নিবন্ধপৰিবেশ-প্ৰকৃতি

কাৰ্বন পদাংক কমাওঁ আহক

মানসী গোস্বামী

বিগত বৰ্ষটোৰ ডিচেম্বৰ মাহত পেৰুৰ ৰাজধানী চহৰ লিমাত সমাপ্ত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন বিষয়ক আলোচনালানিয়ে সমগ্ৰ বিশ্বৰে জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় অধ্যয়ন তথা সজাগতা সৃষ্টিৰ স’তে জড়িত হৈ থকা ব্যক্তি তথা সংস্থাসমূহৰ দৃষ্টি আকৰ্ষণ কৰিছিল এক সম্পূৰ্ণ বিপৰীত কাৰণত। জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নিৰ্ধাৰণ আৰু পৰ্যালোচনাৰ বাবে কেইবাখনো দেশৰ অংশগ্ৰহণেৰে আয়োজিত এই আলোচনাৰ কাৰ্বন পদাংক আছিল এতিয়ালৈকে হোৱা সকলো আলোচনাৰ ভিতৰত সৰ্বাধিক – ৫০,০০০ টন কাৰ্বন-ডাই-অক্সাইড। অৰ্থাৎ এইলানি আলোচনাৰ বাবে হোৱা সকলো যা-যোগাৰৰ ফলত পেৰুৰ লিমা চহৰৰপৰা পৃথিৱীৰ বায়ুমণ্ডললৈ নিৰ্গত হৈছিল সিমান পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইড! কথাটো “সৰিয়হৰ ডুলিতে ভূত” ওলোৱাৰ দৰে কথা আৰু সেয়েই এই আলোচনাক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন তথা বিজ্ঞানীমহলে সমালোচনাও কৰিছিল, পেৰু তথা অন্যান্য দেশত এই লৈ প্ৰতিবাদো কৰিছিল পৰিৱেশ সংৰক্ষণৰ স’তে জড়িত কিছুমান সংস্থা তথা ব্যক্তিয়ে । অকল এইলানি আলোচনা বুলিয়ে নহয়, ২০১৪ চনৰ এক অন্যতম বৃহৎ আয়োজন, ব্ৰাজিলত হোৱা “বিশ্ব কাপ ফুটবল প্ৰতিযোগিতা”ৰ সমগ্ৰ অনুষ্ঠান, ভ্ৰমণ আদিৰ সৰ্বমুঠ কাৰ্বন পদাংক আছিল ২.৭ মিলিয়ন মেট্ৰিক টন কাৰ্বন-ডাই-অক্সাইড, যাক বিভিন্ন উপায় অৱলম্বনেৰে সমতুল কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন বা ফিফাই নিজৰ দৃঢ় পদক্ষেপৰ কথা ঘোষণা কৰিছিল। এই কথাষাৰেই কাৰ্বন পদাংকৰ গুৰুত্বৰ কথা আমাক স্পষ্টকৈ জানিবলৈ দিয়ে ।

কাৰ্বন পদাংক মানেনো কি ?

গোলকীয় উষ্ণতা বৃদ্ধি আৰু তাৰ সমান্তৰালকৈ হোৱা জলবায়ু পৰিৱৰ্তনে সমগ্ৰ বিশ্বকে এক নিশ্চিত প্ৰত্যাহ্বানৰ মুখামুখি কৰি তুলিছে। নেচনেল অ’চেনিক এণ্ড এটম’ছফেৰিক এডমিনিষ্ট্ৰেচন (NOAA), জাপানৰ বতৰবিজ্ঞান সংস্থাকে ধৰি কেইবাটাও আন্তৰ্জাতিক গৱেষণা সংস্থাৰ তথ্যমতে ২০১৪ চনটো ১৮৮০ চনৰপৰা এতিয়ালৈ সকলো বছৰৰ ভিতৰত সৰ্বাধিক উষ্ণ বছৰৰূপে পৰিগণিত হৈছে। কেৱল সেয়াই নহয়, এই সময়ছোৱাৰ দহটা উষ্ণতম বৰ্ষৰ ৯টাই ২০০১ৰ পিছৰ। এই তথ্যবোৰে গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিঘটনাটো কিমান বেছি ব্যাপক হৈ উঠিছে, সেই কথাই প্ৰমাণ কৰে। এই উষ্ণতা বৃদ্ধিৰ মূল কাৰক সেউজ গৃহ গেছৰ নিৰ্গমনৰ পৰিমাপৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন সূচকৰে এটা হ’ল – কাৰ্বন পদাংক (Carbon Footprint)।
14_MANASHU_GOSWAMI_carbon মানুহে কৰা যিকোনো ক্ৰিয়া-কলাপৰ স’তেই কাৰ্বনৰ নিৰ্গমন বা শোষণৰ প্ৰক্ৰিয়া একোটা প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ থাকে। উদাহৰণস্বৰূপে, আমি ব্যৱহাৰ কৰা নানাবিধ জীৱাশ্ম ইন্ধনে যদি বায়ুমণ্ডললৈ সেউজ গৃহ গেছ এৰি দিয়ে; একেদৰে গছ এজোপা ৰুই, তাৰ প্ৰতিপালন কৰিলে বায়ুমণ্ডলৰপৰা সেই গছে কাৰ্বন-ডাই-অক্সাইডৰ দৰে সেউজ-গৃহ গেছ শোষণ কৰে।সাধাৰণতে আমাৰ দৈনন্দিন কাৰ্যাৱলী,খাদ্য গ্ৰহণ, শক্তিৰ ব্যৱহাৰ, কৃষিকৰ্ম, পৰিবহণ, যাতায়ত, উদ্যোগ, বিভিন্ন অনুষ্ঠান – এই সকলোৰে পৰা কাৰ্বন-ডাই-অক্সাইড বা আন কোনো সেউজগৃহ গেছৰ নিৰ্গমন হয়। এনে নিৰ্গমন প্ৰত্যক্ষ বা পৰোক্ষ দুইধৰণৰ হ’ব পাৰে। প্ৰত্যক্ষ বা পৰোক্ষ – মানুহৰ যিকোনো কামৰপৰা হোৱা সামূহিক সেউজগৃহ গেছ নিৰ্গমনক প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা সূচকটোৱেই হ’ল – কাৰ্বন পদাংক । সৰলভাৱে ক’বলৈ হ’লে – এজন ব্যক্তি, একোখন ঘৰ, কোনো প্ৰতিষ্ঠান, যিকোনো সামগ্ৰীৰ উৎপাদন তথা ব্যৱহাৰ বা এইধৰণৰ যিকোনো উৎস বা কাৰ্যৰপৰা নিৰ্গত সৰ্বমুঠ সেউজগৃহ গেছৰ পৰিমাণকে উক্ত ব্যক্তি, ঘৰ, প্ৰতিষ্ঠান, সামগ্ৰী বা কাৰ্যৰ ‘কাৰ্বন পদাংক’ বুলি কোৱা হয় আৰু ইয়াক কাৰ্বন-ডাই-অক্সাইড সমতুল (Carbon dioxide equivalent) হিচাপে প্ৰকাশ কৰা হয়। অৰ্থাৎ এজন ব্যক্তি, এখন ঘৰ, একোটা প্ৰতিষ্ঠান, একোটা উদ্যোগ, এটা কাৰ্যসূচী বা এখন দেশে বায়ুমণ্ডললৈ মুঠ কিমান কাৰ্বননো এৰি দিয়ে তাৰেই হিচাপ এই কাৰ্বন পদাংক। এই দৃষ্টিৰে চাবলৈ গ’লে এই সূচকে আমাক গোলকীয় উষ্ণতা বৃদ্ধিতনো আমাৰ অৱদান কিমান, তাৰে এটি সম্যক আভাস দিয়ে।
কাৰ্বন পদাংকৰ ধাৰণাটো আহিছে ১৯৯৬ চনত ৰিজ আৰু ৱেইকাৰনাগেল (Wackernagel & Rees) নামৰ বিজ্ঞানী দুজনে প্ৰৱৰ্তন কৰা “পৰিস্থিতিতান্ত্ৰিক পদাংক” (Ecological footprint)ৰ ধাৰণাটোৰপৰা। এই সূচকৰ জৰিয়তে এক নিৰ্দিষ্ট জনসংখ্যাৰ সমষ্টিক বহনক্ষমভাৱে জীৱন নিৰ্বাহ কৰিবলৈ প্ৰয়োজন হোৱা ভূমি আৰু সাগৰীয় এলেকাক বুজোৱা হয়। অৰ্থাৎ এজন ব্যক্তিয়ে বহনক্ষমভাৱে, প্ৰকৃতিক অনিষ্ট নকৰাকৈ, নৱীকৰণ হ’ব পৰাকৈ প্ৰকৃতিৰ বুকুৰপৰা আহৰণ কৰিব পৰা সম্পদৰ মাত্ৰাক এই পৰিস্থিতিতান্ত্ৰিক পদাংকৰ জৰিয়তে বুজোৱা হয়। এই ধাৰণাৰ আলমতে কাৰ্বন পদাংকৰ ধাৰণাটো ব্যৱহাৰ কৰিবলৈ লোৱা হয় গোলকীয় উত্তাপনৰ প্ৰক্ৰিয়াত মানৱসৃষ্ট ক্ৰিয়াকলাপৰ অৱদানক পাৰিসাংখ্যিকভাৱে বুজাবৰ বাবে। যি নহওক, এই সূচ্যাংকৰ ব্যৱহাৰ জনপ্ৰিয় হৈ উঠে ২০০৫-০৭ চনৰপৰা; অৰ্থাৎ কিয়’ট’ প্ৰট’ক’লকে ধৰি জলবায়ু পৰিৱৰ্তন বিষয়ক আলোচনাবোৰ ব্যাপক হ’বলৈ লোৱাৰপৰা।

কেনেকৈ জুখিব আপোনাৰ কাৰ্বন পদাংক ?

আপুনি বা মই – আমি প্ৰত্যেকেই বায়ুমণ্ডললৈ সেউজগৃহ গেছ এৰি দিওঁ । উদাহৰণস্বৰূপে, খাদ্য সামগ্ৰীৰ উৎপাদন, আহৰণ তথা ৰন্ধন কাৰ্য, দৈনন্দিন ব্যৱহৃত বিদ্যুৎ, বৈদ্যুতিক সামগ্ৰীৰ ব্যৱহাৰ, যাতায়াতৰ বাবে পেট্ৰল, ডিজেল আদিৰ প্ৰয়োগ, অলাগতিয়াল দ্ৰব্য বা আৱৰ্জনাৰ বৰ্জন, বস্ত্ৰ-কিতাপ-বাতৰিকাকত-প্ৰসাধন দ্ৰব্য আদিকে ধৰি নানা প্ৰকাৰৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে এজন লোকে সেউজগৃহ গেছ নিৰ্গমন প্ৰক্ৰিয়াৰ অংশীদাৰ হয়। ইয়াৰ ভিতৰত যিবিলাক কামৰ বাবে বায়ুমণ্ডলত প্ৰত্যক্ষভাৱে এনে গেছৰ সংযোগ হয়, (যেনে – যাতায়াত, ৰন্ধন আদি), সেইবিলাক কামক প্ৰত্যক্ষ নিৰ্গমন কাৰক হিচাপে ধৰা হয়।আনহাতে, বিদ্যুতৰ ব্যৱহাৰ, নানাবিধ খাদ্যসামগ্ৰীৰ উৎপাদন আৰু আহৰণ, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ জৰিয়তে সেউজগৃহ গেছ প্ৰত্যক্ষভাৱে নিৰ্গত নহয় যদিও, এইবোৰৰ উৎপাদন প্ৰক্ৰিয়াত এনে গেছ সৃষ্টি হয়। সেয়ে এইধৰণৰ নিৰ্গমনক পৰোক্ষ নিৰ্গমন বুলি কোৱা হয়। এজন ব্যক্তিৰ কাৰ্বন পদাংক বুলিলে প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োবিধ নিৰ্গমনকে সাঙুৰি লোৱা হয়।
প্ৰত্যক্ষভাৱে একোজন ব্যক্তিয়ে বা একোখন ঘৰ কৰা সেউজগৃহ গেছৰ নিৰ্গমনৰ কথা বুজাটো সহজ যদিও পৰোক্ষ নিৰ্গমনৰ ক্ষেত্ৰত অনেক শাখা-প্ৰশাখা অন্তৰ্ভুক্ত হৈ থাকে। এই কথাটো বুজিবৰ বাবে আমি এটা সৰু উদাহৰণ ল’ব পাৰোঁ। ধৰক, আপুনি আপোনাৰ খাদ্যৰ স’তে জড়িত কাৰ্বন পদাংক জুখি চাবলৈ বিচাৰিছে। আপোনাৰ নিয়মীয়া খাদ্য তালিকাত থকা সামগ্ৰীসমূহ হ’ল – ভাত, ৰুটী, দাইল, শাক-পাচলি, ফল-মূল, গাখীৰ। এতিয়া এইকেইবিধ সামগ্ৰীৰ স’তে জড়িত পৰোক্ষ নিৰ্গমনসমূহ হ’ল – মিথেন (চাউল বা ধানৰ উৎপাদন), নাইট্ৰাছ অক্সাইড (ঘেঁহু, চাউল, দাইল, পাচলি, ফলমূলৰ কৃষিকাৰ্যত নাইট্ৰ’জেন জাতীয় সাৰৰ প্ৰয়োগ), মিথেন (গৰুৰ দৰে ৰোমন্থক জন্তুৰ পাচন প্ৰক্ৰিয়া তথা গোবৰৰ পচন), কাৰ্বন-ডাই-অক্সাইড (কৃষি কৰ্মৰ বাবে বনাঞ্চল জ্বলোৱা, গছ কটা কাৰ্য)। এই সকলোবিধ খাদ্য সামগ্ৰীৰ পৰিবহণ আৰু সংৰক্ষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা বিদ্যুতৰ উৎপাদনত নিৰ্গত হোৱা কাৰ্বন-ডাই-অক্সাইড বা মিথেন গেছ, জীৱাশ্ম ইন্ধন, যেনে, পেট্ৰল বা ডিজেলৰ দহন কাৰ্যত উৎপন্ন কাৰ্বন-ডাই-অক্সাইড, খাদ্য পৰিষ্কাৰ কৰা আৰু ৰন্ধাৰ বাবে দৰকাৰ হোৱা পানীৰ উত্তোলন আৰু বিশুদ্ধিকৰণৰ বাবে লগা বিদ্যুতৰ উৎপাদনৰ বাবে ওলোৱা সেউজগৃহ গেছ আদিও খাদ্যসামগ্ৰীৰ সতে সংলগ্ন পৰোক্ষ নিৰ্গমনৰ ভিতৰুৱা। অন্যহাতে, এইখিনি খাদ্য ৰান্ধোতে ব্যৱহৃত খৰি বা কয়লা অথবা ৰন্ধন গেছৰপৰা প্ৰত্যক্ষভাৱে বায়ুমণ্ডলত সেউজগৃহ গেছ যোগ হয়। কেৱল সেয়াই নহয়, খাদ্য সামগ্ৰীৰ বৰ্জনৰ পাছত যি পচন হয়, সেই প্ৰক্ৰিয়াতো এই গেছসমূহ ভিন্ন মাত্ৰাত নিৰ্গত হয়। গতিকে আপোনাৰ খাদ্যৰ কাৰ্বন পদাংক নিৰ্ণয় কৰোঁতে এই সকলোখিনিকে সামৰি লোৱা হ’ব। ঠিক সদৃশ প্ৰক্ৰিয়াৰেই একোখন ঘৰৰ, একোটা উদ্যোগ বা অন্যান্য প্ৰতিষ্ঠান, সেৱাব্যৱস্থা বা যিকোনো আয়োজনৰ কাৰ্বন পদাংক জুখি উলিওৱা হয়।

কাৰ্বন পদাংক জানিব লাগে কিয় ?

একেষাৰে ক’বলৈ হ’লে, কাৰ্বন পদাংকৰ জৰিয়তে আমি জানিব পাৰোঁ পৃথিৱীৰ পৰিৱেশত একোজন ব্যক্তি বা যিকোনো একোটা গোটৰ প্ৰভাৱ কি ? অথবা, ই আমাক আমি বায়ুমণ্ডলত কৰা অপকাৰ বা উপকাৰৰ পৰিমাণখিনি সাংখ্যিকভাৱে জানিবলৈ দিয়ে। যিকোনো এজন ব্যক্তি বা সংগঠন বা উদ্যোগৰ কাৰ্বন পদাংক যিমানে বেছি হ’ব, সিমানে সেই ব্যক্তি, সংগঠন বা উদ্যোগে বায়ুমণ্ডললৈ অধিক কাৰ্বন এৰি দি গোলকীয় উষ্ণতা বঢ়োৱাত সহায় কৰিব। অৰ্থাৎ ধনাত্মক কাৰ্বন পদাংকৰ অৰ্থ – বায়ুমণ্ডললৈ অধিক কাৰ্বনৰ বৰ্জন। আনপিনে, ঋণাত্মক কাৰ্বন পদাংক থকা কাৰ্য বা প্ৰতিষ্ঠান একোটাই পৰিৱেশত কাৰ্বনৰ ভঁৰাল (carbon storage) হিচাপে কাম কৰি বায়ুমণ্ডলত সেউজ গৃহ গেছৰ মাত্ৰা হ্ৰাসত সহায় কৰে। এনে ঋণাত্মক কাৰ্বন পদাংকযুক্ত কাৰ্যসমূহ আমাৰ বায়ুমণ্ডল তথা পৰিৱেশৰ বাবে উপকাৰী। উদাহৰণস্বৰূপে, বৃক্ষৰোপণ আৰু প্ৰতিপালন, জৈৱিক কৃষিকৰ্ম, গৃহনিৰ্মাণত পৰিকল্পিতভাৱে আৰু বহনক্ষমভাৱে উৎপাদিত বাঁহ-বেত-কাঠৰ সামগ্ৰীৰ ব্যৱহাৰ আদি কাৰ্যই বায়ুমণ্ডলত থকা কাৰ্বন শোষণ কৰাত সহায় কৰে আৰু সেয়ে এইবোৰৰ কাৰ্বন পদাংক ঋণাত্মক । সেই অনুৰূপে, কোনো ব্যক্তি, কাৰ্য বা প্ৰতিষ্ঠানৰ কাৰ্বন পদাংক যদি শূন্য হয়, তেনে ব্যক্তি, কাৰ্য বা প্ৰতিষ্ঠানক কাৰ্বন-নিৰপেক্ষ (Carbon Neutral) বুলি কোৱা হয়, অৰ্থাৎ ইহঁতৰ সামগ্ৰিক কাৰ্বন আদান-প্ৰদান শূন্য।
কাৰ্বন পদাংকৰ জৰিয়তে আমি আমাৰ জীৱনশৈলীৰপৰা প্ৰাকৃতিক পৰিৱেশত কেনে প্ৰভাৱ পৰিছে সেই কথা জানিব পাৰোঁ। লগতে ই আমাক যিকোনো উদ্যোগ বা কামৰপৰা গোলকীয় উষ্ণতা বৃদ্ধিত কি প্ৰতিক্ৰিয়া হ’ব, সেই কথা জানিবলৈ সক্ষম হওঁ। সেয়েহে, ই আমাক আমাৰ হাতত থকা নানাবিধ উপায়ৰ মাজত আটাইতকৈ পৰিৱেশ অনুকূল প্ৰক্ৰিয়া বা সামগ্ৰী একোটা বাছি লোৱাত সহায় কৰে। অন্যহাতে, বৰ্তমানে কাৰ্বন পদাংক ধাৰণাৰ সহায়ত কাৰ্বন বাণিজ্য বা কাৰ্বন বেছা-কিনাৰ প্ৰক্ৰিয়াটোকো অধিক সহজ কৰি তুলিব পৰা হৈছে।

কাৰ্বন পদাংক কেনেকৈ কমাব ?

ওপৰৰ আলোচনাৰপৰা নিৰহ-নিপানীকৈ বুজিব পৰা কথাষাৰ হ’ল আমাৰ কাৰ্বন পদাংক যিমানে হ্ৰাস হ’ব, সিমানে সি পৃথিৱীৰ পৰিৱেশৰ বাবে লাভজনক হ’ব। কাৰ্বন পদাংক হ্ৰাস হোৱা মানেই বায়ুমণ্ডলত সেউজগৃহ গেছৰ মাত্ৰা হ্ৰাস হোৱা অৰ্থাৎ গোলকীয় উষ্ণতা বৃদ্ধিৰ হাৰ কমি অহা। আমাৰ দৰে সাধাৰণ ব্যক্তিৰ বাবে নিজা কাৰ্বন পদাংকৰ সঠিক পৰিমাণ জনাটো সহজ নহয়, হ’লেও এনেকুৱা কিছুমান পদ্ধতি আছে, যি আমাক নিজৰ কাৰ্বন পদাংক কম কৰি ৰখাত সহায় কৰে। তেনেকুৱা কিছু কাৰ্যৰ বিষয়ে সকলোৱে জানি থোৱা উচিত :
বিদ্যুতৰ ব্যৱহাৰ হ্ৰাস কৰা – বিদ্যুতৰ উৎপাদন পদ্ধতিত সেউজগৃহ গেছ নিৰ্গত হয়। গতিকে যিমানে মিতব্যয়ীভাৱে বিদ্যুত ব্যৱহাৰ কৰা হ’ব, সিমানে কম বিদ্যুতেই আমাৰ চাহিদা পূৰণ কৰিব। আৰু সেউজগৃহ গেছৰ নিৰ্গমন হ্ৰাস হ’ব।
নৱীকৰণযোগ্য আৰু অপৰম্পৰাগত শক্তি উৎসৰ ব্যৱহাৰ – তাপ বিদ্যুতৰ পৰিৱৰ্তে জলবিদ্যুৎ, সৌৰশক্তি, সাগৰীয় জোৱাৰ-ভাটা আৰু বায়ুশক্তিৰ ব্যৱহাৰ, কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ পৰিৱৰ্তে জৈৱ ইন্ধন, যেনে, গোবৰ গেছ, বায়’ডিজেলৰ ব্যৱহাৰ কৰিব পাৰিলে কাৰ্বন পদাংক কমাব পাৰি।
খাদ্যসামগ্ৰীৰ নিৰ্বাচন – আমদানিকৃত সামগ্ৰীতকৈ স্থানীয়ভাৱে উৎপাদিত কৃষিজাত খাদ্য সামগ্ৰী, মাছ-মাংস-কণী আদি ব্যৱহাৰ কৰিলে খাদ্যসামগ্ৰীৰ পৰিবহণ আৰু সংৰক্ষণৰ বাবে লগা শক্তিৰ প্ৰয়োজনীয়তা হ্ৰাস হয় আৰু ইয়ে কাৰ্বন পদাংক কমোৱাত সহায় কৰে। অন্যহাতে, জৈৱিক কৃষিৰ কাৰ্বন পদাংক ৰাসায়নিক কৃষি পদ্ধতিতকৈ কম। গতিকে জৈৱিক কৃষিসামগ্ৰীৰ ব্যৱহাৰ ব্যাপক কৰি তুলিব পাৰিলে এই ক্ষেত্ৰত সহায় হয়। সেইদৰে পেকেজড্ সামগ্ৰীতকৈ সতেজ খাদ্যবস্তুৰ ব্যৱহাৰ বঢ়ায়ো কাৰ্বন পদাংক কমাৰ পাৰি। অন্যহাতে, আমিষ আহাৰতকৈ নিৰামিষ আহাৰৰ কাৰ্বন পদাংক কম।
যাতায়াত ব্যৱস্থা – গাড়ী বা মটৰচাইকেলৰ পৰিৱৰ্তে চাইকেল ব্যৱহাৰ কৰা বা খোজ কঢ়া, ব্যক্তিগত গাড়ীতকৈ ৰাজহুৱা যাতায়াত বাহন, যেনে, বাছত অহা-যোৱা কৰা, গাড়ী বা মটৰ চাইকেল কিনোতে সৰ্বাধিক ইন্ধন মিতব্যয়ী বাহন কিনাৰ প্ৰতি লক্ষ্য ৰখা, অধিক বেগত গাড়ী চলোৱাতকৈ গাড়ীৰ গতি নিয়মীয়া কৰি ৰখা আদি কামে জীৱাশ্ম ইন্ধনৰ ব্যয় কম কৰে আৰু কাৰ্বন পদাংক হ্ৰাস কৰে।
শক্তিৰ সংৰক্ষণ – ৰন্ধনৰপৰা আৰম্ভ কৰি ঘৰুৱা নানা কামত বিভিন্ন শক্তি উৎসৰ ব্যৱহাৰ হয়। এই সকলো কামতে শক্তিৰ ব্যৱহাৰ যিমান পাৰি সিমান হ্ৰাস কৰিবলৈ চেষ্টা কৰি কাৰ্বন পদাংক কমাব পাৰি। শক্তি সংৰক্ষণকাৰী যন্ত্ৰ-পাতিৰ ব্যৱহাৰ, ফ্ৰিজ, ৱাছিং মেচিন, মিক্সি, এয়াৰ কুলাৰ আদি যিমান পাৰি কমকৈ ব্যৱহাৰ কৰিব লাগে। এল.পি.জি.ৰ ব্যৱহাৰ হ্ৰাস কৰা, দিনৰ ভাগত বৈদ্যুতিক বাল্ব জ্বলাবলগীয়া নোহোৱাকৈ খিৰিকীৰে পোহৰ অহাৰ ব্যৱস্থা কৰা, কৰ্মস্থলীতো অনাহক লাইট, পাংখা, কম্পিউটাৰ আদি চলাই নৰখা আদি কামে ব্যক্তি বা অনুষ্ঠানৰ কাৰ্বন পদাংক কমোৱাত সহায় কৰে।
অন্যান্য – প্লাষ্টিকজাত সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস বা সম্পূৰ্ণ বৰ্জন, সামগ্ৰীৰ পুনৰাৱৰ্তন, যিকোনো সামগ্ৰীৰ ব্যৱহাৰত মিতব্যয়িতা অৱলম্বন, খাদ্য সামগ্ৰী নষ্ট কৰা বা অযথা পেলাই দিয়াটো বন্ধ কৰা, বৃক্ষৰোপণ, বাঁহ-বেত-কাঠৰ সামগ্ৰী বা আচবাব-পাতিৰ ব্যৱহাৰ আদিৰ দৰে কামবোৰেও আমাৰ কাৰ্বন পদাংক হ্ৰাস কৰাত সহায় কৰে। পৰম্পৰাগত বিভিন্ন পদ্ধতি, ঔষধ, কৃষিপদ্ধতি আদিৰ উপযুক্ত ব্যৱহাৰো সময়সাপেক্ষে কাৰ্বন পদাংক হ্ৰাস কৰাত সহায়ক হৈ উঠে।
দেখাত তেনেই সাধাৰণ হ’লেও এনে পদক্ষেপবোৰে আমাৰ কাৰ্বন পদাংক কমাই ৰখাত সহায় কৰে। ব্যক্তিগত পৰিসৰত এইবোৰৰ সুফল তেনেই নগণ্য হ’লেও, সমগ্ৰ বিশ্বৰে বিপুলসংখ্যক মানুহৰ কথালৈ মন কৰিলেই এনে উপায়বোৰৰ সামগ্ৰিক অৱদান কিমান অধিক হ’ব, সেয়া অনুমান কৰিব পাৰি। অন্যহাতে দেশসমূহেও নিজৰ চৰকাৰী ব্যৱস্থাত মিতব্যয়ী আৰু পৰিৱেশ অনুকূল ব্যৱস্থাবোৰ অন্তৰ্ভুক্ত কৰি লোৱা উচিত, যাতে সামগ্ৰিকভাৱে দেশ একোখনৰ কাৰ্বন পদাংক কম হয়। অন্যহাতে, বিভিন্ন বৃহৎ কাৰ্যসূচী, যেনে, সাধাৰণ নিৰ্বাচন, মেলা, উৎসৱ-পাৰ্বণ, খেল প্ৰতিযোগিতা, আলোচনাচক্ৰ, সভা-সমিতি আদিৰ আয়োজন কৰোঁতেও আয়োজকসকলে এনে কথাবোৰলৈ চকু দিয়া উচিত। সেয়ে হ’লেহে আমি পৃথিৱীৰ দ্ৰুত বৰ্ধমান উষ্ণতাক নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হ’ব পাৰিম।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *