আধুনিকতা,ৰাষ্ট্ৰৰ প্ৰযুক্তি আৰু সামাজিক সংস্কাৰ-(ইন্দ্ৰজিৎ বৰা)

মোৰ এজন মাৰ্ক্সবাদী খুৰাই জীয়েকৰ বিয়াখন এক অগতানুগতিক ৰীতিৰে আয়োজন কৰিলে । তেওঁ কোনোধৰণৰ ধৰ্মীয় পৰম্পৰা পালন কৰিবলৈ অমান্তি হ’ল;আনকি সকলোকে আচৰিত কৰি তেওঁ নিজৰ এজন বিশেষ সতীৰ্থক এই আনুষ্ঠানিক পৌৰাহিত্যৰ কামফেৰা অৰ্পণ কৰে । তেওঁৰ বন্ধুজন এই অপৰম্পৰাগত দায়িত্বভাৰত কিছু হ’লেও অপাৰগ হৈছিল বুলি জনা যায় । বিবাহ অনুষ্ঠানটিৰ অভ্যৰ্থনা মণ্ডপত উপস্থিতসকলক তেওঁ অগতানুগতিক ধৰণে সম্বোধন কৰিলে। পৃথিৱীৰ বিভিন্ন সংস্কৃতি আৰু লোকবিশ্বাসৰ আধাৰত বৈবাহিক অনুষ্ঠানক ন্যায্যতা প্ৰদানৰ বাবে পৃথক পৃথক পৰম্পৰাগত ৰীতি আছে আৰু সেইবোৰ কোনোটোৱেই ইটো সিটোৰ লগত নিমিলে । তেনেস্থলত তেওঁৰ নাস্তিক বন্ধুজনৰ এই অপৰম্পৰাগত ৰীতিও গ্ৰহণযোগ্য হ’ব পাৰে । ৰীতিজনিত (Ritualistic) গোষ্ঠীচেতনা প্ৰগতিশীল চিন্তাৰ পৰিপন্থী বুলি কৈ খুৰাই নিজৰ এনে পদক্ষেপক হয়তো প্ৰতিপন্ন কৰিব বিচাৰিলে । অৱশ্যে বিবৰ্তিত ৰীতিবিলাকে মানুহৰ ব্যক্তি চেতনাৰ স্তৰবোৰ খহাই এক গোষ্ঠীগত অস্তিত্বলৈ গতি কৰে । আকৌ তেনেদৰে কোনো প্ৰগতিশীল সমাজ-বৈজ্ঞানিক মতবাদৰ প্ৰযুক্তিত গঢ়া ৰাষ্ট্ৰ ব্যৱস্থায়ো বিকল্প হিচাপে বহু নব্য সামাজিক ৰীতিৰ জন্ম দিব পাৰে । আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰযুক্তিয়ে যেনেদৰে কিছুমান প্ৰতিক্ৰিয়াশীল মতবাদৰ জন্ম দিয়ে তেনেদৰে পুনৰ সংস্কাৰৰ বাটো মুকলি কৰে। এটা কথা ঠিক যে নাস্তিকতাবাদৰ অতিমানৱীয় প্ৰাবল্যই পৰম্পৰাগত সমাজক সংস্কাৰৰ বাট দেখুৱালেও কিন্তু নৈতিক মূল্যবোধৰ ওপৰত প্ৰশ্ন উত্থাপিত হ’ব পাৰে । কাৰণ, স্বঘোষিত নাস্তিকসকলৰ সামাজিক অৱস্থিতি এতিয়াও সমাজৰ অবিছেদ্য ধৰ্মীয় পৰম্পৰাত নিহিত হৈ থকা নৈতিক মূল্যবোধৰ উপযুক্ত বিকল্পৰ সন্ধানত দোদুল্যমান আৰু আধুনিকতাবাদৰ আপেক্ষিক সীমাবদ্ধতাত দিশহাৰা ।

মানৱ সভ্যতাৰ আৰম্ভণিতেই চিন্তা আৰু মগজুৰ এক অভৌতিক সম্পৰ্কৰ অৱধাৰণাত বিশ্বব্ৰহ্মাণ্ডৰ পৰিচিত জগতখনৰ বাহিৰত অলৌকিক শক্তিৰ সৃষ্টি হয় । মানৱ মনৰ অদম্য হেঁপাহে কিন্তু এনে অলৌকিক শক্তিৰ অধিনায়কত্বৰ ওচৰত বশ্যতা স্বীকাৰ নকৰিলে । মানৱ অন্বেষণ সমাজ আৰু ভৌতিক বিজ্ঞানৰ দুয়োটা পৰিমণ্ডলৰ মাজত যোগসূত্ৰ ৰক্ষা কৰাৰ দিশত আগ বাঢ়ে । এনেদৰেই মানৱ ইতিহাসৰ বিভিন্ন স্তৰত মানুহৰ অনুসন্ধিৎসু মনত বিভিন্ন মতবাদৰ উদ্ভৱ হৈছে। সময়ানুক্ৰমে, প্ৰতিটো মতবাদেই এক ঐতিহাসিক পৰিসৰৰ ভিতৰত ব্যক্তিকেন্দ্ৰিকতা আৰু সামগ্ৰিকতা - এই দুয়োটা দৃষ্টিকোণৰ শীৰ্ষসীমাৰ মাজত গতিশীল সমাজ জীৱনৰ সম্পৰ্কবিলাক বিশ্লেষণৰ চেষ্টা কৰে । এই পটভূমিত প্ৰতিটো মতবাদৰ বিশ্লেষণাত্মক সীমাবদ্ধতা থাকিলেও ঐতিহাসিক গুৰুত্ব আছে। যদিও মানুহৰ বুদ্ধিমত্তা আৰু চিৰন্তন সামাজিক গতিশীলতাৰ মাজত সংঘাত অনিবাৰ্য, সীমাবদ্ধতাৰ প্ৰবল প্ৰত্যাহ্বান নেওচি মানুহৰ বুদ্ধিমত্তাৰ নিৰন্তৰ বিকাশে এই গতিশীলতাক অনুধাৱন আৰু পৰিচালিত কৰিবলৈ চেষ্টা কৰাটো স্বাভাৱিক । লগে লগে ঐতিহাসিক বিতৰ্কবোৰ সন্নিৱিষ্ট হৈ পৰে। নিঃসন্দেহে মানৱ কুশলতাও এই অৱধাৰিত আৰু সন্মিলিত প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত। প্ৰতিটো মতবাদেই মানৱতাৰ এক নৈতিক আৰু বাস্তৱিক সংজ্ঞাৰ বাবে আপ্ৰাণ চেষ্টা কৰি আহিছে ।

অপৰিসীম ব্যক্তিগত মহত্ত্বৰ বিপৰীতে বস্তুগত সামগ্ৰিক জীৱনৰ পোষকতাই সম অধিকাৰভিত্তিক মূল্যবোধৰ সূচনা কৰে । একান্ত ব্যক্তিগত ঈশ্বৰভক্তিত ধৰ্ম বিশ্বজনীন আৰু ভাতৃত্ববোধৰ ই নিভাঁজ প্ৰকাশ । কিন্তু সংগঠিত ৰূপত ধৰ্মীয় আদৰ্শবাদৰ পোষকতা ব্যক্তিগত ভক্তিৰ ঊৰ্ধত । ধৰ্মও ব্যক্তিগত ভক্তিতে সীমাবদ্ধ নাথাকি বিবৰ্তিত সমাজৰ গাঁথনি আৰু তাৰ মান্যতাৰ ধাৰক আৰু বাহক হৈ সামাজিক মতবাদলৈ উত্তৰণ হয় । সম্ভৱতঃ নাস্তিকতবাদৰো আৰম্ভণি ইয়াতেই কিয়নো ধৰ্মৰ সাংগঠনিক ৰূপ নাস্তিকতাবাদৰো ভেঁটি। নাস্তিকতাবাদ চিৰন্তন পৃথিৱীৰ বুকুত মানৱ আধিপত্যৰ পটভূমি আৰু অধিপত্য বিস্তাৰৰ মানৱীয় প্ৰযুক্তি । নাস্তিকতাবাদৰ সৈতে আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ সৰ্বাধিকাৰবাদৰ সম্পৰ্ক তাতেই নিহিত হৈ আছে । ধৰ্মক ভক্তিৰপৰা আদৰ্শবাদলৈ ৰূপান্তৰ, ধৰ্মীয় পৰম্পৰাৰ বান্ধোনৰ সংস্কাৰ আৰু আধুনিকতাৰ আগমন - এই সকলো বাট মুকলি কৰে নাস্তিকতাই । তেনেদৰেই ধৰ্মৰ সামাজিক সংস্কাৰ হৈছে আৰু এটা নগৰকেন্দ্ৰিক ব্যৱহাৰ্য বিধি-বিধানসমৃদ্ধ আধুনিক সংস্কৰণৰ উদ্ভৱ হৈছে । এই বিধি-বিধানবোৰে যেন প্ৰতিজনৰ মাজত লুকাই থকা নাস্তিকজনক সুৰক্ষিত কৰি ৰখাৰ আপ্ৰাণ চেষ্টা কৰিছে । সমাজৰ নৈতিক মূল্যবোধৰ স্খলনো নিঃসন্দেহে আধুনিকতাবাদ বা বাস্তৱতাবাদৰ অতিমানৱীয় পৰিণতি ।

ভাৰতবৰ্ষত আধুনিকতাৰ আগমন, ইতিহাস চৰ্চাৰ সমসাময়িক হোৱাৰ পৰিণাম উলাই কৰিব নোৱাৰি । আকৌ, ই মুক্তিকামী গণতান্ত্ৰিক ভাৰতৰ ঐতিহাসিক ভেটি নিৰ্মাণৰ গুৰুত্বপূৰ্ণ দিশো মুকলি কৰে । ভাৰতীয় প্ৰশাসনিক ধৰ্মনিৰপেক্ষতাও আচলতে ঔপনিৱেশিক শাসনত বিবৰ্তিত হোৱা ধৰ্মান্ধতা, কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধ প্ৰাক-ঔপনিৱেশিক পৰম্পৰাৰে সৃষ্টি। স্বাধীনতাৰ আগতেও ঔপনিবেশিক ৰাষ্ট্ৰৰ পোনপটীয়া হস্তক্ষেপত প্ৰশাসনিক পৰিধিৰ ভিতৰত সামাজিক সংস্কাৰ কৰা হৈছিল । জাতীয়তাবাদী মধ্যবিত্তৰ সেই মুক্তিকামী আকাংক্ষাই স্বাধীনতাৰ পাছত ধৰ্মীয় আৰু সামাজিক সংস্কাৰৰ বাবে নতুন প্ৰশাসনিক ব্যৱস্থাৰ সূচনা কৰে ।এই সংস্কাৰৰ গুৰি ধৰোঁতাসকল নিশ্চয় মানৱতাবাদী সংস্কাৰক আৰু আধুনিকতাৰে জ্ঞানোদ্দীপ্ত আছিল । তেনেদৰে আধুনিক ৰাষ্ট্ৰৰ নৈতিক মূল্যবোধৰ লগত খাপ খাই পৰাকৈ ধৰ্মৰো সংস্কাৰ আৰু আধুনিকীকৰণৰ চেষ্টা কৰা হ’ল । এতিয়া,প্ৰশ্নটো হ’ল আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ পৰিধিৰ ভিতৰত বিভিন্ন ধৰ্মীয় ভক্তিত অন্তৰ্নিহিত সহনশীলতাৰ দৰ্শন, প্ৰতিকধৰ্মিতা আৰু আধ্যাত্মিকতাৰ সম্পূৰ্ণকৈ অন্তঃকৰণ সম্ভৱ হ’বনে ? মহাত্মা গান্ধীৰ সৰ্বধৰ্ম সম্ভৱ-ৰ ভেটিত হ’ব পৰা নৈতিক পৰিপক্বতা (Moral Maturation)সমন্বয়ৰ এক সংগঠিত প্ৰক্ৰিয়া যি পৰম্পৰা, ধৰ্ম আৰু আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ মাজত এক যোগসূত্ৰ ৰক্ষা কৰিব পাৰে । এইটো নিৰ্ঘাত সত্য যে ব্যক্তিগত জীৱনত ঈশ্বৰভক্তিক প্ৰাধান্য দি সামগ্ৰিক জীৱনত ভাতৃত্ববোধৰ পোষকতা কৰাৰ যুগান্তকাৰী উদাহৰণ হ'ল মহাত্মা গান্ধী । তাৰ বিপৰীতে ধৰ্মীয় আদৰ্শবাদৰ নামত ‘আমি’-‘তেওঁলোক’ জাতীয় তুলাচনী লোৱা বিশেষজ্ঞ তথা সহজলভ্যভাৱে বিশেষত্ববাদী নতুবা বিচ্ছিন্নতাবাদী নিচাৰ বিষবাষ্প বিয়পোৱা ছদ্মবেশী নাস্তিকতা আচলতে আধুনিকতাৰে অন্য এক কদৰ্য ৰূপ ।

বাস্তৱ প্ৰয়োজনীয়তা হ’ল আধুনিকতাৰ সাৰথি আৰু সামাজিক বিবৰ্তনৰ সৈতে ইয়াৰ সংঘাত বিদ্যমান । তেনেকৈয়ে প্ৰশাসনিক প্ৰযুক্তিগত বিকাশৰো নিজস্ব যান্ত্ৰিক সীমাবদ্ধতা আছে। সেয়ে সাংস্কৃতিক ভিন্নতাক ৰক্ষণাবেক্ষণ দি গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাক মানৱ অধিকাৰৰ ঐকিক যুক্তিযুক্ততাৰ সৈতে সমাহিত কৰিবলৈ যাওঁতে বাধা আহি পৰে । নৈতিকতাৰ উৎস হিচাপে পৰম্পৰাগত ধাৰ্মিকতাৰ মাজত থকা বিশ্বজনীন সহিষ্ণুতা কেৱল প্ৰশাসনিক পৰাক্ৰমক মহিমামণ্ডিত কৰি উলাই কৰিব নোৱাৰি ।এটা কথা ঠিক যে ৰাষ্ট্ৰব্যৱস্থাৰ বাবে সাংস্কৃতিক ভিন্নতা তথা অধিকাৰৰ কাৰ্যকৰী সূত্ৰ সাৰ্বজনীন প্ৰমূল্য তথা বাস্তৱিক প্ৰয়োজনীয়তাৰ গণ্ডীৰ বাদে গত্যন্তৰ নাই । অন্যথা সাংস্কৃতিক আৰু বিশ্বজনীন মানৱ অধিকাৰৰ মাজৰ চিৰন্তন সংঘাতৰ মকামিলা কৰোতে ভুৱা নিৰপেক্ষতাৰ বশৱৰ্তী হ’লে বিচ্ছিন্নতাবাদী প্ৰৱণতাৰ জন্ম হ’ব পাৰে । সেয়েহে বহু বিতৰ্কিত সহিষ্ণুতাৰ প্ৰশ্নও কোনো ব্যক্তি বা গোষ্ঠীবিশেষৰ নহয়, বৰঞ্চ সামাজিক স্তৰৰ সামগ্ৰিক সহিষ্ণুতাৰহে । আকৌ, মানুহৰ এই বাস্তৱিক প্ৰয়োজনীয়তা হ'ল এক বিশ্বজনীন সত্তা আৰু তাৰদ্বাৰাই নিৰ্ণিত হয় মৌলিক অধিকাৰৰ আধাৰ । এই বাস্তৱিক প্ৰয়োজনীয়তা সামগ্ৰিকতাৰো মাপকাঠি । সমগ্ৰিকতাই গণতন্ত্ৰ, সমাধিকাৰ আৰু প্ৰকৃতিৰ অন্তৰ্নিহিত মূল্যবোধৰ মাধ্যমেৰে এক সৰ্বস্ব প্ৰণালীৰ পোষকতা কৰে। ঐতিহাসিকভাৱে ভৌগোলিক কাৰকৰ আলমত উদ্ভৱ হোৱা অধিনায়কত্ববাদী শক্তিৰ ছত্ৰছায়াত সৃষ্টি হোৱা সংস্কৃতিৰ বিভাজন আৰু তেনেদৰে স্বতঃফূৰ্ত আদান-প্ৰদানেৰে তৃণমূল পৰ্যায়ৰ সমন্বয় প্ৰক্ৰিয়াই সংস্কৃতিৰ গতিশীলতাক প্ৰতিফলিত কৰে । আধুনিক ৰাষ্ট্ৰব্যৱস্থাক সংস্কৃতিৰ গতিশীলতাৰ ধাৰাবাহিকতাৰে বিশ্বস্তৰীয় মানৱীয় মূল্যক আঁকোৱালি লোৱাকৈ সক্ষম কৰি তোলাটো নিশ্চয় এক জটিল প্ৰক্ৰিয়া।

আধুনিকতাৰ অপৰিসীম যুক্তিবাদে অনা নৈতিক মূল্যবোধৰ অৱক্ষয়ো এক বিতৰ্কিত প্ৰসংগ । কোৱা হয় যে বাস্তৱতা নৈতিকভাৱে নিৰপেক্ষ । এতিয়ালৈকে হোৱা বিভিন্ন ধৰ্মীয় তথা সামাজিক সংস্কাৰ আন্দোলনবিলাক আচলতে আধুনিকতা, ৰাষ্ট্ৰযন্ত্ৰ আৰু ঔদ্যোগিক পুঁজিবাদৰ মাজত এক সুসংগত ঐক্যৰ সন্ধান । প্ৰফেছৰ আশীষ নন্দীয়ে কোৱাৰ দৰে জ্ঞানোদ্দীপ্ত প্ৰমূল্যৰ (Enlightenment Value) সৰ্বাধিক প্ৰয়োগ আৰু মানৱ যুক্তিবাদৰ অফুৰন্ত দক্ষতাই অনিছে এক আধ্যাত্মিকতাৰহিত জীৱন । তেনেকৈয়ে প্ৰযুক্তিগতভাৱে ধৰ্মৰ এক সৰ্বসন্মত সংস্কৰণ গ্ৰাহ্য হৈ সময়ানুক্ৰমে ধৰ্মভিত্তিক প্ৰতিনিধিত্ব কৰাৰ ন্যায্যতা লাভ কৰি আহিছে । গতিকে, জ্ঞানোদ্দীপ্ত প্ৰমূল্যেৰে কৰা সুষম আৰু সৰলীকৰণৰ প্ৰকল্পবোৰো আচলতে ওপৰৰ পৰা জাপি দিয়া মুষ্টিমেয় উদ্যম, যি ধৰ্মীয় পৰম্পৰাৰ মাজতেই থকা সমন্বয়ৰ সাঁকোবোৰকো হয়তো উলাই কৰিব পাৰে । অৱশ্যে, এনে ব্যক্তিগত বা গোষ্ঠীগত প্ৰচেষ্টাবোৰ নৈতিকতাৰ অন্তৰ্নিহিত উৎসও হ’ব পাৰে, লাগে ই পৰম্পৰাগত সামাজিক আচৰণেই হওক, কোনোবা আদৰ্শগত ব্যৱস্থাই হওক বা সমাজৰ আৰ্থ-সামাজিক স্তৰৰ লগত সামঞ্জস্য থকা সংস্কাৰমুখী সমাধানসূত্ৰই হওক ।

প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে ৰক্ষণশীলতাও (Conservatism) গঠনমূলক হ'ব পাৰে । কাৰণ কেৱল ৰাষ্ট্ৰ আৰু বজাৰৰ অদৃশ্য শক্তিয়ে সমাজ গঠন কৰিব নোৱাৰে । স্ক্ৰটনৰ ৰক্ষণশীলতা অপ্ৰাসঙ্গিক নহয়, “Good things are easily destroyed, but not easily created....”  আমি পৰম্পৰাক বাস্তৱিকতা,নতুনত্ব আৰু গণতান্ত্ৰিক সত্তাৰ প্ৰতি সংবেদনহীন হিচাপে আধুনিকতাৰ বিপৰীতাৰ্থত ব্যৱহাৰ কৰিলেও আচলতে পৰম্পৰা আধুনিকতাৰ ধাৰাবাহিক প্ৰক্ৰিয়াৰে অংশ । তেনেদৰে পৰম্পৰাৰ আধুনিকীকৰণ হ'ল সাংস্কৃতিক যশস্যা আৰু জাতীয়তাবাদৰ উৎস । এনে অতিমানৱীয় প্ৰক্ৰিয়াই আনকি মৌলিক সামাজিক মূল্যবোধ উলাই কৰাটোও অস্বাভাৱিক নহয় । গতিকে ৰক্ষণশীলতাই একচেটিয়া আধুনিক ব্যৱস্থাবোৰক প্ৰশ্ন কৰাৰ থল আছে । তেনেদৰে ৰক্ষণশীলতাই হয়তো সামাজিক দ্বন্দ্বৰ মাজত ইতিবাচক ভূমিকাও ল’ব পাৰে নতুবা এক স্থিতিশীল অবাস্তৱ সামাজিক সম্পৰ্কৰ পোষকতাও কৰিব পাৰে। পৰম্পৰাগত মানৱীয় মূল্যবোধৰ লগত এক পৰিপূৰক যোগসূত্ৰ ৰক্ষা কৰাৰ বাবে আধুনিক সমাজ ব্যৱস্থাক সমৰ্থ কৰি তোলাটোৱেই হ'ল মানৱ ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান । ভাৰতবৰ্ষৰ সাংবিধানিক জাতীয়তাবাদ সংজ্ঞাবদ্ধ কৰিবলৈ যাওঁতে ভাৰতীয় পৰম্পৰাগত মূল্যবোধবোৰ অৱজ্ঞা কৰা হ’ল নেকি? প্ৰসঙ্গক্ৰমে এইটোও উল্লেখযোগ্য যে কোনো ঐতিহাসিক অভিসন্ধিৰ স্থূল অৱধাৰণাই সাময়িক গণ সংবেদনশীলতাৰ পৰিধি ভাঙি বিৱৰ্তনৰ এক প্ৰতিষ্ঠিত বিশ্লেষণ দাঙি ধৰিব নোৱাৰে ।

ভাৰতীয় সংবিধানৰ নিৰ্দেশনা বিধিত (Directive Principles) ৰাষ্ট্ৰই সকলো নাগৰিককে সামৰি এক সুষম নাগৰিক সংহিতাৰ (Uniform Civil Code) দিশত প্ৰচেষ্টা কৰাৰ কথা উল্লেখ আছে । সনাতন তত্ত্বৰ একান্ত বিচাৰ মতেও ঐক্য দৰ্শন আৰু সাধনৰ চেষ্টাই ধৰ্ম, কাৰণ অনৈক্যই সৃষ্টি কৰা বৈষম্য অধৰ্ম । সংবিধানত এই নিৰ্দেশনা বিধিবিলাক ৰাষ্ট্ৰব্যৱস্থা আৰু সামজিক-সাংস্কৃতিক জগতখনৰ মাজত এক যোগসূত্ৰৰ সাঁকো হিচাপে সন্নিৱিষ্ট হৈছে আৰু ই সামাজিক বিৱৰ্তনৰ ক্ষেত্ৰত ৰাষ্ট্ৰব্যৱস্থাৰ সীমাবদ্ধতাৰ কিছু হ’লেও ইংগিত দিয়ে । প্ৰসঙ্গক্ৰমে সাম্প্ৰতিক ৰাজনৈতিক পৰিবৰ্তনো প্ৰগতিশীল । ইয়াৰ পটভূমি নিশ্চয় আমাৰ ধৰ্মনিৰপেক্ষ পৰম্পৰাৰ প্ৰতি বিতৃষ্ণা নহয়, বৰঞ্চ ধৰ্মনিৰপেৰক্ষতাৰ নামত যোৱা দশকবিলাকৰ অসন্তুষ্টি আৰু আমোলাতান্ত্ৰিক পৰাক্ৰম । ৰাষ্ট্ৰব্যৱস্থা হ'ল আচলতে এক প্ৰযুক্তি, আৰ্থ-সামাজিক বাস্তৱৰ লগত সংগতি ৰাখি তাৰ সময়োপযোগী সংস্কাৰ অৱশ্যম্ভাবী । তেনেকৈ ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰশাসনীয় সংস্কাৰৰ দৰে ধৰ্মীয় সামাজিক ক্ষেত্ৰতো সংস্কাৰ লাগিব । বিভিন্ন ধৰ্মীয় জনগোষ্ঠীবিলাকৰ মাজত তৃণমূল পৰ্যায়ত সংস্কাৰমুখী আন্দোলন লাগিব । বাস্তৱ প্ৰয়োজনীয়তাৰ সংকট অতিক্ৰম কৰাই হ'ল মানৱতা, ই হ'ল মৌলিক অধিকাৰৰ ভেটি আৰু তাৰ মাপকাঠি লৈয়ে সংস্কাৰ হ'ব লাগিব । আমাৰ যুগ তত্ত্বৰ বলিষ্ঠ বিশ্লেষণ মতেই আমাৰ দৈনন্দিন জীৱনৰ কাৰ্যকলাপ নিয়মিত কৰা আচাৰ-নীতিবোৰ গৌণ আৰু সাৰ্বজনীন নোহোৱাটো স্বাভাৱিক । সেয়ে, সংস্কৃতিৰ ঐতিহাসিক বিভাজনবোৰ বিশ্বজনীন মানৱাধিকাৰৰে স্থান আৰু কালসাপেক্ষ মূল্যায়ন আৰু প্ৰকাশ মাথোঁ ।

 

Share Button
Print Friendly, PDF & Email

No Comments : "আধুনিকতা,ৰাষ্ট্ৰৰ প্ৰযুক্তি আৰু সামাজিক সংস্কাৰ-(ইন্দ্ৰজিৎ বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *