ভূপেন হাজৰিকা


                                                                                                     

(আজি প্ৰায় তিনি দশক আগৰ ১৯৭৬ চনৰ অক্টোবৰ মাহৰ শাৰদীয় সংখ্যাসাম্প্ৰতিক সাময়িকীভূপেন হাজৰিকানামৰ এই নিবন্ধটো ভাৰতীয় গণতন্ত্ৰৰ অতি দুৰ্যোগৰ কালত প্ৰকাশ কৰা হৈছিল ইন্দিৰা গান্ধীৰ নেতৃত্বত শাসনাধিষ্ঠিত কংগ্ৰেছ দলেজৰুৰী অৱস্থাতথা ফেচিবাদী শাসন প্ৰৱৰ্তন কৰি বাতৰি কাকত-আলোচনী আদি সকলো প্ৰকাশৰ মাধ্যমৰ ওপৰত বিবাচন (Censorship) আৰু পাছত আত্মবিবাচন (Self-censorship) জাপি দিছিল ভূপেন হাজৰিকাৰ স্থিতিৰ প্ৰসংগত স্বাভাৱিকতে উত্থাপিত হোৱা সমাজ-ব্যৱস্থা তথা স্থিতাৱস্থা, বাঁওপন্থী ৰাজনৈতিক-সাংস্কৃতিক আন্দোলনৰ ধাৰা, চৰকাৰী নীতি, ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধ, ১৯৬৫ আৰু ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধ, ১৯৭৪ চনৰ বড়োৰ ৰোমান-লিপি আন্দোলন জড়িত চৰকাৰী নিষ্পেষণ আদি গুৰুত্বপূৰ্ণ প্ৰাসংগিক পৰ্যালোচনা মূল নিবন্ধৰপৰা আত্মবিবাচনৰে বাদ দিহে নিবন্ধটো প্ৰকাশ কৰিবলগীয়া হৈছিল এই লেখকে সেই সময়ত চাকৰি সংক্ৰান্তত লক্ষ্ণৌ বসবাস কৰিবলগীয়া হোৱাৰ বাবে গুৱাহাট আত্মবিবাচনৰ কামটোসাম্প্ৰতিক সাময়িকী সম্পাদক আৰু ইয়াৰ লগত জড়িত দুজনমান বন্ধুস্থানীয় বাঁও বুদ্ধিজীৱীয়ে কৰিবলগীয়া হৈছিল আত্মবিবাচনৰ নিৰ্দেশাৱলীৰ চৰ্তসাপেক্ষে আমাৰ মূল নিবন্ধটোৰ কোনো কোনো অংশৰকাঢ়াবুলি বিবেচিত ভাষা আৰু প্ৰকাশ-ভংগী মূল বক্তব্যৰ ব্যাঘাত নঘটোৱাকৈ সম্পাদনা আৰু প্ৰয়োজন অনুসৰি সংযোজন কৰি নিবন্ধটো তেতিয়াৰ দিনত প্ৰকাশযোগ্য কৰাৰ দৰে দুৰূহ কাৰ্য তেওঁলোকে কৰিবলগীয়া হৈছিল সেই সময়ত ভূপেন হাজৰিকাৰ দৰে প্ৰভাৱশালী প্ৰতিভাধৰ ব্যক্তিত্বৰ বস্তুনিষ্ঠ পৰ্যালোচনা অতি প্ৰয়োজন হৈছিল সেয়ে, জৰুৰী অৱস্থাৰ ফেচিবাদী বাধ্যবাধকতা তথা ইয়াৰদ্বাৰা নিৰ্ধাৰিত সীমাবদ্ধতাৰ মাজতো সম্পাদিত ৰূপত নিবন্ধটো প্ৰকাশ কৰা হৈছিল এক হিচাপত, সম্পাদিত ৰূপত প্ৰকাশিত এই নিবন্ধটোক এটা সমূহীয়া প্ৰয়াস বুলিব পাৰি - ইন্দিবৰ দেউৰী)

অসমৰ গীতি-জগতৰ সাম্প্ৰতিক কালটোক বহুতেই ‘ভূপেন হাজৰিকাৰ যুগ’ বুলি ক’বলৈ বিচাৰে। সেই ভূপেন হাজৰিকাৰেই শিল্পী-জীৱনৰ ক্ৰমবিকাশ – যৌৱনত নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধি নতুন সমাজ গঢ়াৰ প্ৰতিজ্ঞা লোৱাৰপৰা সমাজ ৰূপান্তৰৰ সকলো প্ৰচেষ্টা বাদ দি ‘জীৱনৰ দুপৰীয়া’ জিপছি-ধৰ্মী প্ৰেমৰ চুমাৰ পৰশত দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সঞ্চাৰিত হোৱা শিহৰণৰ কথা কোৱালৈকে, সাগৰ সংগমত সাঁতুৰি প্ৰগতিৰ নতুন দিগন্তৰ বাৰ্তা বহন কৰি অনাৰপৰা অসমীয়াৰ ‘মূৰৰ ফুলাম গামোচাখিনি ক’ৰবাৰ শেনে আহি নিলেহি টানি’ বুলি আটাহ পৰা দিনলৈকে, পানেই আৰু পোনাটি নাইবা মাছমৰীয়া ৰংমনৰ মৰ্মস্পৰ্শী কাহিনী শুনোৱাৰপৰা অটোৰিক্সা চলোৱা ভাই-ককাই হালৰ কাহিনী শুনাবলৈ লোৱালৈকে – এক পৰিক্ৰমণ। অসমৰ সাংস্কৃতিক জগতত যোৱা কেইদশক ধৰি জনপ্ৰিয়তাৰ উচ্চ শিখৰত আৰোহণ কৰি অহা আৰু এতিয়াও ‘দেশেই আমাৰ নাটঘৰ আৰু ৰাইজেই ভাৱৰীয়া’ বুলি জ্যোতিপ্ৰসাদৰ নামত শপত খোৱা ভূপেন হাজৰিকাৰ এই সুদীৰ্ঘ পৰিক্ৰমণৰ সঠিক মূল্যায়ন বা বিশ্লেষণ আমাৰ সাংস্কৃতিক আন্দোলনৰ বাবে অপৰিহাৰ্য। কিন্তু দুখৰ বিষয় যে ভূপেন হাজৰিকাৰ ওপৰত তেনে কোনো নিৰ্মোহ মূল্যায়ন বা বিশ্লেষণ বিশদভাৱে কোনো প্ৰগতিশীল সমালোচক বা লেখকে কৰিবলৈ চেষ্টা কৰা আমাৰ চকুত পৰা নাই। তেওঁৰ ওপৰত এতিয়ালৈকে যিমানবোৰ আলোচনা-সমালোচনা আদি হৈ গৈছে তাৰ সৰহভাগেই নিৰ্লজ্জ একপক্ষীয়ভাৱে প্ৰশংসাবিধৌত, নহয় ব্যক্তিগত আক্ৰোশেৰে পূৰ্ণ গালি-গালাজ। তেওঁলোকৰ আলোচনাত বিন্দুমাত্ৰও ইতিহাসবোধ বা বস্তুনিষ্ঠা নাই। আমি আমাৰ সীমিত পৰিসৰৰ ভিতৰত ইয়াত ভূপেন হাজৰিকাৰ মূল্যায়নৰ এটা চেষ্টা কৰিম।

সাগৰ সংগমত কতনা সাতুৰিলোঁ...’
(ভূপেন : শৈশৱৰপৰা যৌৱনলৈ)

ভূপেন হাজৰিকাৰ স্বাভাৱিক ক্ষমতা আৰু অসাধাৰণ সংগীত-প্ৰতিভা সম্পৰ্কে নিশ্চয় দ্বিমত নাই। তেনেকৈ দ্বিমত নাই তেওঁৰ জনপ্ৰিয়তা সম্পৰ্কেও (বিশেষকৈ মধ্যশ্ৰেণীৰ মাজত)। গায়ক হিচাপেও তেওঁৰ দৰে অপূৰ্ব আৰু সাৱলীল পৰিবেশন (presentation) ক্ষমতা থকা গায়ক বিৰল। তেওঁৰ দৰে একাধাৰে উচ্চস্তৰৰ গীতিকাৰ, সুৰকাৰ আৰু গায়ক হোৱা উদাহৰণো কম। ভূপেন হাজৰিকাৰ প্ৰতিভাই শৈশৱৰেপৰা অধ্যৱসায়ৰ উপৰিও সেই সময়ৰ তুলনামূলকভাৱে অনুকূল পৰিবেশৰ মাজেৰে প্ৰস্ফুটিত হ’বলৈ সুবিধা পাইছিল। এই ক্ষেত্ৰত তেওঁৰ উদাৰ পিতৃ-মাতৃৰ অৱদানো কম নহয় নিশ্চয়। আৰম্ভণিৰেপৰা জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা আদিৰ সক্ৰিয় সংস্পৰ্শ আৰু প্ৰেৰণাই ভূপেনৰ প্ৰতিভাৰ সুদৃঢ় ভেটি গঢ়ি দিছিল। সেই সময়ত জ্যোতি, ৰাভা, কমল চৌধুৰী আদিৰ উদ্যমত অসমীয়া আধুনিক গীত-মাতৰ প্ৰসাৰ আৰু কৰ্মতৎপৰতা বৃদ্ধি পাইছিল। সুকন্ঠৰ অধিকাৰী ভূপেনে শৈশৱৰেপৰা নৱ উদ্যমেৰে আৰম্ভ হ’ব ধৰা সেই সময়ৰ নাটক-ৰেকৰ্ডিং-ফিল্ম আদিত গীত গোৱাৰ সুবিধা পাইছিল। এনে অনুকূল পৰিবেশত বয়স আৰু অভিজ্ঞতা বঢ়াৰ লগে লগে তেওঁৰ প্ৰতিভাৰ পূৰ্ণ স্ফুৰণ হ’বলৈ ধৰিলে।

ইতিমধ্যে দ্বিতীয় মহাসমৰৰ ঠিক প্ৰাকমুহূৰ্তৰপৰা আৰম্ভ হোৱা ফেছিবাদ আৰু সাম্ৰাজ্যবাদ-বিৰোধী আন্দোলন আৰু কৃষক সংগ্ৰামৰপৰা সৃষ্টি হোৱা নতুন সাংস্কৃতিক চেতনাৰ পৰিবেশত ‘ভাৰতীয় গণনাট্য সংঘ’ গঠিত হয় ১৯৪৩ চনত। অসমতো জ্যোতিপ্ৰসাদ আদিয়ে যুদ্ধোত্তৰ কালত এই গণনাট্য আন্দোলনত সক্ৰিয়ভাৱে জঁপিয়াই পৰে। ব্ৰিটিছ শাসকে ভাৰতবৰ্ষ ত্যাগ কৰাৰ পিছতো কৃষক-বনুৱা ৰাইজৰ অৱস্থাৰ কোনো উন্নতি নোহোৱা দেখি, দেশত দিনে দিনে দুৰ্নীতি, শোষণ, অবিচাৰ বাঢ়ি যোৱা প্ৰত্যক্ষ কৰি তেওঁলোকে অসুন্দৰক খেদি সুন্দৰক প্ৰতিষ্ঠা কৰিবলৈ শিল্প-সংস্কৃতিক ব্যৱহাৰ কৰাত লাগি যায়। তেওঁলোকে উপলব্ধি কৰিছিল যে ভাৰতবৰ্ষত দাৰিদ্ৰ্য, বৈষম্য আৰু শোষণ থাকে মানে গণতন্ত্র সফল নহ’ব। তেওঁলোক মার্ক্সবাদৰ প্রভাৱলৈ আহিবলৈ ধৰিলে। তেওঁলোকৰ দৰেই ভূপেনো গণনাট্য আৰু মার্ক্সবাদৰ প্রভাৱলৈ আহিল। সেই সময়ত ‘অগ্নিযুগৰ ফিৰিঙতি মই’ আদি গীতেৰে ভূপেনে সংগ্রামী জনগণৰ হৃদয় জয় কৰি পেলালে। যাঠিৰ দশকৰ প্রথম ভাগলৈকে থকা ‘কমিউনিষ্ট’ অপবাদটো ভূপেনে এই সময়ৰপৰাই বহন কৰিবলগীয়া হৈছিল। ১৯৪৯ চনৰপৰা তেওঁ দেশ-বিদেশৰ বিভিন্ন গীত-মাত সংস্কৃতিৰ প্রত্যক্ষ সংস্পৰ্শলৈ আহিবলৈ ধৰে, অর্থাৎ নিজৰ ভাষাত তেওঁৰ ‘সাগৰ সংগমত’ সাঁতোৰা আৰম্ভ হয়। ১৯৪৯ চনত উচ্চ শিক্ষার্থে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় চাৰি বছৰৰ বাবে। তাৰ পিছৰপৰা তেওঁ বিশ্বৰ বিভিন্ন দেশ ভ্রমণ কৰে। পল ৰবছনকে আদি কৰি দেশ-বিদেশৰ বিভিন্ন সংগ্রামী প্রগতিশীল শিল্পী-লেখকসকলৰ সংস্পৰ্শলৈও তেওঁ আহে। এই সকলোবোৰ সত্ত্বেও আমি আজি জানো যে ভূপেন হাজৰিকাই প্রশান্ত মহাসাগৰৰ অশান্ত উৰ্মিমালাত সাঁতোৰাৰ প্রয়াস কৰিছিল যদিও প্রকৃততে তেওঁ কোনো ঠেক উপসাগৰীয় স্রোতেদিহে বর্তমান উটি যাব ধৰিছে— নিৰাপদ আৰু নিৰুপদ্রৱভাৱে।

'আজি জীৱন নাটকৰ দৃশ্য দেখুৱা, ৰণৰ অগনিক সুৰেৰে নমোৱা'
(গণনাট্য কালত ভূপেন)

চমুকৈ ষাঠিৰ দশকৰ আৰম্ভণিলৈকে ভূপেন হাজৰিকাৰ শিল্পী-জীৱনক ‘গণনাট্য যুগ’ বুলি ধৰিব পাৰি। এইখিনি সময়ত ভূপেনৰ সৃষ্টিৰ মান আৰু জনপ্রিয়তা আছিল উচ্চ-শিখৰত। জ্যোতিপ্রসাদ, বিষ্ণুপ্রসাদ আৰু পাৰ্বতীপ্রসাদে আধুনিক অসমীয়া গীত-মাত-সুৰৰ অতিশয় উচ্চ মানৰ যি উজ্জ্বল স্বাক্ষৰ ৰাখি থৈ গৈছে, একমাত্র ভূপেন হাজৰিকাৰ বাহিৰে তেওঁলোকৰ পৰৱর্তীসকলৰ কোনেও সেই উচ্চ মানৰ কাষ চাপিব পৰা নাই। এইটো ক’বই লাগিব যে গণনাট্য আন্দোলনৰ সক্রিয় সংস্পৰ্শই তেওঁৰ এই উচ্চ মান পোৱাত যথেষ্ট অৰিহণা যোগাইছিল। মাথোন ভূপেন হাজৰিকাই নহয়, এইকালৰ বহুতো বিখ্যাত সুৰকাৰ, গীতিকাৰ, কবি-লেখক, শিল্পী আদিয়েই সেই সময়ৰ গণনাট্য আন্দোলনৰ সক্রিয় কর্মী আছিল আৰু গণনাট্যৰ যোগেদিয়েই খ্যাতিৰ জখলাত উঠিছিল। লোকগীতি আৰু লোকসংস্কৃতিৰ প্রত্যক্ষ প্রভাৱে তেওঁলোকৰ কথা আৰু সুৰলৈ আনিছিল বৈচিত্র্য আৰু প্রকাশভংগীলৈ আনিছিল আন্তৰিকতা আৰু সৰলতা। ভূপেনৰ শ্রেষ্ঠ সৃষ্টিসমূহ (আনকি তেওঁৰ নিজস্ব প্রিয় গীত ‘সাগৰ সংগমত কতনা সাঁতুৰিলোঁ’) এই সময়ৰেই সৃষ্টি। তেওঁৰ ‘পৰহি পুৱাতে/তুলুঙা নাৱতে/ৰংমন মাছলৈ গ’ল’ গীত তেতিয়া অসমৰ গাঁৱে-ভূঞে সকলোৰে মুখে মুখে। তেনেকৈ সকলোৰে মুখে মুখে আছিল ‘বৰ বৰ মানুহৰ দোলা’। পানেই-পোনাটিৰ মর্মস্পর্শী গীতে শ্রোতাৰ হৃদয় দোলাই দিছিল। সকলোৰে ভাব হৈছিল যেন জুগ্নু-বুধুহঁতৰ ‘দম্ দমা দম্‌’ মাদলৰ আৱাজত হেজাৰ ‘পিশাচ’ পলাই যাব আৰু জান্‌কী-লচ্‌মীহঁতৰ ঝুন্‌কাৰ মধুৰ শব্দত ‘সুন্দৰ’ নামি আহিব! চীন-বিপ্লৱ উপলক্ষে ৰচিত, কথাৰ সৰলতা, অনুভূতিৰ গভীৰতা, কথা আৰু সুৰৰ অপূর্ব সামঞ্জস্য আৰু বৈচিত্র্য থকা বিপ্লৱী ৰোমাণ্টিকতাৰে উজ্জ্বল ‘প্রতিধ্বনি শুনো মই’ গীতটোৰে তেওঁ শ্রোতাৰ মাজত (বিশেষকৈ অসম আৰু বংগৰ) তীব্র আলোড়নৰ সৃষ্টি কৰিছিল। (উল্লেখযোগ্য যে পৰৱৰ্তী কালৰ গীতসমূহৰ মাজত তেওঁৰ একমাত্ৰ ‘বিস্তীৰ্ণ পাৰৰে’ গীতটোৱেহে বোধহয় এনে এক আলোড়নৰ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছিল‌।) ‘জিলিকাব লুইতৰে পাৰ’ত সংকলিত কৰা অপূৰ্ব গীতসমূহ এই সময়ৰেই সৃষ্টি‌। কিঞ্চিৎ আবেগপ্রৱণতা থাকিলেও বা ঠিক বিপ্লৱী নহ’লেও তেওঁৰ এই সময়ৰ ছবি ‘এৰাবাটৰ সুৰ’ আৰু ‘মাহুত বন্ধু ৰে’ত মেহনতী মানুহৰ সুখ-দুখ জীৱন-সংগ্ৰামৰ প্রতি প্রকাশ পোৱা আন্তৰিকতাখিনি অস্বীকাৰ কৰা নাযায়। এই সময়ছোৱাত তেওঁ স্থিতাৱস্থাৰ প্রবক্তা আৰু ৰক্ষণশীল শ্রেণীৰপৰা পদে পদে বাধাও নোপোৱা নহয়। ১৯৪৯ চনত আমেৰিকালৈ উচ্চ শিক্ষার্থে যোৱাৰ সময়ত ‘মুক্তিৰ দেউল’ ৰচনা কৰাৰ বাবে তেওঁক প্রশ্ন কৰা হৈছিল। আকৌ বিশ্ব শান্তি সন্মিলনলৈ যাওঁতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদ ইস্তফা দিহে যাবলগীয়াত পৰিছিল। (*) এই সময়ত তেওঁ সঘনাই ব্যক্তিগত নিন্দা আৰু কুৎসা প্ৰচাৰৰ সন্মুখীন হ’বলগীয়াত পৰিছিল। তৎকালীন বর্ণহিন্দুপ্রধান ৰক্ষণশীল আৰু সন্ত্রান্ত অসমীয়া শ্রেণীয়ে তেওঁক উপেক্ষা কৰাৰ বৃথা চেষ্টা কৰি আহিছিল। কিন্তু তেওঁৰ প্রতিভা আৰু জনপ্রিয়তাৰ যি গতিবেগ আছিল তাত জানো তেওঁক উপেক্ষা কৰা সহজ কথা? জনপ্রিয় শিল্পী এজনৰ গাত প্রগতিশীল চাপ থকাটো স্থিতাৱস্থাৰ প্রবক্তাসকলৰ বাবে খুবেই অসুবিধাজনক। ই আৰু বেছি অসুবিধাজনক হৈ পৰে যেতিয়া বিৰোধী শিবিৰত সেই শিল্পীৰ সমকক্ষ আন কোনো শিল্পী নাথাকে। বিশেষকৈ নিজকে ন-কৈ প্রতিষ্ঠিত কৰাৰ প্রচেষ্টাত থকা অমসীয়া মধ্যশ্রেণীৰ বাবে এয়া যে খুবেই অসুবিধাজনক পৰিস্থিতি হ’লহেঁতেন, এয়া ঠিক। অৱশ্যে তেওঁলোকৰ এই সমস্যা সমাধানৰ বাবে বেছি সময় ৰবৰ প্রয়োজন নহ’ল। সেই সময়ৰ ভাৰতৰ বাঁওপন্থী ৰাজনীতিৰ বিচ্যুতি, গণনাট্য সংঘৰ আপোচকামী নীতি আৰু লগতে ভূপেন হাজৰিকাৰ শ্রেণী-চৰিত্ৰজনিত দুর্বলতাই এই সমস্যা সমাধানৰ পথ সুগম কৰি দিয়ে।

ভূপেনৰ এই বিপৰীতমুখী পৰিবৰ্তনৰ বাবে বহুতেই মাথোন ভূপেনৰ পেটি-বুৰ্জোৱা সুবিধাবাদী মনোভাবকেই দায়ী কৰিবলৈ বিচাৰে। এনে দৃষ্টিভংগী নিশ্চয় অবৈজ্ঞানিক। বহুতৰে দৰে ভূপেনৰো নিশ্চয় পেটি-বুৰ্জোৱাসুলভ দুৰ্বলতাবোৰ আছে‌। কিন্তু ইয়েই পশ্চাৎঅপসৰণৰ একমাত্র প্রধান কাৰণ নহয় নিশ্চয়। ভাৰতৰ বাঁওপন্থী ৰাজনীতিৰ সুবিধাবাদী আৰু ক্ষয়ংকৰী নেতৃত্ব আৰু নীতিয়ে জনগণৰ যি সম্ভাৱনাপূর্ণ শক্তিৰ অপচয় কৰিলে, যেনেদৰে পৰিবর্তনকামী জনগণক বিশ্বাসঘাতকতা কৰিলে তাৰ ইতিহাস সৰ্বজনবিদিত‌। এই ৰাজনীতিৰ কু-প্ৰভাৱ সাংস্কৃতিক ফ্ৰন্টতো পৰিল‌। (এনেয়েতো ভাৰতৰ বাঁওপন্থী নেতৃবৰ্গই সাংস্কৃতিক ফ্ৰণ্টৰ ওপৰত পাৰ্টিৰ পুঁজিৰ টকা তোলাৰ বাহিৰে কোনোদিনে বিশেষ গুৰুত্ব দিয়া নাছিল।) ভাৰতীয় গণনাট্য সংঘৰ ইতিহাস মূলতঃ আপোচৰ ইতিহাস। গণনাট্য সংঘই নিজৰ কলেবৰ বঢ়োৱাত ইমানেই ব্যস্ত আছিল যে শিল্পী-সাহিত্যিকসকলৰ ভুল-ভ্রান্তিবোৰ দেখুৱাই দি বন্ধুত্বপূর্ণ বিশ্লেষণ আৰু সমালোচনা কৰাৰ কথা কোনোদিনে চিন্তা কৰা নাছিল‌। ফলত শিল্পী-সাহিত্যিকসকলৰ সৃষ্টিৰপৰা শ্ৰেণীসংগ্ৰামে বিদায় ল’লে‌। পৰৱৰ্তী কালত দেশ আৰু জনগণৰ মাজলৈ অহা গভীৰ ৰাজনৈতিক সংকটৰ সময়তো শিল্পী-সাহিত্যিকসকলৰ মাজত প্রকৃত চেতনাৰ জাগৰণ আনিবলৈ গণনাট্য সংঘৰ নেতৃত্বই কোনো ব্যৱস্থা লোৱাৰ কথা চিন্তা কৰা নাছিল‌। গণনাট্য সংঘৰ সুবিধাবাদ আৰু অনিষ্টকৰ উদাৰ নৈতিকতাৰ ফালত সলিল চৌধুৰী, হেমন্ত কুমাৰ মুখাৰ্জী, বলৰাজ চাহনী, সুভাষ মুখাৰ্জী, কাঈফি আজমী, খাজা আহমেদ আব্বাচ, ভূপেন হাজৰিকা আদি সকলোৱেই একেই পথৰ পথিক হ’ল : মহাসাগৰৰ অশান্ত উৰ্মিমালাত সাঁতোৰাতকৈ এওঁলোকে ঠেক উপসাগৰীয় স্ৰোতত উটি যোৱাকেই নিৰাপদ বুলি ভাবি ল’লে। তেওঁলোকে এতিয়া বিমূৰ্ত ’মানৱতাবাদ’ৰ আশ্ৰয় ল’লে। তেওঁলোকে এই সুবিধাবাদৰ নাম দিলে pragmatism! দুই-এজনক বাদ দি বাকী প্ৰায়বোৰেই বোম্বেৰ ব্যৱসায়িক চিনেমা শিল্পৰ দুৰ্গন্ধযুক্ত বন্ধ জলাশয়্ত আকণ্ঠ নিমজ্জিত হৈ আছে। এক অৰ্থত ভূপেনো এইবোৰৰ ব্যতিক্ৰম নহয়। তথাপিতো আমি ভূপেনৰ মূল্যায়নত হাত দিয়াৰ আন এটা কাৰণ হ’ল এই যে ভূপেনে এতিয়াও জনগণৰ (সীমিত অৰ্থত হ’লেও) বাবে কিবা এটা কৰাৰ কথা চিন্তা কৰে, উপসাগৰীয় স্ৰোতত উটি গ’লেও মহাসাগৰৰ অশান্ত উৰ্মিমালাত সীমিত সাঁতোৰ দিয়াৰ প্ৰচেষ্টা কৰে।

পিশাচী এন্ধাৰ : মাৰ্ক টোৱেইনৰ সমাধিত বহি গৰ্কিৰ গীত গালোঁ

(গণনাট্যোত্তৰ কালত ভূপেন)

মার্ক টোৱেইনৰ সমাধিত বহি গৰ্কিৰ গীত গাবলৈ ঠিক কৰাৰ বহু আগতেই তেওঁৰ সৃষ্টিত শ্রেণী সমন্বয়ৰ সুৰ শুনিবলৈ পোৱা গৈছিল। অসমীয়া মধ্যশ্রেণীৰ মাজত অতি প্রিয় তেওঁৰ ‘মানুহে মানুহৰ বাবে’ গীতটো শ্রেণী সমন্বয়ৰ এটি উদাহৰণ। বৰ বৰ মানুহ  দোলা’ গীতটো ওপৰে ওপৰে চালে শ্রেণী-সংগ্রামৰ গীত যেন লাগিলেও প্রকৃততে সবল মানুহবোৰক অনুনয় কৰা আৰু শ্রেণী-নির্বিশেষে সকলো মানুহৰ কথা ভাবিবলৈ কোৱা প্রথম গীতটোত নির্জলা শ্রেণী-সমন্বয়ৰ সুৰ স্পষ্ট তেনেকৈ বৰ বৰ মানুহৰ দোলা গীতটোত দেখা যায় যে দোলাভাৰীকেইজনে আমাৰ কান্ধৰপৰা পিছলিব লাগিলে বাগৰি পৰিব দোলাবুলি উপলব্ধি কৰিওৰজা-মহাৰজা, বৰ বৰ মানুহ বহি যোৱা দোলা যাতে বাগৰি নপৰে তাৰ বাবে ভালকৈ খোজটি মিলাবলৈহে ঠিক কৰিছে শ্রেণীসংগ্রাম মানে যে, শ্রেণীবৈষম্যৰ লগতে শ্রেণী-ঘৃণাও বুজায় এই কথাত গণনাট্য আন্দোলনৰ নেতৃত্বই গুৰুত্ব দিয়া নাছিল। তেওঁৰ সেই সময়ৰ ছবি ‘এৰাবাটৰ সুৰ’তো এই সমন্বয় আৰু হৃদয় পৰিবৰ্তনৰ সুৰ বিদ্যমান। বাগানৰ মেনেজাৰ ৰূপেন বৰুৱাক অত্যাচাৰী হিচাপে দেখুওৱা হৈছে যদিও বাগানৰ মালিক বিশ্ব ফুকনক শ্রেণী-সংগ্রামৰ দৃষ্টিকোণৰপৰা অংকিত কৰা হোৱা নাই। ৰূপেন বৰুৱাই বনুৱা হাৰাণৰ চাকৰি খাওঁতেও ভূপেনৰ মানস চৰিত্ৰ জয়ন্তই ইয়াৰ প্ৰতিকাৰৰ বাবে মালিক বিশ্ব ফুকনকহে টেলিগ্রাম দি জনাইছে আৰু বিশ্ব ফুকনো যেন তেওঁৰ বাগানৰ পুৰণি বনুৱা হাৰাণৰ প্রতি অন্যায়ত অনুতপ্ত! তদুপৰি সমগ্র ছবিখনত জড়িত হোৱাৰ কোনো উমঘাম নাই – সুৰ বিচাৰি আহি জয়ন্তই বাগানৰ বনুৱাৰ সংগ্ৰামত সোমাই পৰিলেও ঠিক জড়িত হৈ পৰিব পৰা নাই। সকলো সমস্যা জয়ন্ত যি শ্রেণীৰপৰা আহিছে সেই শ্রেণীৰ দৃষ্টিকোণৰপৰাহে অৰ্থাৎ ৰাজপথৰপৰাহে চোৱা হৈছে। সেয়ে জয়ন্ত‍ই লোৱা ’পথ’ক ’এৰা’ বাটহে কোৱা হৈছে। শ্ৰেণীসংগ্ৰামত বিশ্বাসী কোনোৱেই নিশ্চয় এনে পথক এৰা বাট বুলি নকয়।

ষাঠিৰ দশকত ভূপেনৰ আপোচকাৰ্য সম্পূৰ্ণ হয়। সমাজব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ কথা তেওঁ আৰু নোকোৱা হ’ল। অসমীয়া ভাষা আৰু থলুৱাৰ নিয়োজনৰ প্ৰশ্নত তেওঁ তীব্ৰতাৰে অসমীয়া মধ্যশ্ৰেণীৰ হকে ওকালতি কৰিবলৈ আৰম্ভ কৰি দিয়ে। শ্ৰেণীসংগ্ৰাম তেওঁৰ লেখাৰপৰা বাদ পৰিল। উঠি অহা অসমীয়া মধ্যশ্ৰেণীৰ প্ৰতিভূ ভূপেনে চিঞৰি উঠিল : ‘আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্ত্বনা লভিলে নহ’ব!’ তেওঁৰ লেখা-মেলাৰ বিষয়বস্তু হৈ পৰিল ‘অসমৰ থলুৱা আজি অসমতে পৰ!’ আনকি চাউলমুঠিৰ বাবে অসমত অনাটন-শোষণ অভাৱত জৰ্জৰিত জনগণে তীব্ৰ আন্দোলন কৰোতেও ভূপেনে তাত গণসংগ্ৰাম দেখা নাপালে, বৰং তেওঁ তেতিয়া সম্পাদকীয় লেখিলে ‘এইবাৰ অসমীয়া পুৰুষ হ’ল বুলি!!’ (দ্ৰষ্টব্য সম্পাদকীয়, ‘আমাৰ প্ৰতিনিধি’, ভাদ, ১৮৮৮ শক, সপ্তম বছৰ প্ৰথম সংখ্যা)।
অসমীয়া মধ্যশ্ৰেণীৰ স্পৃহা অনুসৰি ভূপেনে আঞ্চলিক ছবিৰ উন্নতিৰ বাবে যথেষ্ট চেষ্টা কৰিব ধৰিলে। উন্নতিৰ প্ৰয়োজনীয়তা আমি নুই নকৰো – আৰু এই সম্পৰ্কে ভূপেনৰ আন্তৰিক প্ৰচেষ্টাকো আমি অস্বীকাৰ নকৰো। কিন্তু ই এইটো নুবুজায় যে এই প্ৰচেষ্টাত নিজৰ সকলো আদৰ্শ আৰু দায়িত্ববোধ জলাঞ্জলি দিব লাগিব। আমি জনাত ভূপেনৰ সেই পশ্চাৎঅপসৰণৰ পিছতো তেওঁ ভাগ্যবিধিত নিজকে সপি দিয়া নাই – অন্ততঃ তেওঁৰ সৃষ্টি বা লেখা-মেলাত ইয়াৰ গোন্ধ নাই। কিন্তু সেই ভূপেনেই অসমীয়া চিনেমা শিল্পৰ উন্নতি কৰাৰ নামত জঘন্য প্ৰতিক্ৰিয়াশীল হিন্দী ছবি ‘তকদিৰ’ক অসমীয়ালৈ ‘ভাগ্য’ বুলি ডাবিং কৰি অসমৰ জনগণৰ মাজত এই ‘ভাগ্য’ আফিঙৰ মাত্ৰা বঢ়াই দি দায়িত্বহীনতাৰ চৰম নিদৰ্শন দেখুৱালে। আমি কি বিশ্বাস কৰিব লাগিব যে ভূপেনে নিবিড়ভাবে ভাল পোৱা অসমীয়া মানুহখিনি যাতে বৰ বেছি ‘পুৰুষ’ হৈ নপৰে তাৰ বাবে এই আফিঙৰ ব্যৱস্থা কৰা হৈছিল? পৰীক্ষাৰ নামত (ভূপেনৰ মতে এই ডাবিং কাৰ্য আছিল পৰীক্ষামূলক) এনে দায়িত্বহীন কাৰ্য কৰা উচিতনে? তেনেকৈ তেওঁৰ দায়িত্বহীনতাৰ আন এটি নিদৰ্শন হ’ল আত্মৰামৰ ‘ইয়ে গুলিস্তা হামাৰা’ ছবিখন – য’ত নগা জনজাতিৰ সংস্কৃতি আৰু জীৱনযাত্ৰাক পেংলাই কৰি দেখুওৱা হৈছিল আৰু নগা যুৱ-শক্তিৰ প্ৰচণ্ড বিক্ষোভৰ ফলত আনকি চৰকাৰেও সেইখন ছবিৰ প্ৰদৰ্শন সাময়িকভাৱে বন্ধ কৰি দিছিল। উল্লেখযোগ্য যে এই ছবিখনৰ কাৰিকৰী উপদেষ্টা আছিল সেই ভূপেন হাজৰিকা, যি ভূপেন হাজৰিকাই পৰ্বত-ভৈয়ামৰ সম্প্ৰীতি আৰু সংহতিৰ বাবে চেষ্টা কৰি আহিছে ইমান দিন ধৰি। কাশ্মীৰী-কুলু-মানালিৰ দৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলকো হিন্দী ছবিৰ পটভূমি কৰিবলৈকে কৰা এনে চৰম দায়িত্বহীনতাৰ নিদৰ্শন বিৰল।
১৯‌৬৭ চনৰ নিৰ্বাচনত ভূপেন অসম বিধানসভালৈ নিৰ্বাচিত হ’ল। এটা কথা ঠিক যে প্ৰধানকৈ ৰাইজৰ শুভ ইচ্ছাৰ ওপৰতে নিৰ্ভৰ কৰি নিৰ্বাচনী কাৰ্যত ঘূৰাৰ বাবে ভূপেনে পুনৰ বহু দিনৰ মূৰত মেহনতী আৰু সাধাৰণ জনতাৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহাৰ সুবিধা পাইছিল। ফলত, ভূপেনৰ নতুন উপলব্ধি – ‘নিৰ্বাচনত নামিহে এইবাৰ অধিকভাৱে উপলব্ধি কৰিলো ‘দেশেই আমাৰ নাটঘৰ আৰু ৰাইজেই ভাৱৰীয়া!’ অভাৱ-অনাটন শোষণত জৰ্জৰিত জনগণৰ অৱস্থা আৰু সমাজত চলি থকা অবিচাৰ-স্বাৰ্থপৰতা-দুৰ্নীতি আদি প্ৰত্যক্ষ কৰি এই সময়ছোৱাত অৱশ্যেই ভূপেনে কিছু সুন্দৰ গীতৰ সৃষ্টি কৰিছিল। উদাহৰণস্বৰূপে - ’বিক্ষুব্ধ বিশ্বকণ্ঠ‍ই অহোৰাত্ৰি চিঞৰে’ (১৯৬৭), ’বিস্তীৰ্ণ পাৰৰে (১৯৬৭), ’শীতৰে সেমেকা ৰাতি’ (১৯৭০) ইত্যাদি। অৱশ্যে এই সময়ৰ প্ৰায়বোৰ গীতেই মধ্যশ্ৰেণীৰ দৃষ্টিভংগীৰপৰা লিখিত গীত (যেনে, আমি উল্লেখ কৰা গীতকেইটাৰ শেষৰ দুটা গীত)। শ্রেণীসংগ্ৰামৰ লগে লগে মেহনতী জনতাই এই সময়ৰ ভূপেনৰ সৃষ্টিৰপৰা চিৰবিদায় মাগিলে। দৈৱাৎ কেতিয়াবা শ্ৰমজীৱী জনতা তেওঁৰ গীতলৈ আহিলেও সেয়া নিজৰ পেটি-বুৰ্জোৱাসুলভ জনতাৰ হকে কিবা এটা কৰাৰ স্পৃহা প্রকাশ কৰাৰ প্রয়োজনতহে আহিছে।

মোৰ গীতৰ হেজাৰ শ্রোতা তোমাক নমস্কাৰ

(অসমৰ সমগ্র মধ্যশ্রেণীৰ প্ৰতিভূ ভূপেন)

গণনাট্যকালৰ আৰম্ভণিৰপৰাই ভূপেনে মাছমৰীয়া ৰংমন, দোলাভাৰী, পানেই আদিকে আৰম্ভ কৰি গাইৰখীয়া কাঞ্চীজনীৰ দৰে শ্রমজীৱী মানুহৰ গীত গাইছে যদিও আৰু আংশিকভাৱে এই শ্রমজীৱী শ্ৰেণীৰ প্রতিনিধিত্ব কৰিছিল যদিও, সেই সময়ত তেওঁ মূলতঃ মধ্যশ্ৰেণীৰ বাঁওপন্থী অংশৰহে প্রতিনিধিত্ব কৰিছিল। কিন্তু তাৰ পিছৰ দীৰ্ঘ পৰিক্রমাৰ ফলস্বৰূপে তেওঁ বর্তমান সমগ্র মধ্যশ্রেণীৰ প্রতিনিধিত্ব কৰিব ধৰিছে। আমি দেখিবলৈ পাওঁ যে সমগ্র মধ্যশ্রেণীৰ বিভিন্ন অংশৰ বিভিন্ন আশা-আকাংক্ষা বিভিন্ন সময়ত ভূপেনৰ বিভিন্ন গীতৰ মাজেদি প্রকাশ পাইছে। কোৱা বাহুল্য যে মধ্যশ্রেণীৰ মাজত থকাৰ দৰেই ভূপেনৰ সৃষ্টিতো পৰস্পৰ-বিৰোধী সুৰ বিদ্যমান। অসমৰ এই মধ্যশ্রেণীৰ স্বাৰ্থ বর্তমান বিভক্ত আৰু ফলত ভূপেনৰ সৃষ্টিতো নানান সামাজিক সুৰৰ সমাবেশ ঘটিছে। সেয়ে কেতিয়াবা তেওঁক দেখা যায় তীব্ৰ খাদ্য সমস্যাৰ কথা কোৱা – অৰ্থাৎ ইয়াত তেওঁ মধ্যশ্ৰেণীৰ নিম্ন-মধ্য অংশৰ প্ৰতিনিধিত্ব কৰিছে। কেতিয়াবা আকৌ দেখা যায়, তেওঁ সামাজিক পৰিৱৰ্তনৰ কথা কৈছে – অৰ্থাৎ এইক্ষেত্ৰত তেওঁ নিম্ন মধ্যশ্ৰেণীৰো বাঁওপন্থী অংশক প্ৰতিনিধিত্ব কৰিছে। কোনো সময়ত তেওঁ হয়তো উচ্চ মধ্যশ্রেণী আৰু প্রতিযোগিতাত নামিব নোৱৰা বা প্রতিযোগিতাত হাৰি যোৱা পেটি-বুৰ্জোৱা শ্ৰেণীৰ স্বার্থক আগ ঠাই দি উগ্র জাতীয়তাবাদী সুৰ থকা গান গাইছে। আন এসময়ত হয়তো তেওঁ নিম্ন মধ্যশ্রেণীৰ ইউটোপিয়ান চিন্তাৰ প্রকাশ কৰিছে বৃহৎ বুৰ্জোৱাৰ খোৱা-কামোৰাৰ মাজত কোনোমতে শ্রম কৰি বাচি থাকিবলৈ। পিছ মুহূর্ততে হয়তো তেওঁ পেটি-বুৰ্জোৱাৰ পলায়নবাদী মনোভাবৰ স্বাক্ষৰ ৰাখিছে কোনো ৰোমাটিক গানৰ মাজেদি। এনেধৰণৰ বহুতো উদাহৰণ দিব পাৰি। এইদৰেই ভূপেনৰ সৃষ্টিত মধ্যশ্রেণীৰ বিভিন্ন অংশৰ আশা-আকাংক্ষা প্রতিফলিত হৈছে। অর্থাৎ বর্তমান যে ভূপেন হাজৰিকাই অসমীয়া মধ্যশ্রেণীটোক সামগ্রিকভাৱে প্রতিফলিত কৰিছে এয়া স্পষ্ট। তেওঁ ‘বিস্তীর্ণ পাৰৰে’ও গায়, আকৌ ’তোমাৰ উশাহ কঁহুৱা কোমল’-ও গায়’, ’শীতৰে সেমেকা ৰাতি’ও গায়, আকৌ ’আমি অসমীয়া নহওঁ দুখীয়া’ও গায়, তেওঁ উদীয়মান অসমীয়া ধনিক শ্রেণীৰ গুণগানত পঞ্চমুখো হয়, আকৌ মাটিহীন খেতিয়কক মাটি দিয়াৰো দাবী তোলে!
আংশিকভাৱে হ’লেও মেহনতী জনতাক আৰু মূলতঃ নিম্ন মধ্যশ্রেণীৰ বাঁওপন্থী অংশকে মাথোন প্রতিনিধিত্ব কৰা একালৰ ভূপেনৰ এই পৰিবর্তন হ’ল কেনেকৈ? সমাজৰ এটা অগ্রগামী অংশক প্রতিনিধিত্ব কৰা ভূপেনে কিয় পশ্চাৎঅপসৰণ কৰি পিছলৈ অসমৰ সমগ্ৰ মধ্যশ্ৰেণীটোকে প্ৰতিনিধিত্ব কৰা আৰম্ভ কৰি দিলে? আন্তৰ্জাতিক কমিউনিষ্ট নেতৃত্বত বিভাজন, ভাৰতৰ বাঁওপন্থী ৰাজনীতিৰ সুবিধাবাদী নেতৃত্ব,গণনাট্য সংঘৰ আপোচকামী নীতি আদিৰ উপৰিও আন দুটা প্ৰধান কাৰণ হ’ল— (ক) অসমত নতুন অসমীয়া বুৰ্জোৱা তথা শক্তিশালী মধ্যশ্ৰেণীৰ আবিৰ্ভাৱ আৰু (খ) অসমত প্রকৃত ৰাজনৈতিক আন্দোলনৰ অভাৱ। উল্লেখযোগ্য পঞ্চাছৰ দশকৰ শেষলৈকে অসমীয়া বুৰ্জোৱা তথা মধ্যশ্রেণীটোৱে এটা শ্রেণী হিচাপে ঠন ধৰি উঠিব পৰা নাছিল। তেওঁলোক নিজৰ অস্তিত্ব লৈয়ে ব্যস্ত আছিল। কিন্তু ষাঠিৰ দশকৰ আৰম্ভণিৰ লগে লগে এই শ্ৰেণীয়ে লাহে লাহে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ ধৰিলে, চাকৰি, ব্যৱসায়-বাণিজ্য আদিত এওঁলোক উদ্যোগী আৰু অগ্রণী হোৱাৰ প্রয়াস কৰিব ধৰিলে। জোৰদাৰ কোনো বাঁওপন্থী আন্দোলনৰ অভাৱ আৰু লগতে গণনাট্য সংঘৰ কাৰ্যকলাপ প্রায় বন্ধ হৈ এক শূন্য পৰিবেশৰ সৃষ্টি হ’ল অসমত, আৰু এনে পৰিবেশত বেছিকৈ ইন্ধন যোগাইছিল আন্তৰ্জাতিক কমিউনিষ্ট নেতৃত্বৰ বিভাজন আৰু ভাৰতৰ বাঁওপন্থী নেতৃত্বৰ সুবিধাবাদী নীতিয়ে। এনে শূন্য পৰিবেশত স্বাভাৱিকভাৱেই ভূপেনে এই উদীয়মান মধ্যশ্ৰেণীটোৰ প্রতি আকৃষ্ট হয়। তাৰ উপৰি তেওঁৰ নিজৰ শ্রেণী অৱস্থানৰ বাবে এই মধ্যশ্ৰেণীটোৰ লগত তেওঁৰ নিবিড় সম্বন্ধ স্থাপিত হ’ল। ফলত, এই শ্রেণীৰ বিভিন্ন আশা-আকাংক্ষাবোৰ তেওঁৰ সৃষ্টিত প্রতিভাত হ’বলৈ ধৰিলে। ভূপেনৰ মানসত যি নিম্ন মধ্যশ্রেণীৰ আপোচকামী আৰু শ্রেণী সমন্বয়ৰ দৰ্শন আছিল আত্মবিশ্লেষণৰ অভাৱত ভূপেনে সেই দৰ্শন ত্যাগ কৰিব নোৱাৰিলে। ইয়াৰ উপৰি তেওঁ লাহে লাহে মেহনতী জনতাৰপৰাও বিচ্ছিন্ন হৈ পৰিছিল। গতিকেই তেওঁৰ এই পৰিবর্তন অৱধাৰিত আছিল।

কোৱা বাহুল্য যে মধ্যশ্ৰেণীৰ আশা-আকাংক্ষাবোৰ প্ৰতিভাত কৰা ভূপেনে নিজেও এই শ্ৰেণী দুৰ্বলতাবোৰৰ অধিকাৰী হ’ল। এই শ্ৰেণীৰ বৈশিষ্ট্য হিচাপে আমি দেখিবলৈ পাওঁ যে ভূপেন স্ব-নিৰাপত্তা সম্পৰ্কে অতি সচেতন। সমাজব্যৱস্থাৰ সমালোচনাও তেওঁ এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকিহে কৰে। কোনো প্ৰতিবাদ বা দাবীৰ সমৰ্থনত মধ্যশ্ৰেণীৰ সংখ্যা যিমানেই বেছি হয় ভূপেনৰ প্ৰতিবাদ বা দাবীও সিমানেই মুখৰ হৈ উঠে; কাৰণ এই শ্ৰেণীৰ স্বাৰ্থৰ লগত যে তেওঁৰ নিৰাপত্তাৰ প্ৰশ্নটো নিবিড়ভাৱে জড়িত। এই দুৰ্বলতাৰ বাবেই ভূপেন পল ৰবছন হ’ব নোৱাৰিব, বিভিন্ন জোৱাৰত বাৰে বাৰে উটি থাকিব।

মধ্যশ্ৰেণীৰ অন্যতম বৈশিষ্ট্য হিচাপে ভূপেন আন এটি দুৰ্বলতাৰ অধিকাৰী আৰু সেয়া হ’ল – প্ৰবল স্ৰোত-প্ৰীতি। লক্ষ্য কৰিলে দেখা যাব যে সদায় ভূপেনে সমাজত প্ৰবহমান বিভিন্ন স্ৰোতৰ মাজৰ সকলোতকৈ প্ৰবল স্ৰোতেদিহে উটি যাবলৈ পছন্দ কৰে। চল্লিছৰ দশকৰ দ্বিতীয় অৰ্ধৰপৰা এতিয়ালৈকে তেওঁৰ বিভিন্ন কাৰ্যাৱলীলৈ চকু ফুৰালেই এই কথা পৰিষ্কাৰ হ’ব। প্রথমপিনে জ্যোতিপ্রসাদ, বিষ্ণু ৰাভা আদিৰ নেতৃত্বত অসমৰ সাংস্কৃতিক পৰিবেশ আছিল প্রগতিশীল। আন বহুতৰ দৰে ভূপেনেও এই প্রগতিশীলতাৰ প্রবল স্রোতত ভাহি গৈ গণনাট্য আন্দোলনত সক্রিয় অংশগ্রহণ কৰে। (ইয়াৰদ্বাৰা আমি ভূপেনৰ গণ নাট্যকালৰ প্রগতিশীল ভূমিকা নুই কৰিব বিচৰা নাই।) আকৌ তেওঁৰ অসমীয়া-প্রেমৰ ক্ষেত্ৰতো এই প্রবল স্রোত-প্রীতি দেখা যায় ১৯৭২ চনৰ ভাষা আন্দোলনত তেওঁ অদ্ভূত সংযম, প্রখৰ বুদ্ধিদীপ্ত অহিংসা আন্দোলনৰ সুপৰিচালনা আৰু ইতিবাচক ভাষা সচেতনতাৰ সন্ধান পালে এইদৰে উদীয়মান অসমীয়া মধ্যশ্ৰেণীৰ বিভিন্ন আন্দোলন আৰু নিম্ন মধ্যশ্ৰেণীৰ খাদ্য আন্দোলনৰ স্ৰোতত ভূপেনক উটি যোৱা দেখা যায় বিভিন্ন প্ৰকাৰৰ জাতীয় জোৱাৰৰ ক্ষেত্ৰটো এই কথা সত্য। এই স্ৰোতবোৰৰ প্ৰাবল্য অনুসৰি বিভিন্ন সময়ত বিভিন্ন স্ৰোতেদি ভূপেনক নিৰাপদভাৱে উটি যোৱা দেখা যায়। উল্লেখযোগ্য যে ভূপেনে নিজে কোনো স্ৰোতৰ সৃষ্টি কৰা নাই – মাথোন প্ৰবলতম স্ৰোতত জঁপিয়াই পৰি নিৰাপদভাৱে ভাহি যোৱাই তেওঁৰ অন্যতম বৈশিষ্ট্য।
আজি ভূপেনৰ ‘গীতৰ হেজাৰ স্ৰোতা’ যে সমগ্ৰ মধ্যশ্ৰেণী এই সম্পৰ্কে সন্দেহ নাই। আৰু এই মধ্যশ্ৰেণীৰ লগত তেওঁৰ অস্তিত্ব নিবিড়ভাৱে জড়িত বাবে এই শ্ৰেণীৰ শ্ৰোতাক তেওঁ নমস্কাৰ নকৰি কৰিব কাক?

ভীষ্মৰূপী অজস্ৰ বীৰক জগাই নোতোলা কিয়?
(ভৱিষ্যতে ভূপেনৰ সম্ভাব্য ভূমিকা)

১৯‌৭৪ চনৰ প্ৰথমভাগত গুৱাহাটীত বাৰ্টোল্ট ব্ৰেখটৰ এখন নাটকত ভূপেন হাজৰিকাক সংগীত পৰিচালক হিচাপে লোৱাৰ বাবে কিছু মাৰ্ক্সবাদী সমালোচকে সমালোচনা কৰিছিল। এওঁলোকৰ সমালোচনাৰ সাৰমৰ্ম আছিল – মেহনতী জনগণৰপৰা বিচ্ছিন্ন ভূপেন এতিয়া আৰু প্ৰগতিশীল শিল্পী হৈ থকা নাই। তেওঁ প্ৰতিক্ৰিয়াশীল শক্তি আৰু স্থিতাৱস্থাৰ বহতীয়া। প্ৰগতিশীল অনুষ্ঠান এটাই তেওঁক সংগীত পৰিচালক কৰি তেওঁৰ প্ৰগতিশীলতা ইমেজৰ ইল্যুছন সৃষ্টি কৰা উচিত হোৱা নাই। এনে সিদ্ধান্তলৈ অহাৰ আগতে বোধকৰো আমি আৰু বেছি গভীৰভাৱে এই প্ৰশ্নটো বিবেচনা কৰি চোৱা উচিত হ’ব।
বৰ্তমান ভূপেনে মূলতঃ সমগ্ৰ মধ্যশ্ৰেণীটোৰ প্ৰতিনিধিত্ব কৰিছে। সমাজ ৰূপান্তৰৰ ক্ষেত্ৰত মধ্যশ্ৰেণীৰো যে এক স্তৰলৈকে গুৰুত্বপূৰ্ণ ভূমিকা আছে সেই কথা অনস্বীকাৰ্য আৰু সেইবাবেই এই শ্ৰেণীৰ প্ৰতিভূ ভূপেনক এক কথাত নাকচ কৰি দিয়াটো এক কথাত অবৈজ্ঞানিক নহ’বনে? অসমৰ এই মধ্যশ্ৰেণীৰ অস্তিত্বৰ প্ৰশ্নৰ লগত ভূপেনৰ অস্তিত্বৰ প্ৰশ্নও নিবিড়ভাৱে আৰু সেই সমাজ ৰূপান্তৰৰ ক্ষেত্ৰত এই মধ্যশ্ৰেণী আগুৱাই গ’লে ভূপেনেও আগুৱাই যোৱাৰ সম্ভাৱনা নিশ্চয় আছে। অৱশ্যে বৰ্তমান অৱস্থাত তেওঁ এই মধ্যশ্ৰেণীটোৰ দৰেই ৰাজহাড়-শূন্যতাত ভুগিছে, এই শ্ৰেণীৰ সকলো দ্বিধাগ্ৰস্ততা তেওঁৰ মাজত প্ৰতিভাত হৈছে। এই শ্ৰেণীৰ স্বাভাৱিক ৰাজনৈতিক অপৰিপক্বতাৰ বাবে তেওঁ শতচ্ছিন্ন সমাজ কাপোৰত মৰা উজ্জ্বল ৰং-বিৰঙৰ জোৰা-টাপলিৰ চমকত তভক লগা দেখা যায়। একালৰ ‘অগ্নিযুগৰ ফিৰিঙতি মই’ৰ শিল্পী ভূপেনৰ এই পশ্চাৎঅপসৰণ ক্ষোভৰ বিষয় যদিও ই আছিল স্বাভাৱিক পৰিণতি। এই পৰিণতি নেতিবাচক যদিও ভূপেনৰ সম্ভাব্য ভূমিকা সম্পৰ্কে সম্পূৰ্ণৰূপে নেতিবাচক ধাৰণা লৈ থকাটো যুক্তিযুক্ত হ’বনে?
নিজৰ সৃষ্ট গীত ‘প্ৰতিধ্বনি শুনো মই’ বা ‘অগ্নিযুগৰ ফিৰিঙতি মই’ নালাগে, আনকি ‘বৰ বৰ মানুহৰ দোলা’ও গণনাট্যোত্তৰ কালৰ কোনো ‘গীতসভা’ত গাবলৈ দ্বিধাবোধ কৰি অহা ভূপেনে হঠাৎ ব্ৰেখটৰ নাটকৰ সংগীত পৰিচালনা কৰিবলৈ মান্তি হৈছিল কিয়? এই প্ৰশ্নৰ উত্তৰ এক কথাত দিব নোৱাৰি। ইয়াৰ কাৰণ বহুতো হ’ব পাৰে। যেনে – (১) ব্ৰেখটৰ নাটকত সংগীত পৰিচালনা কৰাৰ লগত তেওঁৰ নিৰাপত্তাৰ প্ৰশ্ন জড়িত আছিল। (২) হয়তো প্ৰবল স্রোত-প্রীতিৰ বাবেই সেই সময়ত অসমৰ সাংস্কৃতিক জগতত প্রবলভাৱে ব’ব ধৰা প্রগতিশীলতাৰ স্রোতত জঁপিয়াই পৰাৰ প্রয়াস কৰিছিল। (৩) হয়তো এই নাটকৰ মাজেৰে তেওঁ ইমানদিনে যি অংশৰপৰা বিচ্ছিন্ন হৈ পৰিছিল সেই মধ্যশ্রেণীৰ বাঁওপন্থী অংশ আৰু দিন যোৱাৰ লগে লগে সমাজ ৰূপান্তৰৰ বৈজ্ঞানিক চিন্তাৰ প্রভাৱলৈ আহিব ধৰা যুৱশক্তিক পুনৰ আঁকোৱালি লোৱাৰ প্ৰয়াস কৰিছিল। এনেধৰণৰ আৰু বহুতো কাৰণ হ’ব পাৰে আৰু সেইবাবেই আমি তেওঁ ব্ৰেখটৰ নাটকত সংগীত পৰিচালনা কৰাত সিমান গুৰুত্ব দিব বিচৰা নাই। তেওঁ বিক্ষিপ্তভাৱে সংগীত পৰিচালনা কৰিবলৈ লোৱা কথাষাৰ যেনেকৈ গুৰুত্বপূর্ণ ঘটনা নহয়,ঠিক তেনেকৈ তেওঁৰ সংগীতৰ সহায় লোৱাৰ বাবেই প্রগতিশীল নাট্য বা সাংস্কৃতিক আন্দোলন যে অশুদ্ধ হৈ পৰিছে সেয়াও নহয়। কিন্তু ভূপেনৰ দৰে শিল্পীসকলৰ প্ৰগতিশীল নাট্য বা সাংস্কৃতিক আন্দোলনত সহায় লোৱাৰ প্রশ্নটো নিঃসন্দেহে গুৰুত্বপূর্ণ প্রশ্ন। এই কথা ঠিক যে ভূপেনৰ দৰে শিল্পীয়ে এনে নাট্য বা সাংস্কৃতিক আন্দোলনৰ অগ্রণী শক্তি হোৱাৰ সামর্থ কেতিয়াবাই হেৰুৱাই পেলাইছে; তথাপিতো এই সাংস্কৃতিক আন্দোলনৰ কাৰ্যত সঠিকভাৱে তেওঁলোকৰ সহায় ল'ব পাৰিলে লাভ বিনে ক্ষতি নহয় নিশ্চয়। ভূপেনৰ পৰিবর্তন-বিমুখ ভূমিকাবোৰ আমি নিশ্চয় কঠোৰভাৱে সমালোচনা কৰা উচিত। কিন্তু লগে লগে আমি এই কথা পাহৰিলেও নচলিব যে ভূপেনৰ এই অনিষ্টকৰ ভূমিকাবোৰে নিতান্তই মধ্যশ্রেণীসুলভ দুর্বলতাজনিত আৰু এই ভূমিকাৰ লগে লগে তেওঁৰ সৃষ্টিত এটা পৰিবর্তনমুখী সুৰো আছে। অৱশ্যেই বর্তমান মুহূর্তত তেওঁৰ এই পৰিবর্তনমুখী সুৰ লাহে লাহে ক্ষীণৰপৰা ক্ষীণতৰ হৈ আহিব ধৰিছে। কিন্তু ইয়াৰ বাবে সেই সমগ্র মধ্যশ্রেণীটোকেই দায়ী কৰিব লাগিব, যি মধ্যশ্রেণীৰ প্রকৃত সমাজ ৰূপান্তৰত উল্লেখযোগ্য ভূমিকা আছে যদিও বর্তমান ৰাজহাড়-শূন্যতাত ভুগি স্থবিৰ হৈ আছে। আমি আগেয়ে উল্লেখ কৰি আহিছো যে এই মধ্যশ্ৰেণীৰ সমর্থন আৰু জংগীপনাৰ তাৰতম্যৰ ওপৰত ভূপেনৰ প্ৰতিবাদ বা প্রতিৰোধৰ মুখৰতা নিৰ্ভৰশীল।

যিদিনা সমাজ ৰূপান্তৰৰ প্ৰচেষ্টাই তীব্ৰ আকাৰ ধাৰণ কৰিব আৰু মধ্যশ্ৰেণীৰ মাজত বিভাজনৰ সৃষ্টি হৈ ইয়াৰ মাজৰ পৰিবৰ্তনকামী অংশ সক্রিয় হৈ উঠিব সেইদিনা ভূপেনৰ ভূমিকা কি হ’ব সেয়া সঁচাকৈ লক্ষণীয় বিষয় হ’ব, সন্দেহ নাই। প্ৰাবল্য-প্ৰীতি আৰু নিজৰ নিৰাপত্তাৰ খাতিৰত যি অংশ‍ই প্ৰাধান্য লাভ কৰিব সেইপিনেই তেওঁ ঢলি পৰিব। ভূপেনৰ যুক্তিসত্তা জগাই তুলিবলৈ ’বুঢ়া লুইত’ৰ ওচৰত দাবী-পেচ কৰি বিশেষ লাভ নাই, কাৰণ অসমৰ মধ্যশ্রেণীৰ এটা বুজন অংশই সমাজ পৰিবৰ্তনৰ সংগ্ৰামত চামিল নোহোৱালৈকে ভূপেন তেনে হ’ব বুলি আশা কৰাটো বৃথা। অৱশ্যেই বৰ্তমান যি হাৰত ভূপেনৰ গণ মুক্তিকামী সত্তা স্তিমিত হ’ব ধৰিছে, সেই হাৰত ই সম্পূৰ্ণ স্তিমিত হ’বলৈ বেছি পৰ নালাগিব! আৰু হয়তো তেওঁ ’ভীষ্মৰূপী বীৰ’ৰ দৰে শৰশয্যাত শুই পৰিব আৰু কোনো উত্তৰায়নৰ মুহূৰ্তত অনন্ত ধামলৈ (এই ক্ষেত্ৰত বোম্বেৰ ফিল্মধাম) গতি কৰিব!

~ইন্দিবৰ দেউৰী

 

 

সম্পাদকৰ সংযোজন

ভূপেন হাজৰিকাৰ মৃত্যুৰ পৰৱৰ্তী কালছোৱাত তেখেতৰ বিষয়ে বস্তুনিষ্ঠ আলোচনা প্ৰায় নোহোৱা হ’ল বুলিয়েই ক’ব পাৰি। আলোচনাৰ নামত ভক্তিমিশ্ৰিত একপ্ৰকাৰ প্ৰশস্তিধৰ্মী চৰ্বিত চৰ্বণে মানুহৰ গান গোৱা এইগৰাকী গণশিল্পীক যেন সৰ্বসাধাৰণৰপৰা দূৰলৈ - হাতেৰে চুব নোৱৰা উচ্চতালৈ শিপা উভালি লৈ গুচি গৈছে। এনে প্ৰক্ৰিয়া অব্যাহত থাকিলে অদূৰ ভৱিষ্যতে ভূপেন হাজৰিকাক কেৱল এজন প্ৰতিভাৱান সংগীতশিল্পী বুলিহে মানুহে চিনি পাব; তেওঁ কঢ়িয়াই লৈ ফুৰা সাম্যবাদী আদৰ্শ আৰু সৰ্বসাধাৰণ মানুহৰ প্ৰাণৰ সুৰবোৰ সাংগীতিক ব্যাকৰণৰ যান্ত্ৰিকতাত বন্দী হ’ব।

সেইবাবেই বৰ্তমানে ভূপেন হাজৰিকা আৰু তেওঁৰ আদৰ্শগত স্থিতিৰ বস্তুনিষ্ঠ মূল্যায়ন অতি প্ৰয়োজনীয় হৈ পৰিছে। চাকি-ধূপেৰে বছৰৰ কোনো বিশেষ দিনত মনত পেলাবলগীয়া দেৱতাৰ উচ্চ আসনৰপৰা আমি তেওঁক সৰ্বসাধাৰণৰ এজন হিচাপে ঘাঁহনিলৈ নমাই আনিব লাগিব। ইয়াৰ বাবে তেখেতৰ আদৰ্শগত ত্ৰুটি-বিচ্যুতিসমূহো নিৰ্মোহভাৱে ফঁহিয়াই চাব লাগিব।

এই উদ্দেশ্য আগত ৰাখিয়েই, আজিৰপৰা ৪০ বছৰ আগতেই ৰচিত বিশিষ্ট চিন্তাবিদ ইন্দিবৰ দেউৰীৰ এই প্ৰবন্ধটি আমি পুনৰ প্ৰকাশ কৰিছোঁ।

.......

 

অৱশ্যে প্ৰবন্ধটিৰ সমসাময়িক প্ৰাসংগিকতাক লৈ কিছু প্ৰশ্নৰ উদ্ভৱ হ’ব পাৰে।

মন কৰিব লগীয়া কথাটো হ’ল, যি সময়ত প্ৰবন্ধটি লিখা হৈছিল - তেতিয়া ভূপেন হাজৰিকাৰ শ্ৰেণীসচেতন চৰিত্ৰত কিছু শিথিলতাই প্ৰগতিশীল শিবিৰত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল, যি আছিল অতি স্বাভাৱিক। খেয়ালী মনৰ এই শিল্পীজনক পুনৰ প্ৰগতিশীল সাংস্কৃতিক সেনানীৰূপে ঘূৰাই পাবৰ বাবেই এনে কঠোৰ সমালোচনা সেই সময়ত অতি জৰুৰী আছিল। হয়তো এনে সমালোচনাৰ ফলশ্ৰুতিতেই অসম আন্দোলনৰ বিভীষিকাৰ সময়ত ভূপেন হাজৰিকা পুনৰ আগৰ ৰূপলৈ ঘূৰি আহিছিল আৰু জনসাংস্কৃতিক পৰিষদৰ নেতৃত্ব লৈ গাঁৱে-ভূঞে ঘূৰি অশান্তি প্ৰশমনৰ যৎপৰোনাস্তি চেষ্টা কৰিছিল।

এই প্ৰবন্ধৰ আন এটা দিশ, সমালোচনাৰ গভীৰতালৈ মন কৰিলে সাম্প্ৰতিক সাংস্কৃতিক ক্ষেত্ৰৰ এক নিৰাশাজনক ছবি প্ৰতিফলিত হয়। ভূপেন হাজৰিকাৰ সৃষ্টিৰ মাজৰপৰা যিবোৰ উপাদান ক্ৰমে নাইকিয়া হৈ যোৱাক লৈ লেখকে অসন্তুষ্টি ব্যক্ত কৰিছে, সেই উপাদানসমূহৰ কিঞ্চিতমানো ছিটিকনি আজিৰ গীত-মাতত আশা কৰিব পৰা যায় নে?

বা, আজিৰ পৰিস্থিতিত কোনো সাংস্কৃতিক কৰ্মীৰ সৃষ্টিক লৈ এই পৰ্যায়ৰ বৌদ্ধিক সমালোচনা আগ বঢ়োৱাটো সম্ভৱ নে?

উত্তৰ বিচৰাৰ দায়িত্ব পাঠকৰ…

 

 

 

 

 

 

 

 

Share Button
Print Friendly, PDF & Email

No Comments : "ভূপেন হাজৰিকা"

Leave a Comment

Your email address will not be published. Required fields are marked *