সন্ন্যাসিনী প্ৰজাপতি

অনুপমা বৰগোহাঁই

“As long as Buddhism is a philosophy that teaches the inherent dignity of human life, it is crucial that its practitioners strive resolutely against those tendencies that promote disrespect for human life, discrimination, and the destruction of life. Unless we put a stop to evil, we cannot achieve genuine, lasting good. Likewise, unless we take a firm stand against slander and error in terms of Buddhism, we will not be able to attain Buddhahood.”

“বহুত ভাল পাওঁ আপোনাক মই,মা! মই দিকহাৰা হৈ দুখৰ সাগৰত ককবক কৰি থাকোঁতে শান্তি আৰু বুদ্ধৰ পথ আপুনিয়েইতো মোক দেখুৱালে – এতিয়া আপুনি এনেদৰে দুখত কাতৰ হ’লে মই কেনেদৰে সান্ত্বনা দিম?”

সাৰ্থকে মাকক ফোনতে ক’লে।

মুহূৰ্ততে প্রজাপতিৰ মনলৈ অনুশোচনা আহিল।কিয় ইমান বিচলিত হৈ পৰিছে তাই! সাধাৰণতে প্রজাপতিয়ে কাৰো আগত নিজৰ দুখ বা চকুপানীৰ প্রদৰ্শন নকৰে। প্রকৃততে দুখ বা চকুপানীবোৰক তেওঁ নিজৰ উৎকৰ্ষ সাধনৰ ঔষধ হিচাপেহে গণ্য কৰে। সেয়ে সেইবোৰক তেওঁ অথলে নিদিয়ে। দুখনো কি আৰু সুখনো কি – একেটা মুদ্রাৰে ইপিঠি আৰু সিপিঠি।তথাপি সেই মুদ্রাটোৰ দুখৰ ফালটো কেতিয়াবা ইমান গধুৰ হৈ পৰে যে ইলুটি-সিলুটি কৰা দূৰৰ কথা তাক চুই চাবলৈও ভয় লাগে! তেতিয়াই হয়তো কোনোবা নিজতকৈ বেছি মানসিক শক্তিশালী এজনৰ ওচৰ চপা হয় - দুখৰ মুদ্রাৰ পিঠিটো ওলোটাই সুখৰ পিঠিটো উলিয়াবলৈ! বহু ঐশ্বৰ্য-সম্পদৰ মাজত থাকিও মানুহ কাঙাল হ’ব পাৰে। জন অৰণ্যৰ মাজত থাকিও মানুহ ভীষণ অকলশৰীয়া হ’ব পাৰে! ক’তা, প্রজাপতিতো কেতিয়াও কাঙাল হোৱা নাই। কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলগীয়া হোৱা নাই! নিজৰ লগত নিবিড় বন্ধুত্বৰ কৌশলো তাই আয়ত্ত কৰিছে।তথাপিও মাজে মাজে সামান্য সৰুসুৰা কথাত তাই বিচলিত হৈ পৰে! হয়তো তাইৰ মানসিক অনুশীলনে এতিয়াও পূৰ্ণাংগ পৰ্যায় পাব পৰা নাই!প্রজাপতিৰ এটাই দুৰ্বলতা – সেয়া হৈছে তাইৰ মাক। প্রচণ্ড মানসিক শক্তিৰ অধিকাৰী মাকক তাই অহৰ্নিশে বুকুৰ মাজত কঢ়িয়াই ফুৰে। নাই - কোনেও নুবুজিব মাকৰ প্রতি তাইৰ কিমান আকৰ্ষণ আৰু আত্মবিমোহন!এটা,দুটা নহয় আঠোটা ল’ৰা-ছোৱালী আছিল সিহঁতৰ।মাকে নিজৰ চাৰিটা সন্তানৰ উপৰিও চাৰিটা অনাথ সন্তানো তুলি লৈছিল। সেই তোলনীয়া সন্তানৰ সৰ্বকনিষ্ঠ প্রজাপতিক যি ত্যাগ, মমতা আৰু চেনেহেৰে তেওঁ ডাঙৰ কৰিছিল – সেয়া হয়তো প্রকৃত জন্মদায়ী মাতৃয়েও কৰিব নোৱাৰিব । ভগৱান, পৰী, দেৱদূত আদি সাধুকথাৰ সকলো মোহনীয় কল্পনাৰ চৰিত্রৰ এখনেই ৰূপ ভাহি উঠে প্রজাপতিৰ মনত – সেয়া তেওঁৰ “মা” । কইনা-দৰা খেলাৰ বয়সতে তাই আওৰাইছিল – ‘মই ডাঙৰ হ’লে “মা” হ’ম ।” সকলোৱে হাঁহিছিল । জীয়ৰী হ’লেই তাইক বিয়া দি দিম বুলি কৈছিল । মাক হ’বলৈ হ’লে প্রথমে বিয়া হ’ব লাগিব – এনে কথা এষাৰ তাইক বুজাই দিয়া হৈছিল । তাই বুজি পোৱা নাছিল । মাকৰ দৰে হ’বৰ বাবে বিয়া নহ’লেও হ’ব – এনে এটা কথাহে তাইৰ মনত কিবাকৈ ৰোপণ হৈ পৰিছিল !

“সুখ তেওঁৰ বাবে আবুৰ, যিজন সন্তোষীয়া, যিজনে কেৱল সত্য কয়, সত্য শুনে । এই পৃথিৱীত শুভেচ্ছাই সুখ । ইন্দ্রিয়- আকাংক্ষাৰ বাহিৰত নিস্পৃহ-নিবৃত্তজনেই সুখী । ‘মই’ নামৰ আত্মগৰ্বক দমন কৰিব পৰাতেই বাস্তৱিকতে সকলোতকৈ শ্রেষ্ঠ সুখ নিহিত থাকে।” – মাকে সিহঁতক সৰুতেই বুদ্ধৰ বাণী শুনাইছিল । তাইৰ অন্তৰত সাঁচ কাটি গৈছিল মাকৰ এটা এটা শব্দই । সংসাৰৰ পাকচক্রত টাকুৰি ঘূৰাদি ঘূৰিও ভাগৰি নপৰা তাইৰ মাকক সঁচাকৈয়ে কোনোবা অলৌকিক মানৱী যেনহে লাগিছিল তাইৰ । মাকেই তাইৰ আদর্শ হ’লেও তাইৰ কিন্তু গৃহস্থ ধর্ম পালন কৰাতকৈ সন্ন্যাসিনী হোৱাৰহে মন আছিল । মাকক প্রায়ে তাইৰ ইচ্ছাৰ কথা কৈছিল । মাকে তাইক একো উত্তৰ নিদি মিচিকীয়া হাঁহিৰে বুকুৰ মাজত সোমোৱাই লৈছিল ।

“এনমা নদীৰ পাৰত গেৰুৱা বসন পিন্ধি ,মুণ্ডন কৰি খালী ভৰিৰে ৰাজকুমাৰ সিদ্ধাৰ্থ সন্ন্যাসী হ’বলৈ গুচি যোৱাৰ বাতৰি পায়েই পত্নী যশোধৰাই নিজৰ দেহৰ সমস্ত স্বৰ্ণ অলংকাৰ আৰু মূল্যৱান বস্ত্র খুলি গেৰুৱা বসন পিন্ধিলে । চন্দন কাঠৰ সুকোমল পালেং ত্যাগ কৰি মজিয়াত তৃণশয্যা পাৰি ল’লে । ভিক্ষু সন্ন্যাসীৰ দৰে নিতৌ মাত্র এসাঁজ আহাৰ খাবলৈ ধৰিলে । এইদৰে বিলাসবহুলতাৰে পূৰ্ণ ৰাজপ্রাসাদত থাকিও আলফুলীয়া ৰাজকুমাৰী যশোধৰাই সন্ন্যাসিনীৰ জীৱন ধাৰণ কৰিছিল । প্রিয়তম পতিৰ প্রতি অভিমান আছিল – কিন্তু কোনো খং বা বিতৃষ্ণা নাছিল !” ... মাকে তাইক গৌতম বুদ্ধৰ কাহিনী কৈছিল । তাইৰ খং উঠিছিল গৌতমলৈ । নিজৰ পিতৃ-মাতৃ সন্তান, পত্নী সকলোকে দুখ দি কেনেকৈ সুখৰ সন্ধান কৰিবলৈ গৈছিল । কেনেকৈ বুদ্ধ হ’ব পাৰিছিল সেইজন “নিষ্ঠুৰ” ৰাজকুমাৰ ! বুদ্ধ হোৱাৰ প্রথম খোজ – আনৰ আবেগক উপেক্ষা কৰি “নিষ্ঠুৰ”ভাৱে এৰি থৈ যোৱা নেকি ? নালাগে তেনে তাইক এনে বুদ্ধৰ পথ !

... কিন্তু লাহে লাহে তাইৰ সেই অজ্ঞতা দূৰ হৈছিল । বুজি পাইছিল গৌতমৰ ত্যাগৰ উদ্দেশ্য । বুজি পাইছিল গৌতমৰ ত্যাগে কিদৰে প্রতিজন মানুহৰ জীৱনলৈ শান্তি-আনন্দ আনিছিল । বুদ্ধক পুনৰ ভাল পাবলৈ, বুদ্ধৰ দৰ্শন অনুসৰণ কৰিবলৈ ল’লে তাই । “যেনেকৈ পৰ্বতৰ ওখ শৃংগ আৰোহণ কৰিবলৈ গ’লে লগত থকা অলাগতিয়াল বস্তু পেলাই শৰীৰটো পাতল কৰি মুক্ত হৈ ল’ব লাগে, জীৱনৰ শৃংগ আৰোহণ কৰিবৰ বাবেও লগত থকা ক্রোধ, ঘৃণা, লোভ, মায়া, মোহ আদি সকলো দলিয়াই পেলাই থৈ যাব লাগে।”- বুদ্ধই কৈছিল ।

০০০ ইতিমধ্যে বহুত দেৰি হৈ গৈছিল । তাইৰ কান্ধ দুখন ক্রোধ, ঘৃণা, মায়া, মোহ আদি অদৰকাৰী বোজা কিছুমানে কোঙা কৰি পেলাইছিল । তাইক জন্ম দিয়েই আঁতৰি যোৱা মাক-দেউতাক, তাইক অনাথ বুলি ভেঙুচালি কৰাসকললৈ ক্রোধ, তাইৰ সৰলতাৰ সুবিধা লৈ তাইক গ্রাস কৰিবলৈ চেষ্টা কৰা লোকসকললৈ প্রচণ্ড ঘৃণা কঢ়িয়াই ফুৰিছিল । মাকৰ মৰম, সান্নিধ্য তাইৰ লগত থকালৈকে কোনো বোজা তাই কঢ়িয়াবলগীয়া হোৱা নাছিল । কেতিয়াবা তাই এনে বোজা লোৱা দেখিলেই মাকে থাপ মাৰি পেলাই দিছিল!... মায়া আৰু মোহৰ বন্ধনৰপৰা তাই মুক্ত হ’ব নোৱাৰিলে । সন্ন্যাসিনী হোৱা দূৰৰ কথা, জীৱনৰ লক্ষ্য পথত ভালদৰে ভৰি দিবলৈ নাপাওঁতেই সংসাৰৰ মায়াজালত বন্দী হ’ল । পতি আনন্দৰ মৰম আৰু কণ কণ তিনিটা সন্তানৰ মোহে তাইৰ সকলো তপস্যা ভংগ কৰি পেলালে । কিন্তু লাহে লাহে তাইৰ ভিতৰত থকা আত্মাটো যেন ছটফট কৰিবলৈ ধৰিলে । অন্তৰাত্মাই অহৰহ তাইক আহ্বান জনাই থাকিল - সন্ন্যাসিনী হোৱা ..সন্ন্যাসিনী ! এজনী সংসাৰী নাৰীৰ পক্ষে সন্ন্যাসিনী হোৱাটো ইমান সহজ নহয় । কিন্তু অন্তৰাত্মাৰ আহ্বান উপেক্ষা কৰি থকাটোও যে বৰ সহজ নহয় !

গৌতম বুদ্ধৰ কাষলৈ এবাৰ এগৰাকী মাতৃ আহিল – নিজৰ মহাদুষ্ট পুত্রক লৈ । পুত্রৰ আচৰণত ক্লান্ত অতিষ্ঠ মাতৃয়ে বুদ্ধক কৰযোৰে প্রণাম জনাই সুধিলে –

“হে প্রভু, মোৰ এই পুত্রৰ আচৰণ সলনি কৰাৰ কিবা উপায় আছেনে ?”

বুদ্ধই কেৰাহিকৈ ল’ৰাজনৰ মুখলৈ চালে আৰু মাকক ক’লে –

“তুমি তেওঁক আৰু একো কোৱাৰে প্রয়োজন নাই । তোমাৰ এই পুত্রৰ জীৱনত মাত্র চৌব্বিছ ঘণ্টাহে আয়ুস আছে ।”

কথাষাৰ শুনি মাতৃগৰাকী কান্দি–কাতি আউলী-বাউলী হ’ল । ল’ৰাজনেও এই ভৱিষ্যতবাণী শুনি উচপ খাই উঠিল । পুত্রক সাবটি অশ্রুসিক্ত নয়নেৰে মাতৃগৰাকীয়ে বিদায় ল’লে । ঘৰলৈ গৈ অঘাইতং ল’ৰাজন আচৰিত শান্তভাৱে বহি ৰ’ল । অকল্পনীয় মৌনতাৰে ল’ৰাজনে মৃত্যুৰ বাবে বাট চাবলৈ ধৰিলে । মাক-দেউতাক, আত্মীয়-কুটুম্ব সকলোৱে শোক আৰু উত্তেজনাৰে সময় পাৰ কৰিবলৈ ধৰিলে । মৰণৰ বাবে অপেক্ষাৰ এঘন্টা ..দুঘন্টা …বিছ ঘন্টা .. একৈছ ঘন্টা .. ! ঠিক সেই সময়তে গৌতম বুদ্ধ ল’ৰাজনৰ ঘৰলৈ আহিল । মাতৃসহ ঘৰৰ সকলো আত্মীয়ই পৰম আশাৰে তেওঁক আদৰি আনিলে । বুদ্ধই ল’ৰাজনক সুধিলে :

“বাছা, এই সময়ত তোমাৰ কাৰোবাৰ ওপৰত খং উঠিছে নেকি ?”

ল’ৰাজনে উত্তৰ দিলে :

“নাই উঠা ।“

“কাৰোবাৰ প্রতি ঘৃণা, প্রতিশোধৰ স্পৃহা ?” বুদ্ধই পুনৰ শান্তভাৱে সুধিলে ।

ল’ৰাজনেও বুদ্ধৰ দৰেই শান্তভাৱে উত্তৰ দিলে :

“মোৰ জীৱনৰ সময় তেনেই কম । এতিয়া আৰু কাৰো প্রতি মোৰ খং,ঘৃণা,হিংসাভাব নাই । বৰঞ্চ মোৰ মনত দুখবোধ আৰু স্নেহ-দয়াহে উপজিছে । এই ক্ষণস্থায়ী জীৱনত খং, ঘৃণা, হিংসাৰ স্থান ক’ত ? এইবোৰৰ কিবা অৰ্থ আছে জানো !!”

এইবাৰ স্মিত হাঁহি এটা মাৰি বুদ্ধই ক’লে :

“বাছা, তুমি চৌব্বিছ ঘন্টাত যিখিনি ভাবিছা – মই যোৱা চৌব্বিছ বছৰে তাকেই ভাবি আহিছো – তাকেই কৈ আহিছো । আচলতে তুমি এই সত্যক উপলব্ধি কৰিবলৈকে মই তোমাৰ আয়ুস কম বুলি ঘোষণা কৰিছিলো । পৃথিৱীত কোন কিমান দিন জীয়াই থাকিব কোনেও ক’ব নোৱাৰে । গতিকে জীয়াই থকা দিনকেইটাত কেৱল ভাল ভাব লৈ থাকিলে সদায় সুখী হ’ব পাৰিবা ।”

- কোৱা বাহুল্য যে, সেইদিন ধৰি লৰাজন অতি শান্ত, বিনয়ী আৰু সৎ হৈ পৰিল । ….

প্রজাপতিৰ অঘাইতং ল’ৰাকেইটাই জীৱনলৈ ক্লান্তি নমাই অনাৰ মুহূৰ্ততে চুবুৰীয়া বৃদ্ধাগৰাকীয়ে ক’লে ।…. আকৌ বুদ্ধৰ সাধু !! এইগৰাকী বাৰু তাইৰ মাকেই নহয়নে ? মাকৰ দৰেই আলোকিত মুখখন তেখেতৰ । লাহে লাহে তাই নিজকে উদ্ধাৰ কৰিছিল সেই মমতাময়ী বৃদ্ধাগৰাকীৰ মৰম কোমল সান্নিধ্যত । বুদ্ধৰ দৰ্শনৰ আধুনিক তত্ত্বৰ সন্ধান পাইছিল তাই তেখেতৰ জৰিয়তে । জাপানী পুৰোহিত নিচিৰেন ডাইচনিনে বাৰ শতিকাতে উদ্ধাৰ কৰিছিল বুদ্ধদেৱে তেখেতৰ জীৱনৰ শেষৰ কালছোৱাত দি থৈ যোৱা দৰ্শনৰ বাণীসমূহ । যুগৰ সলনিৰ লগতে মানুহৰ জীৱন ধাৰণৰ প্রণালী সলনি হয় । আমাৰ আধ্যাত্মিক ধ্যান-ধাৰণাও সেই পৰিবৰ্তনৰ লগত খাপ খোৱা হ’ব লাগিব । নহ’লে সেই আধ্যাত্মিক ধ্যান-ধাৰণা অচল বুলি প্রতিপন্ন হ’ব । কথাষাৰ সঁচা । পৃথিৱীৰ সকলো মানুহে কামনা-বাসনা, ঘৰ-দুৱাৰ, পৰিয়াল-পৰিজন ত্যাগ কৰি সন্ন্যাসী হ’বলৈ ঢাপলি মেলিলে – পৃথিৱীত মানুহৰ অস্তিত্বই বিপন্ন হৈ পৰিব । মানুহবিহীন পৃথিৱীত ধ্যান-ধাৰণাৰ প্রয়োজন কি ? ‘নতুন মাকে’ তাইক বুজাইছিল – “সংসাৰৰ ধৰ্ম পালন কৰিও তুমি সন্ন্যাসিনী হৈ থাকিব পাৰা । সন্ন্যাসৰ অৰ্থ কি ? লোভ, মোহ, বাসনা ,ক্রোধ, হিংসা আদি পৰিত্যাগ কৰা । নিৰ্মোহ হোৱা – প্রশংসাত উচ্ছ্বসিত নোহোৱা আৰু নিন্দাতো বিচলিত নোহোৱা , সত্যক সাৰথি কৰা, কথা আৰু কৰ্মৰে এক হোৱা অৰ্থাৎ শব্দক ব্রহ্ম জ্ঞান কৰা – আদিয়েইতো সন্ন্যাসীৰ বৈশিষ্ট্য ।” তাইৰ মনলৈ আহিছিল ৰাজকুমাৰী যশোধৰাৰ কথা । কিদৰে ৰাজকাৰেঙৰ ভিতৰত থাকিও সকলো সুখ, ভোগ ত্যাগ কৰি তেওঁ সন্ন্যাসিনী হৈছিল । তাই আনন্দক কৈছিল কথাবোৰ । আনন্দ বিৰক্ত হৈছিল । তাইক কৈছিল :

“কিহৰ দুখ হৈছে তোমাৰ ? কি পোৱা নাই তুমি ? মৰম, ভালপোৱা, সন্তান, ধন সম্পত্তি ...সকলোৱেইতো পাইছা । তথাপি তোমাৰ সন্ন্যাসিনী হোৱাৰ মন ? তোমাৰ মগজুৰ গণ্ডগোল হোৱা নাইতো ?”

আনন্দই সঁচা কথাই কৈছিল । একোৰে অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল আনন্দই তাইক । তাই যে এজনী তেজ-মহঙৰ কোনো পৰিচয় নথকা অনাথ ছোৱালী – সেই কথাও অনুভৱ কৰিবলৈ দিয়া নাই কোনোদিনে তাইক । তথাপিও তাইৰ বুকুত অহৰহ ৰিঙা ৰিঙা সুৰ এটাই ৰৈ ৰৈ বিনাই থাকে অজানিতে ! অবুজ চকুপানীয়ে তাইৰ দুগাল সদায় তিয়াই থাকে । বুদ্ধলৈ বাৰে বাৰে মনত পৰে তাইৰ । ৰাজপ্রাসাদৰ প্রচুৰ আড়ম্বৰৰ মাজত থাকিও ৰাজকুমাৰ গৌতম সুখী হ’ব পৰা নাছিল । অনবৰতে অন্যমনস্ক, ভাবসাগৰত বিলুপ্ত এক ৰাজকুমাৰ । অজান এক নামহীন বিষাদে সদায় তেওঁৰ চকু ভৰি থাকে । সুন্দৰী পত্নী আৰু সদ্য জন্মপ্রাপ্ত আলফুলীয়া পুত্রৰ সান্নিধ্যয়ো তেওঁৰ সেই বিষাদ দূৰ কৰিব পৰা নাছিল ।

‘নতুন মাক’ কমলাদেৱীয়ে প্রজাপতিক নিতৌ একোখন কিতাপ পঢ়িবলৈ দি থৈ গৈছিল । বুদ্ধ দৰ্শনৰ আধুনিক তত্ত্বৰ কিতাপ । তাই একাত্ম হৈ পৰিছিল প্রতিখন কিতাপৰ প্রতিটো শব্দৰ লগত । পিয়াহত আতুৰ মানুহে মিঠা পানীৰ কুঁৱা এটা পালে যিদৰে নিজৰ তৃষ্ণা দূৰ কৰিব – ঠিক সেইদৰে প্রজাপতিয়েও নিজৰ তৃষ্ণা দূৰ কৰিছিল। কমলাদেৱীৰ লগত নিজেও দুখীজনক সহায় কৰিবলৈ , তেওঁলোকৰ বাবে প্রাৰ্থনা কৰিবলৈ ওলাই আহিল তাই। প্রথমে আনন্দই কিছু বিৰোধিতা কৰিছিল যদিও – লাহে লাহে আনন্দই বিৰোধিতা কৰাৰ সলনি তাইক সহযোগিতাহে কৰা হ’ল ।

নিজৰ ভাষা-জাতি-বৰ্ণৰ লগত মিল নথকা কমলাদেৱীৰ দৰে নাৰীসকলৰ লগত ঘূৰি ফুৰা কথাটো তাইৰ পুৰণা বন্ধু-বান্ধৱী কিছুমানে সহজভাৱে ল’ব পৰা নাছিল । আনন্দৰ কাণত তাইৰ বিৰুদ্ধে নানা কথা ৰহণ লগাই কৈছিল । আনন্দ বিচলিত হোৱা নাছিল । তাইৰ ওপৰত প্রচণ্ড বিশ্বাস আছে আনন্দৰ । আনন্দৰ এই বিশ্বাসৰ উমতে তাই জীয়াই আছে – উশাহ-নিশাহ বন্ধ হ’বলগীয়া পৰিস্থিতিতো তাইক আনন্দৰ এইকণ বিশ্বাসৰ উমে জীয়াই তোলে ।

“সিদ্ধাৰ্থ গৌতমে বৌদ্ধত্ব প্রাপ্তিৰ সাধনাৰ বাবে কঠোৰতম তপস্যা কৰিবলৈ ধৰিলে । নিজৰ মানসিক শক্তিক দৃঢ় কৰিবলৈ শৰীৰক যাতনা দিবলৈ ধৰিলে । এটা উশাহৰ পিছত আনটো উশাহৰ মাজৰ ব্যৱধান বঢ়ালে । খাদ্য গ্রহণ কৰা বন্ধ কৰি দিলে । কিন্তু তাৰ পিছতো তেওঁৰ সাধনা সফল নহ’ল ।গৌতম ক্রমাৎ কংকালত পৰিণত হ’ল । চকু কোটৰত সোমাই গ’ল । মৃতপ্রায় গৌতম চেতনাহীন হৈ পৰিল ! চেতনা ঘূৰাই পোৱাৰ পিছত গৌতমৰ মনলৈ ভাব আহিল যে আত্মা আৰু মনক কষ্ট দি, শৰীৰক নিগ্রহ কৰি বৌদ্ধত্ব প্রাপ্তি নহয় । সেয়ে তেওঁ লাহে লাহে শৰীৰক সুস্থ কৰিবৰ বাবে খাদ্য গ্রহণ কৰাৰ সিদ্ধান্ত ল’লে । গৌতমে তপস্যা কৰা অৰণ্যখনৰ লগত গভীৰ আধ্যাত্মিক সম্পৰ্ক থকা এগৰাকী পবিত্র গোপনাৰী সুজাতাই মাজে মাজে দি যোৱা পায়স তেওঁ গ্রহণ কৰা হ’ল । কিন্তু সিদ্ধাৰ্থ গৌতমৰ পাঁচ ভিক্ষু বন্ধুৱে এই কাৰ্য সহজভাৱে ল’ব নোৱাৰিলে । তেওঁলোকে গৌতমক নানা তিৰস্কাৰ কৰিবলৈ ধৰিলে :

কৌণ্ডিন্য নামৰ এজনে ক’লে :

“ এয়া আপোনাৰ কি স্খলন! আপুনিও কামনা-বাসনাৰ দাস হৈ পৰিল !”

আন এজনে ক’লে :

“দেখিছো – এই নাৰীয়ে দিয়া পায়স খাই খাই আপোনাৰ ভগ্ন স্বাস্থ্যও উজ্জীৱিত হৈ আহিছে । শৰীৰৰ উজ্জ্বলতা বাঢ়িছে । এয়া কি আপোনাৰ বৌদ্ধত্ব অন্বেষণৰ লক্ষণ ? এসময়ত ভোগ-লালসাৰ পৃথিৱী পৰিহাৰ কৰি আহি এতিয়া আকৌ এই লোলুপ আচৰণ ? ছি: ছি: !!”

গৌতমে ধৈৰ্যসহকাৰে বন্ধুৰ তিৰস্কাৰ শুনি শান্তভাৱে উত্তৰ দিলে :

“ বন্ধুসকল, জ্ঞানৰ সাধনাৰ বাবেও শৰীৰৰ প্রয়োজন । শৰীৰ এক ধ্যানৰ মাধ্যম । এই মাধ্যমেৰে মই এতিয়া বোধিসত্তা । যদি শৰীৰটোৱেই ধ্বংস হৈ যায় , তেনে সাধনাৰ ফল কেনেকৈ পাম ? এই বোধিসত্তা কেনেকৈ বুদ্ধ হ’ব ? সেইবাবেই মই আহাৰ গ্রহণ কৰিছোঁ আৰু ইয়াত কামনা-বাসনা চৰিতাৰ্থৰ কোনো কথা নাই ।”

গৌতমৰ বক্তব্যত সন্তুষ্ট নহ’ল পাঁচ ভিক্ষু ! তেওঁলোকে গৌতমৰ সংগ পৰিহাৰ কৰিলে । গৌতম বিচলিত নহ’ল । এক শান্ত-সমাহিত অবিচলিত চিত্তৰে পুনৰ ধ্যানত নিমগ্ন হ’ল আৰু সুজাতাই আনি দিয়া পায়স কৃতজ্ঞতাৰে গ্রহণ কৰি থাকিল …” : প্রজাপতিয়ে পঢ়ি গৈছিল সিদ্ধাৰ্থ গৌতমৰ সেই কাহিনী ! তাই বুজি পাইছিল - যি মন শুদ্ধ আৰু পৱিত্র , সেই মনক হাজাৰ নিন্দা আৰু কলংকয়ো বিচলিত কৰিব নোৱাৰে । দৃঢ় সংকল্প আৰু শুদ্ধ বিশ্বাসে সকলো বাধাৰ প্রাচীৰ হৈ থিয় দিয়ে । প্রজাপতিও অবিচলিত হৈ থাকিল । দৃঢ় সংকল্প আৰু শুদ্ধ বিশ্বাসেৰে নিজৰ পথত আগ বাঢ়ি গ’ল । ভোগ-বিলাস তাইৰ পূৰ্বেও নাছিল । লাহে লাহে সকলো বিসৰ্জন দিবলৈ ধৰিলে । শৰীৰৰ বাহিৰৰ ৰং যিমানেই পৰিহাৰ কৰিবলৈ ধৰিলে শৰীৰৰ ভিতৰখন যেন সিমানেই ৰঙীন হৈ পৰিল প্রজাপতিৰ । নিতৌ নতুন বিশুদ্ধ অন্তৰৰ ব্যক্তিৰ সান্নিধ্য আৰু অভিজ্ঞতাই তাইৰ নামহীন দুখবোৰক সীমাহীন সুখলৈ পৰিণত কৰিলে ! তথাপিও তাৰ মাজতো প্রজাপতিয়ে অনুভৱ কৰে : তাইৰ যেন বুদ্ধ হোৱাৰ পথ বহুত দূৰত ! সন্ন্যাসিনী হোৱা দূৰৰ কথা, গৃহী ভিক্ষুও যেন হব পৰা নাই ! সন্তানৰ প্রতি অত্যধিক দুৰ্বলতা আৰু মৰমে তাইক প্রায়ে বিচলিত কৰে । তাই জানে প্রতিটো মূহূৰ্ততে সন্তানৰ প্রতি উদ্বিগ্ন হৈ থকাটো প্রকৃত বোধিসত্তাৰ লক্ষণ নহয় । তাই দেখুওৱা বোধিসত্তাৰ পথ ল’ৰাকেইটাই নিৰ্বিবাদে মানি লৈছে । কিন্তু তথাপিও তাইৰ ভয় হয় সিহঁতৰ ভৱিষ্যতক লৈ ! ল’ৰাকেইটাই যেতিয়া নিজৰ কামত অৱহেলা কৰে – মিছাৰ আশ্রয় লয় , বেয়া ব্যৱহাৰ কৰে - তাই বিচলিত হৈ পৰে । সাৰ্থক প্রজাপতিৰ মানস পুত্র । তাইৰ বুদ্ধৰ দৰ্শনৰ পথত ভেটাভেটি হোৱা এটি পবিত্র আত্মা সাৰ্থক । সাৰ্থকৰ মৰম, শ্রদ্ধা আৰু সান্নিধ্যই তাইৰ মাতৃৰ জীৱন সাৰ্থক কৰিছে । কিন্তু সন্ন্যাসিনী হোৱাৰ পথত সাৰ্থকো যেন বাধা হৈ পৰে কেতিয়াবা তাইৰ বাবে ! তাই নিজেই নিজৰ মাজত সৃষ্টি কৰি লোৱা প্রবল তৰংগৰ বানপানীয়েও বুৰাব নোৱৰা দ্বীপটো যেন সাৰ্থকৰ ভক্তি আৰু ভালপোৱাই মাজে মাজে বুৰাই পেলাব বিচাৰে ..! তাইৰ চকুৰপৰা হাজাৰ মাইল আঁতৰত থকা মানস পুত্র সাৰ্থক – যাৰ মাজত তাই বুদ্ধক দেখে, তাইৰ চকুৰ সন্মুখত থকা গৰ্ভজাত পুত্র নয়ন, নিবিড় আৰু পৰশ – এই চাৰিওটা ল’ৰাই যেন তাইক মায়া-মোহৰ পৃথিৱীখনলৈ টানি টানি মাতি থাকে । নিৰ্মোহ আৰু নিৰ্বিকাৰ হ’বলৈ নিদিয়ে । মৃত্যুলৈ তাইৰ আজিকালি ভয় লগা হৈছে । পেটৰ এক বিশেষ ঠাইত হৈ থকা অদ্ভূত বিষটোৱে আজিকালি তাইক ভয় খুৱাবলৈ ধৰিছে । সৌ সিদিনালৈকে তাই বাট চাই আছিল মৃত্যুৰ বাবে হাঁহি হাঁহি । শৰীৰ নামৰ আত্মাৰ এই পুৰণা চোলাটো সলাই নতুন চোলা এটা পিন্ধিবলৈ । কিন্তু মাজে মাজে তাইৰ এই পুৰণি চোলাটোলৈ ইমান মোহ হয় – আৰু তাৰ কাৰণ হৈছে তাইৰ এই ল’ৰা চাৰিটা । নাই নহ’ব । তাই নিজৰ এই মোহভংগ কৰিবই লাগিব ।

প্রজাপতিয়ে পঢ়া মেজখনৰপৰা উঠি আহি নিজৰ ম’বাইল ফোনটোৰ ছুইচ বন্ধ কৰি দিলে । দুই হাতযোৰ কৰি কিছু সময় ধ্যান কৰিলে । তাৰ পিছত তাই সৰু এখন ডায়েৰি উলিয়াই আনিলে । মুখেৰে ক’ব নোৱৰা বহুবোৰ কথা তাই এইখন ডায়েৰিতে লিখি যায় । তাইৰ ডাঙৰ পুত্র সাৰ্থকৰ মাজত তাই নিজক দেখে । সেয়ে সকলো কথা তাই সাৰ্থকক উদ্দেশি লিখি যায় । নয়ন, নিবিড় আৰু পৰশে তাই লিখা কথাখিনি বুজি পাবৰ বয়স হোৱা নাই । তাইৰ অনুভৱৰ লগত একাত্ম হ’বলৈ আনন্দ যেন এতিয়াও মানসিক ভাবে তাইৰপৰা বহুত দূৰত আছে ! ডায়েৰিৰ বগা পৃষ্ঠাটোত ক’লা চিঞাহীৰ গোট গোট আখৰেৰে প্রজাপতিয়ে লিখিবলৈ আৰম্ভ কৰিলে :

সাৰ্থক – মোৰ বাছা, বুদ্ধদেৱে কৈছিল : “সত্যক যেতিয়া আমন্ত্রণ জনোৱা হয়, তাক গ্রহণ কৰিবই লাগিব । এয়াই সত্যৰ নিয়ম । সত্যক কোনেও জয় কৰিব নোৱাৰে, কেৱল আমন্ত্রণহে জনাব পাৰে ।” মোৰ সোণ, তুমিও সদায় সত্যৰ সন্মুখীন হ’বলৈ সাহসেৰে প্রস্তুত থাকিবা । নিজেই নিজৰ আশ্রয়প্রাৰ্থী হ’বা । নিজৰ মাজত তুমি কোনো ধুমুহা, বানপানীয়ে বুৰাব নোৱৰা দ্বীপ এটাৰ সৃষ্টি কৰি ল’বা । মোৰ আশীৰ্বাদ সদায় আছে । – তোমাৰ “মা”

Share Button
Print Friendly, PDF & Email

No Comments : "সন্ন্যাসিনী প্ৰজাপতি"

Leave a Comment

Your email address will not be published. Required fields are marked *