ড০ ভূপেন হাজৰিকাৰ গীতৰ বিন্দুত সিন্ধু বিচাৰি : এক চমু আলোকপাত

ড০ ভূপেন হাজৰিকাৰ গীতৰ বিষয়ে কিবা এষাৰ লিখিবলৈ লওঁতেই এটা পুৰণি ক্ষোভ পুনৰ উজাই আহিছে। এই ক্ষোভটো হ’ল - অসমত আধুনিক অসমীয়া গীতি-সাহিত্যৰ যি বিস্তৃত আলোচনা অথবা চৰ্চা হ’ব লাগিছিল সেয়া আজিলৈকে হৈ উঠা নাই। অৱশ্যে ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত তেওঁৰ সৃষ্টিৰাজি সন্দৰ্ভত পৰিকল্পিত তথা শৃংখলাবদ্ধভাৱে নহ’লেও বিভিন্ন কাকত-আলোচনীত যথেষ্টসংখ্যক আলোচনা প্ৰকাশ পাইছিল বা আজিও ছেগাচোৰোকাকৈ দুই-এটা লেখা প্ৰকাশ হৈ আছে। কিন্তু এইবোৰ বহু সময়ত আংশিক, অসম্পূৰ্ণ তথা বিক্ষিপ্ত ধৰণৰ। অথচ এই আলোচনাসমূহক পৰিকল্পিতভাৱে আগুৱাই লৈ যোৱাৰ যথেষ্ট স্থল আছে।

ড০ ভূপেন হাজৰিকাৰ গীতি-সাহিত্যৰ যি ধাৰা তাৰ প্ৰণালীবদ্ধ অধ্যয়নৰ বাবে আমি কিন্তু তেওঁৰ সমসাময়িক বিশেষকৈ তেওঁৰ আগৰচাম গীতিকাৰ বা সংগীতসাধকৰ সৃষ্টিৰাজিক এৰাই চলিলে নহ’ব। অসমীয়া গীতি-সাহিত্যৰ ধাৰাটো তাহানিৰ মৌখিক সাহিত্যৰ দিনৰেপৰাই প্ৰৱাহিত হৈ আহিছে। আইনাম, বিয়ানাম, বনগীত, বিহুগীত, বৰগীত আদিৰে সমৃদ্ধিশালী অসমীয়া সংগীতৰ ভঁৰাল। গতিকে ভূপেন হাজৰিকাৰ সংগীতৰ যথোচিত চৰ্চা বা আলোচনা কৰিবলৈ যাওঁতে এই প্ৰাচীন গীত-মাতসমূহৰ প্ৰভাৱ আৰু গুৰুত্ব কোনো কাৰণতে অগ্ৰাহ্য কৰিব নোৱাৰি। সম্ভৱতঃ সেইবাবেই অসমীয়া আধুনিক গীতৰ ধাৰাটোক আগুৱাই লৈ যোৱাৰ সমান্তৰালভাৱে ভূপেন হাজৰিকাই স্ববৈশিষ্ট্যৰে উদ্ভাসিত অসমৰ এই থলুৱা গীত-মাতবোৰক অত্যন্ত বিনম্ৰতাৰে গ্ৰহণ কৰি তাক বিকশিত কৰি তোলাতো সমানেই গুৰুত্ব দিছিল। ভূপেন হাজৰিকা সংগীতৰ সৈতে জড়িত হৈ পৰাৰ সময়ত তেওঁৰ অগ্ৰজ শিল্পীসকলে সংগীতৰ যি এক বাতাৱৰণ থৈ গৈছিল, পৰৱৰ্তী সময়ত সিয়ে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক আৰু অধিক গভীৰতা প্ৰদান কৰিলে। ভূপেন হাজৰিকাৰ সমসাময়িক কিম্বা পূৰ্বৰ কেইবাজনো শিল্পী, বিশেষকৈ কীৰ্তিনাথ বৰদলৈ, আনন্দিৰাম দাস, লক্ষ্মীৰাম বৰুৱা, কমলানন্দ ভট্টাচাৰ্য আদিৰ দৰে কেইবাজনো দূৰদৃষ্টিসম্পন্ন অসমীয়াই অসমৰ যাউতিযুগীয়া গীত-মাতবোৰৰ প্ৰচাৰ আৰু শ্ৰীবৃদ্ধিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। এইসকলৰ ওপৰিও জ্যোতিপ্ৰসাদ আগৰৱালাই থলুৱা আৰু পাশ্চাত্য সংগীতৰ অপূৰ্ব সংমিশ্ৰণেৰে সৃষ্টি কৰা গীতবোৰে আধুনিক অসমীয়া গীতি-সাহিত্যৰ ধাৰাটোকে অনন্য মাত্ৰা প্ৰদান কৰিলে। গতিকে গীতি-সাহিত্যৰ ক্ষেত্ৰত ড০ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ চৰ্চা কৰিবলৈ যাওঁতে তেওঁৰ পূৰ্বৰ কিম্বা সমসাময়িক কালৰ সংগীতৰ ধাৰাটোকো সংযোজন কৰি প্ৰণালীবদ্ধভাৱে আগুৱাই নিব পাৰিলেহে তেওঁৰ গীতৰ উচিত মূল্যায়ন সম্ভৱ হৈ উঠিব।

ড০ ভূপেন হাজৰিকাই এষাৰ কথা অকপটে মানি লৈছে যে জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ সান্নিধ্যলৈ নহা হ’লে তেওঁ নিশ্চয় শিল্পী ভূপেন হাজৰিকা হ’ব নোৱাৰিলেহেঁতেন। সংগীতক এনেভাৱে আঁকোৱালি নলৈ কেৱল ’বাথৰুম ছং’হিচাপেই ব্যৱহাৰ কৰিলেহেঁতেন। ভূপেন হাজৰিকাৰ এই কথাৰপৰা এটা কথা নিশ্চিতভাৱে অনুমান কৰিব পাৰি যে জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ দৰে ব্যক্তিয়ে অসমত সংগীতৰ কেনে এক পৰিৱেশ সৃষ্টি কৰি ৰাখিব পাৰিছিল য’ৰপৰা বিশ্বই ভূপেন হাজৰিকাৰ দৰে এটি শিল্পীসত্তা লাভ কৰাৰ সুযোগ পাইছিল। কিন্তু ভূপেন হাজৰিকাই সংগীতৰ যি পৰিৱেশ অসমত পাইছিল, একালত কিন্তু সংগীতসাধনাৰ সেই পৰিৱেশ অসমত নাছিল। সংগীতহে নালাগে, কলা-সাহিত্য-সংস্কৃতি ক্ষেত্ৰখনেই সম্পূৰ্ণ উকা হৈ আছিল। সেয়া আছিল ঊনবিংশ শতিকা। প্ৰায় এটা শতিকা ধৰি অসমত কোনো বিশেষ সাহিত্য-সংস্কৃতি, গীত-মাতৰ উল্লেখযোগ্য সৃষ্টি পোৱা নাযায়। অসমৰ সংস্কৃতিৰ এই পয়ালগা অৱস্থাটোৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ঊনবিংশ শতিকাৰ শেষৰ ফালে সংগীতৰ এক আবতৰীয়া বতাহ বলিবলৈ আৰম্ভ কৰিলে। উকা সংগীত ক্ষেত্ৰখনত অতি লক্ষণীয়ভাৱে বাংলা গীতৰ অনুকৰণত কিছুমান অসমীয়া গীত সৃষ্টি হ’বলৈ ধৰিলে। আনকি অতি আশ্চৰ্যজনকভাৱে আসমীয়া মানুহেও বাঙালী গীত-মাতৰ প্ৰতিহে অধিক আকৃষ্ট হৈছিল। বাঙালী গীতৰ ৰামপ্ৰসাদী বৈঠকী, খেমতাই আদিয়ে চহা অসমীয়া সমাজৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। ইয়াৰ সমান্তৰালভাৱে অসমীয় ভাষাৰে গীত-মাত সৃষ্টি কৰিবলৈও আগ্ৰহৰ অভাৱে দেখা দিছিল। তেনে এটি সময়তে (ঊনবিংশ শতিকাৰ অষ্টম দশকত) সত্যনাথ বৰাদেৱে ‘গীতাৱলী’ পুথিৰ মাজেৰে মূমুৰ্ষুপ্ৰায় হ’বলৈ ধৰা অসমীয় সংগীতক পুনৰুজ্জীৱিত কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল। সত্যনাথ বৰাদেৱৰ উপৰিও পূৰ্বতে উল্লেখ কৰা লক্ষ্মীৰাম বৰুৱা, আনন্দিৰাম দাস, কীৰ্তিনাথ বৰদলৈ, কমলানন্দ ভট্টাচাৰ্য, উমেশ চৌধুৰী, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, লক্ষ্মীনাথ বেজবৰুৱা আদিৰ দৰে ব্যক্তিয়ে যি একাণপতীয়া প্ৰচেষ্টা হাতত লৈছিল তাৰেই ফলশ্ৰুতিত অসমীয়া সংগীতে বাঙালী বৈঠকীৰ মেৰপাকৰপৰা মুক্ত হৈ পুনৰ ঠন ধৰি উঠিছিল।

 ওপৰত বাঙালী গীতৰ আগ্ৰাসনৰ বিষয়টো এইবাবেই অৱতাৰণা কৰা হ’ল যে ভূপেন হাজৰিকাইও নিজৰ জীৱনকালত কেতবোৰ বীজতৰীয়া বঙালী সংগীতৰদ্বাৰা প্ৰভাৱান্বিত হৈছিল। ঊনবিংশ শতিকাৰ সেই বাঙালী সংগীতৰ অনুকৰণত যেনেদৰে অসমীয়া সমাজজীৱন সাঙোৰ খাই পৰিছিল ঠিক একেদৰে ১৯৪০ চনমানৰ আগে-পিছে পুনৰ সেই পৰিৱেশে অসমত গা-কৰি উঠিছিল। সেই সময়ত কিন্তু জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ লগতে পাৰ্বতিপ্ৰসাদ বৰুৱা, পদ্মধৰ চলিহা আদিয়েও অসমীয়া সংগীতৰ প্ৰসাৰৰ বাবে নিয়মিত চৰ্চা চলাই আছিল। সমান্তৰালভাৱে আকৌ দৰ্প শৰ্মা, সুশীল বেনাৰ্জী আদিৰ দৰে দুজনমান ব্যক্তিয়ে শাস্ত্ৰীয় সংগীতৰ ধাৰাটোকো আগুৱাই লৈ গৈছিল। ইমানৰ পিছতো কিন্তু অতি সংগোপনে বিজতৰীয়া গীতৰ ধাৰা এটি সমগ্ৰ অসমতে জনপ্ৰিয় হৈ উঠিছিল। ‘তুমি মোৰ পিতলৰ চুড়ি, মই তোমাৰ হাতঘড়ী’ অথবা ‘মই তোমাৰ চুটিজোতা, তুমি মোৰ গলপতা’– এইধৰণৰ বাঙালী গীতৰ বেয়াখিনিৰদ্বাৰা প্ৰভাৱিত বহুতো সস্তীয়া কথাৰে সৃষ্টি হোৱা গীত-মাত অসমৰ ইমূৰৰপৰা সিমূৰলৈ বিয়পি পৰিছিল। এইবোৰে সেই সময়ত ভূপেন হাজৰিকাৰ দৰে সংগীতৰ জগতত নতুনকৈ খোজ পেলোৱা ব্যক্তিসকলকো বাৰুকৈয়ে ভবাই তুলিছিল। সেয়ে হয়তো ভূপেন হাজৰিকাৰ সৃষ্টিয়ে অংকুৰিত হোৱাৰ আগতেই নিজৰ স্থিতি স্পষ্ট ৰূপত প্ৰতিফলিত কৰিব পৰাকৈ সাজু হৈ উঠিছিল।

 ভূপেন হাজৰিকাৰ গীতত কেৱল যে মানৱপ্ৰেম বা জাতীয়তাবোধ প্ৰতিফলিত হৈছিল তেনে নহয়। অসমৰ মাটি,পানী,বায়ু, আকাশ সকলোকে একাকাৰ কৰি তেওঁ সংগীতক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ চেষ্টা কৰিছিল আৰু কাৰ্যতঃ সফলো হৈছিল। অলপ বহলকৈ হয়তো এইবুলিও ক’ব পাৰি যে তেওঁৰ গীতে অসমীয়া জাতি আৰু সমাজজীৱনক বিশ্বৰ আগত পৰিচ্ছন্ন ৰূপত দঙি ধৰিছিল। যি সময়ত অসমীয়া গীতি-সাহিত্যৰ জগতলৈ আধুনিকতাৰ বতাহজাক বলিবলৈ ধৰিছিল সেই সময়তে অসমৰ লোকগীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত আদিৰ সৈতে কিছু পৰিমাণে পশ্চিমীয়া সুৰৰ সমন্বয় ঘটাই ভূপেন হাজৰিকাই মানৱতাৰ জয়গান গোৱাৰ ধাৰা এটা সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। চহা অসমীয়া সমাজখনৰপৰা আৰম্ভ কৰি বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা, পুৰুষ, নাৰী নিৰ্বিশেষে আধ্যাত্মিকতাৰ ৰুচিবোধতকৈ স্বজাতিৰ প্ৰতি, স্বঅধিকাৰৰ প্ৰতি অথবা মানৱতাৰ মুক্তিৰ প্ৰতি নিজৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰিবলৈ আৰম্ভ কৰিছিল। মানুহক ন-উদ্যমৰে, নৱ চিন্তাৰ উন্মেষেৰে সস্তীয়া ৰুচিবোধৰপৰা লাহে লাহে আঁতৰাই আনিবলৈ ভূপেন হাজৰিকাই যত্পৰোনাস্তি চেষ্টা কৰিছিল। যি সময়ত ‘তুমি মোৰ পিতলৰ চুড়ি, মই তোমাৰ হাতঘড়ী’ৰ দৰে গান লিখি সহজতে জনপ্ৰিয় হোৱাৰ পথ খোলা আছিল, সেই সময়ত ভূপেন হাজৰিকাই ‘অগ্নিযুগৰ ফিৰিঙতি মই’ৰ দৰে গীত লিখি মানুহক স্তম্ভিত কৰাই নহয়, অতি সতৰ্কতাৰে আৰু শুদ্ধভাৱে নিজৰ সৃষ্টিশীল পৃথিৱীখনত এটা এটাকৈ খোজবোৰ আগুৱাই নিছিল। এই এটিমাত্ৰ গীতেৰে তেওঁ সৰ্বহাৰাৰ প্ৰতি দায়বদ্ধতা প্ৰকাশৰ লগাতে অস্পৃশ্যতা আৰু শোষক শ্ৰেণীক উত্খাত কৰি মানৱতাৰ প্ৰতিষ্ঠাৰ প্ৰতিও নিজৰ স্থিতি স্পষ্ট ৰূপত দাঙি ধৰিছিল। তদুপৰি ইয়াৰ সমান্তৰালকৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতি একাত্মবোধৰ ছবি এখন আঁকি তেওঁ একে সময়তে জাতীয়তাবোধ, মানৱতা আৰু বঞ্চনাৰ বিৰুদ্ধে উদাত্ত প্ৰতিবাদী কণ্ঠৰূপে নিজকে প্ৰতিফলিত কৰিব পাৰিছিল।

জাতীয়তাবোধৰ প্ৰসংগ উত্থাপন হওঁতে এটা কথা স্পষ্ট ৰূপত ক’ব পৰা যায় যে সাম্প্ৰতিক কালৰ এচাম তথাকথিত জাতীয়তাবাদীৰ দৰে উগ্ৰ চিন্তাধাৰা এটা ভূপেন হাজৰিকাই কিন্তু কেতিয়াও নিজৰ মাজত শিপাবলৈ সুযোগ দিয়া নাছিল। বৰং ইয়াৰ বিপৰীতে দেহে-প্ৰাণে তেওঁ আছিল এজন প্ৰকৃত জাতিচিন্তক। স্বাধীনতাৰ এটা বছৰৰ পাছত অৰ্থাৎ ১৯৪৮ চনৰ ১৫ আগষ্ট দিনটো যদিও সমগ্ৰ ভাৰতৰ বাবে আনন্দ উল্লাসৰ দিন আছিল, অসমৰ বাবে কিন্তু ই মুঠেই সুখকৰ নাছিল। স্বাধীনতাৰ মাত্ৰ এটা বছৰৰ পিছতে অসমত স্বাধীনতা দিৱস বৰ্জনৰ কুচকাৱাজ আৰম্ভ হৈছিল। একাংশ জাতীয়তাবাদীয়ে সেই স্বাধীনতা দিৱসটো বৰ্জনৰ আহ্বান কৰিছিল আৰু ইয়াৰ কাৰণ আছিল – ৰবীন্দ্ৰনাথৰ ‘জন-গণ-মন অধিনায়ক’ গীতটোত অসমৰ নাম উল্লেখ নাই। যিটো সময়ত এই কথাটোক লৈ অসমত তীব্ৰ প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হৈছিল, সেই সময়ত আৱেগসৰ্বস্ব জাতীয়তাবাদী চিন্তাৰপৰা মুক্ত হৈ ভূপেন হাজৰিকাই অতি বিনম্ৰতাৰে কৈছিল “ৰবীন্দ্ৰনাথে গীতটোত অসমৰ বাহিৰেও আন বহুতো ৰাজ্যৰেই নাম দিয়া নাছিল। গীত এটাত সেইটো সম্ভৱ নহ’বও পাৰে। সমগ্ৰ ভাৰতবৰ্ষখন বুজাবলৈ ৰবীন্দ্ৰনাথে মাত্ৰ এই গীতটোৰে এটা আভাস দিয়াৰহে চেষ্টা কৰিছিল।”

(ভাৰতৰ স্বাধীনতাক লৈ প্ৰগতিশীল চামৰো বিৰোধ আছিল। অৱশ্যে সেয়া এনেধৰণৰ আৱেগিক কাৰণত নাছিল। ভাৰতৰ স্বাধীনতা যি পথেৰে আহিছিল তাৰপৰা এয়া স্পষ্ট হৈছিল যে এই স্বাধীনতা ব্যৱস্থাগত পৰিৱৰ্তন নহ্য়, বৰং শাসকৰহে পৰিবৰ্তন। শোষিত-পিছপৰাচামৰ অৰ্থনৈতিক মুক্তি এই স্বাধীনতাই আনিব নোৱাৰে। শ্ৰেণী সংঘাতৰ সমাপ্তিও এই স্বাধীনতাই কৰিব নোৱাৰে। তেন্তে ইয়াৰ অৰ্থই বা কি? সাম্যবাদী স্বাধীন ভাৰতৰ সপোন দেখা বিষ্ণু ৰাভাৰ দৰে বহুতো লোক আশাহত হৈ সেয়ে কৈছিল, এই স্বাধীনতা মিছা। স্বাধীন ভাৰতৰ অৰ্থনৈতিক গাঁথনিক লৈ সৃষ্টি হোৱা এইধৰণৰ যথাৰ্থ অসন্তুষ্টি আৰু ৰাষ্ট্ৰীয় সংগীতত অসমৰ নাম নথকাৰ বাবেই স্বাধীনতাক বিৰোধ কৰা আৱেগিক কাৰ্যক নিশ্চয় সনা-পোটোকা কৰিব পৰা নাযাব।)

ভূপেন হাজৰিকাৰ এনে চিন্তা আৰু যুক্তিবাদী মানসিকতাই তেওঁক আজিৰ ভূপেন হাজৰিকাজন কৰি তোলাত যথেষ্ট সহায় কৰিলে বুলি ক’লেও হয়তো অত্যুক্তি কৰা নহ’ব। সংকীৰ্ণ জাতীয়তাবাদৰ পৰিৱৰ্তে উদাৰ কল্যাণকামী অথচ বিপ্লৱী দৃষ্টিভংগীৰে সমাজ-সংস্কৃতিৰ প্ৰগতি আৰু সমৃদ্ধিয়ে আছিল তেওঁৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য। এই কথা তেওঁৰ গীতবোৰতো বিদ্যমান। যিদৰে মাত্ৰ তেৰ বছৰ বয়সতে তেওঁ ‘অগ্নিযুগৰ ফিৰিঙতি’ লিখিছিল, একেদৰে ‘আমি অসমীয়া নহওঁ দুখীয়া’ বুলি হাত সাবটি বহি থকা অসমীয়াৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি সকীয়াই দিছিল যে তেনে মানসিকতাই কিদৰে জাতিটোৰ এক বিস্তৰ ক্ষতি কৰিব পাৰে। আকৌ ‘বুকু হম হম কৰে’ গীতৰ মাজেৰে যেনেদৰে দেশমাতৃৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু স্নেহ প্ৰকাশ কৰিছে, তেনেদৰে ‘দোলা হে দোলা’ গীতটোত দোলাভাৰীৰ দুৰ্বিষহ জীৱনৰ ছবি এখন দেখুৱাই শোষক শ্ৰেণীৰ বিৰুদ্ধে নিপীড়িতসকলক প্ৰতিবাদ কৰিবলৈ উত্সাহ যোগাইছে। অকল ইমানেই নে? বৰ অসমৰ জাতি-জনগোষ্ঠীসকলৰ ঐক্য-সম্প্ৰীতিৰ সিৰাই সিৰাই সোমাই গৈ তেওঁ গীত লিখিছিল আৰু সেই গীতসমূহে জাতি-জনগোষ্ঠীৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। ‘ডিফু হ’ল তোমাৰ নাম’, ‘অ’ মিচিং ডেকাটি’, ‘শ্বিলঙৰে মনালিছা লিংডো’, ‘মই কহিমাৰে আধুনিকা ডালিমী’, ‘পুৱাৰ সূৰুযে চুমা খোৱা দেশ আমাৰ অৰুণাচল’... আৰু যে কত কি! মুঠতে সকলোতে ঐক্য-সম্প্ৰীতি-একতাৰ ডোল। গভীৰ জাতীয় চেতনাৰে স্বজাতিৰ শান্তি, সম্প্ৰীতি আৰু একতা ৰক্ষা কৰি বৃহত্তৰ অসমীয়া জাতিক বিশ্ব দৰবাৰত স্বগৰিমাৰে উদ্ভাসিত কৰি ৰাখিবলৈ অহৰহ চেষ্টা কৰিছিল। স্বজাতিৰ প্ৰতি থকা স্নেহ আৰু জাতীয় সংস্কৃতিৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱাই তেওঁক আৰু অধিক কলাত্মক হোৱাৰহে বাট মুকলি কৰি দিছিল। প্ৰগতিশীল সংস্কৃতিৰপৰা মানৱতাৰ মুক্তিলৈকে সকলোতে ভূপেন হাজৰিকাই জনদৰদী চিন্তাধাৰা এটা দাঙি ধৰিব পাৰিছিল। অতি কম বয়সতে তেওঁ কেইবাজনো গীতিকাৰ-সুৰকাৰৰ সান্নিধ্য লাভৰ সুযোগ পোৱা বাবেই কিজানি শোষিত-নিষ্পেষিতসকলৰ প্ৰতিয়ে হওক বা হত্যা-হিংসাৰ মাজত মানৱতা প্ৰতিষ্ঠাই হওক অতি সাহসিক আৰু সাৱলীল ৰূপত দাঙি ধৰিবলৈ সক্ষম হৈছিল।

কলা সাধনাক কেৱল মনোৰঞ্জনৰ আহিলা বুলি নলৈ সমাজ গঢ়াৰ হাতিয়াৰ হিচাপে গ্ৰহণ কৰিবলৈ ভূপেন হাজৰিকাই ক’ৰপৰা প্ৰেৰণা পালে? এইখিনিতে ভূপেন হাজৰিকাই নিজ মুখেৰে কোৱা কথা এষাৰ উনুকিওৱাৰ লোভকণ সামৰিব নোৱাৰিলোঁ । তেওঁ নিজেই উপলব্ধি কৰিছিল -

“জ্যোতিপ্ৰসাদৰপৰা Total Personalityৰ Concept, অতি মাৰ্জিত সৌন্দৰ্যবোধ, বিষ্ণু ৰাভাৰপৰা লোককৃষ্টিৰ মাধ্যমেৰে শিকাৰ সাহসী Concept, ফণী শৰ্মাৰপৰা formal education নোহোৱাকৈ জনতা নামৰ বিশ্ববিদ্যালয়ৰপৰা নাটকীয় মুহূৰ্তক বিন্দু বিন্দুকৈ গ্ৰহণ কৰি শিক্ষিত হৈ ৰাইজৰ মাজত তাকেই প্ৰকাশ কৰিব পৰা Concept আৰু পল ৰবছনৰপৰা পৃথিৱীৰ বুকুৰ জাতৰ বা বৰ্ণৰ মূৰ্খ-অহংকাৰ ক’ৰবাত দেখিলে তাক উদাত্ত কণ্ঠৰে ধমকি দি উপলুঙা কৰাৰ Concept মোৰ জীৱনৰ বোধহয় পাথেয় কৰি লৈছোঁ। চাৰিওজনৰে Positive Humanism বোধহয় মই আপোন কৰি লৈছোঁ। শেষত শংকৰদেৱৰ সমাজ সচেতনতাই আমাৰ চিন্তাৰ সৌধ গঢ়িছিল।”

সুদীৰ্ঘ চাৰি বছৰ নিউয়ৰ্কবাসৰ সময়ত ভূপেন হাজৰিকাই পল ৰবছনক লগ পাবলৈ লুকাই লুকাই যোৱাৰ বাবেই পুলিচ ৰিপ’ৰ্টেৰে ফাইল ভৰাই পেলাইছিল। অথচ সেইজন পল ৰবছনৰ লগত জৱাহৰলাল নেহৰুৰ আছিল ঘনিষ্ঠ বন্ধুত্ব। অফিচিয়েলি পল ৰবছনক লগ পাব নোৱাৰে বাবেই ৰাতি ৰাতি মনে মনে নেহৰুৱে ৰবছনৰ লগ হৈ কথা পাতিছিল। কিন্তু ভূপেন হাজৰিকাৰ লক্ষ্য আছিল ভিন্ন। পল ৰবছনৰ সান্নিধ্যত তেওঁ উগ্ৰ ৰক্ষণশীলতা, শ্বেতকায়সকলে কৃষ্ণাংগসকলক পদে পদে কৰা অপমান আদি মানুহৰ মৰ্যাদাক পদাঘাত কৰিব পৰা কৰ্ম-কাণ্ডবোৰ নিচেই ওচৰৰপৰা উপলব্ধি কৰি তাৰ প্ৰতিবাদ কৰিব খুজিছিল আৰু সেই সুযোগ গ্ৰহণ কৰি তেওঁ প্ৰতিবাদী, সংগ্ৰামী আৰু সমাজৰ মুক্তিকামী মতাদৰ্শৰ চিন্তাধাৰা এটা বুকুত বান্ধি অসমলৈ উভতি আহিছিল। কিন্তু ইমানতে ভূপেন হাজৰিকাৰ বিদেশ ভ্ৰমণৰ ইতিবৃত্ত শেষ বুলি ধৰি ল’লে হয়তো বহু কথাই আধৰুৱা হৈ ৰৈ যাব। ইয়াৰ বাবে আমি প্ৰধানতঃ দুটা কথাৰ ওপৰত আলোকপাত কৰিবই লাগিব। ক’ব খুজিছো পল ৰবছনৰ সময়ৰ আমেৰিকাৰ কথা। যিখিনি সময়ত আমেৰিকাত সাহিত্যিক, শিল্পী, চৰকাৰী চাকৰিয়াল আদিক কমিউনিষ্ট বুলি নিৰ্বিচাৰভাৱে মানসিক অতিশয্যৰে থকা-সৰকা কৰিছিল, আনকি মানৱতাবাদী চাৰ্লি চেপলিনকো আমেৰিকাৰপৰা বহিষ্কাৰ কৰিছিল, সেই সময়ত পল ৰবছনৰ Sometime I feel like a motherless child, a long way from home আদিৰ দৰে গীতে ভূপেন হাজৰিকাক বৰ্ণ-বৈষম্যৰপৰা মুক্ত এখন পৃথিৱীৰ হকে মানৱীয় মৰ্যাদাৰে যুঁজিবলৈ উদ্বুদ্ধ কৰিছিল। অৱশ্যে একে সময়তে আমি এই কথাও মানি ল’ব লাগিব যে বৰ্ণ-বৈষম্যৰ বিৰুদ্ধে পল ৰবছনৰদ্বাৰা অনুপ্ৰাণিত হোৱাৰ বহু আগেয়েই ভূপেন হাজৰিকাই -

হৰিজন পাহাৰী, হিন্দু মুছলিমৰ

বড়ো কোচ চুতীয়া কছাৰী আহোমৰ

অন্তৰ ভেদি মৌ বোৱাম

ভেদাভেদৰ প্ৰচীৰ ভাঙি

সাম্যৰ সৰগ ৰচিম ...

বুলি গীত লিখি কেতিয়াবাই লক্ষ লক্ষ নিষ্পেষিত মানুহৰ প্ৰতিবাদী কণ্ঠস্বৰ হিচাপে নিজকে প্ৰক্ষেপিত কৰি থৈছিল। ভূপেন হাজৰিকাই এনে প্ৰতিবাদী সত্তা এটা নিজৰ মাজত লালন-পালন কৰিব পৰা মূলতে আছিল বিষ্ণু ৰাভাৰ দৰে এটি বিদ্ৰোহী সত্তাৰ সান্নিধ্য লাভ। সেয়ে হয়তো আমেৰিকাৰপৰা ঘূৰি অহাৰ পিছত জ্যোতিপ্ৰসাদে যেতিয়া ভূপেন হাজৰিকাক পল ৰবছন মানুহজনৰ বিষয়ে সুধিছিল তেতিয়া তেওঁ এষাৰ তাত্পৰ্যপূৰ্ণ মন্তব্য কৰিছিল। তেওঁ কৈছিল - “মই আমেৰিকাৰ বিষ্ণু ৰাভাক লগ পাই আহিলোঁ”।

     ইয়াৰ পিছতে আৰম্ভ হৈছিল গণনাট্য আন্দোলনৰ যুগ। উচ্চশিক্ষা, ডক্টৰেট আৰু এবুকু সংগ্ৰামী অগনি বুকুত বান্ধি লৈ আমেৰিকাৰপৰা অসমলৈ ঘূৰি অহাৰ পিছত তেওঁ যেন পুনৰ এখন মঞ্চ বিচাৰি পালে। গীতেৰে আৰম্ভ কৰিলে শোষকৰ বিৰুদ্ধে হুংকাৰ। স্থান পালে গণনাট্য আন্দোলনৰ প্ৰথম শাৰীত। সাধাৰণ জনতাই ভূপেন হাজৰিকাক অতি কম সময়তে আদৰি ল’লে। কিন্তু তেওঁৰ অভ্যুদয়ে কেৱল যে ৰজাঘৰীয়াকে শংকিত কৰিছিল তেনে নহয়, এচাম উচ্চবৰ্ণ মানুহকো ভিতৰি জ্বলাবলৈ ধৰিলে। যাৰ বাবে হয়তো লতাশিলত গীত গোৱাত বাধা আৰোপ কৰাৰ দৰে ঘটনাও ঘটি গ’ল। তদুপৰি বিশ্ব শান্তি সন্মিলনত যোগদান কৰি ফিনলেণ্ডৰপৰা পৰা উভতি আহোঁতে তিনি দিন পলম হোৱা বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁক তিনি দিনৰ দৰমহা কৰ্তন কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। কৰ্তৃপক্ষই ধাৰণা কৰিছিল যে কমিউনিষ্ট দেশৰপৰা আহি ভূপেন হাজৰিকাই এইখন দেশত অশান্তিৰ বীজ সিঁচিব পাৰে। কিন্তু বাৰম্বাৰ কোৱাৰ পিছত কৰ্তৃপক্ষই এবাৰলৈও উপলব্ধি কৰিব নোৱাৰিলে যে কেৱল মাত্ৰ হাতত পইচা নথকাৰ বাবেই গুৱাহাটী পাওঁতে তিনি দিন পলম হৈছিল। অথচ সেইজন ভূপেন হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে লিখিছিল -

জিলিকাব লুইতৰে পাৰ...

সাঁচিপাতে ভাষা দিব

চিফুঙে আশা দিব

ৰংঘৰে মেলিব দুৱাৰ...

পঞ্চাশ দশকৰ শেষৰ ফালৰপৰা ভূপেন হাজৰিকাৰ অসম আৰু গণনাট্য সংঘৰ ধাৰাৰ আমূল পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰিছিল। পঞ্চাশৰ দশকৰ শেষৰ ফালে যেতিয়া হেমাংগ বিশ্বাস চীনলৈ যায় তেতিয়া প্ৰায় আঢ়ৈ বছৰ কাল চীনৰ সামাজিক-সাংস্কৃতিক জীৱনধাৰাৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ় লৈ উঠে। বিপ্লৱোত্তৰ চীনৰ বহু গুৰুত্বপূৰ্ণ অঞ্চল তেওঁ দৰ্শনৰ সুযোগ পায়। কেন্টন কমিউন দখল কৰিবলৈ চিয়াং কাই চেকে মাৰ্কিন, ফৰাচী আৰু ব্ৰিটিছৰ সহযোগত সাত হেজাৰ কমিউনিষ্ট আৰু তেওঁলোকৰ সমৰ্থকক হত্যা কৰে। চীনৰ মুক্তিৰ পিছত ছহিদৰ স্মৃতিত যি ‘হোং-হুৱাকাং’ বা ‘ৰঙাফুলৰ বেদী’ প্ৰতিষ্ঠা হৈছিল তাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল হেমাংগ বিশ্বাসে। তেওঁ সেই ৰঙা ফুলৰ বেদীৰ সোঁৱৰণিৰে লিখিছিল -

এই সমাধি তলে কত প্ৰাণ প্ৰদীপ জ্বলে

এই সমাধিৰ তলে হেজাৰ মাণিক উজলে

মৃত্যু হেথায় মহান হলো জীৱন অনুৰাগে

নিগৃহীত স্বপ্ন হেথায় সত্য হয়ে জাগে...

     এইজন হেমাংগ বিশ্বাসেই ভূপেন হাজৰিকাক সেই সময়ত গণনাট্য আন্দোলনৰ ফচল বুলি অভিহিত কৰিছিল। কেৱল ইমানেই নে?  হেমাংগ বিশ্বাসৰ ‘উজান গাং বাইয়া’ নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে – “ভাৰতৰ কোনো এখন ৰাজ্যত আধুনিক গীতে ইমান জনপ্ৰিয় তথা বৈভৱপূৰ্ণ হৈ উঠা নাই, যিটো হৈ উঠিছে অসমীয়া আধুনিক গীতত, এই বৈভৱপূৰ্ণ অৱস্থালৈ আধুনিক অসমীয়া গীতক লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ অৱদান আগ বঢ়াইছে ড০ ভূপেন হাজৰিকাই।”

অসমৰ লগতে ভাৰতীয় প্ৰেক্ষাপটতো সকলোবোৰ ঠিকেই চলি আছিল, কিন্তু লাহে লাহে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ভিতৰচ’ৰা অন্তৰ্কন্দলত জৰ্জৰিত হৈ পৰিল। ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে জৰুৰী অৱস্থাৰ সময়ত নেহৰু নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ প্ৰতি চৰ্তহীন সমৰ্থন আগ বঢ়াই প্ৰথমবাৰৰ বাবে ৰাজনৈতিক, সাংস্কৃতিক সংগ্ৰামখনত চেঁচাপানী ঢালিলে। নেহৰু নেতৃত্বাধীন ভাৰত চৰকাৰৰ প্ৰতি এচামৰ আনুগত্যই পাৰ্টিৰ ভিতৰচ’ৰাত প্ৰবল মতানৈক্যৰ সৃষ্টি কৰিলে আৰু এই মতানৈক্য এনে এক পৰ্যায় পালেগৈ যে ষাঠিৰ দশকৰ মাজভাগত ভাৰতীয় কমিউনিষ্ট পাৰ্টি দুটা ভাগত বিভক্ত হৈ পৰিল। সমান্তৰালভাৱে ইয়াৰ প্ৰভাৱ পৰিল গণনাট্য সংঘৰ ওপৰতো। দুই পক্ষৰ টনা-আঁজোৰাত গণনাট্য সংঘও দুটা ভাগত ভাগ হৈ পৰিল। এই টনা-আঁজোৰা, জেদ ভাব ইমানেই তীব্ৰ হৈ উঠিল যে জ্যোতিপ্ৰসাদৰ দৰে জনতাৰ শিল্পীক ‘চাহ বাগিচাৰ মালিক’, ‘বুৰ্জোৱা’ বুলি অপদস্থ কৰি সভাপতিৰ পদৰপৰা অপসাৰণ কৰা হ’ল। এই কথাৰপৰাই আন্দোলনৰ বিশুদ্ধ ৰাজনৈতিক কমিউনিষ্ট নেতাসকলৰ সৈতে হেমাংগ বিশ্বাস আৰু ভূপেন হাজৰিকাৰ অসন্তুষ্টিয়ে ব্যাপক ৰূপ ধাৰণ কৰিলে। কমিউনিষ্ট পাৰ্টিৰ আদৰ্শই যদিও গণনাট্য সংঘৰ মূল ভেটি আছিল, তথাপি পঞ্চাশৰ দশকত গণনাট্য আন্দোলন সুতীব্ৰ কৰি তোলাৰ মূলতে আছিল দুগৰাকী ব্যক্তি – হেমাংগ বিশ্বাস আৰু ড০ ভূপেন হাজৰিকা। কিয়নো সেই সময়ত বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বত সূচনা হোৱা জংগী আন্দোলনৰ মূল সাৰপানী আছিল - গান। ‘লুইতত ভোটোঙাই ওলালে শিহু’, ‘বৰ বৰ মানুহৰ ভঁৰালৰপৰা মই কাঢ়ি আনি ফল দিম’ আদি বিপ্লৱী গীতবোৰে গোটেই আন্দোলনটোকে তীব্ৰ কৰি তুলিছিল। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰতি অহেতুক প্ৰীতি, আপোচ আৰু ভাৰতীয় গণনাট্য সংঘৰ নেতৃবৃন্দৰ নিৰ্লিপ্ত সমৰ্থন আদিয়ে পৰৱৰ্তী সময়ত কেৱল ভূপেন হাজৰিকাৰে নহয়, হেমাংগ বিশ্বাসৰ দৰে সৎ আদৰ্শৱান গণশিল্পীকো নিৰৱ, নিষ্ক্ৰিয় কৰি তুলিলে অতি দুখজনকভাৱে। ফলশ্ৰুতিত গণনাট্য অন্দোলনৰ সামূহিক মঞ্চখন এৰি ভূপেন হাজৰিকা এককমুখী শিল্পী হোৱাৰ বাবে অধিক আগ্ৰহী হৈ উঠিল। লগে লগে তেওঁৰ সৃষ্টিৰাজিও মূল লক্ষ্যৰপৰা যথেষ্ট পৰিমাণে বিচলিত হৈ পৰিল যেন বোধ হয়। ‘মিচিং ডেকাটি’ৰ সলনি তেওঁৰ গীতত নেহৰু, শাস্ত্ৰী বা ভূট্টোজানে ঠাই অধিকাৰ কৰিবলৈ ধৰিলে লাহে লাহে। অতি আপোচকামী চিন্তাৰে ৰাষ্ট্ৰনেতাৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি চলাটো যেন বুদ্ধিমানৰ কাম হ’ব, তেনে এটি ধাৰণা তেওঁ নতুনকৈ মনৰ মাজত ঠাই দিবলৈ আৰম্ভ কৰিলে। লগে লগে যেন ভূপেন হাজৰিকা মানুহজনৰপৰা ক’ৰবাত হেৰাই গ’ল সুদূৰ আমেৰিকাৰপৰা বুকু ভৰাই কঢ়িয়াই অনা পল ৰবছনৰ আদৰ্শ। ৰাজীৱ গান্ধীক নৌকাবিহাৰত কাষত বহুৱাই তেওঁ গাব পৰা হ’ল –“আমি একেখন নাৱৰে যাত্ৰী”।

এই কথাখিনি এইবাবে উনুকিয়াবলগা হ’ল যে এই এক বিস্তৃত সময়ৰ অন্তৰালত ভূপেন হাজৰিকাৰ গীতি-সাহিত্যই কিন্তু ধাৰা সলনি কৰি এক বেলেগ দিশেৰে গতি কৰিবলৈ আৰম্ভ কৰিছিল। এনেকুৱা নহয় যে তেওঁ মানৱতাৰ গীত গোৱা ধাৰাটোক সম্পূৰ্ণ ৰুদ্ধ কৰি পেলাইছিল, কিন্তু তথাপিও তেওঁৰ গীতৰ যি অধ্যয়নপুষ্ট চিন্তাধাৰা তাৰ বহু পৰিমাণে দিশ সলনি হৈছিল। শোষকৰ বিৰুদ্ধে প্ৰতিবাদী কণ্ঠ বহু পৰিমাণে এই সময়ছোৱাত শিথিল হৈ পৰা যেন ভাব হয়। সেয়া যি কি নহওক, ভূপেন হাজৰিকা ৰাইজৰ ভূপেন হাজৰিকা হৈছিলগৈ এটা প্ৰক্ৰিয়াৰ মাজেৰে। তেওঁৰ গীতি-সাহিত্যৰ কথা ক’বলৈ যাওঁতে প্ৰথমতেই কোৱাৰ দৰে তেওঁৰ পূৰ্বৰ বা সমসাময়িক সংগীতসাধক, শিল্পী যেনে বংগৰ বিদ্ৰোহী গীতিকাৰ নজৰুল ইছলাম, পল ৰবছন, হেমাংগ বিশ্বাস, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ফণী শৰ্মা, হাৱাৰ্ড ফাষ্ট, পিট ছিগাৰ আদিৰ অৱদান অপৰিসীম। এইসকলৰ সংগীতৰ অৱদানে আজিৰ ভূপেন হাজৰিকাজন কৰাত বহু পৰিমাণে সহায় কৰিলে বুলি ক’লেও বঢ়াই কোৱা নহ’ব।

অসমীয়া গীতিকবিতাক কেৱল অসমতে নহয়, সমগ্ৰ বিশ্বতে মৰ্যাদাপূৰ্ণভাৱে ড০ ভূপেন হাজৰিকাই পাহাৰ, ভৈয়াম তথা দেশ-বিদেশৰ সুৰৰ সমন্নয় ঘটাই এক বলিষ্ঠ ৰূপত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি গ’ল। সমান্তৰালভাৱে ভিন্ন সমস্যা, ভিন্ন দৃষ্টভংগীক গীতৰ ভাষাৰে জনমানসত সৰলভাৱে উন্মোচিত কৰি থৈ যোৱাৰো ধাৰা এটি দি অসমীয়া সংগীতৰ ভঁৰাল সমৃদ্ধিশালী কৰি থৈ গ’ল। কিন্তু ইমানৰ পিছতো মোৰ সেই পুৰণি ক্ষোভটো মচি পেলাব পৰা নাই। আকৌ কওঁ - অসমীয়া গীতি-সাহিত্যৰ প্ৰণালীবদ্ধ আৰু বিস্তৃত অধ্যয়ন অবিহনে কেৱল ভূপেন হাজৰিকাৰ গীতকেই নহয়, অসমীয়া সংগীতৰ ধাৰাটোকে উপযুক্ত ৰূপত মূল্যায়ন কৰিব পৰা নাযাব। লগতে এই কথাও স্পষ্ট ৰূপত মানি ল’ব লাগিব যে জ্যোতি-বিষ্ণুৰ উত্তৰাধিকাৰী ড০ ভূপেন হাজৰিকাৰ গীতবোৰক নতুনচামে সততাৰে গ্ৰহণ কৰিবই লাগিব। জাতি-ধৰ্ম-বৰ্ণৰ ঊৰ্ধ্বত মানৱতাবাদী গীতৰ ধাৰা এটি পুনৰ প্ৰতিষ্ঠা কৰাত নতুন প্ৰজন্মই আগ্ৰহ দেখুৱাব পাৰিলেহে ভৱিষ্যতৰ গীতবোৰে স্থায়িত্ব পাব, জনমানসত আপোন গান বুলি প্ৰতিষ্ঠিত হ’ব। সেয়ে মই আশাবাদী, নতুন প্ৰজন্ম আগুৱাই আহিব, অসমীয়া সংগীতক যুক্তিনিষ্ঠ ৰূপত চৰ্চা কৰিব আৰু আন গীতৰ লগতে ভূপেন হাজৰিকাৰ গীতবোৰকো এই দোদুল্যমান সময়ৰ মাজত নিৰ্মোহ, নিৰপেক্ষ দৃষ্টিভংগীৰে বিশ্ব দৰবাৰত সৰ্বদা দাঙি ধৰাৰ প্ৰয়াসত ব্ৰতী হৈ ৰ’ব।

~নীলোৎপল শৰ্মা

Share Button
Print Friendly, PDF & Email

No Comments : "ড০ ভূপেন হাজৰিকাৰ গীতৰ বিন্দুত সিন্ধু বিচাৰি : এক চমু আলোকপাত"

Leave a Comment

Your email address will not be published. Required fields are marked *