অতিথি সম্পাদকৰ চ'ৰাতৃতীয় বছৰতৃতীয় বছৰ (তৃতীয় সংখ্যা)

কৃত্ৰিম বুদ্ধিমত্তা : মানৱ জাতিৰ বাবে আশীৰ্বাদ নে অভিশাপ – (পংকজ বৰুৱা)

কল্পনা কৰকচোন, যদি এটা মেচিনে বা এটা ৰবটে আপোনাৰ সকলো কাম নিপুনতাৰে কৰিব পাৰে, মানুহৰ বাবে যিখিনি কৰিবলৈ কষ্টকৰ মেচিনে যদি সেইখিনি সহজে কৰিব পাৰে, আপোনাৰ-মোৰ দৰে ভাবিব পাৰে, অনুভৱ কৰিব পাৰে, বুজিব পাৰে৷

এনেধৰণৰ মেচিন বৰ্তমান পৃথিৱীত নাই যদিও অতি সোনকালে পৃথিৱীলৈ এনে মেচিন, ৰবট বা কম্পিউটাৰ আহি আছে৷ আমি মানৱ জাতিয়ে এনে এক কৌশল আৱিষ্কাৰৰ পথত আগবাঢ়ি আছোঁ যাক কৃত্ৰিম বুদ্ধিমত্তা বা AI মানে Artificial Intelligence বুলি কোৱা হয়৷ বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমত্তা আদিস্তৰত আছে, পূৰ্ণ বিকাশ হোৱা নাই যদিও তিব্ৰ গতিত বিকাশৰ কাম চলি আছে৷ পৃথিৱীৰ বৃহৎ গুগল, এপল, আমাজন আদি কোম্পানীসমূহে ইতিমধ্যে কৃত্ৰিম বুদ্ধিমত্তাক ব্যৱহাৰ কৰিছে আৰু বিকাশৰ বাবে কাম কৰি আছে, যাতে মানুহৰ কামবোৰক আৰু সহজ কৰিব পাৰি৷ আমাজনৰ এলেক্সা, এপলৰ চিৰি, গুগলৰ গুগল এচিষ্টেণ্ট আদি এনেধৰণৰ কিছুমান কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰ’গেম৷ এই প্ৰ’গেমবোৰে আমাক বহু সুবিধা দিছে৷ বহু বিজ্ঞানীৰ মতে কৃত্ৰিম বুদ্ধিমত্তা সৃষ্টি কৰিব পৰাটো মানুহৰ বাবে এক বৃহৎ সাফল্য৷ সঁচাকৈয়ে কৃত্ৰিম বুদ্ধিমত্তা মানুহৰ বাবে এক মহান আৱিষ্কাৰ নে?

২০১৭ চনৰ আৰম্ভণিতে ফে’চবুক প্ৰ’গ্ৰেমিং উন্নয়নৰ বাবে AI Chat Boardৰ কাম কৰি আছিল৷ এই চাট ব’ৰ্ড মানুহৰ মাজত কথোপকথনৰ বাবে ব্যৱহাৰৰ উপযোগী কৰাৰ কাৰণে কাম কৰি আছিল৷ তেনে সময়তে এজন গৱেষকৰ মনত দুখন AI Chat Boardৰ মাজত কথোপকথন কৰোৱাৰ ভাৱ আহিল৷ যেতিয়া তেওঁ সেইটো কৰিলে, তেতিয়াই এক বিষ্ময়কৰ ভয়ানক ঘটনা ঘটিল৷ দুই AI Chat Board-এ নিজে এক সুকীয়া ভাষা উদ্ভাৱন কৰি ল’লে আৰু নিজৰ ভাষাত কথা পাতিবলৈ ধৰিলে, যাক আমাৰ মানৱৰ বাবে বুজি পোৱাটো অসম্ভৱ আছিল৷ চাট বৰ্ড দুখন আছিল বব আৰু এলিচ, দুই চাট বৰ্ডৰ কথোপকথন আছিল এনেধৰণৰ–

Bob – I can i i everything else.

Alice – balls have zero to me to me to me to me to me to me to me to me to.

Bob – you i everything else

Alice – balls have a balls to me to me to me to me to me to me to me to me

গৱেষকসকলে একো ধাৰণা কৰিব নোৱাৰিলে সিহঁতে কি পাতিছে৷ পিছত ফে’চবুকে এই প্ৰ’গ্ৰেমিং বন্ধ কৰি দিলে, অসফলতাৰ অজুহাত দেখুৱাই৷ কিন্তু কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ বাবে কাম অব্যাহত থাকিল আৰু বছৰি কৃত্ৰিম বুদ্ধিমত্তাই উন্নতৰ পৰা উন্নতলৈ অগ্ৰসৰ হৈ গৈ আছে৷ আমাৰ কম্পিউটিং চিষ্টেম অত্যাধুনিকৰ পৰা অত্যাধুনিক হৈ গৈ আছে৷ এইবোৰৰ কাৰ্যক্ষমতা দক্ষতা বৃদ্ধি হৈ গৈ আছে আৰু এদিন এই বিকাশ চৰম সীমাত উপনীত হ’ব আৰু সেইদিনা কি হ’ব? কৃত্ৰিম বুদ্ধিমত্তাই, মানে মেচিন বা ৰবটে আমাক বহতীয়া কৰি পেলাব নেকি?

যদি মেচিন মানুহতকৈ বেছি বুদ্ধিসম্পন্ন হয়, যদি মেচিনে নিজৰ প্ৰতিকৃতি সাজিব পৰা হয় – এয়া আমাৰ বাবে দূৰ ভৱিষ্যতৰ কল্পনা নহয়, বৰঞ্চ এইবোৰ বৰ্তমান হোৱাৰ দিশত৷ বিগত সময়চোৱাত কৃত্ৰিম বুদ্ধিমত্তা মানে AI systemৰ বিকাশ তীব্ৰ হৈছে আৰু আগন্তুক দিনত আৰু অধিক তীব্ৰ হ’ব৷ আমাৰ মাজৰ বহুতে AI system কি গমেই নাপায়, তথাপি এই AI systemক আমি ব্যৱহাৰ কৰি আছো, যি আমাৰ জীৱনৰ বহু দিশত প্ৰভাৱ পেলাই আছে৷ ইউটিউৱ (You tube) খুলিলে আপুনি আমনি নাপায়; কিয়নো আপুনি বিছৰা ধৰণে ভিডিঅ’ তাত আপুনি পায় যায়৷ ইউটিউৱত আপুনি বিছৰা ধৰণে ভিডিঅ’ পোৱাৰো এক কাৰণ আছে৷ ইয়াতো machine learning নামৰ এক প্ৰগ্ৰেমে কাম কৰি থাকে৷ আমাজন আদিৰ দৰে কোম্পানীসমূহেও এনেধৰণৰ machine learning প্ৰ’গেম ব্যৱহাৰ কৰে, আপোনাৰ পচন্দ-অপচন্দ আদিৰ বিষয়ে জানিবলৈ৷

বৰ্তমান পৃথিৱীত Advanced technologyৰ কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন ৰবট বা চুপাৰ কম্পিউটাৰ নাই যদিও যি গতিত প্ৰযুক্তিৰ বিকাশ হৈছে, এই গতিত আগন্তুক ৪০/৫০ বছৰৰ ভিতৰত অত্যাধুনিক প্ৰযুক্তিৰ কৃত্ৰিম বুদ্ধিমত্তাযুক্ত চুপাৰ কম্পিউটাৰ সহজলভ্য হৈ পৰিব৷ বহু বিজ্ঞানী তথা বুদ্ধিজিৱীৰ মতে কৃত্ৰিম বুদ্ধিমত্তাৰ আৱিষ্কাৰ আমাৰ বাবে সকলোতকৈ বেছি বিপদজনক আৱিষ্কাৰ হ’ব৷ মহান বিজ্ঞানী ষ্টিফেন হকিঙেও কৃত্ৰিম বুদ্ধিমত্তাৰ আৱিষ্কাৰ মানৱ জাতিৰ বাবে এক ভয়ানক বিপদ বুলি অভিহিত কৰি আগজাননী দিছিল৷ ইলন মাক্সেও কৃত্ৰিম বুদ্ধিমত্তাক মানৱতাৰ বাবে বিপদ বুলিয়ে ভাৱে৷ তেওঁৰ মতে কৃত্ৰিম বুদ্ধিমত্তাৰ জন্ম দিয়া মানে আসুৰিক শক্তিক আমন্ত্ৰণ দিয়া৷

আমি মানৱ জাতিয়ে নিজক পৃথিৱীৰ আন জীৱ-জন্তুতকৈ বহু বেছি বুদ্ধিয়ক বুলি ভাবোঁ, সেইটো শুদ্ধ নহয়৷ আমি আন পশু-পক্ষীতকৈ কেই শতাংশ মানহে বেছি বুদ্ধিয়ক৷ এই কেই শতাংশৰ পাৰ্থক্যই আমাক কিমান উন্নত কৰিছে আন জীৱতকৈ!! যদি পৃথিৱীৰ জীৱসমূহৰ বুদ্ধিমত্তাৰ তুলনা কৰা হয়, তেতিয়া যদি ছিম্পাঞ্জীৰ স্থান ৪ বুলি ধৰা হয়, তেতিয়া মানুহৰ স্থান হ’ব ১০ আৰু AI ৰ স্থান হ’ব ১০০০৷ ভাৱকচোন, মানুহতকৈ কিমান বেছি বুদ্ধিয়ক হ’ব এই মেচিনবোৰ৷ মানুহৰ মগজু যদিও আটাইতকৈ জটিল সংৰচনা তথাপিও ইয়াৰ ভবাৰ এক সীমা আছে৷ কিন্তু AI সম্পন্ন ৰবটৰ তেনে কোনো সীমা নাথাকিব৷ ইহঁত ক্ৰমশঃ শক্তিশালীৰ পৰা শক্তিশালী হৈ গৈ থাকিব আৰু মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিব; যি ইচ্ছা তাকে কৰিব; অসীমিতভাৱে কম্পিউটিং ক্ষমতা ব্যৱহাৰ কৰিব; চ’ফ্টৱেৰৰ গতি পোহৰৰ বেগৰ সৈতে যদি সমান হয়, তেনেস্থলত এইবোৰে পোহৰৰ গতিত যাত্ৰা কৰিব আৰু কোনো সীমা নাথাকিব৷ মানুহৰ বাবে এই মেচিনবোৰ নিয়ন্ত্ৰণৰ বাহিৰ হ’লেই মানুহ আৰু মেচিন বা ৰবটৰ মাজত অন্তিম যুদ্ধ হ’ব আৰু এই পৃথিৱীৰ পৰা মানৱ জাতিৰ অস্তিত্ব সেইদিনাই লোপ পাব৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *