বিজ্ঞান-প্ৰযুক্তি

উইলিয়াম ছকলে : ছিলিকনৰপৰা ছিলিকন ভেলিলৈ – (ভাৰ্গৱ বৰঠাকুৰ)

 

নিউক্লীয় পদাৰ্থবিজ্ঞানত গৱেষণা কৰাৰ উদ্দেশ্যে এবাৰ এজন ছাত্ৰই বিজ্ঞানী ৰাডাৰফ’ৰ্ডৰ কাষ চপাত, ৰাডাৰফ’ৰ্ডৰ নিৰাশাজনক উত্তৰটো আছিল এনেধৰণৰ – ” গৱেষণাৰ বেলেগ ক্ষেত্ৰ বিচাৰা…”। এইক্ষেত্ৰত গৱেষণা সম্পূৰ্ণ হৈছে। কিন্তু ভৱিষ্যতৰ গৱেষণাই এইটো ভুল প্ৰমাণিত কৰিলে, আৰু ন-ন অধিক তথ্যৰ আৱিষ্কাৰ হ’ল। বিজ্ঞানৰ লক্ষ্যই হ’ল অন্বেষণ। আৰু এই লক্ষ্যটো কাৰ্যত পৰিণত হয় এচাম অনুসন্ধিৎসু মানুহৰ প্ৰণালীবদ্ধ অধ্যয়ন আৰু বিভিন্ন পৰীক্ষাৰ যোগেদি। সেইকাৰণে ন’বেল বঁটা বিজয়ী ব্ৰিটিছ বিজ্ঞানী পিটাৰ মেডৱাৰে কৈ গৈছে, বিজ্ঞানৰ উদেশ্য সূচিত কৰিব পাৰি জ্যামিতিৰ অসীমস্পৰ্শী (asymptote) এডালৰ লগত, যি বক্ৰৰেখা একোডালৰ ক্ৰমে কাষ চাপি থাকে কিন্তু কেতিয়াও লগ নালাগে। অৰ্থাৎ বিজ্ঞানৰ কোনো সৰ্বশেষ সিদ্ধান্ত নাই, বিজ্ঞানৰ দৃষ্টি নিবদ্ধ থাকে সদায় সমুখত। অন্বেষণৰ পথ সদায় মুক্ত।

বৰ্তমানৰ মাইক্ৰ’ইলেক্ট্ৰনিছ জগতখনৰ হৃদপিণ্ডস্বৰূপ এক প্ৰযুক্তি হৈছে “ট্ৰেঞ্জিষ্টৰ”। ট্ৰেঞ্জিষ্টৰ হৈছে বৈদ্যুতিক বৰ্তনীত ব্যৱহৃত এবিধ ‘অৰ্ধ পৰিবাহী’, যাক বৈদ্যুতিক সংকেত পৰিবৰ্ধন, দোলন আৰু ৰিলে কৰিব ব্যৱহাৰ কৰা হয়। পি-এন-পি আৰু এন-পি-এন দুইপ্ৰকাৰৰ ট্ৰেঞ্জিষ্টৰ আছে। প্ৰথমবিধত বিদ্যুত প্ৰবাহ হোলৰদ্বাৰা আৰু দ্বিতীয়বিধত ইলেক্ট্ৰনৰদ্বাৰা বিদ্যুত প্ৰবাহ হয়। ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰ হোৱাৰ আগতে টিভি, ৰেডিঅ’ আদি ইলেক্ট্ৰনিকছৰ সামগ্ৰীসমূহত ‘ভেকুৱাম টিউব’ নামৰ যি প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিল, তাতকৈ নৱ আৱিষ্কৃত ট্ৰেঞ্জিষ্টৰ প্ৰযুক্তি আছিল অধিক উন্নত আৰু উচ্চমানৰ। ট্ৰেঞ্জিষ্টৰৰ প্ৰযুক্তিৰ সহায়ত অতি নিম্নমানৰ বৈদ্যুতিক শক্তিৰে অতি জটিল গাণিতিক সমাধান কৰিব পৰা হৈছিল। বিশেষকৈ জনপ্ৰিয়তাৰ মূলতে আছিল গঠনত ‘ভেকুৱাম টিউব’তকৈ ই বহুগুণে সৰু আছিল। ট্ৰেঞ্জিষ্টৰ এটাই বৈদ্যুতিক বৰ্তনী এটাত বিদ্যুৎ প্ৰবাহৰ বাবে সৰু অফ-অন ছুইটচ এটাৰ দৰে কাম কৰিব পাৰে। আধুনিক ট্ৰেঞ্জিষ্টৰ এটাই প্ৰতি ছেকেণ্ডত অনায়সে তিনিশ বিলিয়নবাৰ পৰ্যন্ত অফ্-অন্ হ’ব পাৰে। ‘ভেকুৱাম টিউব’ত কৈ বহু গুণে উন্নত মানৰ প্ৰযুক্তি ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰে ইলেক্ট্ৰনিকছৰ জগতখনলৈ এক নতুন গতিৰ সূচনা কৰিব সক্ষম হৈছিল। ট্ৰেঞ্জিষ্টৰৰ দৰে প্ৰযুক্তিৰ আৱিষ্কাৰ নোহোৱাহেঁতেন বৰ্তমানৰ কম্পিউটাৰ, লেপটপ, স্মাৰ্টফ’ন আদিৰ দৰে বিজ্ঞানৰ চমৎকাৰী অৱদানসমূহৰ আমি কাষ চাপিব নোৱাৰিলো হয় ! ! বৰ্তমানৰ ‘ডিজিটেল ৱৰ্ল্ড’খনৰ আঁৰতেই আছিল ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰ !!

এই ‘ট্ৰেঞ্জিষ্টৰ’ৰ ধাৰণাটো প্ৰথমভাগত বহুকেইজন বিজ্ঞানীয়ে থূলমূলভাৱে আৱিষ্কাৰ কৰিছিল যদিও কোনো এজনেই সফল হোৱা নাছিল। কিন্তু তেতিয়াই যদি গৱেষণাসমূহ থমকি যোৱা হ’লে বৰ্তমানৰ মাইক্ৰ’ ইলেক্ট্ৰনিকছৰ জগতখন আমি হয়তো আৰু অলপ পলমকৈ পালো হয়। কিন্তু বিজ্ঞানে অতীতৰ ধাৰণাবোৰকে খামুচি ধৰি নাথাকে। বিজ্ঞানৰ প্ৰগতি অবিৰাম। যি সকল লোক ইয়াৰ লগত জড়িত তেওঁলোকে উদ্ভাৱন কৰে তেওঁলোকৰ অনুসন্ধানৰ ভিন ভিন ৰীতি আৰু প্ৰণালী। অতীতৰ জটিল কেৰোণ ভাঙি অনুসন্ধিৎসু বিজ্ঞানীসকলৰ গৱেষণাই সময়ে সময়ে নতুন যুগৰ সূচনা কৰি আহিছে। ‘ট্ৰেঞ্জিষ্টৰ’ৰ আৱিষ্কাৰৰে এনে এটা যুগৰে জন্ম দি গৈছিল উইলিয়াম ব্ৰেডফ’ৰ্ড ছকলে নামৰ আধুনিক মনৰ এজন বিজ্ঞানীয়ে। প্ৰায় ১৯৪৭-৪৮ চনত ‘বেল লেব’ত কাৰ্যনিৰ্বাহ কৰা উইলিয়াম ছকলেৰ তত্ত্ৱাৱধানত প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ হোৱা ‘ট্ৰেঞ্জিষ্টৰে’ বিশেষভাৱে সমাদৰ লাভ কৰিছিল। উইলিয়াম ছকলে আৱিষ্কৃত ‘ট্ৰেঞ্জিষ্টৰ’ ব্যৱসায়িকভাৱে জনপ্ৰিয়তাৰ তুংগত উঠিছিল। লাহে লাহে ট্ৰেঞ্জিষ্টৰ ব্যৱহাৰে ‘ভেকুৱাম টিউব প্ৰযুক্তি’ৰ ব্যৱসায়িক বজাৰখনৰ অগ্ৰগতিত বাধা আহি পৰিছিল। বিজ্ঞানী তথা বৈদ্যুতিক অভিযন্তা উইলিয়াম ছকলেৰ আৱিষ্কৃত ট্ৰেঞ্জিষ্টৰে জনপ্ৰয়িতাৰ সকলো পাৰ ভাঙি ইলেক্ট্ৰনিছৰ জগতখনলৈ এক নতুন গতিৰ সূচনা কৰিছিল।

১৯১০ চনৰ লন্ডনত এহাল আমেৰিকান দম্পতীৰ ঘৰত উইলিয়াম ছকলেৰ জন্ম হয়। পেছাগতভাৱে উইলিয়াম ছকলেৰ পিতৃ আছিল এজন ‘মাইনিং ইঞ্জিনিয়াৰ’ আৰু মাক আছিল আমেৰিকাৰ প্ৰথমগৰাকী মহিলা ‘মাইনিং ছাৰ্ভেয়ৰ’। বিজ্ঞানীজনৰ জন্মৰ ঠিক তিনি বছৰৰ পাছতেই পৰিয়ালটো চাকৰিসূত্ৰে লন্ডনৰপৰা আমেৰিকাৰ কেলিফৰ্নিয়াৰ ‘Palo Alto’লৈ উভতিছিল। শৈশৱৰপৰা কৈশোৰলৈ জীৱনৰ বেছিভাগ সময় তেওঁ কেলিফৰ্নিয়াতে কটাইছিল। ১৯৩২ চনত ‘কেলিফৰ্নিয়া ইনষ্টিটিউট অব টেকন’লজি’ৰপৰা পদাৰ্থবিজ্ঞানত স্নাতক ডিগ্ৰীৰে উত্তীৰ্ণ হয়। ছাত্ৰ অৱস্হাতেই তীক্ষ্ণ বুদ্ধিৰ পৰিচয় দিয়া উইলিয়াম ছকলে খুব কম সময়ৰ ব্যৱধানতেই জটিল গণিতৰ সমাধানসমূহ চকুৰে চায়ে কৈ দিব পাৰিছিল। এনে কিছুমান ব্যতিক্ৰমী আচৰণে তেওঁ শিক্ষাগুৰু আৰু সমনীয়াসকলক বাৰুকৈয়ে চমক খুৱাইছিল। ১৯৩৬ চনত এম.আই.টিৰপৰা ‘ইলেক্ট্ৰনিক বেণ্ডছ ইন্ ছ’ডিয়াম ক্ল’ৰাইড’ শীৰ্ষক গৱেষণা পত্ৰখনেৰে সফলতাৰে ডক্টৰেট ডিগ্ৰী লাভ কৰে। ক্লিনটন ডেভিছনৰ তত্ত্বাৱধানত ‘বেল লেব’ত গৱেষক হিচাপে উইলিয়াম ছকলেৰ কৰ্মজীৱনৰ প্ৰথম আৰম্ভণি হৈছিল। সেই সময়তেই ছকলেৰ অনুসন্ধিৎসু মনটোলৈ বহু নতুন ব্যতিক্ৰমী চিন্তাৰ সঞ্চাৰ ঘটিছিল। ‘বেল লেব’ত গৱেষক হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়তেই তেওঁৰ বহুকেইখন গৱেষণপত্ৰ ‘ফিজিক্স ৰিভিউ’ প্ৰকাশ পাইছিল। আৰু সেই গৱেষণাপত্ৰৰ নতুন নতুন তথ্যই ‘ছলিড ষ্টেট ফিজিক্স’ৰ ক্ষেত্ৰখনলৈ চিন্তাৰ খোৰাক জগাবলৈ সক্ষম হৈছিল। ১৯৩৮ চনত ‘ইলেক্ট্ৰন ডিছাৰ্জ ডিভাইচ’ গৱেষণাৰ বাবে প্ৰথম ‘পেটেন্ট’ লাভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ছকলেই ‘ৰাডাৰ’ গৱেষণাৰ লগতো জড়িত হৈ পৰিছিল। ১৯৪২ চনত ‘বেল লেব’ৰপৰা সাময়িকভাৱে অব্যাহতি লৈ ‘কলম্বিয়া ইউনিভাৰ্ছিটিৰ ‘এন্টি ছাবমেৰিন ৱেলফেয়াৰ অপাৰেচন গ্ৰুপ’ৰ গৱেষণাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে য’ত তেওঁ বিভিন্ন কাৰিকৰী দিশৰ ওপৰত গৱেষণা কৰি সফলতাৰে নিজৰ দক্ষতাৰ প্ৰমাণ দিছিল। ১৯৪৬ চনত তেওঁক ‘মেডেল ফ’ৰ মেৰিট’ সন্মানেৰে সন্মানিত কৰা হৈছিল।

‘ছিলিকন’ ইলেক্ট্ৰনিক ডিভাইচসমূহ নিৰ্মাণত সৰ্বাধিক ব্যৱহাৰ কৰা এক বিশেষধৰণৰ অৰ্ধপৰিবাহী মৌল। সেই কাৰণেই কোৱা হয় ‘ছিলিকন ইজ দ্যা হাৰ্ট অব ইলেক্ট্ৰনিক ডিভাইচ’। বৰ্তমানৰ অৰ্ধপৰিবাহী আৰু ট্ৰেঞ্জিষ্টৰসমূহ সৰ্বাধিক ছিলিকনেৰে বনোৱা হয়। এই ছিলিকন নামৰ অৰ্ধপৰিবাহী মৌলবিধক এক বিশেষধৰণৰ উচ্চ মানৰ প্ৰযুক্তিৰে তৈয়াৰ কৰা একো একোটা সুৰ স্ফটিক ‘ছিলিকন চিপ’ বোলা হয়, যি বৈদ্যুতিক বৰ্তনী এটাত বিভিন্ন প্ৰকাৰৰ বৈদ্যুতিক সংকেতসমূহৰ মুখ্য বাহক বা সংগ্ৰাহক হিচাপে কাম কৰে। উইলিয়াম ছকলেৰ এই ছিলিকন আৰু ‘ছিলিকন চিপ’ৰ গৱেষণাই ‘ছলিড ষ্টেড ফিজিক্স’লৈ নতুন গতিৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছিল। ছিলিকনৰ ব্যৱহাৰে কিদৰে ট্ৰেঞ্জিষ্টৰ এটাক কাৰ্যকাৰী আৰু ব্যৱসায়িকভাৱে সফল কৰিব পাৰে তাক লৈ গভীৰভাৱে গৱেষণা কৰা বিজ্ঞানীজনেই আছিল উইলিয়াম ছকলে যাৰ বাবেই বিজ্ঞানৰ সোণালী বুৰঞ্জীত ছকলেই এক সুকীয়া আসন গ্ৰহণ কৰি আছে।

গভীৰ আত্মবিশ্বাসী তথা নিজৰ কৰ্মক লৈ সদায় নিষ্ঠাৱান ছকলেৰ জীৱনলৈও বহু বাধা, প্ৰতিবন্ধকতা আহিছিল। বিশেষকৈ ‘বেল লেব’ত গৱেষণা কৰা সময়ছোৱাত তেওঁ এনে বহু তিক্ত অভিজ্ঞতাৰ সন্মুখীন হৈছিল যদিও নিজকে এগৰাকী শ্ৰেষ্ঠ বিজ্ঞানী হিচাপে প্ৰতিষ্ঠিত কৰিব নিজৰ কৰ্মত কোনো সুৰুঙা ৰখা নাছিল। বিফলতাও ছকলেৰ আত্মপ্ৰত্যয়ত ফাট মেলাব পৰা নাছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ছকলে পুনৰ ‘বেল লেব’লৈ ঘূৰি আহিছিল। নিজৰ কৰ্মদক্ষতাৰে বিশ্বৰ বৌদ্ধিক মহলৰ মাজত জনপ্ৰিয় হৈ পৰা ছকলেৰ তত্ত্বাৱধানত সেইবাৰ এটা বিশেষ গৱেষক দলৰ গঠন কৰা হৈছিল। সেই সময়তেই তেওঁ ১৯৪৭-৪৮ চনত ব্যৱসায়িকভাৱে সফল ‘ট্ৰেঞ্জিষ্টৰ’ৰ আৱিষ্কাৰে বিজ্ঞানীসকলৰ মাজত খলকনি তুলিছিল। আৱশ্যে এই বিখ্যাত গৱেষণাৰ সময়তেই ছকলেৰ লগত সহকৰ্মীৰ বহু ক্ষেত্ৰত মনোমালিন্যও ঘটিছিল। ছকলেৰ তত্ত্বাৱধানত কাম নকৰি কেইবাজনেও ‘বেল লেব’ ত্যাগ কৰিছিল। ইয়াৰ বিভিন্ন কাৰণসমূহৰ ভিতৰত আছিল, তত্ত্বাৱধায়ক হিচাপে ছকলেৰ লগত আলোচনা নকৰাকৈ গৱেষণাৰ বহু কাম সহকৰ্মীৰ এটা দলে গোপনীয়তাৰে কৰা কাৰ্য। বিশেষকৈ ‘ইলেক্ট্ৰ’লাইটিক-ৱেইজড ট্ৰেঞ্জিষ্টৰ’ আৰু ‘পইন্ট-ৱেইজড ট্ৰেঞ্জিষ্টৰ’ৰ আৱিষ্কাৰক হিচাপে সহকৰ্মী বাৰ্ডেন, ব্ৰেইটাইন, গিবনেৰ লগত ‘পেটেন্ট’ত ছকলেৰ নাম উল্লেখ নকৰা। যিটো ঘটনাই স্পষ্টবাদী ছকলেক ক্ৰোধিত কৰি তুলিছিল, যাৰ কাৰণে তেওঁ গোপনে কিছুমান গৱেষণা কৰিব বাধ্য হৈছিল। ছকলেই বিশেষকৈ ‘কমাৰ্চিয়েলি ভাইয়্যাবল ট্ৰেঞ্জিষ্টৰ’ৰ গৱেষণাত গুৰুত্ব দিছিল। যিটো তেওঁৰ মতে বনাবলৈ অতি সহজ। কিন্তু ১৯৪৮ চনত আকৌ এটা বেলেগ গৱেষকৰ দলে ব্ৰঞ্জ আৰু জাৰ্মেনিয়ামযুক্ত বিশেষ ধৰণৰ ‘পইন্ট কনটেক্ট ট্ৰেঞ্জিষ্টৰ’ৰ আৱিষ্কাৰ কৰে, যিটো আছিল ছকলেৰ কাৰণে এটা ডাঙৰ মূৰ কামোৰণি। কিন্তু ছকলেৰ অনুসন্ধিৎসু মনটো ইয়াতে ক্ষান্ত থকা নাছিল। তেওঁ কিছু মাহৰ পাছতেই এটা নতুন ধৰণৰ ‘ছেন্ডউইজ ষ্ট্ৰাকচাৰ’ৰ এটা বিশেষ ধৰণৰ ‘ট্ৰাঞ্জিষ্টৰ’ৰ আৱিষ্কাৰ কৰে। এইধৰণৰ ‘ট্ৰেঞ্জিষ্টৰ’য়ে পাছলৈ সৰ্বাধিকভাৱে ইলেক্ট্ৰনিকছৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছিল। ‘ছ’নি’ৰ দৰে প্ৰতিষ্ঠিত কোম্পানিসমূহে ‘ভেকুৱাম টিউব’ৰ প্ৰযুক্তি বাদ দি এইধৰণৰ ট্ৰেঞ্জিষ্টৰৰ ব্যৱহাৰেৰে টেলিভিছনৰ বনোৱা আৰম্ভ কৰিছিল। ১৯৫৬ চনত ‘পইন্ট-কনট্যেক্ট ট্ৰেঞ্জিষ্টৰ’ৰ যুগান্তৰাৰী আৱিষ্কাৰৰ বাবে উইলিয়াম ছকলেৰ লগতে তেওঁৰ সহকৰ্মী বাৰ্ডেন আৰু ব্ৰেইটাইনকো যুটীয়াভাৱে ন’বেল বঁটাৰে সন্মানিত কৰা হয়।

ন’বেল বঁটাৰে সন্মানিত ছকলেৰ জনপ্ৰিয়তা বিশ্বৰ চুকে-কোণে বিয়পি পৰিল। বিশ্ববন্দিত বিজ্ঞানীসকলৰ ভিতৰত ছকলেৰ নামো অন্তৰ্ভুক্ত হ’ল। বহু গৱেষণা কেন্ত্ৰই তেওঁক আমন্ত্ৰণ কৰিলে। কিন্তু সকলোকে আচৰিত কৰি ছকলে ‘বেল লেব’ ত্যাগ কৰি ‘বেকমেন ইঞ্চট্ৰুমেন্ট’ৰ এটা শাখা হিচাপে ‘ছকলে ছেমিকন্ডাক্টৰ’ নামেৰে নিজাকৈ এটা গৱেষণাগাৰ কেলিফৰ্নিয়াৰ, ‘মাউনটেইন ভিউ’ত আৰম্ভণি কৰিছিল। য’ত নতুন ধৰণৰ ‘ফ’ৰ লেইয়াৰ ডাইয়ড’ৰ ওপৰত গৱেষণা কৰাই মূলত ছকলেৰ প্ৰধান লক্ষ্য আছিল। ছকলে পূৰ্বে ‘বেল লেব’ত কাম কৰা বিখ্যাত সহকৰ্মী গৱেষকসকলকো তেওঁৰ কোম্পানিলৈ নিমন্ত্ৰণ দিছিল যদিও সেইসকলৰ কোনো এজনেই ছকলেৰ অনুৰোধ কৰা নাছিল। বৰঞ্চ ‘বেল লেব’ৰপৰা অব্যহতি লোৱা ‘ট্ৰেট্ৰৰিয়াছ এইট্’ খ্যাত ছকলেৰ বিখ্যাত সহকৰ্মী আঠজনেও ১৯৫৭ চনত কেলিৰ্ফনিয়াত বহুকেইজন বিখ্যাত গৱেষক আৰু যুৱ অভিযন্তাক লগত লৈ “ফেয়াৰচাইল্ড ছেমিকন্ডাক্টৰ” নামেৰে নিজাকৈ এটা কোম্পানিৰ আৰম্ভণি কৰে। ‘কমাৰ্চিয়েল ট্ৰেঞ্জিষ্টৰ’ৰ ওপৰত গুৰত্ব আৰোপ কৰা ‘ফেয়াৰচাইল্ড’ নামৰ কোম্পানিটোৱে এটা দশকৰ পাছতেই নতুন নতুন প্ৰযুক্তি আৰু উদ্ভাৱনেৰে ‘ছকলে ছেমিকন্ডাক্টৰ’ক চেৰ পেলাই ধুমুহাৰ গতিত আগুৱাই গ’ল। ‘ইনট্ৰিগ্ৰেটেট চাৰ্কিট্’ আৰু ‘ট্ৰেঞ্জিষ্ট’ৰ নিৰ্মাণেৰে ইলেক্ট্ৰনিকছৰ বজাৰত সুকীয়া স্হান অধিকাৰ কৰিলে। আৱশ্যে পাছলৈ ‘ট্ৰেট্ৰৰিয়াছ এইট্’ গ্ৰুপৰ লব্ধপ্ৰতিষ্ঠিত বিজ্ঞানী Gordon Moore আৰু Robert Noyceয়ে ‘ফেয়াৰচাইল্ড ছেমিকন্ডাক্টৰ’ ত্যাগ কৰি ‘ইনটেল’ৰ প্ৰতিষ্ঠা কৰিছিল। ইতিমধ্যই Palo Alto আৰু তাৰ ওচৰৰ চহৰকেইখনত নতুন নতুন ঔদ্যোগিক প্ৰতিষ্ঠানেৰে জাকত জিলিকা হৈ পৰিছিল। ‘ছিলিকন চিপ’ৰে মাইক্ৰ’ ইলেক্ট্ৰনিকছ যুগৰ সূচনা কৰা ঠাইডোখৰৰ নামো ‘ছিলিকন ভেলি’ হৈ পৰিছিল। বৰ্তমানও বিশ্বৰ ভিতৰত সৰ্বাধিক চৰ্চিত ব্যৱসায়িক কেন্দ্ৰ। ‘ছিলিকন ভেলি’য়ে আমেৰিকাৰ অৰ্থনীতি নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। আনফালে ‘কমাৰ্ছিয়েল ট্ৰেঞ্জিষ্টৰ’ৰ আৱিষ্কাৰে মাইক্ৰ’ ইলেক্ট্ৰনিকছ ক্ষেত্ৰখননৈ যুগান্তকাৰী অৱদান আগ বঢ়োৱা অৰ্থাৎ ‘ছিলিকন ভেলি’ উদ্যোগৰ অনুঘটকস্বৰূপ উইলিয়াম ছকলে কিন্তু ‘ফ’ৰ লেইয়াৰ ডাইয়ড’ৰ গৱেষণাৰ ওপৰতে লাগি থাকিল। অৱশেষত কোনো বিশেষ লাভৰ মুখ নেদেখা ‘ছকলে ছেমিকন্ডাক্টৰ’ ১৯৬০ চনত এজন ব্যৱসায়ীক বিক্ৰী কৰা হৈছিল। ব্যৱসায়িক হিচাপে বিফলতাৰ মুখ দেখা ছকলেই পাছলৈ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু প্ৰায়োগিক বিজ্ঞানৰ প্ৰবক্তা হিচাপে ‘ষ্টানফৰ্ড ইউনিভাৰ্ছিটি’ত যোগদান কৰিছিল। ১৯৬২ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিজ্ঞান উপদেষ্টা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

জীৱন্ত কালতেই ‘আমেৰিকান ছ’চাইটি অব মেকানিকেল ইঞ্জিনিয়াৰ্ছ’ৰপৰা Holley Medal, ‘নেচনেল একাডেমি অব ছাইঞ্চ’ৰপৰা পদাৰ্থবিজ্ঞানত Comstock prizeঅৰ দৰে বহু সন্মানীয় বঁটাৰে সন্মানিত বিজ্ঞানীজনৰ ধৰ্মীয় দৰ্শন আছিল নাস্তিকতাবাদ। ১৯৮৯ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ বিশ্ববিশ্ৰুত বিজ্ঞানীজনৰ মৃত্যু হৈছিল। ট্ৰেঞ্জিষ্টৰ তথা ছিলিকনৰপৰা ছিলিকন ভেলিৰ সৃষ্টিলৈ উইলিয়াম ছকলেৰ যি অৱদান, বিজ্ঞানৰ সোণালী বুৰঞ্জীত অমৰ হৈ ৰব।

 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *