শিশু শিক্ষাৰ পেকেজ

দেৱকান্ত সন্দিকৈ

আজিৰ শিশু কাইলৈৰ দেশৰ দায়িত্বশীল নাগৰিক৷ এজন সুস্থ,সৎ,সংবেদনশীল আৰু চৰিত্ৰৱান নাগৰিকৰূপে গঢ় লৈ উঠিবলৈ এজনৰ শিশুকালতেই তেনেধৰণৰ শিক্ষাৰ প্ৰয়োজন; যি শিক্ষাই প্ৰতিজন ছাত্ৰ-ছাত্ৰীক সততা শিকাব,সামাজিকতা শিকাব,জীৱন-জগতৰ ৰূপ-সৌন্দৰ্য ভোগ কৰি বিজ্ঞানমনস্কতাৰে জীয়াই থাকিবলৈ শিকাব,শিশুসকলক আৰম্ভণিৰেপৰা দিবলগা তেনে শিক্ষাৰ এটা পেকেজ তৈয়াৰ কৰিব পাৰি৷

১) শিশুসকলক প্ৰকৃতিক ভাল পাবলৈ,প্ৰকৃতিৰ বিষয়বোৰ বুজিবলৈ প্ৰণালীবদ্ধভাৱে শিকাব লাগে৷ গছ-গছনি,ঘাঁহ বন,লতা সকলোৰে মাজত থকা সেউজীয়া সৌন্দৰ্যখিনি উপভোগ কৰিব পৰা মন এটা শিশুকালতেই গঢ়ি তুলিব লাগে৷ গছবোৰ যে কাটিব নালাগে,অৰণ্য যে ধ্বংস কৰিব নালাগে - এই বিষয়ে শিশুকালতেই সকলোকে সচেতন কৰি তুলিব লাগে৷ শিকাব লাগে যে গছ-গছনি আমাৰ নলে-গলে লগা বন্ধু৷

২) একে ধৰণেৰে শিশুসকলক উপলব্ধি কৰিবলৈ শিকাব লাগে যে কথা ক’ব নোৱৰা, চিন্তা কৰিব নোৱৰা জীৱ-জন্তু, চৰাই-চিৰিকটি, পোক-পতংগ আদি সকলো প্ৰাণীক, চিন্তা কৰিব পৰা আৰু বুদ্ধি থকা প্ৰাণী হিচাপে মানুহেই সুৰক্ষা দিব লাগিব৷ মানুহেই জীৱ-জন্তুবিলাকক নিজৰ স্থানত নিৰ্ভয়ে নিৰাপত্তাৰে বাস কৰিবলৈ সুবিধা দিব লাগিব৷ জীৱ-জন্তুৰ লগতো যে বন্ধুত্ব গঢ়ি তুলিব পাৰি,সেই বন্ধুত্বৰপৰা যে বিমল আনন্দ লাভ কৰিব পাৰি,সেইবোৰ কথাও শিশুকালতেই শিকাব লাগিব৷ নিৰীহ-নিমাত প্ৰাণীবিলাকক সৰুতেই ভাল পাবলৈ বা দয়া কৰিবলৈ শিকা শিশুৱে কেতিয়াও ডাঙৰ হৈ বলি-বিধানত অভ্যস্ত অন্ধবিশ্বাসী দয়া-মমতাহীন ব্যক্তিত পৰিণত হ’ব নোৱাৰে৷

৩) শিশুসকলক সৰুৰেপৰা বিজ্ঞানমনস্ক তথা যুক্তিবাদী কৰি গঢ়ি তুলিবলৈ বিদ্যালয়বিলাকত শ্ৰেণী আৰম্ভ হোৱাৰ আগতেই শিশুসকলে অদৃশ্য কাল্পনিক শক্তিৰ ওচৰত দয়া বিচাৰি কৰা প্ৰাৰ্থনাৰ অভ্যাসটো বন্ধ কৰিব লাগিব৷ শিশুসকলৰ প্ৰাৰ্থনাই অন্ধবিশ্বাসৰ বীজ৷ সৰুতে অদৃশ্য শক্তিৰ ওচৰত কৰা অৰ্থহীন প্ৰাৰ্থনাই ডাঙৰ হ'লে দেৱ-দেৱীৰ সন্মুখত ম'হ, ছাগলী বা শিশু বলি দিয়া ব্যক্তিজন অথবা ধৰ্মস্থানে ধৰ্মস্থানে পূজা-পাতল কৰি ঘূৰি ফুৰা দুৰ্নীতিপৰায়ণ ছাত্ৰনেতা একোজন গঢ় লৈ উঠাত সহায় কৰে! প্ৰাৰ্থনাৰ সময়খিনিত শিশুসকলক "প্ৰকৃতি শিক্ষাৰ পাঠ" নামেৰে ওপৰৰ  (১) আৰু  (২) বিষয়ৰ জ্ঞানদান কৰাৰ ব্যৱস্থা কৰিব পাৰি৷

 ৪) শিশুসকলক সৰুৰেপৰা ঈশ্বৰবিশ্বাস আৰু ধৰ্মৰপৰা মুক্ত কৰি ডাঙৰ হ’বলৈ ব্যৱস্থা কৰি দিব লাগিব৷ শিশুৰ মনত ওপজা পৃথিৱী বা বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি-সম্পৰ্কীয় প্ৰশ্নবোৰৰ উত্তৰ বিজ্ঞানসন্মতভাৱে দিবলৈ চেষ্টা কৰিব লাগিব৷ আৰু আমি এতিয়ালৈকে উত্তৰ নজনা প্ৰশ্নবোৰত 'ঈশ্বৰ'ৰ নাম লৈ মিছা কথা কোৱাৰ পৰিৱৰ্তে মানুহৰ মগজুৱে যে এতিয়াও কিছুমান প্ৰশ্নৰ উত্তৰ জানিব পৰা নাই,সেই সত্য কথাটোকে অকপটে আৰু বিনয়েৰে কৈ দিয়া ভাল হ’ব৷ আৰু এই বুলি কোৱা ভাল হ'ব যে মানৱ সভ্যতা অনাদি-অনন্ত সময়ত বিকশিত হৈ গৈ আছে, অৰ্থাৎ মানৱ সভ্যতা চিৰ বিকশমান৷ গতিকে প্ৰত্যেকটো শিশুৰ ওপৰতেই পৃথিৱী বা বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ কাৰণটো আৱিষ্কাৰ কৰাৰ দায়িত্ব আছে৷ পৃথিৱীৰ প্ৰতিটো মানৱ শিশু এই দায়িত্ব পালন
কৰিবলৈকে জন্ম হৈছে৷ এইদৰে ক'লে শিশুসকলৰ কৌতূহল বাঢ়িব,তেওঁলোকৰ মনবোৰ সৃষ্টিৰ কাৰণ জানিবলৈ ব্যাকুল হ'ব৷ তেতিয়া তেওঁলোকে অন্ধবিশ্বাসী মানুহে পুৱা-গধুলি নিষ্ফল ঈশ্বৰ প্ৰাৰ্থনা কৰাৰ অন্তঃসাৰশূন্যতা উপলব্ধি কৰিব পাৰিব৷

৫) সকলো শিশুক সৰুৰেপৰাই ধৰ্মস্থান, ধৰ্মগুৰু আৰু ধৰ্মপুথিৰপৰা আঁতৰাই ৰাখিব পাৰিলেহে শিশুবোৰ ডাঙৰ হৈ একোজন প্ৰকৃত মানুহৰূপে গঢ় লৈ উঠিব৷ কাৰণ ধৰ্মস্থানবোৰ মানুহে নিজে নিৰ্মাণ কৰা একোটা ঘৰ মাত্ৰ,তাত বেলেগ একো মহিমা নাথাকে৷ ধৰ্মগুৰু সকলো আন লক্ষজনৰ দৰেই মানুহ মাত্ৰ৷ তেওঁলোকেও আন লক্ষজনৰ দৰেই বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ কাৰণ নাজানে৷ তেওঁলোকে তেওঁলোকৰ কৰদাতা শিষ্যসকলক প্ৰকৃততে একো নিশিকায়৷ যদি কিবা শিকায়, সেয়াও কিছুমান অন্ধবিশ্বাসৰ বাহিৰে আন একো নহয়৷ ধৰ্মপুথিবোৰো কিছুমান কাল্পনিক কাহিনীৰ সমষ্টি মাত্ৰ,তাত জীৱন-জগতৰ প্ৰকৃত সত্য কথা শিকিবলৈ একো নাথাকে৷ গতিকে শিশুসকলক এই অনাৱশ্যকীয় তথা মানৱতাৰ বাবে ক্ষতিকৰ বস্তুবিলাকৰপৰা আঁতৰি থকাৰ শিক্ষা দিব লাগে৷

 ৬) শিশুসকলক সৰুৰেপৰা মানৱীয় মূল্যবোধ, যেনে, মানুহৰ মাজত থাকিবলগা প্ৰেম, ভালপোৱা,দয়া,কৰুণা,ক্ষমা,সহানুভূতি আদি গুণবোৰৰ চৰ্চাৰে তেওঁলোকৰ মন অতি সংবেদনশীল তথা মানৱপ্ৰেমৰ ৰসেৰে জীপাল কৰি তুলিব লাগে৷ তেহে আমি ভৱিষ্যতে এখন দুৰ্নীতি-ভ্ৰষ্টাচাৰহীন,ধৰ্ম-ঈশ্বৰহীন মানৱীয় গুণেৰে ভৰপূৰ প্ৰকৃত সভ্য মানুহৰ সমাজত বাস কৰাৰ সুযোগ পাম৷ শিশুৰ কুমলীয়া মন যিকোনো সাঁচত গঢ় দিব পাৰি৷ লাগে মাথোঁ ডাঙৰৰ সদিচ্ছা আৰু উপযুক্ত আঁচনি৷

ইউনিক'ড ৰূপান্তৰক : ত্ৰিলোচন গগৈ

Share Button
Print Friendly, PDF & Email

No Comments : "শিশু শিক্ষাৰ পেকেজ"

Leave a Comment

Your email address will not be published. Required fields are marked *