ্ৰকাৰ দ্বৈতবাদৰ ওপৰত বৰ্তি থাকে : শুদ্ধ বনাম ভুল, শুভ বনাম অশুভ – এই বৰ্গসমূহ নিৰ্ণয় আৰু প্ৰতিষ্ঠা কৰে এলিট গোটটোৱে। ভবা হয় যে এই গোটটোৱে উক্ত বৰ্গসমূহৰ অন্তৰ্বস্তু সম্বন্ধে জানে, আৰু তেওঁলোকে সেইসমূহৰ ক্ষেত্ৰত বিচাৰকৰ ভূমিকা পালন কৰে আৰু শুদ্ধ বিধি লংঘন কৰাসকলৰ ওপৰত শাস্তিৰ বিধান দিব পাৰে। এইদৰে পৰিচিতিৰ পৰিসীমাৰ ভিতৰছোৱাত অখণ্ড মতাদৰ্শগত নিয়ন্ত্ৰণ বৰ্তাই ৰখা হয়।

মৌলবাদৰ সৈতে আধুনিকতাৰ সম্পৰ্ক কেনেধৰণৰ? মৌলবাদ এক প্ৰকৃতাৰ্থতেই আধুনিক প্ৰপঞ্চ – এই অৰ্থত যে ই আধুনিক, জটিল সমস্যাসমূহৰ প্ৰাচীন, সৰল সমাধান আগ বঢ়াবলৈ যত্ন কৰে। ৰুথভেনৰ ভাষাত : ‘. . . they feed on contemporary alienation or anomie by offering solutions to contemporary dilemmas, buttressing the loss of identities sustained by many people (especially young people) at times of rapid social change, high social and geographical mobility, and other stress-inducing factors.’ (পূৰ্বোক্ত গ্ৰন্থ, পৃ. ১২৫) এন্সন ছুপে আৰু জেফ্ৰি কে. হেড্ডেনে Secularization and Fundamentalism Reconsidered গ্ৰন্থত দেখুওৱাৰ দৰে, আধুনিকীকৰণ তথা ছেকুলাৰকৰণৰ প্ৰক্ৰিয়াটো এটা একমুখী প্ৰক্ৰিয়া নহয়, বৰং ই এক জটিল দ্বান্দ্বিক প্ৰক্ৰিয়াৰ অংশহে : আধুনিকীকৰণৰ অৰ্থনৈতিক আৰু ছেকুলাৰ শক্তিসমূহৰ নিজৰ মাজতেই প্ৰতিক্ৰিয়াৰ সেই বীজ লুকাই থাকে যি সমূহীয়া জীৱনৰ কেন্দ্ৰবিন্দুলৈ ধৰ্মক পুনৰ ঘূৰাই আনিব পাৰে। (পূৰ্বোক্ত গ্ৰন্থ, পৃ. ১২৭) ‘The Politics of Secularism and the Recovery of Religious Tolerance’ শীৰ্ষক ৰচনাত (একাধিক সংকলনত সংকলিত) আশিস নন্দীয়ে ঠিক একেটা কথাকে দোহাৰিছে। ‘বিশ্বাস হিচাপে ধৰ্ম’ (religion-as-faith) আৰু ‘মতাদৰ্শ হিচাপে ধৰ্ম’ (religion-as-ideology) – এই দুটাৰ মাজত মাজত তেওঁ সীমাৰেখা টানিছে : প্ৰথমটো হ’ল এটা জীৱনপ্ৰণালী হিচাপে ধৰ্মৰ ভূমিকা যিটো বাস্তৱিকতে বহুত্ববাদী আৰু সহনশীল, দ্বিতীয়টো হ’ল মূলতঃ ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাৰ্থৰ খাতিৰত ধৰ্মবিশ্বাসীসকলক সংগঠিত কৰাৰ মতাদৰ্শ। প্ৰথমটো পৰম্পৰাগত, দ্বিতীয়টো আধুনিকতাৰ পটভূমিত সৃষ্ট। তেওঁ লিখিছে যে ছেকুলাৰিজমৰ ৰাজনীতি আধুনিক ৰাষ্ট্ৰৰ শৃংখলাসমূহ গঠনৰ (formation of modern state practices) সেই একেটা প্ৰক্ৰিয়াৰে অংশ যিটোৱে ‘মতাদৰ্শ হিচাপে ধৰ্ম’ৰ বিকাশ ঘটায়।

এইখিনিতে আমি ডঃ হীৰেন গোহাঁইৰ এটা বক্তব্য পুনৰ উল্লেখ কৰিব খুজিছো। ‘আত্মবিস্মৃত ইছলাম’ শীৰ্ষক লেখাত (আত্মবিস্মৃত ইছলাম আৰু অন্যান্য প্ৰবন্ধ গ্ৰন্থত সন্নিৱিষ্ট) তেওঁ ইছলামিক মৌলবাদ তথা মুছলমান সমাজত ক্ৰমবৰ্ধমান ধৰ্মীয় গোড়ামিৰ বিষয়ে বিশদ আলোচনা দাঙি ধৰিছে, যাৰ মূল কাৰণ হিচাপে মূলতঃ সাম্ৰাজ্যবাদী শক্তিৰ ষড়যন্ত্ৰমূলক ৰাজনীতি আৰু মুছলিম সমাজত ধৰ্মান্ধ উলেমাৰ ক্ৰমবৰ্ধমান প্ৰতিপত্তিৰ কথা উল্লেখ কৰিছে। (উপৰোক্ত ‘অসমত জেহাদী’ লেখাও এই ক্ষেত্ৰত দ্ৰষ্টব্য।) সামৰণিত তেওঁ লিখিছে :

‘এই পৰিস্থিতিৰ এপিনে যদি আছে মাৰ্কিন প্ৰমুখ্যে সাম্ৰাজ্যবাদীৰ নিপীড়ন আৰু দম্ভ, আনপিনে আছে ধৰ্মান্ধ ধৰ্মজ্ঞৰ শিক্ষা –যি শিক্ষাই জ্ঞানৰ চকু মোকলাব নোৱাৰে, বৰং তাক চিৰকাললৈ অন্ধ কৰি দিয়ে। আৰু সেয়ে সাম্ৰাজ্যবাদী নিপীড়নৰ বিৰুদ্ধে সংগ্ৰামৰ প্ৰকৃত পথ বিচাৰি ল’ব নোৱাৰি হেজাৰ-বিজাৰ মুছলিম যুৱক-যুৱতীয়ে বেলেগ ধৰ্মৰ নিৰীহ মানুহ নিষ্ঠুৰভাৱে বলি দি (বা ইছলামৰ বিষয়ে বেলেগ মত পোষণ কৰা, বেলেগ ৰীতি-নীতি মানি চলা মুছলিমকো বলি দি) ইছলামক ৰক্ষা কৰিব খোজে।

‘ইছলাম এইদৰে ৰক্ষা নহয়, এনেদৰে ইছলাম নিজেই নৰকৰ দুৱাৰ হৈ পৰে।’ (উক্ত গ্ৰন্থ, পৃ. ১১-১২)

-ইছলামিক মৌলবাদ আৰু ক্ৰমবৰ্ধমান ধৰ্মীয় গোড়ামিৰ ব্যাখ্যাটো সম্পূৰ্ণ হ’বলৈ হ’লে ইয়াত নিঃসন্দেহে আধুনিকতাৰ প্ৰশ্নটো যোগ দিব লাগিব। কৰ্মসূচী তথা শাস্ত্ৰীয় গুৰিগছ হিচাপে প্ৰাক-আধুনিক ইছলামিক পুনৰুত্থানবাদী আন্দোলনসমূহৰ মাজত ইছলামিক মৌলবাদৰ শিপা বিচাৰি পোৱা যায়, কিন্তু মতাদৰ্শ হিচাপে এই মৌলবাদ পূৰাপূৰি আধুনিক আৰু শেহতীয়া। আভ্যন্তৰীণ ভাঙোন আৰু ইউৰোপীয় ঔপনিবেশিকতাবাদ-সাম্ৰাজ্যবাদৰপৰা মুক্ত হৈ মুছলমান দেশসমূহে বিংশ শতিকাৰ প্ৰথমভাগত ছেকুলাৰ জাতীয়তাবাদক আঁকোৱালি লৈছিল। জাতি ৰাষ্ট্ৰ, পশ্চিমীয়া আৰ্হিৰ শিক্ষা, পশ্চিমীয়া ৰাজনৈতিক গাঁথনি আদিৰ মাধ্যমেৰে আধুনিকতাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি মুছলমান সমাজসমূহে আধুনিক পৃথিৱীত নিজৰ বাবে স্থান উলিয়াই ল’বলৈ চেষ্টা কৰিছিল। আধুনিকতাৰ এনেকুৱা বহুখিনি উপাদানেই আচলতে আছিল পূৰ্বৰ ঔপনিবেশিক যুগৰপৰা উত্তৰাধিকাৰসূত্ৰে পোৱা, কিন্তু এতিয়া সেইসমূহৰ প্ৰসাৰ আৰু পৰিচালনাৰ দায়িত্ব ল’লে থলুৱা শাসকীয় এলিট গোষ্ঠীয়ে। সমাজৰ পৰম্পৰাগত সংৰক্ষণশীল উপাদানসমূহৰ প্ৰতিৰোধ সত্ত্বেও এই প্ৰক্ৰিয়াৰ জৰিয়তেই সমাজসমূহে পশ্চিমীয়া উন্নত জাতিসমূহে উপভোগ কৰি থকা অৰ্থনৈতিক আৰু ৰাজনৈতিক সুফলসমূহ আহৰণ কৰিবলৈ যত্ন কৰিছিল। কিন্তু ষাঠিৰ দশকত ঘটা ৰাজনৈতিক সংকটে ছবিখন সলনি কৰি পেলাইছিল। ১৯৬৭ চনত এফালে ইজৰাইল আৰু আনফালে ইজিপ্ট, জৰ্ডান আৰু ছিৰিয়াক লৈ গঠিত জোঁটৰ (যিটোৰ নেতৃত্ব দিছিল ছেকুলাৰ জাতীয়তাবাদৰ প্ৰতিমূৰ্তিস্বৰূপ ইজিপ্টৰ জনপ্ৰিয় নেতা গামাল আব্দল নাছেৰে) মাজত হোৱা ‘ছদিনীয়া যুদ্ধ’ত আৰব শক্তিটোৰ অপমানজনক পৰাজয় ঘটিছিল। এই ছদিনীয়া যুদ্ধক আৰব জগতত আখ্যা দিয়া হয় The Disaster বুলি, কিয়নো ই আছিল আধুনিক মুছলমান সমাজসমূহত দেখা দিয়া গভীৰ সংকটৰ এক ইংগিতবাহক। প্ৰথমতে, আধুনিক পৃথিৱীত নিজৰ বাবে এক মূল্যৱান আৰু স্বাধীন স্থান উলিয়াই ল’ব নোৱাৰি সমাজসমূহে একপ্ৰকাৰ পৰিচয়-সংকটত ভুগিছিল। ছেকুলাৰ জাতিৰ মডেলটোৱে ভবাধৰণে কাম কৰা নাছিল; দুৰ্নীতি আৰু অপশাসনে সমাজসমূহক জুৰুলা কৰিছিল। দ্বিতীয়, পাশ্চাত্যৰ প্ৰতি এক মৰ্মান্তিক মোহভংগও ইয়াৰ লগতে ঘটিছিল। পশ্চিমীয়া মিত্ৰশক্তিবোৰৰ প্ৰতিশ্ৰুতিসমূহ ফোঁপোলা যেন প্ৰতিপন্ন হৈছিল, আনকি সেইবোৰ পশ্চিমীয়া নিয়ন্ত্ৰণ বৰ্তাই ৰখাৰ ছদ্মবেশমাত্ৰ বুলিও ভবা হৈছিল। তদুপৰি ইজৰাইলৰ প্ৰতি পশ্চিমৰ পক্ষপাতদুষ্ট সমৰ্থনক পশ্চিমৰ দ্বিচাৰিতা বুলি গ্ৰহণ কৰা হৈছিল। বিশেষভাৱে আমেৰিকাৰ ভিন ভিন দেশৰ প্ৰতি বৈষম্যমূলক আচৰণ আৰু অনাহূত হস্তক্ষেপৰ ৰাজনীতিয়ে পৰৱৰ্তী সময়ত পশ্চিমীয়া দ্বিচাৰিতাৰ এই ধাৰণা বদ্ধমূল কৰি তুলিছিল। এনে এক উৰ্বৰ সামাজিক প্ৰেক্ষাপটতে পাশ্চাত্য-প্ৰদত্ত আধুনিক ধাৰণাসমূহৰ বিপৰীতে সমাজ-ৰাজনৈতিক সংকটৰ ইছলামিক ব্যাখ্যাই প্ৰসাৰ লাভ কৰে :

‘The reason for this decline, from a religious perspective, was either that Islam had failed Muslims because it is an outmoded religion, or that Muslims had failed Islam, being seduced away from it by the empty promises of modernism. It is the second explanation that was increasingly embraced.’ (Contesting Fundamentalisms, p. 67)

কিন্তু ছাড ইডেন ইব্ৰাহিমৰ অধ্যয়নে দেখুৱাইছে যে জংগী ৰূপৰ চূড়ান্ত মৌলবাদে মুছলমান সমাজৰ প্ৰান্তীয়কৃত আৰু দৰিদ্ৰ চামটোক সাধাৰণতে আকৰ্ষণ কৰিব নোৱাৰে। ই মূলতঃ ঊৰ্ধমুখী সামাজিক গতিশীলতাৰ প্ৰাথমিক স্তৰত থকা শিক্ষিত আৰু উদ্যমী যুৱক চামটোৰ ওপৰতে নিৰ্ভৰ কৰে। (উপৰোক্ত গ্ৰন্থ, পৃ. ৭২) শেহতীয়াভাৱে নগৰীয়াকৃত গ্ৰাম্য প্ৰব্ৰজনকাৰীসকল, আৰু ক্ষুদ্ৰ ব্যৱসায়ী আৰু দোকানীৰে গঠিত ধৰ্মীয়ভাৱে তৎপৰ মধ্যবিত্ত শ্ৰেণী – এই দুটা গোটেই মৌলবাদী মতাদৰ্শৰ সমৰ্থনৰ ঘাই ভিত্তি। (Ruthven, p. 91) কিন্তু ঘাই নেতাসকল হয়তো প্ৰধানতঃ অভিজাত শ্ৰেণীৰপৰা অহা উচ্চশিক্ষিত ব্যক্তি। ওছামা বিন লাডেন তাৰ এক উৎকৃষ্ট উদাহৰণ।

3_JITEN_moulabadএতিয়া আমি চাব খুজিছো মৌলবাদৰ সৈতে জাতীয়তাবাদৰ সম্পৰ্ক কেনেকুৱা আৰু কেতিয়াবা জাতীয়তাবাদে নিজেই মৌলবাদৰ ৰূপ ধাৰণ কৰিব পাৰে নেকি। এন্থনি স্মিথে National Identity গ্ৰন্থত ক’বৰ দৰে, জাতীয়তাবাদ বস্তুটো তেজপিয়াৰ দৰে যি পৰিস্থিতি অনুসৰি বেলেগ বেলেগ বৰণ ল’ব পাৰে। সাধাৰণভাৱে দেখাত জাতীয়তাবাদ আৰু মৌলবাদ দুটা সম্পূৰ্ণ বিপৰীত আৰু বিৰোধী মতাদৰ্শ। আৰব জগতলৈ চালে দেখা যায় মৌলবাদীসকলৰ সৈতে জাতীয়তাবাদীসকলৰ পোনপটীয়া সংঘাত। মৌলবাদীসকলৰ দৃষ্টিত জাতীয়তাবাদীসকল হ’ল ‘infidels’ বা ‘man-worshippers’ যিসকলে যুক্তিৰ সাৰ্বভৌমত্ব আৰু স্বায়ত্ততা তথা মানুহৰ perfectibilityত বিশ্বাস কৰে : গতিকে ৰাজনৈতিক ইছলামৰ উদ্দেশ্য হ’ল ‘freedom, under God, from the dominion of man over man’. সেইবাবে মৌলবাদীসকলৰ আদৰ্শ ৰাজনৈতিক মডেল হ’ল ইছলামৰ গৌৰৱময় যুগৰ খলিফাতন্ত্ৰ। কিন্তু বাস্তৱ ক্ষেত্ৰত কথাটো কিছু বেলেগ; ৰুথভেনে ক’বৰ দৰে – ‘In the Islamic world especially, nationalisms and fundamentalisms bleed into each other and overlap’. তেওঁ উপৰোক্ত গ্ৰন্থত ‘Fundamentalism and Nationalism’ শীৰ্ষক দুটা অধ্যায়ত এই প্ৰসংগত বহলাই আলোচনা কৰিছে। ‘Far from being counternationalist, as argued by some scholars and ideologists, the fundamentalist argument that God rewards righteousness in terms of national success and this-worldly prosperity is one that chimes in perfectly with nationalist aims.’ মাৰ্কিন মৌলবাদীসকলেতো মৌলবাদ আৰু দেশপ্ৰেমৰ মাজত কোনো পাৰ্থক্যই দেখা নাপায়। উদাহৰণস্বৰূপে আমি মৌলবাদী তথা ৰাজনৈতিক নেতা পেট ৰবাৰ্টছনৰ বক্তব্য উল্লেখ কৰিব পাৰো। তেওঁৰ মতে, মাৰ্কিন উচ্চতম ন্যায়ালয়ে বিদ্যালয়ত ধৰ্মপ্ৰাৰ্থনা নিষিদ্ধ কৰি ঈশ্বৰক অপমান কৰাৰ বাবেই আমেৰিকাৰ যুদ্ধত পৰাজয় ঘটিল, এজন ৰাষ্ট্ৰপতি হত্যাকাণ্ডৰ বলি হ’ল আৰু এজনে পদত্যাগ কৰিবলগা হ’ল, আমেৰিকাৰ সৈতে বাণিজ্যত বিদেশী শক্তিসমূহে অধিক মুনাফা অৰ্জন কৰিলে আৰু দেশখন ধাৰত পোত গ’ল। ন্যায়ালয়ে গৰ্ভপাতৰ অধিকাৰ স্বীকাৰ কৰি লোৱাৰ মাধ্যমেৰে হত্যাকাণ্ডক ন্যায্যতা প্ৰদান কৰাৰ ফলস্বৰূপে আমেৰিকাই OPEC গোটৰ দেশসমূহৰ দয়াৰ পাত্ৰ হ’বলগা হ’ল; মদ, মাৰিজুৱানা, ক’কেইন, অবাধ যৌনতা, পপ সংস্কৃতি আদি হাজাৰটা অপসংস্কৃতিয়ে মাৰ্কিন কিশোৰ-যুৱচামক গ্ৰাস কৰিবলৈ ধৰিলে। এতিয়া একমাত্ৰ ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈহে জাতিটোক ৰক্ষা কৰিব পৰা যায়।

ইছলামিক মৌলবাদীসকলে জাতি বা দেশৰ পৰিবৰ্তে বিশ্বব্যাপী মুছলমান সম্প্ৰদায় বা ‘উম্মা’ৰ প্ৰতিহে মুছলমানসকলৰপৰা আনুগত্য বিচাৰে; কিন্তু ‘In practice, the logic of circumstances and the interplay of local ethnicities and regional rivalries ensure that the energies of Islamist movements are directed towards the attainment of power within existing Muslim states or communities.’ এই দিশসমূহ বিবেচনা কৰিয়েই মাৰ্ক জুৱেৰগেন্সমেয়াৰে ইয়াক মৌলবাদ নুবুলি ‘ধৰ্মীয় জাতীয়তাবাদ’ বুলিহে অভিহিত কৰিছে। (The New Cold War? Religious Nationalism Confronts the Secular State গ্ৰন্থত) ইছলামিক ৰাজনৈতিক চিন্তা আৰু প্ৰচেষ্টাত ৰাষ্ট্ৰক প্ৰধান কাঠামো হিচাপে বিবেচনা কৰাটোৱে প্ৰকৃততে ইছলামৰ ধ্ৰুপদী যুগত বিকশিত শাসনকাৰ্যৰ তত্ত্বসমূহৰপৰা প্ৰস্থানকে সূচায়। ই হ’ল ইছলামবাদ, উদাৰতাবাদ, জাতীয়তাবাদ, সমাজবাদ, আৰু ‘জাতীয়’ ৰাজনৈতিক প্ৰক্ৰিয়াসমূহত ইছলামিক আন্দোলনসমূহৰ এংগেজমেণ্টৰ পাৰস্পৰিক সংঘৰ্ষ আৰু দ্বন্দ্ব-বিৰোধৰ ফচল। (Ruthven, p. 90)

আমি কৈছিলো যে বিংশ শতিকাৰ ত্ৰিছৰ দশকতে মাৰ্কিন সমাজত খ্ৰিষ্টান মৌলবাদৰ একপ্ৰকাৰ প্ৰান্তীয়কৰণ ঘটিছিল। এতিয়া চোৱা যাওক মাৰ্কিন জাতীয়তাবাদে কিদৰে মৌলবাদৰ বিভিন্ন উপাদান আৰু ধৰ্মীয় প্ৰতীকীবাদ আত্মস্থ কৰি একধৰণৰ ছদ্মবেশী মৌলবাদ হিচাপে আধিপত্য বিস্তাৰ কৰি আছে। জোৱান জাফেয়ে ‘With Us or With the Terrorists: American Hyperpatriotism as Fundamentalism’ ৰচনাত (Contesting Fundamentalisms) লিখিছে : ‘In the case of the United States, the central fundamentalist identity today revolves around the tightly woven together religions of right-wing Protestantism and the patriotic American civil religion.’ আমেৰিকান জাতীয় পৰিচিতিত ধৰ্মীয় উপাদান আৰম্ভণিৰেপৰা আছিল। আমেৰিকাৰ প্ৰথম বাসিন্দাসকলে পুৰণি পৃথিৱীখনৰ ধৰ্মীয় গোড়ামিৰপৰা মুক্ত হৈ এখন নতুন পৃথিৱী গঢ়িব বিচাৰিছিল, আৰু, জেফাৰছনৰ ভাষাৰে ক’বলৈ গ’লে, এখন ‘wall of separation’এৰে গিৰ্জাৰপৰা ৰাষ্ট্ৰক সম্পূৰ্ণ পৃথক কৰি ৰখা হৈছিল প্ৰাতিষ্ঠানিক ক্ষেত্ৰত। কিন্তু তাৰ মাজতো জাতীয়তাবাদৰ হৃদিস্থলত ধৰ্মীয় উপাদান ৰৈ গৈছিল আৰু মূলসুঁতিৰ সংস্কৃতিত সি লালিত হৈছিল। আমেৰিকাৰ প্ৰথমছোৱাৰ পিউৰিটান বাসিন্দাসকলৰ এজন কটন মেথাৰে কৈছিল :

‘The New Englanders are a People of God settled in those places which were once the Devil’s territories . . . a People here accomplishing the promise of old made unto our Blessed Jesus, that He would have the Utmost parts of the Earth for His possession.’

ৰুথভেনে কৈছে যে বহল অৰ্থত মেথাৰক নিশ্চিতভাৱে মৌলবাদী বুলি অভিহিত কৰিব পাৰি। একেদৰে ভাৰ্জিনিয়াৰ মন্ত্ৰী আলেকজেণ্ডাৰ হোৱাইটেকাৰে ১৬১৩ চনত কৈছিল : ‘God hath opened this passage unto us and led us by the hand to do this work’. আনহাতে, ভাৰ্জিনিয়াৰ বাসিন্দাসকলক ঔপনিবেশিকতাবাদী জন ৰ’লফে আখ্যা দিছিল ‘a peculiar people, marked and chosen by the finger of God’ বুলি।

এই ‘আমেৰিকান ব্যতিক্ৰমবাদ’ বা ‘American exceptionalism’অৰ মতবাদটো অতীততকৈ এতিয়া অধিক বলৱান আৰু আধিপত্যশীল। ইয়াৰ মূল বিশ্বাসটো হ’ল এই যে মাৰ্কিন জাতিটো ঈশ্বৰৰদ্বাৰা নিৰ্বাচিত জাতি – যি অৰ্থনৈতিক আৰু ৰাজনৈতিক স্বাধীনতা, সকলোৰে প্ৰতি সমতা আৰু ন্যায়ৰ ক্ষেত্ৰত পৃথিৱীৰ বাকী সকলোৰে বাবে মডেলস্বৰূপ। গতিকে মাৰ্কিন জাতিৰ উদ্দেশ্য হ’ল উক্ত আদৰ্শসমূহৰ সুৰক্ষা দিয়া আৰু তাক বাকীবোৰ জাতিলৈ বিস্তাৰিত কৰা। মাৰ্কিন নাগৰিকসকলৰ মনত মাৰ্কিন জাতিৰ এটা অৱতাৰবাদী বা মেছিয়ানিক প্ৰতিমূৰ্তি প্ৰোথিত কৰি দিয়া হয় যাৰপৰা তেওঁলোকৰ ভাব হয় যে তেওঁলোকৰ জাতিটো সকলোতকৈ ব্যতিক্ৰম আৰু সকলোতকৈ নৈতিকভাৱে উচ্চতৰ। সেইবাবে তেওঁলোকে নিজৰ চৰকাৰৰ কাম-কাজৰ বিচাৰত যি নীতি প্ৰয়োগ কৰে, আন জাতিৰ চৰকাৰৰ ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ নীতি অৱলম্বন কৰে : যিটো কাম আমেৰিকাই কৰিলে মানৱ জাতিৰ কল্যাণৰ খাতিৰত উচ্চতৰ নৈতিকতাৰদ্বাৰা অনুপ্ৰাণিত হৈ কৰা বুজায়, সেই একেটা কামকে আন দেশে কৰিলে মহা অপৰাধ বুলি পৰিগণিত হ’ব পাৰে। এই মতবাদক আমি ‘নাগৰিক ধৰ্ম’ বা চিভিল ৰিলিজন বুলিব পাৰো। বিভিন্ন প্ৰতীক, আচাৰ-অনুষ্ঠান, দেশপ্ৰেমমূলক গীত আদিৰ ৰূপত এই নাগৰিক ধৰ্মটো মাৰ্কিন জীৱনত অহৰহ ক্ৰিয়াশীল হৈ থাকে। ১৯৮৪ চনতে লিখা ‘The Manufacture of Consent’ শীৰ্ষক ৰচনাখনত ন’ম চমস্কিয়ে ক’বৰ দৰে, একপ্ৰকাৰ ‘brainwashing under freedom’ পদ্ধতিৰে মাৰ্কিন সমাজত এই নাগৰিক ধৰ্মটোৰ সৰ্বাত্মক আধিপত্য টিকাই ৰখা হয়। প্ৰতিখন কাৰেন্সি নোটৰ ওপৰতে লিখা থাকে জাতীয় মূলমন্ত্ৰ – ‘In God We Trust’. জাতীয় পতাকা আদি দেশপ্ৰেমৰ প্ৰতীকসমূহৰ উপস্থিতি সৰ্বত্ৰ বিৰাজমান – বিদ্যালয়, গিৰ্জা, অডিটৰিয়াম আদি ৰাজহুৱা স্থানৰপৰা গাড়ী, ঘৰ, আনকি কোটৰ কলাৰলৈকে। এনেকৈ সম্ভৱপৰ সকলোধৰণৰ পন্থা অৱলম্বন কৰি মূলসুঁতিৰ সংস্কৃতিত এইদৰেই ঈশ্বৰ আৰু জাতিক একীভূত ৰূপত তুলি ধৰা হয়। এতিয়া আমি দুটামান উদাহৰণেৰে এই ছদ্মবেশী মৌলবাদৰ সাম্প্ৰতিক ৰূপটোৰ গম ল’ব খুজিছো। ৰাষ্ট্ৰপতি উড্ৰ’ উইলছনে আমেৰিকাক পৃথিৱীৰ সৰ্বোত্তম দেশ, এক ‘redeemer nation’ হিচাপে অভিহিত কৰিছিল যাৰ আছে - ‘the infinite priviledge of fulfilling her destiny and saving the world’. ৰোনাল্ড ৰেগানে ছোভিয়েট ৰাছিয়াক নাম দিছিল ‘the Evil Empire’. জৰ্জ ডব্লিউ. বুশ্বে কৈছিল : ‘My administration has a job to do and we’re going to do it. We will rid the world of evil-doers.’

মৌলবাদ আৰু মৌলবাদ-বিৰোধী ছদ্মবেশী মৌলবাদ – এই দুয়ো মতাদৰ্শৰে মূল ভিত্তি হ’ল এক বিপদজনক আৰু আগ্ৰাসী ‘অন্য’ৰ ধাৰণা। জাঁ পল ছাৰ্ত্ৰেই ১৯৬১ চনত ফ্ৰাঞ্জ ফানৰ The Wretched of the Earth গ্ৰন্থৰ পাতনিত লিখিছিল : ‘Not so very long ago, the earth numbered two thousand million inhabitants: five hundred million men, and one thousand five hundred million natives.’ আজিও সেই বিভাজন অটুট আছে, বৰং বহু ক্ষেত্ৰত বাঢ়িছেহে : ‘human beings’/‘natives’, ‘us’/‘them’, ‘citizens’/‘populations’. ঔপনিবেশিক যুগত সাম্ৰাজ্যবাদী শাসকৰ অধীনত দুবিধ মানুহে বাস কৰিছিল : এবিধ ‘প্ৰজা’ (subjects), আনবিধ ‘নাগৰিক’ (citizens)। দৰিদ্ৰ-পশ্চাদপদ দেশৰ ‘অলেখ’ জনসাধাৰণ আছিল প্ৰজা – যিসকলক অহৰহ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণত ৰাখিবলগা হয়, শিকাব-পৰিশীলিত কৰিবলগা হয় যাতে তেওঁলোকে অধিক উৎপাদন কৰিবলৈ সক্ষম হয় আৰু আইন-আদালতৰ প্ৰতি অধিক সন্মান জনাবলৈ শিক্ষা পায়। আনহাতে, নাগৰিকসকল হ’ল আধুনিক, পৰিশীলিত আৰু চৰকাৰী সা-সুবিধা, অধিকাৰ-মৰ্যাদা লাভ কৰিবৰ যোগ্য। কিন্তু উত্তৰ-ঔপনিবেশিক যুগৰ জাতীয়তাবাদী চৰকাৰসমূহে দেশীয় এলেকাৰ ভিতৰত বাস কৰা সকলো বাসিন্দালৈকে নাগৰিকত্বৰ অধিকাৰ প্ৰদান কৰিছিল। উন্নয়নবাদী, আধুনিকীকৰণপন্থী এই চৰকাৰসমূহে সমূহ নাগৰিককে আধুনিক পৃথিৱীৰ যোগ্য আৰু সমান নাগৰিক হিচাপে গঢ়ি তোলাৰ আঁচনি গ্ৰহণ কৰিছিল। আধুনিক শিক্ষা আৰু সৰ্বাংগীণ অৰ্থনৈতিক উন্নয়নৰ মাধ্যমেৰে নাগৰিকসকলক গণতন্ত্ৰ আৰু আধুনিকতা গ্ৰহণ কৰিব পৰাকৈ উপযুক্ত কৰি তুলিব বিচৰা হৈছিল। কিন্তু এতিয়া নব্য উদাৰবাদী শাসনৰ কালত পুনৰ ঔপনিবেশিক যুগলৈ উভতি যাব বিচৰা হৈছে। (Gyanendra Pandey, The Construction of Communalism in Colonial North India, p. 270) এতিয়া এচাম হ’ল উদ্যোগী আৰু আধুনিকতাৰ ধাৰক-বাহক ‘নাগৰিক’, আৰু আন বৃহৎ চামটো হ’ল ‘জনসংখ্যা’ (populations) যিসকল দৰিদ্ৰ, অশিক্ষিত আৰু ‘প্ৰকৃত নাগৰিক’ৰ অধিকাৰসমূহ পাবৰ অযোগ্য। এসময়ত ৰাজনৈতিক ভৱিষ্যৎ নিৰ্মাণৰ বাগধাৰাত এই ‘জনসংখ্যা’সমূহক সীমিত হ’লেও এডোখৰ স্থান দিয়া হৈছিল; কিন্তু এতিয়া ৰাষ্ট্ৰই উগ্ৰ প্ৰতিশোধপৰায়ণতাৰে তেওঁলোকক নৈতিক আৰু ৰাজনৈতিকভাৱে মূলোৎপাটিত কৰিব খুজিছে আৰু তেওঁলোকক বলপূৰ্বক প্ৰান্তীয়কৰণ কৰিছে, যাতে ‘প্ৰকৃত নাগৰিক’সকলে নিৰ্বিঘ্নে আৰু স্বস্তিৰে তেওঁলোকৰ অধিকাৰ আৰু স্বাধীনতা উপভোগ কৰিব পাৰে। পাৰ্থ চেটাৰ্জীয়ে The Politics of the Governed গ্ৰন্থত সংকলিত ‘Are Indian Cities Becoming Bourgeois At Last’ ৰচনাত কলকাতা চহৰৰ প্ৰসংগৰে এই বিষয়টো সুন্দৰভাৱে আলোচনা কৰিছে। সি যি নহওক, ‘প্ৰকৃত নাগৰিক’সকলৰ বাবে এই ‘জনসংখ্যা’সমূহ হ’ল - ‘অন্য’।

এই ‘অন্য’ৰ চৰিত্ৰ কেনেধৰণৰ? আমেৰিকাই চলোৱা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধত ইৰাক বা আফগানিস্তানৰ ‘অসংখ্য’ নেটিভ নিহত হয়, কিন্তু মাৰ্কিন সেনা নিহত হয় ‘ইমানজন’ বা ‘সিমানজন’; পেলেষ্টাইনী নিহত হয় ‘শই শই’, কিন্তু ইজৰাইলী নিহত হয় ২, ১০, ১৬ বা ৩২জন। (Pandey, p. 271) ‘আমি’ আৰু ‘সিহঁত’ৰ মাজত, ‘নাগৰিক’ আৰু ‘জনসংখ্যা’ৰ মাজত, ‘আধুনিক’ আৰু ‘প্ৰাক-আধুনিক’ৰ মাজত এয়াই পাৰ্থক্য। ‘আমাৰ’ ক্ষতি, ‘আমাৰ’ বেদনা সাৱধানে হিচাপ কৰিবলগীয়া, অন্তৰেৰে উপলব্ধি কৰিবলগীয়া, তিল তিলকৈ ভুগিবলগীয়া; ‘আমি’ ব্যক্তিসত্তাৰে জীৱন্ত মানুহ যাৰ ইতিহাস আছে, ভিন ভিন ৰুচি-অভিৰুচি আছে, সংস্কৃতি আছে, ৰাজনীতি আছে। কিন্তু ‘সিহঁত’-এ এক দুৰ্বোধ্য জগতত বাস কৰে য’ত কোনো ইতিহাস নাই, ৰাজনীতি নাই, ব্যক্তিসত্তা বোলা কোনো বস্তু নাই। ‘সিহঁত’ এক সমসত্ব, নিৰ্জীৱ আৰু এটা-মাত্ৰ পৰিচয়যুক্ত সত্তা। ‘সিহঁত’ৰ পৰিচয় মাত্ৰ জাক হিচাপে, ‘অসংখ্য’ হিচাপে। ‘These are populations that came to be viewed (once more?) – both at home and abroad – as people who are utterly unlike us, modern individuals: bodies of people that are not used to the practice of reason, and that cannot control their passions or their primitive beliefs.’ (Pandey, p. 272) ‘সিহঁত’ক অবিশ্বাস কৰিবলৈ, ভয় কৰিবলৈ, ঘৃণা কৰিবলৈ কোনো কাৰণৰ প্ৰয়োজন নাই : ‘সিহঁত’ চৰিত্ৰগতভাৱেই, অন্তৰ্নিহিতভাৱেই (by definition) বিপদজনক, সন্দেহজনক আৰু ধুৰন্ধৰ। ‘সিহঁত’-এ যদি নিজে ‘প্ৰমাণ’ কৰি দেখুৱাব পাৰে তেতিয়াহে আমি মানি ল’ম যে ‘সিহঁত’ৰ মাজতো ‘দুই-এক’ ‘ভাল’, ‘বিশ্বাসযোগ্য’, ‘দেশপ্ৰেমী’ আছে; অন্যথা ‘সিহঁত’ক সদায় নজৰত ৰাখিবই লাগিব।

হিন্দুত্ববাদে প্ৰচাৰ কৰা ‘অন্য’ মুছলমান সত্তাটোৰ চৰিত্ৰলৈ বিশেষভাৱে মন কৰিব পাৰি। দিব্যেশ আনন্দে Hindu Nationalism in India and the Politics of Fear গ্ৰন্থত এই সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰিছে। হিন্দুত্ববাদক তেওঁ ‘যৌন-জাতীয়তাবাদ’ (আন উপযুক্ত শব্দ বিচাৰি পোৱা নাই) বুলি অভিহিত কৰিছে : ‘Hindutva is porno-nationalism in its obsessive preoccupation with the predatory sexuality of the putative Muslim figure and the dangers to the integrity of the Hindu bodies.’ (পৃ. ১) একমাত্ৰ নীচতা, হিংসা আৰু উগ্ৰ-কামুকতাৰে গঠিত এক ভয়াৱহ মুছলিম পুৰুষ-সত্তাৰ ষ্টিৰিঅ’টাইপ (hypersexual masculine stereotype) নিৰ্মাণ কৰা হয় – যিটোৱে অহৰহ হিন্দু সমাজৰ ক্ষতি কৰিবলৈ ব্যগ্ৰ হৈ থাকে, অহৰহ নতুন নতুন ষড়যন্ত্ৰত লিপ্ত হৈ থাকে। মুছলমানৰ জনসংখ্যা বিস্ফোৰণ (হিন্দুত্ববাদৰ শ্লোগান মতে, পৰিয়াল পৰিকল্পনা মানি চলা হিন্দুসকলৰ নীতি হ’ল ‘হম দৌ হমাৰে দৌ’, কিন্তু মুছলমানসকলৰ নীতি হ’ল ‘হম পাঁচ হমাৰে পঁচিছ’ – মানে পাঁচগৰাকী পত্নী আৰু পঁচিছটা সন্তান), লাভ জেহাদ আদি মিথবিলাক এই ষ্টিৰিঅ’টাইপৰে ফচল। সি যি নহওক, উগ্ৰ-শক্তিশালী মুছলিম পুৰুষ-সত্তাৰ বিপৰীতে হিন্দুসকল হ’ল দুৰ্বল, নাৰীসুলভ : উদাৰতাবাদ, ছেকুলাৰবাদ, মাৰ্ক্সবাদ আদি মতবাদে হিন্দুসকলক দুৰ্বল আৰু আত্মবিস্মৃত কৰি পেলাইছে। (অলপতে দিল্লীত অনুষ্ঠিত বিশ্ব হিন্দু সমাবেশত হিন্দুসকলৰ পাঁচবিধ শত্ৰু, ‘M5’ থকাৰ কথা ঘোষণা কৰা হৈছে : Marxism, Macaulayism, Missionaries, Materialism and Muslim extremism.) গতিকে হিন্দু জাতিৰ উদ্ধাৰৰ বাবে এটা শক্তিশালী অথচ নিয়ন্ত্ৰিত হিন্দু পুৰুষ-সত্তাৰ নিৰ্মাণ কৰিব লাগিব। বিবেকানন্দয়ো ‘বৈদান্তিক (বেদান্ত দৰ্শন) মগজু আৰু ইছলামিক শৰীৰ’-এৰে ভৱিষ্যতৰ ভাৰতীয় সত্তাটো নিৰ্মাণ কৰিব বিচাৰিছিল। প্ৰকৃততে হিন্দুত্ববাদৰ নতুন ভাৰত নিৰ্মাণৰ বাগধাৰাত আৰম্ভণিৰেপৰা পুৰুষ-সত্তাৰ ধাৰণাটোৱে প্ৰাধান্য লাভ কৰি আহিছে। আশিস নন্দীয়ে An Intimate Enemy: Loss and Recovery of Self under Colonialism গ্ৰন্থত পুৰুষ-সত্তাৰ ধাৰণাটো সম্পৰ্কে অন্তৰ্দৃষ্টিসম্পন্ন আলোচনা আগ বঢ়াইছে। ঔপনিবেশিকতাবাদ হ’ল এক উগ্ৰ আৰু আগ্ৰাসী পুৰুষ-সত্তা-কেন্দ্ৰিক সংস্কৃতি। তাৰ বিপৰীতে গান্ধীজীয়ে প্ৰতিৰোধৰ এক বিকল্প মডেল তৈয়াৰ কৰিছিল যি পাশ্চাত্যৰ non-masculine ‘অন্য’ সত্তাটোৰ সৈতে একাত্মতা স্থাপন কৰিছিল। গান্ধীজী সম্পৰ্কীয় বিশ্লেষণৰ এঠাইত তেওঁ লিখিছে :

‘In sum, Gandhi was clear in his mind that activism and courage could be liberated from aggressiveness and recognized as perfectly compatible with womanhood, particularly maternity. Whether this position fully negated the Ksatriya world view or not, it certainly negated the very basis of the colonial culture.’ (p. 54)

গতিকে জাতীয়তাবাদ-সাম্প্ৰদায়িকতাৰ ক্ষেত্ৰত দৃষ্টিভংগীৰ বাদেও চৰিত্ৰগত দিশৰপৰাও এনেদৰে গান্ধীজীৰ সৈতে হিন্দুত্ববাদীসকলৰ বিৰোধ আছিল। সেয়ে আচৰিত হ’বলগা নাই যে এজন হিন্দুত্ববাদীৰ গুলিত গান্ধীজী নিহত হৈছিল। এইখিনিতে উনুকিয়াব পাৰি যে ভাৰত আৰু পাকিস্তানৰ ইখনৰ প্ৰতি সিখনৰ দৃষ্টিভংগীও সেই একেই ষ্টিৰিঅ’টাইপেৰে বন্ধা। পুনৰ আমি নন্দীৰে সহায় ল’ব খুজিছো; ‘The Fantastic India-Pakistan Battle: Or the Future of the Past in South Asia’ ৰচনাত তেওঁ (বিনয় লাল সম্পাদিত Dissenting Knowledges, Open Futures গ্ৰন্থত সংকলিত) এই বিষয়টো দুভাগত ভগাই আলোচনা কৰিছে : ‘India’s Pakistan’ আৰু ‘Pakistan’s India’. ভাৰতে যেনেকৈ পাকিস্তানক ‘অযৌক্তিকতা আৰু উন্মাদনাৰ চূড়ান্ত প্ৰতিমূৰ্তি’ বুলি গণ্য কৰে, সেইদৰে পাকিস্তানেও ভাৰতক এমুঠিমান বৰ্ণহিন্দুৰদ্বাৰা শাসিত হিন্দু দেশ বুলিয়ে গণ্য কৰে। দুই ৰাষ্ট্ৰৰ মাজৰ ৰাজনৈতিক সম্পৰ্কটোও বহু পৰিমাণে এই পাৰস্পৰিক ষ্টিৰিঅ’টাইপেই নিৰ্ণয় কৰে। ইয়াৰ মাজতো পুৰুষ-সত্তাৰ ধাৰণা কিদৰে সোমাই আছে তাৰ উদাহৰণ দি নন্দীয়ে লিখিছে যে ভাৰতীয় দৃষ্টিকোণৰপৰা পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আয়ে ভিলেইন হিচাপে একপ্ৰকাৰ কল্পকথাগত স্থান লাভ কৰিবলৈ সক্ষম হৈছে যিটোৱে জনপ্ৰিয় হিন্দী চিনেমাৰ দুৰ্ধৰ্ষ ভিলেইনকো লজ্জাত পেলাব; কিন্তু তাৰ বিপৰীতে ভাৰতৰ অনুসন্ধান সংস্থা RAWক ভবা হয় কিছুমান অলগৰ্ধ, ৰাজনীতি-প্ৰভাৱিত, অজলা লোকৰ সংগঠন হিচাপে। (উক্ত গ্ৰন্থ, পৃ. ১৯২)

হিন্দুত্ববাদ সম্পৰ্কে আলোচনা কৰোতে তাক ভিন ভিন ধৰণে বৰ্গীকৰণ কৰা হয় : কেতিয়াবা মৌলবাদ, কেতিয়াবা জাতীয়তাবাদ, আৰু আটাইতকৈ অধিক পৰিমাণে সাম্প্ৰদায়িকতাবাদ হিচাপে। বিদেশী গৱেষকসকলে ইয়াক সাধাৰণতে হিন্দু জাতীয়তাবাদ বুলিবলৈ বেছি ভাল পায়, কাৰণ ইয়াৰ সমধৰ্মী প্ৰপঞ্চ পশ্চিমীয়া সমাজত পাবলৈ দিগদাৰ। হাততে পোৱা এটা উদাহৰণ হ’ল ফৰাচী গৱেষক ক্ৰিষ্টফ জেফ্ৰলট - The Hindu Nationalist Movement and Indian Politics, Hindu Nationalism: A Reader এই সম্পৰ্কীয় তেওঁৰ দুখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। বিপান চন্দ্ৰই Communalism: A Primerঅত হিন্দুত্ববাদক জাতীয়তাবাদ বোলাটোক সমালোচনা কৰিছে; কিয়নো তেওঁৰ মতে, ইয়াৰ জৰিয়তে মতবাদটোক একপ্ৰকাৰ ন্যায্যতা প্ৰদান কৰা হয়। আচলতে জাতীয়তাবাদ-সাম্প্ৰদায়িকতাবাদৰ এই দ্বন্দ্বটো ভাৰতৰ জাতীয় ইতিহাসৰ প্ৰধান দ্বন্দ্বসমূহৰ এটা। সি যি নহওক, হিন্দুত্ববাদক সাম্প্ৰদায়িকতাবাদ হিচাপে বিবেচনা নকৰিলে তাৰ বিশেষ ভাৰতীয় চৰিত্ৰ বুজা নাযায়। ‘Communalism’ শব্দটো তথা ধাৰণাটো ‘community’ৰপৰা অহা নাই - আহিছে ধৰ্মীয় সংখ্যাগুৰু হিন্দুৰ সৈতে তথাকথিত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়সমূহৰ (মুছলমান, শিখ, খ্ৰিষ্টিয়ান) মাজৰ সংঘাত-সংঘৰ্ষক সূচোৱা ‘communal riot’ অভিধাৰপৰাহে। জ্ঞানেন্দ্ৰ পাণ্ডেই পূৰ্বোক্ত গ্ৰন্থত ইয়াক এক ‘colonialist form of knowledge’ বুলি অভিহিত কৰিছে। ই হ’ল ‘পশ্চাদপদ’ ঔপনিবেশিক আৰু উত্তৰ-ঔপনিবেশিক সমাজসমূহত ঘটা সামাজিক আৰু ৰাজনৈতিক সংঘাতৰ বিশ্লেষণৰ বাবে ‘সংৰক্ষিত’ এটা ধাৰণা, যাক অতীতলৈ প্ৰক্ষেপ কৰি সাব্যস্ত কৰিব বিচৰা হৈছিল যে এই পৰিঘটনাটো ঔপনিবেশিক হস্তক্ষেপৰ বহু পূৰ্বৰপৰাই ইয়াৰ সমাজত বিৰাজ কৰিছিল (এয়া ভাৰতৰ ইতিহাসৰ ‘ধাৰাবাহিকতা’ বুলি)। ঔপনিবেশিক দৃষ্টিভংগীত সাম্প্ৰদায়িকতা হ’ল প্ৰাক-আধুনিক সমাজৰ ‘শিশুসুলভ’ আৰু ‘আদিম’ এক পৰিঘটনা। (উক্ত গ্ৰন্থ, পৃ. ৬) ব্ৰিটিছ অফিচাৰ আৰু পৰ্যবেক্ষকসকলে প্ৰথমে প্ৰয়োগ কৰা এই ‘সাম্প্ৰদায়িক দাংগাৰ নেৰেটিভ’টো আজিও জনপ্ৰিয় স্তৰত আৰু চৰকাৰী বাগধাৰাত একেদৰে চলি আছে। দক্ষিণ এছিয়া সম্পৰ্কীয় ঐতিহাসিক ৰচনাতো, সি ঔপনিবেশিকতাবাদীয়েই হওক বা জাতীয়তাবাদীয়েই হওক বা সিবোৰৰ নব্য সংস্কৰণেই হওক, প্ৰায় ক্ষেত্ৰতে আজিও সাম্প্ৰদায়িকতাক উপস্থাপন কৰা হয় –fully blown, আনকি unalterable পৰিঘটনা হিচাপে (ইতিহাসৰ যি যুগতেই উদ্ভৱ নহওক কিয়)। (পৃ. ৫)

সি যি নহওক, ১৯১০ আৰু ১৯২০ৰ দশকত সাম্প্ৰদায়িকতাৰ ধাৰণাটোৱে মূৰ্ত ৰূপ পায় যিটোৱে জাতীয়তাবাদীসকলৰ সন্মুখত প্ৰধান প্ৰত্যাহ্বান হৈ থিয় দিলে। সাম্প্ৰদায়িকতাবাদক তেওঁলোকে জাতীয়তাবাদৰ বিপৰীতে ৰাখি সংজ্ঞায়িত কৰিলে। ই দেখাত জাতীয়তাবাদৰ নিচিনা, কিন্তু ঠিক জাতীয়তাবাদ নহয় : ই হ’ল জাতীয়তাবাদৰ ‘অন্য’টো। জাতীয়তাবাদ হ’ল শোষণৰপৰা স্বাধীনতা আৰু অৰ্থনৈতিক উন্নয়নৰ স্বপ্নৰে উদ্দীপ্ত এক ভৱিষ্যমুখী, প্ৰগতিশীল আৰু আধুনিক মতাদৰ্শ; আনহাতে, সাম্প্ৰদায়িকতাবাদ হ’ল পশ্চাৎমুখী, প্ৰতিক্ৰিয়াশীল আৰু মধ্যযুগীয় – আন ভাষাত, সাম্প্ৰদায়িকতাবাদ হ’ল দিকভ্ৰষ্ট জাতীয়তাবাদ। গতিকে জাতীয়তাবাদীসকলৰ কৰ্তব্য আছিল সাম্প্ৰদায়িকতাবাদৰ সংকীৰ্ণতা, অন্তৰ্নিহিত সুবিধাবাদ তথা তাৰ পশ্চাৎমুখী চৰিত্ৰ উদঙাই দি তাৰ ‘অবৈধতা’ প্ৰতিপন্ন কৰা।

সাধাৰণভাৱে ক’বলৈ গ’লে, সাম্প্ৰদায়িকতাবাদৰ প্ৰতি ঔপনিবেশিক দৃষ্টভংগীটো আছিল বৰ্ণবাদী-সাৰবত্তাবাদী (racist-essentialist)ধৰণৰ : কিছুসংখ্যক আলোকপ্ৰাপ্ত ব্যক্তিক বাদ দি, সাম্প্ৰদায়িকতাবাদৰ পৰিঘটনাটো ভাৰতৰ এটা পুৰণিকলীয়া সমস্যা যিটো ভাৰতীয় মানুহৰ চৰিত্ৰগত বৈশিষ্ট্যৰে পৰিণাম। আনহাতে, জাতীয়তাবাদীসকলৰ মতে সমস্যাটো অৰ্বাচীন : এমুঠি স্বাৰ্থান্বেষী এলিট গোষ্ঠীয়ে কৌশলেৰে জনসাধাৰণৰ মাজত থকা অৰ্থনৈতিক আৰু ৰাজনৈতিক বৈষম্য আৰু সংঘাতক ব্যৱহাৰ কৰি সমস্যাটোৰ জন্ম দিছে, কিন্তু অধিকাংশ জনতা এতিয়াও তাৰপৰা দূৰত আছে। কিন্তু ঔপনিবেশিক দৃষ্টিভংগীটোত বহু সময়ত উদাৰতাবাদী-যুক্তিবাদী উপাদানৰ পয়োভৰ দেখা গৈছিল, একেদৰে জাতীয়তাবাদী দৃষ্টিভংগীতো ঔপনিবেশিক দৃষ্টিভংগীৰ ভালেমান উপাদানৰ সমাবেশ ঘটিছিল।

সাধাৰণ চৰিত্ৰৰপৰা পাণ্ডেই জাতীয়তাবাদী দৃষ্টিভংগীটোক অৰ্থনীতিবাদী বুলি অভিহিত কৰিছে। নেহৰুৰ বিভিন্ন লেখা আৰু ভাষণত আমি এই দৃষ্টিভংগীৰ আভাস পাওঁ, যিসমূহত সাম্প্ৰদায়িকতাবাদ নিৰ্মূলৰ প্ৰথম পদক্ষেপ হিচাপে গণ্য কৰা হৈছিল ঔপনিবেশিকতাবাদৰ অন্ত পেলাই এক প্ৰকৃত জাতীয় ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা – তাৰ পাছত যি বাকী থাকিব সেয়া হ’ব কেৱল অৰ্থনৈতিক সমস্যাহে। (Partha Chatterjee, Nationalist Thought and the Colonial World, p. 141) লণ্ডনত প্ৰেছৰ আগত দিয়া বক্তব্যত নেহৰুৱে ১৯৩৬ চনৰ ২৭ জানুৱাৰিত কৈছিল :

‘The communal problem is not a religious problem, it has nothing to do with religion. It is partly an economic problem, and partly a middle class problem in a largely political sense. . . I do not think it is a very difficult problem to solve. If social and economic issues come to the front the communal problem falls into the background.’ (Chatterjee, p. 163)

কিন্তু এই অৰ্থনীতিবাদো ভিতৰি একপ্ৰকাৰ essentialismএই। দুয়োটা দৃষ্টিভংগীৰ আলোচনা আগ বঢ়াই পাণ্ডেই মন্তব্য কৰিছে :

‘For one thing, the approach is unsatisfactory because it sets aside a false, Orientalist ‘irrationality of the East’ and puts in its place an equally false, universal bourgeois rationality – the pursuit of the economic self-interest of the individual above all else – as the explanation of all strife in Indian society.’ (Pandey, p. 20)

সি যি নহওক, স্বৰাজ লাভৰ পাছত ছেকুলাৰ জাতীয়তাবাদে প্ৰাতিষ্ঠানিকীকৃত ৰূপত প্ৰতিষ্ঠা লাভ কৰিলে যদিও সাম্প্ৰদায়িকতাবাদে কাষে-পাঁজৰে নিজৰ সক্ৰিয়তা বজাই ৰাখিবলৈ সক্ষম হ’ল। পৰৱৰ্তী সময়ত সত্তৰৰ দশকত উন্নয়নবাদী, আধুনিকীকৰণপন্থী জাতীয়তাবাদৰ মডেলটো সংকটাপন্ন হোৱাৰ ফলস্বৰূপে সাম্প্ৰদায়িকতাবাদে মূৰ তুলি উঠিল। আশীৰ দশকৰপৰা শাসকশ্ৰেণীৰ ‘সংখ্যালঘু তোষণ’ আৰু সংখ্যালঘুৰপৰা হ’ব পৰা জাতিটোৰ বিপদ তথা পতনৰ বিৰুদ্ধে ক্ৰমাৎ জোৰদাৰ ধ্বনি শুনিবলৈ পোৱা গ’ল। (পূৰ্বোক্ত গ্ৰন্থ, পৃ. ২৭৫) এনে পৰিস্থিতিত - ‘. . . the right-wing Hindu parties in India have more or less successfully re-invented the nation-state in a chauvinist Hindu image and successfully cowed down the minorities. . .’ (Pandey, p. 276)

গতিকে এনে পৰিস্থিতিত কেৱল উদাৰবাদী-যুক্তিবাদী-অৰ্থনীতিবাদী দৃষ্টিভংগীৰে সাম্প্ৰদায়িকতাবাদক সম্পূৰ্ণৰূপে ব্যাখ্যা কৰা নাযায়। তাৰ বাবে ৰাষ্ট্ৰ আৰু জাতীয়তাবাদক কাঠগৰাত থিয় কৰাবই লাগিব। কিন্তু আশ্চৰ্যৰ বিষয় এয়ে যে কিছু দিনৰ আগলৈকে ৰাষ্ট্ৰক এক ‘নিৰপেক্ষ’ শক্তি বুলি বিনাপ্ৰশ্নে মানি লোৱা হৈছিল যি সমাজৰ ‘ঊৰ্ধ্বত’ অৱস্থান কৰে – আৰু সাম্প্ৰদায়িকতাবাদকে আদি কৰি সমস্যাসমূহ ‘উপযুক্ত’ সময়ত হস্তক্ষেপ কৰি ‘বিহিত’ ব্যৱস্থাৰে নিৰসন কৰে। ঊনবিংশ আৰু বিংশ শতাব্দীত এছিয়া আৰু আফ্ৰিকাত ৰাষ্ট্ৰৰ এই নিৰপেক্ষ প্ৰতিমূৰ্তিটো ঔপনিবেশিক শাসকে নিজৰ শাসনৰ দীৰ্ঘায়তকৰণৰ যুক্তি হিচাপে দাঙি ধৰিছিল। পৰৱৰ্তী কালত স্বাধীন জাতীয়তাবাদী চৰকাৰবিলাকে অধিক জোৰদাৰভাৱে আৰু অধিক সফলতাৰে এই ধাৰণাটো দাঙি ধৰিছিল। সংসদীয় প্ৰক্ৰিয়াৰে প্ৰতিষ্ঠিত চৰকাৰে কোনো প্ৰদেশ বা সমষ্টি বা গোষ্ঠীৰ নহয় – সমগ্ৰ জাতিৰ কণ্ঠস্বৰ হৈ কথা কৈছিল, যিটো কণ্ঠস্বৰে সকলো বৰ্ণ-ধৰ্ম-গোষ্ঠীৰ ঊৰ্ধ্বত গৈ সমগ্ৰ জাতিৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰে বুলি ভবা হৈছিল। কিন্তু আশীৰ দশকৰপৰা ঘটা বিভিন্ন ঘটনাই ইতিমধ্যে ৰাষ্ট্ৰৰ সেই নিৰপেক্ষ চৰিত্ৰক প্ৰশ্ন কৰিবলৈ বাধ্য কৰিছে আৰু বহু ক্ষেত্ৰত ৰাষ্ট্ৰৰ দমনৰ হাতোৰাই প্ৰত্যক্ষ বা পৰোক্ষভাৱে সেই ঘটনাসমূহত অংশগ্ৰহণ কৰাটো প্ৰমাণিত হৈছে। এনে পৰিস্থিতিত ৰাষ্ট্ৰক problematize কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। জি. এলয়ছিয়াছে Nationalism Without a Nation in India গ্ৰন্থত ৰাষ্ট্ৰ আৰু জাতীয়তাবাদৰ এই অন্তৰ্দ্বন্দ্ব আৰু সমস্যাসমূহৰ অন্তৰ্ভেদী তাত্ত্বিক ব্যাখ্যা দাঙি ধৰিছে – তেওঁৰ সমালোচনা এই ক্ষেত্ৰত একান্তই বিবেচনীয়।

এতিয়া ছেকুলাৰবাদৰ সমস্যা আৰু সম্ভাৱনা সম্পৰ্কে দুই-এষাৰ কৈ আমি আলোচনা সামৰিব বিচাৰিছো। আশিস নন্দীয়ে ছেকুলাৰবাদৰ সমস্যা সম্পৰ্কে বেছ বিস্তাৰিতভাৱে আলোচনা কৰিছে : পূৰ্বোক্ত ‘Politics of Secularism and the Recovery of Religious Tolerance’ ৰচনা, ‘Anti-Secular Manifesto’ আদিত। দ্বিতীয়খনৰ বাংলা সংস্কৰণ ধৰ্মনিৰপেক্ষতাবাদ-বিৰোধী ইস্তাহাৰৰ পাতনিত তেওঁ লিখিছে :

‘আমার মনে হয়, Secularism-এরও কোনও বাংলা অনুবাদ হয় না। ধৰ্মনিরপেক্ষতা Secularism নয়। আমরা সাধারণত অশোক বা আকবরকে Secular বলি, কিন্তু তাঁরা নিজেদের ধাৰ্মিক বৌদ্ধ বা মুসলমানই ভাবতেন, ধৰ্মনিরপেক্ষ নয়। যাঁরা কবির বা লালনের স্মৃতি অম্লান রেখেছেন, দেশের যে সাধারণ মানুষ তাঁদের অসাধারণ মেনে এসেছেন, তাঁদেরও প্ৰয়োজন হয়নি Secularism-এর শরণাপন্ন হওয়ার। . . .’

খুব সৰলকৈ হ’লেও এই উদ্ধৃতিটোতে তেওঁৰ সাধাৰণ দৃষ্টিভংগী প্ৰতিফলিত হৈছে : ছেকুলাৰবাদ ভাৰতীয় সমাজখনৰ বাবে একপ্ৰকাৰ বাহিৰা বস্তু, আধুনিকতাৰ অন্য প্ৰমূল্যসমূহৰ দৰেই ইও সৰ্বসাধাৰণ ৰাইজৰ মনোজগতত সহজে প্ৰবেশ কৰিব নোৱাৰে; ই কেৱল আধুনিকীকৃত এলিট গোষ্ঠী এটাৰে সম্পদ হৈ থাকিব। তাৰ ঠাইত আমি কৰা উচিত – ‘explore the philosophy, the symbolism and the theology of tolerance in the various faiths of the citizens and hope that the state systems in South Asia may learn something about religious tolerance from everyday Hinduism, Islam, Buddhism, and/or Sikhism . . .’ আনকি কোচিৰ অঞ্চল কিছুমানৰ অধ্যয়ন কৰি তেওঁ সিদ্ধান্তত উপনীত হৈছে যে উক্ত অঞ্চলসমূহত বিৰাজ কৰা সাম্প্ৰদায়িক সম্প্ৰীতিৰ কাৰণ কোনো ছেকুলাৰবাদ নহয়, বৰং ‘healthy balance of prejudices’হে! (এই বক্তব্য ক’ত পাইছিলো সদ্যহতে মনত পৰা নাই।) সি যি নহওক, নন্দীৰ স্থিতি আমি গ্ৰহণ কৰোৱেই বা নকৰোৱেই, তেওঁ দেখুৱাই দিয়া ছেকুলাৰবাদৰ সীমাবদ্ধতা আৰু পৰম্পৰাগত সহনশীলতাৰ পুনৰুজ্জীৱনৰ গুৰুত্ব অনস্বীকাৰ্য।

এতিয়া আমি পাৰ্থ চেটাৰ্জীৰ ‘Secularism and Tolerance’ শীৰ্ষক ৰচনাখনলৈ আহিছো (A Possible India গ্ৰন্থত সংকলিত)। তেওঁ নন্দীৰ দৰে ছেকুলাৰবাদক অস্বীকাৰ কৰা নাই – তাৰ সীমাবদ্ধতাসমূহ আলোচনা কৰিও তেওঁ লিখিছে : ‘. . . I am looking for political possibilities within the domain of the modern state institutions as they now exist in India.’ (পূৰ্বোক্ত গ্ৰন্থ, পৃ. ২৩১) ইউৰোপীয় ছেকুলাৰবাদৰ সৈতে ভাৰতৰ ছেকুলাৰবাদৰ পাৰ্থক্য আঙুলিয়াই দি তেওঁ দেখুৱাইছে যে ছেকুলাৰবাদ ধাৰণাটোৰ অবিৰত ব্যৱহাৰে ধাৰণাটোৰ ‘প্ৰকৃত’ অৰ্থ ভাৰতত বাস্তৱায়িত কৰাৰ বাবে থকা আধুনিকীকৰণপন্থী এলিট গোষ্ঠীৰ সদিচ্ছাকে প্ৰতিফলিত কৰে, কিন্তু এই প্ৰচেষ্টাৰ বিফলতাৰ বাবেই ধাৰণাটোৰ ‘নতুন’ অৰ্থৰ আবিৰ্ভাব ঘটিছে। ঊনবিংশ শতিকাৰ সংস্কাৰ আন্দোলনসমূহে সামাজিক সংস্কাৰৰ ক্ষেত্ৰত ঔপনিবেশিক ৰাষ্ট্ৰৰ হস্তক্ষেপ বিচাৰিছিল। পৰৱৰ্তী সময়ত জাতীয়তাবাদী আন্দোলনে এই সংস্কাৰৰ নৈতিক কৰ্তৃত্ব ঔপনিবেশিক ৰাষ্ট্ৰৰ হাতৰপৰা আনি ‘জাতীয় সম্প্ৰদায়’টোৰ হাতত সমৰ্পণ কৰিছিল। স্বৰাজোত্তৰ কালত জাতীয় চৰকাৰে হিন্দু ধৰ্মৰ সংস্কাৰৰ দায়িত্ব কান্ধ পাতি লৈছিল : প্ৰভাৱশালী ধাৰণাটো এনেকুৱা আছিল যে হিন্দু সমাজখনৰ ৰাজহুৱা স্বাৰ্থত, হিন্দু ধৰ্মৰ গাত লাগি থকা চেকা আঁতৰাবলৈ ৰাষ্ট্ৰৰ প্ৰতিনিধিত্বমূলক আৰু প্ৰশাসনিক বিভাগসমূহে ব্যৱস্থা গ্ৰহণ কৰাটোৰ ন্যায্যতা আছে। কিন্তু তাকে কৰিবলৈ যাওঁতে সংস্কাৰবাদীসকলে পৰম্পৰাৰ স্থবিৰতাৰ বিৰুদ্ধে থিয় দি সাম্প্ৰতিক পৰিস্থিতিত তাৰ পুনৰ্ব্যাখ্যাৰ প্ৰয়োজনীয়তা প্ৰতিপন্ন কৰিবলগা হৈছিল – পৰিস্থিতি এনে হৈছিলগৈ যে এখন ছেকুলাৰ ৰাষ্ট্ৰৰ আইনমন্ত্ৰীয়ে প্ৰাচীন ধৰ্মশাস্ত্ৰৰপৰা উদ্ধৃতি আৰু যুক্তি প্ৰদৰ্শন কৰি প্ৰণয়ন কৰিব খোজা আইনৰ সুৰক্ষা দিবলগা হৈছিল। প্ৰকৃততে ইয়াৰ মাধ্যমেৰে ধৰ্মীয় বাগধাৰাৰ পৰিসৰটোৰ যৌক্তিকীকৰণ আৰু ব্যক্তিগত আইনৰ ৰাজহুৱা পৰিসৰটোৰ ছেকুলাৰকৰণ কৰিব বিচৰা হৈছিল। কিন্তু এই প্ৰক্ৰিয়াটোৰে নাগৰিকৰ সংবিধানপ্ৰদত্ত ধৰ্মাচৰণৰ অধিকাৰত হস্তক্ষেপ কৰা হৈছিল; গতিকে যুক্তি দিয়া হৈছিল যে প্ৰকৃততে ছেকুলাৰকৰণৰ স্বাৰ্থতেই ৰাষ্ট্ৰৰ এই ছেকুলাৰ নীতি লংঘন কৰা হৈছে। ইয়াক চেটাৰ্জীয়ে ‘anomalies of the secular state’ আখ্যা দিছে। ৰক্ষণশীল হিন্দু জনমত আৰু হিন্দু মহাসভা আদি সংগঠনে এই চৰকাৰী প্ৰচেষ্টাক বৈষম্যমূলক বুলি তাৰ বিৰোধিতা কৰিছিল; তেওঁলোকে অৱশ্যে যিকোনো সংস্কাৰৰে বিৰোধিতা কৰিছিল। কিন্তু কিছুসংখ্যক প্ৰগতিশীল ব্যক্তিয়ে আইনী প্ৰক্ৰিয়াৰে কৰিব খোজা সংস্কাৰে যে সমানাধিকাৰযুক্ত নাগৰিকত্বৰ ধাৰণাটোৰ প্ৰতিয়ে ভাবুকিৰ সৃষ্টি কৰিছে সেই কথা আঙুলিয়াই দিছিল। সমাজবাদী নেতা কৃপালনিয়ে কেৱল এটা সম্প্ৰদায়ক সংস্কাৰৰ বাবে বাছি লোৱাটোক গৰিহণা দিছিল, চৰকাৰে পালন কৰা ভূমিকাক সাম্প্ৰদায়িক আখ্যা দিছিল। এনে সমালোচনাৰ উত্তৰ হিচাপে যুক্তি দিয়া হৈছিল যে ঐতিহাসিক কাৰণত সংখ্যালঘু গোষ্ঠীসমূহ সংস্কাৰৰ প্ৰক্ৰিয়াক গ্ৰহণ কৰিবলৈ ‘প্ৰস্তুত’ হৈ উঠা নাই। সংখ্যালঘু গোষ্ঠীসমূহৰপৰাও বিভিন্ন শক্তিয়ে ধৰ্মাচৰণৰ স্বাধীনতাৰ দোহাই দি ধৰ্মীয় পৰম্পৰাত ৰাষ্ট্ৰৰ যিকোনোধৰণৰ হস্তক্ষেপৰ বিৰোধিতা কৰিছিল। ইয়াৰ ফলস্বৰূপে হিন্দু সোঁপন্থী শক্তিসমূহে চৰকাৰৰ বিৰুদ্ধে সংখ্যালঘু তোষণৰ অভিযোগ তোলাৰ সুবিধা পাইছিল। কিন্তু সংখ্যালঘু গোষ্ঠীসমূহৰ মাজত ঊনবিংশ শতিকাৰ হিন্দু সংস্কাৰ আন্দোলনসমূহৰ নিচিনা কিছুমান সংস্কাৰ প্ৰচেষ্টা ইতিমধ্যেই আৰম্ভ হৈছিল। ১৯৩৭ চনৰ শ্বৰিয়ত আইনৰ দৰে কিছুমান সৰুসুৰা সফলতাও সি লাভ কৰিছিল। কিন্তু সেই প্ৰচেষ্টা বিভিন্ন সময়ত আৰু বিভিন্ন অঞ্চলত ছেগাচোৰোকাকৈ চলি থাকিল যদিও সাধাৰণভাৱে সি মুজুৰা পৰি গ’ল। পৰৱৰ্তী সময়ত সাৰ্বজনীন ভোটাধিকাৰেৰে নিৰ্বাচিত আইনসভাৰ হাতত নিজৰ ধৰ্মীয় পৰম্পৰাৰ সংস্কাৰৰ ক্ষমতা এৰি দিবলৈ সংখ্যালঘু গোষ্ঠীসমূহ অমান্তি হৈছিল। আনহাতে, তেওঁলোকৰ নিজৰ মাজতো প্ৰতিনিধিত্বমূলক বৈধতা থকা তেনে কোনো সংগঠন নাছিল যি সংস্কাৰ প্ৰচেষ্টাক আগুৱাই লৈ যাব পাৰে।

আমি দেখিছো যে হিন্দুত্ববাদী শক্তিসমূহে ছেকুলাৰ ৰাষ্ট্ৰীয় ব্যৱস্থাৰ ভিতৰত নিজৰ স্থান গজগজীয়া কৰি লৈছে : গতিকে তেওঁলোকে ছেকুলাৰ নীতিৰ বিৰুদ্ধে থিয় দিয়াৰ সলনি ৰাষ্ট্ৰৰ মতাদৰ্শগত অস্ত্ৰসমূহৰ সহায়ত তেওঁলোকৰ সংস্কৰণৰ ‘জাতীয় সংস্কৃতি’ৰ সৈতে জীণ যাব নোখোজা সকলোৰে ওপৰত জোৰ-জবৰদস্তি চলোৱাটোহে বেছি সম্ভাৱনাপূৰ্ণ ঘটনা। ‘In short, the current campaign of the Hindu right is directed not against the principle of the secular state, but rather towards mobilizing the legal powers of that state in order to systematically persecute and terrorize a specific religious minority within its population.’ (Chatterjee, p. 231)

এনে মুহূৰ্তত ছেকুলাৰ শক্তিসমূহৰ ভূমিকা কেনে হোৱা উচিত? সংখ্যালঘু গোষ্ঠী এটাই যদি বাকীসকলৰপৰা সহনশীলতা দাবী কৰে তেন্তে গোষ্ঠীটোৱে নিজেও প্ৰতিনিধিত্বমূলকতাৰ চৰ্ত (condition of representativeness) পূৰণ কৰিব লাগিব। তাৰ বাবে তেওঁলোকৰ সামাজিক পৰম্পৰা সম্পৰ্কে নিজা পৰিসৰৰ ভিতৰতে মুকলি আৰু গণতান্ত্ৰিক বিতৰ্ক আৰম্ভ হ’ব লাগিব। সামাজিক পৰম্পৰাৰ প্ৰগতিশীল সংস্কাৰৰ প্ৰক্ৰিয়াটো গোষ্ঠীটোৱে নিজৰ ভিতৰতে সমাধা কৰিব লাগিব – ইয়াৰ কোনো চমু পথ নাই। তাৰ বাবে যিসমূহ বিষয়ত সাৰ্বজনীনতাৰ নীতিৰ প্ৰবেশ গোষ্ঠীটোৱে প্ৰতিৰোধ কৰি ৰাখিছে, সেই বিষয়সমূহ প্ৰথমে বাছি উলিয়াব লাগিব। কিছুমান ক্ষেত্ৰত মুকলি যুক্তিপূৰ্ণ বাগধাৰাত অংশগ্ৰহণ কৰিবলৈ গোষ্ঠীটোৱে অস্বীকাৰ কৰিলে আচৰিত হ’বলগীয়া একো নাই, কিন্তু সেইবুলি সাংস্কৃতিক আপেক্ষিকতাবাদৰ পিনে হালি যোৱাৰো প্ৰয়োজন নাই। এই ক্ষেত্ৰত দুইধৰণৰ বাধা আছে। প্ৰথম হ’ল, সংখ্যাগুৰুসকলৰদ্বাৰা বলপূৰ্বক সমসত্বকৰণৰ প্ৰতি ভীতি। সমাজৰ প্ৰান্তীয় অঞ্চলত তেওঁলোকে একোটা সংকীৰ্ণ সাংস্কৃতিক পৰিমণ্ডল গঢ়ি লৈ তাৰ ভিতৰত বাস কৰাটোৰ মূলতেই আছে সংখ্যাগুৰু-ভীতি, যিটো পৰিমণ্ডল বৰ্তাই ৰখাত মূল ভূমিকা পালন কৰে উক্ত সামাজিক পৰম্পৰাসমূহ আৰু কিছু পৰিমাণে গোড়া ধৰ্মীয় শিক্ষালয়বিলাকে। গতিকে সেইসমূহৰ সংস্কাৰৰ এক পূৰ্বচৰ্ত হৈছে, আধুনিকীকৰণক সংখ্যাগুৰুৰ অৱদমনৰপৰা মুক্ত বুলি তেওঁলোকক আশ্বস্ত কৰিব পৰাটো। দ্বিতীয়, শ্ৰেণীগত-প্ৰমূল্যগত বিভিন্ন কাৰণত সংখ্যালঘু গোষ্ঠীৰ নাগৰিক আধুনিক মধ্যবিত্ত শ্ৰেণীটো আৰু গোষ্ঠীটোৰ অগণন গ্ৰামবাসী দৰিদ্ৰ-পশ্চাদপদ লোকৰ মাজত অলংঘনীয় প্ৰাচীৰ গঢ় লৈ উঠিছে। (এই প্ৰসংগটো পাৰ্থ চেটাৰ্জীয়ে Politics of the Governed গ্ৰন্থৰ ‘Contradictions of Secularism’ ৰচনাত বিশেষভাৱে উনুকিয়াইছে।) সেয়ে সংখ্যালঘু গোষ্ঠীসমূহক অৱধাৰিতভাৱে আৰু অবিসম্বাদীভাৱে প্ৰতিনিধিত্ব কৰি আহিছে ধৰ্মৰ ধ্বজাধাৰীসকলে। এতিয়াৰ প্ৰয়োজনটো হ’ল গোষ্ঠীসমূহক কোনে প্ৰতিনিধিত্ব কৰিব সেইটো নিজৰ ভিতৰতে নিৰ্ধাৰণ কৰা, অৰ্থাৎ প্ৰতিনিধিত্বৰ গণতান্ত্ৰিকীকৰণ।

সি যি নহওক, সংখ্যালঘু গোষ্ঠীৰ ভিতৰৰ বা বাহিৰৰ সকলো ছেকুলাৰ-প্ৰগতিশীল শক্তিৰ বৰ্তমান প্ৰধান কৰ্তব্যটো হ’ল এক দ্বৈত সংগ্ৰামত অৱতীৰ্ণ হোৱা : ‘. . . resist homogenization from the outside, and push for democratization inside. That, in brief, would be a strategic politics of toleration.’ (Chatterjee, p. 261)

(ৰচনাকাল : ২৮-৩০ নৱেম্বৰ, ২০১৪)

Share Button
Print Friendly, PDF & Email

1 Comment : "মৌলবাদ, সাম্প্ৰদায়িকতাবাদ আৰু অন্যান্য প্ৰসংগ : এক বিক্ষিপ্ত পৰ্যালোচনা"

Leave a Comment

Your email address will not be published. Required fields are marked *