গল্প-কবিতা

কবিতা- (ৰশ্মিৰেখা বৰা)

সোঁৱে বাঁৱে জাকপাতি ছাঁ এজাক ঘূৰি আছে
তোক মই খেপিয়াই চাওঁতে তেজলগা চোলা এটা পাইছোঁ

-দুপৰ নিশা ঢপলিয়াই ফুৰোঁতে মই হামখুৰি খাই পৰিছোঁ
পেটত কেঁচুৱা থকা মাইকী মানুহ এজাকে
নিজকে বখলিয়াই আছে হাস্পতালৰ বাৰান্দা এখনত

মই চিঞৰিব খুজিছোঁ মোৰ শৰীৰটোৱে হি হিয়াই উঠিছে
তেতিয়াও জন্ম নোহোৱা শিশু এটা মাকৰ ফলা পেটেদি
মোৰ ফালে দুহাত মেলি বগুৱাবাই আহিছে

-শুনানি শুনানি
কোনে কি শুনালি
কেনি যাবি
কেনি চাবি অ
কাচনমতী

-তোৰ ধানপাতে কটা গা
পুলিচে লঠিওৱা গা
তপত বিটুমিনে পোৰা গা

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *