বিজ্ঞান দিৱসৰ চিন্তা

১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰিত ভাৰতীয় বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমণে কে এছ কৃষ্ণণ নামৰ আন এজন বিজ্ঞানীৰ সৈতে লগ লাগি এক পৰিঘটনা আৱিষ্কাৰ কৰাৰ কথা ঘোষণা কৰিছিল, যি পাছত ‘ৰমণ পৰিঘটনা’ হিচাপে বিখ্যাত হৈ পৰিছিল। পোহৰৰ বিচ্ছুৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদানৰ বাবে, আৰু মূলতঃ এই আৱিষ্কাৰৰ বাবে, ৰমণক ১৯৩০ চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল। ৰমণ পৰিঘটনা আৱিষ্কাৰৰ ২৮ ফেব্ৰুৱাৰি দিনটোক সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়।

বিজ্ঞান দিৱস পালনৰ উদ্দেশ্য আচলতে ৰমণ পৰিঘটনাক স্মৰণ কৰাটোৱেই নহয়। ই হ'ল এক অজুহাতহে। বিজ্ঞানক জনপ্ৰিয় কৰি তোলাটোও এতিয়া ইয়াৰ মূল উদ্দেশ্য হ'ব নোৱাৰে। কাৰণ বিভিন্নধৰণৰ অভিনৱ উদ্ভাৱন-আৱিষ্কাৰৰ জৰিয়তে বিজ্ঞান ইতিমধ্যেই বেছ জনপ্ৰিয়। কিন্তু আমাৰ সমাজত এতিয়া এক ডাঙৰ সমস্যা হৈছে – জনসাধাৰণৰ মাজত বিজ্ঞানমনস্কতাৰ অভাৱ। বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ বাবেই বিজ্ঞানৰ এই চৰম প্ৰগতিৰ যুগতো আমি ক্ৰমে পিছুৱাইহে গৈ আছো।

আমাৰ দৈনন্দিন জীৱনৰ সকলো ক্ষেত্ৰতে আমি নিৰলসভাৱে 'বিজ্ঞান' ব্যৱহাৰ কৰি থাকো। ৰাতিপুৱা শুই উঠিয়েই ব্যৱহাৰ কৰা দাঁত ব্ৰাছ-টুথপেষ্ট, বৈদ্যুতিক দাড়ি খুৰোৱা সঁজুলি আদি বিজ্ঞানৰ অৱদান। বিজুলীবাতি, বৈদ্যুতিক ফেন আদি নহ'লে আমাৰ নচলে। অতি গৰমত বহুতৰে বাবে এয়াৰ কণ্ডিচনাৰ অপৰিহাৰ্য। ঠাণ্ডা হ'লে আমাৰ প্ৰয়োজন হয় বৈদ্যুতিক হিটাৰ, গিজাৰ আদিৰ। আনহাতে, ম’বাইল ফোনৰ ব্যৱহাৰে এতিয়া এনে পৰ্যায় পাইছেহি যে অতি ধনী আৰু ব্যস্ত মানুহজনৰপৰা কাঠমিস্ত্ৰী, ৰিক্সাৱালালৈ - সকলোকে সেয়া নহ'লেই নহয়। বহুত ল'ৰা-ছোৱালীতো ম’বাইল কোম্পানিবোৰে ম’বাইল ফোন ছেটতে দিয়া কিছুমান 'এপ্লিকেচন', সুবিধা লৈয়ে ব্যস্ত। আনহাতে, গাড়ী-মটৰ-ট্ৰেইন-উৰাজাহাজে আমাৰ যাতায়াতৰ ব্যৱস্থা উন্নত আৰু অতি সুবিধাজনক কৰি তুলিছে। সেইবোৰৰ সুবিধা নোলোৱাকৈ বা নোপোৱাকৈ আলেকজেণ্ডাৰে কেনেকৈনো সুদূৰ গ্ৰীচৰপৰা আহি ভাৰত আক্ৰমণ কৰিছিল, আমি ভাবি আচৰিত হৈ যাওঁ। কম্পিউটাৰ-ইন্টাৰনেট নোহোৱাকৈ এটা দিন, অধিক শুদ্ধকৈ ক’বলৈ গ'লে এটা মুহূৰ্তও চলাটো এতিয়া ভাবিব নোৱৰা কথা। বিজ্ঞানৰ সুবিধা নোলোৱাকৈ সুউচ্চ বিল্ডিং, দলং, ৰাস্তা-ঘাট, ৰে’ল লাইন আদি তৈয়াৰ কৰাটো আমি চিন্তা কৰিব নোৱাৰো। পাছে আমি বিজ্ঞানৰ ইমান সুবিধা লৈ থাকিলেও আমাৰ মানসিক জগতত বিজ্ঞানে সিমান প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। নহ'লে আমাৰ দেশত ডাইনী বিশ্বাসত পুৰুষ-মহিলাক হত্যা কৰা ঘটনা নঘটিলেহেঁতেন। এনে ঘটনা আগতে ঘটিলেও বৰ্তমানৰ আধুনিক বিজ্ঞানৰ যুগত কমি আহি আহি নাইকিয়া হ'ব লাগিছিল। কিন্তু তেনে ঘটনা এতিয়া প্ৰকৃততে বাঢ়িছেহে। আমি এতিয়াও বিশ্বাস কৰো যে গঁড়ৰ খড়্গৰ এটা টুকুৰাই আমাৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনিব পাৰে, বা অবিশ্বাস্য দৰবৰ কাম কৰিব পাৰে। গঁড়ৰ খড়্গ যে আচলতে ঘনীভূত চুলিৰ দৰে গঠন, তাৰ কোনো মাংগলিক বা ঔষধি প্ৰভাৱ থাকিব নোৱাৰে, সেয়া আমি বুজিও নুবুজো। সম্পূৰ্ণ এটা খড়্গ নাকৰ আগত লৈও যদি গঁড়ৰ সৌভাগ্য নহ'ল, বৰং নিৰ্মম হত্যাৰ বলি হ'বলগীয়াহে হ'ল, তেন্তে তাৰ সৰু টুকুৰা এটাই মানুহলৈ কি সৌভাগ্য আনিব? বিশেষ গছৰ এটুকুৰা শিপাই সকলো বেমাৰ-জাতি ভাল কৰিব পাৰি বুলি বহুতে এতিয়াও বিশ্বাস কৰে আৰু কিছুমানে এনে বিশ্বাসৰ সুবিধা লৈ যথেষ্ট ধনো ঘটি আছে।

যোৱা দুবছৰমানত সংঘটিত কেইটামান ঘটনাৰ সপক্ষে কি যুক্তি থাকিব পাৰে, আমি বাৰু চিন্তা কৰি চাওঁচোন :

নগাওঁ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ডাইনী সন্দেহত কেইবাজনো মানুহক হত্যা কৰি পুতি থোৱা হৈছে।

মাজুলীৰ চিকাৰী গাঁৱত মানৱ 'দেৱী'য়ে ডাইনী সন্দেহ কৰা কিছু লোকক শুদ্ধিকৰণ কৰিছে। মাজুলীৰে কমলাবাৰীৰ সমীপৰ এক অঞ্চলত এনেধৰণৰ শুদ্ধিকৰণ ঘটনাত চলা অত্যাচাৰত কেইবাজনো লোক আহত হৈছে।

তেজপুৰৰ ওচৰৰ বালিশিয়াত উলংগ মানুহৰ সন্দেহত তিনিজন নিৰ্দোষী লোকক হত্যা কৰা হৈছে।

ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত পাঁচনৈ গাঁৱত একেই সন্দেহত এজন লোকক হত্যা কৰা হৈছে।

হুগ্ৰাজুলিত ডাইনী সন্দেহত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰা হৈছে।

কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ দেৱযানী বৰাক ডাইনী সন্দেহত নামঘৰীয়া প্ৰমুখ্যে একাংশ লোকে নামঘৰ চৌহদতে নিৰ্মম অত্যাচাৰ চলাইছে।

শোণিতপুৰ জিলাৰ তাৰাজুলি অঞ্চলত নানু মিৰ্ধা নামৰ এজন সাধকে নিজৰ পৰিয়ালৰ মংগলৰ বাবে এটি ছবছৰীয়া শিশুক বলি দিছে।

কাজিৰঙাৰ সমীপত দুৰ্বৃত্তৰদ্বাৰা নিক্ষেপিত পাঁচটাকৈ গুলী দেহত লৈ গুৰুতৰভাৱে আহত অৱস্থাত নিশ্চল হৈ পৰি থকা এজনী গঁড়ৰ খড়্গ আৰু কাণ জীৱিত অৱস্থাতে কাটি নিয়া হৈছে।

–এইবোৰ অযুক্তিকৰ ঘটনা নিতান্তই অন্ধবিশ্বাসৰদ্বাৰা পৰিচালিত হৈছে। ইয়াৰ মূল কাৰণ এটাই – বহুতো মানুহৰ মনত বৈজ্ঞানিক মানসিকতাৰ অভাৱ।

যি দেখা গৈছে - বিজ্ঞানৰে এক অনন্য অৱদান বিজুলীবাতিয়ে আমাৰ ঘৰ-দুৱাৰ, দোকান-বজাৰ, আনকি বিশাল খেলপথাৰো যেনেকৈ পোহৰাই তুলিব পাৰিছে, তেনেকৈ বিজ্ঞানসন্মত চিন্তাধাৰাই আমাৰ মানসিক জগতখন এতিয়াও পোহৰাই তুলিব পৰা নাই। উন্নত দেশত আৱিষ্কৃত অত্যাধুনিক সঁজুলি বা কৌশল গোলকীকৰণৰ কৃপাত আমাৰ দেশলৈ একেদিনাই আহি যায়, আৰু আমি অতি সোনকালে সেইবোৰ ব্যৱহাৰ কৰিবলৈও শিকি যাওঁ, পাছে সেই দেশৰ লোকসকলৰ বৈজ্ঞানিক মানসিকতা আমাৰ মনলৈ নাহে। বিজ্ঞানৰ অৱদান ম’বাইল ফোনেৰে বৰঞ্চ আমি ইজনে সিজনক ডাইনী ওলোৱাৰ খবৰ দিওঁ, আৰু আমাৰ মনৰ বিজ্ঞানবিৰোধী ভাবধাৰাসমূহ আনলৈ প্ৰেৰণ কৰো।

অসমত এতিয়া যি ব্যাপক হাৰত অন্ধবিশ্বাসমূলক ঘটনাবোৰ চলি আছে তাৰ পৰিপ্ৰেক্ষিতত অসমত অন্ধবিশ্বাসবিৰোধী এখন কঠোৰ আইনৰ অধীনত দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। ইয়াৰ উপৰি ব্যক্তিগত, সামাজিক, ৰাজনৈতিক - সকলো স্তৰতে আমি অন্ধবিশ্বাস দূৰীকৰণ, কুসংস্কাৰ ৰোধ আদিৰ বাবে চেষ্টা চলাই যাব লাগিব। বিজ্ঞানৰ সহায়ত আৱিষ্কৃত আধুনিক সঁজুলিসমূহৰ প্ৰয়োজন আমাৰ জীৱনত নিঃসন্দেহে আছে, পাছে আমাৰ বাবে তাতোকৈ অধিক প্ৰয়োজন বৈজ্ঞানিক মানসিকতাৰ। এনে মানসিকতাইহে আমাক সভ্যতা আৰু উন্নতিৰ উচ্চ স্তৰলৈ লৈ যাব পাৰিব। নহ'লে আধুনিক বৈজ্ঞানিক সা-সঁজুলিসমূহ ব্যৱহাৰ কৰিও আমি পিছ পৰি থাকিম আৰু জগতৰ সমুখত হাঁহিয়াতৰ পাত্ৰ হ'ম।

আমাৰ চৌপাশৰ যিসকল লোকৰ মনত এতিয়াও বৈজ্ঞানিক মানসিকতা গঢ় লৈ উঠা নাই, আমি আগন্তুক দিনসমূহত সেইসকলৰ মনত তেনে মানসিকতা গঢ়ি তোলাৰ বাবে নিষ্ঠাৰে চেষ্টা চলাম। বিজ্ঞান দিৱসত ইয়াতকৈ ভাল সংকল্প আৰু কি হ'ব পাৰে?

অভিজিত শৰ্মা বৰুৱা

Share Button
Print Friendly, PDF & Email

No Comments : "বিজ্ঞান দিৱসৰ চিন্তা"

Leave a Comment

Your email address will not be published. Required fields are marked *