আলু-পুৰাণ - (আশ্বিকউজ-জামান)

"ঐ আলু" -
আলুৰ যে কিমান মহিমা। শকত ল'ৰাক আমি প্ৰায়ে মৰমত আলু বুলি মাতো। ঠিক তেনেকৈ সকলো পৰিস্থিতিতে খাপ খোৱাব পৰা ব্যক্তিকো প্ৰসংশাসূচকভাৱে 'আলু' বুলি কোৱা হয়। কেৱল খাদ্য-বস্তু হিচাপে নহয়, 'আলু' শব্দটো আমাৰ জন-জীৱন, আমাৰ সংস্কৃতিৰ অংগ হৈ পৰিছে। ইংলেন্ডত পোপ আৰু কেথলিক গিৰ্জাৰ বিৰুদ্ধে যি আন্দোলন হৈছিল তাৰ এটি শ্ল’গান আছিল - ন' পোটেটোছ, নো পোপেৰি ! ঠিক যেন বিহাৰ নিৰ্বাচনৰ - "যব তক ৰহেগা চামোচা মে আলু..."ৰ নিচিনা। আলু আমাৰ ৰাজনীতিৰো অংগ। আলুৰ বৰ্ধিত মূল্যই যিকোনো চৰকাৰৰ নিদ্ৰা হৰণ কৰিব পাৰে, কাৰণ পাচলিৰ ভিতৰত পৃথিৱীত আলুৰে সৰ্বাধিক চাহিদা। পৃথিৱীত জনমূৰি প্ৰায় ৩৫ কিলো আলুৰ উত্পাদন হয় আৰু দৈনিক জনমূৰি প্ৰায় ৯৩ গ্ৰাম আলু ভক্ষণ কৰা হয়। অৱশ্যে ভাৰতত এই হাৰ আন্তৰ্জাতিক হাৰতকৈ বহু কম - মাত্ৰ ৬০ গ্ৰাম। ধান আৰু ঘেঁহুৰ পিছতেই আলু পৃথিৱীৰ মূল খাদ্য সামগ্ৰী। আমাৰ কাৰণে যেনেকুৱা ভাত প্ৰধান খাদ্য, পৃথিৱীৰ বহু দেশত যেনে আয়াৰলেন্ড, হলেন্ড, বেলজিয়াম, জাৰ্মানি, পূব ইউৰোপৰৰ দেশসমূহ তথা আমেৰিকাৰো বিভিন্ন প্ৰদেশত সিজোৱা আলু তেনেকুৱা প্ৰধান খাদ্য। সেই কাৰণে ২০০৮ চনক 'আন্তঃৰাষ্ট্ৰীয় আলু বৰ্ষ' হিচাপে সমগ্ৰ বিশ্বত পালন কৰা হৈছিল। আলুৰ বাহিৰে আন কোনো পাচলিক আজিলৈকে এই সন্মান দিয়া হোৱা নাই।

যদি কওঁ যে ৰনাল্ড ৰিগান, জিমি কাৰ্টাৰ, কেনেডি অথবা বিল ক্লিন্টন আদি ব্যক্তি আমেৰিকাৰ প্ৰেছিডেন্ট হোৱাৰ আঁৰতো আলুৰ মহিমা লুকাই আছে, তেন্তে আচৰিত নহ'ব। ১৮৪৫ চনত আয়াৰলেন্ডৰ আলু খেতিসমূহক ফাইটোপথৰা ইনফেষ্টান নামক এটি জীৱাণুৱে আক্ৰমণ কৰে, ফলত আয়াৰলেন্ডৰ আলু খেতিসমূহ সমূলি ধ্বংস হৈ যায়। আলু যিহেতু আয়াৰলেন্ডৰ মূল খাদ্য, গতিকে সমগ্ৰ দেশত এক অভূতপূৰ্ব খাদ্যৰ নাটনি দেখা দিয়ে আৰু আৰম্ভ হয় দুৰ্ভিক্ষৰ। যাক কোৱা হয় - 'দ্য গ্ৰেট আইৰিছ পটেটো ফেমাইন'। প্ৰায় ছবছৰ জুৰি চলা এই দুৰ্ভিক্ষৰ ফলত আয়াৰলেন্ডৰ দহ লাখতকৈ অধিক লোকৰ মৃত্যু হয়। দুৰ্ভিক্ষ আৰু অকাল মৃত্যুৰ পৰা হাত সাৰিবলৈ পৰৱৰ্তী সময়ত আয়াৰলেন্ডৰ আন বিছ লক্ষাধিক মানুহ দেশ ত্যাগ কৰে, তাৰ সৰহভাগেই আটলাণ্টিক মহাসাগৰ পাৰি দি উপস্থিত হয় আমেৰিকা ভূখন্ডত। বৰ্তমান আমেৰিকা যুক্তৰাজ্যৰ মুঠ জনসংখ্যাৰ ভিতৰত কেইবালাখ 'ৰেড ইন্ডিয়ান' ক বাদ দি বাকী সকলোৰে পূৰ্ব-পুৰুষ বাহিৰৰ দেশৰপৰা প্ৰবজন কৰা। বৰ্তমান প্ৰজন্মৰ আমেৰিকান নাগৰিকসকলৰ ভিতৰত 'আইৰিছ' বংশোদ্ভৱ মানুহৰ সংখ্যা সৰ্বাধিক, দ্বিতীয় স্থানত জাৰ্মান বংশোদ্ভৱসকল। গতিকে আন ভাষাত ক’বলৈ গ’লে, আজিৰ প্ৰজন্মৰ আমেৰিকাৰ বহু নাগৰিকে পৃথিৱীৰ আটাইতকৈ চহকী ৰাষ্ট্ৰখনত বসবাস কৰাৰ সুযোগ পোৱাৰ বাবে আলুক মনে মনে ধন্যবাদ দিয়ে খুব সম্ভৱ। তেনেকুৱা বহু আইৰিছ বংশোদ্ভৱ আমেৰিকান নাগৰিক যেনে কেনেডি, বিল ক্লিন্টন আদি সেই দেশৰ ৰাষ্ট্ৰপতিৰ আসনো শুৱনি কৰিছে।

আমাৰ সকলোৰে প্ৰিয় আলুৰ মুখ কিন্তু ১৭শ শতিকালৈকে ভাৰতৰ মানুহে দেখা নাছিল। ঐতিহাসিকসকলৰ মতে এন্ডিজ পৰ্বতৰ পাদপথত অৱস্থিত পেৰু আৰু বলিভিয়াত বিগত প্ৰায় আঠ হেজাৰ বছৰৰপৰা আলুৰ খেতি কৰা হৈ আছে আৰু আলু নিয়মিতভাৱে খাদ্য হিচাপে গ্ৰহণ কৰা হৈ আছে। প্ৰাচীন ইনকা আৰু আজটেক সভ্যতাত আলুৰ বহুল ব্যৱহাৰৰ উল্লেখ পোৱা যায়। কিছুমান ঐতিহাসিকৰ মতে ইংৰাজ পৰিব্ৰাজক ফ্ৰেঞ্চিছ ড্ৰেকে আলুক ইউৰোপলৈ আনিছিল। কিন্তু ইউৰোপত আলুৰ প্ৰচলন আৰম্ভ হয় ১৭শ শতিকাৰ আৰম্ভণিত যেতিয়া স্পেইনে মেক্সিকোকে আদি কৰি লেটিন আমেৰিকাৰ দেশসমূহ দখল কৰে। স্পেইনৰ জৰিয়তে আলু সমগ্ৰ ইউৰোপত পাচলি হিচাপে পৰিচিত হয়। আলুৱে ইউৰোপৰ দেশসমূহৰ ওপৰত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। খাদ্যৰ নাটনি আৰু দুৰ্ভিক্ষ মধ্যযুগৰ ইউৰোপৰ দেশসমূহৰ ডাঙৰ সমস্যা আছিল। সেয়ে ঘেঁহুৰ তুলনাত কম খৰচত, কম কষ্টত অধিক উত্পাদন কৰিব পৰা আলুৰ মাজত শাসক শ্ৰেণীয়ে খাদ্য শস্যৰ চিৰন্তন সমস্যাৰ এক সমিধান বিচাৰি পালে। কিন্তু সাধাৰণ ৰাইজে সহজতে আলুক আঁকোৱালি লোৱা নাছিল, আলু চয়তানৰ ফল আৰু আলু খালে কুষ্ঠ বেমাৰ হ’ব আদি অন্ধবিশ্বাস প্ৰচলিত হ’ব ধৰিলে। গতিকে আলুক জনপ্ৰিয় কৰিবলৈ ফ্ৰান্সৰ সম্ৰাট ষষ্ঠদশ লুয়ে উচ্চপদস্থ জমিদাৰ, সেনাপতি আদিৰ বাবে আলুৰ ভোজমেল পাতিলে, লগতে আলু গছৰ ফুল বুটামত লগোৱাৰ নিৰ্দেশ দিলে। তেনেকুৱা এক ভোজমেলত থমাছ জেফাৰছনো আমন্ত্ৰিত হৈছিল আৰু জেফাৰছনে সেই ভোজমেলত খোৱা এবিধ আলু ভাজি আমেৰিকালৈ লৈ যায় যি পিছত 'ফ্ৰেঞ্চ ফ্ৰাইচ' নামে জনপ্ৰিয় হৈ পৰে। প্ৰাছিয়াৰ ৰজা ফ্ৰেডৰিক দ্য গ্ৰেটে ১৭৪৪ চনত জাৰ্মান ৰাজ্যত হোৱা দুৰ্ভিক্ষৰপৰা পৰিত্ৰাণ পাবলৈ আলু খোৱাটো প্ৰাছিয়াত বাধ্যতামূলক কৰে। ইউৰোপীয় ঐতিহাসিকসকলৰ মতে আলুৰ প্ৰচলনৰ ফলত আয়াৰলেন্ডৰপৰা ৰাছিয়াৰ উৰাল পৰ্বতলৈ ইউৰোপৰ এই দুহেজাৰ মাইল দীৰ্ঘ অঞ্চলত খাদ্য নাটনি চিৰদিনৰ বাবে অন্ত পৰে, ফলত জীৱন ধাৰণৰ মানৰ এক অভূতপূৰ্ব উন্নতি হয় আৰু তাৰ প্ৰতিফলন পৰে ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক অভ্যুত্থানত। ইউৰোপীয় ইতিহাসৰ গৱেষক উইলিয়াম মেকনিলৰ মতে ১৭৫০ৰপৰা ১৯৫০ চনলৈ ইউৰোপৰ বিভিন্ন দেশে সমগ্ৰ বিশ্বতে যি সাম্ৰাজ্য বিস্তাৰ কৰিছিল তাৰ মূলতে আছিল আলু।

সেই ইউৰোপীয় বাণিজ্য আৰু সাম্ৰাজ্য বিস্তাৰৰ আঁত ধৰি আলু আহি উপস্থিত হয় ভাৰতত। কিন্তু আলু ভাৰতত কেতিয়া আৰু কোনে আনে তাৰ সঠিক তথ্য পোৱা নাযায়। ঐতিহাসিকসকলৰ মতে সম্ভৱতঃ পৰ্তুগিজসকলে আলুক ভাৰতলৈ আনিছিল। ভাৰতীয় ইতিহাসত আলুৰ প্ৰথম উল্লেখ পোৱা যায় মোগল সম্ৰাট জাহাঙ্গীৰৰ ৰাজদৰবাৰলৈ ১৬১৫ চনত ব্ৰিটিছ চৰকাৰৰ দূত হিচাপে অহা টমাছ ৰোৰ সহযোগী এডৱাৰ্ড টেৰিয়ে নিজৰ ভাৰত ভ্ৰমণৰ ওপৰত ১৬৫৫ চনত প্ৰকাশ কৰা 'এ প্যাছেজ টু ইষ্ট ইন্ডিয়া' কিতাপত। আজমেৰৰ মোগল সেনাপতি আছাফ খানে টমাছ ৰোৰ সন্মানাৰ্থে দিয়া ভোজমেলত আলুৰ তৰকাৰী আছিল বুলি টেৰিয়ে নিজৰ কিতাপত উল্লেখ কৰিছে। টেৰিয়ে তেওঁৰ কিতাপত উত্তৰ ভাৰতৰ পৰ্বতত আলু খেতি কৰা হয় বুলি উল্লেখ কৰিছে। ১৬৭৫ চনত প্ৰকাশিত 'ফেইৰৰ ভ্ৰমণ' কিতাপতো চুৰাট আৰু কৰ্ণাটকত আলু খেতিৰ কথা উল্লেখ কৰিছে যদিও ঐতিহাসিক ইৰফান হাবিবে তেওঁৰ কিতাপ 'এগ্ৰেৰিয়ান ছিষ্টেম ইন মোগল ইন্ডিয়া (১৫৫৬-১৭০৭)' শীৰ্ষক কিতাপত কৈছে যে এই সময়ছোৱাত মোগল সাম্ৰাজ্যত আলু খেতিৰ কোনো উল্লেখ পোৱা নাযায়। যি কি নহওক, খুব সম্ভৱ ডাচ্ছসকলে ভাৰতত আলু খেতিৰ আৰম্ভ কৰিছিল বুলি বহু পন্ডিতে বিশ্বাস কৰে।

আলুৰ ইংৰাজী প্ৰতিশব্দ 'পটেটো' আহিছে স্পেনিছ 'পাটাটা' শব্দৰপৰা। স্পেনিছ 'পাটাটা' শব্দৰ মূলটো হ'ল লেটিন আমেৰিকাৰ বিভিন্ন ভাষাত প্ৰচলিত বিশেষকৈ হাইটি দেশৰ কেৰিব ভাষাৰ 'বাটাটা' অৰ্থাৎ 'মিঠা আলু'। আনহাতে, পৰ্তুগিজসকলে কিন্তু আলুক 'বাটাটা' বুলিয়ে কয়। সেই কাৰণে পৰ্তুগিজ উপনিবেশৰ অংশ হিচাপে থকা মুম্বাই, গোৱা, দমন, দিউ আদি অঞ্চলত বাটাটাৰ প্ৰচলন আৰম্ভ হয়। যাৰ ফলত মাৰাঠী, গুজৰাটী, কোংকনী আদি পশ্চিম ভাৰতীয় ভাষাসমূহত আলুক এতিয়াও বাটাটা বুলিয়ে কয়। মুম্বাইৰ বাটাটা বাড়া, গোৱাৰ বাটাটা কাপা অথবা গুজৰাটৰ বাটাটা নু ছাক আদি অতি জনপ্ৰিয় খাদ্য। আনহাতে, বিভিন্ন ভাৰতীয় ভাষাত ব্যৱহৃত হোৱা 'আলু' শব্দটোৰ মূল কিন্তু ফাৰ্ছি ভাষা। ইৰানত যিকোনো গোলাকাৰ ফলক বুজাবলৈ 'আলু' শব্দৰ ব্যৱহাৰ হয়। যেনে বগৰীক কোৱা হয় 'আলু বুখাৰা', এপ্ৰিকটক কোৱা হয় 'জাৰ্দ-আলু' অথবা পীচ ফলক কোৱা হয় 'ছাপ্টালু'। মীৰ্জা মেলকম নামৰ এজন ব্যক্তিয়ে আলুক প্ৰথম ইৰানলৈ লৈ আহিছিল কাৰণে আলুক ইৰানত 'আলু মেলকম' অৰ্থাৎ মেলকমৰ বগৰী বুলি কোৱা হৈছিল। ইউৰোপিয়ানসকলৰ জৰিয়তে আলু যেতিয়া ভাৰতলৈ আহে, ঐতিহাসিক ড০ কে টি আচায়াৰ মতে, প্ৰথমে কেৱল ইছলামধৰ্মীসকলেহে তাক খাদ্য হিচাপে গ্ৰহণ কৰিছিল। ইউৰোপিয়ানসকলে অনা বন্ধাকবি, ফুলকবি আৰু বীটৰ নিচিনা আলুকো হিন্দু ধৰ্মাৱলম্বীসকলে প্ৰথমে গ্ৰহণ কৰা নাছিল, পিছলৈ যদিও আলু সকলো ভাৰতীয়ৰে আটাইতকৈ প্ৰিয় পাচলিত পৰিণত হয়। গতিকে মুছলমানসকলে ব্যৱহাৰ কৰা কাৰণে হওক অথবা সেই যুগৰ চৰকাৰী ভাষা ফাৰ্ছিৰ প্ৰভাৱতে হওক, ভাৰতৰ প্ৰায় সকলো ইন্ডো-আৰ্য ভাষাত 'আলু' শব্দৰ প্ৰচলন আৰম্ভ হয়।

Share Button
Print Friendly, PDF & Email

No Comments : "আলু-পুৰাণ - (আশ্বিকউজ-জামান)"

Leave a Comment

Your email address will not be published. Required fields are marked *