গল্প-কবিতা

ৰং-তুলিকা

গৌৰী শংকৰ দাস

হেৰোৱা ছাঁ-টো বিচাৰি পালোঁ

আবেলিৰ ববচা বনত বেলিটি লুকাবৰ পৰত৷

বনৰীয়া বতাহ এজাকে খেদি অনা জাকফুৰা গৰুজাকে ধূলিয়ৰি কৰা পথাৰত

দীঘল বেঙা এটা মেলি পৰিছেহি মোৰ নুমলীয়া শৈশৱৰ ছাঁ৷

পোৰা নৰাৰ গোন্ধ এটা উজাই উজাই আহি পকা বনপিঠা এটা হৈছে৷

ঘৰমুৱা বেলিৰ তীৰ্যক চাৱনিত ছাঁ-টো আৰু দীঘল হৈ পৰিছে,

আৰু দীঘল বেঙা মেলিছে

আবেলিৰ ববচা বনত বেলিটি লুকাবৰ পৰত।

18_GAURI_SANKAR_DAS_rang_tulika

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *