গল্প-কবিতা

ষ্টেশ্যনত চৌৰাচিয়া

গৌতম প্ৰিয়ম মহন্ত

 

16_GAUTAM_PRIOM_stationডাৱৰ আৰু জোন গলা ক’লা হিজাবৰ তলত

দেখিছো, আজি দেখিছো ৷

বাঁহীৰ গধুৰ সুৰবোৰ সৰাপাতৰ দৰেই পাতল ৷

অথবা ইলুটি সিলুটিকৈ উৰি ফুৰা চৰাইৰ পাখি ৷

 

মোৰ বহি থকাত গুচি যাব পৰাৰ সম্ভাৱনা

কাইলৈক চুব খোজা সময়ক বেয়াকৈ হৰুৱাই ৷

আৰু মই ৰৈ যাওঁ; গুচি যাব পৰাৰ সন্তুষ্টিত ৷

চিৰিৰে বগাই বগাই সময় আহে :

প্লেটফৰ্মৰ তিনিটা ঘড়ীত তিনিটা সময় ৷

 

অদূৰত সৌবোৰ মুখ-আন্ধাৰিৰ ধোঁৱা

বতাহ হৈ উৰি ফুৰা বাঁহীটোক অকাই-পকাই ৷

সেই দুচকুত হঠাৎ ক’লা চমকনি,

ক’লা হিজাবৰ তলত !

 

দুডাল সমান্তৰাল ৰেখা; মাজৰ মিডিয়াৰ নেদেখা স্থিৰচিত্ৰ;

ক্লিক্‌ ক্লিক্‌, কি আছিল তাত? কোনটো ধূলিকণা কেনেকৈ ?

 

*****

 

(যায়গৈ ৷ আহি পোৱা ট্ৰেইনৰ ডবাত উঠিছে

সাত ইঞ্চি শুভ্ৰতা দেখুৱাই !)

 

নিউটনো আমাৰ দৰেই থাকিলহেঁতেন

নোপোৱাৰ মানৱী পূৰ্ণতাত ৷

আপেলৰ সলনি যদি সৰি পৰা দেখিলেহেঁতেন

চৌৰাচিয়াই বতাহত গুঠা কঁপনিবোৰ ৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *