আমাৰ খাদ্য আমাৰ অধিকাৰঃ বিকৃত মন্তব্য দিবলৈ পতঞ্জলি কোন?-(বৰ্ণালী বৰুৱা দাস)

অসমৰ পৰম্পৰাগত বৰ্ণিল খদ্যাভ্যাসৰ ঐতিহ্য বিধৃত হৈ আছে অনন্ত কন্দলী বিৰচিত ‘কুমৰ হৰণ’ কাব্যত‌। উষা-অনিৰুদ্ধৰ গোপন বিবাহ উপলক্ষে সখী চিত্ৰলেখাই পৰম যত্নেৰে ৰান্ধি বাঢ়ি পৰিবেশন কৰা সেই পঞ্চাশ ব্যঞ্জনৰ তালিকাই যি কোনো খাদ্য-ৰসিকৰে ৰসনা সিক্ত কৰি পেলোৱাটো নিশ্চিত‌। কি নাই সেই তালিকাত? বিধে বিধে মঙহ,- গাহৰী, হৰিণ, খাহী, পাৰ, কাছ ইত্যাদি, বিধে বিধে মাছ, - বৰালী, শ’ল, ডৰিক, আৰি, ইলিস ইত্যাদি‌, বাকী বিভিন্ন ডাইল, তৰহে তৰহে পাচলি, তৰহে তৰহে মিষ্টান্নৰ উপৰিও মুহুদি ৰূপে কৰ্পূৰ আৰু তামোলো বাদ যোৱা নাই--

“মগুৰ ডালিত ঘৃত চিনি চূড়া দিল।
আতি ভাল কৰি তাক মসূৰে ৰঞ্জিল।।
আদা লোণ যনী জীৰা মৰীচ কদিল।
ভাজিলে খাসীৰ মাংস বাখৰে ৰঞ্জিল।।২০২
পাৰাৱত আনি তাই কৰিলেক জলা।
কচ্ছপৰ মাংসত দিলেক বৰকলা।।
হৰিণৰ মাংস সমে হিঙ্গৰ ফোটন।
ৰম্ভা মূলে বৰাহৰ মাংস বিতোপন।।২০৩
চিত্ৰফণী চিত্ৰলেখা দিলেক কৰ্পূৰ।
বড়ালিৰ ঘাণ্টিলাড়ি মত্স্যত মসূৰ।।
বচে বচে বেসুৱাৰি শৌলে মূলে সঙ্গ।
ডৰিকে বেঙ্গনে আৰি মাছত পালঙ্গ।।২০৪
কাঠি অৰা কৰে তাই ইলিহ কান্দোল।
জামীৰ শোলঙ্গ দিয়া লফাৰ আমোল।।”------

 

এইয়াই হৈছে আমাৰ সমৃদ্ধ খাদ্যাভ্যাস আৰু কলাসুলভ ৰন্ধন প্ৰকৰণৰ নমুনা‌। প্ৰত্যেক জাতিৰে পৰম্পৰাগত খাদ্যসম্ভাৰ এনে সমৃদ্ধিৰে সমৃদ্ধ‌।
এক বিশেষ ভৌগোলিক পৰিবেশত চৌপাশে উপলব্ধ খাদ্য সম্ভাৰকেই সেই ভৌগোলিক এলেকাৰ বাসিন্দাসকলে নিজৰ খাদ্যসম্ভাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰে আৰু তেনেকৈয়ে সেই বিশেষ জাতি বা জনজতিৰ খাদ্যাভ্যাস গঢ় লয়। যোগাযোগ ব্যৱস্থাৰ প্ৰসাৰৰ বাবে পাছলৈ যেতিয়া বিভিন্ন অঞ্চলৰ মানুহৰ সৈতে মানুহৰ সাংস্কৃতিক পৰিচয় ঘটিছে তেতিয়া পৰম্পৰাগত খ্যাদ্যভাসলৈ স্বাভাবিকতেই পৰিবৰ্তন আহে। আনহাতে বিশ্বায়নৰ প্ৰভাবেও মানুহৰ খাদ্যাভাসলৈ বৰ্তমান আমোল পৰিবৰ্তন আনিছে। প্ৰতিযোগিতামূলক বজাৰত তিস্থি থাকিবলৈকে খাদ্যউদ্যোগীয়ে গ্ৰাহকলৈ আগবঢ়াইদিছে নানান মুখৰোচক খাদ্য যিবোৰৰ পুষ্টিমূল্য প্ৰায়শূন্য। আৰু এনে এক অৱস্থাত সাম্প্ৰতিক সময়ত পৰিপুষ্টি বিজ্ঞানীৰফালৰ পৰা পৰম্পৰাগত খাদ্যাভ্যাসৰ ওপৰত পূৰ্বতকৈও অধিক গুৰুত্ব দি তাৰ বাবে সকলোকে উৎসাহিত কৰাৰ আয়োজন চলিছে। পৰম্পৰাগত খাদ্যসম্ভাৰৰ গুণাগুণৰ ওপৰত নতুন নতুন গবেষণাৰ কাম আৰম্ভ হৈছে‌। এনে এক প্ৰেক্ষাপটত যোৱা ২৬ জুলাই, ২০১৮ তাৰিখে ‘দ্যা নিউয়ৰ্ক টাইম মেগাজিন’ত Robert F. Worth এ দিয়া এটা ৰিপ’ৰ্টত যোগগুৰু ৰামদেৱৰ পতঞ্জলিৰ এজন মুখপাত্ৰ শ্ৰী এচ বি সিঙে অসমৰ মানুহৰ খাদ্যাভ্যাস সম্পৰ্কে দিয়া মন্তব্য অতিকে দুৰ্ভাগ্যজনক‌। তেখেতে কৈছে অসমৰ মানুহৰ আমিষ আহাৰ গ্ৰহণকে ধৰি কেতবোৰ বদ অভ্যাস আছে। আমাৰ পৌৰাণিক ঋষিসকলৰ পৰামৰ্শক সাৰোগত কৰি পতঞ্জলীয়ে যি খাদ্য আৰু ‘মূল্যবোধ’ক আধুনিক সাজত আগবঢ়াইছে, যাৰ অন্য নাম ‘হিন্দুত্ব’, তাক গ্ৰহণ কৰাবৰ বাবেই হেনো তেওঁলোকে কৰ্মশালাৰো আয়োজন কৰিছে। -- “Patanjali ran more than 380 workshops for prospective employees, where it taught a “value system.” Assam’s people, he explained, had “bad habits,” including eating nonvegetarian food and a lack of proper respect for the nation. “They’ve been listening to corrupt politics from corrupt people for too long,” he said. “We take what our sages said thousands of years ago and put it to use. We didn’t invent it. We took what’s available in our scriptures and put it in a modern format.” In other words, they inculcate Hindutva.”
তেখেতৰ এই মন্তব্য অবৈজ্ঞানিক আৰু অসমৰ মানুহৰ বাবে চূড়ান্তভাবে অপমানজনকতো হয়েই, লগতে ই ইতিহাস বিকৃতিৰ দোষতো দোষী‌। কাৰণ নিৰামিষ আহাৰ স্বাস্থ্যকৰ নে অস্বাস্থ্যকৰ সেইবোৰ কথা নিলগাই থৈও এই কথা তথ্য সহকাৰে প্ৰমাণ কৰিব পাৰি যে হিন্দু খাদ্যাভাস পৰম্পৰাগতভাবে নিৰামিষ নাছিল‌। আন নালাগে যাজ্ঞবলক্যৰ দৰে ঋষিৰ প্ৰিয় খাদ্য আছিল গো-মাংস। ঋগ্বৈদিক কালত অতিথি অপ্যায়নত বহুলভাবে গো-মাংসৰ ব্যৱহাৰ হৈছিল আৰু সেইবাবেই ঋগবেদত ব্যৱহৃত অতিথিৰ অন্য এক নাম ‘গোঘ্ন’, অৰ্থাৎ গো-মাংস ভক্ষণকাৰী‌। আনহাতে হিন্দুত্ববাদী শিবিৰৰ পৰম আৰাধ্য ৰামকো নিৰামিষ আহাৰীৰ তালিকাত অন্তৰ্ভূক্ত কৰিব পৰা নাযায়‌। ৰাজভোগৰ কালচোৱা বাৰু বাদ‌। কিন্তু ‘ঋষিতুল্য’ জীৱন যাপন কৰা ১৪ বছৰ বনবাসৰ কালচোৱাত বাৰু ৰামে কি খাইছিল? পতঞ্জলিয়ে দিহা দিয়া ফল-মূল, শাক-পাচলি? নিৰামিষ আহাৰ? খোদ বাল্মীকিকে সোধক‌। নাঃ। বাল্মীকি ইমান নিষ্ঠুৰ হোৱা নাই‌। ৰাজগৃহৰ সুখ-ভোগৰ পৰা বঞ্চিত হোৱাৰ দুখতেই হওক বা অভিমানতেই হওক প্ৰথম দুটা ৰাতি অৱশ্যে বাল্মীকিয়ে ৰামক কেবল পানী খাই পাৰ কৰাৰ কথাই কৈছে। পিছে বনবাসৰ তৃতীয় দিনা বনত এৰিবলৈ লগত অহা মন্ত্ৰী সুমন্ত আৰু গুহকক বিদায় দি গংগাপাৰৰ অৰণ্যত সোমায়েই ভোকৰ তাড়নাত ৰামে কি কৰিলে জানে নে? এটা দুটা নহয় এক্কেবাৰে তিনিটাকৈ হৰিণা আৰু এটা গাহৰি মাৰি বৰভোজৰ আয়োজন কৰি পেলালে‌।---

“তৌ তত্ৰ হত্বা চতুৰো মহামৃগান বৰাহমৃষ্যং পৃষতং মহাৰুহম‌। আদায় মেধ্যং ত্বৰিতং বুভুক্ষিতৌ‌।” ( নৃসিংহপ্ৰসাদ ভাদুৰীৰ ‘বাল্মীকিৰ ৰাম ও ৰামায়ণৰ’ পৰা উদ্ধৃত, পৃ: ৪০)

আকৌ বনবাসৰ পঞ্চম দিনা যেতিয়া বাল্মীকিৰ আশ্ৰম চিত্ৰকূটত প্ৰবেশ কৰি পৰ্ণকূটিৰ এটি সাজি ল’লে সেইদিনাও গৃহপ্ৰবেশ উপলক্ষে তেওঁলোৰ মেনুত শোভা পাইছিল হৰিণাৰ মাংস‌ই। লক্ষ্মণক মাংস ৰান্ধিবলৈ খৰধৰেই লগাই দিছিল ৰামে‌। --- “ঐণেয়ং স্ৰপয়স্বেতৎ------ ত্বৰ সৌমা”‌। (ঐ গ্ৰন্থ, পৃ ৪১)‌। তাৰপাছততো লক্ষ্মণে হৰিণাৰ মাংস গোটে গোটে ‘ৰোষ্ট’ কৰাৰ লোভনীয়বৰ্ণনা দিছে বাল্মীকিয়ে‌।

ইফালে ৰামক ঘুৰাই নিবলৈ অহা ভৰতে বনৰ মাজত ৰামক বিচাৰি পাইছিলহি কেনেকৈ জানেনে? হৰিণ ‘ৰ’ষ্ট’ কৰা জুইৰ ধোঁৱাৰ কুণ্ডলী খেদি খেদি‌। এইখিনিও বাল্মীকিৰ ৰামায়ণতেই আছে‌। মদে-মাংসই এক ৰমৰমীয়া খাদ্যাভ্যাসৰ কথা বাল্মীকিৰ ৰামায়ণৰ পাতে পাতে বিধৃত হৈ আছে‌। ৰামে বাওঁ বাহুৰ আলিংগনেৰে সীতাৰ হাতত পূৰ্ণপাত্ৰ মদ (মৈৰেয়) তুলি দিয়াৰ কথা আছে‌। আছে ৰাজ-মহিষীসকলে কথাই কথাই উদাহৰণ দিয়া সুৰাৰ বিভিন্ন প্ৰকাৰ-পদ্ধতিৰ কথা‌।
এই সমস্ত ইতিহাসক বিকৃত কৰাৰ জড়িয়তে পতঞ্জলিয়ে কি কৰিব বিছাৰিছে?‌ অসমত বিনামূল্যে চৰকাৰী মাটি অধিকাৰ কৰি, অসমৰ জীৱ-জন্তুক নিজ এলেকাৰ পৰা বিতাৰিত কৰি তথা হত্যা কৰি নিজৰ ব্যৱসায়ীক মুনাফাতো লুটিছেই। এইবাৰ আকৌ আহিছে অসমৰ মানুহক ‘মূল্যবোধ’ৰ শিক্ষা দিবলৈ। আহিছে পৰম্পৰাগত স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ ওপৰত দাদাগিৰি কৰি নিজৰ পণ্য খুৱাবলৈ।

এগৰাকী পৰিপুষ্টি বিজ্ঞানী হিচাপে পতঞ্জলীৰ এই অভব্য মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছো। লগতে এনে অভব্য আচৰণৰ উদ্যোগীক আমাৰ আত্মসন্মানত কৰা আঘাতৰ বাবেই বৰ্জন কৰিবলৈকো অসমবাসীক আহ্বান জনাইছো।

Share Button
Print Friendly, PDF & Email

1 Comment : "আমাৰ খাদ্য আমাৰ অধিকাৰঃ বিকৃত মন্তব্য দিবলৈ পতঞ্জলি কোন?-(বৰ্ণালী বৰুৱা দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *