আতিশয্যৰ যুগ : চমু বিংশ শতিকাৰ ইতিহাস - (মূল: এৰিক হবছবম অনুবাদ : ময়ূৰ চেতিয়া)

প্রথম অধ্যায়

সর্বগ্রাসী যুদ্ধৰ যুগ

(১)

‘সমগ্র য়ুৰোপৰ বুকুৰপৰা পোহৰৰ চাকিবোৰ আজি নুমাই গৈছে; আমাৰ জীৱন কালত দুনাই সিবিলাক জ্বলি উঠা হয়তো আমি দেখা নেপাম’ – এই ভাষ্য হৈছে গ্রেট ব্রিটেইনৰ বিদেশ সচিব এডৱার্ড গ্রেৰ; ১৯১৪ চনত জার্মানি আৰু ব্রিটেইনৰ মাজত যুদ্ধ ঘোষণা হোৱাৰ নিশা যেতিয়া ৱাইট হলৰ বন্তিবোৰ এটা এটাকৈ নুমুৱাই পেলোৱা হৈছিল, দৃশ্যটো চাই চাই গ্রেই এনেদৰে স্বগতোক্তি কৰিছিল। গ্রেৰপৰা বহু যোজন দূৰৈত ৱিয়েনা চহৰৰ নিবাসী বিখ্যাত ব্যংগশিল্পী কার্ল ক্রাছেও নিজস্ব উপায়েৰে বিশ্বযুদ্ধৰ সৈতে মুখামুখি হ’বলৈ প্রস্তুতি চলাইছিল। যুদ্ধৰ বিতং বর্ণনা তথা যুদ্ধক নিন্দা কৰি ৭৯২ পৃষ্ঠাৰ এখন বিয়াগোম বিৱৰণপূর্ণ নাটক তেওঁ লিখিবলৈ লৈছিল যাৰ নামকৰণ তেওঁ এনেদৰে কৰিছিল : ‘মানৱ জাতিৰ অন্তিম দিনকেইটা’। গ্রে আৰু ক্রাছ – দুয়োজনেই অনুভৱ কৰিছিল – তেওঁলোকৰ পুৰণা পৃথিৱীখন ছাৰাখাৰ হৈ গৈছে আৰু এনে অনুভৱ কৰা মানুহ কেৱল তেওঁলোক দুজনেই নাছিল। অৱশ্যেই এয়া মানৱ জীৱনৰ অন্তিম সময় নিশ্চয় নাছিল – কিন্তু তথাপিও দুই বিশ্বযুদ্ধৰ মাজৰ সময়খিনিত –১৯১৪ৰ ২৮ জুলাইত অষ্ট্রিয়াই ছার্বিয়াৰ ওপৰত যুদ্ধ ঘোষণা কৰাৰপৰা  ১৯৪৫ৰ ১৪ আগষ্টলৈকে – যেতিয়া আণৱিক বিস্ফোৰণৰ চাৰি দিন পাছত জাপানে আত্মসমর্পণ কৰিছিল – এই নাতিদীর্ঘ একত্রিছটা বছৰত এনে কেইবাটাও মুহূর্ত আহিছিল যেতিয়া মানৱ জাতিৰ এক লেখত ল’বলগীয়া অংশৰ সামগ্রিক বিনাশ নির্ঘাতভাৱে হ’ব পাৰে যেন অনুভৱ হৈছিল। এনে কেইবাটাও মুহূর্ত আহিছিল যেতিয়া ঈশ্বৰে - যি পৃথিৱীখন সৃষ্টি কৰিছে বুলি ধর্মপ্রাণ মানুহে বিশ্বাস কৰে - এনে ঈশ্বৰেও এই পৃথিৱীখন কিয়নো স্রজন কৰিলো বুলি আক্ষেপ কৰাৰ আশা কৰিব পৰা গৈছিল।

এনে পৰিস্থিতিৰ মাজতো মানৱ জাতিটো কেনেবাকৈ জীয়াই থাকিল। কিন্তু বিশ্বযুদ্ধৰ লেলিহান শিখাই ঊনবিংশ শতিকাৰ সভ্যতাৰ সুউচ্চ কৃতিত্বসমূহ জ্বলাই ছাৰাখাৰ কৰি পেলালে। চমু বিংশ শতিকাটো বুজিবলৈ হ’লে এই তথ্যটোৰ প্রতি মন দিবই লাগিব। বিংশ শতিকাটোৰ মগজুত বিশ্বযুদ্ধৰ বাস্তৱতা তথা সম্ভাৱনাই সদায়েই ক্রিয়া কৰি ফুৰিছিল; বিশ্বযুদ্ধৰ হিচাপতেই ই জীৱন তথা চিন্তনৰ ৰূপ নির্মাণ কৰিছিল; আনকি এনে সময়তো - যেতিয়া বন্দুকবোৰ মৌন হৈ আছিল আৰু বোমাবোৰ বিস্ফোৰিত হৈ পৰা নাছিল। বিংশ শতিকাৰ ইতিহাস, বা সঠিককৈ ক’বলৈ হ’লে শতিকাটোৰ প্রথমছোৱাৰ পতন তথা মহাবিনাশৰ ইতিহাস আমি একত্রিশ বছৰীয়া বিশ্বযুদ্ধৰ কালছোৱাৰ বুকুতেই বিচাৰিব লাগিব।

যিসকল মানুহ - বিশেষকৈ মধ্য য়ুৰোপৰ নিবাসীসকল - যি  ১৯১৪ৰ  আগেয়েই বয়সসন্ধি লাভ কৰিছিল - তেওঁলোকৰ ভিতৰত এই ইতিহাসবিদৰ মাতৃ-পিতৃও আছিল - তেওঁলোকৰ বাবে ১৯১৪ৰ পূর্বৰ তথা পাছৰ সময়খিনিৰ পার্থক্য ইমানেই অধিক নাটকীয় আছিল যে তেওঁলোকে অতীতৰ স’তে বর্তমানৰ কোনো সামঞ্জস্য থকাৰ সম্ভাৱনাটোকেই নাকচ কৰিছিল। তেওঁলোকৰ বাবে শান্তিৰ অর্থ আছিল ‘১৯১৪ৰ পূর্বৰ সময়খিনি’; তাৰ পাছত যিটো কাল আহিল, তাৰ বাবে শান্তি শব্দটো প্রয়োগ কৰাটো শব্দটোৰ অপমান বুলিহে ক’ব পৰা গৈছিল। এই কথাখিনি বুজাটো টান নহয়। ১৯১৪ৰ পূর্বে প্রায় এশ বছৰ ধৰি কোনো ডাঙৰ যুদ্ধ সংঘটিত হোৱা নাছিল; অর্থাৎ এনে কোনো যুদ্ধ হোৱা নাছিল য’ত বিশ্বৰ প্রধান প্রধান শক্তিবোৰ লিপ্ত আছিল। সেই সময়ত প্রধান শক্তি বুলি ক’লে ছখন য়ুৰোপীয় দেশ (ব্রিটেইন, ফ্রান্স, ৰাছিয়া, অষ্ট্রিয়া-হাংগেৰি, প্রুছিয়া বা ১৯৮১ৰ পাছত একত্রিত হোৱা সংযুক্ত জার্মানি আৰু একত্রিত ইটালি) তথা আমেৰিকান যুক্তৰাষ্ট্র আৰু জাপানক বুজোৱা হৈছিল। এই এশ বছৰ কালত দুখনতকৈ অধিক মহাশক্তিধৰ দেশ জড়িত থকা যুদ্ধ মাত্র এখনহে আছিল আৰু সেইখনো বেছ খন্তেকীয়া যুদ্ধ আছিল; এই যুদ্ধখন আছিল ক্রিমিয়াৰ যুদ্ধ (১৮৫৪-৫৬) য’ত এফালে আছিল ৰাছিয়া আৰু আনফালে আছিল ব্রিটেইন আৰু ফ্রান্স। মহাশক্তিধৰ দেশবোৰ জড়িত থকা অন্যান্য যুদ্ধবোৰ এই সময়ছোৱাত অত্যন্ত খন্তেকীয়া যুদ্ধ আছিল। এই সময়ছোৱাৰ দীর্ঘকালীন যুদ্ধখন কোনো আন্তর্জাতিক যুদ্ধ নাছিল, বৰং ই আছিল এক গৃহযুদ্ধ (আমেৰিকান যুক্তৰাষ্ট্রৰ গৃহযুদ্ধ : ১৮৬১-৬৫)। যুদ্ধৰ দীর্ঘতাৰ লেখ মাহৰ হিচাপত – আনকি সপ্তাহৰ হিচাপতো কৰা হৈছিল (যেনে ১৮৬৬ চনৰ প্রুছিয়া তথা অষ্ট্রিয়াৰ যুদ্ধ)। ১৮৭১-১৯১৪ সময়ছোৱাত য়ুৰোপৰ ভূমিত এনে কোনো যুদ্ধ সংঘটিত হোৱা নাছিল য’ত কোনো মহাশক্তিধৰ দেশে কোনো শত্রু ৰাষ্ট্রৰ সীমা পাৰ হৈ গৈছিল; অৱশ্যে সূদুৰ পূবত ৰাছিয়া আৰু জাপানৰ মাজত ১৯০৪-০৫ৰ যুদ্ধ সংঘটিত হৈছিল য’ত ৰাছিয়াৰ পৰাজয়ে দেশখনত বিপ্লৱৰ দিন চমুৱাই আনিছিল।

এই সময়ছোৱাত এখনো বিশ্বযুদ্ধ সংঘটিত হোৱা নাছিল। ১৮ শতিকাত ব্রিটেইন আৰু ফ্রান্সৰ মাজত এলানি দীঘলীয়া যুদ্ধ হৈছিল যি বিশ্বৰ এমূৰৰপৰা সিমূৰলৈকে - ভাৰতৰপৰা উত্তৰ আমেৰিকালৈকে - বিভিন্ন ঠাইত, বিভিন্ন যুদ্ধস্থলীত সংঘটিত হৈছিল। কিন্তু ১৮১৫ৰপৰা ১৯১৪ পর্যন্ত কোনো মহাশক্তিধৰ দেশেই আন এক মহাশক্তিক এনেকৈ বিশ্বৰ দূৰ-দিগন্তৰ অঞ্চলত আক্রমণ কৰা নাছিল। অৱশ্যে দুর্বল শক্তিৰ বিৰুদ্ধে বা সাম্রাজ্যবাদী সম্প্রসাৰণৰ বাবে বিদেশত বিভিন্ন আক্রমণাত্মক অভিযান নিশ্চিতভাৱে চলোৱা হৈছিল আৰু এনে অভিযান সেই সময়ত সুলভেই আছিল বুলি ক’ব পৰা যায়। এনে বেছিভাগ অভিযানেই আছিল একপক্ষীয় যুদ্ধ – যেনে আমেৰিকা যুক্তৰাষ্ট্রৰ দুখন যুদ্ধ - প্রথমখন মেক্সিকোৰ বিৰুদ্ধে (১৯৪৬-৪৮); দ্বিতীয়খন স্পেইনৰ বিৰুদ্ধে (১৮৯৮)।  নিজৰ ঔপনিবেশিক সাম্রাজ্যৰ প্রসাৰৰ বাবে ব্রিটেইন বা ফ্রান্সে হাতত লোৱা বিভিন্ন অভিযানকো এই শ্রেণীৰ ভিতৰতে সামৰি ল’ব পাৰি। অৱশ্যে মাজে-মধ্যে এই অভিযানবোৰত সাম্রাজ্যবাদী দেশবোৰৰ পৰাজয়ো ঘটিছিল; যেনে – ১৮৬০ৰ  দশকত ফ্রান্সে মেক্সিকোৰপৰা  বা ১৮৯৬ত ইটালিয়ে ইথিয়’পিয়াৰপৰা পশ্চাদপসৰণ কৰিব লগা হৈছিল। পিছে কথা হৈছে যে এই আধুনিক ৰাষ্ট্রবোৰৰ আটাইতকৈ শক্তিশালী শত্রুসকলেও বুজি পাইছিল যে যুদ্ধৰ অত্যাধুনিক অস্ত্র-শস্ত্রৰে সুসজ্জিত এই দেশবোৰক পৰাজিত কৰাটো সম্ভৱপৰ নহ’ব; খুউব বেছি নিজৰ পশ্চাদপসৰণৰ তাৰিখ কিছুদিন পিছুৱাই নিয়াটোহে সম্ভৱপৰ হ’ব; কিন্তু পশ্চাদপসৰণ যে কৰিব লাগিবই - সেয়া নিশ্চিত। বিশ্বৰ দূৰ-দিগন্তত সংঘটিত হোৱা এনে সংঘাত তথা অভিযানবোৰ আছিল এডভেন্সাৰমূলক উপন্যাসৰ বিষয়বস্তু বা সেই সময়ত ন-কৈ আৱির্ভাৱ হোৱা ‘যুদ্ধ-সাংবাদিক’ৰ আগ্রহৰ বিষয়। কিন্তু যিবোৰ পশ্চিমীয়া দেশে এনে যুদ্ধবোৰ সংঘটিত কৰিছিল সিবিলাকৰ অধিকাংশ নাগৰিকৰ দৈনন্দিন জীৱনত এই যুদ্ধবোৰে কোনো প্রভাৱ পেলোৱা নাছিল।

১৯১৪ চনত এই সমস্ত পৰিদৃশ্য সলনি হৈ পৰিল। প্রথম বিশ্বযুদ্ধই সকলো প্রধান শক্তিকে সামৰি ল’লে; আচলতে স্পেইন, নেদাৰলেণ্ড, তিনিখন স্কান্ডিনেভিয়ান দেশ তথা ছুইজাৰলেণ্ডৰ বাহিৰে আন সকলো য়ুৰোপীয় দেশকে এই বিশ্বযুদ্ধই সামৰি ল’লে। বিশ্বৰ এটা অঞ্চলৰ সৈনিকে সমুদ্র পাৰ হৈ আন এটা অঞ্চলত গৈ যুদ্ধ কৰিলে – কানাডিয়ানসকলে ফ্রান্সত যুদ্ধ কৰিলে, অষ্ট্রেলিয়ান আৰু নিউ জিলেণ্ডিয়ানসকলে গেলিপ’লি অভিযানত অংশগ্রহণ কৰিলে (যি তেওঁলোকৰ জাতীয় চেতনা তথা জাতীয় মিথ নির্মাণ কৰাৰ প্রভূত অৰিহণা যোগালে)। অধিক গুৰুত্বপূর্ণভাৱে, আমেৰিকাই ‘য়ুৰোপীয় গণ্ডগোল’ত ভৰি নিদিবলৈ জর্জ ৱাশ্বিংটনে দি যোৱা সকীয়নি আওকাণ কৰি মহাদেশখনলৈ আমেৰিকান সৈন্যবাহিনী পঠোৱাৰ সিদ্ধান্ত ল’লে আৰু এইদৰেই ই বিংশ শতিকাৰ ইতিহাসৰ গঢ়গতি বিশেষভাৱে নির্ধাৰণ কৰিলে। ভাৰতীয়সকলে য়ুৰোপ আৰু মধ্যপ্রাচ্যত, চীনা শ্রমিক বেটেলিয়নবোৰে পশ্চিমত তথা আফ্রিকানসকলে ফৰাচী সেনাবাহিনীত ভর্তি হৈ যুদ্ধ কৰিলে। যদিওবা মধ্যপ্রাচ্যৰ ব্যতিক্রমটো বাদ দিলে য়ুৰোপৰ বাহিৰৰ অঞ্চলবোৰত সৈনিক অভিযান বিশেষ গুৰুত্বপূর্ণ নাছিল, নৌ-যুদ্ধই কিন্তু এই সময়তে পুনৰ গোলকীয় ৰূপ ধাৰণ কৰিলে। প্রথমটো সংঘর্ষ সংঘটিত হ’ল ফকলেণ্ড দ্বীপপুঞ্জত - ১৯১৪ চনত; পাছলৈ জার্মান ছাবমেৰিন তথা জোঁট শক্তিৰ বোজা বহন কৰা জাহাজবোৰে উত্তৰ তথা মধ্য আটলাণ্টিকত  নির্ণায়ক অভিযানবোৰ সম্পন্ন কৰিলে।

দ্বিতীয় বিশ্বযুদ্ধ যে আক্ষৰিকভাৱেই এক গোলকীয় যুদ্ধ আছিল - এই কথাটো প্রমাণিত কৰাটো বিশেষ টান নহয়। বিশ্বৰ প্রায় সকলোবোৰ স্বাধীন ৰাষ্ট্র ইচ্ছাকৃতভাৱে অথবা পৰিস্থিতিৰ দায়ত পৰি এই যুদ্ধৰ অংশীদাৰ হৈ পৰিছিল; অৱশ্যে লেটিন আমেৰিকাৰ গণৰাজ্যবোৰে যুদ্ধত নামমাত্রহে অংশগ্রহণ কৰিছিল। সাম্রাজ্যবাদী ৰাষ্ট্রবোৰৰ অধীনত থকা উপনিবেশবোৰৰ এই ক্ষেত্রত ইচ্ছা-অনিচ্ছাৰ কথাই নাছিল; সিবিলাকক জোৰকৈ যুদ্ধত সুমুৱাই লোৱা হৈছিল। ছুইডেন, ছুইজাৰলেণ্ড, পর্টুগাল, স্পেইন, তুর্কী, ভৱিষ্যতৰ আইৰিছ গণৰাজ্য তথা আফগানিস্তানৰ বাহিৰে বিশ্বৰ আন সকলো ৰাষ্ট্র এই যুদ্ধৰ হয় অংশীদাৰ আছিল, নহয় কাৰোবাৰদ্বাৰা অধিকৃত আছিল – অথবা দুয়োটাই আছিল। এই বিশ্বযুদ্ধৰ যুদ্ধস্থলীবোৰো বিশ্বৰ এমূৰৰপৰা সিমূৰলৈকে বিস্তৃত আছিল। মেলানেছিয়ান দ্বীপপুঞ্জ, উত্তৰ আফ্রিকাৰ মৰুভূমি, বার্মা আৰু ফিলিপাইনছৰ বিভিন্ন গাঁও তথা চহৰৰ নাম যুদ্ধকালীন ৰেডিঅ’ প্রচাৰ তথা বাতৰিকাকতে জনপ্রিয় কৰি তুলিছিল - যিদৰে স্তালিনগ্রাড, নর্মাণ্ডি, কুর্স্ক আদি নামবোৰ সকলোৰে পৰিচিত হৈ পৰিছিল। দ্বিতীয় বিশ্বযুদ্ধ ভূগোলৰ শ্রেণীকোঠাৰ দৰে হৈ পৰিছিল যি মানুহক নিত্য নতুন ঠাইৰ স’তে পৰিচিত কৰি তুলিছিল।

স্থানীয়, আঞ্চলিক অথবা গোলকীয় – যিয়েই নহওক কিয়, বিংশ শতিকাৰ প্রায় আটাইবোৰ যুদ্ধই আছিল সমস্ত অতীতৰ তুলনাত অভূতপূর্ব। কিছু সময় পূর্বে আমেৰিকান বিশেষজ্ঞসকলে - যি এইধৰণৰ হিচাপবোৰ কৰি ভাল পায় - ১৮১৬-১৯৬৫ সময়ছোৱাত সংঘটিত হোৱা ৭৪খন আন্তর্জাতিক যুদ্ধক সিবিলাকৰ বিধ্বংসী মাত্রা অনুসৰি শ্রেণীকৰণ কৰিছে। এই হিচাপ অনুসৰি, আটাইতকৈ বেছি মানুহৰ মৃত্যু হোৱা চাৰিওখন যুদ্ধই সংঘটিত হৈছে বিংশ শতিকাত : দুখনকৈ বিশ্ব যুদ্ধ, চীনৰ বিৰুদ্ধে জাপানৰ যুদ্ধ (১৯৩৭-৩৯), তথা কোৰিয়ান যুদ্ধ। এনে প্রতিখন যুদ্ধত ১০ কোটিতকৈ অধিক মানুহে প্রাণ হেৰুৱাইছে। ১৮৭০-৭১ সময়ছোৱাত সংঘটিত হোৱা উত্তৰ-নেপোলিয়ন কালৰ ঊনবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ যুদ্ধখনত - য’ত এফালে জার্মানি আৰু আনফালে ফ্রান্স আছিল - তাত প্রাণ হেৰুওৱা মানুহৰ সংখ্যা আছিল প্রায় ডেৰ লাখ। আনহাতে বিংশ শতিকাৰ একোখন সৰু যুদ্ধতে সমসংখ্যক মানুহে প্রাণ হেৰুৱাইছে (উদাহৰণ : ১৯৩২-৩৫ সময়ছোৱাত বলিভিয়া আৰু পাৰাগুৱেৰ মাজত সংঘটিত হোৱা যুদ্ধ)। চমু ভাষাত ক’বলৈ গ’লে – ১৯১৪ চনটোৱে নৰহত্যাৰ এক বিশেষ যুগৰ সূচনা কৰিলে (Singer, 1972, pp. 66, 131) ।

প্রথম বিশ্বযুদ্ধৰ উৎস ক’ত লুকাই আছিল – সেই সম্পর্কে স্থানান্তৰত আলোচনা কৰা হৈছে; আগ্রহী পাঠকে এই লেখকৰ Age of Empire গ্রন্থখন পঢ়ি চাব পাৰে। এই যুদ্ধৰ আৰম্ভণি ঘটিছিল এখন য়ুৰোপীয় যুদ্ধৰ ৰূপত – য’ত এফালে আছিল ফ্রান্স, ব্রিটেইন আৰু ৰাছিয়াৰদ্বাৰা গঠিত ‘ট্রিপল এলায়েঞ্চ’ বা তিনিপক্ষীয় জোট শক্তি আৰু আনফালে আছিল জার্মানি তথা অষ্ট্রিয়া-হাংগেৰিৰ ‘চেন্ট্রেল পাৱাৰ’ বা কেন্দ্রীয় শক্তি। অষ্ট্রিয়াই আক্রমণ কৰাৰ পাছত ছার্বিয়া - তথা জার্মানিয়ে আক্রমণ কৰাৰ পাছত বেলজিয়াম - যুদ্ধৰ অংশীদাৰ হৈ পৰে। ছার্বিয়া আক্রমণ যদি প্রথম বিশ্বযুদ্ধৰ তাৎক্ষণিক কাৰণ আছিল, তেনেহ’লে বেলজিয়ান আক্রমণ আছিল জার্মান যুদ্ধ আঁচনিৰ বিশেষ অংশ। অতি সোনকালেই তুর্কী আৰু বুলগেৰিয়াই কেন্দ্রীয় শক্তিত যোগদান কৰিলে আৰু আনফালে জোট শক্তিয়েও এক বিৰাট মিত্রতা গঠন কৰিলে। ইটালিক লোভ দেখুৱাই মাতি অনা হ’ল; গ্রীচ, ৰোমানিয়া আৰু পর্টুগালকো অন্তর্ভুক্ত কৰি লোৱা হ’ল। সুদূৰ প্রাচ্য তথা পশ্চিম পেচিফিক অঞ্চলটোত থকা জার্মান পজিচনবোৰ দখল কৰি লোৱাৰ উদ্দেশ্যৰে আৰম্ভণিতেই জাপানেও যুদ্ধত অংশগ্রহণ কৰিলে; অৱশ্যে নিজা অঞ্চলটোৰ বাহিৰে অন্য ঠাইৰ প্রতি জাপানে বিশেষ কোনো আগ্রহ নেদেখুৱালে। অৱশেষত ১৯১৭ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ আগমন ঘটিল আৰু ইয়েই যুদ্ধৰ শেষ ফলাফল নির্ণয় কৰিলে।

জার্মানসকলে পূব আৰু পশ্চিম দুয়োটা ফ্রণ্টতে শত্রুৰ সমুখীন হ’ব লগাত পৰিছিল; প্রথম আৰু দ্বিতীয় - দুয়োখন বিশ্বযুদ্ধতেই জার্মানিয়ে এই সমস্যাটোৰ মুখামুখি হ’ব লগা হৈছিল। এই দুয়ো ফ্রন্টৰ উপৰি  অষ্ট্রিয়া-হাংগেৰিৰ স’তে মিত্রতা কৰাৰ ফলত ই বলকান অঞ্চললৈও মন দিব লগাত পৰিছিল (অৱশ্যে যিহেতু বলকান অঞ্চলত চাৰিটাকৈ প্রধান শক্তি উপস্থিত আছিল, সেয়েহে সমস্যাটো ইমান ডাঙৰ নাছিল)। জার্মানিৰ পৰিকল্পনা আছিল যে পশ্চিমৰ ফ্রন্টত ই তড়িৎ গতিৰে ফ্রান্সক আক্রমণ কৰিব আৰু ততালিকে জয় লাভ কৰি ই পূবৰ ফ্রণ্টত একেই তীব্র গতিৰে ৰাছিয়াকো পৰাস্ত কৰিব। ৰাছিয়াৰ জাৰে তেওঁৰ বিৰাট সেনাবাহিনীটোক ভালকৈ মোতায়েন কৰিব পৰাৰ আগেয়েই জার্মান বাহিনীয়ে ৰাছিয়া দখল কৰিব। প্রথম তথা দ্বিতীয় - দুয়োখন বিশ্বযুদ্ধতে জার্মানিৰ যুদ্ধ পৰিকল্পনাৰ বিশেষ অংগ আছিল বিজুলী বেগেৰে আক্রমণ  (দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এনে আক্রমণবোৰ ব্লিটজক্রায়েগ নামেৰে পৰিচিত হৈছিল)। ইয়াৰ বাহিৰে আচলতে জার্মানিৰ কোনো গত্যন্তৰ নাছিল। দুয়োবাৰেই এই জার্মান পৰিকল্পনা প্রায় সফল হৈছিল; শেষপর্যন্তহে সিবিলাকক বিফল কৰিব পৰা গৈছিল। বিশ্বযুদ্ধৰ ঘোষণাৰ পাঁচ-ছয় সপ্তাহমানৰ ভিতৰতে জার্মান সেনাবাহিনী ফ্রান্সৰ দিশেৰে অগ্রসৰ হৈছিল, নিৰপেক্ষ হৈ থাকিবলৈ যত্ন কৰা বেলজিয়াম আদি কিছুমান দেশৰ মাজেৰে পাৰ হৈ আহি ই পেৰিছৰপৰা কেইডজনমান মাইল দূৰৈত অৱস্থিত মার্ন নদীৰ পাৰ পর্যন্ত উপনীত হৈছিল (দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই জার্মান পৰিকল্পনা সম্পূর্ণভাৱে সফল হৈছিল; ৪২ দিনৰ যুদ্ধৰ পাছত ফ্রান্স সম্পূর্ণভাৱে ধৰাশায়ী হৈছিল)। তাৰ পাছতেই জার্মান বাহিনী কিছুদূৰ পিছ হুঁহকি আহিছিল আৰু ইয়াৰ পাছতেই দুয়ো পক্ষৰ মাজত দীর্ঘদিনীয়া ট্রেন্স যুদ্ধৰ সূত্রপাত ঘটিছিল। বেলজিয়ামৰ অৱশিষ্ট বাহিনী তথা ব্রিটিছ থলবাহিনীৰ সহায়ত জোট শক্তিয়ে এক বিশাল প্রতি-আক্রমণৰ আয়োজন কৰিছিল। জার্মান বাহিনীৰ পজিচনবোৰৰ সমান্তৰালভাৱে ইংলিছ চেনেলৰ দাঁতি অঞ্চল ফ্লেণ্ডাৰৰপৰা ছুইজাৰলেণ্ডৰ সীমালৈকে এক বিশাল অঞ্চলত প্রতিৰক্ষামূলক ট্রেন্স খন্দা হৈছিল। আনহাতে, বেলজিয়াম তথা পূব ফ্রান্সৰ এক বিশাল অংশ জার্মানিৰ অধীন হৈ ৰৈছিল। অনাগত তিনি বছৰ  ছয় মাহ ধৰি এই লাইন অপৰিবর্তনীয় হৈ ৰৈছিল।

এয়াই আছিল সেই কুখ্যাত ‘ৱেষ্টার্ন ফ্রণ্ট’ যি সমস্ত মানৱ ইতিহাসতে অভূতপূর্ব, বিশাল তথা ভয়ংকৰ নৰহত্যাৰ এক মেচিনলৈ পর্যবসিত হৈছিল। কোটি কোটি মানুহে বালিৰ বস্তাৰ আঁৰত খান্দি লোৱা নলাৰ দৰে ট্রেন্সবোৰত নিগনি-এন্দুৰৰ দৰে বাস কৰিছিল। মাজে-মধ্যে তেওঁলোকৰ জেনেৰেলসকলে স্থিতাৱস্থা আঁতৰাবলৈ নতুন আক্রমণৰ আয়োজন কৰিছিল। দিনৰ পাছত দিন – আনকি সপ্তাহ জুৰি লেথেৰি নিছিগাকৈ কামানেৰে বোমাবর্ষণ চলিছিল – যাক পাছলৈ এজন জার্মান লেখকে এইদৰে নামকৰণ কৰিছে : ‘তীখাৰ ধুমুহা’ (Ernst Junger, 1921) । এই সমস্ত আয়োজন কৰা হৈছিল শত্রুক লেহুকা কৰি ভূমিগত কৰিবলৈ - যাতে উচিত সময়ত ট্রেন্সৰপৰা ওলাই আহি ‘ন মেন্স লেণ্ড’ৰ ফালে আগুৱাই যাব পৰা যায় - য’ত বোকা-পানীৰে ভর্তি গাঁত, বোমা আক্রমণত ধ্বংসস্তূপত পৰিণত হোৱা গছৰ গুৰি, মৰাশ আদিৰ বাধা নেওচি শেহত গৈ শত্রুৰ মেচিনগানৰ সমুখত মৃত্যুবৰণ কৰিব পৰা যায়। সৈনিকসকলে ভালকৈয়ে জানিছিল – এনে প্রতিটো আক্রমণৰ শেহত তেওঁলোকৰ এয়াই দশা হ’ব। উদাহৰণস্বৰূপে, ১৯১৬ চনত জার্মানসকলে ভার্ডুনত আয়োজন কৰা এনে এক স্থিতাৱস্থাবিৰোধী আক্রমণত  ২০ লাখ  সৈনিক মোতায়েন কৰা হৈছিল আৰু তাৰ ভিতৰত ১০ লাখৰ মৃত্যু ঘটিছিল। তৎসত্ত্বেও শেহত গৈ এই আক্রমণ বিফল হৈছিল। ঠিক তেনেদৰেই জার্মানিৰ ভার্ডুন আক্রমণ প্রতিহত কৰিবলৈ ব্রিটেইনে আয়োজন কৰা চ’ম আক্রমণৰ সময়ত ৪ লাখ ২০ হাজাৰ ব্ৰিটিছ সৈনিকৰ মৃত্যু হৈছিল; ইয়াৰ ভিতৰত ৬০ হাজাৰজন নিহত হৈছিল আক্রমণৰ প্রথম দিনাই। কাজেই বহুতো ব্ৰিটিছ তথা ফৰাচী ব্যক্তিৰ স্মৃতিত প্রথম বিশ্বযুদ্ধ দ্বিতীয় বিশ্বযুদ্ধতকৈও অধিক ভয়াৱহ আছিল; এই প্রথম বিশ্বযুদ্ধৰ বেছিভাগ সময় তেওঁলোকে ৱেষ্টার্ন ফ্রণ্টৰ ট্রেন্সবোৰতে কটাইছিল। ফ্রান্সে সৈনিক হ’বৰ উপযুক্ত বয়সৰ প্রায় ২০ শতাংশ ডেকা ল’ৰা প্রথম বিশ্বযুদ্ধত হেৰুৱাইছিল। যদি যুদ্ধত বন্দী, আঘাতপ্রাপ্ত তথা বেয়াকৈ প্রভাৱিত সৈনিকসকলকো হিচাপত লোৱা হয় (‘ধ্বংসস্তূপত পৰিণত হোৱা মুখবোৰ’ –প্রাক্তন সৈনিকসকলৰ বাবে উত্তৰ-যুদ্ধকালত এনে এটা শব্দৰেই আৱির্ভাৱ ঘটিছিল), তেনেহ’লে ক’ব লাগিব যে প্রতি তিনিজন ফৰাচী সৈনিকৰ ভিতৰত মাত্র এজনহে ক্ষতি-খুন নোহোৱাকৈ বাচি আহিছিল। ব্ৰিটিছ সৈনিকসকলৰ অৱস্থাও আছিল তদ্রূপ। ব্ৰিটিছ সমাজখনে এটা সম্পূর্ণ প্রজন্ম হেৰুৱাই পেলাইছিল – ত্রিশ বছৰতকৈ কম বয়সৰ প্রায় ৫ লাখ ডেকা ল’ৰা যুদ্ধত নিহত হৈছিল (Winter, 1986, p. 83) । ইয়াৰ ভিতৰত এটা বুজন অংশ আছিল উচ্চ শ্রেণীৰ, যি সেনাবাহিনীৰ অফিচাৰ হিচাপে সাধাৰণ সৈনিকসকলক উৎসাহ দিবলৈ গৈ সমুখৰপৰা যুদ্ধ পৰিচালনা কৰিছিল আৰু কাজেই মেচিন গানৰ গুলী সর্বপ্রথম তেওঁলোকৰ গাতেই আহি পৰিছিল। অক্সফ’র্ড আৰু কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ ২৫তকৈ কম বয়সৰ যিসকল ছাত্রই ১৯১৪ চনত সেনাবাহিনীত যোগদান কৰিছিল, তেওঁলোকৰ এক-চতুর্থাংশই প্রথম বিশ্বযুদ্ধত মৃত্যুবৰণ কৰিছিল (Winter, 1986, p. 98)। জার্মানিয়ে ফ্রান্সতকৈও অধিক লোক হেৰুৱাইছিল – কিন্তু সেনাবাহিনীত যোগদান কৰিবৰ বাবে উপযুক্ত বয়সৰ ব্যক্তিৰ সংখ্যা দেশখনত অধিক আছিল আৰু অনুপাত হিচাপে এই অংশটোৰ মাত্র ১৩ শতাংশকহে জার্মানিয়ে হেৰুৱাইছিল। আমেৰিকাৰ ক্ষয়-ক্ষতিৰ মাত্রা আছিল তুলনামূলকভাৱে সামান্য, কিন্তু মুঠ সংখ্যাৰ ফালে মন কৰিলে ই আচলতে ৱেষ্টার্ন ফ্রণ্টটো কেনেদৰে এক বিৰাট মানৱ-নিধন যজ্ঞলৈ পৰিণত হৈছিল, সেই কথাই যেন আমাক সোঁৱৰাই দিয়ে (১৬ লাখ ফৰাচী, ৮ লাখ ব্রিটিছ তথা ১৮ লাখ জার্মানৰ বিপৰীতে ১ লাখ ১০ হাজাৰ আমেৰিকানে প্রথম বিশ্বযুদ্ধত মৃত্যুবৰণ কৰিছিল)। মন কৰা ভাল যে যদিওবা আমেৰিকাই দ্বিতীয় বিশ্বযুদ্ধত প্রায় তিনিগুণ অধিক মানুহ হেৰুৱাইছিল, আমেৰিকান বাহিনীবোৰ কিন্তু ১৯১৭-১৮ সময়খিনিত মাত্র ডেৰ বছৰৰ বাবেহে তথা মাত্র ৱেষ্টার্ন ফ্রন্টৰ যুদ্ধক্ষেত্রতহে উপস্থিত আছিল – যেতিয়া নেকি দ্বিতীয় বিশ্বযুদ্ধত প্রায় চাৰে তিনি বছৰ তেওঁলোক যুদ্ধক্ষেত্রত আছিল।

ৱেষ্টার্ন ফ্রন্টৰ যুদ্ধৰ ভয়াৱহতাই অনেকবোৰ বিষাক্ত ফলাফল সৃষ্টি কৰিলে। এই অভিজ্ঞতাই যুদ্ধ আৰু ৰাজনীতি – দুয়োটাকে পাশৱিক কৰি তোলাত সহায় কৰিলে; প্রশ্ন কৰা হ’ল - যদিহে প্রথমটো কাম মানৱ জীৱনৰ হানি তথা অন্যান্য ক্ষয়-ক্ষতিৰ প্রতি সম্পূর্ণ আওকাণ কৰি সমাপন কৰিব পৰা যায়, তেনেহ’লে দ্বিতীয়টোৰ ক্ষেত্রতো একেই পদ্ধতি প্রয়োগ কৰাত আপত্তি কি? প্রথম বিশ্বযুদ্ধত অংশগ্রহণ কৰা বেছিভাগ মানুহেই - যাৰ ভিতৰত অধিকাংশই আছিল কন্সক্রিপ্ট - অর্থাৎ বাধ্যতামূলকভাৱে সেনাবাহিনীত নিয়োগ কৰা লোক -  যুদ্ধৰ বিৰোধীলৈ পৰিণত হৈছিল। কিন্তু যিসকল প্রাক্তন সৈনিক যুদ্ধবিৰোধীলৈ পৰিণত হোৱা নাছিল - তেওঁলোকে প্রায়েই একেলগে যুঁজ কৰা তথা মৃত্যুৰ স’তে খেলা কৰাৰ অনুভূতিৰপৰা উৎপন্ন এক প্রকাৰৰ পাশৱিক অহমিকাবোধ অনুভৱ কৰিছিল; মহিলা, শিশু আদিকে ধৰি যুদ্ধত অংশগ্রহণ নকৰা লোকসকলৰ সমুখত তেওঁলোকৰ এই অহমিকাবোধ অত্যধিক তীব্র হৈ পৰিছিল। এইসকল প্রাক্তন সৈনিকেই উত্তৰ-যুদ্ধ কালছোৱাত আৱির্ভাৱ হোৱা উৎকট সোঁপন্থী সংগঠনসমূহৰ প্রাৰম্ভিক কেডাৰ আছিল। এনে এজন প্রাক্তন সৈনিকৰ নাম আছিল এডলফ হিটলাৰ। হিটলাৰৰ দৰে আন বহুতো যুদ্ধকালীন সৈনিকৰ জীৱনবোৰ প্রথম বিশ্বযুদ্ধৰ অভিজ্ঞতাই দ-কৈ প্রভাৱিত কৰি গৈছিল। কিন্তু ইয়াৰ বিপৰীত প্রতিক্রিয়াবোৰেও কেতবোৰ ঋণাত্মক ফলাফল সৃষ্টি কৰিলে। প্রথম বিশ্বযুদ্ধৰ পাছতে ৰাজনীতিবিদসকলৰ চকুত এটা কথা স্পষ্ট হৈ পৰিল যে অন্ততঃ গণতান্ত্রিক দেশবোৰত ১৯১৪-১৮ৰ দৰে ধ্বংসলীলা  ভোটাৰ ৰাইজে পুনৰবাৰ সহ্য নকৰিব। ১৯১৮ৰ উত্তৰ কালৰ ফ্রান্স তথা ব্রিটেইনৰ ৰণনীতি এই ধাৰণাটোৰ ওপৰত আধাৰিত আছিল; ঠিক একেটাই ঘটনা ঘটিছিল আমেৰিকান ৰণনীতিৰ ক্ষেত্রত, ভিয়েটনাম যুদ্ধৰ পাছত। কাজেই হ্রস্রকালীন হিচাপত ই ১৯৪০ চনত দ্বিতীয় বিশ্বযুদ্ধৰ পশ্চিমীয়া ফ্রন্টত জার্মানিৰ বিজয় প্রশস্ত কৰি তুলিছিল। যুদ্ধপ্রস্তুতি সম্পূর্ণ নকৰাকৈয়ে ফ্রান্স জুপুকা মাৰি বহি আছিল; যেতিয়া জার্মানিয়ে ফ্রান্সৰ কেচেলুৱা প্রতিৰক্ষা ভাঙি-ছিঙি আগ বাঢ়ি আহিল, যুদ্ধ কৰিবলৈকে দেশখনৰ আগ্রহ নোহোৱা হ’ল। ব্রিটেইনেও খুউব চেষ্টা কৰিছিল যাতে ১৯১৪-১৮ৰ থল-যুদ্ধৰ দৰে সংগ্রামত ই যাতে দুনাই আবদ্ধ হৈ নপৰে - য’ত তাৰ জনগণে অনেক জীয়াতু ভুগিছিল। দীর্ঘকালীন দৃষ্টিৰে চাবলৈ গ’লে - ই গণতান্ত্রিক দেশবোৰৰ চৰকাৰসমূহক এই ধাৰণাটোৰ প্রতি আকর্ষিত কৰি তুলিলে যে নিজৰ দেশৰ নাগৰিকসকলক বচাবলৈ হ’লে শত্রু ৰাষ্ট্রৰ জনগণৰ মানৱীয় মূল্য সম্পূর্ণভাৱে উলাই কৰাটো দৰকাৰ। উল্লেখ কৰা ভাল যে হিৰোছিমা আৰু নাগাচাকিত আণৱিক বোমা জাপানক পৰাস্ত কৰিবলৈ নিক্ষেপ কৰা হোৱা নাছিল; জাপানৰ পৰাজয় তাৰ বহু আগেয়েই নিশ্চিত আছিল। বৰং এই বোমাই যুদ্ধৰ দিন চমুৱাই আনি বহুতো আমেৰিকান সৈনিকৰ প্রাণ ৰক্ষা কৰিলে বুলিহে যুক্তি প্রদর্শন কৰা হৈছিল। অৱশ্যে বোমা নিক্ষেপ কৰিলে জাপানবিৰোধী যুদ্ধত ছোৱিয়েট ইউনিয়নে কোনো ভূমিকা দাবী কৰিব নোৱাৰিব - এই ধাৰণাটোৱেও আমেৰিকান চৰকাৰৰ মগজুত নিশ্চয়কৈ ক্রিয়া নকৰাকৈ থকা নাছিল।

এফালে ৱেষ্টার্ন ফ্রণ্টত যদি স্থিতাৱস্থাৰ সৃষ্টি হৈছিল, আনফালে ইষ্টার্ন ফ্রণ্টত কিন্তু স্থিতি বেছ গতিশীল আছিল। যুদ্ধৰ প্রথম মাহটোতে জার্মানিয়ে টানেনবার্গত ৰাছিয়াৰ আক্রমণ ওফৰাই পেলাইছিল আৰু মাজে-সময়ে লাভ কৰা অষ্ট্রিয়ান বাহিনীৰ সাহায্যত ৰাছিয়াক প’লেণ্ডৰ সীমা পাৰ হৈ হুঁহকি যাবলৈ বাধ্য কৰিছিল। যদিও ৰাছিয়াই মাজে-সময়ে পুনৰ আক্রমণ কৰাৰ চেষ্টা অব্যাহত ৰাখিলে, এটা কথা সোনকালেই স্পষ্ট হৈ পৰিল যে যুদ্ধত ইতিমধ্যেই কেন্দ্রীয় শক্তিয়ে অগ্রগতি লাভ কৰিছে আৰু ৰাছিয়াই এক প্রতিৰক্ষামূলক সংগ্রামৰ আশ্রয় ল’বলৈ বাধ্য হৈছে। বল্কান অঞ্চলটোত দেখা গ’ল – কেন্দ্রীয় শক্তি তাত দৃঢ়ভাৱে স্থাপিত হৈছে, যদিওবা এইক্ষেত্রত হেবছবার্গ সাম্রাজ্যৰ অৰিহণা বিশেষ লেখত ল’বলগীয়া নাছিল। অঞ্চলটোত স্থানীয় দুই শক্তি - ছার্বিয়া আৰু ৰোমানিয়ায়েই আটাইতকৈ অধিক তথা সমানুপাতিকভাৱে সামৰিক ক্ষয়-ক্ষতিৰ বোজা ব’ব লগা হ’ল। জোট শক্তিয়ে ইতিমধ্যে গ্রীচ দখল কৰিছিল, কিন্তু ইয়াৰ পাছত আৰু তেওঁলোকে এই অঞ্চলত কোনো অগ্রগতি লাভ নকৰিলে, অন্ততঃ ১৯১৮ চনৰ জহকালিলৈকে - যেতিয়া কেন্দ্রীয় শক্তিৰ সামগ্রিক পতন ঘটিল। অষ্ট্রিয়া-হাংগেৰিৰ বিৰুদ্ধে ইটালিয়ে আল্পাইন পাহাৰত আন এটা ফ্রণ্ট খোলাৰ চেষ্টা সম্পূর্ণভাৱে ব্যর্থ হ’ল, কিয়নো ইটালিৰ সৈনিকসকলে এতিয়াও নব্যগঠিত সংযুক্ত ইটালিখনক নিজৰ দেশ তথা উপস্থিত চৰকাৰখনক নিজৰ চৰকাৰ বুলি গ্রহণ কৰা নাছিল আৰু তেওঁলোকৰ মাজত বহু কম লোকেহে এই নতুন ৰাষ্ট্রখনৰ ভাষা বুজিব পাৰিছিল; কাজেই এনে এখন ৰাষ্ট্র তথা এনে এখন চৰকাৰৰ বাবে প্রাণ বিসর্জন দিবলৈ তেওঁলোক সাজু নাছিল। ১৯১৭ চনত কাপৰেট্টোৰ পৰাজয়ৰ পাছত – যাৰ আধাৰত হেমিংৱেই A Farewell to Arms গ্রন্থখন লিখিছে, ইটালিয়ে জোট শক্তিৰ অন্যান্য দেশৰ সাহায্যৰ ওপৰত ভৰসা কৰি চলিব লগা হ’ল। আনফালে ৱেষ্টার্ন ফ্রণ্টত ফ্রান্স, ব্রিটেইন আৰু জার্মানিয়ে ইখনে সিখনক হনা-খোঁচা কৰা চলি থাকিল, ক্রমাগতভাৱে পৰাজয়ৰ দিশলৈ গতি কৰা ৰাছিয়াৰ আভ্যন্তৰীণ স্থিতি ভীষণ বিস্ফোৰক হৈ পৰিল আৰু  জাতীয় প্রশ্নৰ হেঁচাত অষ্ট্রিয়া-হাংগেৰি সাম্রাজ্যৰ পতনৰ ৰাস্তাও এইবাৰ সুনিশ্চিত হৈ পৰিল। অষ্ট্রিয়া-হাংগেৰিৰ বিভিন্ন স্থানীয় জাতীয়তাবাদী আন্দোলনবোৰে সাম্রাজ্যৰ পতন আৰু জাতীয় মুক্তিৰ উদ্দেশ্যৰেই সংগ্রাম কৰি আহিছিল আৰু এতিয়া এয়া অনিবার্য যেন দেখি জোট শক্তিৰ ৰাষ্ট্রসমূহৰ বিদেশ মন্ত্রীসকলেও কথাটো অনিচ্ছা সত্ত্বেও মানি ল’বলৈ সাজু হ’ল। তেওঁলোক অনিচ্ছুক আছিল, কিয়নো তেওঁলোকে  জানিছিল ইয়াৰ অর্থ হৈছে - য়ুৰোপত পুনৰ অশান্তিৰ সৃষ্টি হোৱা।

ৱেষ্টার্ন ফ্রণ্টৰ স্থিতাৱস্থা কেনেদৰে ভংগ কৰিব পৰা যায় – এতিয়া এইটো এটা প্রধান সমস্যা ৰূপে দেখা দিলে - কিয়নো এইটো অঞ্চলত বিজয় লাভ নকৰাকৈ কোনোটো পক্ষয়েই যুদ্ধত জয়লাভ কৰিব নোৱাৰে - বিশেষকৈ এনে এক সময়ত যেতিয়া নৌযুদ্ধতো স্থিতাৱস্থা বাহাল হৈছে। কিছুমান বিক্ষিপ্ত যুদ্ধজাহাজৰ বাহিৰে জোট শক্তিয়েই সমস্ত সমুদ্র নিয়ন্ত্রণ কৰিছিল, কিন্তু ব্ৰিটিছ আৰু জার্মান নৌ বাহিনীৰ জাহাজবোৰে মুখামুখি হৈ ইটোৱে সিটোক আগুচি ধৰাৰ ফলত দুয়োটা বাহিনী উত্তৰ সাগৰত নিষ্ক্রিয় তথা আবদ্ধ  হৈ পৰিছিল। দুয়ো নৌবাহিনীৰ মাজত চলা চমু যুঁজখন (১৯১৬ চনত) অমীমাংসিত হৈয়ে ৰ’ল, কিন্তু ই জার্মান যুদ্ধজাহাজবোৰক ঘৰুৱা বন্দৰতে আবদ্ধ  কৰি ৰখাৰ ফলত শেষ বিচাৰত জোট শক্তি নিশ্চয় লাভৱান হৈছিল।

স্থিতাৱস্থা ভংগ কৰিবলৈ দুয়োপক্ষই প্রযুক্তিৰ সহায় ল’বলৈ ঠিক কৰিলে। জার্মানসকল সদায়েই ৰসায়নশাস্ত্রত পার্গত আছিল আৰু এইবাৰ তেওঁলোকে যুদ্ধক্ষেত্রত বিষাক্ত গেছৰ পৰীক্ষণ কৰিলে। ইয়াৰ ফলাফল আছিল অত্যন্ত ভয়াৱহ, কিন্তু যুদ্ধৰ ফলাফল নির্ণয় কৰাত ই বিশেষ সফল নহ’ল। যি কি নহওক, এই বিষাক্ত গেছৰ প্রসংগই পাছলৈ জেনেভা কনভেনচনৰ জন্ম দিলে য’ত বিশ্বই ৰাসায়নিক অস্ত্র যুদ্ধক্ষেত্রত প্রয়োগ নকৰো বুলি প্রতিজ্ঞা ল’লে। ১৯২৫ চনৰ এই জেনেভা কনভেচনখনকেই হয়তো অস্ত্র প্রয়োগৰ ক্ষেত্রখনত একমাত্র  নির্ভেজাল আন্তর্জাতিক মানৱীয় হস্তক্ষেপ বুলি ক’ব পাৰি। আমোদজনকভাৱে, আটাইবোৰ দেশেই কিন্তু ৰাসায়নিক যুদ্ধৰ বাবে প্রস্তুতি চলাবলৈ নেৰিলে! আটায়ে আশংকা কৰি থাকিল যে শত্রুপক্ষই হয়তো ৰাসায়নিক অস্ত্র প্রয়োগ কৰিব। সি যি কি নহওক, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দেখা গ’ল – দুয়োপক্ষই এনে অস্ত্র প্রয়োগ কৰাৰপৰা বিৰত থাকিল; অৱশ্যে কোনোধৰণৰ মানৱীয় বিবেচনাই ইটালিক ঔপনিবেশিক জনগণৰ ওপৰত গেছ প্রয়োগ কৰাৰপৰা ক্ষান্ত কৰাত ব্যর্থ হ’ল। (দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ সময়খিনিত মানৱ সভ্যতাৰ মূল্যবোধে তীব্র বেগেৰে  তললৈ গতি কৰিলে আৰু ইয়েই শেহান্তৰত ৰাসায়নিক অস্ত্রক পুনৰ ঘূৰাই আনিলে। ১৯৮০ৰ দশকৰ ইৰাক-ইৰান যুদ্ধৰ সময়ত তেতিয়াৰ পশ্চিমীয়া আশীর্বাদপুষ্ট ইৰাকে শত্রু সৈন্য তথা সাধাৰণ জনগণ - দুয়োৰে ওপৰত মুকলিকৈ গেছ প্রয়োগ কৰিলে)। ব্রিটিছসকলে টেংকৰ উদ্ভাৱন কৰিলে, কিন্তু মোটা মগজুৰ ব্ৰিটিছ জেনেৰেলসকলে এই বস্তুটো কেনেকৈ যুদ্ধক্ষেত্রত সফলতাৰে প্রয়োগ কৰিব পৰা যায় – তাৰ কোনো কার্যকৰী পদ্ধতি বিচাৰি নেপালে। দুয়োপক্ষই নতুনকৈ আৱির্ভাৱ হোৱা পাতলীয়া বিধৰ উৰাজাহাজবোৰ প্রয়োগ কৰিলে; জার্মানসকলে দেখাত চিগাৰৰ দৰে হিলিয়ামভর্তি এয়াৰছিপৰো প্রয়োগ কৰিলে; উৰাজাহাজৰদ্বাৰা বোমাবর্ষণৰ পৰীক্ষণ কৰা হ’ল। সৌভাগ্যক্রমে, এনে বোমাবর্ষণবোৰ বিশেষ ফলপ্রসূ নহ’ল। আকাশী বোমাবর্ষণ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভালকৈ কামত লগোৱা হ’ল; বিশেষকৈ অসামৰিক সাধাৰণ ৰাইজক আতংকিত কৰি তোলাত ই বিশেষ ভূমিকা পালন কৰিলে।

১৯১৫-১৮ৰ যুদ্ধত বিশেষ ভূমিকা লোৱা আন এবিধ প্রযুক্তিগত অস্ত্র আছিল ছাবমেৰিন, কিয়নো দুয়ো পক্ষই ইটোৱে সিটোৰ সৈন্যবাহিনীক ঘটুৱাব নোৱাৰি শত্রু দেশৰ সাধাৰণ নাগৰিকসকলক ভোকত মাৰিবলৈ চেষ্টা আৰম্ভ কৰিছিল। যিহেতু ব্রিটেইনৰ আটাইবোৰ ছাপ্লাই জাহাজেৰেই আহিছিল, সেয়েহে নৃশংস ছাবমেৰিন যুদ্ধৰ যোগেদি ব্রিটিছ জাহাজবোৰ ধ্বংস কৰি দেশখনৰ ডিঙি চেপি মাৰি ধৰাটো সম্ভৱপৰ যেন অনুভৱ হৈছিল। ১৯১৭ চনত অৱশেষত এই অভিযান সফল হ’ব যেনেই অনুভৱ হৈছিল, কিন্তু এই সময়তে তাক প্রতিৰোধ কৰাৰ বৈকল্পিক উপায়ো বিচাৰি পোৱা গ’ল আৰু মূলতঃ ইয়েই আমেৰিকাক অৱশেষত যুদ্ধখনলৈ টানি আনিলে। এইবাৰ ব্রিটেইনেও জার্মান ছাপ্লাই জাহাজবোৰ অৱৰোধ কৰি জার্মান অর্থনীতি আৰু জার্মান জনগণ – দুয়োকে পেটে-ভাতে মাৰিবলৈ চেষ্টা কৰিলে।

ব্রিটিছসকল এইক্ষেত্রত যিমানখিনি সফল হ’ল, তাতোকৈ অধিক সফল হ’ব পাৰিব লাগিছিল - কিয়নো জার্মান মানুহৰ ফিতাহিৰ বিপৰীতে জার্মান সমৰ অর্থনীতিখন আচলতে ইমান বেছি কার্যক্ষম তথা দক্ষ নাছিল। অৱশ্যে ইয়াৰ বিপৰীতে, জার্মান মিলিটেৰি যন্ত্রটো প্রথম আৰু দ্বিতীয় - দুয়ো বিশ্বযুদ্ধতে আন সকলো শক্তিতকৈ শ্রেষ্ঠ আছিল। জার্মান মিলিটেৰি বাহিনীৰ এই বিৰাট শক্তিৰ বাবেই শেহত তেওঁলোক হয়তো জিকিলেহেঁতেন, কিন্তু এইখিনিতে জোট শক্তিয়ে ১৯১৭ চনৰ পাছৰপৰা আমেৰিকা যুক্তৰাষ্ট্রৰ সীমাহীন সম্পদৰ সহায় লাভ কৰিলে যি যুদ্ধৰ গতি সলনি কৰি পেলালে।

মন কৰিবলগীয়া যে অষ্টিয়াৰ দৰে নিষ্কর্মা শক্তিক লগত লৈয়ো জার্মানিয়ে পূবৰ ফ্রন্টত সম্পূর্ণ বিজয় হাচিল কৰিছিল - তেওঁলোকে ৰাছিয়াক যুদ্ধৰপৰা আঁতৰাই পেলাই তাক বিপ্লৱৰ দিশেৰে ঠেলি দিছিল আৰু ব্রেষ্ট-লিটৱস্কৰ চুক্তিৰ ফলত ৰাছিয়াই তাৰ য়ুৰোপীয় ভূমিৰ এক বিশাল অংশ হেৰুৱাই পেলাইছিল। ১৯১৮ চনৰ মার্চত এইদৰে ৰাছিয়াৰ ওপৰত এখন শাস্তিমূলক চুক্তি জাপি দিয়াৰ পাছত জার্মান সেনাবাহিনীয়ে  পশ্চিমত সম্পূর্ণ মনোনিবেশ কৰিছিল আৰু আচলতে ৱেষ্টার্ন ফ্রণ্টৰ স্থিতাৱস্থাও ভংগ কৰিবলৈ সক্ষম হৈছিল তথা পেৰিছৰ দিশেৰে গতি কৰিছিল। কেৱল আমেৰিকান সাহায্য আৰু উপকৰণৰ বলতহে সেইবাৰলৈ জোট শক্তি ৰক্ষা পৰিল, কিন্তু কিছু সময়ৰ বাবে সেয়া অসম্ভৱ যেনেই প্রতীয়মান হৈছিল। অৱশ্যে সেয়া যুদ্ধত ক্লান্ত জার্মানিৰ  অন্তিম বলপ্রয়োগ আছিল আৰু জার্মানসকলে নিজেও জানিছিল – পৰাজয় সন্নিকট। ১৯১৮ চনৰ জহকালিত যেতিয়া জোট শক্তিয়ে  অগ্রগতি লাভ কৰিবলৈ আৰম্ভ কৰিলে, শেষ ফলাফল মাথোঁ কিছু সপ্তাহ দূৰৈত  আছিল। কেন্দ্রীয় শক্তিবোৰৰ কেৱল পৰাজয়েই নহয়, সিবিলাকৰ সামগ্রিক পতন ঘটিছিল। ১৯১৮ চনৰ শৰৎ কালছোৱাত  কেন্দ্রীয় তথা দক্ষিণ-পূব য়ুৰোপৰ বিভিন্ন দেশত বিপ্লৱৰ ধুমুহাই দেখা দিলে - ইতিমধ্যেই ১৯১৭ চনতে ৰাছিয়াত বিপ্লৱ সংঘটিত হৈছিল (অনাগত অধ্যায়টো চাওক)। ফ্রান্সৰ সীমান্তৰপৰা জাপান সাগৰলৈকে এই সমস্ত অঞ্চলটোত কোনো পুৰণা চৰকাৰ তিষ্ঠি থকা নাছিল। আনকি বিজয়ী শক্তিবোৰো যুদ্ধৰ ভৰত কঁপি উঠিছিল, অৱশ্যেই এই কথা কল্পনা কৰিবলৈ কষ্ট হয় যে পৰাজিত হোৱা হ’লেও ৰাজনৈতিক সত্তাৰ ৰূপত ফ্রান্স বা ব্রিটেইনৰ অস্তিত্বৰ বাবে কোনো সংকট সৃষ্টি হ’লহেঁতেন; কিন্তু ইটালিৰ ক্ষেত্রত এই কথা ক’ব পৰা নগৈছিল। নিশ্চিতভাৱে, পৰাজিত কোনো এখন দেশেই বিপ্লৱৰপৰা নিষ্কৃতি পোৱা নাছিল।

অতীতৰ কোনো মন্ত্রী বা কূটনীতিজ্ঞ - যাৰ আদর্শ ল’বলৈ পশ্চিমীয়া দেশবোৰৰ বিদেশ মন্ত্রালয়বোৰে আগ্রহী প্রার্থীসকলক আহ্বান জনাইছিল - যেনে ধৰক একোজন বিছমার্ক বা টেলিৰাণ্ড - তেওঁলোকে কবৰৰপৰা উঠি আহি প্রথম বিশ্বযুদ্ধখন প্রত্যক্ষ কৰিবলৈ পোৱা হ’লে নিশ্চয় বিস্ময়াভিভূত হৈ প্রশ্ন কৰিলেহেঁতেন - কিয় বিশ্বযুদ্ধৰ দাৱানলে পৃথিৱীখন জ্বলাই ছাৰাখাৰ কৰি পেলোৱাৰ আগতেই কোনো জ্ঞানী ৰাষ্ট্রনায়কে আলোচনাৰ জৰিয়তে মিটমাট কৰি যুদ্ধখন নিষ্পত্তি কৰিবলৈ সিদ্ধান্ত নল’লে। আমিও নিশ্চয় এইদৰেই বিস্ময়াভিভূত হোৱা উচিত। পূর্বৰ বেছিভাগ অনা-বিপ্লৱী তথা অনা-মতাদর্শ যুদ্ধ এইদৰে শেষটোপাল তেজ থকালৈকে চলোৱা হোৱা নাছিল। নিশ্চিতভাৱে ১৯১৪ চনত কোনো মতাদর্শই প্রতিদ্বন্দ্বী শক্তিবোৰক বিভক্ত কৰি ৰখা নাছিল - যদিওবা যুদ্ধখন চলাবলৈ প্রতিখন দেশতে জনমত সক্রিয় কৰাটো প্রয়োজনীয় আছিল, অর্থাৎ জাতীয় মূল্যবোধৰ সমুখত কোনো বিৰাট সংকট আহি পৰিছে বুলি চিঞৰ-বাখৰ কৰাটো প্রয়োজনীয় আছিল; যেনে ধৰক জার্মান সাংস্কৃতিক মূল্যবোধৰ বিৰুদ্ধে ৰাছিয়ান বর্বৰতা, ফৰাচী তথা ব্ৰিটিছ গণতন্ত্রৰ বিৰুদ্ধে জার্মান স্বৈৰতন্ত্র ইত্যাদি। এনে কূটনীতিজ্ঞ নিশ্চয় আছিল - যি কোনো মিটমাটৰ জৰিয়তে যুদ্ধখন শেষ কৰিব বিচাৰিছিল; ৰাছিয়া আৰু অষ্ট্রিয়া-হাংগেৰিৰ বাবেতো পৰাজয়ৰপৰা বাচিবলৈ হ’লে সোনকালেই কোনো মিটমাট কৰাটো প্রয়োজনীয় হৈ পৰিছিল। কিন্তু তৎসত্ত্বেও কিয় প্রথম বিশ্বযুদ্ধৰ প্রতিদ্বন্দ্বীসকলে যুদ্ধখনক zero-sum-game  বুলি গণ্য কৰিছিল - অর্থাৎ এনে যুদ্ধ,  য’ত হয় সম্পূর্ণভাৱে বিজয় হাচিল কৰিব লাগিব, নহয় সম্পূর্ণ সামগ্রিক পৰাজয় বৰণ কৰিব লাগিব?

ইয়াৰ কাৰণ বিচাৰি চালে দেখা যায় - পূর্বৰ যুদ্ধবোৰৰ কোনো সীমিত বা নির্দিষ্ট উদ্দেশ্য আছিল; কিন্তু প্রথম বিশ্বযুদ্ধত হাবিয়াসৰ কোনো সীমা নাছিল। সাম্রাজ্যৰ যুগলৈ আহি ৰাজনীতি আৰু অর্থনীতি - দুয়ো ইটো সিটোৰ সৈতে সংলিপ্ত হৈ পৰিছিল। আর্থিক  বিকাশ আৰু প্রতিযোগিতাৰ আর্হিতেই আন্তর্জাতিক ৰাজনৈতিক শত্রুতা নির্মিত হৈছিল। কিন্তু কথা হৈছে যে ইয়াৰ কোনো সীমা নাছিল। একোটাহঁত ষ্টেণ্ডার্ড অইল, ডয়েচ বেংক বা ডে বিয়েৰছ ডায়মণ্ড নিগমৰ বাবে আকাশখনেই আছিল প্রতিযোগিতাৰ সর্বোচ্চ সীমা আৰু কোনে কিমান বেগেৰে নিজৰ সম্প্রসাৰণ কৰিব পাৰে, সিয়েই তাৰ সীমা গঠন কৰিব (Hobsbawm, 1987, p. 318) ।

দুই মূল প্রতিদ্বন্দ্বী - জার্মানি আৰু ব্রিটেইনৰ বাবে সঁচাকৈয়ে আকাশখনেই প্রতিযোগিতাৰ সীমা আছিল - কিয়নো এইখিনি সময়লৈকে ব্রিটেইনে সমগ্র পৃথিৱীজুৰি এখন বিশাল সাম্রাজ্য নির্মাণ কৰি লৈছিল আৰু জার্মানিয়েও ঠিক তেনেধৰণৰে এখন সাম্রাজ্য নিজৰ বাবে গঠন কৰিব খুজিছিল। আন কথাত, এই কামত জার্মানি সফল হ’বলৈ হ’লে ব্রিটেইনৰ বিশ্ব স্থান তললৈ নামি আহিবই লাগিব। এই প্রতিযোগিতাত মাত্র এটা পক্ষহে জিকিব পাৰিব - হয় জার্মানি, নহয় ব্রিটেইন। আনহাতে ফ্রান্সৰ বিশ্ব-অভিলাষ জার্মানি বা ব্রিটেইনৰ দৰে ইমান বিশাল নাছিল, কিন্তু একে সময়তে ফ্রান্সৰ বাবে এটা অতিশয় গভীৰ প্রত্যাহ্বান সৃষ্টি হৈছিল; জনসংখ্যাগতভাৱে তথা আর্থিকভাৱে - চুবুৰীয়া জার্মানিয়ে তাক দ্রুত গতিৰে পিছ পেলাই যাবলৈ আৰম্ভ কৰিছিল। অর্থাৎ তাৰ প্রধান শক্তিৰ মর্যাদা অক্ষুণ্ণ ৰাখিবলৈ হ’লে ফ্রান্সে জার্মানিক নিয়ন্ত্রণত ৰাখিবই লাগিব। এই দুয়ো ক্ষেত্রতে বুজাবুজি আৰু মিটমাটে সংঘর্ষৰ সমাধান কৰিব নোৱাৰিলেহেঁতেন, তাক খুউব বেছি কিছুদূৰৈলৈ পিছুৱাইহে নিব পাৰিলেহেঁতেন।

আজি পিছলৈ ঘূৰি চালে হয়তো বহুতৰে অনুভৱ হ’ব - জার্মানিৰ বর্ধিত আকাৰ আৰু শ্রেষ্ঠতাই নিশ্চয়েই এদিন তাক অন্যতম প্রধান শক্তিৰ মর্যাদা দিলেহেঁতেন। মন কৰক যে দুবাৰকৈ বিশ্বযুদ্ধত পৰাজিত হোৱাৰ পাছতো তথা কোনো স্বাধীন সামৰিক শক্তি নোহোৱাকৈও আজিৰ য়ুৰোপত জার্মানিৰ যেনেধৰণৰ দপদপনি, তেনে দপদপনি ১৯৪৫ৰ পূর্বৰ সামৰিক জার্মানিয়েও কেতিয়াও লাভ কৰা নাছিল। কিন্তু এয়াও মন কৰিবলগীয়া যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছতহে ই সম্ভৱপৰ হৈছিল - যেতিয়া ব্রিটেইন আৰু ফ্রান্সে প্রবল অনিচ্ছাসত্ত্বেও মানি লৈছিল যে বিশ্ব শক্তিৰ স্থান অটুট ৰাখিব পৰাকৈ সিহঁতৰ বল-শকতি এতিয়া বাকী নাই আৰু পশ্চিম জার্মানিয়েও মানি লৈছিল যে ১৯৪৫ৰ পাছৰ কালত আর্থিকভাৱে তাৰ শক্তি বৃদ্ধি পালেও এখন একক ৰাষ্ট্র হিচাপে বিশ্বত প্রভুত্ব স্থাপন কৰিব পৰাকৈ তাৰ সক্ষমতা নাই আৰু আগলৈকে নাথাকিব।

পিছে ১৯০০ৰ দশকত, সাম্রাজ্য তথা সাম্রাজ্যবাদৰ কালত, জার্মানিৰ বিশ্ব অভিলাষ (শ্লোগান আছিল - “জার্মান আত্মাই পৃথিৱীখন নতুনকৈ জগাই তুলিব”) আৰু ফ্রান্স-ব্ৰিটেইনৰ শক্তি সম্পূর্ণভাৱে কায়েম হৈ আছিল। যুদ্ধৰ সূত্রপাত ঘটাৰ পাছত যেনেধৰণৰ ‘যুদ্ধ লক্ষ্য’ দুয়োপক্ষই গঠন কৰি লৈছিল - সিবিলাকৰ ভিতৰত এইটো বা সেইটো বিষয়ত আলোচনাৰ জৰিয়তেই সন্ধি স্থাপন হোৱাটো সম্ভৱপৰ আছিল - অন্ততঃ কাগজৰ পাতত। কিন্তু বাস্তৱ ক্ষেত্রত এটায়েই মাথোঁ যুদ্ধ লক্ষ্য আছিল : সেয়া আছিল চূড়ান্ত বিজয় – যাক দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এইবুলি জনা গৈছিল ‘চর্তহীন আত্মসমর্পণ’।

‘চূড়ান্ত বিজয়’ - ই আছিল এক সম্পূর্ণভাৱে অর্থহীন তথা আত্মক্ষয়কাৰী লক্ষ্য - যি পৰাজিত তথা বিজয়ী দুয়ো পক্ষৰে কঁকাল ভাঙি পেলাইছিল; পৰাজিত দেশবোৰত ই বিপ্লৱৰ সূত্রপাত ঘটাইছিল আৰু বিজয়ী দেশবোৰত ই দেউলীয়া অৱস্থা তথা চূড়ান্ত শাৰীৰিক অৱসাদৰ জন্ম দিছিল। ১৯৪০ চনত এক নিম্নতৰ জার্মান সেনাবাহিনীয়ে অতি সহজতে তথা হাস্যকৰ দ্রুত গতিৰে ফ্রান্সক ধৰাশায়ী কৰি পেলাইছিল, কোনো সংকোচ অবিহনেই দেশখনে হিটলাৰৰ আনুগত্য স্বীকাৰ কৰি লৈছিল, কিয়নো  ১৯১৪-১৮ সময়ছোৱাত দেশখনে তেজ বমি কৰি প্রায় মৃত্যুমুখত পৰিছিল। ব্রিটেইনৰ ক্ষেত্রতো দেখা যায় যে ১৯১৮ৰ পাছত দেশখন পূর্বৰ দৰে হৈ থকা নাছিল, কিয়নো যুদ্ধত নিজ সামর্থ্যতকৈ বহু অধিক শক্তি ব্যয় কৰি ই নিজৰ অর্থনীতিখন দেউলীয়া কৰি পেলাইছিল। তদুপৰি চূড়ান্ত বিজয়ৰ নিচাত নিচাগ্রস্ত হৈ বিজয়ী দেশবোৰে পৰাজিতসকলৰ ওপৰত এখন চৰম অপমানজনক চুক্তি জাপি দিছিল যি এখন স্থায়ী, উদাৰবাদী তথা বুর্জোৱা য়ুৰোপ স্থাপিত কৰাৰ শেষ আশাকণো মোহাৰি পেলাইছিল – সেই কথা তেতিয়াই অর্থনীতিবিদ জন মেইনার্ড কেইনছে বুজি পাইছিল। এয়া স্পষ্ট আছিল যে যদি জার্মানিক য়ুৰোপীয় অর্থনীতিৰ স’তে পুনৰ যুক্ত কৰা নহয় - অর্থাৎ যদি জার্মানিক তাৰ আর্থিক শক্তি অনুসৰি স্বীকাৰ তথা গ্রহণ কৰি লোৱা নহয় - তেনেহ’লে স্থায়ী শান্তি প্রতিষ্ঠা অসম্ভৱ। কিন্তু জার্মানিক ধ্বংস কৰিবলৈ উঠি-পৰি লগা বিজয়ী শক্তিবোৰৰ মূৰত এই বিবেচনাই কোনো স্থান পোৱা নাছিল।

বিশ্বযুদ্ধৰ পাছত বিজয়ীসকলে জাপি দিয়া  সন্ধি - যাক ভুলকৈ ভার্ছাইৰ সন্ধি বুলি কোৱা হয় - প্রস্তুত কৰাৰ সময়ত মূলতঃ পাঁচটা বিষয়ৰ বিবেচনাই স্থান পাইছিল। প্রথম: য়ুৰোপৰ বিভিন্ন শাসনতন্ত্রৰ পতন তথা বলছেৱিকসকলৰ বিজয়ৰ পাছত সার্বজনীন বাঁও কূটাঘাটৰ কেন্দ্রস্থল হিচাপে ৰাছিয়াৰ উদয় - যি সমগ্র বিশ্বৰে বিপ্লৱী শক্তিসমূহৰ বাবে আকর্ষণৰ বিন্দু হৈ পৰিছিল (দ্বিতীয় অধ্যায় চাওক)। দ্বিতীয়: জার্মানিক নিয়ন্ত্রণ কৰাৰ প্রয়োজনীয়তা – কিয়নো ই প্রায় অকলেই সমস্ত জোট শক্তিৰ দেশসমূহক পৰাভূত কৰিছিল। বিশেষকৈ ফ্রান্স এই বিষয় লৈ বিশেষভাৱে চিন্তিত আছিল। তৃতীয়: য়ুৰোপৰ মানচিত্রখন সলনি কৰাৰ প্রয়োজনীয়তা - যি জার্মানিক দুর্বল কৰি তুলিব আৰু ৰাছিয়ান, হেবছবার্গ তথা অটোমান সাম্রাজ্যৰ পতনে ৰিক্ত কৰি তোলা য়ুৰোপ তথা মধ্য প্রাচ্যৰ বিভিন্ন স্থানসমূহ পূর্ণ কৰি তুলিব। য়ুৰোপৰ ভূমিত এই ৰিক্ত স্থানবোৰৰ মূল দাবীদাৰ আছিল বিভিন্ন জাতীয়তাবাদী আন্দোলন - যাৰ ভিতৰত বহুতকে বিজয়ী দেশবোৰে সমর্থন জনাইছিল - বিশেষকৈ যদি সিবিলাক যথেষ্ট পৰিমাণে বলছেৱিক-বিৰোধী আছিল। আচলতে য়ুৰোপৰ মানচিত্র সলনি কৰাৰ আঁৰত এইবাৰৰ মূল নীতিটো আছিল - নৃগোষ্ঠীয়-ভাষিক জাতীয় ৰাষ্ট্র গঠন - যাক ‘জাতিৰ আত্মনিয়ন্ত্রণৰ অধিকাৰ’ বুলিও কোৱা গৈছিল। আমেৰিকান প্রেছিডেণ্ট ৱিলছনে এই নীতিত বিশেষভাৱে বিশ্বাস কৰিছিল। আচলতে যিসকল ব্যক্তি অঞ্চলটোৰ নৃগোষ্ঠীয় তথা ভাষিক বাস্তৱৰ সৈতে ভালকৈ পৰিচিত নাছিল, তেওঁলোকৰ বাবেহে জাতিৰ আধাৰত বিশুদ্ধ জাতি-ৰাষ্ট্র গঠনৰ ধাৰণাটো বিশ্বাস কৰাটো সম্ভৱপৰ আছিল। এই প্রচেষ্টাৰ শেষ ফলাফল আছিল এক সামগ্রিক সর্বনাশ - ১৯৯০ৰ দশকৰ য়ুৰোপখনলৈ চালে এই কথাটো স্পষ্ট হৈ পৰে। [নব্বৈৰ দশকত  য়ুৰোপ জুৰি তোলপাৰ লগাই থকা জাতীয় সংঘাতবোৰ আচলতে ভার্ছাইৰ সন্ধিৰ অমীমাংসিত প্রশ্ন আছিল যিবোৰে এতিয়া ৰক্তপাতৰ যোগেৰে সমাধানৰ বাট বিচাৰিব ধৰিছে।] মধ্য প্রাচ্যৰ পুনঃমেপিং পৰম্পৰাগত সাম্রাজ্যবাদী লাইনতে কৰা হৈছিল - অর্থাৎ ব্রিটেইন আৰু ফ্রান্সৰ মাজত – এইক্ষেত্রত ব্যতিক্রম আছিল পেলেষ্টাইন - য’ত ব্ৰিটিছ চৰকাৰে বিশ্বযুদ্ধত ইহুদীসকলৰ সমর্থন লাভ কৰিবলৈ গৈ অসাৱধানভাৱে তথা খকা-খুন্দাকৈ এখন ইহুদী জাতীয় ৰাষ্ট্র গঠন কৰাৰ ঘোষণা কৰি পেলাইছিল। প্রথম বিশ্বযুদ্ধৰ অন্যতম সমস্যাজনক তথা অবিস্মৰণীয় অৱশেষ আছিল পেলেষ্টাইনৰ প্রশ্ন। চতুর্থ বিবেচনাটো আছিল বিজয়ী ৰাষ্ট্রসমূহৰ আভ্যন্তৰীণ ৰাজনীতি বিষয়ক - অর্থাৎ শেষ অর্থত ব্রিটেইন, ফ্রান্স আৰু আমেৰিকাৰ আন্তঃসম্পর্ক তথা সংঘাত বিষয়ক। ইয়াৰ শেষ ফলাফল আছিল যে যিখন দেশৰ ৰাষ্ট্রপতিয়ে ভার্ছাই সন্ধিখন লিখাত আটাইতকৈ উদ্যোগ লৈছিল (ৱিলছনেই চুক্তিখনৰ অধিকাংশ অধ্যায় লিখিছিল বা তেওঁৰ বাবে লিখা হৈছিল), সেইখন দেশ অর্থাৎ আমেৰিকাৰ সংসদেই শেষপর্যন্ত চুক্তিখন মানি ল’বলৈ অমান্তি হৈছিল আৰু চুক্তিখনৰপৰা আমেৰিকাই নিজকে অপসৃত কৰিছিল। ইয়াৰ দূৰগামী ফলাফল আছিল অনেক। পঞ্চম বিবেচনাটো আছিল - বিজয়ী শক্তিসমূহ এনে এখন শান্তি চুক্তিৰ সন্ধানত আছিল যি আন এখন বিশ্বযুদ্ধ সংঘটিত হোৱাৰপৰা বিশ্বক ৰক্ষা কৰিব, যাৰ ফলাফলসমূহ তেওঁলোকৰ চকুত স্পষ্ট হৈ পৰিছিল। এইক্ষেত্রত তেওঁলোক সম্পূর্ণভাৱে ব্যর্থ হ’ল। বিশ বছৰৰ পাছতে পুনৰ আন এখন বিশ্বযুদ্ধ আৰম্ভ হ’ল।

বিশ্বক বলছেৱিজমৰপৰা ৰক্ষা কৰা আৰু য়ুৰোপৰ পুনঃমেপিং কৰা - এই দুয়োটা উদ্দেশ্যৰ সমাপতন ঘটিল, কিয়নো বিপ্লৱী ৰাছিয়াক যদি বন্দী কৰি ৰাখিবলৈ হয় তেনেহ’লে তাক বিভিন্ন কমিউনিষ্টবিৰোধী জাতি-ৰাষ্ট্রৰ বেৰৰ আঁৰত পৃথক কৰি অকলশৰীয়াকৈ ৰাখিব লাগিব। যিহেতু এনে বেছিভাগ নতুন ৰাষ্ট্রৰ মাটি পুৰণা ৰাছিয়াৰ সীমা কাটিয়েই কাঢ়ি অনা হৈছিল, তাৰ অর্থ হৈছে - এই ৰাষ্ট্রবোৰৰ তীব্র মস্কো-বিৰোধিতা দীর্ঘদিনীয়া হ’ব। এই ৰাষ্ট্রবোৰ আছিল ক্রমে - উত্তৰপৰা দক্ষিণলৈ - ফিনলেণ্ড  - যি পূর্বে এক স্বায়ত্তশাসিত অঞ্চল আছিল আৰু তাক লেনিনে বিচ্ছিন্ন হৈ যোৱাৰ অনুমতি দিছিল; তিনিখন সৰু সৰু নতুন বাল্টিক ৰাষ্ট্র (এষ্টনিয়া, লাটৱিয়া, লিথুৱানিয়া) – যাৰ গঠনৰ বাবে আচলতে কোনো ঐতিহাসিক নজিৰ (precedent) নাছিল; পলেণ্ড  - যি ১২০ বছৰৰ পাছত পুনৰ স্বাধীন ৰাষ্ট্রৰ সংজ্ঞা লাভ কৰিছিল, তথা ৰোমানিয়া - যাৰ ভিতৰত এইবাৰ অষ্ট্রো-হাংগেৰিৰ কিছু অংশ তথা ৰাছিয়া-অধীন বেছাৰাবিয়াৰ কিছু অংশ অন্তর্ভুক্ত কৰা হৈছিল। এই বেছিভাগ অঞ্চলেই আচলতে জার্মানিয়ে ৰাছিয়াৰপৰা কাঢ়ি লৈছিল আৰু বলছেৱিক বিপ্লৱ সংঘটিত নোহোৱা হ’লে নিশ্চয় সিবিলাকক ৰাছিয়াৰ হাতত পুনৰ ঘূৰাই দিয়া হলহেঁতেন। ৰাছিয়াক নিঃসংগ কৰাৰ অভিযান ককেছাচ অঞ্চলত গৈ থমকি ৰ’ব লগা হ’ল কিয়নো ইতিমধ্যেই বিপ্লৱী ৰাছিয়াই অনা-কমিউনিষ্ট কিন্তু বিপ্লৱী তুর্কীৰ সৈতে সুসম্পর্ক গঢ়ি তুলিছিল - যি ব্ৰিটিছ তথা ফৰাচী সাম্রাজ্যবাদীহঁতক ভাল পোৱাৰ কোনো থল নাছিল। সেয়েহে ব্রেষ্ট-লিটৱস্ক সন্ধিৰ পাছত গঢ়ি তোলা স্বাধীন আর্মেনিয়ান তথা জর্জিয়ান ৰাষ্ট্র দুখন বা ব্ৰিটিছৰ অধীনলৈ তেল সম্পদত চহকী আজাৰবেইজান অঞ্চলটো অনাৰ প্রচেষ্টা বেছি সময় স্থায়ী নহ’ল; ৰুছ গৃহযুদ্ধত (১৯১৮-২০) বলছেৱিকসকলৰ বিজয় আৰু ছোৱিয়েট-তুর্কী মিত্রতা সন্ধি (১৯২১) স্বাক্ষৰিত হোৱালৈকে অঞ্চলকেইটা পুনৰ ৰাছিয়াৰ দখললৈ আহিল। চমুকৈ ক’বলৈ গ’লে - জার্মানিয়ে বিপ্লৱী ৰাছিয়াৰ ওপৰত আৰোপ কৰা আন্তর্জাতিক সীমা যিমান দূৰৈলৈ সম্ভৱ জোট শক্তিয়েও মানি ল’লে।

পুনঃমেপিং কৰিবলৈ এতিয়াও কিছু অঞ্চল বাকী ৰৈ গৈছিল। পূর্বৰ অষ্ট্রো-হাংগেৰি সাম্রাজ্যখনৰ অধীনত থকা অঞ্চলবোৰ ন-কৈ গঢ়া হ’ল। অষ্ট্রিয়া আৰু হাংগেৰি - এইদৰে দুখন নতুন সৰু ৰাষ্ট্র গঠন কৰা হ’ল, ছার্বিয়াৰ আকাৰ বৃদ্ধি কৰি নতুনকৈ য়ুগোশ্লাভিয়া নির্মাণ কৰা হ’ল য’ত (পূর্বে অষ্ট্রিয়ান) শ্লভেনিয়া আৰু (পূর্বে হাংগেৰিয়ান) ক্রৱেছিয়া-ক সংযুক্ত কৰা হ’ল। লগতে যুক্ত কৰা হ’ল বিশাল শূন্য তৰুভূমি আৰু পাহাৰেৰে আৱৰা দেশ ণ্টেনিগ্রো-ক  যাৰ পশুপালক জনজাতিসকলে হৃত স্বাধীনতাৰ পোতক তুলিবলৈ জাকে জাকে কমিউনিজমত শিক্ষা ল’লে - তেওঁলোকে অনুভৱ কৰিলে - এই কমিউনিষ্টহঁতে সাহসিকতাৰ গুণটোক বেছ সন্মান কৰে! পুৰণা অর্থডক্স ৰাছিয়াৰ সৈতেও তেওঁলোকৰ সম্পর্ক আছিল যাৰ ধর্মক কৃষ্ণ পর্বতৰ এই অপৰাজেয় জাতিবোৰে শ শ বছৰ ধৰি তুর্কীৰ অধর্মীসকলৰপৰা ৰক্ষা কৰি আহিছিল। হেবছবার্গ সাম্রাজ্যৰ মূল ঔদ্যোগিক অঞ্চল - চেক অঞ্চলটোক লৈ এখন নতুন চেকোশ্লভেকিয়াও গঠন কৰা হ’ল য’ত পূর্বৰ হাংগেৰিৰ শ্লভাক আৰু ৰুথেনিয়ান অঞ্চলকেইটা যুক্ত কৰা হ’ল। ৰোমেনিয়াৰ আকাৰ বৃদ্ধি কৰি তাক এক বহুজাতিক সত্তাৰূপে গঠন কৰা হ’ল – প’লেণ্ড আৰু ইটালিয়েও কিছু নতুন মাটি লাভ কৰিলে। য়ুগোশ্লাভিয়া বা চেকোশ্লভেকিয়াৰ দৰে সংযুক্ত দেশ নির্মাণ কৰাৰ কোনো ঐতিহাসিক নজিৰ বা লজিক নাছিল। সিবিলাক মাথোঁ জাতীয়তাবাদী মতাদর্শৰ কল্পনা-প্রসূত নির্মাণ আছিল যি বিশ্বাস কৰিছিল যে সমজাতীয় জাতিবোৰৰ একেখন দেশ হ’ব লাগে আৰু জাতি-ৰাষ্ট্রৰ আকাৰ একেবাৰে সৰু হ’ব নালাগে। কাজেই সকলো দক্ষিণৰ শ্লাভ (=য়ুগোশ্লাভ) জনগোষ্ঠীক মিলাই য়ুগোশ্লাভিয়া নির্মাণ কৰা হ’ল আৰু পশ্চিমৰ শ্লাভসকলক মিলাই চেকোশ্লভেকিয়া নির্মাণ কৰা হ’ল। আশা কৰিব পৰাৰ দৰেই এনে অদ্ভুত ৰাজনৈতিক বিবাহ বেছিদিন নিটিকিল। আমোদজনকভাৱে, এইজাতীয় ব্যৱস্থাবোৰ ভাঙি পৰাৰ পাছত পুৰণা ৰাছিয়া আৰু পুৰণা অষ্ট্রিয়া-হাংগেৰি সাম্রাজ্যৰ অধীন অঞ্চলবোৰৰপৰা যিবোৰ নতুন ৰাষ্ট্রৰ উদয় হ’ল – সিবিলাকো কিন্তু পূর্বৰ তুলনাত কোনোপধ্যেই কম বহুজাতিক নাছিল! এইক্ষেত্রত অষ্ট্রিয়া আৰু হাংগেৰিকহে কিছুদূৰৈলৈ ব্যতিক্রম বুলিব পৰা যায়।

বিজয়ী দেশবোৰে জার্মান ৰাষ্ট্রখনক যুদ্ধৰ বাবে দায়ী কৰিছিল। দেশখনৰ ওপৰত জাপি দিয়া সন্ধিখন এখন শাস্তিমূলক সন্ধি আছিল যাৰ জৰিয়তে জার্মানিৰ শক্তি স্থায়ীভাৱে দুর্বল কৰি পেলাবলৈ বিচৰা হৈছিল। অৱশ্যে দেশখনৰপৰা মাটি কাঢ়ি লৈ এইফেৰা কাম কৰা হোৱা নাছিল (কিছু অঞ্চল অৱশ্যে নিশ্চয় কাঢ়ি লোৱা হৈছিল – আলছেক লৰাইন ফ্রান্সৰ হাতত গতোৱা হৈছিল, পূবৰ এক বিশাল অংশ প’লেণ্ডক দিয়া হৈছিল, দেশৰ সীমান্তৰো কিছু হীন-ডেঢ়ি ঘটোৱা হৈছিল)। এইফেৰা কাম কৰা হৈছিল মূলতঃ কিছুমান চর্ত আৰোপৰ যোগেৰে। জার্মানিক নৌবাহিনী বা বায়ুবাহিনী ৰখাৰ অনুমতি দিয়া হোৱা নাছিল। সেনাবাহিনীৰ সংখ্যা এক লাখতকৈ বেছি হ’ব নোৱাৰিব বুলি চর্ত আৰোপ কৰা হৈছিল। তদুপৰি বিভিন্ন খৰচৰ বাবদ জার্মানিৰপৰা সীমাহীন ক্ষতিপূৰণ বিচৰা হৈছিল (যুদ্ধত বিজয়ী পক্ষই বহন কৰা খৰছৰ বিনিময়ত, পশ্চিম জার্মানিৰ কিছু অঞ্চল দখল কৰি ৰখাৰ খৰছৰ বিনিময়ত ইত্যাদি)। তদুপৰি জার্মানিৰ সমস্ত বহিঃসামুদ্রিক উপনিবেশ কাঢ়ি লোৱা হৈছিল আৰু ব্রিটেইন, ফ্রান্স তথা কিছু পৰিমাণে জাপানৰ মাজত সিবিলাক বিলাই দিয়া হৈছিল। বর্ধিত সাম্রাজ্যবাদ-বিৰোধিতাৰ ফালে লক্ষ্য কৰি উপনিবেশবোৰৰ নাম সলনি কৰি এইবাৰ সিবিলাকক ‘মেণ্ডেট’ বুলি কোৱা হৈছিল। (অর্থাৎ এইবাৰ মেণ্ডেটবোৰে স্থানীয় অনগ্রসৰ জাতিবোৰৰ প্রগতি-যাত্রা সুনিশ্চিত কৰিব তথা ভুলক্রমেও সিবিলাকক শোষণ কৰা নহ’ব)। ত্রিশৰ দশকৰ মাজভাগপর্যন্ত ভৌগোলিক অনুচ্ছেদটোৰ বাহিৰে ভার্ছাই সন্ধিৰ কোনো চিন-মোকাম বাকী নাথাকিল।

প্রথম বিশ্বযুদ্ধৰ পাছত এটা কথা স্পষ্ট হৈ পৰিছিল যে যুদ্ধৰ সম্ভাৱনা নিবাৰণ কৰিবলৈ ১৯১৪ৰ পূর্বে য়ুৰোপীয় ‘মহান শক্তি’বোৰে হাতত লোৱা সমস্ত কার্যপদ্ধতি নিষ্ফল আছিল। কাজেই আমেৰিকান প্রেছিডেণ্ট ৱিলছনে - যাৰ চিন্তা-চর্চা প্রিন্সটনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদাৰ অধ্যাপক একোজনৰ দৰে আছিল - য়ুৰোপীয় শক্তিবোৰক হেঁচা দিবলৈ ধৰিলে যে এখন সামগ্রিক ‘লিগ অব নেচনছ’ নির্মাণ কৰা যাওক যি আন্তর্জাতিক সমস্যাবোৰ হাতৰপৰা ওলাই যোৱাৰ আগেয়েই শান্তিপূর্ণভাৱে তথা গণতান্ত্রিকভাৱে সমাধা কৰিব। এইক্ষেত্রত ৰাজহুৱা আলোচনা হয়তো অধিক বাঞ্ছনীয় হ’ব কিয়নো যুদ্ধই ইতিমধ্যেই দুখন দেশৰ মাজত স্থাপন হোৱা স্বাভাৱিক আন্তর্জাতিক আলোচনাকো ‘গুপ্ত কূটনীতি’ বুলি সন্দেহৰ আৱর্তলৈ আনিবলৈ আৰম্ভ কৰিছিল। ই আচলতে যুদ্ধকালীন সময়ছোৱাত জোট শক্তিবোৰৰ কেতবোৰ দাম্ভিক কার্যকলাপ ৰোধ কৰাৰ বাবে লোৱা পদক্ষেপ আছিল। যুদ্ধ শেষ হোৱাৰ আগতেই য়ুৰোপীয় জোট শক্তিবোৰে গোপনে আলোচনা কৰিবলৈ আৰম্ভ কৰিছিল - যুঁজ শেষ হোৱাৰ পাছত  য়ুৰোপ তথা মধ্য প্রাচ্যৰ কোনবোৰ অঞ্চল, কাৰ মাজত, কেনেকৈ বিতৰণ কৰা হ’ব! এইক্ষেত্রত স্থানীয় মানুহৰ সন্মতিতো বাদেই, তেওঁলোকৰ ন্যূনতম স্বার্থৰ কথাও অকণো ভবা হোৱা নাছিল। তদুপৰি ইতিমধ্যেই বলছেৱিকসকলে জাৰৰ আর্কাইভত জোট শক্তিৰ সৈতে স্বাক্ষৰিত হোৱা পূর্বৰ বিভিন্ন গোপন চুক্তি আৱিষ্কাৰ কৰিছিল তথা সিবিলাকক বাতৰিকাকতত প্রকাশ কৰি সমগ্র বিশ্বৰ মানুহে পঢ়িব পৰাকৈ ফাদিল কৰি দিছিল। কাজেই ই পশ্চিমীয়া দেশবোৰৰ ভাবমূর্তি ভালেখিনি ম্লান কৰি পেলাইছিল আৰু তাক ৰোধ কৰিবলৈ কিছু নতুন পদক্ষেপ লোৱাটো জৰুৰী হৈ পৰিছিল। যি কি নহওক, শান্তি প্রক্রিয়াৰ অংশ হিচাপেই লিগ অব নেচনছৰ স্থাপনা কৰা হ’ল আৰু  অতি সোনকালেই এটা সম্পূর্ণভাৱে ব্যর্থ অনুষ্ঠান হিচাপে ই স্বীকৃতি লাভ কৰিলে। অৱশ্যে আৰম্ভণিতে দুই-এটা সৰু-সুৰা সংঘাত নিৰাময় কৰাত তাৰ কিছু ভূমিকা নথকা নহয়। বিশেষকৈ আলাণ্ড দ্বীপপুঞ্জক লৈ ফিনলেণ্ড আৰু ছুইডেনৰ মাজত সৃষ্টি হোৱা সংঘাতত ই এক ধনাত্মক ভূমিকা পালন কৰিলে। কিন্তু আমেৰিকাই লিগত যোগদান কৰিবলৈ অমান্তি হোৱাত অনুষ্ঠানটোৱে তাৰ সমস্ত বাস্তৱিক প্রাসংগিকতা হেৰুৱাই পেলালে।

ভার্ছাই সন্ধিয়ে কিয় স্থায়ী শান্তি স্থাপন কৰিব নোৱাৰিলে - সেয়া বুজিবলৈ দুই বিশ্বযুদ্ধৰ মাজৰ ঘটনাৱলীৰ বিতং বিবৰণ দিয়াৰ প্রয়োজন নাই। প্রথমৰেপৰা স্পষ্ট আছিল - এই সন্ধিখন বিফল হ’ব আৰু আন এখন বিশ্বযুদ্ধ নিশ্চিতভাৱেই হ’বলৈ গৈ আছে। পূর্বেই কোৱা হৈছে যে আমেৰিকাই ইতিমধ্যে নিজকে ভার্ছাই সন্ধিৰপৰা আঁতৰাই পেলাইছিল আৰু এনে এখন বিশ্বত য’ত ইউৰোপ-কেন্দ্রিকতা তথা ইউৰোপীয় প্রভুত্বৰ চাউল উকলি গৈছিল, তাত ইতিমধ্যেই বিশ্ব শক্তিলৈ পৰিণত হোৱা আমেৰিকাৰ অংশগ্রহণ অবিহনে কোনো সন্ধি বান্ধি ৰখাটো সম্ভৱ নহয়। বিশ্ব ৰাজনীতি আৰু বিশ্ব অর্থনীতি - দুয়ো ক্ষেত্রতে এই কথাষাৰ প্রযোজ্য আছিল। দুটা প্রধান ইউৰোপীয় শক্তি - আচলতে বিশ্ব শক্তি - জার্মানি আৰু ৰাছিয়াক -  আন্তর্জাতিক পথাৰখনৰপৰা আঁতৰাই ৰখা হৈছিল; তেওঁলোকক আচলতে স্বাধীন শক্তি বুলি গণ্য কৰাটোৱেই বন্ধ কৰা হৈছিল। এয়া স্পষ্ট আছিল যে যি মুহূর্ততে এই শক্তি দুটাই বিশ্ব মঞ্চত পুনৰ মূৰ তুলি উঠিব, কেৱল ব্রিটেইন আৰু ফ্রান্সৰ ভৰসাত থকা এখন সন্ধি চুক্তি বেছি দিন টিকি  নাথাকে (ইতিমধ্যেই সন্ধিৰ কিছু অনুচ্ছেদ লৈ ইটালিও ক্ষুণ্ণ হৈ পৰিছিল)। এয়া স্পষ্ট আছিল যে আজি নহয় কালিলৈ জার্মানি বা ৰাছিয়াই - বা দুয়োৱেই নিশ্চিতভাৱে একোটাহঁত প্রধান শক্তি হিচাপে মূৰ দাঙি উঠিব।

শান্তি প্রতিষ্ঠাৰ যিকণ সম্ভাৱনা বাকী আছিল - বিজয়ী শক্তিবোৰে পৰাজিত শক্তিবোৰক আন্তর্জাতিক মঞ্চখনত সসন্মানে পুনৰ গ্রহণ কৰিবলৈ অস্বীকাৰ কৰাত সি সম্পূর্ণভাৱে ধূলিসাৎ হৈ পৰিছিল। সোনকালেই স্পষ্ট হৈ পৰিছিল - জার্মানিক সম্পূর্ণভাৱে দমাই ৰখাটো বা ছোৱিয়েট য়ুনিয়নক সম্পূর্ণভাৱে বেআইনী কৰি ৰখাটো সম্ভৱপৰ নহয়; কিন্তু এই সত্যটো উপলব্ধি কৰিবলৈ বিজয়ী শক্তিবোৰক বহু সময় লাগিছিল আৰু বাস্তৱৰ স’তে মিলাই নীতি সলনি কৰিবলৈ সিবিলাকে ভীষণ অনিচ্ছা অনুভৱ কৰিছিল। বিশেষকৈ ফ্রান্সে জার্মানিক চিৰদিন দুর্বল কৰি ৰখাৰ সপোন অতি অনিচ্ছাৰেহে পৰিত্যাগ কৰিছিল (ব্রিটেইনে ফ্রান্সৰ দৰে গৃহভূমিত জার্মানিৰ আক্রমণ আৰু পৰাজয় সহিব লগা হোৱা নাছিল)। ছোৱিয়েট য়ুনিয়নৰ বিষয়ে ক’বলৈ গ’লে, সিহঁতেতো (বিজয়ী পশ্চিমীয়া দেশবোৰে) এইবুলিয়েই আশা কৰিছিল যে এই দেশখন অস্তিত্বমান নোহোৱা হ’লেই ভাল আছিল! বলছেৱিকসকলক পৰাজিত কৰিবলৈ গৃহযুদ্ধৰ সময়ত আটাইবোৰ বিজয়ী ইউৰোপীয় শক্তিয়েই শ্বেত বাহিনীক সমর্থন কৰিছিল, আনকি নিজা সেনাবাহিনীও প্রেৰণ কৰিছিল আৰু অৱশেষত তথাপিও বলছেৱিকহঁত বিজয়ী হোৱাত নতুন শাসনতন্ত্রটোক স্বীকৃতি দিবলৈ সিহঁতে কোনো উৎসাহ অনুভৱ কৰা নাছিল। ইউৰোপীয় বিজনেছমেনসকলে আনকি লেনিনে আগ বঢ়োৱা বিনিয়োগৰ অতিশয় আকর্ষণীয় সুবিধাবোৰকো সম্পূর্ণভাৱে নাকচ কৰিছিল (যুদ্ধই ধ্বংস কৰি পেলোৱা অর্থনীতিখন পুনঃনির্মাণ কৰিবলৈ লেনিন ব্যগ্র হৈ পৰিছিল)। অকলশৰেই আগ বাঢ়ি যাবলৈ ছোৱিয়েট য়ুনিয়ন শেহত বাধ্য হৈ পৰিছিল; অৱশ্যেই ২০ৰ দশকৰ আৰম্ভণিৰেপৰা দুয়োখন অস্পৃশ্য দেশ - জার্মানি আৰু ছোৱিয়েট য়ুনিয়ন - সম্পূর্ণভাৱে বৈষয়িক স্বার্থৰ খাতিৰত ইখন সিখনৰ কাষ চাপি আহিছিল।

তথাপিও হয়তো যুদ্ধ পৰিহাৰ কৰি চলাটো সম্ভৱপৰ হ’ল হয়, যদিহে যুদ্ধোত্তৰ কালৰ অর্থনীতিখনক তাৰ পূর্বৰ বিকাশৰ গতি আৰু সম্প্রসাৰণৰ স্তৰলৈ ঘূৰাই লৈ আহিব পৰা হ’ল হয়। কিন্তু ১৯২০ৰ মাজভাগলৈকে কিছু সময়ৰ বাবে আর্থিক বিকাশৰ গতি কিছু আগ বঢ়াৰ পাছত বিশ্ব অর্থনীতিখন এক বৃহৎ আর্থিক সংকটৰ গৰাহত পৰিল; ঔদ্যোগিক বিপ্লৱৰ পাছৰ কালৰ ই আটাইতকৈ বৃহৎ আর্থিক সংকট আছিল (তৃতীয় অধ্যায় চাওক)। আর্থিক সংকটে জার্মানি আৰু জাপান - এই দুয়োখন দেশত ভীষণ সোঁপন্থী তথা সৈন্যবাদী কেতবোৰ ৰাজনৈতিক শক্তিক ক্ষমতালৈ আনিলে - যি মন্থৰ আলোচনাৰ পৰিবর্তে প্রয়োজন হ’লে মিলিটেৰি পদ্ধতিৰে স্থিতাৱস্থা পৰিবর্তনৰ প্রতি উৎসর্গিত আছিল। ইয়াৰ পাছৰেপৰা এখন নতুন বিশ্ব যুদ্ধ নিশ্চিত হৈ পৰাই নহয়, ই ঠিক কেতিয়া আৰম্ভ হ’ব - এই বিষয়েও গুণাগঁথা হ’বলৈ আৰম্ভ কৰিছিল। ১৯৩০ৰ দশকত যিসকল লোকে বয়সসন্ধিত ভৰি দিছিল, তেওঁলোকে পূর্ণমাত্রাই জানিছিল – যুদ্ধখন হ’বলৈ গৈ আছে। মোৰ প্রজন্মৰ লোকসকলক অগণন আকাশীযানৰপৰা তললৈ সৰি অহা বোমা, বা  বিষাক্ত গেছে কুহেলিকাময় কৰি তোলা পৰিবেশত গেছ-মাস্ক পিন্ধা মানুহৰ অন্ধ লৰা-ঢপৰা - এইজাতীয় ছবিবোৰে শিহৰিত কৰি আহিছে। ইয়াৰে প্রথমখন ছবি সঁচাকৈয়ে এসময়ত গৈ বাস্তৱায়িত হৈছিল।

(ক্রমশঃ)

 

Share Button
Print Friendly, PDF & Email

No Comments : "আতিশয্যৰ যুগ : চমু বিংশ শতিকাৰ ইতিহাস - (মূল: এৰিক হবছবম অনুবাদ : ময়ূৰ চেতিয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *