অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (দ্বিতীয় সংখ্যা)

অতিথি সম্পাদকৰ কলম (বিষয়-প্ৰান্তীয় কন্ঠ) – গীতালী বৰপাত্ৰগোহাঁই

‘মূলসুঁতীয়’ আৰু ‘প্ৰান্তীয়’ – এই বায়’নেৰি অপ’জিছনৰ প্ৰসংগ সমাজ এখনত উত্থাপন হোৱা মাত্ৰেই অৱধাৰিতভাৱে আহি পৰে ‘ক্ষমতা’ৰ অৱস্থিতিৰ প্ৰশ্ন অধিক শুদ্ধকৈ কবলৈ হ’লে ‘ক্ষমতাৰ অপ-ব্যৱহাৰ’; Misuse of power লগতে জড়িত হৈ থাকে কতৃৰ্ত্ব, দমন আদি প্ৰসংগ আৰু সৃষ্টি হয় ক’লা-বগা, উচ্চ-নিম্ন, শোষক-শোষিত আদি বিভাজনবোৰ পূৰ্বনিৰ্ধাৰিতভাৱে কৰ্তৃত্বসুলভতাৰে আমাৰ মগজুত গজাল মাৰি থোৱা থাকে কোনটো বস্তু এলিট বা সম্ভ্ৰান্ত, গুৰুত্বপূৰ্ণ, উচ্চতৰ আৰু কোনটো বস্তু নিম্ন, অগ্ৰহণীয়, উপেক্ষিত, অৱহেলিত শক্তিশালী বা বৃহৎ গোষ্ঠীয়ে যি নিৰ্ধাৰণ কৰি দিব সেয়াই ক্ষুদ্ৰ গোষ্ঠীয়ে মানি চলিবলৈ শিকিব লাগিব বা শিকিব নিবিচাৰিলেও তেওঁলোকৰ ওপৰত বলপূৰ্বক জাপি দিয়া হ’ব এই অদৃশ্য দেৱালখনে আমাৰ মন-মগজুত এনেকৈ খোপনি পুতি থাকে যে পূৰ্বনিৰ্ধাৰিত বস্তু এটাৰ গ্ৰহণযোগ্যতা বা গুৰুত্ব দেখুৱাবলৈ গৈ আন এটা বস্তুৰ আপোন মৰ্যাদাক নস্যাৎ কৰি তুলিবলৈকো আমি সময়ে সময়ে কুণ্ঠাবোধ নকৰো

এনে বহু প্ৰান্তীয় কণ্ঠস্বৰৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যৰেই ‘মুক্ত চিন্তা’ৰ চতুৰ্থ বছৰ দ্বিতীয় সংখ্যাৰ বাবে আমি বিষয় নিৰ্ধাৰণ কৰিছিলো ‘প্ৰান্তীয় কণ্ঠ’‘প্ৰান্তীয় কণ্ঠ’ বোলোতে আমি সাহিত্য-সংস্কৃতি, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আদি বিভিন্ন ৰূপত অসমত চলি থকা নীৰৱ আন্দোলনসমূহৰ বিষয়েৰে এই সংখ্যাটো সজাই তোলাৰ প্ৰয়াস কৰিছিলো‘নীৰৱ আন্দোলন’ক বুজাবলৈ আমি ইংৰাজীৰ ‘silent’ শব্দটোতকৈ ‘Muted’ শব্দটোৰ জৰিয়তে বুজাবলৈ অধিক ভাল পাম Muted’ অৰ্থাৎ যাৰ কণ্ঠ থকাৰ পাছতো কণ্ঠ ৰুদ্ধ কৰি দিয়া হয় যাৰ উপস্থিতিৰ পাছতো অনুপস্থিতি বা অদৃশ্যৰ দৰে গ্ৰহণ কৰি অস্তিত্বক অৱমাননা কৰা হয়

এনে বহু প্ৰান্তীয় কণ্ঠৰ বিষয়েৰে এই সংখ্যাটো সজাই তোলা হৈছে নকলেও হব যে এই যাত্ৰা অসম্পূৰ্ণ বহু বিষয়বস্তু এই সংখ্যাত সামৰিব পৰা নগ’ল ভাষা-সাহিত্য-সংস্কৃতি সকলোতে চহকী, বৈচিত্ৰময় অসমৰ বহু ‘প্ৰান্তীয় কণ্ঠস্বৰ’ তথা ‘নীৰৱ আন্দোলন’ৰ বিষয়ে এয়া এক সামান্য প্ৰয়াসহে মাথোন

অসমত গেৰুৱা বাহিনীৰ পদাৰ্পনৰপদাৰ্পণৰ দিন ধৰি আগমনি ঘটা সাম্প্ৰদায়িকতাৰ আগ্ৰাসন, নাগৰিকত্ব সংশোধনী বিধেয়ক আদি শাসক পক্ষৰ বিভিন্ন ষড়যন্ত্ৰই অসমবাসীক জুৰুলা কৰি আহিছে কিন্তু শেহতীয়াকৈ অসম,ত্ৰিপুৰা আদি উত্তৰ-পূৰ্বাঞ্চলৰ জংগী প্ৰতিবাদৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক সাময়িকভাৱে বাতিল কৰিব লগা হোৱা ঘটনাই এয়াই প্ৰমাণ কৰে যে অসমবাসীৰ প্ৰতিবাদী সত্তাৰ এতিয়াও মৃত্যু ঘটা নাই ইয়ে আমাৰ বাবে আশাৰ বাৰ্তা কঢ়িয়াই আনিছে আলোচনা, প্ৰতিবাদ আদিৰ সমান্তৰালভাৱে অসমবাসীয়ে বিকল্প ৰাজনীতিৰ সন্ধানৰ যাত্ৰাও অব্যাহত ৰাখিব লাগিব অন্যায়ৰ বিপৰীতে ন্যায়ৰ প্ৰতিষ্ঠা হওক, শাসক পক্ষৰ সকলো ষড়যন্ত্ৰ মষিমূৰ কৰি অসমবাসীয়ে এখন  বৈষম্যহীন সমাজ গঢ়ি তোলাত জয়ী হওক, এয়াই আমাৰ কামনা

সদৌ শেষত ‘মুক্ত চিন্তা’ৰ সমূহ সদস্য তথা ব্যস্ততাৰ মাজতে আমালৈ একোটা লেখা প্ৰেৰণ কৰি এই সংখ্যা সমৃদ্ধ কৰি তোলা প্ৰতিজন লেখকৰ লগতে টুনুজ্যোতি গগৈ দা, প্ৰাঞ্জল দেউৰী দা আৰু আবিদ আজাদ দালৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো

সদৌটিলৈ নৱবৰ্ষৰ শুভ ইচ্ছাৰে

গীতালী বৰপাত্ৰগোহাঁই

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *