নিবন্ধশিল্প-কলা-সংস্কৃতি

এক ডজন প্ৰিয় চিনেমা : বিষয় প্ৰেম (আশ্বিক-উজ-জামান)

প্ৰেম এক বিশ্বজনীন বিষয়বস্তু। মানৱ জাতিৰ ইতিহাসৰ আৰম্ভণিৰেপৰা মানুহে প্ৰেমৰ অৰ্থৰ সন্ধান কৰিছে। গ্ৰীক কিংবদন্তিৰ ওৰেফেয়াছ আৰু ইউৰেডিছিৰ প্ৰেম হওক বা ভাৰতীয় মহাকাব্যৰ শ্ৰীকৃষ্ণ আৰু ৰাধা অথবা ইৰানৰ লাইলা-মজনু। যুগ যুগ ধৰি এই প্ৰেমৰ কাহিনীসমূহৰ জনপ্ৰিয়তাই প্ৰমাণ কৰে মানৱ সমাজৰ প্ৰেমৰ প্ৰতি চিৰউৎসুকতা। সকলোৰে যেন নিজস্ব এক প্ৰেম কাহিনী আছে, যি পূৰ্বৰ সকলো প্ৰেমৰ কাহিনীতকৈ ভিন্ন। কলাৰ এক শক্তিশালী মাধ্যম হিচাপে চিনেমাৰ জৰিয়তেও কোৱা হৈছে অজস্ৰ প্ৰেম কাহিনী। প্ৰেমক বিষয়বস্তু হিচাপে লৈ যিমান চিনেমা নিৰ্মাণ কৰা হৈছে, আন সকলো বিষয়বস্তুক একলগ কৰিলেও সম্ভৱতঃ সিমান নহ’ব। গতিকে তাৰপৰা কেৱল এক ডজন চিনেমা চয়ন কৰাটো নিঃসন্দেহে অতি কঠিন কাম। সেয়ে এই তালিকাত মই কেৱল সেইসমূহ চিনেমাকেই অন্তৰ্ভুক্ত কৰিছো যিবোৰে প্ৰেমক এক নতুন দৃষ্টিৰে চাবলৈ মোক বাধ্য কৰিছে।

১২. মুনৰাইজ কিংডম (ইংৰাজী, মাৰ্কিন যুক্তৰাজ্য) : কৈশোৰ প্ৰেমৰ ওপৰত আধাৰিত এটি অতি নিষ্পাপ প্ৰেম কাহিনী। ১২ বছৰীয়া ছেম আৰু ছুজিৰ পত্ৰ-মিতালীৰ জৰিয়তে প্ৰেম আৰু দুজনে ঠিক কৰে ঘৰৰপৰা পলাই কোনো এক নিৰ্জন দ্বীপত গঢ়িব নিজৰ সপোনৰাজ্য যাক মৰমত নাম দিয়ে তেওঁলোকে ‘মুনৰাইজ কিংডম’। নিৰ্দেশক ৱেছ এন্ডাৰ্ছনৰ কাহিনী কোৱাৰ ষ্টাইলটো কমেডিৰ যদিও চিনেমাখনে দৰ্শকৰ কৈশোৰৰ নিষ্পাপ দিনবোৰলৈ মনত পেলাই দিয়ে। কৈশোৰ প্ৰেমৰ ওপৰত আধাৰিত আন এখন প্ৰিয় চিনেমা হ’ল ‘ফ্লিপড’।

১১. মাই ছেছি গাৰ্ল (কোৰিয়ান, দক্ষিণ কোৰিয়া): দক্ষিণ কোৰিয়াৰ ৰোমান্টিক কমেডি (ৰোম-কম) চিনেমাসমূহে সমগ্ৰ বিশ্বতে বহুল জনপ্ৰিয়তা অৰ্জন কৰিছে, যৌৱনৰ আৱেগিক প্ৰেমৰ ওপৰত আধাৰিত এইখন ৰোমান্টিক কমেডি সৰ্বকালৰ সৰ্বাধিক জনপ্ৰিয় কোৰিয়ান চিনেমাসমূহৰ অন্যতম। ইয়াৰ আনকি এখন জাপানিজ আৰু এখন হলিউডৰ ৰি-মেকো আছে। আন এখন প্ৰিয় ৰোমান্টিক কমেডি হ’ল অস্কাৰ বিজয়ী ফৰাচী চিনেমা ‘ষ্টোলেন কিছেছ’।

১০. আম’ৰ (ফ্ৰেন্স, ফ্ৰান্স): এহাল বৃদ্ধ দম্পতি জৰ্জ আৰু এন, একমাত্ৰ সন্তান ইভা থাকে বিদেশত। বাৰ্ধক্যৰ নিসংগতাৰ উপৰিও আন বিভিন্ন বাৰ্ধক্যজনিত সমস্যাৰ মাজতো ইজনৰ প্ৰতি সিজনৰ প্ৰেম বা সংবেদনশীলতা কম নহয়, আৰু জৰ্জে কথা দিয়ে যে শেষ সময়লৈকে দুয়ো একেলগে থাকিব। এনেতে হঠাৎ এদিন এন হৃদয়ৰোগত আক্ৰান্ত হৈ পক্ষাঘাতগ্ৰস্ত হয় আৰু মুখেৰে মাতিব নোৱৰা হয়। বৃদ্ধ জৰ্জ নিজে কষ্ট সহ্য কৰি হ’লেও শয্যাগ্ৰস্ত স্ত্ৰীৰ শুশ্ৰূষাৰ দায়িত্ব লয়, কিন্তু নিজৰ বাৰ্ধক্যজনিত অসুবিধাৰ বাবে সেই কাম সুচাৰুৰূপে কৰিবলৈ সক্ষম নহয়। ইভায়ে বিচাৰে তাইৰ মাতৃক সেৱাশ্ৰমলৈ পঠোৱা হওক, কিন্তু জৰ্জে নিজৰ পত্নীক দিয়া প্ৰতিজ্ঞা ভঙ্গ কৰিব নিবিচাৰে। অৱশেষত এনৰ কাৰণে সহায়িকা নিয়োগ কৰা হয়। কিন্তু সেই সহায়িকাই এনক অত্যাচাৰ কৰা জৰ্জে নিজে দেখে। এতিয়া সেৱাশ্ৰমৰ বাহিৰে আন উপায় নাই। সেয়ে জৰ্জে গাৰুৰে শ্বাসৰুদ্ধ কৰি পত্নীক হত্যা কৰে আৰু নিজেও আত্মহত্যা কৰে। যদিও জৰ্জৰ আত্মহত্যাক সাংকেতিকভাৱে দেখুওৱা হয়। পত্নী হত্যাৰ আগৰ দৃশ্যসমূহত বৃদ্ধ-বৃদ্ধাৰ নিসংগতা আৰু প্ৰেম ইমানেই বাংময় যে সেই হত্যা আচলতে প্ৰেমৰে আন এক অভিব্যক্তিত পৰিণত হয়। আৰু সেই সিদ্ধান্ত পৰিচালক মাইকেল হানেকিয়ে দৰ্শকৰ ওপৰতে এৰি দিয়ে। ২০১২ চনৰ শ্ৰেষ্ঠ বিদেশী চিনেমাৰ অস্কাৰ লাভ কৰে এইখন চিনেমাই। ‘আম’ৰ’ৰ নিচিনাই আন এখন চিনেমাৰ কথা এই মুহূৰ্তত মনত আহি আছে, সেয়াও অস্কাৰ বঁটা বিজয়ী ৰুছ চিনেমা  ’ইলিনা’।

৯. ইন জুলাই (জাৰ্মান, ইম জুলি): গম্ভীৰ প্ৰেমৰ চিনেমাতকৈ ‘ফিল গুড’ প্ৰেমৰ চিনেমা দৰ্শকৰ বেছি প্ৰিয়। নায়ক-নায়িকাৰ সাক্ষাৎ হ’ব, প্ৰাথমিক সংঘাত হ’ব, পিছত প্ৰেম হ’ব, কিন্তু কোনেও প্ৰকাশ নকৰিব, শেষত মিলন, দৰ্শকৰ হাত-চাপৰি। তুৰ্কী মূলৰ জাৰ্মান জনপ্ৰিয় নিৰ্দেশক ফাতিহ আকিনৰ এইখন ব্লকবাষ্টাৰ কেৱল ব্যৱসায়িকভাৱেই সফল নহয়, লগতে এই চিনেমাখনে ‘ফিল গুড’ ৰোমান্টিক চিনেমাক এক নতুন মাত্ৰা প্ৰদান কৰিছে। এই চিনেমাৰ বহু দৃশ্যৰপৰা আমাৰ বলিউডৰ নিৰ্দেশকসকলে ‘অনুপ্ৰাণিত’ হৈছে। আন কেইটামান প্ৰিয় ‘ফিল গুড’ প্ৰেমৰ চিনেমাৰ নাম ল’ব লাগিব – ‘নোটবুক’, ‘ইটাৰনেল ছানছাইন অব দ্য স্পটলেছ মাইন্ড’ আৰু নিৰ্দেশক ৰিচাৰ্ড লিংকলেটাৰ ‘বিফোৰ ট্ৰিলোজি’ৰ প্ৰথম ফিল্ম ‘বিফোৰ ছানৰাইজ’।

৮. বাৰান (পাৰ্ছি, ইৰান): প্ৰথম দৃষ্টিতে প্ৰেম – এই ধাৰণা যুগ যুগান্তৰপৰা চলি আছে। ১৭ বছৰীয়া লতিফ, কনষ্ট্ৰাকচন ছাইট এটাৰ চাহপানী যোগান ধৰা কৰ্মী। সেই গৃহ নিৰ্মাণৰ কামত বহু অবৈধ আফগান কৰ্মীও নিয়োজিত হৈছে। তাৰে এজন আফগান শ্ৰমিক নাজাফ কাম কৰি থাকোতে ওপৰৰপৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পিছদিনা পিতৃৰ সলনি নাজাফৰ ১৪ বছৰীয়া ল’ৰা ৰহমত আহে কামলৈ, কৰ্তৃপক্ষৰ সহানুভূতি হোৱাত ৰহমতক চাহপানী যোগানৰ দায়িত্ব দিয়া হয় আৰু লতিফক দিয়া হয় নাজাফৰ কষ্টকৰ কাম। এই কথালৈ ৰহমতৰ ওপৰত লতিফৰ ভীষণ খং আৰু কেনেকৈ তাৰ ভুল ধৰি পুনৰ নিজৰ চাহপানী যোগান ধৰাৰ কাম ঘূৰাই পাব পাৰি সেই ফন্দি কৰি থাকে। এনেতে এদিন পাকঘৰৰ দুৱাৰৰ সুৰুঙাৰে লতিফে আৱিষ্কাৰ কৰে যে ৰহমত আচলতে ল’ৰা নহয়, এজনী ছোৱালীহে। কিন্তু এই কথা কেৱল লতিফেহে জানে। ইয়াৰ পিছত লতিফৰ পৃথিৱী সম্পূৰ্ণভাৱে সলনি হৈ যায়। ৰহমতৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী সলনি হৈ যায়, তেওঁ পাৰেমানে তাইৰ সহায় কৰিব বিচাৰে, তাইক লৈ প্ৰটেক্টিভ হৈ পৰে, তাইৰ প্ৰেমৰ বাবে হৈ পৰে অস্থিৰ। কিন্তু হঠাৎ ইৰানৰ পুলিচে সকলো অবৈধ আফগান শ্ৰমিকক গ্ৰেপ্তাৰ কৰিবলৈ আহে আৰু ৰহমতহঁত পলাই যায় আফগানিস্থান সীমান্তলৈ। ৰহমতক বিচাৰি আৰম্ভ হয় লতিফৰ সন্ধন যাত্ৰা। বিশ্ববিখ্যাত নিৰ্দেশক মাজিদ মজিদিৰ এই চিনেমাখনে আপোনাক লৈ যাব এক বেলেগ পৃথিৱীলৈ।

৭. কাইৰো টাইম (ইংৰাজী, কানাডা): প্ৰেমৰ বহু ৰূপ, কেতিয়াবা প্ৰেম অতি সাময়িক আৰু প্লেট’নিক কিন্তু তাৰ প্ৰভাৱ থাকি যায় সমগ্ৰ জীৱন। কানাডিয়ান নিৰ্দেশক ৰুবা নাদ্দাৰ এখন অতি স্পৰ্শকাতৰ বোলছবি – ‘কাইৰো টাইম’। কানাডাৰ আলোচনীৰ সম্পাদিকা জুলিয়েট কাইৰো নগৰলৈ আহে ইউনাইটেড নেশ্যনত কৰ্মৰত পতি মাৰ্কৰ লগত কিছু দিন সময় অতিবাহিত কৰিবলৈ। কিন্তু বিশেষ পৰিস্থিতি সৃষ্টি হোৱা কাৰণে মাৰ্ক গুচি যায় মধ্যপ্ৰাচ্যলৈ আৰু বন্ধু তাৰেকক অনুৰোধ কৰে জুলিয়েটক কাইৰো নগৰ ঘূৰাব-ফুৰাবলৈ। সুদৰ্শন তাৰেকৰ লগত জুলিয়েটে কাইৰো আৰু ইজিপ্টক নতুনকৈ আৱিষ্কাৰ কৰিবলৈ ধৰে আৰু এটা সময়ত ইজিপ্টৰ জীৱনশৈলীৰ লগতে তাৰেকৰো প্ৰতি অনুভৱ কৰে এক তীব্ৰ আকৰ্ষণ। আৰু ঠিক যেতিয়া দুজনৰ মাজত কিবা এক প্ৰেম (?) ঠন ধৰি উঠিবলৈ ধৰে, মাৰ্ক আহি উপস্থিত হয় কাইৰোত। এনেকুৱা এক সন্মোহিত চিনেমা যিয়ে বহু দিনলৈ আপোনাৰ মনক আন্দোলিত কৰি ৰাখিব। অতি কম সময়ৰ সম্পৰ্কই কেনেকৈ আজীৱন মানুহক প্ৰভাৱিত কৰি ৰাখে তাৰ ওপৰত আন এটা প্ৰিয় চিনেমা হ’ল ৰিচাৰ্ড গেৰ অভিনীত অষ্ট্ৰেলিয়ান চলচ্চিত্ৰ ’নাইটছ ইন ৰোডান্থে’।

৬. ফৰিং (বাংলা, ভাৰত) : বহুতৰে জীৱনত প্ৰথম প্ৰেম হয় শিক্ষকৰ লগত। অতি কম বাজেটেৰে নিৰ্মিত এখন অসাধাৰণ চিনেমা। ভিতৰুৱা গাঁৱৰ এখনৰ স্কুলত শিক্ষকতা কৰিবলৈ আহে কলিকতাৰ এগৰাকী যুৱতী, দোয়েল। এই শিক্ষিকা আকৰ্ষিত হয় ছাত্ৰ ফৰিঙৰ প্ৰতি, অমায়িক ফৰিঙক পঢ়া-শুনাত সহায় কৰে দোয়েলে। সিহঁতৰ মাজত এক নিষ্পাপ বন্ধুত্ব গঢ়ি উঠে, কিন্তু ফৰিঙৰ মনত এই বন্ধুত্বই সৃষ্টি কৰে তীব্ৰ প্ৰেমৰ। এই কথা জানিব পাৰি দোয়েলে কথা পতা বন্ধ কৰি দিয়ে ফৰিঙৰ লগত। ইফালে দোয়েলৰ ঘৰত থাকিবলৈ আহে তাইৰ ভাতৃ আৰু এদিন দুয়ো হঠাৎ নাইকিয়া হৈ যায়। পিছলৈ গম পোৱা যায়, তেওঁ ভাতৃ নহয়, আচলতে দোয়েলৰ প্ৰেমিক আৰু দুয়ো এটা নিষিদ্ধ নক্সাল দলৰ সদস্য। ইফালে প্ৰেমত দগ্ধ ফৰিঙে ঠিক কৰে দোয়েলক তেঁও বিচাৰি উলিয়াব আৰু ঘৰৰপৰা পলাই কলিকতালৈ যায়। তাত হোটেলত কাম কৰি, বিভিন্ন কষ্টৰ মাজেদি জীৱন পাৰ কৰে, কিন্তু অৱশেষত দোয়েলক বিচাৰি পায় কলিকতাৰ জে’লত। দোয়েলে তাইক গাঁৱলৈ ঘূৰি যাবলৈ অনুৰোধ কৰে, আৰু আৰম্ভ হয় ফৰিঙৰ ওভতনি যাত্ৰা। নিৰ্দেশক ইন্দ্ৰনীল ৰায়চৌধুৰীয়ে taboo বিষয়বস্তু এটাক ইমান নিষ্পাপ আৰু আৱেগিকভাৱে উপস্থাপন কৰিছে যে এই ফিল্মখনক মই সাম্প্ৰতিক সময়ত নিৰ্মিত ভাৰতৰ অন্যতম শ্ৰেষ্ঠ চিনেমাৰ শাৰীত ৰাখো। শিক্ষক-ছাত্ৰীৰ প্ৰেমৰ ওপৰত আন এটা মনোগ্ৰাহী চিনেমা হ’ল ইংৰাজী চলচ্চিত্ৰ ’ইলিজি’।

৫. ইন দ্য মুড ফৰ লাভ (চাইনিজ, হংকং): পৰকীয়া প্ৰেম এক অপ্ৰিয় সামাজিক সত্য। পৰকীয়া প্ৰেমক নিৰ্দেশক ৱাং কাৰৱাইয়ে যিধৰণে এইখন ছবিত উপস্থাপন কৰিছে, সম্ভৱতঃ ইমান ৰুচিকৰ আৰু কমনীয়ভাৱে আন কোনেও আজিলৈকে পৰা নাই। সত্যজিত ৰায়ৰ ’ঘৰে বাইৰে’ চলচ্চিত্ৰখনো পৰকীয়া প্ৰেমৰ মানসিক দ্বন্দ্ব আৰু যন্ত্ৰণাৰ এক অপৰূপ গাথা। ’ঘৰে-বাইৰে’ৰ দৰে একেধৰণৰ কাহিনীৰ আন এখন ফিল্ম হল চাইনিজ ক্লাছিক চিনেমা ’স্প্ৰিং ইন এ স্মল টাউন’। আনহাতে, পৰকীয়া প্ৰেমৰ ওপৰত আধাৰিত বাণিজ্যিক চিনেমাৰ ভিতৰত ’আনফেইথফুল’ অন্যতম প্ৰিয়। এইখনক নকল কৰি বহু বলিউড চিনেমাৰ সৃষ্টি হৈছে।

৪. ক্ৰাইম অব ফাদাৰ আমৰো (স্পেনিছ, মেক্সিকো): কিছুমান প্ৰেমৰ সম্পৰ্কক সমাজে নিষিদ্ধ ঘোষণা কৰিছে। নিৰ্দেশক কাৰ্লোছ কাৰেৰাৰ এইখন ছবি এজন খ্ৰীষ্টান ধৰ্ম-যাজকৰ লগত এগৰাকী গাভৰুৰ প্ৰেমৰ সম্পৰ্কৰ ওপৰত আধাৰিত, যি প্ৰেমৰ কোনো সামাজিক স্বীকৃতি নাই বৰং যাক চোৱা হয় ঘৃণাৰে। এখন অসাধাৰণ চলচ্চিত্ৰ। এনেকুৱা অবৈধ সম্পৰ্কৰ ওপৰত আধাৰিত আন কেইখনমান প্ৰিয় ছায়াছবিৰ নাম উল্লেখ নকৰিলে অন্যায় হ’ব। অস্কাৰ বিজয়ী চাইনিজ ফিল্ম ’জু-দৌ’, সত্যজিত ৰায়ৰ ’চাৰুলতা’ আৰু অস্কাৰ বিজয়ী ইংৰাজী চিনেমা ’আমেৰিকান বিউটি’।

৩. শ্বো মি লাভ (ছুইডিছ, ছুইডেন): সমলৈঙ্গিক প্ৰেমৰ সম্পৰ্ককো সমাজে ভালদৰে গ্ৰহণ কৰিব পৰা নাই। কিন্তু নিৰ্দেশক লুকাছ মুডিছনে এই নিষিদ্ধ সম্পৰ্ককে ইমান নিষ্পাপ আৰু মানৱিকভাৱে উপস্থাপন কৰিছে যে ৰক্ষণশীল দৰ্শক এজনেও এই বিষয়ে আকৌ এবাৰ চিন্তা কৰিব। সমলৈঙ্গিক প্ৰেমৰ সম্পৰ্কৰ ওপৰত আধাৰিত আন এখন উল্লেখযোগ্য প্ৰিয় চিনেমা হ’ল, ফৰাচী নিৰ্দেশক আব্দেল লতিফ কেচিচেৰ বিশ্ববিখ্যাত ফিল্ম ’ব্লু ইজ দ্য ৱাৰ্মেষ্ট কালাৰ’।

২. দি গাৰ্ল উইথ ৰেড স্কাৰ্ফ (তুৰ্কী, তুৰস্ক) আৰু ৰাষ্ট এন্ড বোন (ফৰাচী, বেলজিয়াম): গাঁৱৰ ছোৱালী আচিয়া, প্ৰেমত পৰি ইস্তানবুল নগৰৰ ট্ৰাক ড্ৰাইভাৰ ইলিয়াছৰ লগত পলাই যায়। বিয়া পাতে আৰু জন্ম হয় সিহঁতৰ একমাত্ৰ পুত্ৰৰ। কিন্তু ইলিয়াছে নিজৰ পূৰ্বৰ প্ৰেমিকাৰ লগত আকৌ সম্পৰ্ক আৰম্ভ কৰে আৰু এদিন পত্নী-পুত্ৰক এৰি থৈ গুচি যায় ক’ৰবালৈ। উপায়ান্তৰহীন হৈ ঘূৰি ফুৰা আচিয়া আৰু তেওঁৰ পুত্ৰক আশ্ৰয় দিয়ে চেমচিতে। আচিয়াৰ কণমানি পুত্ৰই চেমচিতৰ মাজত বিচাৰি পায় এজন পিতাক। ইলিয়াছে নিজৰ ভূল বুজিব পাৰি ঘূৰি আহে আৰু নিজৰ পত্নী-পুত্ৰৰ কোনো সন্ধান বিচাৰি নাপায়। ইফালে লাহে লাহে আচিয়াৰ প্ৰেমত পৰে চেমচিত, আৰু আচিয়াও নিজৰ পুত্ৰৰ ভৱিষ্যতৰ কথা ভাবি বিবাহ হয় চেমচিতৰ সৈতে আৰু আৰম্ভ কৰে এক সুখৰ সংসাৰ। এনেকৈয়ে পাৰ হৈ যায় বহু বছৰ। ইলিয়াছে কিন্তু তেতিয়াও জাৰি ৰাখিছে সন্ধান আৰু অৱশেষত এদিন আহি উপস্থিত হয় আচিয়াৰ সন্মুখত। দাবী কৰে পত্নী আৰু পুত্ৰক। আচিয়াই এতিয়া কি কৰিব? প্ৰেম আৰু কৃতজ্ঞতাৰ মাজত বিভাজিত আচিয়া। এই দ্বন্দ্বক লৈয়ে নিৰ্দেশক আতিফ ইলমিজৰ এই বিখ্যাত চিনেমা। আনহাতে, পেছাগতভাৱে বিধ্বস্ত এজন পুৰুষ আৰু দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুওৱা এগৰাকী পঙ্গু মহিলাৰ কেজুৱেল দৈহিক সম্পৰ্কৰপৰা আৰম্ভ হোৱা সম্পৰ্কই কেনেকৈ লাহে লাহে পৰিণত হয় এক জীৱনজোৰা সম্পৰ্কত আৰু সেই প্ৰেম বিচাৰি পোৱাৰে এক অতি বলিষ্ঠ চিনেমা হ’ল জঁক আউদিয়াৰ্ডৰ সমালোচকৰদ্বাৰা বহুল প্ৰশংসিত ফিল্ম ’ৰাষ্ট এন্ড বোন’।

১. টাৰ্কিছ ডিলাইট (ডাচ্চ, নেদাৰলেন্ড): এজন চিত্ৰকাৰ আৰু এগৰাকী যুৱতীৰ প্ৰেমৰ ওপৰত আধাৰিত পল ভেৰহ’এভেনৰদ্বাৰা পৰিচালিত ইয়াতকৈ intense প্ৰ্ৰেমৰ চলচ্চিত্ৰ আজিলৈকে খুব কম সৃষ্টি হৈছে। আৱেগৰ তীব্ৰতা, কামনা-বাসনা, পাগলামি, বিৰহ-বিচ্ছেদ, পুনৰ মিলন এই সকলোবোৰৰ যেন এক ৰোলাৰ কোষ্টাৰ আৰু তাৰ মাজেদিয়ে নিজকে বিচাৰি পোৱা। প্ৰেম চিৰস্থায়ী, জীৱন গতিশীল, গতিশীল জীৱনৰ সৈতে প্ৰেমে যেন কেৱল ৰূপহে সলায়। এক অপূৰ্ব, অসাধাৰণ চিনেমা।

 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *