গল্প-কবিতা

প্রস্তৰ মূৰ্তি

(প্রতিবিপ্লৱৰ কালত)

প্রীতি শইকীয়া

 

ঘোঁৰাৰ পিঠিত যোদ্ধাজন টোপনিয়াই আছে

যেন যুদ্ধ কৰিবলৈ নাই কোনো প্রতিপক্ষ।

.

দুৰন্ত ভংগীত জঁপিয়াবলৈ উদ্যত টগবগীয়া ঘোঁৰাটো

এটা নিৰীহ প্রস্তৰ মূৰ্তি।

.

নিশ্চল ঘোঁৰাটোৰ পিঠিয়েদি বৈ আহে

কাউৰীৰ নগৰীয়া বিষ্ঠা।

.

তথাপিও এতিয়াও যেতিয়া ছাইৰেন বাজে

চিকমিকাই উঠে তেওঁৰ হাতৰ মুঠিৰ তৰোৱাল,

আৰু তেতিয়াই

উৎসুক পৰ্যটকৰ কেমেৰাই ক্লিক ক্লিক কৰে।

.

তেওঁৰ ডিঙিত নিতৌ এইকেইটা শব্দ ওলমি ৰয় –

মই তোমালোকৰ আছিলোঁ

মই তোমালোকৰ আছিলোঁ

.

তোমালোকতো এনেকুৱা নাছিলা !

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *