আব্দুল হামিদ ভাসানী আৰু ঔপনিৱেশিক অসমৰ পিছৰ ছোৱাত ভূমি ৰাজনীতি (মূল: গোৰ্কি চক্ৰৱৰ্তী, অনুবাদ: যতীন্দ্ৰ চৌধুৰী)

অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা কেবাগৰাকী নেতাৰ আবিৰ্ভাৱ হোৱা দেখা গৈছিল ১৯৩৭ খৃষ্টাব্দৰ নিৰ্বাচনত। সেই একেটা বছৰতে বিধানসভালৈ নিৰ্বাচিত হোৱা আব্দুল হামিদ খান আছিল সেইসকলৰ এজন। দেশ বিভাজনৰ সময়লৈ পৰৱৰ্তী বছৰবোৰত তেওঁ মুছলিম লীগৰ ইচ্ছা সদায় প্ৰতিফলিত কৰিছিল। ৰাজ্যখনৰ আন কোনো নেতাই, পমুৱাসকলৰ শংকা আৰু আকাংক্ষা, বিশেষকৈ বাকৰণি (Wasteland)-সমূহত বসতিস্থাপন সম্পৰ্কীয় কথাৰ ক্ষেত্ৰত, আব্দুল হামিদ খানৰ দৰে নৰৰূপী ভগৱানৰ দৰে প্ৰতিনিধিত্ব কৰা নাছিল। বাস্তৱতে তেওঁ ‘সামূহিক ইচ্ছা’ক অকল সাকাৰ ৰূপেই দিয়া নাছিল, তাক নিৰ্দ্ধাৰিত এক ৰাজনৈতিক লক্ষ্যৰ ফালেও লৈ গৈছিল। স্বাধীনতা সংগ্ৰামৰ পিছৰছোৱাত সমগ্ৰ কাল, পমুৱাসকলৰ কৃষিৰ বাবে ভূমি অধিগ্ৰহণৰ যি আকাংক্ষা আছিল, সেই আকাংক্ষাৰ তেওঁ আছিল আত্ম-প্ৰতিফলন। অইন ৰূপত ক’বলৈ হ’লে, পমুৱা কৃষকসকলৰ জনপ্ৰিয় চেতনাৰ বিচাৰ ক্ষমতা হৈ পৰিছিল আব্দুল হামিদ খান‌। হ’ব পাৰে কিছু অযুক্তিৰে, কিন্তু নিশ্চয়কৈ তেওঁক লৈ গঢ়ি উঠা দুৰ্বোধ্যকৰণ, গভীৰ আৱেগ আৰু উগ্ৰ ৰাজনৈতিক মতবাদৰ পৰিৱেশেৰে এইয়া গঢ় লৈছিল।

পূৰ্বৰ পূব বংগৰ পাবনা জিলাৰ চিৰাজগঞ্জ চহৰৰ কাষৰ ধানগড়া গাঁৱত ১৮৮০ খৃষ্টাব্দত জন্ম লাভ কৰা আব্দুল হামিদ খানে জীৱনৰ আগডোখৰতে পিতৃক হেৰুৱাইছিল। গতিকে ইছলাম ধৰ্মৰ আইন অনুযায়ী (যিহেতু দেউতাকৰ মৃত্যুৰ সময়ত তেওঁৰ ককাদেউতাক জীৱিত আছিল), তেওঁক উত্তৰাধিকাৰী সূত্ৰে পৈতৃক সম্পত্তি পোৱাৰ পৰা বঞ্চিত কৰা হৈছিল৷ তেওঁ ১৯০৪ খৃষ্টাব্দত পোনপ্ৰথমবাৰলৈ অসমলৈ (জলেশ্বৰ)লৈ আহিছিল; তেওঁৰ লগত আহিছিল ছৈয়দ নাছিৰুদ্দিন বাগদাদী নামৰ ইৰাক দেশৰ ইছলামী পণ্ডিত এজন। অসমত তেওঁ দুবছৰ আছিল। আব্দুল হামিদ খানে বাগদাদীৰ সংস্পৰ্শত থাকি আৰৱী, পাৰ্চি, উৰ্দুকে ধৰি বিভিন্ন ভাষাৰ উপৰিও ইছলামৰ মূল নীতিসমূহ শিকিছিল। ১৯০৭ৰ পৰা ১৯০৯ খৃষ্টাব্দৰ ভিতৰত তেওঁ দেওবন্দৰ ইছলামী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল৷ তাত তেওঁ দুটা বিশেষ ধাৰাৰ লগত পৰিচিত হয়; এই দুই ধাৰাই তেওঁৰ পৰৱৰ্তী জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। এটা আছিল দক্ষিণ এছিয়াৰ ছুফী পৰম্পৰা; আনটো আছিল সাম্ৰাজ্যবাদবিৰোধী দিশস্থিতি (orientation)। এখন মাদ্ৰাছাত আনুষ্ঠানিক প্ৰশিক্ষণৰ আৰু জন্মস্থানলৈ উভতি যোৱাৰ পাছত টাঙ্গাইলৰ কাষৰ কাগমাৰী নামৰ গাঁও এখনত তেওঁ প্ৰাথমিক বিদ্যালয় এখনত শিক্ষক হিচাপে সেৱা আগবঢ়াইছিল। তেওঁৰ জীৱন পৰিক্রমা আৰম্ভ হৈছিল ‘আধ্যাত্মিক-মানৱতাবাদী’ পৰম্পৰাৰ এজন অনুগামী হিচাপে; তেওঁৰ জীৱনৰ অন্তিম দিনবোৰতো, যেতিয়া তেওঁ ৰাজনৈতিকভাৱে নিঃসংগতাত ভুগিছিল, সেয়াই আছিল তেওঁৰ চালিকাশক্তি। ১৯১৫ খৃষ্টাব্দত, কলিকতা অধিৱেশনত তেওঁ অঞ্জমান ই উলেমাত যোগদান কৰিছিল আৰু পাবনা জিলাত, প্ৰাকৃতিক দুৰ্যোগৰ বলিসকলৰ মাজত সাহায্য বিতৰণ কৰিছিল। ১৯১৭ খৃষ্টাব্দত চিত্তৰঞ্জন দাস আৰু মুহদ আলীৰ প্ৰভাৱত কংগ্ৰেছৰ এজন উৎসাহী সদস্য হৈ পৰিছিল। এজন খিলাফৎকাৰী হিচাপে আব্দুল হামিদ খান পোনপ্ৰথমবাৰৰ বাবে কাৰাগাৰলৈ গৈছিল। পৰৱৰ্তী কেবাটাও বছৰ স্বৰাজ্য দলৰ সদস্য হিচাপে তেওঁ বিভিন্ন সাহায্য প্ৰদান কাৰ্য কৰিছিল। আধ্যাত্মিক মানৱতাবাদী প্ৰচাৰৰ কালছোৱাত তেওঁ বংগত বিস্তীৰ্ণভাৱে আৰু অসম মাজে সময়ে ভ্ৰমিছিল আৰু পূৰ্ববংগত জমিদাৰী পদ্ধতিৰ স্বৈৰাচাৰ আৰু কৃষক শ্ৰেণীৰ দুৰৱস্থা দেখি গভীৰ অসন্তোষ পাইছিল।

ভাসানীয়ে সঘনাই পূৰ্ব বংগ আৰু অসমৰ মাজত তাঁত-বাটি কৰিছিল‌। তেওঁ ব্ৰহ্মপুত্ৰ নৈৰ পথ অনুসৰণ কৰিছিল দুয়োখন উপত্যকাতে উজনিমুৱা আৰু নামনিমুৱা হৈ আৰু কৃষকসকলৰ বিৰুদ্ধে কৰা অন্যায়ৰ বিৰুদ্ধে তেওঁলোকক সংগঠিত কৰিছিল। পূৰ্ববংগত কৃষকসকল ভুগিছিল জমিদাৰ সুতখোৰৰ যুঁৱলিত আবদ্ধ হৈ; অসমত তেওঁলোক ভুগিছিল লাইন ছিষ্টেমৰ কুৰীতিত। পূৰ্ব বংগত জংগীৰূপত কৃষক সংগঠিত কৰাৰ ফলস্বৰূপে ১৯২৬ খৃষ্টাব্দত তেওঁক বংগৰ পৰা বহিষ্কাৰ কৰা হয়। তাৰ পাছৰ পৰা তেওঁ অসমত সুদীৰ্ঘকাল থাকিবলৈ লৈছিল; মাজে সময়ে পূববংগলৈ গৈছিল৷ ১৯২৯ খৃষ্টাব্দত অবিভক্ত গোৱালপাৰা জিলাৰ ধুবুৰী ব্লকৰ মগামাৰীত এটুকুৰা বাকৰণি প্ৰস্তুত কৰি নিজ পৰিয়ালৰ লগত বসতি স্থাপন নকৰালৈ তেওঁৰ সম্পত্তি শূন্য আছিল৷ ১৯৩২ খৃষ্টাব্দৰ ডিচেম্বৰ মাহত ছিৰাজগঞ্জত এখন প্ৰজা সন্মিলন সংগঠিত কৰি তেওঁৰ সাংগঠনিক দক্ষতাৰ পৰৱৰ্তী মাইলৰ খুঁটিপ্ৰদৰ্শন কৰিছিল। বৃহৎ সমাৱেশটোত জমিদাৰী প্ৰথাৰ অৱলুপ্তি, ঋণগ্ৰস্ত কৃষকলৈ সাহায্য আৰু ১৯৩২ খৃষ্টাব্দৰ ‘গোষ্ঠী বঁটা’ (Communal Awards)লৈ সমৰ্থন আগবঢ়াই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। ভাসানীৰ জীৱন সম্পৰ্কে বিস্তাৰিতভাৱে লেখা মেলা কৰা ইতিহাসবিদ পিটাৰ কাষ্টাৰ্জে খুব সংক্ষেপে এই দিশটো বিশ্লেষণ কৰি কৈছে : মৌলানা ভাসানীক এজন পীৰ বুলি গণ্য কৰা হৈছিল যাৰ আছিল বৃহৎ সংখ্যক সমর্থক যিসকলে তেওঁৰ পৰা ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিছিল; ৱাজমাহাফিল আৰু অন্যান্য সমাৱেশত তেওঁ দিয়া ভাষণসমূহৰ পৰা অনুপ্ৰেৰণা আহৰণ কৰিছিল আৰু তেওঁৰ ৰাজনীতি তথা লাইনছিষ্টেম আৰু ব্ৰিটিছ ৱেশবাদৰ বিৰোধিতাক সমৰ্থন কৰিবলৈ আগ্ৰহী আছিল৷

এইটো বিশ্বাস কৰা হয় যে ঘাগমাৰি আৰু ভাসান চৰৰ ঔপনিৱেশিকৰণসম্ভৱ পৰ হৈছিল তেওঁৰ ব্যক্তিগত হস্তক্ষেপৰ ফলত আৰু কুৰি শতিকাৰ তৃতীয় দশকমানত তেওঁ অসমৰ এক লেখত ল’বলগীয়া শক্তিত পৰিণত হৈছিল। নিষ্পেষণমূলক জমিদাৰী ব্যৱস্থাত থৰকাছুটি হেৰুৱাই অসমলৈ আহিবলৈ বাধ্য হোৱা পূব বংগৰ অভিবাসী কৃষকসকলৰ কষ্ট-যন্ত্ৰণাৰ কথা তেওঁ খুব ভালকৈ বুজিব পাৰিছিল আৰু সেয়েহে লাইন ব্যৱস্থাৰ নামত যেতিয়া এই কৃষকসকলক অসমত প্ৰচুৰ পৰিমাণে থকা ছন পৰা মাটিত খেতি কৰাৰ অধিকাৰ দিবলৈ অংগীকাৰ কৰা হৈছিল, তেওঁলোকৰ নৈৰাজ্য তেওঁ অনুভৱ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ অনুগামীসকল আৰু তেওঁৰ মতে সৰ্বশক্তিমানৰ চকুত যদি সকলো মানুহ সমান হয়, তেন্তে কোনে খেতি কৰা উচিত আৰু কোনে কৰা অনুচিত সেই লৈ কিয় প্ৰভেদ থাকিব? লাইন ছিষ্টেমৰ নামত কৰা এই পৃথকীকৰণ তেওঁলোকৰ মনত আৰু হাস্যস্পদ হৈ পৰিছিল কাৰণ তেওঁলোকে ছন পৰা মাটিক হাস্যময়ী শস্যৰ পথাৰলৈ ৰূপান্তৰিত কৰিবলৈ বিচাৰিছিল। লাইন ব্যৱস্থাৰ নামত মাটিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ কৃষকসকলৰ যি বিৰক্তি উপজিছিল, সেই বিৰক্তি ভাসানীয়ে বুজিবলৈ, অনুভৱ কৰিবলৈ আৰু স্পষ্ট ৰূপত প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ সংখ্যা বৃদ্ধিৰ লগত হতাশাৰ স্তৰ বাঢ়ি যোৱাত, তেওঁৰ সংগঠন অধিক জনপ্ৰিয় হৈছিল আৰু সময়ে সময়ে জংগী ৰূপ ধাৰণ কৰিছিল। এই জনপ্ৰিয়তাই তেওঁক ১৯৩৭ খৃষ্টাব্দৰ নিৰ্বাচনত জয়ী হৈ অসম বিধানসভাত প্ৰৱেশত সহায় কৰিছিল।

১৯৩৯ খৃষ্টাব্দত অসম ৰাজ্যিক মুছলীম লীগ পুনৰ গঠন কৰা হৈছিল আৰু ভাসানী ইয়াৰ উপ-সভাপতি হৈছিল। লীগৰ ছিলেট আৰু গোৱালপাৰা শাখা গঠন কৰি তেওঁৰ সাংগঠনিক দক্ষতা প্ৰমাণ কৰিছিল। ১৯৪০ খৃষ্টাব্দৰ ডিচেম্বৰ মাহত গোৱালপাৰা জিলা প্ৰজা অধিৱেশনখন গাগমাৰীত অনুষ্ঠিত হৈছিল আৰু তাত কেবাটাও দৰকাৰী প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল, যেনে- ১৷ যিসকল বিধায়কে বিধানসভাত গোৱালপাৰা ৰায়তি সত্ব (সংশোধনী) বিলৰ বিৰোধিতা কৰিছিল, সেইসকলক ভৰ্ৎসনা কৰা৷ ২৷ বিজনী আৰু মেছপাৰা জমিদাৰীত খাজনা হ্ৰাস কৰাৰ বাবে আৱেদন ৩৷ ফলপ্ৰসূ ঋণ মিত-মাত কৰা পৰিষদৰ বাবে সঠিক নিয়ম প্ৰস্তুতকৰণ। ৪৷ গোৱালপাৰাত প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণ৷ ৫৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাপে বাংলা ভাষাপ্ৰৱৰ্তন কৰা।

উন্নৈশ শ চল্লিশৰ দশকত অসমৰ ৰাজনীতিত প্ৰধান স্ব-বিৰোধিতা আছিল অভিবাসীসকলৰ দ্বাৰা ছন পৰা মাটিত বসতিস্থাপনৰ বিষয় আৰু ৰাজ্যৰ প্ৰশাসনৰ দ্বাৰা এনেকুৱা আইন কাৰ্যকৰী কৰাত বাধা আৰোপ৷ লাইন ব্যৱস্থাই আৰোপ কৰা নিষেধ নামানি, ভাসানী আৰু তেওঁৰ অনুগামীসকলে মাটিত খেতি কৰাৰ অধিকাৰ পাবলৈ যি আপোচহীন ভূমিকা গ্ৰহণ কৰিছিল, ছাদুল্লা চৰকাৰৰ অস্বস্তিত ই ভালেখিনি অৰিহণা যোগাইছিল৷ অভিবাসী কৃষকসকলক খেতি কৰা বা সংৰক্ষিত অঞ্চলৰ মাটি আহৰণ কৰা বিষয়ত নিষেধাজ্ঞাৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰেই হওঁক বা মুছলীমৰ চৰকাৰেই হওঁক, ভাসানীয়ে কোনো চৰকাৰী প্ৰস্তাৱলৈ কাণ দিয়া নাছিল ফলাফল লাগিলে যিয়েই নহওঁক৷ তেওঁ নিজৰ দল মুছলীম লীগৰ কর্মীসকলৰ লগতো তেওঁৰ গুৰুতৰ মত বিৰোধ আছিল৷ বিধানসভাৰ বিতৰ্কত ভাগ লৈ আব্দুল মতিন চৌধুৰী নামৰ মুছলীম লীগৰ মন্ত্ৰী এজনক অভিবাসীসকলৰ স্বাৰ্থক বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ কৰিছিল৷ একেদৰে ১৯৪৪ খৃষ্টাব্দৰ এপ্ৰিল মাহত যেতিয়া বৰপেটাত ৰাজ্যিক মুছলীম লীগৰ সন্মিলন অনুষ্ঠিত হৈছিল, ছন পৰা মাটিত বসতিস্থাপনৰ বিষয়টো লৈ ভাসানী আৰু ছাদুল্লাৰ মাজত মুকলি আলোচনা হৈছিল৷ ছাদুল্লাই অভিবাসী সমাজখনৰ মধ্যভোগী আৰু ক্ষমতাৰ দালাল সকলক দোষ দি কৈছিল যে সিহঁতে শ শ একৰ ছন পৰা মাটি নিজৰ অধীনলৈ আনি, নিজা জমিদাৰী চলাই লাইন ব্যৱস্থা ভংগ কৰিছিল; আনহাতে ভাসানীয়ে পুনৰ নিজৰ স্থিতিত অটল হৈ থাকি দাবী কৰিছিল যে লাইন ব্যৱস্থাই আৰোপ কৰা নিষেধ আঁতৰাই ভূমিহীন অভিবাসী কৃষকৰ বাবে অধিক মাটি মুকলি কৰি দিব লাগে৷ লগতে ছাদুল্লাক এইবুলি সমালোচনা কৰিছিল যে তেওঁ যাতে ইংৰাজ কৰ্তৃপক্ষৰ পোষ্টবক্স হৈ নপৰে যিহেতু তেওঁ চৰকাৰৰ দ্বাৰা প্ৰাক-১৯৩৮ খৃষ্টাব্দ আৰু উত্তৰ-১৯৩৮ হিচাপে অভিবাসী কৃষকসকলক দুটা ভাগত ভগোৱা ধাৰণাক বিশেষ গুৰুত্ব নিদিয়াকৈ চিন্তা কৰিছিল৷ উপস্থিত থকা পচিশ হাজাৰতকৈও অধিকমানুহৰ বাবে ই আছিল বৰং এক তৰ্ক য’ত ভাসানীয়ে ছাদুল্লাৰ ওপৰত জয় সাব্যস্ত কৰিছিল৷ মাটিৰ বন্দোৱস্তী বিষয়টোক লৈ এই দুই নেতাৰ মাজৰ বিভাজন এনে পৰ্যায় পাইছিল যে ১৯৪৫ খৃষ্টাব্দৰ দুজন সৰ্বভাৰতীয় পৰ্যায়ৰ নেতাক যুদ্ধংদেহি মনোভাৱ লোৱা দুয়োটা ফৈদৰ লগত মোকাবিলা কৰিবলৈ পঠোৱা হৈছিল৷ কিন্তু ভাসানী আৰু তেওঁৰ অনুগামীসকলৰ কঠোৰ স্থিতিৰ পৰিপ্ৰেক্ষিতত দুই দলৰ মাজৰ বিৰোধ কাহানিও নকমিল৷

১৯৪৬ খৃষ্টাব্দত মঙলদৈত হোৱা অধিৱেশনতো আনকি অসমত মুছলীম লীগ নেতৃত্ব আৰু ভাসানীৰ মাজৰ বিভেদ চলিয়ে আছিল৷ দুই লাখৰো অধিক লোক গোট খোৱা এই অধিৱেশনত সকলোৱে অভিবাসী কৃষকশ্ৰেণীৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা বাবে ইংৰাজসকলক, মুছলীম লীগৰ নেতাসকলক আৰু পুলিচক সমালোচনা কৰি দিয়া ভাষণ শুনিছিল৷ ভাসানীৰ বাকপটুতা আৰু প্ৰচাৰ ইমানেই সফল হৈছিল যে সকলোধৰণৰ নিৰ্যাতনৰ পৰা কৃষক শ্ৰেণীৰ নিৰাপত্তা দাবী কৰি, অধিৱেশনৰ পাছতেই তেওঁ আহ্বান কৰা এষষ্ঠীদিনীয়া অনশন ধৰ্মঘট তেওঁৰ অনুগামীসকলৰ সমৰ্থন আৰু অংশগ্ৰহণৰ নিশ্চিতি পাইছিল৷

ইতিমধ্যে ভাসানীৰ সাংগঠনিক দক্ষতাৰ সহায়ত মুছলীম লীগে অসমীয়া মুছলমানসকলৰ পক্ষ লৈ, অসমৰ সেই জনগোষ্ঠীৰ অভিজাত নেতাসকলৰ দ্বাৰা বিছিন্ন আৰু একাকী হৈ পৰা লোকসকলৰ জৰিয়তে ব্ৰহ্মপুত্ৰ উপত্যকাত লীগৰ সমৰ্থনৰ ভেটি বৃদ্ধি কৰিছিল৷ ভাসানী আৰু অসমীয়া মুছলমানৰ একাংশৰ এই মৈত্ৰী, মুছলীম লীগৰ ছাদুল্লা, ছায়িদুৰ ৰহমান, কেৰামত আলী আদি চাহ খেতিৰ লগত জড়িত, সম্পত্তিবান তথা কোনো নহয় কোনো সময়ত চৰকাৰী সন্মানজনক উপাধি লাভ কৰা প্ৰভাৱশালী, ভব্য গব্য নেতাসকলে ভাবুকি হিচাপে গণ্য কৰিছিল৷ তাৰ বিপৰীতে, অতি সাধাৰণ অৱস্থাৰ পৰা অহা, আপোচহীন বিশ্বাস আৰু তৃণমূল পৰ্যায়ৰ সংগঠনেৰে বলীয়ান ভাসানীৰ, তেওঁৰ অনুগামীসকলৰ দৰেই, দাসত্বৰ বাহিৰে হেৰুৱাবলৈ আন একো নাছিল৷ তেওঁ সাধনাৰ্থে লোৱা লক্ষ্য আছিল দৰিদ্ৰ, অভিবাসী কৃষকশ্ৰেণীৰ বাবে ভূমি লাভ কৰা আৰু এই ভূমি লাভ আৰু সুদৃঢ় কৰাৰ একমাত্ৰ বিকল্পটো আছিল পাকিস্তানৰ জন্মৰ বাবে যুঁজ কৰা৷ তেওঁ পুনশ্চ হৈছিল, পাকিস্তানৰ হকে, আল্লাৰ বাটত ছহিদ হ’বলৈ আমি আমাৰ ৰক্তপাত কৰিব লাগিব৷ লাইন পদ্ধতিৰ প্ৰত্যাহাৰ কৰাৰ লগতে, দাসত্বক গোৰ সোধাই আমি স্বাধীনতা পাবলৈ বিচাৰোঁ৷

এইটো মনোগ্ৰাহী কথা যে লাইনপদ্ধতি প্ৰত্যাহাৰৰ বাবে চলোৱা ভূ-সংগ্ৰামৰ কালছোৱাত তেওঁৰ ৰাবুবিয়াটিন ইছলামৰ লগত পৰিচয় ঘটে৷ বৈপ্লৱিক দাৰ্শনিক আল্লামা আজাদ শোভানীয়ে ভাসানীক এইধাৰণাৰ লগত পৰিচয় কৰাই দিয়ে; ভূমিৰ লগত জড়িত তেওঁৰ বছৰ বছৰ জোৰা সংগ্ৰামৰ দাৰ্শনিক যথাৰ্থতা যেন এই ধাৰণাতেই তেওঁ পাইছিল৷ তাৰ পিছৰ পৰাই, অন্যায়, অসমতা আৰু শোষণৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰামৰ মতাদৰ্শগত ভেটি ইছলামৰ উক্ত ব্যাখ্যা হৈ পৰিছিল৷ ৰাবুবিয়াটে ইছলামৰ সমতাবাদী আচৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে; অনেক ধৰণে ই কমিউনিষ্ট বা সাম্যবাদী মতাদৰ্শৰ লগত মিলে- মাত্ৰ এটাকথা বাদ দিলে৷ উক্ত ধাৰণাটো সম্পৰ্কে, ভাসানীয়ে নিজে ব্যাখ্যা দিছে এইদৰে : ৰাবুবিয়াটে, জাতি, ৰাষ্ট্ৰীয়তা, ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ বৈষম্যহীন সমতাৰ কথা শিকায়৷ তেওঁ পুনৰ হৈছে, ৰাবুবিয়াটে ধৰ্মৰ বিশ্বাসৰ ভিত্তিত ব্যক্তিগত সম্পত্তি বিলোপৰ সপক্ষে কয়৷ মানুহ কেৱল ৰখীয়াহে আল্লাহ হ’ল সকলো সম্পত্তিৰ মালিক৷ সেয়েহে তেওঁৰ মতে ৰাষ্ট্ৰই ব্যক্তিগত মালিকানাৰ বিলোপ ঘটাই, প্ৰয়োজন অনুযায়ী বস্তুবোৰ সমানুপাতত ভগাই দিব পাৰে৷ কাষ্টাৰৰ মতে ঈশ্বৰৰ স্বীকৃতি আৰু তেওঁৰ কৰ্তৃত্বৰ ক্ষেত্ৰতহে সাম্যবাদ আৰু ৰাবুবিয়াটৰ মাজৰ পাৰ্থক্য আছে৷ সেইটোৰ বাহিৰে চিন্তাৰ এই দুই ধাৰা একে ধৰণৰ৷

আমি যদি তেওঁৰ ৰাজনৈতিক কাৰ্য নিৰ্গঠন কৰোঁ, এইটো স্পষ্ট হৈ পৰে যে ভাসানীৰ বাবে, ইংৰাজৰ পৰা ৰাজনৈতিক স্বাধীনতা আৰু (স্থানীয় ৰাজনৈতিক প্ৰশাসনিক ব্যৱস্থাৰ পৰা কৃষিৰ বাবে ভূমি লাভ কৰা) লাইন পদ্ধতিৰ অৱমাননাৰ জৰিয়তে অৰ্থনৈতিক স্বাধীনতা এই দুয়োটা আছিল একেটা মুদ্ৰাৰ দুটা পিঠি আৰু এই দুয়োটা লাভ কৃষকৰ হ’ব যদিহে পাকিস্তান লাভ কৰা হয়৷ এইদৰে তেওঁৰ, (ঔপনিৱেশিক শক্তিৰ) ধ্বংসমুখী ৰাজনীতি আৰু (লাইন ব্যৱস্থাৰ) নস্যাৎকৰণ বৰ্তি আছিল, পাকিস্তানৰ ৰূপত এক অন্তৰ্নিহিত গাঁথনি আৰু নিশ্চয়োক্তি৷

এই কালছোৱাত অসমৰ পৰিস্থিতি সৰ্বদিশৰ পৰা এক চূড়ান্ত শিখৰ পাইছিল৷ এহাতে অভিবাসী মুছলমানসকলৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ একাংশ অসমীয়া মুছলমানৰ মাজতো পাকিস্তানৰ বাবে দাবীয়ে সমৰ্থন লাভ কৰিছিল৷ আনহাতে বঙাল খেদা আন্দোলন তথা বৰদলৈ চৰকাৰ আৰু অসমৰ শাসকীয় ব্যৱস্থাই ঘোষণা কৰা ‘অসম ৰাজহুৱা শৃংখলা বজাই ৰখা অধ্যাদেশে’ ৰাজ্যত  বাস কৰা অভিভাসী কৃষকসকলৰ জীৱন আৰু জীৱিকাৰ বাবে সবাতোকৈ ডাঙৰ ভীতি হিচাপে দেখা দিছিল৷ সাম্প্ৰদায়িক আৱেগ উথলি উঠিছিল আৰু পৰস্পৰবিৰোধী সংগঠনসমূহৰ নেতাসকলে এই আৱেগক নিজ নিজ ৰাজনৈতিক কাৰ্যসূচী ৰূপায়ণত ব্যৱহাৰ কৰিছিল৷ তথাপি, একে সময়তে এইটোও সত্য যে অসমত মুছলমানসকলৰ কিছু পৰ্যায়লৈ সুদৃঢ়কৰণ হোৱা সত্ত্বেও, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মুছলমানসকলৰ মাজৰ বিভাজন সমগ্ৰ কালছোৱাত চকুত পৰা হৈ আছিল৷ অৱশ্যেই শ্ৰেণী, ভাষা, সংস্কৃতি, জীৱন-প্ৰণালী আৰু সৰ্বোপৰি ইছলামৰ ব্যৱহৃত ধাৰাৰ ‘প্ৰকাৰ’ বিভেদকৰণৰ প্ৰক্রিয়াত অৰিহণা যোগাইছিল, যাৰ ফলত মুছলীম লীগ আৰু ইয়াৰ নেতাসকলে বিচৰা ধৰণে অসমৰ ৰাজনীতিত ইছলামৰ সুদৃঢ়কৰণ নহ’ল৷

‘প্ৰভিন্সিয়েল লীগ’ৰ  দ্বাৰা এইটো সিদ্ধান্ত লোৱা হৈছিল যে অসমৰ কংগ্ৰেছ চৰকাৰৰ দ্বাৰা অভিভাসীসকলক উচ্ছেদ কৰা তথা অমানৱীয় নিৰ্যাতন চলোৱা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰু প্ৰাৰ্থনা জনাবলৈ ১৯৪৭ খৃষ্টাব্দৰ ৩ জানুৱাৰীত ‘কলা দিৱস’ পালন কৰা হ’ব৷ কিন্তু অসমীয়া মুছলমানসকলৰ সঁহাৰি আছিল নগণ্য আৰু মৌন৷ এইবাৰ পাল পৰিছিল ভাসানীৰ; অভিবাসী মুছলমানসকলৰ অবিসম্বাদী নেতা হিচাপে কেনেকৈনো তেওঁ পতিত মাটিৰ বিষয়টো লৈ কাৰ্যপন্থা গ্ৰহণ কৰি সংগঠন কৰি তাক এক যুগান্তকাৰী ৰাজনৈতিক-অৰ্থনৈতিক ঘটনালৈ ৰূপান্তৰ কৰিব পাৰে, যিটোৱে অন্তিম পৰ্যায়ত স্বাধীনতা আন্দোলনৰ গতি নিৰ্ণয় কৰিব পাৰিব৷ তেওঁৰ ভাতৃগণৰ অমানৱীয় দুৰৱস্থা দেখি, তেওঁ আইন অমান্য আন্দোলনৰ কথা গুণাগঁথা কৰিছিল আৰু বংগৰ মুছলীম লীগৰ নেতাসকলক তেওঁক সহায় কৰিবলৈ অনুৰোধ কৰিছিল৷ অসমৰ অভিবাসী কৃষকসকলৰ বিৰুদ্ধে লোৱা নিষ্পেষণমূলক ব্যৱস্থাৰ বিৰোধিতা কৰিবলৈ অসম-বংগৰ সীমান্তৰ এখন ঠাই ধুবুৰীক নিৰ্বাচিত কৰা হৈছিল কেবাখনো অধিৱেশন পাতিবলৈ৷ বংগ-অসম মুজাহিদীন গঠন কৰা হৈছিল আৰু উচ্ছেদৰ বিৰুদ্ধে আইন-অমান্য আন্দোলন গঢ়িবলৈ মুজাহিদীনসকলক প্ৰশিক্ষণ দিবলৈ মানকাছাৰত এক কেন্দ্ৰ গঢ়ি তোলা হৈছিল৷ কিন্তু চৰকাৰী আদেশ অমান্য কৰা বাবে ভাসানীক বৰদলৈ চৰকাৰৰ দ্বাৰা তুৰন্তে গ্ৰেপ্তাৰ কৰা হৈছিল যদিও আন্দোলনটোৱে যথেষ্ট উত্তাপৰ সৃষ্টি কৰিছিল৷ ভাসানীৰ গ্ৰেপ্তাৰৰ লগে লগে তাৰ গতি হেৰাই গৈছিল৷ তদুপৰি পূৰ্ব পাকিস্তানত অসমৰ অন্তৰ্ভুক্তিৰ সম্ভাৱনা ক্ষীণ হৈ অহাৰ লগে লগে, আন্দোলনটো তাৰ পাছত তাৎপৰ্যহীন হৈ পৰিছিল৷

১৯৪৭ খৃষ্টাব্দৰ ১৪ আগষ্টত পাকিস্তানে যেতিয়া স্বাধীনতা লাভ কৰিছিল, ভাসানীয়ে জীয়াতু ভুগি আছিল অসমৰ এখন কাৰাগাৰত, যি কাৰাগাৰ ভূমিৰ বাবে কৰা সংগ্ৰামৰ কালছোৱাত তেওঁৰ বাবে দ্বিতীয়খন ঘৰ হৈ পৰিছিল৷ তেওঁৰ অসমত থকা কালছোৱাৰ আঠ বছৰতকৈ অধিক কাৰাগাৰতে কটাইছিল৷ দেশবিভাজনৰ পাছত, ছেপ্টেম্বৰ মাহত তেওঁ পূৰ্বপাকিস্তানৰ টাঙ্গাইললৈ যায় আৰু তেওঁৰ অনুগামীসকলক অন্যায় আৰু নিষ্পেষণৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনায়৷ জনগণৰ কল্যাণৰ বাবে নিজৰ সকলো সা-সম্পত্তি, বয়-বস্তু বিলাই দিয়াৰ পাছত, তেওঁ শূন্য হাতেৰে অসম এৰি গৈছিল৷ অসমত থকা কালছোৱাত কেবাটাও অনুষ্ঠান গঢ় দিয়াত ভাসানী আহিলা স্বৰূপ আছিল৷ এইটো বিশ্বাস প্ৰচলিত আছে যে তেওঁৰ ব্যক্তিগত প্ৰচেষ্টাৰ ফলত কমেও তেত্ৰিশটা শিক্ষানুষ্ঠান গঢ় লৈছিল৷ তেওঁৰ প্ৰচেষ্টাৰ ফলতেই হামিদাবাদত এখন কৃষিপাম গঢ় লৈছিল য’ত আছিল বিদ্যালয়, মহাবিদ্যালয়, পুথিভঁৰাল, মাদ্ৰাছা, পশু চিকিৎসা কেন্দ্ৰ আৰু অনাথ আশ্ৰম৷ তেওঁৰ প্ৰস্থানৰ পাছত এই আটাইবোৰ ৱাকফ সম্পত্তিৰ অন্তৰ্ভুক্ত হৈছিল৷ মূল হামিদাবাদ খহনিয়াত সম্পূৰ্ণৰূপে জাহ যোৱা বাবে, ভাসানীয়ে প্ৰতিষ্ঠা কৰা মহাবিদ্যালয়খন পাছত সাতশিয়ালৈ স্থানান্তৰ কৰা হৈছিল৷

পিছলৈ তেওঁ প্ৰায়ে অসম ভ্ৰমণ কৰিছিল৷ তেওঁৰ যথেষ্ট সংখ্যক অনুগামীয়ে তেওঁক পূৰ্বপাকিস্তানত দেখা কৰিছিল৷ ঘটনাক্রমে যিজন লোকে অসমত তেওঁৰ সংগী অভিবাসীসকলৰ ‘ভূমিৰ অধিকাৰ’ সম্পৰ্কে যুঁজ দিছিল, সেইজনে তেওঁৰ ৰাজনৈতিক কৰ্মস্থলী অসম এৰিব লগা হৈছিল আৰু জীৱনৰ সন্ধান কৰিবলৈ এনে এখন ঠাইলৈ গৈছিল যিখন ঠাই (পাকিস্তান)তেওঁৰ জন্ম-অধিকাৰ বুলি দাবী কৰিছিল৷ কিন্তু তেওঁৰ নতুন দেশখনত এবাৰ থিতাপি লোৱাৰ পাছত, পাকিস্তানৰ প্ৰধানমন্ত্ৰী খাজা নিজামুদ্দিনে তেওঁৰ ওপৰত ‘ভাৰতীয় চোৰাংচোৱা’ বুলি সন্দেহ আৰোপ কৰিছিল‌, যিহেতু ভাৰতবৰ্ষত থকা পূৰ্বৰ অনুগামীসকলৰ লগত তেওঁ নিবিড় সম্পৰ্ক ৰাখিছিল আৰু পূৰ্ব পাকিস্তানত কৃষকসকলৰ সমৰ্থনত কাম-কাজ চলাই গৈছিল৷ এই ঐতিহাসিক সন্ধিক্ষণৰ এয়াই আছিল পৰিহাস৷

যিকোনো চৰ্চাৰ লক্ষ্য (বিশেষকৈ ঐতিহাসিক বৃত্তান্তৰ লগত জড়িত) অকল সত্য উপস্থাপন কৰাটোৱে নহয়, সত্যৰ ৰূপ দিয়া প্ৰক্রিয়াত এক অনুশীলন হিচাপে অধিক গুৰুতৰ৷ মূলসুঁতিৰ ইতিবৃত্ত লিখনৰ লগত জড়িত চৰ্চাৰ ক্ষেত্ৰত সত্যৰ গঠন, ক্ষমতা সম্পৰ্কৰ এক উৎপাদন৷ এইক্ষেত্ৰত সেয়েহে জ্ঞানৰ গঠন এক প্ৰক্রিয়া যিয়ে সত্যৰ গঠন সাধ্য কৰি তোলে, লগতে একে সময়তে তাত বাধা প্ৰদানো কৰে যদিহে ই ক্ষমতা সম্পৰ্কৰ স্থিতাৱস্থা ব্যাহত কৰে৷ ই যি সাধ্য কৰি তোলে সেইটো সংবদ্ধতা বুলি তুলি ধৰা হয় অথচ ই যাক বাধা দিয়ে সেয়া হ’ল তাৰ স্ববিৰোধীতা৷ বাধাবোৰে বিভিন্ন মাধ্যমৰ জৰিয়তে কাৰ্য কৰে যেনে বহিৰ্ভুক্তকৰণ, অধীনকৰণ আৰু নিষ্পেষিতসকলৰ আৰু সমাজৰ প্ৰান্তবাসীসকলৰ স্বাভাৱিকীকৰণ যাতে আধিপত্য চলোৱা চৰ্চাবোৰৰ এক্তিয়াৰৰ পৰা স্ব-বিৰোধবোৰ আঁতৰাই ৰাখিব পৰা যায়৷ বৰ্হিভুক্তকৰণ ঘটে যেতিয়া পদানত আৰু নিষ্পেষিতসকলৰ (মানুহ বা ধ্যান ধাৰণা)স্বাৰ্থ আৰু অভিজ্ঞতা বাদ দিয়া হয়; অধীনকৰণ ঘটে যেতিয়া বিকল্পৰ সন্ধানত বাধা আৰোপ কৰা হয়; যি বিকল্প আধিপত্য চলোৱা চৰ্চাৰ বাহিৰত আৰু স্বাভাৱিকীকৰণ ঘটে যেতিয়া নিষ্পেষিত আৰু প্ৰান্তীয় কণ্ঠস্বৰবোৰ, অস্বাভাৱিক আৰু উন্মাদপ্ৰায় বুলি কৈ, আধিপত্য চলোৱা সংস্কৃতিক প্ৰতিনিধিত্ব কৰা কণ্ঠস্বৰবোৰক স্বাভাৱিক বুলি কোৱা হয়৷

এই গৱেষণাপত্ৰখনত এফালে অসমৰ পতিত মাটিত বসতিস্থাপন সম্পৰ্কীয় চৰ্চা আৰু অভিবাসীসকলৰ আৰু তেওঁলোকৰ নেতাসকলৰ ভূমিকা আৰু আনহাতে অসমৰ প্ৰশাসনীয় ব্যৱস্থাৰ প্ৰতিক্রিয়া ইয়াৰ লগত জড়িত স্ব-বিৰোধবোৰৰ ওপৰত আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে৷ এইটো দৃষ্টিগোচৰ হৈছে যে অভিবাসীসকলৰ আপোচহীন প্ৰস্তুতি সত্ত্বেও, ৰাজ্যৰ প্ৰশাসন যন্ত্ৰ যথেষ্ট পৰিমাণে বহিৰ্ভুক্তকৰণ, অধীনকৰণ আৰু স্বাভাৱিকীকৰণত সফল হৈছিল ‘মাটিৰ অধিকাৰ’ৰ লগত জড়িত তেওঁলোকৰ মূল বিষয়ৰ ক্ষেত্ৰত৷ মূলসুঁতিৰ ইতিবৃত্ত লেখনে, আনহাতে, নিৰ্বাচিতভাৱে চৰ্চিত বিষয়সমূহ আলোচনা কৰিছে মূলতঃ সৰ্বত্ৰ বিৰাজমান এক ভীতিমূলক অনুধাৱনৰ দ্বাৰা, অভিবাসীসকলৰ ধৰ্মীয় আৰু ভাষিক দিশটোত আলোকপাত কৰি আনহাতে, সকলো বিৰোধৰ গুৰিতে থকা তেওঁলোকৰ অৰ্থনৈতিক দুৰ্ভাৱনাসমূহক যথাযথ ক্ষেত্ৰ (space) দিবলৈ অস্বীকাৰ কৰিছে৷ এই কাৰ্যই অভিবাসীসকল আৰু ভূমিৰ বাবে তেওঁলোকৰ একত্ৰীকৰণৰ বিষয়ে বহুতো ‘আৱেগ-বিহ্বল কাহিনী’ প্ৰচলনত সহায় কৰিছে৷ এইক্ষেত্ৰত তেওঁলোকৰ সংগঠন আৰু ধৰ্মৰ তুলনাক্রমে এক সামগ্ৰিক ধাৰণা লোৱাতো সংগত হ’ব৷ এই গৱেষণাপত্ৰৰ সামৰণিত এই দিশটোত চমুকৈ আলোকপাত কৰিবলৈ বিচাৰিম৷

পণ্ডিতসকলৰ মতে মানুহৰ চেতনাই মানুহৰ সামাজিক সত্বা নিৰ্দ্ধাৰণ নকৰে; বিপৰীতে, মানুহৰ সামাজিক অস্তিত্বই তেওঁলোকৰ চেতনা নিৰ্ণয় কৰে৷ ঔপনিৱেশিক কালছোৱাত অভিবাসী কৃষকসকলৰ সামাজিক অস্তিত্ব আছিল নিষ্পেষিত আৰু সংকটময়৷ ভাসানীৰ দৰে নেতাই এই অৱস্থাৰ পৰিৱৰ্তন আনিবলৈ বিচাৰিছল তেওঁলোকক মাটি চাহ কৰাৰ অধিকাৰ প্রদান কৰি৷ তেওঁলোকৰ মতে (ঔপনিৱেশিকসকলে পতিত মাটি সম্পৰ্কে ধাৰণাৰ লগত মিলি যোৱাকৈ) অসমত পতিত মাটি আছিল প্ৰচুৰ৷ এইটো অন্যভাৱে এক অৰ্থনৈতিক সংগ্ৰাম আছিল যদিও ভাষা আৰু ধৰ্মৰ ৰাজনীতিয়ে ইয়াক খণ্ড খণ্ড কৰিছিল। যদিও পশ্চাদ দৃষ্টিত এনেকুৱা লাগিব পাৰে যে ধৰ্মৰ নামত লোকক একত্ৰীকৰণ আত্ম-পৰাজয়সূচক আছিল, তথাপিতো ঔপনিৱেশিক ভাৰতবৰ্ষৰ পৰিৱেশ-পৰিস্থিতি বিবেচনা কৰিলে অনুভৱ হয় নিষ্পেষিতসকলৰ ধৰ্মভাৱক খটুৱাই সংগঠন কৰাতো অকল ভাসানী আৰু তেওঁৰ অনুগামীসকলৰেই বিশেষ বৈশিষ্ট্য নাছিল; কংগ্ৰেছৰ বহুত ভব্য-গব্য নেতাও এনেকুৱা প্ৰক্রিয়াৰ অংগ আছিল৷ তৎসত্ত্বেও, মূলসুঁতিৰ ইতিবৃত্ত লিখকসকলে প্ৰায়ে অভিবাসীসকলৰহে ধর্মীয় পৰিচয়ত, তেওঁলোকৰ নেতাসকল আৰু তেওঁলোকৰ সংগঠনৰ ওপৰত হে আলোকপাত কৰিছে (এই কথা সম্পূৰ্ণ অৱজ্ঞা কৰি যে এই লোকসকলৰ আন বহুতো পৰিচয় আছে),  তেওঁলোকৰ অৰ্থনৈতিক আৱশ্যকৰণীয় কৰ্তব্য আৰু ভূমিক তেওঁলোকৰ সংগ্ৰামৰ প্ৰাপ্য স্বীকৃতি নিদিয়াকৈ৷ এই প্ৰক্রিয়াত, এনে এটা পৰিস্থিতি আহি পৰিছিল যে অভিবাসীসকলৰ অধিকাৰ আৰু মুক্তি সম্পৰ্কীয় কোনো কথাত মাত মতাটো, আধিপত্য চলোৱা চিন্তা-চৰ্চাৰ জগতখনৰ অচিনাকি হৈ পৰিছিল আৰু এই ধৰণৰ চৰ্চাৰ বিষয় উপস্থাপন কৰা যিকোনো লোককে সাম্প্ৰদায়িক বুলি অভিহিত কৰা হৈছিল৷ এইদৰেই অভিবাসীসকলৰ বহিৰ্ভুক্তকৰণ, অধীনকৰণ আৰু স্বাভাৱিকীকৰণ আৰু তেওঁলোকৰ মাটিৰ অধিকাৰ কাৰ্যকৰী কৰা হৈছিল৷

ঔপনিৱেশিক কালছোৱাত অভিবাসী কৃষকসকলৰ অৱস্থা এনেকুৱা আছিল যে তেওঁলোকে একাধিক ধৰণে মৃত্যু-ভয়ত ভুগিছিল৷ এই মৃত্যু ভয়ে এক বিশ্বাস সুদৃঢ় কৰিছিল যে এক অতি প্ৰাকৃতিক শক্তিয়ে তেওঁলোকৰ জীৱনলৈ কিছু আৰাম আনি দিব পাৰে বা তেওঁলোকৰ অস্তিত্ববাদী বাস্তৱতাক কিবা এক ধৰণৰ অৰ্থ প্ৰদান কৰিব পাৰে৷ এনেকুৱা পৰিস্থিতিত, একত্ৰীকৰণ বা সংঘবদ্ধ হোৱাৰ বাবে ধৰ্মই অতি প্ৰয়োজনীয় মনস্তাত্বিক প্ৰয়োজন আৰু উদ্দেশ্য প্ৰদান কৰিব পাৰে যদিও এনেকুৱা একত্ৰীকৰণৰ অন্তৰ্নিহিত কাৰণটো (ভয়) আছিল অৰ্থনৈতিক প্ৰকৃতিৰ৷ আন কথাত ক’বলৈ হ’লে, যেতিয়া অভিবাসী কৃষক আৰু তেওঁলোকৰ নেতাসকলে তেওঁলোকৰ প্ৰতিকূল সামাজিক-অৰ্থনৈতিক পৰিস্থিতিৰ বিষয়ে সচেতন হৈছিল আৰু যুঁজিবলৈ প্ৰস্তুত হৈছিল, একত্ৰীকৰণ বা সংঘবদ্ধকৰণৰ ক্ষেত্ৰত ধৰ্মই হৈ পৰিছিল সবাতোকৈ সহজ সঁজুলি৷ এইক্ষেত্ৰত, ক্রোধিত অভিবাসী কৃষকসকলৰ ‘মুক্তি’ৰ পথটো এইধৰণে ব্যাখ্যা কৰাত সফল হৈছিল যে সেই ব্যাখ্যা ইছলামৰ নীতি শিক্ষাৰ লগত একাকাৰ হৈ পৰিছিল, এনে ধৰণেৰে যিটো হয়তো সম্ভৱ হৈছিল খৃষ্টান ধৰ্মৰ (প্ৰটেষ্টাণ্টসকলৰ) ক্ষেত্ৰত, ইউৰোপত বুৰ্জোৱাশ্ৰেণীৰ উত্থানৰ সময়ত৷ গতিকে ধৰ্ম বা ইয়াৰ কিছু দিশ জনপ্ৰিয় হৈ পৰিছিল যাক অকল অভিবাসী কৃষকসকলৰ অৰ্থনৈতিক আৰু সামাজিক শৃংখলাৰ পৰিৱৰ্তনৰ ব্যাখাতেই নহয়, একত্ৰীকৰণ আৰু সংগ্ৰামৰ ক্ষেত্ৰত এক শক্তিশালী সঁজুলি হিচাপেও ব্যৱহাৰ কৰা হৈছিল৷ ৰাষ্ট্ৰীয় সংগ্ৰামৰ আন বহুতো নেতাৰ দৰে, ভাসানীয়েও হয়তো ধৰ্মক এইক্ষেত্ৰত ব্যৱহাৰ কৰিছিল৷

ভাসানীৰ ৰাজনৈতিক সংগঠন মূলতঃ ভূমিৰ লগত জড়িত আছিল আৰু ই আছিল ঔপনিৱেশবাদ আৰু সামন্তবাদ বিৰোধী৷ এই সংগ্ৰামত অৱহেলিত শ্ৰেণীৰ আধ্যাত্মিক প্ৰয়োজন পূৰণ কৰা হৈছিল ধৰ্মৰ নৈতিক পৰম্পৰাৰ দ্বাৰা৷ সেয়েহে অসমৰ পতিত মাটিত আৰু চৰসমূহত তেওঁৰ মুকলি আৰু সমাৱেশ ধৰ্মপ্ৰচাৰ কাৰ্যতঃ ৰাজনৈতিক মতাদৰ্শসমূহ নৈতিক-অতি আদৰ্শবাদী (moral utopian) প্ৰকৃতিৰ আছিল৷ স্বৰ্গীয় সত্বাৰ পৰা ৰাজনীতি বিচ্ছুৰিত হৈছিল আৰু স্বৰ্গীয় সত্বাই ৰাজনীতিক ন্যায্যতা প্ৰতিপাদন কৰিছিল৷ তৎসত্ত্বেও এই স্বৰ্গীয় সত্বা পৱিত্ৰ ধৰ্মগ্ৰন্থৰ ওপৰত বা লিখিত পাঠৰ ওপৰত প্ৰতিষ্ঠিত নাছিল; ই প্ৰতিষ্ঠিত আছিল মুখ নিসৃত কথাৰ ওপৰত, ভাসানীৰ দৰে উদ্দীপক বক্তা এজনে যি কৈছিল, তাৰ ওপৰত৷ গতিকে যদি তেওঁৰ সমালোচকসকলে ইছলামৰ ৰাজনীতিকৰণ কৰা বুলি তেওঁৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন কৰে, আন টিপ্পনীকাৰে ক’ব পাৰে যে তেওঁ ইছলামৰ মাজতে তেওঁৰ ৰাজনীতিৰ অৰ্থ বিচাৰি পাইছিল৷

সৰ্বোপৰি, কৃষকৰ চেতনাৰ তুলনাত বুর্জোৱা যুক্তিবাদ বুজাৰ ক্ষেত্ৰত কিছুমান পদ্ধতিগত সমস্যা জড়িত হৈ আছে৷ দুয়োটাই হয়তো বেলেগ বেলেগ আৰ্হিত অন্তৰ্ভুক্ত হৈ কাৰ্যকৰী হয়৷ য’ত যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত বুলি ধৰি লোৱা বুর্জোৱা চেতনা ব্যক্তি স্বাতন্ত্ৰ্যৰ প্ৰাথমিক সত্যৰ বেষ্টনীৰ মাজত কাৰ্য কৰে য’ত যুক্তিবাদী ব্যক্তিসমূহ গোট খায় অংশীদাৰিত্ব লোৱা পছন্দৰ ওপৰত ভিত্তি কৰি; কৃষকৰ ক্ষেত্ৰত এই পদ্ধতি সম্পূৰ্ণ বিপৰীত৷ তেওঁলোকৰ ক্ষেত্ৰত লগ লগাতো ঘটি নুঠে কাৰণ প্ৰতিজন কৃষকে ভাবে যে তেওঁলোক লগ হ’ব পাৰে তেওঁলোকৰ একেধৰণৰ ব্যক্তিগত স্বাৰ্থৰ হকে; কিন্তু সেইটো হয় তেওঁলোকৰ মাজত বিৰাজমান সংহতিৰ বান্ধোনৰ বাবে৷ ধৰ্মই নিশ্চিতকৈ পূৰ্বৰে পৰা বিৰাজ কৰা সংহতিৰ বান্ধোনডাল কটকটীয়া কৰাত সহায় কৰে যিটোৱে আকৌ কৃষকসকলক সংগঠিত কৰাত সহায় কৰে৷ ভাসানীৰ বাবে এই ক্ষেত্ৰত ধৰ্মৰ প্ৰয়োগ অভিবাসী কৃষকসকলক সংগঠিত কৰাত নিশ্চয় এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল যিহেতু নিজ ভেটিৰ পৰা উছন হৈ তেওঁলোকে বিছিন্নতাৰ (alienation) বিভিন্ন পৰ্যায়ৰ জীয়াতু ভুগিছে৷

পশ্চাদদৃষ্টিত এইটো সত্য যে অভিবাসীসকলৰ আৰু তেওঁলোকৰ মাজৰ প্ৰান্তীয়সকলৰ ‘ভূমিৰ অধিকাৰ’ সম্পৰ্কে যি ‘সমূহীয়া ইচ্ছা’ আছিল দেশবিভাজনৰ ফলত ভাসানীৰ দৰে নেতাৰ প্ৰস্থানৰ লগে লগে সিঁচৰতি হৈ ভাঙি পৰিছে৷ কিন্তু যি চৰ্চাৰ বিষয়টো এতিয়াও হৃদয় বিদাৰক হৈ আছে সেয়া হ’ল এহাতে এসময়ৰ অভিবাসী কৃষকসকলৰ ‘ভূমিৰ অধিকাৰ’ আৰু আনহাতে ‘পৰিচয় হেৰুওৱা’ বুলি অসমীয়া মধ্যবিত্তৰ যি অনুধাৱন এই দুটাৰ মাজৰ বিৰোধ ঔপনিৱেশ যুগোত্তৰ অসমত মিত-মাত কৰা হৈছেনে? দুৰ্ভাগ্যক্রমে, সমসাময়িক ইতিহাসে প্ৰকাশ কৰিছে যে বৰ্তমানৰ শাসন-ব্যৱস্থাই এই বিৰোধ মিত-মাত কৰাৰ পৰিৱৰ্তে, নিজৰ আঞ্চলিকতাবাদী লাভালাভৰ বাবে জীৱন্ত কৰি ৰাখিছে৷ ৰাজ্যই অভিবাসীসকলক সম্পূৰ্ণৰূপে ন্যায্য ‘ভূমিৰ অধিকাৰো’ দিয়া নাই বা অসমীয়া মধ্যবিত্ত লোক, যিসকলে এতিয়াও মায়াময় ‘লাইন ছিষ্টেম’ বহল ধাৰণাৰ লগতে ‘পৰিচয় হেৰুওৱাৰ ভয়ত’ ভূগি থকা যেন লাগে, তেওঁলোকৰ মনতো আত্মবিশ্বাস জগাই তুলিব পৰা নাই৷ অসমৰ চৰ অঞ্চলত ‘ভূমিৰ অধিকাৰ’ৰ নামত বৰ্তমান চলি থকা ভেঁকোভাওনাখনে এই দিশৰ কিছু বতৰা দিয়ে৷ পৰিস্থিতি অধিক জটিল হৈ পৰে যেতিয়া ‘আৰামী-চকী’ৰ পণ্ডিতসকলে আধিপত্যশালী চৰ্চাৰ ক্ষেত্ৰত খোপনি পুতিবলৈ বিচাৰি এই বিৰোধসমূহৰ ফালে চকু মুদে; আনহাতে মূলসুঁতিৰ ইতিবৃত্তই অভিবাসীসকলৰ অস্তিত্বৰ লগত জড়িত অৰ্থনৈতিক অনিশ্চয়তাক আওকাণ কৰি অভিবাসীসকলৰ ‘মিথ্যাচেতনাত’ জবৰদস্তি প্ৰৱেশ কৰে৷ সত্য অস্বীকাৰৰ এনে পৰিস্থিতিত, ভাসানীৰ দৰে নেতাৰ গুৰুত্ব পাহৰিব নোৱাৰাধৰণৰ যেন লাগে, যিজন নেতাই পতিত ভূমিক অকল ৰাজনৈতিক-অৰ্থনৈতিক যুগ-সন্ধিলৈ পৰিৱৰ্তন কৰাই নহয়, লগতে নিঃস্বসকলৰ ‘কাৰুণ্য’ক এক সমূহীয়া আত্মিক বৈশিষ্ট্যলৈ ৰূপান্তৰিত কৰিছিল আৰু প্ৰতিষ্ঠিত ব্যৱস্থাক প্ৰত্যাহ্বান জনাবলৈ সাহস কৰিছিল৷

Share Button
Print Friendly, PDF & Email

No Comments : "আব্দুল হামিদ ভাসানী আৰু ঔপনিৱেশিক অসমৰ পিছৰ ছোৱাত ভূমি ৰাজনীতি (মূল: গোৰ্কি চক্ৰৱৰ্তী, অনুবাদ: যতীন্দ্ৰ চৌধুৰী)"

Leave a Comment

Your email address will not be published. Required fields are marked *