বিহংগম দৃষ্টিৰে বিংশ শতিকা - মূল: এৰিক হবছবম, ভাবানুবাদ : ময়ূৰ চেতিয়া

(এয়া হৈছে এৰিক হবছবমৰ ‘এজ অব এক্সট্রিমছ : দা ছর্ট টুৱেন্টিয়েথ চেঞ্চুৰি : ১৯১৪-১৯৯১’ শীর্ষক বিখ্যাত গ্রন্থখনৰ প্রস্তাৱনামূলক অধ্যায়। গ্রন্থখন ১৯৯৪ চনত প্রকাশিত হৈছিল। ইয়াত লেখকে বিংশ শতিকাৰ প্রতি এক বিহংগম দৃষ্টি নিক্ষেপ কৰিছে আৰু কেতবোৰ সাধাৰণ সিদ্ধান্ত বিকশিত কৰিছে। অধ্যায়টোক এক সুকীয়া প্রবন্ধ হিচাপেও পঢ়িব পৰা যায়।
হবছবমক অনুবাদ কৰা সহজ নহয়। জার্মান মূলৰ অন্যান্য লেখকৰ দৰেই হবছবমেও অতিশয় দীঘল দীঘল বাক্য লিখে। বুজাত সহজ হোৱাকৈ আমি ইয়াত দীঘল বাক্যবোৰ য’ত সম্ভৱ সৰল কৰিবলৈ চেষ্টা কৰিছোঁ। প্রয়োজনবিশেষে কেতবোৰ অতিৰিক্ত তথ্য-পাতিৰো যোগান ধৰিছোঁ। কাজেই এই অসমীয়া সংস্কৰণটোক অনুবাদ বোলাতকৈ ভাবানুবাদ বোলাটোহে অধিক শুদ্ধ হ’ব। অসমীয়া পাঠকে লেখনিটো পঢ়ি ভাল পাব বুলি আশা কৰিলো। – অনুবাদক।)

১৯৯২ চনৰ ২৮ জুন। ফ্রাঞ্চৰ ৰাষ্ট্রপতি মিতেঁহই হঠাতে সিদ্ধান্ত ল’লে যে তেওঁ ছাৰাজেভো চহৰলৈ যাব। য়ুগোশ্লাভিয়া দেশৰ অন্যতম মূল চহৰ ছাৰাজেভো তেতিয়া গৃহযুদ্ধৰ আৱর্তত। চৌদিশে মৰামৰি, কটাকটি। যুদ্ধৰ ফলত ইতিমধ্যেই লাখ লাখ মানুহৰ মৃত্যু ঘটিছে। এনে এক অৰাজক পৰিস্থিতিত হিলৈ আৰু বৰটোপৰ গুলীৰ মাজত ফ্রাচোঁৱা মিতেঁহ ছাৰাজেভোলৈ যোৱাৰ উদ্দেশ্য কি আছিল?
মিতেঁহই আচলতে য়ুগোশ্লাভিয়াৰ সংকট সম্পর্কে বিশ্বৰ অন্যান্য দেশবোৰ যে অতিশয় গম্ভীৰ - এই কথাটো স্থানীয় নেতাসকলক বুজাবলৈ গৈছিল। তেওঁৰ দৰে এজন অশীতিপৰ, বৃদ্ধ তথা সন্মানীয় ৰাজনেতাই মৃত্যুৰ আশংকাকো নেওচা দি ৰণথলীলৈ এনে উদ্দেশ্যৰে যাত্রা কৰাৰ কথাটো বাতৰিকাকতবোৰত বেছ গুৰুত্বসহকাৰে প্রকাশ কৰা হৈছিল। তেওঁৰ সাহসক প্রশংসাও কৰা হৈছিল। পিছে মিতেঁহৰ ছাৰাজেভো যাত্রাৰ আন এটাও দিশ আছিল। তেওঁ গমন কৰিবলৈ চয়ন কৰা দিনটো আছিল ১৮ জুন; বিশ্ব ইতিহাসত এই দিনটোৰ এক বিশেষ তাৎপর্য আছিল। পিছে কাকত-আলোচনীবোৰে তাৰ তাৎপর্য বুজিবই নোৱাৰিলে। এই দিশটো সম্পর্কে কাকতবোৰ নিমাত হৈয়েই ৰ’ল।
১৮ জুন : কি হৈছিল এই দিনটোত? কিয় ফৰাচী ৰাষ্ট্রপতিজনে ছাৰাজেভোলৈ যাবলৈ এই দিনটোকে নির্বাচিত কৰি লৈছিল? কিয়নো ৭৮ বছৰ আগতে ১৯১৪ চনত ঠিক এই দিনটোতে অষ্ট্রিয়া-হাংগেৰিৰ আর্কডিউক ফ্রানজ ফার্ডিনাণ্ডক ছাৰাজেভো চহৰখনতে হত্যা কৰা হৈছিল। এই ঘটনাটোৱেই কেইসপ্তাহমানৰ ভিতৰতে প্রথম বিশ্বযুদ্ধৰো সূচনা কৰিছিল। ৰাজনৈতিক ভুল তথা হঠকাৰিতাই কেনেদৰে ভীষণ ধ্বংসলীলা সৃষ্টি কৰিব পাৰে, এই কথাটো নাটকীয়ভাৱে বুজাবলৈকে মিতেঁহই এই দিনটো চয়ন কৰি লৈছিল। ছাৰাজেভো - একেখন চহৰ, একেটাই দিন। ১৯১৪ চনত এইখন চহৰৰ এটা ঘটনাৰপৰাই প্রথম বিশ্বযুদ্ধৰ সূচনা হৈছিল, ১৯৯২ চনতো মানুহে যাতে একেধৰণৰ ভুলকে নকৰে, সেই কথাটোকে যেন মিতেঁহই একেটা তাৰিখতে যাত্রা কৰি প্রতীকী ৰূপত বুজাব খুজিছিল।
দুর্ভাগ্যবশতঃ কেইজনমান বৃদ্ধ মানুহ তথা ইতিহাসবিদৰ বাহিৰে আন বেছিভাগ মানুহেই এই প্রতীকৰ তাৎপর্য বুজি নাপালে। কোনো এখন কাকতেই তাৰিখটোৰ তাৎপর্য সম্পর্কে কোনো মন্তব্য নকৰিলে। ঐতিহাসিক স্মৃতি দীর্ঘ সময়ৰ বাবে সজীৱ কৰি ৰখাৰ ক্ষেত্রত বিংশ শতিকা অক্ষম যেনেই প্রতীয়মান হৈছে। স্মৃতি হৈ পৰিছে ক্ষণভংগুৰ। প্রথম বিশ্বযুদ্ধৰ স্মৃতি ইতিমধ্যেই বিস্মৃতিলৈ, পাহৰণিলৈ পৰিণত হৈছে।
আমাৰ বোধেৰে বিংশ শতিকাৰ শেহৰছোৱাত দেখা পোৱা এটা বিশেষ পৰিঘটনা হৈছে – অতীতৰ স্মৃতিৰ বিধ্বংসকৰণ। কেনেদৰে আমাৰ বর্তমানৰ যুগটো এক বিশেষ ঐতিহাসিক পৰিক্রমাৰ জৰিয়তে বিকশিত হৈছেহি – এই কথাষাৰ আজিৰ দিনৰ বেছিভাগ ডেকা-গাভৰুৱেই উপলব্ধি কৰিব নোৱাৰে। এই নতুন প্রজন্মটোৰ চেতনা হৈছে চিৰায়ত বর্তমানৰ চেতনা; এনে এক বর্তমান যাৰ কোনো অতীত যেন নায়েই! বিংশ শতিকাৰ ঘটনাৱলীয়ে কেনেদৰে আজিৰ বর্তমানটো নির্মাণ কৰিছে – এই বিষয়ে জানিবলৈ নতুন ডেকা-গাভৰুচামৰ কোনো আগ্রহ নাই। যেনেধৰণৰ ক্রিয়াপদ্ধতিৰদ্বাৰা মানুহে নিজৰ সাম্প্রতিক অভিজ্ঞতাবোৰ পুৰণি প্রজন্মৰ ঘটনাৱলী তথা অভিজ্ঞতাৰ স’তে তুলনা কৰি চায় তথা ঐতিহাসিক শিক্ষা লাভ কৰিবলৈ যত্ন কৰে – এই সমস্ত ক্রিয়াপদ্ধতিবোৰ আজিৰ দিনত যেন লুপ্তপ্রায় হ’বলৈ আৰম্ভ কৰিছে।
কথাষাৰ কেৱল বিংশ শতিকাৰ শেহৰছোৱাত জন্ম লাভ কৰা নতুন প্রজন্মটোৰ ক্ষেত্রতে প্রযোজ্য নহয়। সমস্ত যুগটোৱেই নিজৰ ৰাজহুৱা অতীতটোক পাহৰিবলৈ আৰম্ভ কৰিছে। এই বিষয়ে মোৰ মনত কোনো সন্দেহ নাই যে ১৯৮৯ চনত বিশ্বৰ বিভিন্ন দেশৰ বিদেশ মন্ত্রীসকলে নিউৰেমবার্গ ট্রায়েল সম্পর্কীয় একোখন ছেমিনাৰত অংশগ্রহণ কৰা হ’লে বিশেষভাৱে উপকৃত হ’লহেঁতেন। কেনেদৰে দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংসলীলাৰ পাছত বিশ্বৰ দেশবোৰে অতিশয় যত্ন তথা সাৱধানতাৰে বিভিন্ন শান্তি চুক্তি তৈয়াৰ কৰি উলিয়াইছিল – এই কথাবোৰ আজিৰ বিশ্বৰ বিদেশ মন্ত্রীসকলে জনা উচিত। দুর্ভাগ্যজনকভাৱে এনে সমস্ত শিক্ষা আজি তেওঁলোকে পাহৰি পেলাইছে।
এই কিতাপখনত মই কেৱল ঘটনাৰ বর্ণনা কৰা নাই। সেয়া মোৰ উদ্দেশ্যও নহয়। অৱশ্যে মোৰ এনে অভিজ্ঞতাও ঘটিছে য’ত প্রতিভাৱান ডেকা আমেৰিকান ছাত্রই মোক এনেদৰে প্রশ্ন কৰিছে – “মহাশয়, এই যে দ্বিতীয় বিশ্বযুদ্ধ বোলা শব্দটো ব্যৱহাৰ কৰা হয়, তাৰ মানে কি প্রথম বিশ্বযুদ্ধ বুলিও এখন যুদ্ধ আছিল?” অর্থাৎ বিংশ শতিকাৰ প্রাথমিক ঘটনাৱলী সম্পর্কেও আজিও প্রজন্মটো ভালকৈ পৰিচিত বুলি নিশ্চিতকৈ ক’ব নোৱাৰি। সি যি নহওক, এই কিতাপখনত মই ১৯১৪-১৯৯১ সময়ছোৱাৰ বিভিন্ন ঘটনাৱলীক কেনেদৰে বিশ্লেষণ কৰা যায়, কেনেদৰে সিবিলাকৰ আন্তঃসম্পর্কবোৰ বুজিব পৰা যায় – এই সম্পর্কেহে কিছু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। বিংশ শতিকাৰ ঘটনাৱলীয়ে সিবিলাকৰ বিশিষ্ট ৰূপ কিয় লাভ কৰিলে, কেনেদৰে ঘটনাৱলীয়ে সেইধৰণৰ গতি ল’লে যিধৰণৰ গতি দেখা পোৱা গ’ল? মই এই প্রশ্নবোৰৰ কেতবোৰ উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ।
মোৰ দৰে বুঢ়া মানুহ এজনে – যাৰ জন্ম হৈছিল ১৯১৭ চনত – তেওঁ বিংশ শতিকাৰ ইতিহাস লিখাৰ অর্থ হৈছে – লেখনিয়ে এক আত্মজীৱনীমূলক চৰিত্রও ধাৰণ কৰিব। মোৰ দৰে, আমাৰ দৰে মানুহবোৰে বিংশ শতিকাৰ ইতিহাস লিখোঁতে আচলতে নিজৰ স্মৃতিৰ বিষয়েও লিখিব। ইয়াৰ জৰিয়তে তেওঁলোকে নিজৰ স্মৃতিবোৰ সতেজ কৰিবলৈ তথা শুধৰাবলৈ চেষ্টা কৰিব। আমিবোৰ এটা বিশেষ যুগৰ, বিশেষ সময়ৰ মানুহ আছিলোঁ। সামান্য পৰিমাণে হ’লেও মানৱ এজেণ্ট হিচাপে বিংশ শতিকাটো নির্মাণ কৰাত আমাৰো হাত আছিল। শতিকাটো সম্পর্কে আমাৰ দৃষ্টিভংগী শতিকাটোৰ গুৰুত্বপূর্ণ ঘটনাৱলীবোৰেই নির্মাণ কৰি দিছিল। আমিবোৰ এই শতিকাটোৰে অংশবিশেষ। শতিকাটোও আমাৰ অংশবিশেষ বুলিব পাৰি। পাঠকসকলে, বিশেষকৈ কলেজ বিশ্ববিদ্যালয়ত পঢ়া ডেকা ছাত্র-ছাত্রীসকলে – যাৰ বাবে ভিয়েটমান যুদ্ধও হৈছে দূৰ অতীতৰ কোনো ঘটনা – তেওঁলোকে এই কথাষাৰ মনত ৰখা উচিত।
মোৰ যুগৰ আৰু মোৰ পটভূমিৰ ইতিহাসবিদ একোজনৰ বাবে ইতিহাসৰ বিধ্বংসকৰণ হৈছে অসম্ভৱ কিয়নো আমাৰ যুগত বাট-পথ আৰু ৰাজহুৱা স্থানবোৰৰ নাম কোনো ৰাজহুৱা ব্যক্তিৰ নামেৰে নামকৰণ কৰাৰ পৰম্পৰাটো তেতিয়ালৈকে শেষ হোৱা নাছিল (উদাহৰণ : প্রাকবিশ্বযুদ্ধকালীন প্রাগৰ উইলছন ষ্টেচন, পেৰিছৰ মেট্র’ স্তালিনগ্রাড)। আমাৰ যুগলৈকে বিভিন্ন দেশৰ মাজত শান্তি চুক্তি স্বাক্ষৰ কৰাটো প্রয়োজনীয় বুলিয়েই বিবেচিত হৈছিল আৰু সিবিলাকক ৰাজহুৱাভাৱে চিহ্নিত কৰাটো জৰুৰী বুলি ভবা হৈছিল (ভার্ছাইৰ চুক্তি)। ৰাজহুৱা ঘটনাবোৰ আমাৰ দৈনন্দিন জীৱনযাত্রাৰ অংশবিশেষ আছিল। সিবিলাকে আমাৰ ব্যক্তিগত জীৱনবোৰ কেৱল প্রভাৱিতই কৰা নাছিল, বৰং সিবিলাকে আমাৰ ব্যক্তিগত তথা ৰাজহুৱা জীৱনবোৰ নির্মাণ পর্যন্ত কৰিছিল। উদাহৰণস্বৰূপে – এই লেখকৰ বাবে ১৯৩৩ চনৰ ৩০ জানুৱাৰি তাৰিখটো কোনো সাধাৰণ দিন নাছিল। সিদিনা হিটলাৰ জার্মানিৰ চেঞ্চেলৰ পদত অধিষ্ঠিত হৈছিল আৰু এই লেখকে সেইদিনা ভনীয়েকৰ স’তে স্কুলৰপৰা ঘৰলৈ ঘূৰি আহি থাকোতে ক’ৰবাত খবৰটো দেখিছিল। জাৰকালি বার্লিনৰ ৰাজপথত খোজ কাঢ়ি আহি থকা সেই পোন্ধৰবছৰীয়া কিশোৰজনে ঠিক কোনখিনি ঠাইত এই খবৰটো দেখিছিল – সেয়া আজি আৰু মোৰ মনত নাই, কিন্তু কিশোৰজনে হেডলাইনটো একেথিৰে চাই থকা দৃশ্যটো এতিয়াও মোৰ মনত আছে। সপোনৰ দৰে সেই দৃশ্যটো আজিও মই দেখা পাওঁ।
এই কথাখিনি আচলতে মোৰ দৰে বৃদ্ধ ইতিহাসবিদৰ ক্ষেত্রতে কেৱল প্রযোজ্য নহয়। বিশ্বৰ এক বৃহৎ অংশৰ সাধাৰণ জনগণৰ বৃদ্ধ অংশটোৱে এই একেইধৰণে শতিকাৰ কেন্দ্রীয় ঘটনাবোৰ অনুভৱ কৰিছিল। সেয়েহে মোৰ দৰেই তেওঁলোকৰ বাবেও অতীত হৈছে বর্তমানৰ অবিচ্ছেদ্য অংগ। বিংশ শতিকাৰ কেন্দ্রীয় ঘটনাৱলীয়ে মোৰ প্রজন্মৰ সকলোৰে জীৱনত দ-কৈ ছাব কাটি গৈছে। যিখন পৃথিৱী ১৯৮০ দশকৰ শেহত ছাৰাখাৰ হৈ গৈছিল – সেইখন আমাৰ পৃথিৱী আছিল। সেইখন পৃথিৱীৰ জন্ম হৈছিল ১৯১৭ চনৰ ৰুছ বিপ্লৱ আৰু তাৰ বিশ্বজনীন প্রভাৱৰ ঔৰসত। সেইখন পৃথিৱীৰ ধাৰণাবোৰ আমাৰ বাবে সহজাত ধাৰণা আছিল; তেনেদৰেই আমি পৃথিৱীখন চাবলৈ, বিশ্লেষণ কৰিবলৈ শিকিছিলোঁ। উদাহৰণস্বৰূপে, ঔদ্যোগীকৃত আধুনিক অর্থনীতিবোৰক ‘পুঁজিবাদী’ (আমেৰিকা, পশ্চিম ইউৰোপ, জাপান ইত্যাদি) আৰু ‘সাম্যবাদী’ (ছোভিয়েট মডেল অনুসৰণ কৰা দেশবোৰ) – এইদৰে দুই ভাগত – দুটা সম্পূর্ণ বৈকল্পিক শিবিৰত বিভক্ত কৰি চোৱাটো বিংশ শতিকাৰ মানুহৰ বাবে সহজাত আছিল। আজি পাছলৈ ঘূৰি চালে অনুভৱ হয় – এইজাতীয় শ্রেণীকৰণবোৰ বহু দূৰৈলৈ বিভ্রান্তিকৰ তথা কৃত্রিম আছিল। পিছে লগতে এইটো কথাও সত্য যে এই দুয়ো বিশ্বৰ শ্রেণীকৰণ কৰিবলৈ কোনো সন্তোষজনক বিকল্প শব্দও এতিয়ালৈকে বিকশিত হোৱা নাই। এফালে আমেৰিকা, জাপান, ছুইডেন, ব্রাজিল, পশ্চিম জার্মানি, দক্ষিণ কোৰিয়াৰ দৰে দেশ; আনফালে ছোভিয়েটশাসিত দেশবোৰ তথা পূব আৰু দক্ষিণ এছিয়াৰ দেশবোৰ। দুয়োৰে মাজত থকা পার্থক্যবোৰ চিহ্নিত কৰিব পৰাকৈ শ্রেণীকৰণৰ আন কোনো বৈকল্পিক নীতি কি হ’ব পাৰে, সেয়া এতিয়াও বিচাৰি পোৱা হোৱা নাই। দ্বিতীয়টো শ্রেণীৰ দেশবোৰৰ ভিতৰত ছোভিয়েটশাসিত দেশবোৰ ইতিমধ্যেই ভাগি-ছিগি গৈছে; আনহাতে পূব আৰু দক্ষিণ এছিয়াৰ দেশবোৰ এতিয়াও বর্তি আছে; কিন্তু দুয়োবিধ যে বহু ক্ষেত্রত একে শ্রেণীৰে দেশ – সেই সম্পর্কে কোনো সন্দেহ নাই।
অক্টোবৰ বিপ্লৱৰ পৰাজয়ৰ পাছত যিখন বিশ্ব বর্তি ৰ’ল – এই পৃথিৱীখনৰ অনুষ্ঠান তথা ধাৰণাবোৰ এসময়ত গঢ় লৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ বিজয়ী অংশটোৰ ঔৰসত। দ্বিতীয় বিশ্বযুদ্ধত যিসকল পৰাজিত হৈছিল – তেওঁলোকৰ মাত-কথা আজি আৰু শুনিবলৈ পোৱা নাযায়। তেওঁলোকৰ কণ্ঠ ৰুদ্ধ হৈ পৰিল বা ৰুদ্ধ কৰি পেলোৱা হ’ল। আচলতে বিশ্ব ইতিহাসৰ পাতৰপৰাই তেওঁলোকক মচি পেলোৱা হ’ল আৰু কেৱল ‘ভাল বনাম বেয়াৰ যুদ্ধ’-জাতীয় নৈতিক নাটকৰ খলনায়কৰ পাত্রৰ ৰূপতে তেওঁলোকৰ অস্তিত্ব বর্তি ৰ’ল। এই একেফেৰা কাম অনাগত সময়ছোৱাত শীতল যুদ্ধৰ পৰাজিত পক্ষটোৰ ক্ষেত্রতো কৰা হ’ব। অৱশ্যেই ই সদৃশধৰণে দীর্ঘ সময় ধৰি বর্তি হয়তো নাথাকিব; পূর্বৰ তীব্র ৰূপো সি হয়তো ধাৰণ নকৰিব।
বিংশ শতিকাৰ যুগটো সেয়েহে বিভিন্ন ছেকুলাৰ ধর্মৰ সংঘাতৰ কাল বুলি ক’ব পাৰি। অসহিষ্ণুতা হৈছে এনে সংঘাতৰ কেন্দ্রীয় উপাদান। আনকি যিসকলে “আমাৰ কোনো মতাদর্শ নাই” বুলি ঢোল পিটি ফুৰিছিল তথা অনা-মতাদর্শগত চিন্তনৰ বৈচিত্র্যৰ ওপৰত জোৰ দিছিল, তেওঁলোকেও কিন্তু প্রকৃতপক্ষে কোনো বৈকল্পিক ছেকুলাৰ ধর্মৰ সহাৱস্থানৰ কথাটো মানি ল’বলৈ সাজু নাছিল; তেওঁলোকৰ বাজে বিশ্বত যে অন্য কোনো ব্যৱস্থাৰ অস্তিত্বৰ বাবেও স্থান থাকিব পাৰে, সেয়া চিন্তনৰ স্বাধীনতাৰ ওকালতি কৰাসকলেও কোনোপধ্যে মানি নলৈছিল। ধর্মীয় বা মতাদর্শগত যুদ্ধৰে পৰিপূর্ণ এই শতিকাটো বিশ্লেষণ কৰোঁতে ইতিহাসবিদসকল সেয়েহে অজস্র সমস্যাত পৰিব লগা হয় – কিয়নো ইতিহাসবিদৰ কাম কাৰোবাক নিন্দা কৰা বা প্রশংসা কৰা নহয়; বৰং ইতিহাসবিদৰ কাম হৈছে ঘটনাৱলীক বুজিবলৈ চেষ্টা কৰা, সিবিলাকৰ বিশ্লেষণ কৰা। পিছে যিটো যুগ মতাদর্শগত যুদ্ধৰেই পৰিপূর্ণ, তাত নিন্দা বা প্রশংসা কৰাৰ লোভ ইতিহাসবিদজনে সামৰিব পাৰিবনে?
বিশ্লেষণৰ সমুখত অৱশ্যে সমস্যা কেৱল ইতিহাসবিদৰ মতাদর্শীয় আৱেগেই নহয়। সমস্যা এইটোও যে আমিবোৰ – অর্থাৎ ইতিহাসবিদ একোজনো এইটো যুগৰে সৃষ্টি। যিটো ঐতিহাসিক প্রক্রিয়াৰ আমি বিশ্লেষণ কৰিব বিচাৰিছোঁ – সেই ঐতিহাসিক প্রক্রিয়াটোৱে স্বয়ং আমাকে নির্মাণ কৰি থৈছে। মতাদর্শীয় আৱেগ নিয়ন্ত্রণ কৰাটো সম্ভৱপৰ; নিন্দা কৰা মানেই বিশ্লেষণৰ কার্য সামৰি থোৱা নিশ্চয় নহয়। এইক্ষেত্রত “বুজিবলৈ চেষ্টা কৰাৰ আগেয়ে সকলোকে মাফ কৰি দিব লাগিব” বোলা ফৰাচী পটন্তৰটো মুঠেও শুদ্ধ নহয়। উদাহৰণস্বৰূপে, নাজি জার্মানিৰ আৱেগবিবর্জিত বস্তুনিষ্ঠ বিশ্লেষণ কৰাৰ অর্থ এইটো নহয় যে আমি নাজি জার্মানিৰ অপৰাধবোৰ মাফ কৰি দিম। ঘটনাবহুল বিংশ শতিকাত যৌৱনপ্রাপ্ত হোৱা কোনো মানুহেই judgement নিদিয়াকৈ থাকিব পাৰিব বুলি মোৰ বিশ্বাস নহয়। নিন্দা-প্রশংসা সকলোৱেই কৰে, আগলৈকো কৰিব। পিছে সেই মাত্রাত ঘটনাৱলীৰ বিশ্লেষণ কৰাটোহে কঠিন কাম; নিন্দা-প্রশংসা কৰা সহজ, বুজাটোহে টান।
(২)
বিংশ শতিকা বোলোতে আমি ১৯১৪ৰপৰা ১৯৯১পর্যন্ত সময়ছোৱা – অর্থাৎ প্রথম বিশ্বযুদ্ধৰ আৰম্ভণিৰপৰা ছোভিয়েট ইউনিয়নৰ পতনলৈকে – বুজাইছো। প্রশ্ন হৈছে : এই নাতিদীর্ঘ অথচ ঘটনাবহুল শতিকাটোৰ তাৎপর্য কেনেদৰে অনুধাৱন কৰা যায়? এইক্ষেত্রত সমস্যা হৈছে - অনাগত সময়ছোৱাত ঘটনা প্রবাহে কি ৰূপ হ’ব সেয়া আমি নাজানো। নতুন শতিকাটো কেনেদৰে বিকশিত হ’ব – সেয়া এতিয়াও ভৱিষ্যতৰ গর্ভত। অৱশ্যে ঘটনাপ্রবাহে যিয়েই ৰূপ নলওক কিয়, বিংশ শতিকাই যে অনাগত শতিকাটোৰ ওপৰত বিশেষ প্রভাৱ পেলাব সেয়া নিশ্চিত। মনত ৰখা ভাল যে ইতিহাসবিদৰ কাম ঘোঁৰা দৌৰত পইছা লগোৱা নহয়; বৰং ইতিহাসবিদৰ কাম হৈছে ইতিমধ্যেই জয়-পৰাজয় ঘোষিত হৈ যোৱা দৌৰবোৰৰ বিশ্লেষণ কৰাহে। আৰু এনেও বিগত ৪০ বছৰৰ ইতিহাস চালে দেখা যায় যে প্রফেছন যিয়েই নহওক কিয় - সকলো প্রকাৰৰ ভৱিষ্যতদ্রষ্টাৰ ভৱিষ্যৎবাণীবোৰ অত্যন্ত বিভ্রান্তিকৰ বুলি প্রমাণিত হৈছে। আজিৰ দিনত কেৱল চৰকাৰ তথা গৱেষণা কেন্দ্রসমূহেহে ভৱিষ্যত্দ্রষ্টাৰ ওপৰত কিছু দূৰৈলৈ ভৰসা কৰে বা ভৰসা কৰাৰ ভাও জোৰে! দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ভৱিষ্যৎবাণী ভুল প্রমাণিত হোৱাৰ প্রৱণতাটো অধিক বৃদ্ধিহে হ’ল যেন ধাৰণা হয়।
নাতিদীর্ঘ বিংশ শতিকাটোক তিনিটা ভাগত বিভক্ত কৰিব পাৰি। ১৯১৪-১৯৪৫ - এইছোৱা হৈছে বুর্জোৱা সভ্যতাৰ মহাবিনাশৰ যুগ (প্রথম আৰু দ্বিতীয় বিশ্বযুদ্ধ, ৰুছ বিপ্লৱ, ১৯৩০ৰ বিশ্ব আর্থিক সংকট, ফেছিবাদৰ উদয়)। ইয়াৰ পাছৰ ২৫-৩০ বছৰ কাল সোণালী যুগ বুলি ক’ব পাৰি যেতিয়া সমস্ত বিশ্বতে আর্থিক বিকাশ আৰু সামাজিক ৰূপান্তৰণে ভীষণ গতি লাভ কৰিলে। যিমান তড়িৎ গতিৰে সোণালী যুগটোৱে মানৱ সমাজখন সলনি কৰি পেলালে, সেয়া সমস্ত মানৱ ইতিহাসৰে এক অভূতপূর্ব ঘটনা বুলি ক’ব পাৰি। ১৯৭০ৰ দশকৰ আৰম্ভণিছোৱাত এই সোণালী যুগৰ সমাপ্তি ঘটিল। ইয়াৰ পাছতে পুনৰ সংকট আৰু অস্থিৰতাৰ আন এটা যুগ আৰম্ভ হল। ছোভিয়েট ৰাছিয়া আৰু পূব ইউৰোপত ই এক সামগ্রিক বিনাশ আৰু বিখণ্ডনৰ ৰূপ ধাৰণ কৰিলে। ৯০ দশকত থিয় হৈ আজি এনে অনুভৱ হৈছে – শতিকাটোৱে যেন অস্থিৰতা আৰু সংকটৰপৰা আৰম্ভ কৰি শেহান্তৰত পুনৰ সংকট আৰু অস্থিৰতাৰ মাজেদিয়েই মেলানি মাগিলে। মাথোঁ মাজতে ডাৱৰীয়া বতৰত এচেৰেঙা ৰ’দৰ দৰেই ২৫-৩০ বছৰীয়া এছোৱা সোণালী যুগ দান কৰি থৈ গ’ল। কিন্তু শতিকাটোৰ আৰম্ভণিৰ দৰেই সমাপ্তিও বিষণ্ণতা আৰু গোমা পৰিবেশৰ মাজতেই সমাপন হ’ল। অৱশ্যে শেহৰছোৱা অস্থিৰতা আৰু সংকটে প্রলয় সৃষ্টি কৰিব বুলি ভবাটোও অতিশয়োক্তি হ’ব। ইতিহাসৰ অন্ত পৰিছে বুলি ঘোষণা কৰা জনৈক অদৃষ্টবাদী দার্শনিককো ইতিহাসবিদৰ এফেৰি শিক্ষা এইখিনিতে দিব পাৰি : বাকী যিয়েই নহওক কিয় – মানৱ জাতিৰ ভৱিষ্যত নিশ্চয় থাকিব। ইতিহাসৰ যদি কোনো সুনিশ্চিত সাধাৰণীকৰণ কৰিব পাৰি, সেয়া হৈছে – চৰৈৱেতি চৰৈৱেতি! যেতিয়ালৈকে মানুহৰ অস্তিত্ব থাকিব, তেতিয়ালৈকে ইতিহাসো গতিমান হৈ থাকিব!
বিংশ শতিকাৰ তিনিটা যুগ অনুসৰি এই কিতাপখনো সেইমতে সজোৱা হৈছে। প্রথমে প্রথম বিশ্বযুদ্ধৰপৰাই আৰম্ভণি কৰা হৈছে – যি ১৯ শতিকাৰ বুর্জোৱা সভ্যতাৰ বিখণ্ডনৰ সূচনা কৰিছিল। এই সভ্যতাৰ অর্থনীতি আছিল পুঁজিবাদী; আইন তথা সাংবিধানিক গাঁথনি আছিল উদাৰবাদী; আধিপত্যশীল বুর্জোৱা শ্রেণীটোৰ ৰূপ অনুসৰিয়েই এই সমাজখনকো সজাবলৈ চেষ্টা কৰা হৈছিল। জ্ঞান-বিজ্ঞান আৰু শিক্ষাৰ ক্ষেত্রবোৰত ভীষণ অগ্রগতি লাভ কৰা এই সভ্যতাই নিজ বৈষয়িক তথা নৈতিক বিকাশৰ তীব্রবেগ দেখি বেছ গর্ব অনুভৱ কৰিছিল। লগতেই এই সভ্যতাই তীব্রভাৱে অনুভৱ কৰিছিল যে মানৱ ইতিহাসৰ ভৱিষ্যত লিখনৰ ক্ষেত্রত ইউৰোপৰ এক কেন্দ্রীয় ভূমিকা থাকিব। ইতিমধ্যেই ইউৰোপ বিজ্ঞান, কলা, ৰাজনীতি আৰু ঔদ্যোগিক বিপ্লৱৰ বাটকটীয়াত পৰিণত হৈছিল; ইউৰোপীয় অর্থনীতিয়ে বিশ্বৰ দূৰদিগন্তৰ দেশবোৰত প্রবেশ কৰিছিল; ইউৰোপীয় সৈনিকসকলে বিশ্বৰ বেছিভাগ অঞ্চল পদানত কৰি পেলাইছিল। ভীষণ গতিৰে ইউৰোপীয় লোকৰ জনসংখ্যাও বৃদ্ধি পাইছিল আৰু অৱশেষত ই বিশ্বৰ মুঠ জনসংখ্যাৰ এক-তৃতীয়াংশত পৰিণত হৈছিল। ইউৰোপৰ প্রধান ৰাষ্ট্রবোৰেই বিশ্ব ৰাজনীতিৰ ছিষ্টেমটো নির্মাণ কৰিছিল।
প্রথম বিশ্বযুদ্ধৰ দশকটোৰপৰা আৰম্ভ কৰি দ্বিতীয় বিশ্বযুদ্ধলৈকে – এই সময়ছোৱা ইউৰোপীয় বুর্জোৱা সভ্যতাৰ মহাবিনাশৰ সময় আছিল। চল্লিশ বছৰ ধৰি ই এটা দুর্যোগৰপৰা আনটোলৈ জঁপিয়াই ফুৰিছিল। আনকি উৎকট প্রতিক্রিয়াশীল বুদ্ধিজীৱীসকলেও ন দি ক’ব পৰা নাছিল যে এই সভ্যতা অদূৰ ভৱিষ্যতে বাচি থাকিব পাৰিব। দুখন বিশ্বযুদ্ধ আৰু তাৰ সমান্তৰালভাৱে অহা গোলকীয় বিপ্লৱ আৰু বিদ্রোহৰ দুটা প্রচণ্ড ঢৌৱে এই সভ্যতাৰ সীমা সংকুচিত কৰি পেলালে। প্রথমে বিশ্বৰ ১/৬ অংশ সাম্যবাদৰ অধীনলৈ আহিল; দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ই বিশ্বৰ ১/৩ অংশপর্যন্ত বৃদ্ধি পালে। বিয়াগোম ঔপনিবেশিক সাম্রাজ্যবোৰ ভাগি-ছিগি ধ্বংসস্তূপত পৰিণত হ’ল। মহাৰাণী ভিক্টোৰিয়াৰ মৃত্যুৰ সময়ত ব্ৰিটিছ সাম্রাজ্যই ক্ষমতা, প্রতাপ আৰু আত্মবিশ্বাসৰ শীর্ষস্থানত আৰোহণ কৰি আছিল; পিছে সি আন এটা প্রজন্মপর্যন্তও স্থায়ী নহ’ল। উইনষ্টন চার্চিলৰ (১৮৭৪-১৯৬৫) মৃত্যুৰ বেছ আগেয়েই এই সমস্ত সাম্রাজ্যৰ চিন-চাব নাইকিয়া হৈ পৰিল।
অধিক গুৰুত্বপূর্ণভাৱে – এক অভূতপূর্ব বিশ্ব আর্থিক সংকটে শক্তিশালীতকৈয়ো শক্তিশালী পুঁজিবাদী দেশবোৰক আঁঠু ল’বলৈ বাধ্য কৰিলে। ১৯ শতিকাৰ উদাৰবাদী পুঁজিবাদে নির্মাণ কৰা এক একক বিশ্ব অর্থনীতিৰ বিকাশ প্রক্রিয়া থমকি ৰ’বলৈ বাধ্য হ’ল; ই আনকি পিছ হুঁহকি অহা যেনো ভাব হ’ল। বিপ্লৱ আৰু যুদ্ধৰপৰা সদায়েই নিৰাপদ দূৰত্বত অৱস্থান কৰা আমেৰিকাৰো পতন সন্নিকট যেন প্রতিভাত হ’ল। এফালে পুঁজিবাদী অর্থনীতিবোৰ থৰথৰকৈ কঁপি উঠিল, আনফালে এখনৰ পাছত আনখনকৈ দেশত উদাৰবাদী গণতন্ত্রৰ অনুষ্ঠানবোৰ লুপ্ত হ’বলৈ আৰম্ভ কৰিলে। ১৯১৭-১৯৪২ সময়ছোৱাৰ শেহান্তৰত ইউৰোপ আৰু আমেৰিকাৰ মাত্র কেইখনমান দেশতহে উদাৰ-গণতান্ত্রিক অনুষ্ঠানবোৰ বর্তি ৰ’ল। সকলোতে ফেছিবাদী আন্দোলন তথা তাৰ অনুগামী কর্তৃত্ববাদী শাসনে ভয়ংকৰ প্রগতি লাভ কৰিলে।
উদাৰ-পুঁজিবাদ আৰু সাম্যবাদৰ এক অস্থায়ী তথা অদ্ভুত মিত্রজোঁটেহে ফেছিবাদৰ এই অদম্য শক্তিক ৰোধ কৰি গণতন্ত্রক ৰক্ষা কৰিবলৈ সক্ষম হ’ল। চাবলৈ গ’লে, নাজি জার্মানিক মূলতঃ ৰেড আর্মিয়েই পৰাস্ত কৰিলে; সেইফেৰা কাম কৰাৰ শকতি প্রকৃততেই কেৱল ৰেড আর্মিৰহে আছিল। কেইবাটাও দিশৰপৰা সাম্যবাদ আৰু পুঁজিবাদৰ ফেছিবাদবিৰোধী মিত্রতাৰ সময়খিনিয়ে – অর্থাৎ ১৯৩০ তথা ৪০ৰ দশককেইটাই - বিংশ শতিকাৰ ইতিহাসৰ নির্ণায়ক মুহূৰ্তটো গঠন কৰিছিল। এয়া এক প্রকাৰৰ ঐতিহাসিক বিড়ম্বনা বুলিয়েই ক’ব পাৰি – শতিকাৰ বেছিভাগ সময়েই পুঁজিবাদ আৰু সাম্যবাদ ইটো সিটোৰ ঘোৰ বিৰোধী আছিল; অথচ মানৱ সভ্যতাক ফেছিবাদী ধ্বংসযজ্ঞৰপৰা ৰক্ষা কৰাৰ বাবে দুয়োৰে সাময়িক মিত্রতা প্রয়োজনীয় হৈ পৰিছিল।
হিটলাৰৰ সেনাবাহিনীক পৰাস্ত কৰা ছোভিয়েট ৰাছিয়াৰ শাসনব্যৱস্থাটো অক্টোবৰ বিপ্লৱেই নির্মাণ কৰি দিছিল। অক্টোবৰ বিপ্লৱ অবিহনে হিটলাৰক ৰোধ কৰাটো ৰাছিয়াৰ বাবে সম্ভৱপৰ নাছিল। এই কথাটো বুজি পাবলৈ দুই বিশ্বযুদ্ধত ৰুছ অর্থনীতিৰ তুলনামূলক ৰেকর্ড সম্পর্কীয় গাট্রেল আৰু হেৰিছনৰ গৱেষণাবোৰলৈ মন কৰা উচিত । অর্থাৎ অক্টোবৰ বিপ্লৱ অবিহনে পশ্চিম ইউৰোপৰ দেশবোৰ আজি উদাৰ সংসদীয় গণতন্ত্র হৈ থাকিব নোৱাৰিলেহেঁতেন। সিবিলাকত ফেছিবাদী বা কর্তৃত্বশীল শাসকৰে শাসন চলি থাকিলেহেঁতেন। এই অদ্ভুত শতিকাটোৰ এক বৃহৎ বিড়ম্বনা হৈছে যে – যি অক্টোবৰ বিপ্লৱৰ লক্ষ্য আছিল পুঁজিবাদৰ গোলকীয় বিধ্বংসকৰণ, সেই বিপ্লৱে শেহপর্যন্ত তাৰ মূল শত্রু – অর্থাৎ পুঁজিবাদক ৰক্ষা কৰাৰ ক্ষেত্রত এক বিশেষ ভূমিকা পালন কৰিলে। অক্টোবৰ বিপ্লৱ তথা পাছলৈ বিশাল সাম্যবাদী শিবিৰৰ অস্তিত্বই সৃষ্টি কৰা ভীতিৰ ফলতেই দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পশ্চিম ইউৰোপীয় দেশবোৰে অর্থনীতিৰ বিপুল কল্যাণকামী সংস্কাৰকার্য সমাপন কৰিলে। মুক্ত বাণিজ্যৰ মতান্ধতা দলিয়াই পেলাই পশ্চিম ইউৰোপৰ দেশবোৰে আর্থিক পৰিকল্পনাৰ যোগেদি পুঁজিবাদক এক নতুন সঞ্জীৱনী সুধা প্রদান কৰিলে। আর্থিক পৰিকল্পনাৰ যোগেদি ছোভিয়েট ইউনিয়নে লাভ কৰা অগ্রগতিৰ ৰেকর্ড অবিহনে আর্থিক তত্ত্বত “পৰিকল্পনা”ক এক সন্মানজনক স্থান দিয়াটো প্রায় অসম্ভৱ আছিল।
তথাপিও – দ্বিতীয় বিশ্বযুদ্ধৰ ঠিক পাছৰ সময়খিনিত – যেতিয়া আর্থিক মন্দাৱস্থা, ফেছিবাদ আৰু যুদ্ধৰ কৰাল গ্রাসৰপৰা ইউৰোপে কোনোমতে কঁকাল দাঙিবলৈ চেষ্টা কৰি আছিল – তেতিয়া এনে ভাব হৈছিল যে বিপ্লৱৰ গোলকীয় ঢৌ অহৰহ বৃদ্ধি হ’ব ধৰিছে আৰু ছোভিয়েট ইউনিয়নৰ নেতৃত্বত – যি ইতিমধ্যেই এক ছুপাৰ পাৱাৰলৈ উত্তীর্ণ হৈছিল - বিপ্লৱে আৰু অগ্রগতি লাভ কৰিব।
পিছে আজি পাছলৈ ঘূৰি চালে এটা কথা স্পষ্ট হৈ পৰে – পুঁজিবাদৰ এই প্রতিদ্বন্দ্বী শিবিৰৰ শক্তি তাৰ শত্রুৰ দৰে সিমান সবল নাছিল। মহাবিনাশৰ যুগত ১৯ শতিকাৰ বুর্জোৱা সমাজখন ধ্বংস হৈ নোযোৱা হ’লে অক্টোবৰ বিপ্লৱ বা ছোভিয়েট ইউনিয়নৰ উদয়ৰ কোনো প্রশ্নই উত্থাপন নহ’লহেঁতেন। মহাবিনাশে বুর্জোৱা সভ্যতাৰ সন্মান আৰু শক্তি চূৰমাৰ কৰি নেপেলোৱা হ’লে ৰাছিয়াৰ দৰে দুখীয়া কৃষকপ্রধান দেশ এখনত বলছেভিকসকলে নির্মাণ কৰিবলৈ চেষ্টা কৰা ব্যৱস্থাটোক কোনেও গোলকীয় পুঁজিবাদৰ বাস্তৱসন্মত বিকল্প বুলি নক’লেহেঁতেন। পিছে ১৯৩০ৰ বিশ্ব আর্থিক সংকটে কোঙা কৰি পেলোৱা পৃথিৱীখনত – যাৰপৰা ছোভিয়েট ইউনিয়ন সম্পূর্ণভাৱে মুক্ত আছিল আৰু তীব্র গতিৰে ঔদ্যোগীকৰণৰ বাটেৰে আগ বাঢ়ি গৈছিল – তেনে এখন পৃথিৱীত ছোভিয়েট ৰাছিয়া পুঁজিবাদৰ বাস্তৱসন্মত বিকল্প যেনেই প্রতীয়মান হৈছিল। হিটলাৰৰ উদয়ে ছোভিয়েট ইউনিয়নক ফেছিবাদবিৰোধী সংগ্রামখনৰ অপৰিহার্য অংগ কৰি তুলিলে আৰু অৱশেষত এই সংগ্রামখনেই ছোভিয়েট ইউনিয়নক এক বিশ্বশক্তি – এক ছুপাৰ পাৱাৰত পৰিণত কৰিলে। বিংশ শতিকাৰ সমস্ত দ্বিতীয়ার্ধ ছোভিয়েট ইউনিয়ন আৰু আমেৰিকাৰ সংঘাতে পদানত তথা ভয়ার্ত কৰি ৰাখিছিল; অৱশ্যে এতিয়া ঘূৰি চালে অনুভৱ হয় – ই বহু ক্ষেত্রত বিশ্বৰ ৰাজনৈতিক গাঁথনি সুস্থিৰ কৰি ৰখাৰ ক্ষেত্রতো ভূমিকা পালন কৰিছিল। শতিকাটোৰ মাজভাগত ১৫ বছৰমান কালৰ বাবে ছোভিয়েট ৰাছিয়া বিশ্বৰ এক-তৃতীয়াংশ অঞ্চলৰ – যাক সমাজবাদী শিবিৰ বুলি নামকৰণ কৰা হৈছিল – অপ্রতিৰোধ্য মুৰব্বী হিচাপে পৰিচিত হৈছিল; খন্তেকৰ বাবে এনে অনুভৱো হৈছিল – যেন এই সমাজবাদী শিবিৰে আর্থিক বিকাশৰ ক্ষেত্রত পুঁজিবাদী দেশবোৰকো পিছ পেলাই যাব।
দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ কালত কেনেদৰে আৰু কিয় পুঁজিবাদে এক তীব্র গতিৰ আর্থিক বিকাশৰ যুগত ভৰি দিছিল – যাক সোণালী যুগ (১৯৪৭-৭৩) বুলি অভিহিত কৰা হৈছিল – যাৰ তীব্র গতিয়ে স্বয়ং পুঁজিবাদকো বিস্ময়াভিভূত কৰি তুলিছিল – ই হৈছে বিংশ শতিকাৰ ইতিহাসবিদসকলৰ সমুখত উত্থাপিত হোৱা আটাইতকৈ ডাঙৰ প্রশ্ন। এই প্রশ্নৰ কোনো সর্বসন্মত উত্তৰ আজিপর্যন্ত বিচাৰি পোৱা হোৱা নাই আৰু ময়ো তাৰ কোনো সন্তোষজনক উত্তৰ দিব পাৰিম বুলি নাভাবো। ইয়াৰ বাবে হয়তো আমি ভৱিষ্যতৰ বাবে অপেক্ষা কৰিব লাগিব – যেতিয়া বিংশ শতিকাৰ সমস্ত ‘দীর্ঘম্যাদী বিকাশ-পথ’ (long wave) আমাৰ সমুখত স্পষ্ট হৈ পৰিব। সোণালী যুগৰ পাছতে আৰম্ভ হ’ল সংকটৰ আন এছোৱা কাল - যাৰ আজিপর্যন্ত সমাপ্তি হোৱা নাই। সি যি নহওক, এতিয়াই “কিয়” প্রশ্নটোৰ উত্তৰ দিব নোৱাৰিলেও, সোণালী যুগে “কেনেদৰে” বিপুল মাত্রাত আর্থিক, সামাজিক তথা সাংস্কৃতিক ৰূপান্তৰণ সাধন কৰিলে, তাৰ এক ৰূপৰেখা নিশ্চয় প্রস্তুত কৰিব পৰা যায়। এই ৰূপান্তৰণ ইমানেই বৃহৎ, ইমানেই তীব্রবেগী আৰু ইমানেই প্রচণ্ড আছিল যে সমস্ত মানৱ ইতিহাসতে তাৰ কোনো তুলনা দেখিবলৈ পোৱা নাযায়। এই বিষয়ক বিভিন্ন দিশ সম্পর্কে কিতাপখনৰ দ্বিতীয় অংশত আলোচনা কৰা হৈছে। ভৱিষ্যতৰ ইতিহাসবিদসকলে বিংশ শতিকাৰ ইতিহাস লিখোঁতে হয়তো সোণালী যুগটোকেই আটাইতকৈ বেছি গুৰুত্ব দিব; কিয়নো এই যুগটোতেই শতিকাটোৱে ইতিহাসৰ বুকুত আটাইতকৈ বেছি পৰিবর্তন সাধন কৰিলে। সমগ্র বিশ্বৰে মানৱ জীৱনত এই যুগটোৱে যেনেধৰণৰ পৰিবর্তন সূচনা কৰিলে – সি চমৎকাৰ হোৱাৰ লগতে দীর্ঘম্যাদী বুলিও ক’ব পৰা যায়। আজি আৰু এই পৰিবর্তনবোৰক কোনোপধ্যেই ঘূৰাই পেলাব (reversal) পৰা নাযাব। বিশ্বৰ এক বিশালসংখ্যক জনগণৰ বাবে সোণালী যুগটোৱে ইতিহাসৰ এক দীর্ঘকালৰ অৱসান সূচনা কৰিলে যাৰ আৰম্ভণি ঘটিছিল সাত-আঠ হেজাৰ বছৰ আগেয়ে – যেতিয়া প্রস্তৰ যুগত মানুহে খেতি-বাতি শিকিবলৈ আৰম্ভ কৰিছিল। সোণালী যুগটোত এক বিশালসংখ্যক জনগণে খেতি-বাতি কৰি তথা জন্তু পোহপাল দি জীৱিকা আহৰণ কৰা বন্ধ কৰিলে; তেওঁলোকে ঔদ্যোগিক সমাজত ভৰি দিলে।
এনে বিশাল পৰিবর্তনৰ তুলনাত বিংশ শতিকাৰ সর্বাধিক আলোচিত মতাদর্শগত সংঘাতখন – অর্থাৎ ‘সমাজবাদ’ আৰু ‘পুঁজিবাদ’ৰ সংঘাতখন – যাৰ নেতৃত্ব প্রদান কৰিছিল ক্রমে ছোভিয়েট ৰাছিয়া আৰু আমেৰিকাই – আপেক্ষিকভাৱে গুৰুত্বহীন যেনেই অনুভৱ হয়। ভৱিষ্যতৰ ইতিহাসবিদসকলৰ বাবে ইয়াৰ গুৰুত্ব বেছ সীমিত হ’ব বুলিয়েই ক’ব পাৰি। এই মতাদর্শগত যুদ্ধখনক ১৬ তথা ১৭ শতিকাৰ ধর্মযুদ্ধ বা ক্রুছেডবোৰৰ স’তে তুলনা কৰিব পাৰি। যিসকল লোক বিংশ শতিকাৰ নিবাসী আছিল – তেওঁলোক নিশ্চিতভাৱেই এই ছেকুলাৰ ধর্মযুদ্ধৰদ্বাৰা গভীৰভাৱে প্রভাৱিত হৈছিল। এই লেখকো তাৰ ব্যতিক্রম নহয়; বৰং তাৰ স্পষ্ট প্রভাৱ এই কিতাপখনত দেখা পোৱা যাব। বিংশ শতিকাৰ এজন ইতিহাসবিদে লিখা এই কিতাপখনত সামাজিক বিপ্লৱ, শীতল যুদ্ধ, ‘প্রকৃততে অস্তিত্বৱান সমাজবাদ’ৰ দোষ-ত্ৰুটি আদি বিভিন্ন দিশ সম্পর্কে বিস্তৰভাৱে আলোচনা কৰা হৈছে। কিন্তু তথাপিও মনত ৰখা ভাল যে বিংশ শতিকাৰ সাম্যবাদী শাসনতন্ত্রবোৰে সূচনা কৰা মূল তথা স্থায়ী পৰিবর্তনটো আছিল – কৃষিমূলক তথা অনগ্রসৰ দেশ কিছুমানৰ তীব্র গতিৰে আধুনিকীকৰণ কৰা। সেইফালৰপৰা চাবলৈ গ’লে ই পুঁজিবাদী সোণালী যুগৰ সমান্তৰাল আছিল। সোণালী যুগৰ পুঁজিবাদী দেশবোৰৰ বিপৰীতে সাম্যবাদী দেশবোৰৰ আধুনিকীকৰণ নীতি কিমানদূৰলৈ অধিক বা কম পৰিমাণে কার্যকৰ আছিল – সেয়া সদ্যহতে আমাৰ বিচার্য বিষয় নহয়। কিন্তু এটা কথা ঠিক যে আমাৰ বোপা-ককাসকলৰ পুৰণি পৃথিৱীখন আধুনিকীকৰণ তথা ঔদ্যোগীকৰণে বিপুলভাৱে সলনি কৰি পেলালে – সেয়া লাগে পুঁজিবাদৰ অধীনতেই হওক বা সাম্যবাদী ৰাষ্ট্রৰ অধীনতে হওক। পিছলৈ ঘূৰি চালে স্পষ্ট হৈ পৰে যে ১৯৬০ৰ দশকপর্যন্ত সাম্যবাদী দেশবোৰে পুঁজিবাদী দেশবোৰৰ ঠিক সমপর্যায়ৰ নহ’লেও তুলনাযোগ্য পর্যায় লাভ কৰিবলৈ সক্ষম হৈছিল – যদিওবা আজিৰ দৃষ্টিৰে চাবলৈ গ’লে এনে তুলনা হাস্যকৰ যেন লাগিব পাৰে। সেই সময়ৰ এজন ব্ৰিটিছ প্রধানমন্ত্রীয়ে আমেৰিকান ৰাষ্ট্রপতি এজনক এইবুলি কোৱাৰো ৰেকর্ড আছে : “ছোভিয়েট ইউনিয়নৰ সক্রিয় অর্থনীতিখনে অতি সোনকালেই বৈষয়িক সম্পদ উৎপাদনৰ ক্ষেত্রত পশ্চিমীয়া পুঁজিবাদী দেশবোৰক পিছ পেলাই যাব” (Horne, 1989, p. 303)। সি যি নহওক, আমাৰ মূল কথাটো হৈছে যে ১৯৮০ৰ দশকৰ সমাজবাদী বুলগেৰিয়া তথা পুঁজিবাদী ইকুৱেডৰ – ১৯৩৯ চনৰ বুলগেৰিয়া বা ইকুৱেডৰৰ তুলনাত ইখন সিখনৰ বেছি কাষ চপা আছিল। এই ৪০ বছৰত দুয়োখন দেশৰ বিপুল ৰূপান্তৰণ ঘটিছিল।
সোণালী যুগৰ পাছতে অহা সংকটৰ দশককেইটাই ছোভিয়েট ৰাছিয়া আৰু পূব ইউৰোপত সংহাৰী ৰূপ ধাৰণ কৰিলে। এখনৰ পাছত আনখনলৈ সাম্যবাদী ৰাষ্ট্রবোৰৰ পতন ঘটিল। ই সৃষ্টি কৰা ফলাফলবোৰৰ সম্পূর্ণ হিচাপ এতিয়াই কৰিব পৰা হোৱা নাই যদিও ইয়াৰ ঋণাত্মক দিশেই যে অধিক হ’ব – সেই সম্পর্কে কোনো সন্দেহ নাই। অৱশ্যে সংকট কেৱল সাম্যবাদী ৰাষ্ট্রবোৰৰ মাজতে সীমাবদ্ধ হৈ থকা নাছিল। সমগ্র বিশ্বৰ দেশবোৰেই সংকটৰ মুখামুখি হৈছিল। এইক্ষেত্রত সংকটৰ মাত্রাৰ ক্ষেত্রত তাৰতম্য দেখা যাব পাৰে কিন্তু সংকটে যে মতাদর্শীয় তথা ৰাজনৈতিক গাঁথনি নির্বিশেষে সমস্ত বিশ্বৰে দেশবোৰ চুই গৈছিল – এই কথা স্পষ্ট। সংকটৰ এনে বিশ্বব্যাপী চৰিত্রৰ অন্তৰালত কাৰণ কি আছিল? কাৰণ আছিল সহজ; কিয়নো সোণালী যুগত ইতিমধ্যেই এখন একক, ক্রমবর্ধমানভাবে সংলগ্ন তথা গোলকীয় বিশ্ব অর্থনীতিৰ নির্মাণ কৰা হৈছিল যি বিশ্বৰ জাতিৰাষ্ট্রবোৰৰ আৰু লগতে বিভিন্ন ৰাষ্ট্রীয়-মতাদর্শৰ সীমা পাৰ হৈ চালিত হৈছিল। ফলত বিভিন্ন শাসনতন্ত্রৰ স্বকীয় অনুষ্ঠানবোৰৰ স্বতন্ত্রতা সংকুচিত হৈ পৰিছিল। প্রথমে ভবা হৈছিল যে ১৯৭০ৰ দশকৰ আর্থিক সমস্যাবোৰ সোনকালেই আঁতৰি যাব আৰু বিশ্ব অর্থনীতিৰ অহৰহ প্রগতি পুনৰ পূর্বৰ স্তৰলৈ ঘূৰি আহিব। সেয়েহে প্রথমছোৱাত সাম্যবাদীয়েই হওক বা পুঁজিবাদীয়েই হওক – সকলো ৰাষ্ট্রয়েই সমস্যাৰ দীর্ঘকালীন সমাধান উলিয়াবলৈ চেষ্টা কৰাৰ সলনি সাময়িক সমাধানহে বিকশিত কৰিবলৈ চেষ্টা কৰিছিল। পিছে লাহে লাহে এই কথা স্পষ্ট হৈ পৰিল যে সমস্যাৰ চৰিত্র সাময়িক নহয়; বৰং ই হৈছে এক দীর্ঘম্যাদী সমস্যা। পুঁজিবাদী দেশবোৰত এইবাৰ সমস্যাৰ ৰেডিকেল উত্তৰ বিচৰা হ’ল; সোণালী যুগৰ বিকাশ সুনিশ্চিত কৰা অথচ এতিয়া ক্রমবর্ধমানভাবে বিফল হৈ পৰা যেন অনুভৱ হোৱা কেইনছীয় আর্থিক তত্ত্ব দলিয়াই পেলোৱা হ’ল আৰু চর্তহীন মুক্ত বাণিজ্যৰ পোষকতা কৰা মতান্ধ অর্থনীতিবিদসকলৰ পৰামর্শবোৰ কামত লগোৱা হ’ল। পিছে গোড়া নিউ ক্লাছিকেল আর্থিক তত্ত্বও সিমানখিনি সফল হ’ব নোৱাৰিলে। ১৯৮০ তথা ১৯৯০ৰ দশকপর্যন্ত মহাবিনাশ যুগৰ বহুতো পুৰণি সমস্যাই পুঁজিবাদী দেশবোৰত পুনৰ দেখা দিলে – যিবোৰ সমস্যা পুনৰ ঘূৰি নাহিবই বুলি ভবা হৈছিল : বৃহৎ হাৰৰ নিবনুৱা সমস্যা, তীব্র চক্রীয় অধোগতি (cyclical slumps), এফালে গৃহহীনতা আৰু আনফালে বৈভৱপূর্ণ অট্টালিকাৰ মাজত দেখা পোৱা বৈসাদৃশ্য, ৰাষ্ট্রৰ সীমিত সম্পদ আৰু সীমাহীন খৰছৰ বোজা – ইত্যাদি। সমাজবাদী দেশবোৰৰ ফালে চালে দেখা যায় যে সিবিলাকৰ অর্থনীতিবোৰ ইতিমধ্যেই অতিশয় দুর্বল তথা লৰক-ফৰক হৈ পৰিছিল। বিভিন্ন আন্তর্জাতিক বিত্তীয় অনুষ্ঠানৰপৰা ঋণ লৈ সিবিলাকে নিজৰ সমস্যাবোৰৰ সমাধান কৰিব খুজিছিল। পুঁজিবাদী দেশবোৰতকৈও অধিক ৰেডিকেল কার্যসূচী এই সমাজবাদী দেশবোৰত লোৱা হৈছিল আৰু অৱশেষত পতনৰ দিশেৰেই সিবিলাকে গতি কৰিছিল। ৯০ৰ দশকত এই সমস্ত শাসনপ্রণালীবোৰৰ বিঘটন ঘটিছিল আৰু এইখিনিতেই মোৰ গ্রন্থখনো সমাপ্ত হৈছে। প্রথম বিশ্বযুদ্ধক যিদৰে বিংশ শতিকাৰ আৰম্ভণি বুলি ক’ব পৰা যায়, সমাজবাদী ৰাষ্ট্রবোৰৰ পতনক এই শতিকাটোৰ সামৰণি পর্ব বুলি অভিহিত কৰিব পৰা যায়।
১৯৯০ৰ দশকত লিখি সমাপ্ত কৰা অন্যান্য গ্রন্থৰ দৰেই মোৰ কিতাপখনেও এক অনিশ্চিত ভৱিষ্যতৰ ফালে দৃষ্টি নিক্ষেপ কৰি সামৰণি মাৰিছে। শতিকাৰ শেহৰছোৱাত বিশ্বৰ এটা অংশৰ পতনে আনটো অংশৰ সমস্যাবোৰো উদঙাই দিলে। আশীৰ দশক পাৰ হৈ আহি সময়ে নব্বৈৰ দশকত ভৰি দিয়াৰ লগে লগেই এটা কথা স্পষ্ট হৈ পৰিল যে সংকট কেৱল আর্থিকেই নহয়, ই ৰাজনৈতিক ৰূপো ধাৰণ কৰিছে। ইষ্ট্রিয়াৰপৰা ভ্লাডিভষ্টক পর্যন্ত এই বিশাল অঞ্চলটোত সাম্যবাদী শাসনতন্ত্রৰ পতনে ভীষণ ৰাজনৈতিক অনিশ্চয়তা, অস্থিৰতা, গণ্ডগোল তথা গৃহযুদ্ধ সৃষ্টি কৰিলে। প্রায় ৪০ বছৰ ধৰি যিটো আন্তর্জাতিক ছিষ্টেমে সমস্ত বিশ্বৰ আন্তর্জাতিক নীতি সুস্থিৰ কৰি ৰাখিছিল, সি নিমিষতে নোহোৱা হৈ পৰিল। এই সুস্থিৰতাৰ ওপৰত ভৰসা কৰি চলা আভ্যন্তৰীণ ৰাজনৈতিক ব্যৱস্থাবোৰৰ দুর্বলতাও ততালিকে স্পষ্ট হৈ পৰিল। আর্থিক সমস্যাবোৰে পুনৰ উদাৰ-গণতান্ত্রিক দেশবোৰৰ ৰাজনৈতিক অনুষ্ঠানবোৰৰ বাবে সমস্যা সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। তৃতীয় বিশ্বৰ ৰাজনৈতিক ব্যৱস্থাবোৰো কঁপি উঠিল। ৰাজনীতিৰ প্রাথমিক ইউনিট – অর্থাৎ ভৌগোলিক, সার্বভৌমিক তথা স্বাধীন জাতি-ৰাষ্ট্রবোৰে আৱিষ্কাৰ কৰিলে যে এফালে ৰাষ্ট্রৰ সীমনা চেৰাই যোৱা গোলকীয় অর্থনীতিখনে সিহঁতক চাৰিওফালৰপৰা টানি-আঁজুৰি অৱস্থা নাইকিয়া কৰিছে; আৰু আনফালে বিভিন্ন বিচ্ছিন্নতাবাদী তথা নৃগোষ্ঠীয় আন্দোলনে সিবিলাকৰ অস্তিত্বলৈকে সংকট নমাই আনিছে। আনকি পুৰণা ৰাষ্ট্রবোৰো এই সংকটৰপৰা আঁতৰি থাকিবলৈ সক্ষম নহ’ল। কিছুমান বিচ্ছিন্নতাবাদী আন্দোলনে দাবী কৰিলে যে যিমানেই অপ্রাসংগিক, অবাস্তৱ তথা ক্ষুদ্র আকাৰৰ নহওক কিয় – সিহঁতক নিজস্ব জাতিৰাষ্ট্র গঠন কৰিবলৈ সুযোগ-অধিকাৰ দিব লাগে। বিংশ শতিকাৰ শেহান্তৰত ৰাজনীতিৰ ভৱিষ্যত কি হ’ব – সেয়া এতিয়াও স্পষ্ট নহয়, কিন্তু ৰাজনীতিৰ বর্তমান যে ভীষণ সংকটৰ মাজত আছে, তাক অস্বীকাৰ কৰাৰ উপায় নাই।
বিশ্ব অর্থনীতি আৰু বিশ্ব ৰাজনীতিৰ অনিশ্চয়তাতকৈও অধিক স্পষ্টভাৱে ধৰা দিয়া সাম্প্রতিক সংকটটো হৈছে – নৈতিক আৰু সামাজিক সংকট। ৫০ৰ দশকৰ সময়ৰেপৰা মানৱ জীৱনৰ যেনেধৰণৰ তীব্র পৰিবর্তন সাধন কৰা হৈছিল – তাৰ প্রকাশ অৱশেষত শতিকাটোৰ শেহৰছোৱাৰ সংকটৰ সময়ত দেখা পোৱা গ’ল। ১৮ শতিকাৰ প্রথমছোৱাতে পুৰণি সমাজৰ বিৰুদ্ধে যুঁজি আধুনিকতাই নিজৰ বিজয় ঘোষণা কৰিছিল। আধুনিকতাৰ কেতবোৰ অনন্য বৈশিষ্ট – যেনে মানৱতাবাদ তথা যুক্তিবাদ জাতীয় ধাৰণাবোৰ – শীতল যুদ্ধৰ দুয়ো প্রতিদ্বন্দ্বী শিবিৰেই মানি লৈছিল। আচলতে এনে কেতবোৰ উমৈহতীয়া মূল্যবোধৰ বাবেই ফেছিবাদৰ বিৰুদ্ধে – যি এনে সমস্ত মূল্যবোধ নাকচ কৰিছিল – সাম্যবাদ আৰু উদাৰ-পুঁজিবাদৰ মিত্রজোঁট গঠন সম্ভৱপৰ হৈছিল। পিছে নব্বৈৰ দশকপর্যন্ত দৃশ্যপট সম্পূর্ণ সলনি হৈ পৰিল। এই প্রসংগতে ৰক্ষণশীল জার্মান ইতিহাসবিদ মাইকেল ষ্টার্মাৰে ১৯৯৩ চনত এনেদৰে লিখিছে,
পশ্চিম আৰু পূবৰ মাজত কেতবোৰ আশ্চর্যকৰ উমৈহতীয়া মূল্যবোধ আছিল। পূবত চৰকাৰী মতাদর্শই জোৰ দি কৈছিল যে স্বয়ং মানুহেই হৈছে নিজৰ ভাগ্যনিয়ন্তা। আমি পশ্চিমৰ মানুহবোৰেও এই কথাখিনিৰ এটা নৰম সংস্কৰণ মানি লৈছিলোঁ – যদিওবা আমাৰ ইয়াত তাক ইমান তীব্র ৰূপত তথা চৰকাৰী মতাদর্শ হিচাপে দাঙি ধৰা হোৱা নাছিল। যি কি নহওক, আমিও বিশ্বাস কৰিছিলো যে মানুহ নিজৰ ভাগ্য নিয়ন্তা হোৱাৰ পথেৰে আগ বাঢ়ি গৈ আছে। ...পিছে আজি এই সমস্ত আশাবাদ পূবৰ পৃথিৱীখনত লুপ্ত হৈ পৰিছে – পশ্চিমত অৱস্থা ইমান শোচনীয় হোৱা নাই যদিও আশাভংগ হোৱাৰ অনুভৱ দুয়োখন পৃথিৱীতে তীব্র ৰূপত দেখা দিছে। (From Bergedorf, 98, p. 95)
কালৰ কি বিচিত্র পৰিহাস : মানৱ কল্যাণৰ ক্ষেত্রখনত অৰিহণা বুলিবলৈ যিটো শতিকাৰ ওচৰত এটায়েই মাথোঁ উপাদান আছিল – অর্থাৎ বিজ্ঞান তথা প্রযুক্তিনির্ভৰ বৈষয়িক প্রগতি – সেই একমাত্র উপাদানটোকে সম্পূর্ণভাৱে নস্যাৎ কৰা বহুতো মানুহ তথা ‘পাব্লিক অপিনিয়ন’ শতিকাটোৰ শেহত দেখা পোৱা গ’ল; এনে বহুতো মানুহে নিজকে চিৰিয়াছ চিন্তাবিদ বুলিও দাবী কৰিলে।
অৱশ্যে নৈতিক সংকট এইখিনিতে সীমাবদ্ধ হৈ নাথাকিল। মানৱ সম্পর্কৰ যিবোৰ ঐতিহাসিক গাঁথনি আধুনিক মানৱে সমাজ পৰিচালনা সুচল কৰিবলৈ প্রাক-পুঁজিবাদী তথা প্রাক-ঔদ্যোগীকৃত অতীতৰপৰা আমদানি কৰি লৈছিল, এনে সমস্ত গাঁথনিবোৰো সংকটত পৰা দেখা গ’ল। এই সংকট সমাজ সংগঠিত কৰা এটা বিশেষ ৰূপ মাত্রৰে সংকট নাছিল; বৰং সমাজ সংগঠনৰ প্রতিটো ৰূপেই সংকটত পৰা দেখা গ’ল। এই যে কোনো অসংজ্ঞায়িত ‘নাগৰিক সমাজ’ বা ‘সম্প্রদায়’ৰ নামত আজিৰ দিনত আহ্বান জনোৱা হয়, ই আচলতে নিজকে হেৰুৱাই পেলোৱা দিগবিদিকহীন এটা প্রজন্মৰে লক্ষণ মাত্র। আচলতে ঠিক সেইখিনি সময়তে নাগৰিক সমাজ বা সম্প্রদায়ৰ নামত আহ্বান জনোৱা আৰম্ভ হ’ল, যিখিনি সময়লৈকে ইতিমধ্যেই সিবিলাকৰ পৰম্পৰাগত অর্থবোৰ ধ্বংস হৈ গৈছিল; আজিৰ দিনৰ সিবিলাক একোটাহঁত ফোপোলা শব্দৰ বাহিৰে আন একো নহয়। গ্রুপৰ পৰিচয় সংজ্ঞায়িত কৰিবলৈ এতিয়া আৰু কোনো ধনাত্মক উপাদান বাকী নৰ’ল; বৰং কোনবোৰ মানুহ এই গ্রুপৰ অংশ নহয় – অর্থাৎ বহিৰাগত – সিবিলাকৰ চিনাক্তকৰণৰ যোগেদিয়েই গ্রুপৰ পৰিচয় নির্মাণ কৰা আৰম্ভ হ’ল।
কবি টি এছ এলিয়টে লিখি গৈছে – ‘এনেদৰেই শতিকাটোৰ অন্ত পৰিল; কোনো বিস্ফোৰণৰ জৰিয়তে নহয়; বৰং মৌন গেঙনিৰ মাজত’। নাতিদীর্ঘ বিংশ শতিকাটো গেঙনি আৰু বিস্ফোৰণ – দুয়োৰে মাজতে অন্ত পৰিল।

(ক্ৰমশঃ)

 

Share Button
Print Friendly, PDF & Email

No Comments : "বিহংগম দৃষ্টিৰে বিংশ শতিকা - মূল: এৰিক হবছবম, ভাবানুবাদ : ময়ূৰ চেতিয়া"

Leave a Comment

Your email address will not be published. Required fields are marked *