ক্ৰীড়াংগননিবন্ধ

গৃহযুদ্ধ আৰু এজন ষ্ট্ৰাইকাৰ

অমিতাভ মহন্ত

ড্ৰগবা, ডিডিয়াৰ ড্ৰগবা৷ সম্পূৰ্ণ নাম ডিডিয়াৰ য়েভেছ ড্ৰগবা টেবেলি৷ ফুটবলপ্ৰেমীৰ বাবে এক চিনাকি নাম৷ বৰ্তমান অহাবাৰৰ ‘আই এছ এল’ত এথলেটিকো ডে কোলকাতাৰ হৈ খেলিব পাৰে বুলি খবৰ এটা ওলোৱাৰ পিছত এই নাম আকৌ চৰ্চালৈ আহিছে৷ তথাপি দুই-এজনে তেওঁৰ বিষয়ে নাজানিবও পাৰে বুলি অনুমান কৰি তেওঁৰ বিষয়ে অলপ লিখিব বিচাৰিছো৷

নিচা আৰু পেছা ফুটবল৷ জন্ম ১১ মাৰ্চ ১৯৭৮ত, আইভৰি ক’ষ্টৰ আবিডজান চহৰত৷ ড্ৰগবাই আইভৰি ক’ষ্ট জাতীয় দলৰ উপৰিও অন্য বহুতো দলৰ হৈ খেলিছে৷ পিছে বেছিভাগৰে বাবে ড্ৰগবাৰ পৰিচয় হৈছে চেলচিৰ ষ্ট্ৰাইকাৰ৷ এক অত্যন্ত প্ৰতিভাসম্পন্ন ফুটবলাৰ হিচাপে বিশ্বই তেওঁক সদায়েই মনত ৰাখিব৷

ঘানা আৰু লিবিয়াৰ মধ্যৱৰ্তী অঞ্চল তথা উত্তৰ আটলাণ্টিক মহাসাগৰৰ সীমাত আইভৰি ক’ষ্ট অৱস্থিত৷ দেশখনক স্থানীয় নাম কোট ডি আইভৰি৷ বহু বছৰ আগতে ইউৰোপৰপৰা হাতীৰ দাঁত আৰু ক্ৰীতদাস বিচাৰি ইউৰোপৰ মানুহৰ এই অঞ্চললৈ আগমন ঘটে৷ ১৮৪২ চনত এই দেশ ফৰাচীসকলে অধিকাৰ কৰে৷ ১৮৮২ চনলৈ ‘ কোট ডি ভেয়াৰ ‘ নামেৰ এই ৰাষ্ট্ৰত ফৰাচীসকলৰ সক্ৰিয় নিয়ন্ত্ৰণ অব্যাহত থাকে৷ ১৮৮৯ চনৰ ১০ জানুৱাৰিত আইভৰি ক’ষ্টক ফ্ৰান্সৰ অঙ্গৰাজ্য হিচাপে ঘোষণা কৰা হয়৷ বিভিন্ন ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি অৱশেষত ১৯৬০ চনত ফেলিক্স হাউফেট বোগনিৰ নেতৃত্বত এই দেশে স্বাধীনতা লাভ কৰে৷ ১৯৯০ চনলৈ একদলীয় শাসন ব্যৱস্থাৰে বোগনিয়ে এই দেশ শাসন কৰে৷ নিৰ্বাচনৰ কোনো ব্যৱস্থা নথকা বাবে অভিবাসীসকলৰ নাগৰিকত্ব আদি কেতিয়াও আইভৰি ক’ষ্টত মুখ্য বিষয় হৈ উঠা নাছিল৷ ১৯৯০ চনত বোগনিয়ে বিৰোধী ৰাজনৈতিক দল গঠনত অনুমতি প্ৰদান কৰে৷

১৯৯৩ চনত ৰাষ্ট্ৰপতি বোগনিৰ মৃত্যুৰ পিছত তেখেতৰ উত্তৰাধিকাৰীসূত্ৰে হেনৰি বোগান বেডিয়ে ৰাষ্ট্ৰপতিৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে৷ ১৯৯৫ চনত তেখেত আকৌ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হয়৷

১৯৯৯ চনত দেশৰ উত্তৰাঞ্চলত মুছলিম অধিবাসী আলাছান ৱাটাৰাই আই এম এফৰ চাকৰি এৰি দেশলৈ উভতি আহে৷ উদ্দেশ্য আছিল ২০০০ চনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰা৷ তাৰ মাজতেই ১৯৯৯ চনৰ শেষৰফালে ৰবাৰ্ট গুয়েৰ নেতৃত্বত হোৱা এক সামৰিক অভ্যুত্থানত বোগান বেডি ক্ষমতাচ্যুত হৈ ফ্ৰান্সলৈ পলাই যায়৷

19_AMITAV_MAHANTA২০০০ চনৰ অক্টোবৰ মাহত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ৰবাৰ্ট গুয়েই নিজকে বিজয়ী ঘোষণা কৰে৷ নিৰ্বাচনত হোৱা ব্যাপক খেলিমেলিৰ বিৰুদ্ধে জনতা ক্ষোভত ফাটি পৰে আৰু গুয়েৰ বিৰুদ্ধে দেশব্যাপী তীব্ৰ গণ আন্দোলন গঢ়ি তোলে৷ শেষত তেওঁ অন্য দেশলৈ পলাই যাবলৈ বাধ্য হয়৷ তাৰ পিছত তাৰ পিছত নিৰ্বাচনত বিজিত প্ৰাৰ্থী লৰেন্ট বেগবোৱে নিজকে ৰাষ্ট্ৰপতি বুলি ঘোষণা কৰে৷ ২০০০ চনৰ বিতৰ্কিত ভোটাৰ তালিকাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনত বেগবোৰ আইভৰিয়ান পপুলাৰ ফ্ৰন্টে একক সংখ্যাগৰিষ্ঠতা লাভ কৰে৷ কিন্তু বিৰোধী নেতা আলাছান ৱাটাৰা আৰু তেওঁৰ সমৰ্থকসকলে এক নিৰ্বাচনৰ ফলাফল বৰ্জন কৰে৷ ২০০১ চনত স্থানীয় চৰকাৰ নিৰ্বাচনৰ বাবে হোৱা নিৰ্বাচনত ৱাটাৰাৰ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে৷ সংখ্যাগৰিষ্ঠতা লাভ কৰিয়েই নতুন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ দাবী তীব্ৰতৰ কৰি তোলে৷

তাৰ পিছৰ ঘটনাৱলী কিছু খেলিমেলি৷ এখন দেশ, কিন্তু ৰাষ্ট্ৰপতি দুজন৷ দুয়োজনকে বিজয়ী ঘোষণা কৰা হৈছে৷ দেশৰ নিৰ্বাচনী আয়োগে এজনক ৰাষ্ট্ৰপতি ঘোষণা কৰিছে আৰু আনজনক সাংবিধানিক পৰিষদে বিজয়ী ঘোষণা কৰিছে৷ দুয়োজনে ৰাষ্ট্ৰপতি পদৰ বাবে শপতো লৈছে৷ এজন থাকে ৰাষ্ট্ৰপতিৰ প্ৰাসাদত আৰু আনজন থাকে জাতিসংঘৰ নিৰাপত্তাৰক্ষীৰ পহৰাৰ মাজত এখন হোটেলত৷ সেইদৰেই প্ৰধানমন্ত্ৰীও দুজন৷ এইদৰেই আকৌ এবাৰ আইভৰি ক’ষ্টত গৃহযুদ্ধৰ ৰণশিঙা বাজি উঠিল৷

ফুটবল আফ্ৰিকা মহাদেশৰ আটাইতকৈ জনপ্ৰিয় খেল৷ আইভৰি ক’ষ্টো ইয়াৰ ব্যতিক্ৰম নহয়৷ আফ্ৰিকানসকলৰ বাবে ফুটবল কি সেই বিষয়ে প্ৰখ্যাত ক্ৰীড়া প্ৰতিবেদক পাৰল্লেলো যেৰোৱে এনেদৰে কৈছিল – “আফ্ৰিকানসকলৰ বাবে ফুটবল কেৱল এক খেল বা অৱসৰ বিনোদনৰ মাধ্যম নহয়৷ আফ্ৰিকানসকলৰ বাবে ফুটবল তেওঁলোকৰ দ্বিতীয় ধৰ্ম৷ ই আফ্ৰিকানৰ জাতিগত পৰিচয় আৰু ভৱিষ্যৎ নিৰ্ধাৰণৰ এক মাধ্যম৷ বিশ্বৰ মিডিয়াৰ বাবে আফ্ৰিকান ৰাজনৈতিক নেতা আদিতকৈ ফুটবলাৰসকল বেছি জনপ্ৰিয়৷ প্ৰতিখন গুৰুত্বপূৰ্ণ খেলৰ সময়ত আফ্ৰিকাবাসী পেৰেলাইজড্ মানুহৰ দৰে হৈ পৰে৷ দেশবোৰ হৈ পৰে স্তব্ধ৷ কিন্তু আক্ষেপৰ বিষয় এয়ে যে আফ্ৰিকাৰ খনিজ সম্পদৰ দৰে ইউৰোপে আফ্ৰিকাৰ ফুটবল সম্পদৰো অপব্যৱহাৰ কৰি আফ্ৰিকাক মেধাশূন্য কৰাৰ নিৰন্তন চেষ্টা চলাই গৈছে৷” বিশ্বৰ বিভিন্ন ক্ষমতাধৰ ৰাষ্ট্ৰ, ৰাষ্ট্ৰসংঘৰ আহ্বান, অনুৰোধ সকলো যেতিয়া ব্যৰ্থ হোৱাৰ উপক্ৰম হৈছিল, তেতিয়া ফুটবল, হয় ফুটবলেই আইভৰিয়ানসকলক এক কৰি দিছিল৷ গৃহযুদ্ধৰ অৱসান ঘটাই দেশখনক শান্তিৰ পথলৈ নিবলৈ চেষ্টা কৰাৰ ক্ষেত্ৰত ফুটবলে সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷ আৰু ইয়াৰ বাবে মুখ্য ভূমিকা লৈছিল ডিডিয়াৰ ড্ৰগবাই৷

আইভৰি ক’ষ্টৰ ফুটবলৰ ইতিহাসৰ আটাইতকৈ জনপ্ৰিয় ফুটবলাৰ নিঃসন্দেহে ডিডিয়াৰ ড্ৰগবা৷ কেৱল ফুটবলেই নহয়, দেশখনৰ ক্ৰীড়া জগতৰেই এক কিংবদন্তি এই মহান ফুটবলাৰ৷ দেশৰ ভয়াৱহ পৰিস্থিতিৰ মাজতেই ২০০৫ চনত আইভৰি ক’ষ্টে ২০০৬ চনৰ জাৰ্মানি বিশ্বকাপত খেলাৰ যোগ্যতা অৰ্জন কৰে৷ প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলাৰ সুযোগ অৰ্জন কৰাৰ পিছতেই গোটেই দেশ আনন্দত ফাটি পৰে৷ কিছু সময়ৰ বাবে হ’লেও যুদ্ধৰ বিভীষিকা পাহৰি বিৰোধী পক্ষসমূহো এই উৎসৱত মতলীয়া হৈ পৰে৷ সেই ছেগতে বিশ্বকাপত যোগ্যতা অৰ্জনৰ সফলতাৰ দোহাই দি ড্ৰগবাই বিবদমান পক্ষসমূহক গৃহযুদ্ধ বন্ধ কৰাৰ অনুৰোধ জনায়৷ জাতীয়তাবোধৰ চেতনাত উজ্জীৱিত হৈ দেশৰ সেই সাফল্যক ঐক্যবদ্ধভাৱে উদযাপনৰ আহ্বান জনোৱা হয়৷ ড্ৰগবাৰ এই আহ্বানে কাম দিছিল৷ বিবদমান পক্ষসমূহে যুদ্ধ বিৰতি ঘোষণা কৰি আনন্দত একেলগে মতলীয়া হৈ পৰিছিল৷ কিন্তু ড্ৰগবাই ইয়াতে থমকি ৰোৱা নাছিল৷ উপলক্ষ আছিল আফ্ৰিকান নেচনছ্ কাপ, প্ৰতিদ্বন্দ্বী দল মাডাগাস্কাৰ৷ বহুতো চেষ্টা কৰি ড্ৰগবাই এই খেলখন বউৱাকে নামৰ এখন চহৰত খেলাবলৈ অনুমতি আদায় কৰিছিল৷

বউৱাকে আছিল বিদ্রোহী বাহিনীৰ মূল ঘাটি। আবিডজানৰপৰা ৩০০ কিলোমিটাৰ দূৰত অৱস্থিত বউৱাকেত আয়োজিত মাডাগাস্কাৰৰ বিৰুদ্ধে হোৱা সেই খেলখন আছিল আইভৰি ক’ষ্টৰ গৃহযুদ্ধ বন্ধ কৰাৰ বাবে এক শক্তিশালী পদক্ষেপ। দুই বিবদমান পক্ষৰ নেতাসকলে ওচৰা-উচৰিকৈ বহি সেইদিনা এই খেল উপভোগ কৰিছিল৷ চৰকাৰী পুলিচ বাহিনী আৰু বিদ্ৰোহী শিবিৰৰ সেনাই দায়িত্ব লৈছিল খেলখনৰ নিৰাপত্তাৰ৷

ড্ৰগবা কিমান সফল হৈছে সেয়া সময়ে ক’ব৷ ড্ৰগবাৰ সাহস, বীৰত্ব , জাতীয় চেতনা ইত্যাদিৰ বিষয়ে দুই-আষাৰ লিখি হয়তো এই লেখাটো শেষ কৰিব পৰা যাব৷ কিন্তু ড্ৰগবা কি সেই বিষয়ে অলপ আভাস দিবলৈ ড্ৰগবাই কোৱা এই বাক্যকেইশাৰীকেই তুলি দিয়া উচিত হ’ব বুলি ভাবিলো৷

“I left Cote d’Ivoire with a certain image: It was beautiful, its streets were lovely, there was greenery everywhere and people were happy. And when I came back a few years later, I saw a real change. That’s when I started asking myself questions,”

“Inside, we wanted all that stuff to stop. When you play a match and you’re surrounded by rocket-launchers … okay, that’s for the president’s security, fine. But you’re playing with rocket-launchers everywhere. We wanted to play in a more relaxed atmosphere again. So after that game, we were euphoric, and someone whispered in my ear that it was the right time to put out a message. Then we just improvised.”

শেষত মোৰ আৰু এজন প্ৰিয় ফুটবলাৰৰ এশাৰী বাক্যৰেই এই লেখা সামৰিছো – “Society is so sick that courage now seems exceptional. Walking all over other people, crushing other men, that’s what should shock us. Being an idol … shouldn’t prevent you from looking reality in the face. Being a man … is far more important than being a champion”. (Eric Cantona, former Manchester United star)

উৎস : বিভিন্ন খেল সম্পৰ্কীয় ৱেবছাইট৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *