গল্প-কবিতা

হাতুৰী সংগীত – (মনজিতা শইকীয়া)

ৰাজপথত সৌৱা
পিম্পৰাৰ যেন লানি
শ্ৰান্ত ক্লান্ত
অৱহেলিত বঞ্চিত শোষিতৰ শাৰী,
নিজৰে অৱশিষ্ট টানি টানি
ভাগৰুৱা শ্ৰমিকৰ ঘামেধোৱা শৰীৰ।

জন হেনৰি,
বজোৱা তোমাৰ
হাতুৰী সংগীত
জী উঠক
শ্ৰমজীৱীৰ জীৱন
তোমাৰ….আমাৰ…..

জন হেনৰি,
উঠা জাগা সাৰ পোৱা
বাজি উঠক হাতুৰী সংগীত ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *