ক্ৰীড়াংগননিবন্ধ

ব্যাছ্‌বি বেবিৰ আধৰুৱা সপোন

সপোনবোৰ প্ৰায়েই দুৰূহ যেন লাগে৷ ফোঁপোলা আশা বুলি বহুতেই সপোন দেখা বাদ দিয়ে৷ কিন্তু সপোন ফলিয়াবলৈ সপোন নেদেখিলে জানো হ’ব? সপোন ঢুকি পোৱাৰ আত্মবিশ্বাস আৰু প্ৰেৰণাই সপোনপ্ৰত্যাশীক সপোনৰ ফালে আগ বাঢ়ি যাবলৈ ঠেলি দিয়ে, হাজাৰ বাধাৰ প্ৰাচীৰ সত্ত্বেও৷ সপোন খেদি ফুৰা এজন ব্যক্তি আছিল ছাৰ মেথিউ ব্যাছ্‌বি, যি মেট্ ব্যাছ্‌বি নামে অধিক জনপ্ৰিয়৷  তেওঁ দেখিছিল এক সপোন, যি সপোনে মানচেষ্টাৰ ইউনাইটেডক প্ৰতিষ্ঠা কৰি তুলিছিল ইউৰোপৰ মধ্যমণিৰূপে৷ এয়া মাথোঁ তেওঁৰ শৈশৱৰ সপোন নাছিল, তেওঁ এই সপোন তেওঁ খেদি ফুৰিছিল – জীৱনজুৰি৷

“অভিনন্দন৷ আপোনালোকৰ পৰিয়াললৈ ফুটবলাৰ এজন আহিল” –
এয়া আছিল ব্যাছ্‌বিৰ জন্মৰ সময়ত ডাক্তৰৰ ধেমেলীয়া এষাৰি কথা৷ কিন্তু এই কথাই পাছলৈ সঁচা প্ৰমাণিত হয়৷ কয়লাৰ খনিৰ কামত দেউতাকক সহায় কৰা ব্যাছ্‌বিয়ে নিজৰ একান্ত প্ৰচেষ্টা, প্ৰবল ইচ্ছাশক্তিৰ জোৰত এক প্ৰতিকূল পৰিস্থিতি নেওচা দি  প্ৰফেছনেল ফুটবলাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে৷ মানচেষ্টাৰ চিটি, লিভাৰপুল, চেলছা আদিত খেলি ব্যাছ্‌বিয়ে নিজৰ প্ৰতিভাৰ উমান দিয়ে৷ পিছলৈ খেলুৱৈ কেৰিয়াৰ সামৰি ব্যাছ্‌বি ফুটবল মেনেজমেন্টৰ লগত জড়িত হয় আৰু ইয়েই তেওঁক জীৱনজোৰা প্ৰতিষ্ঠা দিয়ে, ‘ছাৰ মেট্ ব্যাছ্‌বি’ ৰূপে৷

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আৰ্মি ফিজিকেল ট্ৰেইনিঙৰ ফুটবল প্ৰশিক্ষকৰ পদবী আৰু অভিজ্ঞতাই তেওঁৰ কেৰিয়াৰক অন্য এক পৰ্যায়লৈ লৈ যায়৷ পিছৰ পৰ্যায়়ত লিভাৰপুলৰ মেনেজমেন্টে ব্যাছ্‌বিক নিয়োজিত কৰে সহকাৰী প্ৰশিক্ষকৰ পদত৷ লিভাৰপুল দলত শীৰ্ষস্থানলৈ নিয়াৰ বাবে  ব্যাছ্‌বিৰ আছিল অনেক পৰিকল্পনা৷ কিন্তু মেনেজমেন্ট কোনো পৰীক্ষা-নিৰীক্ষা কৰাৰ পক্ষপাতী নাছিল৷ ফলত দুয়োপক্ষৰ মাজত সৃষ্টি হৈছিল সংঘাতৰ৷ দলত নিজ ইচ্ছা অনুযায়ী কাম কৰিব নোৱাৰি ব্যাছ্‌বি হতাশ হৈ পৰিছিল৷ সেই সময়তেই তেওঁ মানচেষ্টাৰ ইউনাইটেডৰ সৈতে জড়িত হোৱাৰ সুযোগ পালে৷ এইবাৰ তেওঁ পলম নকৰিলে৷ আৰম্ভণিতেই মেনেজমেন্টক সৈমান কৰাই লৈ মানচেষ্টাৰ ইউনাইটেডক নিজ হাতেৰে গঢ় দিয়াৰ মানসেৰে খেলুৱৈ অন্তৰ্ভুক্তি আদি কাম তেওঁ নিজৰ অধীনলৈ আনিলে৷ পিছলৈ তেওঁৰ এই প্ৰচেষ্টাই ইতিহাস ৰচে, ব্যাছ্‌বিৰ সপোনৰ মানচেষ্টাৰ ইউনাইটেডক প্ৰতিষ্ঠিত কৰে ইউৰোপীয় ফুটবলৰ মধ্যমণিৰূপে৷ বহুত উত্থান-পতন, ঘাত-প্ৰতিঘাতৰ মাজেৰে ব্যাছ্‌বিৰ সপোনে তেতিয়া লাহে লাহে বাট বুলিবলৈ আৰম্ভ কৰিছিল৷

১৯৪৫ চন, দ্বিতীয় বিশ্বযুদ্ধই তেতিয়া পৃথিৱী কঁপাই তুলিছে৷ সেই সময়তে ব্যাছ্‌বিয়ে মানচেষ্টাৰ ইউনাইটেডৰ দ্বায়িত্ব কান্ধ পাতি ল’লে৷ সেই সময়ত ইউনাইটেডৰ অৱস্থা নিশকতীয়া আছিল৷ নিজৰ বুলিবলৈ এখন খেলপথাৰ পৰ্যন্ত তেওঁলোকে খেলুৱৈক দিব পৰা নাছিল৷ যুদ্ধৰ বিভীষিকাত হেৰুওৱা খেলপথাৰৰ অভাৱে তেওঁলোকক বাৰুকৈয়ে যাতনা দিছিল৷ উপায়হীন হৈ তেওঁলোকে বিপৰীত টিম মানচেষ্টাৰ চিটিৰ ষ্টেডিয়াম ব্যৱহাৰ কৰিবলগীয়াত পৰিল৷ দায়িত্ব লৈয়েই ব্যাছ্‌বিয়ে বাৰুকৈয়ে উপলব্ধি কৰিলে, তেওঁৰ ওপৰত এক ডাঙৰ দায়িত্ব অৰ্পণ কৰা হৈছে৷ যুদ্ধত বিধ্বস্ত মানচেষ্টাৰ ইউনাইটেডৰ ভগা ডেউকা জোৰা লগোৱাৰ দায়িত্ব!

জিমি মাৰ্ফিক সহকাৰী প্ৰশিক্ষকৰূপে লৈ তেওঁ মানচেষ্টাৰ ইউনাইটেডক নতুনকৈ গঢ়ি তোলাৰ স্বপ্নত ব্ৰতী হয়৷ ব্যাছ্‌বি-মৰ্ফি যুটীৰ অধীনত ইউনাইটেডে ফুটবলৰ জয়যাত্ৰা আৰম্ভ কৰে৷ ১৯৪৯ চনত ইউনাইটেডে ব্যাছ্‌বিৰ অধীনত প্ৰথমবাৰৰ বাবে বিজয়ীৰ খিতাপ লাভ কৰে৷ ১৯৫০ চনত লিগ মেচত ৰানাৰ্ছ আপ আৰু ১৯৫১ত লিগ মেচৰ বিজয়ীৰ খিতাপে ইউনাইটেডৰ লগতে ব্যাছ্‌বি যুগৰ আৰম্ভণি ঘটায়৷ ইয়াৰ লগে লগে ব্যাছ্‌বিয়ে অনুভৱ কৰে, দলত যুৱশক্তিৰ গুৰুত্ব৷ কম বয়সীয়া সুঠাম খেলুৱৈয়ে দলক বহুখিনি উচ্চ পৰ্যায়লৈ লৈ যাব বুলি বিশ্বাস কৰি তেওঁ দলত কিছু সালসলনিৰে নতুন মুখ কিছুমান অন্তৰ্ভুক্ত কৰি লয়৷ ‘ব্যাছ্‌বি বেবি’ নামেৰে নামকৰণ হোৱা এইসকল নতুন খেলুৱৈৰ উৎসাহ, চট্‌ফটীয়া খেলে মানচেষ্টাৰ ইউনাইটেডৰ খেলত সোণত সুৱগা চৰায় আৰু মানচেষ্টাৰ হৈ পৰে যুৱশক্তিৰ প্ৰতীক৷ ডানকান এডৱাৰ্ড, ববি চাৰ্লটন, বিল ফ’কছ, মাৰ্ক জোনছ, জেকি ব্লা়ঞ্চফ্লাৱাৰ, বিলি ৱেলান, ডেনিছ ভায়োলেট আৰু ডেভিড পেগ হৈ পৰিছিল অন্য দলৰ বাবে সন্ত্ৰাসৰ কাৰণ৷
এই যুৱদলে ব্যাছ্‌বিৰ প্ৰত্যাশা অনুযায়ী ইখনৰ পিছত সিখন খেলত জয়লাভ কৰি সকলোকে অপ্ৰত্যাশিতভাৱে হতচকিত কৰি তুলিছিল৷ “ব্যাছ্‌বি বেবি” হৈ পৰিছিল প্ৰতিষ্ঠিত তাৰকাৰ মূৰ কামোৰণি৷

ইয়াৰ পিছৰ সময়ছোৱাত ক্ৰমাগতভাৱে ইউনাইটেডে লিগ মেচৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলসমূহতো জয়যাত্ৰা অব্যাহত ৰাখিলে৷ সেই সময়তে তেওঁলোকৰ বাবে আহিল এক বিৰল মুহূৰ্ত,  ১৯৫৬-৫৭ৰ ইউৰোপীয় ট্যুৰত তেওঁলোকে প্ৰথমবাৰ আগশাৰীৰ লিগ দলসমূহৰ লগত থিয় হোৱাৰ যোগ্যতা আহৰণ কৰিলে৷ আশাপদ আৰম্ভণি কৰিলেও ছেমি ফাইনেলত ৰিয়েল মাড্ৰিডৰ লগত হোৱা খেলত তেওঁলোকৰ যাত্ৰা স্তব্ধ হয়৷ অভিজ্ঞতাৰ অভাৱে “ব্যাছ্‌বি বেবি”ৰ সফলতাৰ দুৱাৰত সাময়িক বিৰতি আনি দিলে৷ কিন্তু হাৰ মানিবলৈ তেওঁলোক সাজু নাছিল৷ নতুন উদ্যমেৰে তেওঁলোক পুনৰ খেলপথাৰত নামি পৰিল৷

পিছৰ বছৰ আছিল সম্ভাৱনাময় আৰু যথেষ্ট আশাপ্ৰদ৷ চেম্পিয়নশ্যিপৰ মেচত তেওঁলোক এইবাৰ কোৱাৰ্টাৰলৈ আগুৱালে৷ কোৱাৰ্টাৰ ফাইনেলত তেওঁলোকৰ প্ৰতিদ্বন্দ্বী আছিল “ৰেড ষ্টাৰ বেলগ্ৰেড”৷ ছেমি ফাইনেলত উপনীত হ’লে দলটো পৰৱৰ্তী খেলত ভাগ ল’বলৈ বেলগ্ৰেডৰপৰা মানচেষ্টাৰলৈ উভতি আহিব লাগিব৷ সময় বচাবলৈ এখন চাৰ্টাৰ্ড প্লেন আগৰপৰাই তাতে সাজু কৰি ৰখা হৈছিল৷

হাফ টাইমলৈ দলে ডেনিছ ভায়লেট আৰু ববি চাৰ্লটনৰ গ’লৰ সহায়ত ৩-০ত অগ্ৰগতি লৈছিল যদিও ৰেড ষ্টাৰে শেষত খেলখন ৩-৩ গ’লৰ সমানতাত লৈ আহে। খেলখন অমীমাংসিতভাৱে সমাপ্ত হ’লেও প্ৰথম লেগৰ জয়ৰ সুবাদত মানচেষ্টাৰে দ্বিতীয়বাৰৰ বাবে ইউৰোপিয়ান ছেমিফাইনেলত প্ৰবেশ কৰে।

৬ ফেব্ৰুৱাৰি, ১৯৫৮৷ সকলো খেলুৱৈ ঘৰলৈ যাবলৈ উদগ্ৰীৱ হৈ আছিল৷ বিমানৰ ভিতৰত এক আনন্দৰ পৰিবেশ৷ নিৰ্ধাৰিত সময়ত মিউনিখ বিমান বন্দৰৰপৰা মানচেষ্টাৰলৈ উৰিবলৈ বিমান সাজু  কৰে যদিও বুষ্ট ৰিডিং পৰ্যাপ্ত নোহোৱা বাবে উৰণ স্থগিত ৰখা হয়। পৰৱৰ্তী চেষ্টাও অথলে গ’ল৷ ফলত বিমানখন টাৰমিনেললৈ ঘূৰাই পঠিয়াবলৈ নিৰ্দেশ দিয়া হ’ল৷  কিন্তু পাইলট জেমছ থেইন আছিল আত্মবিশ্বাসী৷ ইমানৰ পিছতো তেওঁ চেষ্টা নেৰি দৃঢ়তাৰে তৃতীয়বাৰৰ বাবে প্লেনখন উৰাবলৈ চেষ্টা চলায়। কিন্তু দুৰ্ভাগ্যজনকভাৱে ১৯৫৮ চনৰ ৬ ফেব্ৰুৱাৰি তাৰিখৰ বৰফময় নিশাটোৰ তৃতীয় প্ৰচেষ্টাটোও বিফল হয় আৰু প্লেনখনে টেক অফ কৰিবলৈ সক্ষম নহৈ শেষত ৰানৱেৰ শেষৰ বেৰত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়।

এয়া আছিল এক সপোন, এক সম্ভাৱনাৰ অন্ত৷ এই শোকাৱহ দুৰ্ঘটনাটোৱে ৭জন মানচেষ্টাৰ ইউনাইটেডৰ খেলুৱৈৰ লগতে আন ১৪জন লোকৰ প্ৰাণ কাঢ়ি নিয়ে। ব্যাছ্‌বি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে৷ চিৰকালৰ বাবে হেৰাই যায় জেফ বেন্ট, ৰ’জাৰ ব্ৰাইন, এডি ক’লম্যান, মাৰ্ক জোনছ, ডেভিড্ পেগ, টমি টেইলৰ আৰু বিলি ৱেলনৰ দৰে তৰুণৰ দল৷ আঘাতপ্ৰাপ্তসকলক লগে লগে এম্বুলেঞ্চৰদ্বাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ব্যাছ্‌বি৷ ডাক্তৰে তেওঁ জীয়াই থকাৰ আশা বাদ দি দিছিল৷ কিন্তু মৃত্যুৰে যুঁজি তেওঁ লাহে লাহে সুস্থ হৈ পৰে আৰু পত্নীৰ প্ৰেৰণাত পিছলৈ আকৌ ফুটবলৰ জগতলৈ ব্যাছ্‌বি উভতি আহে৷ দলৰ তাৰকা খেলুৱৈ ববি চাৰ্লটন সৌভাগ্যক্ৰমে সাধাৰণ আঘাতৰ মোকাবিলা কৰিয়েই সুস্থ হৈ উঠে৷

ক্লাবটোৰ লগত জড়িত সকলোকে এই ঘটনাটোৱে শোকাকুল কৰি তোলে। বিৰোধী দল যেনে লিভাৰপুল আৰু নটিংহাম ফৰেষ্টেও মানচেষ্টাৰ ইউনাইটেডক এই বেয়া সময়খিনিত সহায়ৰ হাত আগ বঢ়ায়। ফুটবল ফেডাৰেচনেও ইউনাইটেডৰ সপক্ষে কিছু নিয়ম শিথিল কৰি দিয়ে। সকলোকে আচৰিত কৰি ক্লাবটোৰ সচিব হেৰল্ড হাৰ্ডমেনে ঘোষণা কৰে যে মানচেষ্টাৰে ১৯৫৮ৰ বাকী থকা খেলকেইখন খেলিব। আৰু সেই অৱস্থাতো তেওঁলোকে খেলি সকলোকে নিজৰ দৃঢ়তাৰ উমান দিলে৷

পৰৱৰ্তী ইউৰোপিয়ান কাপত তেওঁলোক এচি মিলানৰ হাতত ছেমি ফাইনেলত পৰাস্ত হয়৷ কিন্তু মানচেষ্টাৰৰ খেলুৱৈসকল
আছিল বেলেগ ধাতুৰে গঢ়া৷ কোনো পৰিস্থিতিত হাৰ নামানিবলৈ তেওঁলোক আছিল অংগীকাৰবদ্ধ৷ ১৯৫৮ চনৰ এফ এ কাপত মানচেষ্টাৰে আকৌ প্ৰবল বিক্ৰমেৰে ফাইনেলত উপনীত হ’ল৷ দুৰ্ঘটনাত ৰক্ষা পৰা চাৰ্লটন, ভায়লেট আৰু ফ’কছক আগৰ উদ্যমেৰে খেলপথাৰত দেখা গ’ল৷ আঘাতত জৰ্জৰ ব্যাছ্‌বিকো দৰ্শকৰ শাৰীত দেখা গ’ল৷ যদিও বল্টন ৱাণ্ডাৰাৰৰ লগত সেইদিনা মানচেষ্টাৰ ইউনাইটেড জিকিব নোৱাৰিলে কিন্তু সেইদিনা “ব্যাছ্‌বি বেবি”ৰ উদ্যমে সকলোৰে মন জয় কৰিলে৷

তাৰ পিছৰ ছিজনত ব্যাছ্‌বি দললৈ উভতি আহে। বিশ্বস্ত সহকাৰী জিমি মাৰফিৰ সহযোগ আৰু চাৰ্লটনৰ দৃঢ়তাই তেওঁক সাহস দিয়ে ন উদ্যমেৰে আগুৱাই যাবলৈ৷ খেলুৱৈসকলৰ দৃঢ়তাই নিজৰ সপোন পুনৰ সজীৱ কৰি তুলিবলৈ ব্যাছ্‌বিক এটা সুন্দৰ সুযোগ দিয়ে৷

মিউনিখ ট্ৰেজেডিৰ পিছত মানচেষ্টাৰৰ অনুৰাগীৰ সংখ্যা দিনে দিনে বাঢ়িবলৈ ধৰে৷ বহুতো খেলুৱৈয়ে নিজেই মানচেষ্টাৰৰ অংশ হ’বলৈ ইচ্ছা প্ৰকাশ কৰে৷ মানচেষ্টাৰৰ হৃত গৌৰৱ উভতি অহাত ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷

এখোজ-দুখোজকৈ ব্যাছবিয়ে নিজৰ সপোনৰ দল পুনৰ্নিৰ্মাণৰ কাম আৰম্ভ কৰে৷  ১৯৬৫-৬৬ আৰু ১৯৬৭-৬৮ত মানচেষ্টাৰে লিগ খিতাপ জয় কৰিবলৈ সক্ষম হয়। ১৯৬৮ত চাৰ্লটনৰ গ’লৰে ইউনাইটেডে ইউৰোপিয়ান কাপৰ খিতাপ জয় কৰে৷ ব্যাছ্‌বিয়ে দেখা এক সপোন তেওঁৰেই সৃষ্টি চাৰ্লটনে দিঠকত পৰিণত কৰে আৰু “ব্যাছ্‌বি বেবি”ক দিয়ে তেওঁলোকৰ প্ৰাপ্য যথাযোগ্য সন্মান৷ নিজৰ সতীৰ্থৰ প্ৰতি থকা গভীৰ আন্তৰিকতাবোধে ববি চাৰ্লটনক বাৰে বাৰে উৎসাহ দিছিল কিবা কৰি দেখুৱাবলৈ৷

ছাৰ মেথিউ ব্যাছ্‌বিয়ে যি সবল ভেটি গঢ়ি গৈছিল সেই ভেটিয়ে মানচেষ্টাৰ ইউনাইটেডক আজিও থমকি ৰ’বলৈ দিয়া নাই৷ “ব্যাছ্‌বি বেবি”ৰ সেই স্মৃতিয়ে যুগে যুগে খেলুৱৈসকলক প্ৰেৰণা দি যাব মানচেষ্টাৰক এক মহান দল কৰি ৰাখিবলৈ৷

উৎস:

খেল সম্পৰ্কীয় বিভিন্ন ৱেবছাইট, মুখ্যতঃ www.sportskeeda.com

অমিতাভ মহন্ত

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *