হাইদৰ : শেহতীয়াকৈ চোৱা চিনেমাখন

পাপুলজ্যোতি বৰগোহাঁই

দুই হাতীৰ যুঁজত ঘাঁহৰ মৰণ হয়।
কাশ্মীৰীসকলতকৈ ভালদৰে চাগে' কোনেও ক'ব নোৱাৰিব এই প্ৰবাদত কিমান আছে সত্যতা।
দেশ বিভাজনৰ সময়ৰ পৰাই কাশ্মীৰ ভাৰত আৰু পাকিস্তানৰ মাজত এক সমাধানহীন সমস্যা আৰু বিবাদৰ কাৰণ হিচাবে থাকি গ'ল। মৰতৰ সৰগত লাগিল নুমাব নোখোজা জুই। সমুখা-সমুখিয়েই হওক বা ছায়াযুদ্ধই হওক - মুঠতে কাশ্মীৰত অহৰহ চলি থাকিল দুই হাতীৰ যুঁজ।
পিছে 'হাইদৰ'ত হাতীযুঁজৰ কথা নাই, আছে এই যুঁজত নেফানেফ হোৱা নিৰুপায় ঘাঁহৰ কথা; জ্বলন্ত সৰগৰ সাধাৰণ বাসিন্দাৰ কথা।

২০১৪ চনৰ শেষৰফালে মুক্তি পোৱা 'হাইদৰ' উইলিয়াম ছেক্সপীয়াৰৰ 'হেমলেট'' নাটকৰ ভাৰতীয় হিন্দী অভিযোজনা (adaptation)। পৰিচালনা বিশাল ভৰদ্বাজৰ। 'মকবুল' (মেকবেথ) আৰু 'ঔমকাৰা'ৰ (অথেল') পাছত 'হাইদৰ' ভৰদ্বাজৰ এই ধৰণৰ তৃতীয় প্ৰচেষ্টা। ছবিখনৰ পটভূমি কাশ্মীৰ - ১৯৯৫ চনৰ কাশ্মীৰ।

১৯৯৫ চন।
বিচ্ছিন্নতাবাদী সন্ত্ৰাসবাদে ভৰপক দিছে কাশ্মীৰত।
হিল্লাল মীৰ অনন্তনাগৰ এগৰাকী সৎ নিষ্ঠাৱান চিকিৎসক। এদিন ঘটনাক্ৰমে তেওঁ নিজৰ ঘৰতে এগৰাকী উগ্ৰপ্ৰন্থী নেতাৰ চিকিৎসা কৰিবলগীয়া হ'ল। এই খবৰ কেনেবাকৈ (?) ভাৰতীয় সেনাৰ কাণত পৰিলগৈ। অভিযান চলিল; জ্বলাই ছাই কৰি পেলোৱা হ'ল মীৰৰ ঘৰ আৰু সন্ত্ৰাসবাদীৰে সম্পৰ্ক ৰখাৰ অপৰাধত মীৰক গ্ৰেপ্তাৰ কৰি লৈ যোৱা হ'ল। তাৰ পাছত আৰু কেতিয়াও উভতি নাহিল ডাক্তৰ হিল্লাল মীৰ - অন্য আঠ হাজাৰ কাশ্মীৰীৰ দৰেই তেওঁ ভাৰতীয় সেনাৰ হাতত বন্দী হৈ 'ডিছ্এপিয়েৰ' হ'ল।

9_PAPULJOYTI_haiderখবৰ পাই আলিগড়ৰ পৰা আহি ওলাল ডাক্তৰৰ পুত্ৰ হাইদৰ মীৰ (শ্বাহিদ কাপুৰ)। সাহিত্যৰ ছাত্ৰ, কবিতা লিখা অলপমান অন্তৰ্মুখী ডেকা ল'ৰা। হাইদৰে দৃঢ় সংকল্প ল’লে দেউতাকক তেওঁ বিচাৰি উলিয়াব যিকোনো প্ৰকাৰে। তেওঁ চলাথ কৰিলে এটাৰ পাছত আনটো সেনাৰ শিবিৰ। সহযোগ কৰিলে তেওঁৰ সাংবাদিক প্ৰেয়সী আৰ্চীয়ে (শ্ৰদ্ধা কাপুৰ) আৰু অৱশেষত ৰোহদাৰ (ইৰফান খান) নামৰ এক বিশেষ চৰিত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত হাইদৰে বিচাৰি উলিয়ালে পিতৃৰ সমাধি বাৰামুলাৰ ওচৰৰ এক কবৰস্তানত। ৰোহদাৰে হাইদৰক পিতৃৰ হত্যাকাৰীৰো সন্ধান দিলে। তেওঁ হ'ল হাইদৰৰ নিজা খুৰাক খুৰম (কে কে মেনন)। এই খুৰমেই সেনাক জনাইছিল হাইদৰৰ দেউতাকে উগ্ৰপন্থীক ঘৰত আশ্ৰয় দিয়াৰ কথা আৰু খুৰমে সেই খবৰ পাইছিল হায়দৰৰ মাতৃ গজালা (টাবু)ৰ পৰা। মুঠতে পিতৃৰ সন্ধান কৰিবলৈ গৈ হাইদৰে আৱিষ্কাৰ কৰি পেলালে তেওঁৰ আপোন মানুহবোৰৰ চৰিত্ৰৰ কিছুমান অন্ধকাৰ দিশ। সকলোৰে ওপৰত বিশ্বাস তেওঁ হেৰুৱালে। আনকি প্ৰেয়সী আৰ্চীৰ ওপৰতো। আৰ্চীয়ে নিজেই নজনাকৈ হায়দৰক ঠেলি দিলে ভয়ানক বিপদৰ মাজলৈ।

এইদৰে সন্দেহ আৰু অবিশ্বাসৰ এই নিৰ্মম খেলাখনত হাইদৰ হৈ পৰিল অজানিতে সোমাই পৰা এজন তেনেই কেঁচা খেলুৱৈ। যেন ছেক্সপীয়েৰৰ হেমলেট - নিৰুপায়, সন্দেহ-দ্বিধা-শংকাগ্ৰস্ত আৰু প্ৰতিশোধপৰায়ণ!
হেমলেটৰ দৰেই হাইদৰে আত্মৰক্ষাৰ স্বাৰ্থত এটাৰ পাছত এটা হত্যা কৰি গ'ল আৰু আওপকীয়াকৈ হৈ পৰিল আন কেইবাটাও মৃত্যুৰ কাৰণ।
শেষ পৰ্যন্ত ভাগ্যৰ ('অপৰিবৰ্তনীয় কপালৰ লিখন' বুলি নহয়; পৰিস্থিতি বুলিহে পঢ়িব) হাতত সৰ্বস্ব হেৰুৱাই অকলে ৰৈ গৈছে হাইদৰ -গুৰুতৰভাৱে আহত, বিধ্বস্ত আৰু ... সম্পূৰ্ণ ভৱিষ্যতহীন!

যিকোনো বিদেশী কাহিনীৰ অভিযোজনাতে পৰিচালকে দুটা সামান্য বিপৰীতধৰ্মী প্ৰচেষ্টা চলাব লগীয়া হয়; প্ৰথমে বিদেশী কাহিনীটোক স্থানীয়কৰণ (localisation) কৰা আৰু দ্বিতীয়তে মূলৰ সৈতে যিমান পাৰি সংলগ্ন হৈ থকা, মূল কাহিনীৰ বৈশিষ্ট্যসমূহ যতদূৰ সম্ভৱ ৰক্ষা কৰা।
কাহিনীৰ স্থানীয়কৰণ (ভাৰতীয়কৰণ বা কাশ্মীৰীকৰণৰ) বাবে পৰিচালকে পাৰ্যমানে চেষ্টা কৰিছে আৰু সফল হৈছে। স্থানীয়কৰণৰ কাৰণে বিভিন্ন কাশ্মীৰী সাংস্কৃতিক উপাদান যেনে - পৰম্পৰাগত কাশ্মীৰী সাজপাৰ, লোকনৃত্য (ভান্দ আদি), লোকবাদ্য (ৰোবাব আদি), আৰু বিভিন্ন কাশ্মীৰী লোকসংগীত ছবিখনত সুবিধা অনুসৰি বা সুবিধা উলিয়াই ব্যৱহাৰ কৰা হৈছে। একেদৰে কাশ্মীৰী ইংৰাজী আৰু হিন্দী উচ্চাৰণশৈলীৰ (accent) ব্যৱহাৰো এই প্ৰচেষ্টাৰে অংশ। তদুপৰি ছবিখনৰ দৃশ্য গ্ৰহণ যিহেতু কাশ্মীৰতে কৰা হৈছে সেয়ে অনবৰতে এক 'কাশ্মীৰ কাশ্মীৰ গোন্ধ' দৰ্শকে পাই থাকিব ।

একেদৰে ছেক্সপীয়েৰীয় নাটকৰ বৈশিষ্ট্যসমূহ ৰক্ষাৰ বাবে পৰিচালকে কৰা প্ৰচেষ্টাও মন কৰিবলগীয়া। অতিপ্ৰাকৃতিক ঘটনা বা চৰিত্ৰ ছেক্সপীয়েৰৰ নাটকৰ এক প্ৰধান বৈশিষ্ট্য । 'হেমলেট'তো আছে ৰজা হেমলেটৰ ভূত। নাটকখনৰ কাহিনীৰ গতি এইটো চৰিত্ৰৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। কিন্তু ৰাষ্ট্ৰ-প্ৰান্ত সংঘাতৰ দৰে সাম্প্ৰতিক ৰাজনৈতিক সমস্যাৰ আধাৰত নিৰ্মিত 'হাইদৰ'ত ভূত দেখুৱাবলৈ গ'লে কাহিনীৰ বিশ্বাসযোগ্যতা হ্ৰাস হোৱাৰ খুবেই সম্ভাৱনা আছিল। দক্ষ পৰিচালক ভৰদ্বাজে সেয়ে মধ্যম পন্থা বাছি লৈছে - সৃষ্টি কৰা হৈছে ৰোহদাৰ নামৰ চৰিত্ৰটোৰ। অৰ্থপূৰ্ণভাৱে 'ৰোহ' শব্দটোৰ অৰ্থ হৈছে আত্মা। এই চৰিত্রটোক এক ভূতসদৃশ ৰহস্যময়তা দিবৰ বাবে আৱহ সংগীত আৰু কেমেৰাক কৌশলেৰে ব্যৱহাৰ কৰা হৈছে; ব্যৱহাৰ কৰা হৈছে সংলাপৰো।
এটা বিশেষ প্ৰসংগত আৰ্চীয়ে ৰোহদাৰক সোধে -
'' আপুনি ডাক্তৰ নেকি?''
ৰোহদাৰে উত্তৰ দিয়ে -
'' নহয়, মই ডাক্তৰৰ আত্মাহে (ৰোহ) !''
হিল্লাল মীৰ ডাক্তৰ আছিল, এইখিনিতে মনত পেলাবলগীয়া ।

আকৌ,
ভাৰতীয় সেনাৰ শিবিৰত শিকলিৰে বান্ধি থোৱা অৱস্থাত -
ডাক্তৰ মীৰ -
আমি একেলগেই মৰিম চাগৈ ৰোহদাৰ ?!
ৰোহদাৰ -
আপুনি মৰিব ডাক্তৰ চাহাব। মই পিছে নমৰো।
মীৰ -
পিছে কেনেকৈ ?
ৰোহদাৰ -
কাৰণ আপুনি শৰীৰ, মই আত্মা (ৰোহ)। আপোনাৰ মৰণ আছে মোৰ নাই।

সঁচাকৈয়ে নিশ্চিত মৰণৰ পৰা ৰোহদাৰ বাছি গৈছে আৰু হাইদৰক পিতৃৰ হত্যাকাৰীৰ কথা কৈছেহি, যিটো 'হেমলেট'ত কৰিছিল ৰজা হেমলেটৰ ভূতে।

হেমলেট আৰু মাতৃ গাৰ্ট্ৰুডৰ মাজৰ জটিল সমন্ধ (Oedipus complex?) আছিল 'হেমলেট'ৰ আন এটা চকুত পৰা দিশ । 'হাইদৰ'তো এই সমন্ধত জটিলতা আছে। মাতৃ গাজালাক হাইদৰে সন্দেহ কৰে, ঘৃণা কৰে, কিন্তু এক বেলেগধৰণে ভালো পায়। এই ভালপোৱাক ছবিখনৰত দেখুওৱা হৈছে এনেদৰে -
গজালা -
সৰুতে তই কি কৈছিলি মনত আছে ?
হাইদৰ -
কি?
গজালা -
"ডাঙৰ হ'লে মাক বিয়া কৰাম !" আৰু সদায়ে ডাক্তৰ আৰু মোৰ মাজত আহি সোমাই শুইছিলি। ডাক্তৰে মোক চুলেও তই তেওঁৰ সৈতে কাজিয়া কৰিছিলি!
হাইদৰ -
এতিয়াতো ডাক্তৰৰ ভায়েকে আপোনাক চোৱে; এতিয়া কি কৰোঁ মই ?! ... আপোনাক মই কাৰোৱে সৈতে ভাগ কৰিব নোখোজোঁ। বিষাক্ত আপোনাৰ সৌন্দৰ্য।

শেষৰ ফালে এটা দৃশ্যত চিৰ বিদায় ল’বলৈ ওলোৱা মাকে হাইদৰক প্ৰথমে কপালত এটা চুমা খাইছে ... তাৰ পাছত গালত এটা চুমা ... আৰু শেষত ওঁঠত এটা চুমা!

মাতৃ-পুত্ৰৰ এনে ঔষ্ঠ্য-চুম্বন ভাৰতীয় চিনেমাত সাধাৰণ কথা নিশ্চয় নহয়।

কাশ্মীৰৰ স্বাধীনতাৰ প্ৰসংগত 'হাইদৰ'ৰ মত কি? 'হাইদৰ' চাবলৈ আগ্ৰহী হোৱাৰ ই আছিল এক প্ৰধান কাৰণ। দৰাচলতে পোনপটীয়াকৈ ছবিখনত এই বিষয়ে একো কোৱা হোৱা নাই; মাত্র দুটামান ইংগিত দিয়া হৈছে। এইজাতীয় -
লালচ'কত সমবেত জনতাৰ সন্মুখত উন্মাদপ্ৰায় হাইদৰ :
হাইদৰ : এতিয়া হিন্দুস্তানে নেৰে আমাক। পাকিস্তানেও নেৰে। কোনোবাইতো সোধক আমাক কি লাগে...
জনতা : স্বাধীনতা।
হাইদৰ : এইপাৰৰ পৰা ল’ম...
জনতা : স্বাধীনতা !
হাইদৰ : সিপাৰৰ পৰাও ল’ম...
জনতা : স্বাধীনতা !
হাইদৰ : আমি ল’মেই ল’ম...
জনতা : স্বাধীনতা।

ক’বলৈ গ'লে কৌশলী পৰিচালনাই সৃষ্টি কৰা এক কবিতাসদৃশ ধূসৰতাই 'হাইদৰ'ৰ কাহিনীক ঢাকি ৰাখিছে। এই ধূসৰতাই ছবিখনক সুন্দৰ কৰিছে। সহজে চকুত পৰিব পৰাকৈ ইয়াত কোনোটো কথাই স্পষ্ট নহয়। সংলাপবোৰৰ মাজৰ কোনখিনত পৰিচালকে নিজৰ বক্তব্য লুকুৱাই ৰাখিছে সহজে ধৰিব পৰা নাযায়। তথাপি উল্লেখ কৰা ধৰণৰ ইংগিতবোৰৰ আধাৰত ক'ব পাৰি, 'হাইদৰ'ৰ পৰিচালকে কাশ্মীৰৰ স্বাধীনতাৰ সপক্ষেই মত দিছে।
লক্ষণীয় যে কিছুদিনৰ আগতে অৰুন্ধতী ৰয়েও একেই মত প্ৰকাশ কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল।

পাকিস্তানী আৰু পাকিস্তান-সমৰ্থিত কাশ্মীৰী উগ্ৰপন্থীসকলৰ বিৰুদ্ধে ধৰ্মীয় গোড়ামিৰ অভিযোগ সদায়েই আছে। কাশ্মীৰী পণ্ডিতসকলৰ আজিৰ অৱস্থাৰ মূলতেই এওঁলোক। কিন্তু 'হাইদৰ''ত কেনেদৰে দেখুওৱা হৈছে এই উগ্ৰপন্থীসকলক?
এটা উদাহৰণ -
সোধা হৈছে,
'তুমি চিয়া নে চুন্নী?'
এজন উগ্ৰপন্থীয়ে (আই এছ আইৰ এজেন্ট??) উত্তৰ দিছে,
"... ঝিলামো মই চেনাবো মই
মই মন্দিৰ মই মছজিদো
মই চিয়াও মই চুন্নীও
মই পণ্ডিতো (হিন্দু)"

ভাৰতীয় সেনাই চলোৱা অত্যাচাৰ-নিপীড়ন, মানৱাধিকাৰ উলংঘনক বিস্তৃতভাৱে দেখুওৱাৰ বিপৰীতে কাশ্মীৰী উগ্ৰপন্থীক চিত্ৰায়িত কৰা হৈছে এনেদৰে। ইমান উদাৰ, ইমান ধৰ্মনিৰপেক্ষ তেওঁলোক হয়নে সঁচাকৈয়ে ?

'হাইদৰ' চোৱাৰ পাছত দৰ্শকে পৰিচালক বিশাল ভৰদ্বাজৰ নিৰপেক্ষতাক লৈ সৰু প্ৰশ্ন এটা কৰিব পাৰে; কিন্তু তেওঁৰ দক্ষতা আৰু সাহসৰ ওপৰত প্ৰশ্ন উঠোৱা যিকোনো দৰ্শকৰ বাবেই কঠিন হ'ব।
তদুপৰি এই প্ৰশ্নৰ উত্তৰ তেওঁ 'হাইদৰ'তে খুবেই সুন্দৰকৈ দিছে।

Share Button
Print Friendly, PDF & Email

No Comments : "হাইদৰ : শেহতীয়াকৈ চোৱা চিনেমাখন"

Leave a Comment

Your email address will not be published. Required fields are marked *