বিবিধ চিন্তা

“মুক্ত চিন্তা”-ৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন (ত্ৰিলোচন গগৈ)

অসমত যুক্তিবাদী চিন্তা-চৰ্চাৰ প্ৰসাৰৰ উদ্দেশ্যে প্ৰকাশ হোৱা ‘যুক্তি-বিকাশ সমিতি, অসম’ৰ অনলাইন আলোচনী ‘মুক্ত চিন্তা’-ই সগৌৰৱে দুটা বছৰ অতিক্ৰম কৰিছে। এই উপলক্ষে চলিত বছৰৰ ৩০ জুলাই তাৰিখ দেওবাৰে, ‘যুক্তি-বিকাশ সমিতি, যোৰহাট শাখা’ৰ উদ্যোগত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত আলোচনীখনৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানটি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। উক্ত অনুষ্ঠানটিৰে এক চমু প্ৰতিবেদন দাঙি ধৰা হ’ল।

আগনিশা অনুষ্ঠানৰ প্রস্তুতিত ব্যস্ত সমিতিৰ সদস্য-সদস্যা।

‘মুক্ত-চিন্তা’ আলোচনীৰ যুটীয়া সম্পাদক বৰ্ণালী বৰুৱা দাসে আঁত ধৰা অনুষ্ঠানটি শুভাৰম্ভ কৰা হয় মুক্ত চিন্তাৰ গীত পৰিৱেশনেৰে। সমুদ্ৰ কাজল শইকীয়াৰ কথা আৰু সুৰৰ গীতটি প্ৰথমবাৰৰ বাবে পৰিৱেশন কৰে যোৰহাটৰ উদীয়মান কন্ঠশিল্পী যুগব্ৰতা দাসে। ইয়াৰ আগতে বৰ্ণালী বৰুৱা দাসে সকলোকে সম্ভাষণ জনাই গীতটি আবৃত্তি কৰি দিয়ে। ইয়াৰ পিছতে ‘মুক্ত চিন্তা’-ৰ মুখ্য সম্পাদক তথা যুক্তি-বিকাশ সমিতিৰ অন্যতম প্ৰতিষ্ঠাপক কৌশিক দাসে ‘যুক্তি-বিকাশ সমিতি, অসম’ আৰু ‘মুক্ত চিন্তা’-ৰ ইতিবৃত্ত দাঙি ধৰে। তেখেতে যুক্তি-বিকাশ সমিতি, অসম’ গঠনৰ আঁৰৰ প্ৰেক্ষাপট সম্পৰ্কে জানিবলৈ দিয়াৰ লগতে সমিতিখনৰ খতিয়ান দাঙি ধৰে। বিজ্ঞান-প্ৰযুক্তিৰ জয় যাত্ৰাৰ সময়তো সমাজখন অন্ধবিশ্বাস তথা কুসংস্কাৰৰ পৰা যে মুক্ত হ’ব পৰা নাই; বৰং নতুন ৰূপত গ্ৰাস কৰিবলৈহে লৈছে, সেয়া তেখেতে উদাহৰণসহ ব্যাখ্যা কৰাৰ লগতে তাক প্ৰতিহত কৰিবলৈ সংগঠিত হোৱাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। বিজ্ঞানমনস্কতাৰ প্ৰসাৰ আৰু যুক্তিবাদৰ চৰ্চাৰ বাবে আজিৰ ইণ্টাৰনেটৰ যুগত ‘মুক্ত চিন্তা’ৰ দৰে অনলাইন আলোচনী এখনৰ প্ৰয়োজনীয়তা অনুভৱ কৰি দুটা বছৰৰ আগতে এই কাৰ্যসূচী হাতত লোৱাৰ কথা তেখেতে জানিবলৈ দিয়ে।

বক্তৃতা প্রদান কৰিছে ‘মুক্ত চিন্তা’-ৰ মুখ্য সম্পাদক কৌশিক দাসে।

অনুষ্ঠানটিৰ অন্যতম আকৰ্ষণীয় কাৰ্যসূচী আছিল গৌৰীশংকৰ দাসৰ যাদু প্ৰদৰ্শন। কেৱল ভাৰততে নহয়, পৃথিৱীৰ বিভিন্ন প্ৰান্তত যিবিলাক ৰহস্য বা আশ্চৰ্যকৰ বিষয়বস্তুৱে সমাজখন মোহাচ্ছন্ন কৰি ৰাখিছে, সেই বিলাকৰ ভিতৰত যাদু বা মেজিক অন্যতম। ইয়াৰ সুযোগ লৈ কিছুমান বাবা বা ফকিৰ বা বেজে সমাজখন বাৰুকৈয়ে শোষণ কৰি আহিছে। কিন্তু যাদু বা মেজিকৰ আঁৰত যে হাতৰ কিটিপ, কৌশল, বুদ্ধি থাকে তাক যাদু প্ৰদৰ্শন আৰু কৌশল ব্যাখ্যাৰে প্ৰতিপন্ন কৰে গৌৰীশংকৰ দাসে। ‘অলৌকিকতাৰ আঁৰৰ লৌকিকতা’ শিৰোনামৰ যাদু প্ৰদৰ্শনৰ কাৰ্যক্ৰমটিত তেখেতে এই সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে। তেখেতে ধ্ৰুপদী আৰু আধুনিক দুয়োধৰণৰ যাদু প্ৰদৰ্শন কৰে আৰু যাদুৰ আঁৰৰ বুদ্ধি সম্পৰ্কে জানিবলৈ দিয়ে। যাদুসমূহৰ ভিতৰত কটা ৰছী জোৰা লগোৱা, নিজৰ হাতৰ স্পঞ্জৰ বল আনৰ হাতলৈ প্ৰেৰণ কৰা, হাতেৰে স্পৰ্শ নকৰাকৈ কিতাপৰ পৃষ্ঠা ফালি বন্ধ খামৰ ভিতৰত ভৰোৱা, তাছ-পাতৰ বিভিন্ন যাদু আদি আছিল অন্যতম।

যাদু প্রদৰ্শন কৰিছে গৌৰী শংকৰ দাসে। মঞ্চত কেইগৰাকীমান দৰ্শক।

‘মুক্ত চিন্তা’ই আয়োজন কৰা শীৰ্ষ গীত প্ৰতিযোগিতাৰ বঁটা এই অনুষ্ঠানতে প্ৰদান কৰা হয়। যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পবিত্ৰপ্ৰাণ গোস্বামীয়ে বঁটাসমূহ প্ৰদান কৰে। বঁটা হিচাপে কিতাপ, গীতৰ কেছেট আৰু মানপত্ৰ প্ৰদান কৰা হয়। প্ৰতিযোগিতাত প্ৰথম তিনিটা স্থানপ্ৰাপ্ত আৰু বিচাৰকৰ বিশেষ বঁটাপ্ৰাপ্ত প্ৰতিযোগীসকলক বঁটা দিয়াৰ উপৰি অংশগ্ৰহণকাৰীসকলক মানপত্ৰ আৰু গীতৰ কেছেট প্ৰদান কৰা হয়‌।

‘মুক্ত চিন্তা’-ৰ শীৰ্ষ- গীত প্রতিযোগিতাৰ ফলাফল ঘোষণা কৰিছে ‘মুক্ত চিন্তা’-ৰ সম্পাদক বৰ্ণালী বৰুৱা দাসে।
মত আগব‌ঢ়াইছে ‘মুক্ত চিন্তা’-ৰ সম্পাদক জিতেন বেজবৰুৱাই।

প্ৰায় অৰ্ধ শতাধিক যুক্তিবাদী সহযাত্ৰী, সচেতন ব্যক্তি তথা বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিনিধি উপস্থিত থকা অনুষ্ঠানটিৰ মূল আকৰ্ষণ আছিল গৌতম গোস্বামীৰ সঞ্চালনাত আয়োজন কৰা মুকলি আলোচনা। আলোচনাৰ বিষয় আছিল—‘বিজ্ঞানমনস্কতাৰ প্ৰসাৰত সামাজিক অনুষ্ঠানসমূহৰ ভূমিকা’। আলোচনাত চাহ-বাগিচা, চৰ অঞ্চল, ভিতৰুৱা গাঁৱত বসবাস কৰা, ব্যক্তিগত বা সংগঠিতভাৱে অন্ধবিশ্বাসৰ বিৰুদ্ধে কাম কৰি অহা বহু অভিজ্ঞ লোকে ভাগ লয়। জিতেন বেজবৰুৱা, ৰঞ্জু কুৰ্মী, বীৰেন তাঁতী, ৰেহেনা চুলতানা, পাৰ্থ প্ৰতীম বৰকটকী, সুশান্তকৃষ্ণ শৰ্মা, কৌশিক দাস, বৰ্ণালী বৰুৱা দাস, আৰহান ইনামূল প্ৰমুখ্যে ব্যক্তিসকলে আলোচনাত অংশ গ্ৰহণ কৰি নিজা ধাৰণা আৰু অভিজ্ঞতাসমূহ দাঙি ধৰে। অনুষ্ঠানটি উপভোগ্য কৰি তোলে গৌৰীশংকৰ বৰাৰ যাদুকৰী কণ্ঠই। তেখেতে নিৰ্মলপ্ৰভা বৰদলৈৰ এটি সুন্দৰ গীত পৰেৱেশন কৰে।

আলোচনা-চক্রখন পৰিচালনা কৰিছিল গৌতম গোস্বামীয়ে।

 

আলোচনাত দৰ্শক-শ্রোতাৰ সক্রিয় অংশগ্রহণ।

‘মুক্ত চিন্তা’ৰ যুটীয়া সম্পাদক জিতেন বেজবৰুৱাই আলোচনীখনৰ তৃতীয় বছৰৰ সম্পাদনা সমিতিখন ঘোষণা কৰে। সৰ্বশেষত যুক্তি-বিকাশ সমিতি, যোৰহাট শাখাৰ যুটীয়া সমন্বয়ক ত্ৰিলোচন গগৈয়ে অনুষ্ঠানটি সফল হোৱাত সহযোগ কৰা সকলোকে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি ঘোষণা কৰে। বিয়লি প্ৰায় ২ বজাত আৰম্ভ হোৱা অনুষ্ঠানটোৰ সামৰণি পৰে সন্ধ্যা ৬ বজাত।

(প্রতিবেদক যুক্তি-বিকাশ সমিতি, অসমৰ যোৰহাট শাখাৰ যুটীয়া সমন্বয়ক)
Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *