গল্প-কবিতা

আইনাত, আৰ্তিৰ খুন্দাত

গৌতম প্ৰিয়ম মহন্ত

 

গাঢ়তাৰে ভাৰাক্ৰান্ত ৰংবোৰত মৌনতাৰ অৱৰোধ

ডাৱৰৰ শুভ্ৰতাক শুহি এলান্ধুৰ ৰং

.

বন্ধ পানীত এতিয়া নকঁপে ক’লা ছাঁবোৰ

ঘোলা স্থবিৰতাত নিদ্ৰিত ক’লা ছাঁবোৰ

.

কচাইখানাৰ ঘাঁহনিত মিহলি হয়

শুকান চকুৰ গুড়ি গুড়ি তেজ

খবৰ কাগজৰ এচুকত উৎসৱৰ নাম

(কাইলৈ কাগজ বন্ধ)

.

কোনোবাই যেন চিয়ঁৰিছে উট চৰাইৰ দৰে

গছৰ পাত নলৰে, নাভাহে যন্ত্ৰণাৰ মাত

.

নিৰুদ্দিষ্ট বতাহৰ কংকাল খেদি

দলঙৰ তলত পৰেগৈ তিনিজন আৰোহী।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *